Sunday 29 September 2013

সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনা – ৫...IPM in Rice part V


সেউজী ধৰণী
শস্যৰূপা







সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনা – ৫

ডঃ চাদিকুল হুছেইন


বিষয়া:- এতিয়ালৈকে আপোনালোকে জানিব পাৰিলে যে ভাল জাত এটা লৈ সঠিক সময়ত খেতিটো কৰিলে শস্যডৰা পোক-পৰুৱা, বেমাৰ- আজাৰৰ আক্রমণৰ পৰা বহুখিনি হাত সাৰি থাকে। সেইদৰে সাৰৰ পৰিমাণ ঠিক থাকিলে আৰু নাইট্র’জেনযুক্ত সাৰ যেনে ইউৰীয়া ভাগ ভাগকৈ দিলে এই ব্যাধিবোৰ কম হয়

ৰমেন:- ছাৰ, সাৰ ঠিক মতে দিলেও পোক-পৰুৱাবোৰ কম হয় নেকি ?
বিষয়া:- হয়, কম হয়। গছত নাইট্র’জেন বেছি হ’লে গা-গছবোৰ চনকা হয়। মজাখোৱা আৰু পিঁয়াজীৰ দৰে পোখা আক্রমণ কৰাবোৰে এনে গোছাবোৰত সহজে বিন্ধা কৰিব পাৰে। আনহাতে পটাছ সাৰ কম হ’লে গা-গছ লেহুকা হয়, যাৰ বাবে গছজোপাই আঘাট সহ্য কৰিব নোৱাৰে। সাৰৰ পৰিমাণ আৰু দিয়াৰ ধৰণটো কিয় ঠিক হ’ব লাগে এতিয়া বুজিলেনে ?

দদাই:- কথাবোৰ এতিয়াহে টং কৰিছো। সাৰৰ দোকানীয়ে ডি এ পি দিলেই হৈ যাব বুলি কয় কাৰণে অকল তাকে দিওঁ। হেৰৌ, পটাছ সাৰ দিয়াই নাই! গছে পোক-পৰুৱাৰ লগত যুঁজিবলৈ বল পাব ক’ৰ পৰা!

বিষয়া:- ৰাইজ, আমাৰ ভুলবোৰ ক’ত হয় ধৰিব পাৰিছেনে?...এতিয়া পাছৰ কথাখিনিলৈ আহোঁ

খুড়ী:- হয় ছাৰ, কওক। আৰু বা আমাৰ কিমান ভুল ধৰা পৰে।

বিষয়া- এইবাৰ আহো কঠীয়া ৰোৱাৰ দিশটোলৈ। আপোনালোকে নিশ্চয় কঠীয়াৰ আগবোৰ ছিঙি ৰোৱে।

খুড়ী:- হয় ছাৰ, আমি আগবোৰ ছিঙি ৰোওঁ। তেনেকৈ ৰোৱাটো বেয়া নেকি ?

বিষয়া:- বেয়া নহয়। কিন্তু ছিঙা আগবোৰ ডৰাটোত নেপেলাব।
খুড়ী:-কিয় ছাৰ ?

বিষয়া:- কাৰণ মজাখোৱা আদি বহুকেইটাই কঠীয়াৰ আগত কণী পাৰে। ছিঙা আগবোৰ ডৰাটোত পেলালে তাৰ পৰাই সময়ত পলু ওলাই গোছাত আক্রমণ কৰিব পাৰে। সেইকাৰণে পথাৰৰ পৰা আঁতৰত আগবোৰ ছিঙি নষ্ট কৰি দিব লাগে।

খুড়ী:- আমি আকৌ ৰুবলৈ সুবিধা হোৱা কাৰণেহে আগবোৰ ছিঙি লওঁ।

দদাই:- তাৰমানে পোক-পৰুৱা কম কৰাৰ এইটোও এটা উপায়।
বিষয়া:- হয়, এনে বহুতো সৰু-বৰ কৃষিকার্য আছে যিবোৰ ভালদৰে মানি চলিলে পথাৰত পোক-পৰুৱা, বেমাৰ-আজাৰ কম হয়। এইখিনিতে এটা কথা জানি ল’ব বিচাৰিছো।

ৰমেন:- কি কথা ছাৰ ?

বিষয়া:- আপোনালোকে ধানৰ লিফ ব্লাইট মানে পাত লেৰেলা পৰা বেমাৰবিধ চিনি পাই নে ?

