Thursday, 13 June 2013

হাইব্রীড ধানৰ বিষয়ে যৎকিঞ্চিত...A little bit on Hybrid rice


সেউজী ধৰণী
হাইব্রীড ধানৰ বিষয়ে যৎকিঞ্চিত

ডঃ চাদিকুল হুছেইন




       বর্তমান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে গ্রহণ কৰা বিভিন্ন কৌশলৰ ভিতৰত হাইব্রীড জাতৰ ব্যৱহাৰ অন্যতম। পোন প্রথম গোমধানত ব্যৱহাৰ কৰি সফল হোৱাৰ পাছত লাহে লাহে আন শস্যৰ ক্ষেত্রটো এনে জাতে প্রাধান্য পাবলৈ ধৰে। ইতিমধ্যে দেশৰ আন ৰাজ্যৰ কৃষকৰ লগতে অসমৰ কৃষকেও হাইব্রীড জাতৰ প্রতি আকর্ষিত হ’ব ধৰিছে আৰু শাক-পাচলিত এনে জাত ব্যৱহাৰ কৰিবলৈ লৈছে। অতি সম্প্রতি অসমৰ পথাৰত ধানৰ হাইব্রীড জাতৰ খেতি কৰি অধীক উৎপাদন পাব পৰা গৈছে বুলি বিভিন্ন প্রচাৰ মাধ্যমত প্রকাশ পাইছে। সেয়ে আমাৰ এই লেখাত ধানৰ হাইব্রীড জাতৰ বিষয়ে কিছু কথা কৃষক তথা সর্বসাধাৰণৰ বাবে যুগুতাই আগবঢ়ালো।




হাইব্রীড জাত কি ?

দুটা জাতৰ মাজত সংকৰণ ঘটাই প্রথম প্রজন্মত যি বীজ পাম সেইখিনিক F1 বা হাইব্রীড বীজ কোৱা হয়। অসমীয়াত বর্ণসংকৰ জাত বোলে। সাধাৰণতে এ্নে বীজৰ গুণাগুণ সংকৰণ প্রক্রিয়াত জড়িত হোৱা জাত দুটাতকৈ উন্নত হোৱা দেখা যায়। আনহা্তে ইয়াৰ পাছৰ প্রজন্মত এনে প্রৱণতা নোহোৱা হয় আৰু গছবোৰত সংকৰণ প্রক্রিয়াত জড়িত হোৱা জাত দুটাৰ গুণবোৰ ফুটি উঠে। অর্থাৎ গছবোৰ মিহলি হৈ ওলায়। সংকৰণত দেখা দিয়া এই ঘটনাটো বিজ্ঞানীসকলৰ চকুত বহু বছৰৰ আগেয়ে ধৰা পৰিছিল আৰু এনে হোৱা কাৰণটোক ১৯০৮ চনত শ্বুল (Shull) নামৰ বিজ্ঞানীজনে বর্ণসংকৰ প্রাবল্য ( Hybrid Vigour) বা হেটৰ’ছিছ ( Heterosis) বুলি অভিহিত কৰে। পাছত বিজ্ঞানীসকলে হেটৰ’ছিছৰ সদ ব্যৱহাৰ কৰি পোন প্রথমে গোমধানৰ হাইব্রীড জাত উদ্ভাৱন কৰিবলৈ সক্ষম হয়।

