Thursday 9 August 2018

ধানৰ অনিষ্টকাৰী কীট-পতংগ:: চৰহা::: Insect pests of rice:: Hispa




সেউজী ধৰণী
ধানৰ অনিষ্টকাৰী কীট-পতংগ
২) চৰহা (ইং:Rice Hisps; বৈ: Dicladispa armigera (Oliv.)
ড; ছাদিকুল হুছেইন


ছবি-১
           চৰহা এবিধ গাঁত কাইট থকা, জুইশলা কাঠিৰ খাৰকণৰ সমান, গুবৰুৱাজাতীয় এবিধ ক’লা বৰণৰ পোক (ছবি-১)। বান আক্রান্ত কিম্বা পানী জমা হোৱা দ’ পথাৰত ইহঁতৰ আক্রমণ বেছি হয়। পলু আৰু পূর্ণাংগ দুয়োটা অৱস্থাই গছজোপাৰ অনিষ্টসাধন কৰে। পলুবোৰে পাতৰ সেউজীয়া প্রলেপটোৰ মাজেৰে সুৰংগ কৰি ভিতৰলৈ সোমাই দুই শিৰাৰ মাজত থাকি খাই, যাৰ বাবে পাতত দীঘলীয়া আঁচ কিছুমান পৰে। আনহাতে পূর্ণাংগ কীটটোৰ বাবে পাতত বগা বৰণৰ দাগ পৰে (ছবি-২ক, ২খ)। পাছলৈ এনে পাতবোৰ শুকাই খেৰবৰণীয়া হয়। অসমত চৰহাৰ আৱির্ভাব কিছু বছৰৰ অন্তৰে অন্তৰে হোৱা দেখা যায়। অৱশ্যে এনে হোৱাৰ কাৰণ এতিয়াও সঠিক ভাৱে ঠাৱৰ কৰিব পৰা হোৱা নাই। 
ছবি- ২ক

ছবি-২খ

নিয়ন্ত্রণ:
  • ·       চৰহাৰ সাম্ভাব্য আশ্রয়স্থল যেনে: দ’ল,উলু আদি ঘাঁহ-বনবোৰ কাটি জ্বলাই দিব লাগে।
  • ·       আক্রমণৰ প্রথম অৱস্থাত পূর্ণাংগ পোকটো সংগ্রহ কৰি নষ্ট কৰিব লাগে। 
  •   বগৰী আদি কাঁইটীয়া গছৰ ডালেৰে দুদিনমানৰ অন্তৰে অন্তৰে ধান গছবোৰ কোবাই থাকিলে পাতত থকা কণী, পলু, লেটাসমূহ নষ্ট হৈ আক্রমণৰ মাত্রা কম কৰিব
  • ·       কেৰাচিন আৰু পানীৰ ১:১ মিশ্রণত তিয়াই লোৱা ৰচি ডৰাটোৰ ওপৰেদি চলালেও চৰহাৰ আক্রমণ কম হয় (ছবি-৩)



·                                                                                                                                    
  •    জৈৱকীটনাশক যেনে: Beauveria bassiana (Bals.) পাঁচ গ্রাম পানীৰ লগত মিহলাই ছটিয়ালে চৰহাৰ আক্রমণ কম হয়। এবিঘা মাটিৰ বাবে ৪০০-৫০০ গ্রাম এনে জৈৱকীটনাশকৰ আৱশ্যক হয়।
  • ·         ওপৰত উল্লেখ কৰা প্রতিকাৰ সমূহ পালন কৰাৰ পাছতো যদি চৰহাৰ আক্রমণ কম নহয় আৰু প্রতিটো গোছাত এটা চৰহা নাইবা ১-২ খিলা আক্রান্ত পাত দেখিলে ক্লৰ’পাইৰছ ২০ ইচি নাইবা কুইনালফছ ২৫ ইচি ঔষধৰ দুচামোচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। 





