সেউজী ধৰণী
লতা বেল...এবিধ উপেক্ষিত ফল
ডঃ চাদিকুল হুছেইন
[প্রথম প্রকাশ: প্রান্তিক, ১৬-৩১ মে’ ২০০৯]
কিছুদিনৰ আগেয়ে ভাৰতীয় কৃষি
অনুসন্ধান পৰিষদৰদ্বাৰা আয়োজিত এখন কর্মশালাত ভাগ ল’বলৈ দিল্লীলৈ গৈছিলো।
ৰাষ্ট্রীয় পর্যায়ৰ এই কর্মশালাৰ লগত সংগতি ৰাখি এখনি প্রদর্শনীও অনুষ্ঠিত হৈছিল।
তাত দেশৰ কৃষিৰ ক্ষেত্রত আগবঢ়া ৰাজ্য কেইখনৰ লগতে উত্তৱ-পূর্বাঞ্চলৰ মেঘালয়া আৰু অৰুণাচল
প্রদেশেও ভাগ লৈছিল। কর্মশালাৰ মাজতে আন ৰাজ্যৰ প্রতিনিধিসকলৰ লগত চিনাকি হৈ
দুই-এটা ভাবৰ আদান-প্রদান কৰি থাকোঁতে উত্তৰ প্রদেশৰ লোক এজনক লগ পালো। অৰুণাচল
প্রদেশত কর্মৰত মানুহজনে সেই ৰাজ্যৰ প্রতিনিধি হিচাপে কর্মশালাত যোগদান কৰিছিল। আমাৰ
সৰু গোটটোক তেখেতে অৰুণাচল প্রদেশৰদ্বাৰা প্রদর্শিত সামগ্রীবোৰ এবাৰ চাই যাবলৈ
অনুৰোধ কৰিলে। আহাৰ বিৰতিৰ সময়ত প্রদর্শনীথলিলৈ গৈ অৰুণাচল প্রদেশৰ ষ্টলত প্রৱেশ
কৰোঁতেই তেখেত হাঁহি হাঁহি আগবাঢ়িল আৰু দলৰ আনকেইজনৰ লগত পৰিচয় কৰাই দিলে। সৰু ১৫ x ১০ ফুট ষ্টলটোত তেওঁলোকে অৰুণাচল প্রদেশৰ কৃষিৰ
অগ্রগতিৰ চিত্রখন মডেল, ফ’ট আৰু জীৱন্ত নমুনাৰ ( live specimen ) দ্বা্ৰা্ বৰ
সুন্দৰভাৱে দেখুৱাইছিল। বিভিন্ন প্রজাতিৰ অর্কিডৰ লগতে কৃষি কার্যত ব্যৱহাৰ হোৱা
সঁজুলিবোৰে দর্শকক যথেষ্ট আকর্ষণ কৰিছল। হঠাৎ তেখেতে গিলাছ এটা আগবঢ়াই দি গর্বৰে ক’লে -“এইয়া খাই চাওক আৰু কওক কিহৰ ৰস”।
ডিচপজেবল গিলাছটো হাতত লৈ ভিতৰৰ ঈষৎ হালধীয়া বৰণৰ জুলীয়াখিনি চাই থাকোঁতে বৰ ভাল
গোন্ধ এটা নাকত লাগিল। গোন্ধটো অলপ চিনাকি চিনাকি যেন লাগিল। কিন্তু মনত পেলাব
নোৱাৰিলো। সুস্বাদু ৰসখিনি লাহে লাহে পি থাকোঁতেও গোন্ধটো পাই থাকিলো। কিন্তু মনত
পেলাব নোৱাৰি সুধিলো -“গোন্ধটো বৰ চিনাকি। মনত
পেলাব পৰা নাই। কিহৰ বাৰু? বিষয়াজনে গর্বৰে ক’লে -“ এইয়া অৰুণাচল প্রদেশৰ
প্রডাক্ট। আমি তাৰ হাবিত এইবিধ ফল পাইছিলো। তাৰপৰাই ৰস উলিয়াই মার্কটিং কৰিবলৈ
যত্ন কৰি আছোঁ। অৱশ্যে ফলবিধ নতুন নহয়। পৃথিৱীৰ বহুত ঠাইত পোৱা যায়। ইয়াৰ
ৰসৰ এখন ভাল বজাৰ আছে। ইতিমধ্যে আনবোৰ দেশে এই বজাৰ দখল কৰিছে। আমি এতিয়া এই দিশত
আগবাঢ়িবলৈ চেষ্টা চলাইছোঁ। মণিপুৰ আৰু মিজোৰাম
