সেউজী ধৰণী
গোলকীয় উষ্মীভৱন .....জীৱকুললৈ এক প্রত্যাহ্বান
ডঃ চাদিকুল হুছেইন
[ প্রথম প্রকাশ: “স্মৃতিগন্ধা” (স্মৃতিগ্রন্থ)
অষ্টাদশ বর্ষ তিনিচুকীয়া জিলা ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহ-২০১০]
“উহ
কি গৰম! অলপো বতাহ নাই। গৰমৰ বন্ধটো বৰষুণৰ মাজতে পাৰ হ’ল। এতিয়া বন্ধও শেষ,
বৰষুণো শেষ”।
“এই পুৱাতে ইমান চোকা ৰ’দ। স্কুল ছুটীৰ সময়ত যে কি হ’ব!”
“দেউতাহঁতে কৈছে এইবাৰ হেনো বৰষুণ ভাল সময়ত পালে। সেইকাৰণে ৰাইজৰ ৰোৱাও সময়নতে শেষ হ’ল”।
“এই পুৱাতে ইমান চোকা ৰ’দ। স্কুল ছুটীৰ সময়ত যে কি হ’ব!”
“দেউতাহঁতে কৈছে এইবাৰ হেনো বৰষুণ ভাল সময়ত পালে। সেইকাৰণে ৰাইজৰ ৰোৱাও সময়নতে শেষ হ’ল”।
“পিছে
কি হ’ব? ভাদৰ মাজৰ পৰাই পথাৰবোৰ শুকাবলৈ আৰম্ভ কৰিব। এতিয়াই কৈ থলো”।
“তই কেনেকৈ জানিলি?”
“দেখা নাই বতৰ কেনেকৈ সলনি হৈছে? যোৱাবাৰ বৰষুণ কম হোৱাৰ বাবে এইখন পথাৰতে ৰাইজে ৰুই শেষ কৰিব নোৱাৰিলে। এইবাৰ ভাদ মাহ নৌ সোমাওঁতে বৰষুণ কমিবলৈ ল’লেই:।
“তই কেনেকৈ জানিলি?”
“দেখা নাই বতৰ কেনেকৈ সলনি হৈছে? যোৱাবাৰ বৰষুণ কম হোৱাৰ বাবে এইখন পথাৰতে ৰাইজে ৰুই শেষ কৰিব নোৱাৰিলে। এইবাৰ ভাদ মাহ নৌ সোমাওঁতে বৰষুণ কমিবলৈ ল’লেই:।
“গেঁৰ
ধৰাৰ সময়ত পথাৰত পানী নাথাকিলে ধানৰ ফুল ফুলিব কেনেকৈ”।
“দেউতাই কৈছে আগৰ দিনত হেনো এনাকুৱা হোৱা নাছিল। আজিকালিহে বোলে বতৰৰ একো ঠিক নথকা হ’ল”।
“এয়া অকল আমাৰ ইয়াতে হোৱা নাই। গোটেই পৃথিৱীতে হৈছে”।
“দেউতাই কৈছে আগৰ দিনত হেনো এনাকুৱা হোৱা নাছিল। আজিকালিহে বোলে বতৰৰ একো ঠিক নথকা হ’ল”।
“এয়া অকল আমাৰ ইয়াতে হোৱা নাই। গোটেই পৃথিৱীতে হৈছে”।
“গোটেই
পৃথিৱীতে?”
“অ’,
সিদিনা ছাৰে কৈছিল। কিহৰ বাবে হৈছে জাননে?”
“কিহৰ
বাবে?”
“গোলকীয়
উষ্মীভৱনৰ বাবে। ইংৰাজীত কয় Global Warming। পৃথিৱীৰ বায়ুমণ্ডল গৱম হোৱাৱ বাবে জলবায়ুৰ এনে
পৰিৱর্তন হৈছে”।
“এনেকৈয়ে
গৰম কৰি থাকিব নেকি?”