দদাই:- এইবিধনো কেনেকুৱা বেমাৰ ?


বিষয়া:- ধান ৰুই উঠাৰ পাছতে এইবিধ বেমাৰে দেখা দিলে পাত হালধীয়া হোৱাৰ লগতে প্রথম গাঠিটোৰ গুৰিৰ ফালে ক’লা পৰে। পাছলৈ পাতখিলা লেৰেলি যায় আৰু গছৰ পৰা ছিঙি পানীত সৰি পৰে। অৱশ্যে গছ ডাঙৰ হোৱাৰ পাছত এইবিধ বেমাৰৰ লক্ষণ বেলেগ হয়।

ৰমেন:- ৰুই উঠাৰ পাছত এনেহোৱা দেখা নাই। অৱশ্যে কেতিয়াবা কেতিয়াবা পাতত ফুটফুটীয়া দাগ পৰা দেখোঁ।

খুড়ী:- ছাৰে যে বেমাৰৰ কথা সুধিলে ? পাত ছিঙাৰ লগত কিবা সমন্ধ আছে নেকি ?

বিষয়া:- এইবিধ বেমাৰ যদি আপোনালোকৰ অঞ্চলত হয় তেন্তে ৰোৱাৰ সময়ত কঠীয়াৰ আগ ছিঙি নল’ব। কাৰণ ছিঙা আগটোৰে বেমাৰৰ বীজাণু গছৰ ভিতৰলৈ সহজে সোমায় যাব।

দদাই:- তেতিয়া হ’লে এইটো বেয়া কৃষিকর্ম হ’ব। নে কি কয় ছাৰ?

বিষয়া:- হয়। সেয়ে এনে বেয়া কৃষিকর্মৰ পৰা আঁতৰি থাকিব। এতিয়া কওকচোন, ধান ৰুই উঠাৰ পাছত কি কৰে ?

দদাই:- ইয়াৰ পাছত...এৰা ইয়াৰ পাছত কি কৰোঁ ?

ৰমেন:- পথাৰখন মাজে মাজে চাই থাকো। অ’ত,ত’ত ৰোৱাবোৰ মৰা দেখিলে নতুন কঠীয়া ৰুই দিওঁ। পোক-পৰুৱা লাগিছে নেকি সেইটোও চাই থাকো।

বিষয়া:- তাৰমানে পথাৰখন নিৰীক্ষণ কৰি থাকে। এইটো বৰ ভাল কথা। কিন্তু ইয়াৰ লগে লগে আন এটা অতি দৰকাৰী কাম আপোনালোকে কৰিব লাগে

খুড়ী:- কি দৰকাৰী কাম ছাৰ ?

বিষয়া:- সেইটো হৈছে ৰুই উঠাৰ পাছতে ডৰাবোৰত যিমান পাৰে সিমান জেং পুতি দিব।

দদাই:- জেং ? জেং আকৌ কিয় পুতিব লাগে?

বিষয়া:- সেই জেংবোৰত চৰাই বহিব আৰু ডৰাটোত দেখা দিয়া পোক খাই আপোনাক সহায় কৰি থাকিব।

খুড়ী:- তাৰমানে দৰব ছটিয়াব নালাগে?

বিষয়া:-হয়, প্রথম অৱস্থাত চৰাই-চিৰিকটিয়েই দৰবৰ কাম কৰি থাকিব। আনহাতে ডৰাবোৰত যদি নিমৰ পাত, জার্মানি বন আদিৰ পাত ছটিয়াই থয় তেন্তে বহুতো পোক আঁতৰি থাকিব। অৱশ্যে ধানৰ ফুল ফুলাৰ লগে লগে জেংবোৰ আঁতৰাই দিব যাতে ধান খোৱা চৰাই বহিবলৈ সুবিধা নাপায়।

দদাই:- অ’, মই তাকে সুধিব বিচাৰিছিলোঁ বোলো জেংবোৰ ৰাখিয়ে থম নেকি?

খুড়ী:- সেইটো কিবা সুধিবলগীয়া কথা নেকি ? নিজেই বুজিব লাগে। ছাৰে হ’ল বুলি সকলো কথাই ক’ব নেকি?

