Monday, 16 July 2018

ধানখেতিত সাৰ প্রয়োগ ::Fertilizer application in rice





সেউজী ধৰণী    
ধানখেতিত সাৰ প্রয়োগ

ডঃ ছাদিকুল হুছেইন



    
       শস্যৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কাৰকৰ ভিতৰত মাটিৰ উর্বৰতা শক্তি অন্যতম। উদ্ভিদে শ্রীবৃদ্ধিৰ বাবে শিপাৰ সহায়ত মাটিৰপৰা বিভিন্ন পোষক দ্রব্য আহৰণ কৰে। শস্য বিশেষে এই আহৰণ ক্ষমতা ভিন্ন। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে এক কুইণ্টল ধান উৎপন্ন কৰিবৰ বাবে অধিক উৎপাদনক্ষম জাতে মাটিৰপৰা ২ কি: গ্রাম নাইট্র’জেন, ০.০৭৫ কি: গ্রাম ফছফৰাছ আৰু ১.৮৫ কি: গ্রাম পটেছিয়াম আহৰণ কৰে। সেয়ে পাছৰ বছৰ ধান খেতি কৰিবলৈ যোৱাৰ পূর্বে এই পোষক দ্রব্যখিনি মাটিত যোগান ধৰি মাটিৰ উর্বৰতা শক্তি অটুট ৰাখিব লাগিব। ইয়াকে কৰিবলৈ যাওঁতে মাটিখিনি পৰীক্ষা কৰাতো জৰুৰী হৈ পৰে। কিন্তু সকলো কৃষকৰ বাবে এই পৰীক্ষা সহজলভ্য নহয়। সেইবাবে বিভিন্ন পৰিস্থিতিৰ মাটি পৰীক্ষা কৰি বিজ্ঞানীসকলে অসমৰ মাটিত গড় হিচাপে কোনবিধ সাৰ কিমান পৰিমাণত দিব লাগিব তাক নির্ধাৰণ কৰিছে। এই নির্ধাৰিত পৰিমাণৰ সাৰ প্রায় সকলো শ্রেণীৰ মাটিত প্রয়োগ কৰিব পৰা যায় (তালিকা-১) । এই সাৰ কেইবিধৰ ভিতৰৰ ইউৰীয়া এনে এবিধ সাৰ যিবিধ অতি সহজে পানীত মিহলি হৈ পৰে। সেই বাবে ৰোৱনী চাহৰ সময়ত সম্পূর্ণ সাৰভাগ প্রয়োগ কৰিলে পানীৰ লগত মিহলি হৈ পৰিব, যাৰ বাবে পোখা মেলা, গেঁৰ ধৰা , ফুল ফুলা আদি সময়ত গছজোপাই নাইট্র’জেন মৌলবিধ নাপাব। আনহাতে আন কেইবিধ সাৰ সহজে মাটিৰ লগত মিহলি হৈ পৰে বাবে শিপাই লাহে লাহে আহৰণ কৰি থাকে। সেয়ে ইউৰীয়া সাৰখিনিৰ আধা ৰোৱনী চাহৰ সময়ত প্রয়োগ কৰি বাকী ভাগ সাৰ টপ ড্রেছিং হিচাপে প্রয়োগ কৰি গছক নাইট্র’জেনৰ যোগান ধৰিবলগীয়া হয়।

