Sunday 30 June 2013

কৃষি ক্ষেত্রত পক্ষীকুলৰ ভূমিকা...Role of birds in agroecosystem



সেউজী ধৰণী
কৃষি ক্ষেত্রত পক্ষীকুলৰ ভূমিকা

ডঃ প্রবাল শইকীয়া


সুললিত কণ্ঠৰে গীত গাই ভ্রমি ফুৰা পক্ষীকুল কবি-শিল্পীসকলৰ চিৰ আকর্ষিত বিষয় বস্তু। সর্বসাধাৰণৰ বাবেও চৰাইৰ কাকলিবিহীন প্রাকৃতিক পৰিবেশ কল্পনাৰ অগোচৰ। ছয় ঋতুত দেখা দিয়া নানা বৰণীয়া চৰাইৰ জাকবোৰকলৈ পক্ষীপর্যবেক্ষক তথা পক্ষীবিদসকলো সদায় ব্যস্ত। আনহাতে আমাক সকলোকে আকর্ষণ কৰা পক্ষীকুলকলৈ কৃষকসকল চিন্তিত হৈ থাকে - জানোচা ক’ৰবাৰ পৰা অহা “হালধীয়া চৰায়ে বাওঁধান খায়” অতি কষ্টৰে কৰা খেতিটো নষ্ট কৰে। সেয়ে “হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটা কৰাই” বুলি চৰাইৰ জাকবোৰ হুৰাই থাকে। কিন্তু সকলো চৰায়ে জানো খেতিটো নষ্ট কৰে ? কষ্টৰে কৰা খেতিটোত বন্ধুৰূপে থাকিও পক্ষীকুলে আমাক সহায় নকৰেনে ? ইত্যাদি কথাবোৰ জনাৰ আগেয়ে চৰাইৰ পৃথিৱীখনৰ বিষয়ে কিছু বুজ লওঁ।

চৰাইৰ পৃথিৱী

পক্ষীবিদসকলৰ মতে পৃথিৱীত প্রায় ৮৪০০টা প্রজাতিৰ চৰাই পোৱা যায়। ইয়াৰে প্রায় ১২০০ টা প্রজাতি ভাৰতবর্ষত পোৱা যায় য’ৰ ৮২০ মানৰ অসমত বিচৰণ ভূমি কিম্বা আৱাসস্থল। অৱশ্যে ইয়াৰ প্রায় ২৯০ টা প্রজাতি বছৰৰ বিভিন্ন ঋতুত অসমলৈ অহা পৰিভ্রমী চৰাই। অসমৰ চৰাই বুলি ক’লে অসমৰ থলুৱা চৰাইবোৰৰ কথাকে মনলৈ আহে। সৰহ সংখ্যক বৃক্ষাৰোহী গোষ্ঠীৰ চৰাইক লোকালয়ৰ আশে-পাশে থকা বাৰী অথবা প্রাকৃতিক পৰিৱেশত দেখিবলৈ পোৱা যায়। ঘনচিৰিকা, ভদৰকলি, গছচিৰিকা, দহিকতৰা, বুলবুলি আদি এনে চৰাইৰ উদাহৰণ। পানী থকা পথাৰ, দলনি-পিতনি সমূহ বৰটোকোলা, শামুকভঙা, বগলী, কণামুচৰি ডাউক, পানী কাউৰী আদি জল বিলাসী চৰাইৰ বিচৰণ ভূমি।

অসমৰ এই থলুৱা চৰাইবোৰৰ সৈতে কৃষক ৰাইজৰ আছে এক নিবিড় আবেগিক সর্ম্পক। এসময়ত পর্যাপ্ত সংখ্যাত থকা দেওহাঁহ, উলুমৰা আদি আজি সংকতাপন্ন অৱস্থাত। ইতিমধ্যে গোলাপীমূৰীয়া হাঁহ বিলুপ্ত হৈছে। এদিন হয়তো আমাৰ ঘৰৰ ঘৰচিৰিকা,পথাৰৰ টোকোৰা, দলনিৰ বৰটোকোলা এনেদৰে নোহোৱা হৈ যাব। আমাৰ ঘৰৰ বাৰী, খেতিপথাৰ আদিত দেখা পোৱা এশবিধমান চৰাইৰ কিছুমানে খেতিৰ সামান্য ভাবে অনিষ্ট কৰে যদিও অধিক সংখ্যক চৰাইক কীট-পতংগ, এন্দুৰৰ স্বাভাৱিক শত্রু হিচাপে চিনাক্ত কৰা হৈছে। ফুলৰ পৰাগযোগ আৰু গছ-গছনিৰ বংশ বৃদ্ধিত চৰায়ে পালন কৰা ভূমিকা আমাৰ সকলোৰে জ্ঞাত।