ৰমেন:- আমাৰ ইয়াত শালিকা আৰু ফেঁচু চৰাই পথাৰলৈ বৰকৈ আহে। তাৰমানে সিহঁতে পোক খাবলৈকে আহে।

খুড়ী:- পোকবোৰ খাই সিহঁতে সেইযে ছাৰে কৈছিল সেইটো ৰক্ষা কৰি থাকে। নহয় জানো ছাৰ ?

বিষয়া:- আপুনি ঠিক কথা কৈছে। এই চৰাইবোৰৰ লগতে মকৰা জিঁয়া, ভেকুলী আদিয়ে পোক-পৰুৱা খাই আমাক সহায় কৰি থাকে। এইবোৰ আমাৰ বন্ধু , নহয় জানো ?

দদাই:- হয়, হয়, কিয় নহ’ব। আমি নজনাকৈয়ে এইবোৰে আমাক খেতিটোত সহায় কৰি আছে।

খুড়ী:- তাৰমানে দৰব ছটিয়ালে এই গোটেইবোৰ মৰিব।

বিষয়া:- এই কামখিনি কৰাৰ লগতে আপোনালোকে পাৰিলে আৰু এটা কাম কৰিব।

দদাই:- কি কাম ছাৰ ?

বিষয়া:- আপোনালোকৰ হাঁহ আছে নে ?

খুড়ী:- আছে ছাৰ। সকলোৰে নাথাকিলেও বেছি ভাগৰে ঘৰত হাঁহ আছে।

বিষয়া:- হাঁহবোৰ পথাৰতে চৰিবলৈ দিব। ইহঁতে পোক-পৰুৱা খোৱাৰ লগতে খুচৰি খুচৰি মাটিখিনিও উন্নত কৰি ৰাখিব।

দদাই:- এইটো কাম আমি কৰোঁ। সিহঁতৰ মলখিনিও সাৰ হয়। সেইকাৰণে হাঁহ মেলা ডৰাবোৰৰ চেহেৰাই বেলেগ হৈ যায়।

বিষয়া:- এইবোৰ আমি কৰি থকা কাম। এইবোৰৰ পৰাই আমি খেতিটো দৰব-পাতি ব্যৱহাৰ নকৰাকৈ সহজে ৰক্ষা কৰি থাকিব পাৰো। সেইকাৰণে আই,পি,এম ত এনে কৃষিকার্যবোৰ মানি চলাত অধিক গুৰুত্ব দিয়া হয়। আমি কৰি থকা কৃষিকার্যবোৰে শস্যৰক্ষা কৰাত কেনেদৰে সহায় কৰে সেই বিষয়ে এতিয়া বুজি পালেনে?

দদাই:- হয় ছাৰ বহুত কথাই বুজিব পাৰিলো। এইবোৰ ভালদৰে মানি চলিয়েই খেতিটো কৰিব পৰা যাব।

খুড়ী:- আৰু দৰব ছটিয়াই বিপদত পৰিব নালগিব।

বিষয়া:- দৰব অৱশ্যে কেতিয়াবা দিবলগীয়া হ’ব পাৰে। কেতিয়া আৰু কি দৰব দিব লাগিব সেই বিষয়ে অহাবাৰলৈ আলোচনা কৰিম ।আজিলৈ আহিছো। নমস্কাৰ।

ম’বাইল: ৯৪৩৫১৩৫৬৩১:: ID: sadik2crs@yahoo.co.in


Saturday 21 September 2013

এটা চিন্তাৰ বিষয়... It is a matter of...


সেউজী ধৰণী
এটা চিন্তাৰ বিষয়...

