Wednesday 12 December 2018

সৌভাগ্যশালী বাঁহগছৰ সাজোন-কাচোন:::Lucky Bamboo




সেউজী ধৰণী

সৌভাগ্যশালী বাঁহগছৰ সাজোন-কাচোন

ডঃ মীন্তি গগৈ



       উদ্ভিদ জগতৰ লগত মানব জাতিৰ সর্ম্পক অভিন্ন। উদ্ভিদে জীৱ জগতৰ বাবে খাদ্য, বস্ত্র, বাসস্থান নির্মাণৰ বিভিন্ন সামগ্রীসমূহ যোগান ধৰি ব্যৱহাৰিক দিশত অনন্য অৱদান আগবঢ়াই অহাৰ লগতে মানব জাতিৰ আত্মিক উৎকর্ষ সাধন প্রক্রিয়াটো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। বিভিন্ন ঠাইৰ ধর্মীয়, সংস্কৃতিৰ লগতে কিছুমান উদ্ভিদ ওতঃপ্রোতভাৱে জড়িত হৈ আছে। হিন্দুধর্মত দেৱদাৰু, আহঁত, বেলগছ, তুলসী, কদম, পলাশ, বকুল, শেৱালি অশোক, চন্দন ইত্যাদি গছৰ ৰোপন আৰু প্রতিপালন কৰি মানুহে ভগবান বিষ্ণুৰ আর্শীষ লাভ কৰে বুলি বিশ্বাস কৰে। বৌদ্ধ, খ্রীষ্টান, ইছলাম আদি ধর্মতো অতিশয় পূজিত উদ্ভিদৰ ওপৰত নিৰবচ্ছিন্নভাৱে চলি থকা বৈজ্ঞানিক বিশ্লেষণে প্রতিজোপা গছৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিবলৈ সমর্থ হৈছে।

      মার্কিন ৰাষ্ট্রীয় বিজ্ঞান আৰু মহাকাশ প্রতিস্থানে (NASA) এলানি গৱেষণাভিত্তিক তথ্যৰ যোগেদি কেইবিধ মান বিশেষ উদ্ভিদ যেনে:- মানিপ্লান্ট, পিচলিলি, স্নেক প্লান্ট, চালকুঁৱৰী, বটচন র্ফান, স্পাইডাৰ প্লান্ট, লেডিজ প্লাম, উইপিং ফিগ, ক্রিচেন্থিনাম আদি তুলনামূলকভাৱে সৰু অথচ সমৃদ্ধিশালী গছ মানুহে ঘৰৰ ভিতৰত ৰোপন কৰি অধিক সুফল পাব পাৰে বুলি মত পোষণ কৰিছে। উক্ত প্রতিস্থানে আগবঢ়োৱা তথ্যমতে আমাৰ চৌপাশে যদি প্রতি এশ বর্গফুটৰ অন্তৰালত একোজোপা গছ ৰোপন কৰিব পৰা যায় তেন্তে ই নিশ্চিতভাৱে এক eco-friendly অর্থাৎ সুহৃদ প্রকৃতিক পৰিবেশ সৃষ্টি কৰিব পাৰে। এনে গছবোৰ ঘৰ নাইবা কার্য্যলয়ৰ আভ্যন্তৰীণ কক্ষত ৰোপন কৰিলে কোঠাত থকা বিভিন্ন ধৰণৰ আচবাব-পত্র, যন্ত্রপাতি আদিৰ ব্যৱহাৰৰ বাবে হ’ব পৰা প্রদুষণ ৰোধ কৰাত সহায়ক হয়।