সঁজাল
ধৰা পথাৰখনৰ মাজেৰে স্কুললৈ বুলি আহি থকা্ ল’ৰা-ছোৱালীহঁতৰ কথোপকথনত গোলকীয়
উষ্মীভৱন আৰু তাৰ বাবে ঘটা জলবায়ুৰ পৰিৱর্তক লৈ হোৱা দুঃচিন্তাৰ আভাষ। তেওঁলোকেও
বুজি উঠিছে ক’ৰবাত যেন কিবা এটা ঘটিছে। দেউতাকহঁতৰ পৰা জানিব পাৰিছে যে বতৰৰ
স্বভাৱ আগেয়ে এনে নাছিল। কিন্তু আজিকালি কিয় এনে হ’বলৈ লৈছে? গৰম বাঢ়িছে। লগতে আকৌ
বৰষুণ অহা-নহাৰ একো নির্দিষ্ট সময় নোহোৱা হ’ল।
আজিকালিনো কিয় ইমান গৰম পৰিবলৈ লৈছে ?
ইতিমধ্যে সংগ্রহ কৰা তথ্যপাতিৰ ওপৰত নির্ভৰ কৰি বিজ্ঞানীসকলে মতপোষণ কৰিছে যে বায়ুমণ্ডলত থকা “সেউজ গৃহ” গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে পৃথিৱীৰ উষ্ণতা বাঢ়িবলৈ লৈছে। তথ্যবোৰৰ পৰা এইটোও জনা গৈছে যে উষ্ণতাৰ এনে বৃদ্ধি বহু বছৰৰ আগৰে পৰা ঘটিবলৈ লৈছিল যদিও যোৱাটো শতিকাৰ প্রায় মাজ ভাগৰ পৰা ইয়াৰ হাৰ ক্রমে বাঢ়িবলৈ লয়, যাৰ বাবে ১৯৯৮ চনটো সবাটোকৈ গৰম বছৰ আছিল। কিন্তু শেহতীয়াভাবে জনা গৈছে যে ২০০৫ চনত পৃথিৱীৰ উষ্ণতাই ১৯৯৮ উষ্ণতাক চেৰ পালাইছিল। এনেবোৰ তথ্যপাতিৰ ওপৰত নির্ভৰ কৰি বিজ্ঞানীসকলে সঁকিয়াই দিছে যে উষ্ণতা বৃদ্ধিৰ এই ধাৰাৰ পৰিবর্তন নহ’লে এইটো শতিকাৰ শেষত বায়ুমণ্ডলৰ উষ্ণতা ১.১ পৰা ৬.৪ ডিগ্রী চেঃ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইতিমধ্যে সংগ্রহ কৰা তথ্যপাতিৰ ওপৰত নির্ভৰ কৰি বিজ্ঞানীসকলে মতপোষণ কৰিছে যে বায়ুমণ্ডলত থকা “সেউজ গৃহ” গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে পৃথিৱীৰ উষ্ণতা বাঢ়িবলৈ লৈছে। তথ্যবোৰৰ পৰা এইটোও জনা গৈছে যে উষ্ণতাৰ এনে বৃদ্ধি বহু বছৰৰ আগৰে পৰা ঘটিবলৈ লৈছিল যদিও যোৱাটো শতিকাৰ প্রায় মাজ ভাগৰ পৰা ইয়াৰ হাৰ ক্রমে বাঢ়িবলৈ লয়, যাৰ বাবে ১৯৯৮ চনটো সবাটোকৈ গৰম বছৰ আছিল। কিন্তু শেহতীয়াভাবে জনা গৈছে যে ২০০৫ চনত পৃথিৱীৰ উষ্ণতাই ১৯৯৮ উষ্ণতাক চেৰ পালাইছিল। এনেবোৰ তথ্যপাতিৰ ওপৰত নির্ভৰ কৰি বিজ্ঞানীসকলে সঁকিয়াই দিছে যে উষ্ণতা বৃদ্ধিৰ এই ধাৰাৰ পৰিবর্তন নহ’লে এইটো শতিকাৰ শেষত বায়ুমণ্ডলৰ উষ্ণতা ১.১ পৰা ৬.৪ ডিগ্রী চেঃ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰা এই “সেউজগৃহ”
গেছবোৰনো কি?