কৃষিক্ষেত্রত শত্রু-চৰাই আৰু বন্ধু চৰাই

বিভিন্ন প্রজাতিৰ চৰাই অসমত দেখিবলৈ পোৱা যায় যদিও প্রায় ৭০ বিধমান চৰাইকহে কৃষিক্ষেত্রৰ চৰাই বুলি প্রকৃততে ক’ব পৰা যায়। বাৰী,ধাননি পথাৰকে ধৰি আন আন শস্যক্ষেত্র, পুখুৰী, চৰণীয়া পথাৰত বিচৰণ কৰা, বাহ সজা, খাদ্য গ্রহণ কৰা চৰাইবোৰক কৃষিক্ষেত্রৰ চৰাই হিচাপে নথিভুক্ত কৰা হয়। ইয়াৰ অধিকাংশ কৃষকৰ বন্ধু হোৱাৰ বিপৰীতে সীমিত সংখ্যকেহে শস্যৰ কিছু অনিষ্ট কৰে। কপৌ, পাৰ, ভাটৌ, বুলবুলি, শৰালি হাঁহ, হেঁটুলুকা, কাউৰী, কোকলোঙা আদি শস্যভোজী – ফলহাৰী চৰায়ে খাদ্য-শস্য আৰু ফলমূলৰ কিছু অনিষ্ট কৰে। টুনি, টোকোৰা আৰু কাম চৰায়ে অঞ্চল বিশেষত ধান খেতিৰ ক্ষতি কৰে। সেইদৰে বহু ঠাইত ভাটৌ চৰাইৰ উপদ্রৱৰ বাবে গোমধান খেতি কৰাটো খেতিয়কৰ অন্যতম সমস্যা। একোটা ফলহাৰী চৰায়ে তাৰ নিজৰ দেহৰ ওজনৰ শতকৰা দহভাগমান ফলমূল খায়। আনহাতে বহুতো শস্যভোজী চৰায়ে শস্যৰ লগতে ঘাঁহ-বনৰ গুটি খায়। উদাহৰণ হিচাপে এটা কপৌ চৰাইৰ পাকস্থলীত আন শস্যৰ উপৰিও প্রায় ৮ হেজাৰমান ঘাঁহৰ গুটি পোৱাৰ তথ্য নথিভুক্ত হৈ আছে। সেইদৰে এটা ঘৰচিৰিকাই গড় হিচাপত প্রতিদিনে প্রায় ৫ গ্রাম মান অপতৃণৰ গুটি খোৱা দেখা গৈছে। অর্থাৎ শস্যৰ বা্বে ক্ষতিকাৰক অপতৃণ নিয়ন্ত্রনত এনেবোৰ সর্বভক্ষী চৰায়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি কৃষক ৰাইজৰ যথেষ্ঠ সহায় কৰি আছে। এনেবোৰ চৰায়ে খেতি পথাৰত কৰা সামান্য অপকাৰৰ তুলনাত উপকাৰ বহু বেছি।



শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্রনত চৰাইৰ ভূমিকা

শস্য পথৰৰ “বেয়া ল’ৰা” বুলি কোৱা অনিষ্টকাৰী কীট-পতংগৰ অন্যতম প্রাকৃতিক শত্রু হ’ল চৰাই। সকলোবোৰ চৰাই পতংগভোজী নহয় যদিও সৰহ সংখ্যকে নিজৰ পোৱালীবোৰক পতংগৰ কোমল দেহী পলু-লেটা খুৱাইহে ডাঙৰ কৰে। আমাৰ পর্যবেক্ষণত ভদৰকলি, ঘৰচিৰিকা, দহিকতৰা আৰু শালিকাই এপ্রিল-মে’-জুন মাহত পুৱা ৫ বজাৰ পৰা সন্ধিয়ালৈকে দুই-তিনি মিনিটৰ অন্তৰত নিজ পোৱালিক অপৈণত পতংগ খাদ্য হিচাপে খুওৱা নথিভুক্ত কৰা হৈছে। এহাল ভদৰকলি চৰায়ে চাৰিটা পোৱালিক খোৱাবলৈ মুখত এনে টোপলৈ প্রতি ঘন্টাত গড় হিচাপত ৪০ বাৰ অহা-যোৱা কৰা দেখিবলৈ পোৱা গৈছিল। ফেচু, তেলটুপি, বতাহী, মৌ-খাটী, অৰিয়া চৰাই, কাউচা আদিক এইদৰে শস্যক্ষেত্রত বিচৰণ কৰা দেখা গৈছিল। গো-বগলী, বালিঘোৰা শালিকা আৰু কাউৰীক মাটিত থকা শুৰপোক,হাতীপোক আদি ভক্ষণ কৰা পৰিলক্ষিত হৈছিল। দেখা গৈছিল যে বালিঘোৰাৰ মুঠ খাদ্যৰ ৭০% ঘুনপোক, কেৰেলুৱা আৰু গুৱৰুৱা জাতীয় পোক।