ডঃ চাদিকুল হুছেইন


দুমাহমানৰ আগেয়ে কৃষক প্রশিক্ষণ এটাত সমলব্যক্তি হিচাপে উপস্থিত আছিলো। আমাক ধানখেতিৰ নতুন দিশবোৰৰ বিষয়ে কৃষকসকলক অৱগত কৰিবলৈ কোৱা হৈছিল আৰু সেই অনুযায়ী বিভিন্ন পৰিস্থিতিৰ বাবে উদ্ভাৱন হোৱা ধানৰ নতুন জাত, সেইবোৰৰ পৰিচর্যা আৰু কেতবোৰৰ ব্যৱসায়িক দিশৰ বিষয়ে কিছু কথা কৈছিলো। কৃষকসকলকো প্রয়োজনীয় কথাবোৰ আগ্রহেৰে টুকি লোৱা দেখিছিলো। প্রশিক্ষণৰ শেষত সেইদিনৰ কার্যসূচীৰ সম্পর্কে কৃষকসকলৰ মনোভাৱ জানিবলৈ দুই-এটা প্রশ্ন কৰাত এজনে জানিবলৈ দিলে যে ব্যক্তিগতভাবে তেখেত যথেষ্ট উপকৃত হৈছে আৰু প্রশিক্ষণৰ পৰা লাভ কৰা জ্ঞান প্রয়োগ কৰিবলৈ চেষ্টা কৰিব। কিন্তু কৃষি প্রধান অঞ্চলটোৰ বহুতো কৃষকৰ বর্তমান কৃষিৰ প্রতি জন্ম হোৱা অনীহাৰ ভাব দেখি তেখেত চিন্তিত হৈ পৰিছে। কৃষকসকলৰ এনে মনোভাবৰ কাৰণ হিচাপে তেখেতে স্পষ্ট ভাবে কৈছিল যে “বি.পি.এল.ত চাউল পোৱাৰে পৰা ৰাইজে খেতি কৰিবলৈ বাদ দিছে। বাৰীবোৰত চাহগছ লগাইছে আৰু পথাৰৰ মাটি বেচিবলৈ লৈছে। কিছুমানে পথাৰতো চাহগছ ৰুবলৈ আৰম্ভ কৰিছে। সেয়ে এনে প্রশিক্ষণ কিমান দূৰ সফল হ’ব এতিয়াই কোৱা টান”। কৃষকজনে কোৱা কথাখিনি এক বিক্ষিপ্ত ঘটনাৰ সৰলীকৃত ৰূপ বুলি ভাবি কথাটো প্রায় পাহৰি গৈছিলো। কিন্তু ১৬-৩১ জুলাই,২০১৩ সংখ্যাৰ ‘প্রান্তিক’ত ননৈৰ লুইত বৰাই “বিপিএল চাউল থাকোঁতে কিয় খেতি কৰি মৰ” বুলি আপদীয়া পদ্য এটিত উল্লেখ কৰা দেখিলোঁশ্রী বৰা “প্রান্তিক”ৰ নিয়মীয়া পাঠকৰ বাবে এটা চিনাকি নাম। তেখেতৰ বহু কেইটা চিন্তাশীল লিখনি ইতিমধ্যে পঢ়িবলৈ পাইছো। এনে এজনৰ ৰচনাক বিক্ষিপ্ত ঘটনা বুলি ভাবিবলৈ সত নগ’ল। সেয়ে লগে লগে কথা হ’লো। তেখেতৰ পৰা জানিব পাৰিলো ননৈৰ ফালেও বহুতো কৃষকে বি.পি.এল.ৰ চাউল পোৱাৰ পাছত খেতিলৈ পিঠি দিছে। কৃষিভূমি আন কামত ব্যৱহাৰ হ’বলৈ লৈছে নতুবা সেই মাটি অনাঅসমীয়াই কিনি লৈছে। কৃষকৰ এনে মনোভাবৰ প্রতি তেখেত চিন্তিত। মোৰ মনলৈ আহিল খবৰ কাগজৰ কিছুমান শীর্ষ বাতৰিলৈ---“দেশৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থান পঞ্চম”, “হাইব্রীড ধানৰ খেতি কৰি কৃষকে বিঘাত ৩০মোণ ধান চপাইছে”, “অসমৰ কৃষি বিজ্ঞানীয়ে যুগুতাই উলিওৱা প্রকল্প আমেৰিকা” আদি। আশা-নিৰাশাৰ দুমোজাত থাকোঁতেই ২৩ জুলাই ২০১৩, তাৰিখৰ ‘দৈনিক জনমভূমি’ত পঢ়িবলৈ পালো ‘ বিভিন্ন আঁচনিৰ অধীনত চাউল সহজলভ্য হৈ পৰাত কৃষিকর্মৰ বাবে অনীহা প্রকাশ কৰাৰ সুৰুঙাত হাজাৰ হাজাৰ বিঘা কৃষিভূমি পৰিবর্তন হৈছে আন কার্যত ’। প্রথমে এজন সাধাৰণ যেন লগা কৃষকৰ উপলব্ধি, তাৰ পাছত এজন চিন্তশীল ব্যক্তিৰ তীর্যক আৰু শেহতীয়াকৈ তৃণমুলৰ পৰা খবৰ বিচাৰি অনা সাংবাদিকৰ বার্তাই যি ছবি মনলৈ আনিছে সেয়া নিশ্চয় আশাব্যঞ্জক নহয়। উন্নয়নৰ প্রায় সকলো দিশতে পিছ পৰি থকা ৰাজ্যখনৰ কৃষকসকলৰ কৃষিৰ প্রতি দেখা দিয়া এনে অনীহাৰ প্রকৃত কাৰণ বিচাৰি তাৰ সমাধান উলিওৱা অতি প্রয়োজন হৈ পৰিছে। সেয়ে বিজ্ঞজনে এই দিশত তেখেতসকলৰ মতামত আগ বঢ়াব বুলি আশা কৰিলোঁ।