এই
বিষয়ে জনাৰ আগেয়ে “সেউজগৃহ”ৰ বিষয়ে বুজি ল’ব লাগিব। “সেউজগৃহ” হৈছে কাঁচ নাইবা আন
স্বচ্ছ পদার্থ, যেনে: প্লাষ্টিক, আদিৰে নির্মিত এবিধ গৃহ বা ঘৰ। এনে গৃহৰ ভিতৰলৈ
সূর্যৰ ৰশ্মি সহজে প্রৱেশ কৰিব পাৰে, যাৰ বাবে ভিতৰৰ বায়ুৰ উষ্ণতা বৃদ্ধি পায়।
আনহাতে কাঁচ নাইবা প্লাষ্টিক আদিৰ মাজেৰে ভিতৰৰ গৰম বায়ু বাহিৰলৈ সৰকি যাব নোৱৰাৰ
বাবে ভিতৰৰ উষ্ণতা বেছি হৈ থাকে। শীত কালত বায়ুমণ্ডলৰ উত্তাপ কম হোৱাৰ বাবে বহুতো
উদ্ভিদৰ শ্রীবৃদ্ধিত বাধাৰ সৃষ্টি হয়। এনেবোৰ উদ্ভিদ কাঁচ নাইবা প্লাষ্টিকৰ গৃহৰ
ভিতৰত থলে স্বাভাৱিকভাবে বাঢ়িব পাৰে। এনে গৃহকে সেউজগৃহ বোলা হয়। পৃথিৱীৰ
বায়ুমণ্ডল কি দৰে উষ্ণ হৈ থাকে সেই বিষয়ে অনুসন্ধান কৰোঁতে বিজ্ঞানীসকলে দেখিলে যে
বায়ুমণ্ডলত থকা কিছুমান গেছে সূর্যৰ পৰা পৃথিৱীলৈ অহা ৰশ্মিৰ দীর্ঘতৰংগভাগ
আকাশমার্গলৈ বিকিৰণ (Radiation) হ’বলৈ নিদি ধৰি ৰাখে। ইয়াৰ বাবে ভূপৃষ্ঠ উষ্ণ হৈ থাকে। আনহাতে সেউজগৃহৰ
ভিতৰৰ গৰম বায়ু কাঁচ নাইবা প্লাষ্টিকৰ মাজেৰে পৰিচলন ( Convection) হৈ বাহিৰলৈ উভতি যাব নোৱাৰে বাবে গৃহটোৰ ভিতৰ
ভাগৰ উষ্ণতা বাহিৰতকৈ বেছি হয়। এই দুয়োক্ষেত্রতে উষ্ণতা বৃদ্ধি পোৱাৰ প্রক্রিয়াটো প্রায় একে হোৱাৰ বাবে পৃথিৱীৰ
বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পোৱাৱ কাৰণটোক “সেউজগৃহৰ প্রভাৱ” আৰু সূর্যৰ ৰশ্মিৰ
দীর্ঘতৰংগভাগ ধৰি ৰখা গেছবোৰক “সেউজগৃহ গেছ” বোলা হয়। বায়ুমণ্ডলত থকা কিছুমান এনে
গেছ হ’ল কার্বন-ডাই-অক্সাইড,নাইট্রাছ অক্সাইড,মিথেন, জলীয় বাষ্প আদি।
১৮২৪ চনত Joseph Fourier নামৰ বিজ্ঞানীজনে পৃথিৱীৰ বায়ুমণ্ডল উষ্ণ হৈ থকাৰ এই কাৰণটো উদ্ঘাটন কৰে। তাৰ পাছত পৰীক্ষাৰ দ্বাৰা জনা গ’ল যে এই গেছবোৰ নথকা হ’লে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা শূণ্য ডিগ্রী চেঃ কৈ বহুত কম হ’লহেঁতেন। পৃথিৱীৰ উষ্ণতা ইমান কম হোৱাহেঁতেন গ্রহটো জীৱ জগতৰ বাবে উপযোগী নহ’লহেঁতেন। সেউজগৃহ গেছৰ বাবেই আমাৰ এই গ্রহটোৰ উষ্ণতা বাসোপযোগী হৈ আছে য’ত আমি বিভিন্ন জীৱ-জন্তু, গছ-লতা, চৰাই-চিৰিকতি, নদ-নদী, পাহাৰ-পর্বত আদি দেখিবলৈ পাইছো।
এই গেছবোৰ কি কাৰণে বাঢ়িছে ?