হাইব্রীড জাতৰ প্রয়োজনীয়তা

কুৰি শতিকাৰ মাজ ভাগলৈকে থলুৱা জাতৰ খেতিৰে আমাৰ প্রয়োজন হোৱা ধানৰ চাহিদা পূৰ কৰি থকা হৈছিল। কিন্তু জনসংখ্যা্ বাঢ়ি অহাৰ লগে লগে ধানৰ উৎপাদন বৃদ্ধি কৰাৰ বিষয়ে চিন্তা-চর্চা হ’বলৈ ধৰিলে আৰু প্রথম পদক্ষেপ হিচাপে নির্বাচন (selection)পদ্ধতিৰে থলুৱা জাতৰপৰা অধিক উৎপাদন দিয়া জাত নির্বাচন কৰা হয়। সেই সময়তে খেতি পথাৰত ৰাসায়নিক সাৰৰ প্রৱেশ ঘটিছিল। সেয়ে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি থলুৱা্ নির্বাচিত জাতৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্রয়াস কৰা হ’ল। কিন্তু থলুৱা জাতবোৰে ৰাসায়নিক সাৰ সীমিত ৰূপত গ্রহণ কৰা বাবে উৎপাদন আশানুৰূপভাবে বৃদ্ধি নাপালে। বিজ্ঞানীসকলে এনে জাত উদ্ভাৱন কৰিবলৈ চিন্তা কৰিলে যিবিধে অধিক মাত্রাত ৰাসায়নিক সাৰ গ্রহণ কৰিব পৰাৰ লগতে অধিক উৎপাদন দিবলৈ সক্ষম হয়। অনেক গৱেষণাৰ পাছত এনে জাত উদ্ভাৱন হ’ল। এই জাতবোৰক অধিক উৎপাদনক্ষম জাত (High Yielding Variety-চমুকৈ HYV ) বোলা হ’ল। এনে জাতবোৰ ব্যৱহাৰ কৰাৰ ফলত ধানৰ উৎপাদন ক্রমে বাঢ়িবলৈ ধৰে। কিন্তু অধিক উৎপাদনক্ষম জাতবোৰ ব্যৱহাৰ কৰাৰ বাবে ধানৰ উৎপাদন যি হাৰত বঢ়িছে তাতকৈ অধিক হাৰত জনসংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে। সেয়ে্ ধানৰ উৎপাদনৰ হাৰ আৰু অধিক মাত্রাত বঢ়োৱাৰ প্রয়োজন হৈ পৰিছে। এনে এক পৰিস্থিতিৰ সন্মূখীন হ’বলৈ হা্ইব্রীড জাতৰ আৱশ্যক হৈ পৰিছে।



ধানৰ হাইব্রীড জাত উদ্ভাৱন প্রক্রিয়া

ধান এবিধ স্বপৰাগণ উদ্ভিদ। ইয়াৰ পুংকেশৰ আৰু স্ত্রীকেশৰ একেপাহ ফুলতে থাকে আৰু স্বপৰাগণৰ দ্বাৰা ইয়াৰ পৰাগযোগ ঘটে। সেইবাবে পৰম্পৰাগত সংকৰণ পদ্ধতিত কৃত্রিম উপায়েৰে পুংকে্্শৰ নাশ কৰি ( Emasculalate ) সংকৰণ ঘটাই নতুন জাত উদ্ভাৱন কৰা হয়। আনহাতে হাইব্রীড জাত হেটৰ’ছিছৰ সদ ব্যৱহাৰ কৰি উদ্ভা্ৱন কৰা হয়। ধানৰ ক্ষেত্রত যদিও ১৯২৬ চনতে হেটৰ’ৰছিছৰ বিষয়ে জনা গৈছিল তথাপিও ইয়াৰ পাঁচ দশকৰ পাছতহে হাইব্রীড জাত উদ্ভাৱন কৰিব পৰা সম্ভৱ হৈছে। এনে হোৱাৰ প্রধান কাৰণ হ’ল হাইব্রীড জাত উদ্ভাৱন কৰিবলৈ আৱশ্যক হোৱা পুংকেশৰবিহীন বা পুংকেশৰ নিষ্ক্রীয়, যাক ইংৰাজীত male sterile plant কোৱা হয়, তেনেবিধ গছৰ অভাৱ। ধানৰ হাইব্রীড জাত উদ্ভাৱনৰ বাবে পৃথিৱীৰ বহুতো দেশত গৱেষণা হৈছিল যদিও এই দিশত চীনদেশে প্রথম সললতা লাভ কৰে। যোৱাটো শতিকাৰ ষাঠি দশকৰ আগছোৱাত চীনত দেখা দিয়া দুর্ভিক্ষৰ পাছত সেই দেশৰ বিজ্ঞানীসকলে খাদ্য-শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ নতুন চিন্তা-চর্চা আৰম্ভ কৰে আৰু এই ক্ষেত্রত ধানৰ হাইব্রীড জাত উদ্ভাৱনে প্রধান্য পায়। সেই অনুযায়ী ১৯৬৪ চনত Yuan Long Ping ৰ নেতৃত্বত ধানৰ হাইব্রীড জাত উদ্ভাৱনৰ কাম আগবাঢ়ে। তেখেতৰ দলটোৱে লাভ কৰা ফলাফলবোৰ চমুকৈ এনে ধৰণৰ:-