Sunday 15 September 2013

Impact of Climate Change on Agriculture


সেউজী ধৰণী


Impact of Climate Change on Agriculture

Compiled and edited by

Munu Devi *


The word ‘climate’ means the average weather conditions over a number of years. When we talk about climate change, we mean the unusual changes in the Earth’s weather patterns that have happened over the last 100 years. In the past, some scientists thought that changes to the climate were just part of the Earth’s natural climate cycle, but it is now clear that it isn't that simple. Today, most climate experts believe that climate change is a complex phenomenon, and its full-scale impacts are hard to predict far in advance. An extensive literature has developed on the impacts of climate change on agriculture focusing primarily on the vulnerability of the sector. These literature showed that the degree of vulnerability of the agricultural sector to climate change is contingent on a wide range of local environmental and management factors. However, the general consensus is that changes in temperature and precipitation will result in changes in land and water regimes that will subsequently affect agricultural productivity.

 Why is climate change happening?


Studies across the globe have clearly demonstrated that increased human induced activities are the primary drivers of increased concentration of Green House Gases and resultant increase in temperature and variability in rainfall pattern experienced by most of the regions. Of all the Green House gases 72% is Carbon di-oxide, 18% is Methane and 9% Nitrous oxide. Global atmospheric concentration of carbon di-oxide has increased from about 378 ppm in 2005 to 395 ppm in January 2013. According to the Inter Governmental Panel for Climate Change, the three main causes of the increase in Green House Gases observed over the past century have been fossil fuels, land use and agriculture. Agriculture itself is responsible for an estimated one third of global warming and climate change. Agricultural activities release significant amount of Green House Gases into the atmosphere. Emissions from this sector are primarily methane and nitrous oxide. The largest shares of emissions originate from agricultural soils (nitrous oxide) and  fermentation (the natural digestive processes of ruminants such as cattle and sheep) associated with livestock and rice production (methane). Green House Gas emissions from agriculture are expected to rise because of increased food demand for growing and more prosperous populations able to afford more varied diets with higher shares of meat and dairy products. This shift will also lead to increased pressure on forests from agricultural expansion. Emissions from both fertilizers and livestock are expected to continue to increase significantly by 2020.

Potential impacts of climate change


The climate change is causing havoc to the agricultural production and causing serious concern on food security of many countries including India. Climate change will have a range of direct and indirect impacts on agriculture and the people. According to the findings of Inter Governmental Panel for Climate Change, wheat yields would fall by 5-10% with every increase of 10C and over all crop yields could decrease up to 30% in South East Asia by the mid 21st century. Agricultural productivity of India could experience 40% reduction by 2080. There will be around 40% reduction in agricultural productivity in India by 2080 as the temperature rise will affect the wheat production in the country. There is possibility of loss of 4-5 million tons in wheat production in future with every rise of 10C temperature throughout the growing period. The projected increase in climate change will result in greater instability in food production and threaten livelihood security of farmers. Changes in temperature and rainfall could have detrimental effect on quality of cereals, fruits, aromatic and medicinal plants with resultant implications on their prices and trade. Plant pathogens and insect populations are highly dependent upon temperature and humidity. According to Food and Agricultural Organization (FAO), climate change is likely to trigger a risk of hunger in India by affecting cereal production. Climate change will have profound effect on vector borne viral diseases, for example- yellow mosaic virus in peas and soybean. Reduction in rainfall and increase in temperature will reduce the production of spices like black pepper, turmeric and ginger. Due to unequal distribution of rainfall, there is occurrence of drought and also flood, and as a result production of horticultural crops drastically reduced. In Orissa, there was large plantation of Jackfruit which gave good yield every year. However, due to unequal distribution of rainfall and high temperature during the last few years the jackfruit production has been reduced drastically. Higher temperature causes small stomatal opening and thick epidermal wax layer of plant. Elevated carbon di- oxide will also adversely affect on nectar production. High humidity and high temperature increases the post harvest loss of horticultural crops.
Changes in climatic conditions will have significant influence on livestock production. Due to the increased temperature, the milk production of our country will be reduced by 1.6 million tons by 2020. The decline in milk production will be higher in cross breeds followed by Buffalo and indigenous cattle. If the present increased trend of Green House Gases is not restricted it is expected that there will be rise of 2-30C by the end of 2050, and this will adversely affect poultry health and production including egg and meat production.
It is observed that the fishing zones and fish production in the India’s coastal area are declining gradually over the years. It may be due to sea level rise, increase of salinity at coastal belt, frequent cyclone and change in the oceanic current pattern. The dry fish export from our country is also declining in the recent years which are also indicative of downward trend of fish production in the Indian coast. A survey by FAO also revealed that around 100 important fish species have disappeared from the country’s water territory in the Bay of Bengal over the last couple of decades.