প্রকৃততে
ক’বলৈ গ’লে মানু্হে জুইৰ ব্যৱহাৰ শিকাৰ পাছৰে পৰাই এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত
বাঢ়িবলৈ আৰম্ভ কৰিলে। জুইৰ ধোৱাঁত কার্বন-ডাই-অক্সাইড আদি গেছ মিহলি হৈ থাকে। এই
ধোৱাঁ ওপৰলৈ উৰি যাওঁতে এইবোৰ গেছ কঢ়িয়াই নি বায়ুমণ্ডলত এৰি দিয়ে। তাৰ পাছত মানৱ
সভ্যতাৰ অগ্রগতিৰ লগে লগে মানুহৰ প্রায় প্রতিটো কার্যৰ বাবে এই গেছবোৰৰ পৰিমাণ
বায়ুমণ্ডলত ক্রমে বৃদ্ধি পাবলৈ ধৰে। অৱশ্যে এই বৃদ্ধিৰ পৰিমাণ অতি নগণ্য আছিল বাবে
বায়ুমণ্ডলত বিশেষ প্রভাৱ পেলাব পৰা নাছিল আৰু পৃথিৱীৰ উষ্ণতাও বিশেষ বঢ়া
নাছিল।কিন্তু বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰৰ সহায়ত মানুহে নানান কল-কাৰখানা পাতিবলৈ
আৰম্ভ কৰাৰ পাছৰে পৰা এই গেছবোৰ অতি বেছি পৰিমাণে বায়ুমণ্ডলত গোট খাবলৈ
ধৰিলে।কাৰখানাবোৰ চলাবলৈ যিবোৰ ইন্ধন ব্যৱহাৰ কৰিলে তাৰ পৰা কার্বন-ডাই-অক্সাইড
আদি গেছ উৎপন্ন হৈ ওপৰলৈ গতি কৰি বায়ুমণ্ডলত জমা হ’ল। মটৰ গাড়ী আদি বাহনবোৰৰ পৰাও
এই গেছ ওলাই বায়ুমণ্ডলত জমা হ’বলৈ ধৰিলে। কৃষি কার্যত ব্যৱহাৰ কৰা নাইট্রোজেনযুক্ত
সাৰবোৰৰ পৰা নাইট্রাছ-অক্সাইড আদি গেছ উৎপন্ন হৈ ওপৰলৈ উৰি যাবলৈ ল’লে। ইয়াৰ উপৰিও
বনাঞ্চল ধ্বংস কার্যৰ বাবেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে।
গোলকীয় উষ্মীভৱনৰ বাবে কেনে ধৰণৰ সমস্যা হ’ব
পাৰে ?