       অসমত প্রায়ে খেতিৰ সময়ত একক চুপাৰ ফছফেট নামৰ সাৰবিধ পোৱা নাযায়। এনে হ’লে ৰোৱাৰ ৩০ দিনৰ পাছলৈকে সাৰবিধ পথাৰত দিব পাৰি। এই ক্ষেত্রত সাৰ ছটিয়াই উঠি ডৰাটো ভালদৰে গছকি দিব লাগে। বন-বাত থাকিলে সাৰ প্রয়োগৰ আগেয়ে নিৰণি কৰি ল’ব লাগে। অৱশ্যে সাৰবিধৰ অভাৱত ডাই-এম’নিয়াম ফছফেট অর্থাৎ ডি এ পি অথবা ৰক ফছফেট ব্যৱহাৰ কৰিব পাৰে। ডি এ পি ব্যৱহাৰ কৰিলে ইউৰীয়াৰ পৰিমাণ কিছু কম কৰিব লাগিব। কাৰণ ডি এ পি সাৰৰপৰা কিছু পৰিমাণৰ নাইট্র’জেন পোৱা যায়। ৰক ফছফেট ব্যৱহাৰ কৰিলে ৰোৱাৰ অতি কমেও ২০ দিনৰ আগেয়ে বিঘাই প্রতি ২০ কি: গ্রাম প্রয়োগ কৰিব লাগে। আহু আৰু শালি একে ডৰা মাটিতে কৰিলে আহু ৰোৱাৰ ২০ দিনৰ আগেয়ে প্রতি বিঘাত ৪০ কি: গ্রাম ৰক ফছফেট প্রয়োগ কৰিলে শালিৰ সময়ত পুনৰ দিব নালাগে।

টপ ড্রেছিং কেতিয়া আৰু কেনেকৈ কৰিব লাগে

       দীর্ঘদিনীয়া জাতত ধানৰ গোছাবোৰে পোখা মেলি থকাৰ সময়ত প্রথমটো আৰু থোক গঠন হোৱাৰ সময়ত দ্বিতীয়টো টপ ড্রেছিং কৰিব লাগে। টপ ড্রেছিং কৰিবলৈ লোৱা সাৰভাগৰ লগত শুকান গোবৰ নাইবা মাটি ১ : ১০ অনুপাতত মিহলাই প্রায় ৪৮ ঘণ্টামান গাপ দিব লাগে। এইদৰে গাপ দিয়াৰ বাবে সাৰখিনি গোবৰ নাইবা মাটিৰ লগত ভালদৰে মিহলি হৈ পৰিব। এতিয়া এই গোবৰ বা মাটিখিনি পথাৰত সমানে পৰাকৈ ছটিয়াব পৰা যাব যাৰ বাবে শস্যডৰাই সাৰখিনি সমানে পাব। আনহাতে গোবৰ আদিৰ লগত মিহলি হৈ থকাৰ বাবে শিপাই সাৰখিনি লাহে লাহে গ্রহণ কৰিব আৰু গছজোপাই বহু প্রয়োজনীয় নাইট্র’জেন মৌলবিধ পাই থাকিব। সাধাৰণতে দেখা যায় যে যি সময়ত টপ ড্রেছিং কৰিবলগীয়া হয় সেই সময়ত প্রায়ে বৰষুণ হৈ থাকে। এনে বতৰত শুকান গোবৰ বা মাটি পাবলৈ অসুবিধা হয়। সেয়ে সময় বুজি শুকান গোবৰ বা মাটি সংগ্রহ কৰি থব লাগে।

*** উৎস: কৃষি জিজ্ঞাস
----------------------------------------------------------------------------------------------- ম’বাইল: ৯৪৩৫১ ৩৫৬৩১

Sunday, 15 July 2018

ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি : How to get healthy rice seedlings


 সেউজী ধৰণী

       
সেউজী ধৰণী              
                     ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি

ডঃ ছাদিকুল হুছেইন






কথাতে কয় “বাই গুণে ভিনিহি, কঠীয়া গুণে কিৰিষি।” অর্থাৎ বাইদেউ গৰাকী যদি ভাল হয় তেন্তে ভিনিহিজনেও আমাক মৰম-চেনেহ কৰিব। সেইদৰে  কঠীয়াখিনি যদি ভাল হয় তেন্তে ৰোৱাখিনিৰপৰা ভাল উৎপাদন আশা কৰিব পাৰি।  কিন্তু দেখা যায় যে প্রায়বোৰ কৃষকে ভাল জাত এটা লৈয়ো কঠীয়া সিঁচা আৰু যতন লোৱাত বিশেষ মনোযোগ নিদিয়ে, যাৰ বাবে আশা কৰা মতে উৎপাদন নাপাই হতাশ হয়। আনহাতে বহুতো কৃষকে কঠীয়াতলিখন সঠিকভাবে প্রস্তুত নকৰা বাবে অধিক বীজ ব্যৱহাৰ কৰিবলগীয়া হয়, যাৰ বাবে খৰছ বেছি হয়। সেয়ে কঠীয়া সিঁচা আৰু যতন লোৱাৰ বিষয়ে কিছু কথা জানি কম পৰিমাণৰ বীজৰপৰা সুস্থ সৱল কঠীয়া পাব পৰাৰ কৌশলৰ সেই বিষয়ে বুজি  লওঁ আহক।

প্রথমে নির্দ্দিষ্ট সংখ্যক বীজ পেট্রপ্লেটত ব্লটিং পেপাৰ বা খবৰ কাগজৰ ওপৰত থৈ তাত পানী দি জেকাই ল’ব। প্লেটখন ঢাকি দি দুদিনমানৰ পাছত গজালি ওলোৱা বীজৰ হিচাপ কৰিব। ৮০-৮৫% বীজৰ গজালি ওলালে বীজখিনি সুবীজ বুলি ক’ব পাৰি। এনে বীজ ব্যৱহাৰ কৰিব।   




সিঁচাৰ আগেয়ে বীজখিনি শোধন কৰকইয়াৰ বাবে প্রতি কি:গ্রাম বীজ শোধন কৰিবলৈ মেনক’জেব নাইবা কেপটান নামৰ ঔষধৰ আঢ়ৈ গ্রাম অথবা কার্বেনডাজিমৰ এক গ্রাম কিছু পানীত মিহলাই তাত বীজখিনি ২৮ ঘন্টা তিয়াই পাছত ভালদৰে টুকি গাপ দিব।




কঠীয়াতলিখন ১.২৫ মিটাৰ( ৪ফুট) বহল কৰি দুখন তলিৰ মাজত এফুটমান বাট ৰাখিব ১.২৫ মি: বহল আৰু ১০ মি: দীঘল এনে একোটা চিটাত ২০-৩০ কি:গ্রাম গোবৰ নাইবা পচন সাৰ, ৮০ গ্রাম ইউৰীয়া, ৮০ গ্রাম একক চুপাৰ আৰু ৪০ গ্রাম মিউৰিয়েট-অব-পটাছ মিহলাই ভেটিটো কামি এডালেৰে সমান কৰিব










এনে একোখন চিটাত মোটা ধানৰ ১কি:গ্রাম, মজলীয়া আকাৰৰ ৮০০ গ্রাম নাইবা মিহি ধানৰ ৬৫০ গ্রাম সিঁচিব দুখন তলিৰ মাজৰ বাটটোত প্রয়োজন সাপেক্ষে পানী ভৰাব নাইবা উলিয়াব পাৰিব





গজালি মেলাৰ পাছৰে পৰা কঠীয়খিনি চাই থাকিব আৰু পোক-পৰুৱা, বেমাৰ-আজাৰ লগা দেখিলে ব্যৱস্থা গ্রহণ কৰিব

     








ওপৰত উল্লেখ কৰা ধৰণেৰে কঠীয়া পাৰি নির্দিষ্ট দূৰত্বত প্রতিটো গোছাত ২-৩ ডাল কঠীয়া ৰুলে ৩-৫ কি:গ্রাম বীজৰ কঠীয়াৰে এবিঘা মাটি ৰুব পৰা যাব।