চৰকাৰেও এই বিষয়ে চিন্তা কৰিছে বুলি শুনিছোঁ”। বৰ উৎসাহেৰে কথাখিনি কৈ তেখেতে সহকর্মী
এজনক ফল দুটামান দেখুৱাবলৈ ক’লে। ফলকেইটা দেখি আচৰিত হৈ গ’লো। লগে লগে মনত
পৰিল তাহানি সৰু থাকোঁতে আমাৰ বাৰীত থকা এইবিধ ফলৰ কথা। অকল আমাৰ বাৰীতে নহয়, ওচৰৰ
বহুতৰ ঘৰতে থকা এই ফলবিধৰ বিষয়ে কিবা এটা ক’বলৈ লওঁতেই তেখেতে কৈ উঠিল -“মই জানো
,আপুনি চিনি পাব। অসমতো নিশ্চয় আছে। অৱশ্যে ভাৰতৰ সকলো ৰাজ্যতে পোৱা নাযায়। দক্ষিণৰ
ৰাজ্যকেইখনত পোৱা যায় আৰু তেওঁলোকে ইতিমধ্যে ভাৰতত ইয়াৰ ৰসৰ বজাৰখন দখল কৰিছে।
ইংৰাজীত এইবিধ ফলৰ নাম Passion fruit । হিন্দীত কওঁ ঝুমকালতা। আপোনালোকে কি
বুলি কয় ? লাহেকৈ ক’লো “লতা বেল”। তাৰপাছত আৰু বিশেষ একো নকৈ
সুস্বাদু ৰস গিলাছৰ বাবে ধন্যবাদ জনাই ষ্টলৰপৰা ওলাই আহোঁতে নিজকে নিজে ক’লো ---“আমাৰে
বাৰীৰ বাহঁৰে গাজ, তাৰে নি কৰিছে খৰিছা;আমাতে সলাই ধান দোণ লৈছে কথাতো মন কৰিছা”।
ঘৰলৈ আহি ওচৰৰ গাঁৱবোৰলৈ গৈ লতা বেল বিচাৰি ফুৰিছিলো। বিভিন্নজনক সুধিলে এনেদৰে উত্তৰ
পাওঁ -“আগেয়ে আছিল, এতিয়া নাই”। ---“চাহ বাৰীখন পাতোঁতে কটা গ’ল”।---“এহ, ৰাখিনো
কি কৰিম ? বজাৰলৈ নিলেও দাম নাপাওঁ!” বহুত বিচৰাৰ পাছত কেইজোপামান থকা এঘৰ পালো।
যত্ন কৰিয়েই ৰাখিছে। কেনেদৰে খায় বুলি সুধিলত ল’ৰা-ছোৱালীবোৰে আধা পুৰঠ অৱস্থাত
ভিতৰৰ তৰলখিনি খোৱাৰ কথা ক’লে। ডাঙৰবোৰে কেতিয়াবা খায়। আমিও সৰুতে সেইদৰেই ভিতৰৰ টেঙা
তৰলখিনি খাইছিলো। ৰস উলিয়াই কাকো খোৱা দেখা নাছিলো। সেয়া আজিৰপৰা চল্লিছ বছৰমানৰ
আগৰ কথা। এতিয়া ইমান বছৰৰ পাছতো লতা বেল আজিৰ চামেও সেই একেদৰেই খায়। এইবিধ ফলৰ পৰা
যে সুস্বাদু ৰস প্রস্তুত কৰিব পাৰি সেই বিষয়ে আমি এতিয়াও অজ্ঞ। ব্যৱসায়িক দিশটোৰ
কথা চিন্তাৰ অগোচৰ। গৃহস্থজনক তেখেতৰ
বাৰীত থকা লতা বেল কেইজোপা নাকাটি যত্নৰে ৰখাৰ বাবে ধন্যবাদ দি ভৱিষ্যতে ফলবিধৰ
পৰা পাব পৰা লাভৰ বিষয়ে কৈছিলো। আমাৰ কথা শুনি তেখেতক
কিছু উৎসাহিত হোৱা যেন লাগিল। হাতত থকা কেমেৰাটোৰে ফটো কেইখনমান লৈছিলো। উভতি অহাৰ সময়ত ফল পুৰঠ হ’লে দুটামান দিবলৈ
অনুৰোধ কৰি আহিছিলো। ঘৰলৈ আহি তাহানিৰ অতি চিনাকি লতা বেলক