পৃথিৱীৰ
ভূপৃষ্ঠৰ বাঢ়ি অহা উষ্ণতাৰ বাবে মেৰু অঞ্চলৰ বৰফ গলি বানপানীৰ সৃষ্টি কৰাৰ উপৰিও
সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। এনে হ’লে বহুতো অঞ্চল সাগৰৰ বুকুত জাহ যাব। তদুপৰি
সাগৰপৃষ্ঠৰ পৰা অধিক মাত্রাত বাষ্পীভৱন হ’বলৈ ধৰিব আৰু বায়ুমণ্ডলত জলীয় বাষ্পৰ
পৰিমাণ বাঢ়িব। পৃথিৱীৰ বহুতো অঞ্চল অতিবৃষ্টিৰ কবলত পৰিব আৰু এই অঞ্চলবোৰত ঘনাই
বানপানীৰ সৃষ্টি হ’ব। আনহাতে তললৈ নামি অহা গলিত বৰফ ভূমিকম্পৰ দৰে প্রাকৃতিক দুর্যোগৰ
প্রধান কাৰণ হৈ পৰিব। উষ্ণতা বৃদ্ধিৰ বাবে বহুতো অঞ্চল অনাবৃষ্টিৰ কবলত পৰি ক্রমে
মৰুভূমি সদৃশ অঞ্চললৈ পৰিবর্তন হ’ব। এনেবোৰ দুর্যোগৰ বাবে বহুতো লোকক স্থানান্তৰিত
কৰিবলগীয়া হ’ব।
গোলকীয়
উষ্মীভৱনৰ কাৰণে উদ্ভৱ হোৱা এই দুর্যোগবোৰৰ বাবে প্রাণী আৰু উদ্ভিদ জগতৰ প্রতিটো
প্রজাতিয়ে ক্ষতিগ্রস্ত হ’ব। কিছুমান প্রজাতি চিৰদিনৰ বা্বে লুপ্ত হ’ব। অনুমান কৰা
হৈছে যে ২০৫০ চনত বর্তমানৰ প্রায় ৩৫% উদ্ভিদ আৰু ১৮% প্রাণী বিলুপ্ত হৈ যাব পাৰে।
নানান নতুন ৰোগৰ প্রাদুর্ভাৱ ঘটিব আৰু মেলেৰীয়া,ডেংগো আদি ৰোগ মহামাৰী ৰূপে
বিয়পি পৰিব। উষ্ণ
পৰিৱেশত কীট-পতংগৰ সংখ্যা অতি
দ্রুত গতিত বাঢ়িব,যাৰ বাবে শস্য উৎপাদনত নানান সমস্যাৰ সৃষ্টি হ’ব। গোলকীয়
উষ্মীভৱনৰ বাবে আমাৰ পৰিৱেশতন্ত্রত যি সমস্যাৰ সৃষ্টি কৰিব সি সুদূৰপ্রসাৰী হ’ব
আৰু এই সমস্যাবোৰ সমাধান কৰোতে প্রতিখন ৰাষ্ট্র্রৰ অর্থনীতিৰ ওপৰত যথেষ্ট হেঁচা
পৰিব। সেয়ে গোলকীয় উষ্মীভৱনে যি দুর্যোগ কঢ়িয়াই আনিব তাৰ সন্মূখীন হোৱাটো মানৱ তথা
জীৱকুলৰ বাবে এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে।
এই প্রত্যাহ্বানৰ সন্মূখীন হ’বলৈ কি কৰিব লাগিব
?