 ফ’টসমূহ বিভিন্ন উৎসৰপৰা সংগ্রহ কৰা হৈছে।







Sunday, 10 December 2017

সেউজ গৃহত তিয়ঁহ খেতি:: Cucumber in polyhouse


সেউজী ধৰণী

আহক বতৰলৈ বাট নাচাই সেউজ গৃহত তিয়ঁহ খেতিত ধৰোঁ
. লোচন শইকীয়া

তিয়ঁহৰ দাম এতিয়া কিমান গম পাইনে? নে বজাৰ কৰা অভ্যাস নাইয়ে? বজাৰত এই অবতৰত তিয়ঁহৰ বজাৰত জুই লাগে। কিনিম বুলি দাম সুধি, হাত কোঁচ খাই যোৱা দাম লে কাৰনো বাৰু কিনিব মন যাব, হয়নে! তিয়হৰ খেতিৰ বতৰ ঠাণ্ডাকালি আৰু জহকালিৰ মাজৰ সময়ছোৱা। তিয়ঁহ গছে ঠাণ্ডাও সহ্য নকৰে, অধিক গৰমো সহ্য নকৰে। সেয়েহে ফাগুন সোমালেহে আমাৰ খেতিয়কে তিয়ঁহ খেতিত হাত দিয়ে। ফাগুন মানে ফেব্ৰুৱাৰী মাজ সীমাৰ পৰা মাৰ্চৰ মাজ সীমা
তিয়ঁহৰ গুণৰ বিষয়ে নকলেও চলে। কেঁচা তিয়ঁহৰ বাকলিতো ঔযধীয় গুণ আছে। সৌন্দয্য চৰ্চাত তিয়ঁহৰ স্থান নিগাজী। চকুৰ গুৰি কলা পৰিছে? তিয়ঁহৰ চকল মুদা চকুৰ ওপৰত, চকুৰ তলত অলপ সময় লগাই ৰাখক। মুখৰ ছাল, হাতৰ ছাল, ভৰিৰ ছাল নিমজ কৰিবলৈ তিয়ঁহৰ ৰস তুলনাবিহীন। সৌন্দয্য চৰ্চা বিশেষজ্ঞ সকলৰ কাৰণে তিয়ঁহ মকৰধ্বজৰ দৰে। আজি কালি এণ্টিঅক্সিজেনৰ কথা সকলোৰে মুখত শুনা যায়। কেঁচা সতেজ তিয়ঁহ এই ক্ষেত্ৰত অতি চহকী। খাদ্যপ্ৰাণ, ধাতৱ খাদ্যগুণ, শ্বেতসাৰ, পানী ইত্যাদি আটাইবোৰ খাদ্যৰ গুণ লৈ তিয়ঁহৰ গুণানুকীৰ্ত্তন গাই শেষ কৰিব নোৱাৰি। শৰীৰত অন্য খোৱা বস্তুৰ পৰা সৃষ্টি হোৱা মুক্ত যৌগ (ফ্ৰী ৰেডিকেলচ)নাশ কৰিব পৰা ক্ষমতা এই এণ্টিঅক্সিডেণ্টৰে কাম। তিয়ঁহত থকা এবিধ এণ্টিঅক্সিডেণ্ট হলভিটামিন বা ভিটামিনচি একোজন প্ৰাপ্তবয়স্ক মানুহক দৈনিক প্ৰয়োজনীয় খাদ্যপ্ৰাণএটা তিয়ঁহেই যোগান ধৰিব পাৰে