Predicted effects of climate change on agriculture

Although there will be gain in some crops in some region of the world, the overall impact of climate change on agriculture are expected to be negative and hence, threatening global food security. Various workers tried to predict impact of climate changes on agriculture since many years. Each year scientists learn more about how climate change is likely to affect agriculture sector and most agree that certain consequences are likely to occur if current trends continue. In table 1 some such predicted effects of climate change on agriculture are furnished. In addition to this some selected research findings on impact of climate change on rice and wheat production in India are furnished in Table 2.
Table1. Predicted effects of climate change on agriculture over the next 50 years
Climatic element
Expected changes by 2050's
Confidence in prediction
Effects on agriculture
CO2
Increase from 360 ppm to 450 - 600 ppm (2005 levels now at 379 ppm)
Very high
Good for crops: increased photosynthesis; reduced water use
Temperature
Rise by 1-2oC. Winters warming more than summers. Increased frequency of heat waves
High
Faster, shorter, earlier growing seasons, range moving north and to higher altitudes, heat stress risk, increased evapotranspiration
Precipitation
Seasonal changes by ± 10%
Low
Impacts on drought risk' soil workability, water logging irrigation supply, transpiration
Storminess
Increased wind speeds, especially in north. More intense rainfall events.
Very low
Lodging, soil erosion, reduced infiltration of rainfall
Variability
Increases across most climatic variables. Predictions uncertain
Very low
Changing risk of damaging events (heat waves, frost, droughts floods) which effect crops and timing of farm operations
Source: Climate change and Agriculture, MAFF (2000)

Table 2 Impact of Climate Change on rice and wheat production in India
Crop
Observations
Reference
Rice

Studies conducted  by Saseendran et al (2000) showed that in Kerala :-
·       An increase in CO2 concentration led to yield increase of rice and also enhanced water-use efficiency.
·       For increasing temperature up to 5°C, there is a continuous decline in rice yield. For every 1°C rise, the yield fell by about 6 per cent.
·       The physiological effect of ambient CO2 at 2°C compensated for yield losses at 425 ppm CO2.

Saseendran, A. S. K., Singh, K. K., Rathore, L. S., Singh, S. V., and Sinha, S. K. (2000), “Effects of Climate Change on Rice Production in the Tropical Humid Climate of Karala, India,” Climatic Change, 44, pp. 495–514.

Achanta, A. N. (1993) observed that
·       for irrigated rice, yields in Pantnagar district of Uttarakhand under doubled CO2 levels and increased temperature, would be positive in the absence of nutrient and water limitations
Achanta, A. N. (1993), “An Assessment of the Potential Impact of Global Warming on Indian Rice Production,” in A. N. Achanta (ed.), The Climate Change Agenda: An Indian Perspective, Tata Energy Research Insitute, New Delhi.
By Using  the ORYZA1 model to simulate rice yields under current and future climates Mohandass, S et al (1995) predicted that
·       An increase in rice production mainly because in the main season, crops’ enhanced CO2 levels more than offset the negative effects of increased temperatures.
·       Though large decreases were predicted for second-season crops at many of the locations due to high temperatures, the relatively low proportion of total rice produced in this season meant that its overall effect on rice production was small.
Mohandass, S., Kareem, A. A., Ranganathan, T. B., and Jeyaraman, S. (1995), “Rice Production in India Under Current and Future Climates,” in R. B. Matthews, M. J. Kropff, D. Bachelet and H. H. Laar van (eds.), Modeling the Impact of Climate Change on Rice Production in Asia, CAB International, U. K., pp. 165–81