পতংগৰ পলুবোৰত যিহেতু পানীৰ পৰিমাণ বেছি সেয়ে একোটা পতংগভোজী চৰাইক দৈনিক নিজৰ ওজনৰ ৪০ ভাগ ওজনৰ পলুৰ প্রয়োজন হয়। আগতে উল্লেখ কৰা সকলোবোৰ চৰায়ে পোৱালিক খুউৱা খাদ্যৰ ৭০-৮০% হ’ল পতংগৰ পলু। গো-বগলীৰ খাদ্য তালিকাত শতকৰা ৭৫ ভাগেই কীট-পতংগ। সেইদৰে কাল ফেঁচাৰ খাদ্য তালিকাত দেখা গৈছে ১০% নিগনি, ৮০% কীট-পতংগ আৰু ১০% সৰু ভেকুলি, চৰাই পোৱালি, সৰিসৃপ ইত্যাদি। আনহাতে লক্ষী ফেঁচাৰ মুঠ খাদ্যৰ ৮০% হ’ল নিগনি। শস্যৰ পথাৰ সমূহ কীট-পতংগৰ অফুৰন্ত ভাণ্ডাৰ হোৱা হেতুকে চৰাইবোৰে পথাৰৰ মাজৰ বা আশে-পাশে থকা গছ বিৰিখত বাহ সাজি পোৱালি তোলে।

অসমৰ ধাননি পথাৰৰ উপকাৰী আৰু অপকাৰী চৰাই


       লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ নির্বাচিত কেইখনমান ধাননি পথাৰত ২০০৮ আৰু ২০০৯ চনত চলোৱা জৰীপত শালি, বাও, বৰো আৰু আহু ধানৰ পথাৰত ৫৬ বিধ চৰাইৰ উপস্থিতি দেখা গৈছিল। এইবোৰ চৰাইৰ ৬০% পতংগভোজী হোৱাৰ বিপৰীতে ১০% শস্যভোজী আৰু বাকী ভাগ নিগনি, মাছ, মকৰা, ঘাঁহ আদি খোৱা সর্বভোজী। টুনি, টোকোৰা, কপৌ,ঘৰচিৰিকা, কাম চৰাই আদি মাত্র কেইবিধমানক ধানখেতিৰ অপকাৰী চৰাই হিচাপে চিনাক্ত কৰা হৈছিল যদিও ইহঁতে কৰা ক্ষতিৰ পৰিমাণ আছিল ৩-৫%। আনহাতে ফেচু, বালিঘোৰা, শালিকা, বগলী, মৌখাটী আদি চৰায়ে ধানৰ অনিষ্টকাৰী কীট-পতংগ যেনে: ফৰিং জাতীয়, গুৱৰুৱা জাতীয় আৰু পখিলা জাতীয় পোক ভক্ষণ কৰি এইবোৰৰ নিয়ন্ত্রনত প্রধান ভূমিকা লয়। ইয়াৰ উপৰি বগলী আৰু শালিকাই নৰাৰ ভিতৰত লুকাই থকা আৰু হালবোৱাৰ সময়ত ওলাই পৰা মজাখোৱাৰ পলু-লেটাবোৰ ভক্ষণ কৰে।

কৃষি ক্ষেত্রত পক্ষীকুলৰ এনে ভূমিকাৰ বিষয়ে জনাৰ পাছত খেতিপথাৰত ৰাসায়নিক কীটনাশক প্রয়োগ কৰাৰ আগেয়ে নিশ্চয় আমি চিন্তা কৰি চাব লাগিব। অন্যথাই ৰাচেল কার্চনে (দ্রষ্টব্য:http://www.sadik2crs.blogspot.in/2013/05/on-rachel-carson.html ) বর্ণনা কৰা নিৰৱ বসন্ত ( Silent Spring) সদৃশ পৰিৱেশলৈ সাজু হ’ব  লাগিব। অসমৰ পথাৰত সততে দেখা পোৱা কৃষকৰ বন্ধুস্বৰূপ উপকাৰী চৰাইৰ ছবি তলত দিয়া হ’ল।