প্ৰকৃতিৰ নিয়ম অনুযায়ী অসমত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই দৈনিক তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে। আজি যি তিয়ঁহক আমি বিদেশী জাতৰ নামেৰেহে চিনি পাওঁ; সেই তিয়ঁহৰ মূল ঘৰখন অসম-ম্যানমাৰৰ সীমাত বুলি কলে উচপ খাই নুঠিব। নাগা পাহাৰৰ মুকংচোঙৰ স্থানীয় তিয়ঁহ তুলনাবিহীন। তিয়ঁহ নিজৰ হৈয়ো আমাৰ নিজা জাত নাই বুলি কলে মিছা কোৱা নহয়। এই গছজোপাৰ স্ত্ৰীপুষ্প আৰু পুংপুষ্পৰ সংখ্যাৰ অনুপাতত তাপমানৰ প্ৰত্যক্ষ প্ৰভাব পৰে। গঢ় তাপমান আঠাইশ ডিগ্ৰী চেলচিয়াচৰ ওপৰলৈ গলেই তিয়ঁহ গছজোপাৰ পুষ্পবোৰ পুংপুষ্পলৈ পৰিবৰ্ত্তিত হয়। এই ক্ষুদ্ৰ তত্ত্বটোৱেই তিয়ঁহ খেতিৰ সময়টো আমাৰ ইয়াত সংকীৰ্ণ কৰি ৰাখিছে। ঠাণ্ডাতো নহয়, গৰমতো নহয়। সেয়ে কোৱা হয় তিয়ঁহ মধ্য উষ্ণতাৰ খেতি
এতিয়া বজাৰত অধিক মাত্ৰাত স্ত্ৰীপুষ্প ওলোৱা বৰ্ণসংকৰ (এফ ওৱান) জাত উভৈনদী হৈ পৰিছে। আজিৰ তাৰিখত সাতাইশটা জাত আমাৰ অসমৰ বজাৰতে পায়। ইয়াৰে সৰহখিনি বিদেশী বজাৰৰ গুটি। বছৰটোৰ চাৰিমাহতেই শেষ হৈ যোৱা খেতি এতিয়া বিজ্ঞানৰ বলত আৰু তিনি মাহলৈ বঢ়াব পৰা হৈ পৰিছে। অৰ্থাত দুগুণ উত্পাদন। কেনেকৈ এইয়া সম্ভব হব পাৰে? মুকলি মাটিত খেতিৰ উপযোগী তাপ ৰাখিব পৰা কম খৰচী একো ব্যৱস্থাই নাই

এডাল দীঘল আঁচক নুচুৱাকৈ চুটি কৰিবলৈ, আঁচডালৰ কাষতে আৰু এডাল বেছি দীঘল আঁচ টানি দিলেই হোৱাৰ দৰে খেতি কৰিব পৰা পৰিসৰ বঢ়াবলৈ ঠাণ্ডা কালিকে বাচি লোৱা হৈছে। ঠাণ্ডাত তিয়ঁহ খেতি নহয়, কি হল? আমি ঠাণ্ডা পৰিবেশক গৰম কৰিব পৰা ব্যৱস্থা জানোঁ। কম খৰচী সেউজ গৃহত অতি সহজেই ঠাণ্ডাকালিতেই তিয়ঁহ খেতি কৰিব পাৰি। যিহেতু সেউজ গৃহত ব্যৱহাৰ হোৱা পলিইথাইলিনৰ ঢাকোন খনেই নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ঠাণ্ডা বতৰকো ঘৰটোৰ তলত গৰম কৰি ৰাখিব পাৰে। সেউজ গৃহটোৰ ভিতৰলৈ অহাৰ লগে লগে তিয়ঁহ খেতিৰ নিয়ম-নীতিৰ পৰিবৰ্ত্তন কৰিবলগীয়াত পৰে। মুকলিত কৰিলে তিয়ঁহৰ পুলিৰ দুৰত্ব ডেৰমিটাৰৰ পৰা দুই মিটাৰ ৰখা হয়। সেই একেবোৰ জাত ব্যৱহাৰ কৰি সেউজ গৃহত এশবিশ চেণ্টিমিটাৰ বহল ভেটীত দুটা শাৰীৰ মাজত ষাঠি চেণ্টিমিটাৰ ৰাখি শাৰীত পুলিৰ দুৰত্ব ত্ৰিশ চেণ্টিমিটাৰলৈ কমাই সৰহ সংখ্যক পুলি লগোৱা হয়। এই গোটেই প্ৰক্ৰিয়াৰ বাবে ওপৰৰ পৰা ওলমোৱা ৰচীৰ প্ৰয়োজন হৈ পৰে