 আমাৰ সমাজতো ৰুচিসম্পন্ন ব্যক্তিসকলৰ মাজত ঘৰৰ বাহিৰে–ভিতৰে ৰাখিব পৰাকৈ টাবত কৰা উদ্ভিদৰ জনপ্রিয়তা অতি বেছি। তেনে এবিধ উদ্ভিদ হ’ল “সৌভাগ্যশালী বাঁহ” (Lucky Bamboo)। বিভিন্ন আকাৰ দিব পৰা এইবিধ  সুন্দৰ অলংকাৰিক গছৰ উপস্থিতিয়ে ঘৰলৈ সুস্বাস্থ্য, সুখ-শান্তি, দীর্ঘজীৱিতা তথা অনন্য সম্পদ কঢ়িয়াই আনে বুলি বহুলোকে বিশ্বাস কৰে। চীনদেশীয় শিল্পকলাৰ অন্যতম এইবিধ গছৰ একো একোটা সাজোন ফেংচুই শাস্ত্রমতে এখন ঘৰৰ বাবে অত্যন্ত মূল্যবান সম্পদ। গছজোপাৰ গা-গছডাল বাঁহ গছৰ দৰে গাঁঠিযুক্ত হোৱাৰ বাবে ইয়াক “বাঁহ” বোলা হয় যদিও ই প্রকৃততে বাঁহ গছৰ প্রজাতি নহয়। এইবিধ ড্রেকেয়েনা ছেন্দ্রৰিণা (Dracaena sanderiana) নামেৰে পৰিচিত শতমূল প্রজাতিৰ উদ্ভিদ। গছবিধ কেৱল মাত্র ২-৩ ফুটহে ওখ হয়। বিশেষকৈ পানীৰ মাধ্যমত ৰোপন কৰা গছজোপাত যেতিয়া দুসপ্তাহমানৰ ভিতৰতে পোখা ওলাই বাঢ়িবলৈ ধৰে তেতিয়া উক্ত পোখাযুক্ত অংশ কাটি মাটিত ৰোপন কৰি তাৰ বংশ বিস্তাৰ হ’বলৈ দিব পৰা যায়। বাকী ৰৈ যোৱা অংশ চিচাৰ পাত্রত পৃষ্ঠভাগৰপৰা ২-৩ ইঞ্চি ওপৰলৈ পানী দি ডুবাই কেইটামান সৰু সৰু শিলগুটি দি এটা সুন্দৰ আকষর্ণীয় সাজোন পাব পাৰি। এইবিধ গছৰ শ্রীবৃদ্ধিৰ বাবে কোনোধৰণৰ ৰাসায়নিক কিম্বা জৈৱিক সাৰ প্রয়োগ কৰাৰ প্রয়োজন নাই। ইয়াৰ পৰিবর্তে ব্যৱহাৰ কৰা পানীৰ প্রতি অধিক গুৰুত্ব দিব লাগে। মৃদু পানী যেনে:- বৰষুণৰ পানী , ফিলটাৰৰ পানী আদি এইবিধ গছত ব্যৱহাৰ কৰিব লাগে। কঠিন পানীত দ্রৱীভূত হৈ থকা  ৰাসায়নিক দ্রব্যসমূহহে এনে গছৰ বৃদ্ধিত বাধা জন্মায়। বহুতো ঠাইত একুৰিয়ামত  এইবিধ গছ ৰোপন কৰি সৌন্দর্য্যবর্দ্ধনৰ লগতে মাছৰ স্বাস্থ্য সুনিশ্চিত কৰাত গুৰুত্ব দিয়া দেখা যায়। সম্বন্বিত পদ্ধতিৰে কৰা এনে প্রক্রিয়াৰ যোগেদি একোখন ঘৰৰ ভিতৰত মহৰ প্রকোপ কম কৰিব পাৰি।

“সৌভাগ্যশালী বাঁহ” মাটি অথবা টাবত ৰোপন কৰিব পৰা যায়। তাৰবাবে  সহজে পানী যোগান ধৰিব পৰা ঠাই নির্বাচন কৰিব লাগে। সূর্য্যৰ পৰোক্ষ পোহৰ পৰা ঠাই যেনে:- ঘৰৰ আভ্যান্তৰীণ অংশ এইবিধ গছৰ বাবে অতি উত্তম। আনহাতে বেছি ৰ’দ বা উষ্ণ জলবায়ুত গছজোপাৰ পাত হালধীয়া হৈ শুকাই যায়।