                                   আক্রান্ত পাত

                          
ম’বাইল: ৯৪৩৫১৩৫৬৩১    

Wednesday 8 August 2018

ধানৰ অনিষ্টকাৰী কীট-পতংগ:: টুপলিকটা::: Insect pests of rice::: Case worm




সেউজী ধৰণী
ধানৰ অনিষ্টকাৰী কীট-পতংগ-
১) টুপলিকটা
ড: ছাদিকুল হুছেইন


ছবি-১
১) টুপলিকটা (ইংৰাজী: Case worm; বৈজ্ঞানিক:Nymphula depunctalis Guen.)
 ধান গছৰ পাতৰ আগবোৰ কুটি তাৰে সজা সৰু বাহ বা টুপলিৰ ভিতৰত লুকাই থাকি পাতৰ হৰিৎকণাৰ প্রলেপটো খোৱা এবিধ পলু। ইহঁতে কুমলীয়া পাতত আক্রমণ কৰে; আক্রান্ত অংশটো উজ্বল বগা বৰণৰ হৈ জিলিকি উঠে   [ছবি- ১] ধান ৰোৱাৰ প্রায় এমাহলৈকে ইহঁতৰ আক্রমণ দেখা যায়। ডৰাটোত থকা পানীৰ সহায়েৰে টুপলিবোৰ এগোছাৰ পৰা আন এগোছালৈ বিয়পি পৰে। অসমত টুপলিকটাৰ দুটা প্রজাতি পোৱা যায় যদিও N.depunctalis ৰ প্রাদুর্ভাৱ বেছি। এইবিধৰ পখিলাজনী ৰূপালী বৰণৰ। দিনৰ ভাগত এনে পখিলাবোৰ পাতৰ আগত পৰি থকা দেখা যায় [ছবি-২]। 



ছবি-২
পানীৰ সংস্পর্শত থকা পাতৰ তল ফালে ইহঁতে কণী পাৰে আৰু এসপ্তাহমানৰ পাছত ইয়াৰ পৰা পলুবোৰ ওলায়। প্রথম অৱস্থাত বাহিৰতে থাকি দুবাৰ মোট সলোৱাৰ পাছত পলুবোৰে টুপলি সাজিবলৈ লয় [ছবি-৩]প্রতিবাৰ মোট সলোৱাৰ পাছত নতুনকৈ টুপলি সাজে আৰু প্রায় ২০ দিনমানৰ পাছত ইয়াৰ ভিতৰতে লেটা বান্ধে; ৮-১০ দিনৰ পাছত লেটাৰ পৰা পখিলা ওলাই আৰু জোৰা পাতে। 



                             ছবি-৩
ধান ৰোৱাৰ এমাহলৈকে গোছাটোত আন কীট-পতংগৰ আক্রমণ নহ’লে টুপলিকটাৰ বাবে উৎপাদনৰ বিশেষ হ্রাস নঘটেআক্রান্ত গোছাবোৰত পুনৰ নতুন পাত ওলায়অৱশ্যে চপাওঁতে কিছু পলম হয়। আনহাতে আক্রমণৰ মাত্রা বেছি হৈ গোছাবোৰ পানীত ডুব গ’লে পুনৰ গা কৰিব নোৱাৰি মৰি যায়।
নিয়ন্ত্রণ:-
  • ·       ৰোৱাৰ পাছত পথাৰত নিম গছৰ পাত, ৰবাব টেঙাৰ বাকলি আদি ছটিয়াই থলে টুপলিকটাৰ আক্রমণ কম হয়।
  • ·       আক্রমণৰ প্রথম অৱস্থাত ডৰাটোৰ পৰা পানী বাহিৰ কৰি দি পথাৰত ইহঁতৰ বিস্তাৰ কমাব পাৰি।
  • ·       কেৰাচিন আৰু পানীৰ ১ : ১ অনুপাতৰ মিশ্রণত ৰচি এডাল তিয়াই ডৰাটোৰ ওপৰেদি চলাই দিলে আক্রমণ কম হয় [ছবি-৪]   







  •   আক্রমণ বাঢ়ি গোছে প্রতি ১-২ টুপলি দেখিলে ইকালক্স ২০ ইচি নাইবা ক্লৰ’পাইৰিফছ ২০ ইচি ঔষধৰ এচামুচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব।  

ম’বাইল: ৯৪৩৫১৩৫৬৩১