অসমীয়া মানুহে মাটি তিয়ঁহক খুউব ভালদৰেই চিনি পায়। দুঃখৰ বিষয় আমাৰ ইয়াত মাথোন ইয়াৰ আদৰ নাই। তুলনামূলক ভাবে সামান্য চুটি, মাটিৰ বৰণৰ গোটা টিয়ঁহ কলা বৰণৰ সৰু সৰু কাঁইট থকা মাটি তিয়ঁহ। মাটিতেই বগাই হয় কাৰণে মাটি তিয়ঁহ নাম ৰাখিছে। বহাগ বিহুত ছাট সাজি লাউ, বেঙেনা, তিতা কেৰেলাৰ লগত শিঙি লোৱা তিয়ঁহৰ চকলবোৰ বোৰ মাটি তিয়ঁহেই। আমাৰ অসমত মাঘৰ বিহুৰ পৰা বহাগলৈকে উপলদ্ধ হোৱা এইবিধ তিয়ঁহৰ খাদ্য গুণ অধিক বেছি। এই মাটি তিয়ঁহবোৰকে ইংৰাজীত Prickling cucumber বুলি কয়। আমি সাধাৰণতে চিনি পোৱা তিয়ঁহবোৰ Slicing cucumber এইবোৰৰ ওপৰিও আৰু এবিধ গুটি নোহোৱা তিয়ঁহ আছে যাক Burpee বা Seedless cucumber বুলি কোৱা হয়
এই তিনিওবিধ আবতৰীয়া, আগতীয়াকৈ তিযঁহ পাবলৈ নৱেম্বৰৰ (কাতি মাহৰ অৰ্দ্ধেক যাওঁতেই)আৰম্ভনীতেই তিযঁহৰ গুটি সিচিব পাৰোঁ। মাটিত গুটি সিঁচাৰ পৰা পঞ্চলিশ দিনৰ ভিতৰতেই প্ৰথম ফুল ওলায়। তিয়ঁহ গছৰ বৰ ডাঙৰ গুণ এটা আছে। এই গুণটো হল ইয়াৰ প্ৰতিটো গাঁঠিৰ গুৰিত এখিলা পাত আৰু পাতৰ ঠাৰিৰ গুৰিত একোটা বা ততোধিক ফুলৰ কলি ওলায়। সেই ফুল হয় পুৰুষ লিঙ্গী নতুবা স্ত্ৰীলিঙ্গী। একেৰাহে ছয়-সাতোটা একে লিঙ্গী ফুল ওলাই তাৰ পিচৰ স্তৰত বিপৰীত লিঙ্গৰ ফুল ওলায়। ফুল নোলালে মাজে মাজে ডাল ওলায়। ফুলৰ লিঙ্গ নিৰ্দ্ধাৰণত বতৰৰ তাপমানৰ পোনপটীয়া প্ৰভাব পৰে। তাপমান ঠাণ্ডাও নহয়, গৰমো নহয় তেনেকুৱা মানদণ্ডৰ তাপত তিয়ঁহ গছত ফুলবোৰ স্ত্ৰীলিঙ্গী হৈ ওলায়। আঠাইশ ডিগ্ৰী পাৰ হলেই দ্বীলিঙ্গ লাউ, ৰঙালাউ, তিয়ঁহ জাতীয় গছবোৰত পুৰুষ লিঙ্গী ফুল বেছি ওলায়। লাউ, ৰঙালাউ সেয়েহে লগোৱা সময় আঘোন-পুহতে পৰে। অথচ তিয়ঁহ ফাগুনলৈ ৰব লাগে। বিশ্বৰ বজাৰত এতিয়া তিয়ঁহৰ জাতবোৰ স্ত্ৰীলিঙ্গী বা পাৰথিনকাৰপিক চৰিত্ৰৰ। ভাৰতত এই ধৰণৰ স্ত্ৰীলিঙ্গী জাত সহজে পোৱা নাযায়। হলেণ্ডৰ পৰা আমদানী কৰা তিনিবিধ পাৰথিনকাৰপিক তিয়ঁহ বাঙ্গালুৰুৰ বজাৰত ওলাইছে। চিন্তা কৰকচোন প্ৰতিটো গাঁঠিত দুটা তিনিটাকৈ তিয়ঁহ লাগিলে আপুনি কিমান তিয়ঁহ গছজোপাই প্ৰতি লাভ কৰিব। নহলেও নাই, দ্বীপুষ্পী জাতবোৰকে ব্যৱহাৰ কৰিও অনেক লাঙ হব
এই কথাবোৰ নিজে কৰি নিজৰ অভিজ্ঞতাৰ পৰাহে লিখিছোঁ। কিতাপৰ কথা নহয়। কম খৰচী সেউজ গৃহ তিয়ঁহ খেতিৰ কাৰণে অতি উত্তম। ৰব, এতিয়াই এই আলোচনা শেষ হোৱা নাই। তিয়ঁহ গছজোপাৰ আৰু এটা গুণ হল ইয়াৰ মূল ডালত ফুল মেলা প্ৰক্ৰিয়া, কাষৰ পৰা ওলোৱা ডালবোৰতো হুবহু (Sympodial) একে হোৱাৰ কাৰণে মাত্ৰাধিক তিয়ঁহ গছজোপাত লাগিবলৈ লোৱাত ক্ৰমান্বয়ে ওপৰৰ আটাইবোৰ তিয়ঁহ সৰু হৈ পৰে। সেয়ে ডালবোৰৰ আগ অলপ কাটি নিয়ন্ত্রণ কৰাৰ প্ৰয়োজন হৈ পৰে যাতে আটাইবোৰ তিয়ঁহ প্ৰায় একে জোখৰ হয়। বাকী থাকিল সাৰ-পানী।  পচন সাৰ আৰু পানী যোগান ধৰিলেই আপুনি আকৌ এই খেতিৰো এজন সফল খেতিয়ক হৈ উঠিব