 ঘৰৰ অভ্যান্তৰীণ ভাগত ৰখা এনে গছৰ সাজোনৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল শিল্পীগৰাকীয়ে সাজোনত ব্যৱহাৰ কৰা মুঠ ঠাৰিৰ সংখ্যা। গছজোপাৰ  দুটা ঠৰিযুক্ত এটা সাজোনে মৰম আৰু সুখী জীৱনৰ আহ্বান কৰে। সেয়ে এনেধৰণৰ সাজোন এজনে আনজনক অতি আন্তৰিকতাৰে উপহাৰ দিয়ে। তিনিটা ঠাৰিৰ সাজোনে সম্পদ, দীর্ঘজীৱন আৰু ব্যৱসায়িক উন্নতিৰ ইংগিত দিয়ে। আনহাতে এইবিধ গছৰ চাৰিটা ঠাৰিৰ সাজোন ব্যৱহাৰ কৰা নহয়। কাৰণ এনে সাজোন দুভাগ্যৰ প্রতীক বুলি বহুতে বিশ্বাস কৰা হয়। পাঁচটা ঠাৰিৰ সাজোনে শুভশক্তি, প্রজ্ঞাত্মক সৃষ্টি, শাৰীৰিক, আবেগিক আৰু আধ্যাত্মিক উন্নতি সুচায়। সেইদৰে ছয়ডাল ঠাৰিৰ সাজোন সম্পদ বৃদ্ধি, সাতডাল ঠাৰিৰ সাজোন সুস্বাস্থ্য আৰু আঠডাল ঠাৰিৰ সাজোন প্রজনন শক্তিৰ প্রতীক বুলি ভবা হয়। কোনো লোকে যদি নডাল ঠাৰিৰ সাজোন উপহাৰ হিচাপে লাভ কৰে তেন্তে সেয়া তেওঁ সৌভাগ্য সমাগত বুলি জ্ঞান কৰে। ফেংচুই শাস্ত্রৰ মতে সৌভাগ্যশালী বাঁহৰ সাজোন এটা ঘৰৰ পূব কোণত ৰখাৰ ব্যৱস্হা কৰিলে পৰিয়ালৰ সদস্যসকলৰ সুস্বাস্থ্য আৰু দক্ষিণ-পূব কোণত ৰাখিলে পৰিয়ালটোলৈ ধন-সম্পত্তিৰ আগমণ সুচায়।     






বর্তমান একোখন ঘৰত একোটা সুন্দৰ পৰিবেশ সৃষ্টিৰ বাবে সেউজীয়া উদ্ভিদৰ উপস্থিতি অত্যন্ত প্রয়োজন বুলি কব পাৰি। লোকবিশ্বাসৰ আর্বতত বন্দীহৈ থকা “সৌভাগ্যশালী বাঁহ” নামেৰে স্বীকৃত গছজোপাই প্রকৃতার্থত আমালৈ কিবা বার্তা কঢ়িয়াই আনক বা নানক সেয়া গুৰুত্বপূর্ণ কথা নিশ্চয় নহয়। কিন্তু আমি নিশ্চিতভাবে কব পাৰো যে ঘৰৰ অভ্যান্তৰীণ সৌন্দর্য্য বৃদ্ধিৰ বাবে যদিহে এটি সেউজীয়া আবেশ সৃষ্টি কৰিব খোজো তেন্তে সৌভাগ্যশালী বাঁহ এবিধ অতি উত্তম প্রকৃতিৰ উদ্ভিদ আৰু ইয়াৰ সাজোন- কাচোন এক অনন্য সুন্দৰ কলা।  
ম’বাইল- ৮৬৩৮৮৪৪৫৯৫