ক্রমিক
নং
নাম
ছবি

অসমীয়া: লক্ষী ফেঁচা
ইংৰাজী:Barn Owl
বৈজ্ঞানিক:Tyto alba




অসমীয়া:ফুটুকী ফেঁচা
ইংৰাজী:Spotted Owlet
বৈজ্ঞানিক:Athene brama



অসমীয়া:গোবৰ খোচৰা/ কাকৈশিৰা
ইংৰাজী:Hoopoe
বৈজ্ঞানিক:Upupa epoops



অসমীয়া:গো-বগ
ইংৰাজী:Cattle Egret
বৈজ্ঞানিক:Bubulcas ibis



অসমীয়া:বালিঘোঁৰা
ইংৰাজী:Red-Wattled Lapwing
বৈজ্ঞানিক:Venellus indicus



অসমীয়া:কণামুচুৰি
ইংৰাজী:IndianPond Heron/ Paddy Bird
বৈজ্ঞানিক:Ardeola grayiit



অসমীয়া:ঘৰ শালিকা
ইংৰাজী:Common Myna
বৈজ্ঞানিক:Acridotheres tristis



অসমীয়া:চুটীয়া শালিকা
ইংৰাজী:Jungal Myna
বৈজ্ঞানিক:Acridotheres fuscas



অসমীয়া:বৰালি বুকুৱা/ মাছৰোকা
ইংৰাজী:White-Throated Kingfisher
বৈজ্ঞানিক:Halcyon smyrnensis



১০
অসমীয়া:সেউজীয়া মৌখাতী
ইংৰাজী:Green Bee-eater
বৈজ্ঞানিক:Merops orientalis



১১
অসমীয়া:কাও চৰাই
ইংৰাজী:Indian Roller
বৈজ্ঞানিক:Coracias benghalensis



১২
অসমীয়া: ফেঁচু চৰাই
ইংৰাজী: Black Drongo
বৈজ্ঞানিক:Dicrurus adsimilis



১৩
অসমীয়া:দহিকতৰা
ইংৰাজী:Orientel Magpie Robin
বৈজ্ঞানিক:Copsychus saularis



১৪
অসমীয়া:ভদৰক’লী
ইংৰাজী:Great Tit
বৈজ্ঞানিক: Parus major



১৫
অসমীয়া:বগী বালিমাহী/বগীতৰা
ইংৰাজী:White Wagtail
বৈজ্ঞানিক: Motacilla alba



১৬
অসমীয়া:বালিমাহী
ইংৰাজী:Citrine Wagtail
বৈজ্ঞানিক:Motacilla citreola



১৭
অসমীয়া:এৰাখাতী/আৰিয়া
ইংৰাজী:Grey-Backed Shrike
বৈজ্ঞানিক:Lanius tephronotus



১৮
অসমীয়া:মুগা এৰাখাতী
ইংৰাজী:Brown Shrike
বৈজ্ঞানিক: Lanius cristatus



১৯
অসমীয়া:তেলটুপী/চাতক
ইংৰাজী:Barn Swallow
বৈজ্ঞানিক: Hirundo rustica



২০
অসমীয়া:বিনোৱা কেতেকী
ইংৰাজী:Plaintive Cuckoo
বৈজ্ঞানিক:Cacomantis merulinus



২১
অসমীয়া:শিলকতৰা
ইংৰাজী:Stonechat
বৈজ্ঞানিক:Saxicola torquata



২২
অসমীয়া:বিহুৱতী চৰাই
ইংৰাজী:Common Lora
বৈজ্ঞানিক: Aegithina tiphia



২৩
অসমীয়া:মাটিমাহী
ইংৰাজী:Paddyfield Pipit
বৈজ্ঞানিক:Anthus novaeseelandiae


ছবি: ১-৯ লেখকৰ পৰা প্রাপ্ত
ছবি: ১০-২৩ ইন্টাৰনেটৰ পৰা প্রাপ্ত

লেখক: বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্র, উত্তৰ লক্ষীমপুৰ
ম’বাইল:৯৪৩৫৩৮৭৪০৫


1 comment:

  1. সুন্দৰ লিখনি। কথাখিনি জানি ভাল লাগিল।

    ReplyDelete