·        অনেক অনুসন্ধানৰ পাছত ১৯৭০ চনত প্রাকৃতিকভাৱে হোৱা ধানৰ প্রজাতি (Oryza sativa f. spontanea) এটাৰ মাজত male sterile গছ বিচাৰি পায়। এই গছজোপাক “Wild rice with Abortive pollen” চমুকৈ WA নাম দিয়া হয়।

·         এইজোপাৰ লগত আন জাতৰ সংকৰণ ঘটাই কিছুমান male sterile গছ পোৱা গ’ল। এইবোৰক maintainer lines কোৱা হ’ল।

·   সংকৰপূর্বজ সংকৰণ ( Back crossing) ঘটাই যি স্থায়ী sterile গছ পোৱা গ’ল সেইখিনিক “Cytoplasmic Male Sterileচমুকৈ CMS line নাম দিয়া হ’ল।

·           এই CMS line ক আন এজোপা উর্বৰ গছৰ লগত অপপৰাগণ (Cross Polination) ঘটাই হাব্রীড জাত উদ্ভাৱন কৰা হ’ল। সংকৰণত ব্যৱহাৰ কৰা আনজোপা গছক Restorer Line বোলে।

এইদৰে তিনিবিধ গছ বা line ব্যৱহাৰ কৰি চীনদেশত ১৯৭৩ চনত ধানৰ প্রথম হাইব্রীড জাত উদ্ভাৱন কৰা হয় আৰু ১৯৭৬ কৃষকৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াৰ পাছত আন দেশবোৰেও এই পদ্ধতিৰে ধানৰ হাইব্রীড জাত উদ্ভাৱন কৰি আছে। অৱশ্যে বর্তমান তিনিবিধ গছৰ সলনি দুবিধ গছ ব্যৱহাৰ কৰিও এনে জাত উদ্ভাৱন কৰিব পৰা গৈছে। আনহাতে অসংগজনন (Apomixes) আদিৰ দ্বাৰাও ধানৰ হাইব্রীড জাত উদ্ভাৱনৰ দিশত চিন্তা-চর্চা হ’ব লাগিছে।


হাইব্রীড ধানৰ জনক Juan Long Ping


ধানৰ হাইব্রীড জাত ব্যৱহাৰ কৰোঁতে বিশেষভাৱে মন কৰিবলগীয়া কথা

·         এতিয়ালৈকে ভাৰতবর্ষত শালি বতৰৰ বাবে যিকেইটা হাইব্রীড ধানৰ জাত অনুমোদন কৰা হৈছে সেইকেইটাৰ কৃষিকাল মধ্যমীয়া; অর্থাৎ ১৪০ দিনতকৈ কম। আহাৰ-শাওণত কঠীয়া পাৰি আন দীর্ঘদিনীয়া শালিৰ জাতৰ দৰে খেতিটো কৰিলে ফুল ফুলাৰ সময়ত (ভাদ মাহত) অতিবৃষ্টিৰ কবলত পৰিব পাৰে। এনে হ’লে পৰাগযোগ ভালদৰে নহ’ব ,যাৰ বাবে থোক পতনুৱা হৈ উৎপাদন হ্রাস পোৱাৰ সম্ভাৱনা থাকে।
·         এনে জাতত আন উন্নত জাততকৈ অধিক সাৰ প্রয়োগ কৰিবলগীয়া হয়। আনহাতে জলসিঞ্চনৰ সুব্যৱস্থা নাথাকিলে সাৰ প্রয়োগৰ সুফল পোৱা নাযায়। সেয়ে জলসিঞ্চনৰ সুব্যৱস্থা থকা অঞ্চলত অধিক মাত্রাত সাৰ প্রয়োগ কৰি হাইব্রীড জাতৰ ধানৰপৰা আন উন্নত জাততকৈ ১৫-২০ শতাংশ বেছি উৎপদন পাব পাৰি। এনেবোৰ কৰণৰ বাবে বর্তমান অসমত বৰোৰ বতৰত হাইব্রীড জাতৰ খেতি কৰি সুফল পোৱা গৈছে। অৱশ্যে কোনো কোনো অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থাৰে কৰা আগতীয়া আহুত সফল হোৱা দেখা গৈছে। দুয়ো ক্ষেত্রতে সাৰৰ পৰিমাণ বেছি হোৱাৰ বাবে অনিষ্টকাৰী কীট-পতংগৰ আক্রমণ কিছু বেছি হোৱাৰ সম্ভাৱনা থাকে ,যাৰ বাবে খেতিটোত খৰচ বাঢ়ি যাব।
·         শস্যৰ হাইব্রীড জাত এনে এক  কৌশল অৱলম্বন কৰি উদ্ভাৱন কৰা হয় ,যাৰ বাবে এনে জাতৰ গুটি বীজ হিচাপে পুনৰ ব্যৱহাৰ কৰিব পৰা নযায়। সেয়ে প্রতি বছৰে নতুনকৈ বীজ ক্রয় কৰিব লাগে।