By using CERES-Rice and ORYZAIN models to study the impact of climate change on yields of irrigated rice  Aggarwal, P. K., and Mall, R. K. (2002) predicted that
·       The direct effect of climate change on rice crops in different agro-climatic regions in India would always be positive irrespective of various uncertainties.
·       Rice yields increased between 10.0 and 16.8 per cent in the pessimistic scenario, depending on the level of management and model used.
·       For the optimistic scenario these increases were between 3.5 to 33.8 per cent.
·       These conclusions are highly dependent on the specific thresholds of phenology and photosynthesis with respect to the change in temperature used in the models.

Aggarwal, P. K., and Mall, R. K. (2002), “Climate Change and Rice Yields in Diverse Agro-Environments of India: II. Effect of Uncertainties in Scenarios and Crop Models on Impact Assessment,” Climatic Change, 52, 3, pp. 331–43.



Wheat

Aggarwal, P. K., and Sinha, S. K. (1993) reported that:

·       At 425 ppm CO2 and no rise in temperature, wheat yield (potential, irrigated and rainfed) increased significantly.
·       In north India, a 1°C rise had no significant effect on potential yields, but irrigated and rainfed yields increased in most places.
·       A 2°C rise reduced potential wheat yields at most places, while the effect on irrigated and rainfed productivity varied with location. The natural climatic variability also had considerable effect on the magnitude of response to climate change. Evapotranspiration was reduced in irrigation as well as rainfed environments.


Aggarwal, P. K., and Sinha, S. K. (1993), “Effect of Probable Increase in CO2 and Temperature on Productivity of Wheat in India,” Journal of Agricultural Meteorology, 48, 5, pp. 811–14



Attri, S. D., and Rathore, L. S. (2003), by using  CERES wheat dynamic simulation model and climate change scenarios observed that
·       An increase in wheat yield between 29–37 per cent and 16–28 per cent under rainfed and irrigated conditions, especially in different genotypes under a modified climate.
·       A 3°C increase in temperature or more cancelled out the positive effects of enhanced CO2.

Attri, S. D., and Rathore, L. S. (2003), “Simulation of Impact of Projected Climate Change on Wheat in India,” International Journal of Climatology, 23, pp. 693–705


Aggarwal, P. K. (2009), reported in his Executive Summary,

·       Simulation results indicate that with simple adaptation, a 1°C increase and associated CO2 increase would not cause any significant loss to wheat production in India.
·       Benefits of adaptation gradually decrease as temperatures increase to 5°C.
·       In the absence of adaptation and CO2 fertilisation benefits, a 1°C increase alone could lead to a loss of 6 million tonnes in India as a whole in annual wheat production (with respect to current production). This loss is likely to increase to 27.5 million tonnes at 5°C increase.
·       Increase in CO2 to 450 ppm is likely to reduce these losses by 4 to 5 million tonnes at all temperatures.
·       Climate change is also likely to reduce the wheat yield gap, since both potential yields and current yields are likely to reduce with time even after taking into account improvement in crop management.
·       Potential yields are likely to decrease much more than current yields, leading to a reduction in the yield gap.
·       Considering the slow process of bridging yield gaps and the costs involved in creating an appropriate environment for this, it can be concluded that global warming will constrain the progress in increasing wheat production in future, unless some new technologies are introduced.


Aggarwal, P. K. (2009), “Executive Summary,” in P. K. Aggarwal (ed.), Global Climate Change and Indian Agriculture: Case Studies from the ICAR Network Project, Indian Agricultural Research Institute Publication, New Delhi



Strategies to mitigate climate change
        In the present situation of climate change, the following mitigation strategies can be helpful to safeguard the agriculture sector from future turmoil.
·       Develop new varieties of crops which can adapt to the adverse effects of climate change and give higher yield.
·       Strict aforestation measures
·       Efficient water harvesting and judicious use of water in agriculture.
·       Adoption of organic farming.
·       Promote the use of solar and wind energy.





*SRF, Deptt of Agrometeorology, Assam Agricultural University,

Mobile. 985435234; e-mail: munuaau@gmail.com