তিয়ঁহৰ মূৰটো খাবলৈ তিতা হয়েই। মূৰটোৰ অলপ কাটি লৈ পুণৰ কটা দিশটোৰে আন অংশত ঘঁহি ঘঁহি ফেনাই আঁতৰাই ললেই তিতা ভাবটো নোহোৱা হৈ পৰে। পাৰথিনকাৰপিক জাতবোৰৰ মূৰটো সমূলি তিতা নহয়। আৰু এটা কথা কওঁ। তিয়ঁহ বাকলিৰ সৈতেহে খাব লাগে। যেনেকৈ আপেলো বাকলিৰ সৈতে খায়
হে সুধী পাঠক, ৰৈ নাথাকিব। আজিয়ে আৰম্ভ কৰক। ব্যৱসায় নকৰে নাই, নিজে খাবলৈকে কৰক। আদিম ভোকে সদায় জোকাই আছে নহয়। দুই-চাৰিজোপা গছ লগাই তাৰ ফল আনকো বিলাওক। আপোনাৰ সাধু বিনয়ী ভগাই খোৱা স্বভাৱক সকলোৱে প্ৰশংসা কৰিব। ইচ্ছা কৰিলে আৰ চি চি ঘৰৰ ওপৰৰ চাদলৈও তিয়ঁহৰ খেতিক তুলি নিব পাৰে। থাৰ্মোকোল বাকচত সাৰুৱা মাটি আৰু পচন সাৰ ভৰাই খেতি কৰিব পাৰিব। আৰু বেছি ইচ্ছা কৰিলে তিয়ঁহ খেতিক ব্যৱসায়িক ৰূপো দিব পাৰে


অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট , ম’বাইল: ৯১০১৭৬১২১৪