ধানৰ হাইব্রীড বীজৰ মূল্য বেছি কিয় ?

হাইব্রীড জাত উদ্ভাৱন কৰা কৌশল অতি জটিল। যি তিনিবিধ গছ ব্যৱহাৰ কৰি এনে জাত উদ্ভাৱন কৰা হয় তাৰ ভিতৰৰ CMS line পাবলৈ আৱশ্যক হোৱা  WA গছবিধ অতি বিৰল। তদুপৰি উৎকৃষ্টমানৰ maintainer আৰু restorer line সহজে পোৱা নাযায়। অনেক পৰীক্ষা-নিৰীক্ষাৰ পাছতহে এই গছকেইবিধ পাব পৰা হয়। ইয়াৰ পাছৰ পর্যায়ৰ বাবেও বিশেষ কাৰিকৰী জ্ঞানৰ ব্যক্তিৰ লগতে অর্থৰ প্রয়োজন হয়। আনহাতে প্রতি কুইণ্টল বীজ উৎপাদন কৰিবলৈ উন্নত জাততকৈ বহু বেছি পৰিমাণৰ মাটিৰ আৱশ্যক হয়। এনেবোৰ কাৰণৰ বাবে হাইব্রীড জাতৰ বীজৰ মূল্য আন উন্নত জাততকৈ বেছি।

                                                          










হাইব্রীডৰ পাছত কেনে ধৰণৰ জাতৰ চিন্তা-চর্চা হৈছে ?

পৃথিৱীত জনসংখ্যা যি হাৰত বৃদ্ধি পাব ধৰিছে তালৈ লক্ষ্য কৰি বিজ্ঞানীসকল ধানৰ হাইব্রীড জাত উদ্ভাৱন কৰিয়েই আশ্বস্ত হ’ব পৰা নাই।  কাৰণ ভৱিষ্যতে বর্দ্ধিত জনসংখ্যাৰ বাবে প্রয়োজন হোৱা ধান উৎপাদন কৰিবলৈ মাটিৰ অভাৱ হ’ব। আহিবলগীয়া দিনত এই সমস্যা হাইব্রীড  বা আন উন্নত জাতে সমাধান কৰিব নোৱাৰিব পাৰে বুলি শংকা কৰি বিজ্ঞানীসকলে এবিধ নতুন ধৰণৰ ধানৰ জাতৰ বিষয়ে চিন্তা কৰিছে যিবিধ কম মাটিত খেতি কৰি অধিক উৎপাদন পাব পৰা যাব। এইবিধ জাতত পোখা কম হ’ব; কিন্তু প্রতিটো পোখাতে থোক ওলাব আৰু পুৰঠ গুটিৰ সংখ্যা ২০০ মান হ’ব। Super rice নাম দিয়া এইবিধ জাতৰ পৰা প্রতি হেক্টৰত ১২ টন ধান পাব পৰা যাব বুলি আশা কৰা হৈছে। ইতিমধ্যে চীন আৰু ফিলিপিনছত এই দিশত গৱেষণাৰ কাম যথেষ্ট আগবাঢ়িছে আৰু অচিৰে এনে জাত পোৱা যাব বুলি বিজ্ঞানীসকলে আশা কৰিছে।


লেখক উপ-প্রকল্প সঞ্চালক (আত্মা), তিনিচুকীয়া জিলা
ম’বাইল: ৯৪৩৫১ ৩৫৬৩১ :: ই- মেইল: sadik2crs@yahoo.co.in


No comments:

Post a Comment