গোলকীয় উষ্মীভৱনৰ কু-প্রভাৱৰ পৰা ৰক্ষা কৰি পৃথিৱী নামৰ এই গ্রহটো জীৱকুলৰ বাসোপযোগী কৰি ৰখাটো আজি মানৱ সমাজৰ প্রধান কর্তব্য হৈ পৰিছে। ইতিমধ্যে এই দিশত কেনেদৰে আগবাঢ়িব লগিব সেই বিষয়ে আন্তর্জাতিক মহলত যথেষ্ট চিন্তা-চর্চা হৈছে আৰু ভূপৃষ্ঠৰ পৰা নির্গত হোৱা সেউজগৃহ গেছৰ পৰিমাণ হ্রাস কৰিবলৈ স্থিৰ কৰা হৈছে। এই ক্ষেত্রত চৰকাৰ আৰু জনসাধাৰণ উভয়ৰে যথেষ্ট কৰণীয় আছে। সর্বপ্রথমে সেউজগৃহ গেছ নির্গত হোৱা উৎসবোৰ চিহ্নিত কৰি এইবোৰৰ পৰা নির্গত হ’ব পৰা গেছৰ পৰিমাণ পর্যায়ক্রমে হ্রাস কৰাৰ ব্যৱস্থা কৰিব লাগিব। দেখা গৈছে যে কল-কাৰখানা আৰু জীৱাশ্ম ইন্ধনৰ দ্বাৰা চালিত বাহনৰ পৰা অতি বেছি পৰিমাণৰ কার্বন-ডাই-অক্সাইড, কার্বন-মন’অক্সাইড আদি গেছ নির্গত হয়। সেয়ে এনেবোৰৰ পৰা নির্গত গেছৰ পৰিমাণ কমাবলৈ উপায় উদ্ভাৱন কৰাত গুৰুত্ব দিব লাগিব। বর্তমান জীৱাশ্ম ইন্ধনৰ পৰিৱর্তে জৈৱিক উৎসৰ পৰা আহৰণ কৰা ইন্ধন, যেনে: বায়’ডিজেল আদি ব্যৱহাৰ কৰি আশানুৰূপ ফল পোৱা গৈছে। সেইদৰে অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰৰ দিশত আগবঢ়া গৱেষণাবোৰৰ পৰাও ভাল ফল পোৱা গৈছে। ভৱিষ্যতে শক্তিৰ এনেবোৰ উৎস ব্যৱহাৰ কৰি বায়ুমণ্ডলতণ্ড কার্বন-ডাই-অক্সাইড, কার্বন-মন’অক্সাইড আদি গেছৰ পৰিমাণ কম কৰিব পৰা যাব।
বায়ুমণ্ডলত
সেউজগৃহ গেছ বৃদ্ধি পোৱাৰ আন এক কাৰণ হ’ল বনাঞ্চল ধ্বংস। প্রধানকৈ এই কার্যৰ বাবেই
অতিবৃষ্টি, অনাবৃষ্টি আদিয়ে দেখা দিয়ে। সেয়ে বনাঞ্চল ধ্বংস কার্য ৰোধ কৰি
বৃক্ষৰোপণত প্রাধান্য দিব লাগিব। ঠিক সেইদৰে খেতি পথাৰত ৰাসায়নিক দ্রব্যৰ পৰিবর্তে
জৈৱিক পদ্ধতি অৱলম্বন কৰি সেউজগৃহ গেছ নির্গমন হ্রাস কৰিব পৰা যাব। আনহাতে কৃষকসকলেও
প্রয়োজন সাপেক্ষে কৃষিকর্মৰ পদ্ধতিৰ কিছু সাল-সলনি কৰিব লাগিব। বিজ্ঞানীসকলে তাপ
সহ্য কৰিব পৰা সঁচ উদ্ভাৱন কৰি কৃষকক সহায় কৰিব লাগিব। এনে কিছুমান কর্মৰ দ্বাৰা
গোলকীয় উষ্মীভৱনৰ বাবে হ’ব পৰা্ দুর্যোগৰ সন্মূখীন হ’বলৈ পৃথিৱীৰ সকলো ৰাষ্ট্র
সাজু হৈছে। অৱশ্যে এই সকলোবোৰৰ সফলতা নির্ভৰ কৰিছে সর্বসাধাৰণ ৰাইজৰ সজাগতাৰ
ওপৰত। সেয়ে আজি আমাৰ প্রধান কর্তব্য হৈছে গোলকীয় উষ্মীভৱনৰ কাৰণে হ’ব পৰা সমস্যাৰ
বিষয়ে সকলোকে সজাগ কৰা । আমি উচ্চ স্বৰে ক’ব লাগিব-
“GLOBAL WARMING:
GLOBAL WARNING”।
____________________________________________________________________________
লেখক: উপ প্রকল্প সঞ্চালক (আত্মা),তিনিচুকীয়া জিলা:
ম'বাইল: ৯৪৩৫১৩৫৬৩১:: ই-মেইল: sadik2crs@yahoo.co.in
No comments:
Post a Comment