Wednesday 10 October 2018

সফলতাৰ কাহিনী-১ মাণিকীমধুৰীৰ সুবাসেৰে :::Success story 1: With the fragrance of Maniki madhury


সেউজী ধৰণী


মাণিকীমধুৰীৰ সুবাসেৰে
ডঃ ছাদিকুল হুছেইন 



মাণিকীমধুৰী--- নিমাতি কইনাজনীৰ মাত এষাৰ পাবলৈ ৰূপকোঁৱৰে চকুৰ পানীৰে জীয়াই তোলা ধান---মাণিকীমধুৰীঅসমৰ মাটি, পানী, বতাহত লালিত-পালিত হৈ চৌদিশ আমোল মোলাই তোলা ধান--- মাণিকীমধুৰী । সোনালী গুটিৰে হালি জালি পৰা থোক দেখি কোনো স্বভাৱ কবিয়ে গীত ৰচনা কৰা ধান--- মাণিকীমধুৰী এনেবিধ ধান আজি আমাৰ মাজৰপৰা হেৰাই যোৱা পথত অসমৰ অ’ত ত’ত সিঁচৰতি ভাবে থকা এই থলুৱা ধানবিধ পুনৰ আমাৰ মাজলৈ উলিয়াই অনাৰ প্রয়োজন হৈ পৰিছেসেয়ে, এনে এক প্রয়াসেৰে তিনিচুকীয়া জিলাত ATMA  আঁচনিৰ জড়িয়তে এক প্রচেষ্টা চলোৱা হ’য় সেয়া ২০১৩ চনৰ কথা।

নাহৰকটীয়া অঞ্চলত ধানবিধৰ খেতি দুই-চাৰিজনমান কৃষকে কৰি থকাৰ বাতৰি পোৱা গ’ল। কৃষি উন্নয়ম বিষয়া লোহিত গগৈক দ্বায়িত্ব দিয়া হ’ল এইবিধ ধানৰ বীজ সংগ্রহ কৰিবলৈ। সেইমতে লোহিত গ’ল আৰু ওভটি আহিল প্রায় বিশ কিলোগ্রাম ধান লৈ। এটা প্রদর্শনৰ বাবে যথেষ্ট। স্থান নির্বাচন হ’ল মার্ঘেৰিটা ব্লক। হিতাধিকাৰ হ’ল ভিতৰ পাৱৈ গাঁৱৰ প্রগতিশীল কৃষক চাওপান চাওঁচং।



প্রশিক্ষণ এটাৰ মাধ্যমেৰে আধুনিক কৃষিৰ কেতবোৰ দিশ যেনে : সঠিকভাবে কঠিয়াতলী প্রস্তুত কৰা, বীজ সিঁচাৰ আগতে বীজ শোধন কৰা, সঠিক বয়সৰ কঠিয়া শাৰি পাতি ৰোৱা আদিৰ বিষয়ে এখেতৰ লগতে আন কৃষকসকলক বুজাই দিয়া হয় ।



 কৃষকজনে বিজ্ঞানীসকলৰ দিহা-পৰামর্শ যথাযথ ভাবে পালন কৰি উৎসাহেৰে খেতিত আগবাঢ়ে।




সময় আগবঢ়াৰ লগে লগে শস্যৰক্ষাৰ নতুন কৌশলবোৰৰ লগতো কৃষকক পৰিচয় কৰি দিয়া হয়।



 মাণিকীমধুৰীৰ সঁজাল ধৰা গোছাবোৰত  কাতিৰ শেহত গেঁৰ ধৰিবলৈ লয়।পৰম্পৰা ৰক্ষা কৰি কৃষকেও পথাৰত এগচি চাকি জ্বলাই। 



 বিষয়াসকলে পথাৰ ভ্রমণ কৰি সন্তোষ প্রকাশ কৰে আৰু “পথাৰ-দিৱস” এটি অনুস্থিত কৰাৰ সিদ্ধান্ত লয়। জিলা বিষয়াসকলৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশতপথাৰ-দিৱসৰ দিনা লখিমী চপোৱা হয় যত পঞ্চায়তৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।

  
দেখা গ’ল যে মাণিকীমধুৰিৰ উৎপাদন প্রতি হেক্টৰত ৩৫ কুইণ্টল হোৱাৰ বিপৰীতে আন থলুৱা গোন্ধযুক্ত ধানৰ উৎপাদন হৈছে প্রতি হেক্টৰত ২৫-২৭ কুইণ্টল।





এনে ফলাফল দেখি কৃষকসকল মাণিকীমধুৰীৰ প্রতি উৎসাহিত হৈ পৰে আৰু ইয়াৰ বীজ সংগ্রহ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। প্রথম বছৰতে এনে এক সাফল্যৰ মুখ দেখি পাছৰ বছৰ জিলাখনৰ ৩৬ টা স্থানত মাণিকীমধুৰীৰ প্রদর্শনমূলক খেতিৰ লগতে পাম বিদ্যালয়ৰ মাধ্যমেৰে কৃষকৰ কাষলৈ জাতটো লৈ যোৱা হয়। ওকণীমুৰিয়া, মামৰণি, নিজ মাকুম, ইটাখুলি, আঢ়ৈমুৰীয়া আদি অঞ্চলতো মাণিকীমধুৰিয়ে কৃষকৰ সমাদৰ পাবলৈ সক্ষম হয়। এইদৰে মাণিকীমধুৰীৰ সুবাস জিলাখনত বিয়পি পৰে।


      কৃষকৰ উৎপাদিত সামগ্রী “কৃষি মেলা”ত প্রদর্শন তথা বিপণন দিহা কৰা হয়গ্রাহকেও পুৰণি চিনাকি মাণিকীমধুৰীক আঁকোৱালি লয়। এইদৰে কৃষকৰ সক্রিয় সহযোগত এটা প্রদর্শনৰ সফল সামৰণি পৰেবর্তমান জিলাখনৰ এক বুজন সংখ্যক কৃষকে মাণিকীমধুৰীৰ খেতি কৰি আছে আৰু প্রতি কিলোগ্রাম চাউলত ৫৫-৭০ টকালৈ উপার্জন কৰিবলৈ সক্ষম হৈছে আশা কৰা হৈছে যে অনাগত  দিনত এইবিধ ধান আৰু অধিক জনপ্রিয় হৈ উঠিব আৰু কৃষকসকল আর্থিকভাবে লাভবান হ’বলৈ সক্ষম হ’ব।





সফলতাৰ আঁৰত থকা সকল হ’ল:- ডঃ প্রণব মহন্ত, লোহিত গগৈ, নয়ন সোনোৱাল, মৃদুল গোস্ৱামী, বিং কং বড়ো, গৌতম বড়া, ঈশাণী পৰাশৰ।
৯৪৩৫১৩৫৬৩১