ইন্টাৰনেটত বিচাৰি যিখিনি কথা গম পালো সেইখিনি জুকিয়ালে এনেকুৱা হব:-
লতা বেলৰ আদিভূমি দক্ষিণ আনেৰিকা। এইবিধ ফল
উদ্ভিদজগতৰ Passifloracea
গোত্রৰ Passiflora জাতিৰ অন্তর্ভুক্ত। পৃথিৱীত এইবিধৰ প্রায় ৫০০টা
প্রজাতি আছে। তাৰে P.edulis Sims প্রজাতিৰ ফলবিধক ইংৰাজীত Passion fruit বুলি কোৱা হয়। এইবিধৰ আকৌ দুটা প্রকাৰ আছে।
প্রথম অৱস্থাত দুয়োবিধ দেখাত একে যদিও পুৰঠ হ’লে এবিধ হালধীয়া আৰু আনবিধ বেঙুনীয়া
বৰণৰ হয়। লতা বেলক স্পেইন আৰু ফ্রান্সত Granadilla হাভানাত Lilikoi, থাইলেণ্ডত Linmangkon বুলি কয়। ব্রাজিল,ভেনেজুৱেলা আদি দেশবোৰে বহু বছৰৰ আগৰেপৰা লতা বেলৰ খেতি
কৱাৱ উপৰিও ইয়াৰ ৰস ব্যৱসায়িকভিত্তিত প্রস্তুত কৰি আছে। সুস্বাদু ৰসৰ বাবে ফলবিধ
পৃথিৱীৰ আন অঞ্চলবোৰতো জনপ্রিয় আৰু বহুতো দেশে ব্যৱসায়িকভিত্তিত লতা বেলৰ বাগিচা
পাতিবলৈ লৈছে।
এইবিধ উদ্ভদৰ পুলি প্রধানকৈ পুৰঠ ফলৰ গুটিৰপৰা কৰা হয়।। অৱশ্যে দুটা বা তিনিটা
গাঁঠি থকা ঠাৰিৰপৰাও কলম দি পুলি কৰিব পৰা যায়। এই ক্ষেত্রত হৰম’ন ব্যৱহাৰ কৰিলে
শিপা ওলোৱা কার্য খৰতকীয়া হয়। বালিচহীয়া মাটিত পুলি ৰুই পাছলৈ চাঙত বগাবলৈ সুবিধা
কৰি দিলে এবছৰমানৰ পৰা ফল পাব পাৰি। ফেব্রুৱাৰী – মার্চ মাহত লতা বেলৰ ফুল ফুলে
আৰু জুন-জুলাই মাহৰ পৰা ফল ছিঙিব পৰা হয়। কর্ণাটকত কৰা এটা পৰীক্ষাত দেখা গৈছে যে
ব্যৱসায়িক ভাবে পতা একোখন বাগিছাই ৬-৭ বছৰলৈ লাভজনক উৎপাদন দিয়ে আৰু এনে বাগিচাত
ব্যয় কৰা প্রতিটো টকাৰ বিনিময়ত ২.৭ টকা পাব পাৰি। এইবিধ ফলৰ ব্যৱসায়িক দিশলৈ
লক্ষ্য ৰাখি মিজোৰাম চৰকাৰে এখন বহৎ আঁচনি প্রস্তুত কৰিছে আৰু চৰকাৰে নিজাববীয়াকৈ
১১০০ হেক্টৰ মাটিত লতা বেলৰ বাগিচা পতাৰ লগতে ক্ষুদ্র কৃষককো এনে বাগিচা পাতিবলৈ
উৎসাহ দিছে। ৰাজ্যখনত
উৎপাদিত ফলৰ বিপণীৰ বাবে Godrej
Agrovet Pvt Ltd ৰ লগত চুক্তিবদ্ধ
হৈছে আৰু প্রতি হেক্টৰৰ পৰা বছৰি ৮০-৯০ হাজাৰ টকাৰ ফল উৎপাদন কৰিব পাৰিব বুলি আশা
কৰিছে। মিজোৰামৰ এনে চিন্তা-চর্চাৰ লগে লগে মণিপুৰতো লতা বেলৰ প্রসাৰ ঘটিছে। ৰাজ্যখনৰ
উদ্যান শস্যৰ আঁচনিত এইবিধ ফলৰ গুৰুত্ব বাঢ়িছে আৰু APEDA ই লতা বেলক মণিপুৰৰ thrust crop হিচাপে গণ্য কৰিছে।
লতা বেলৰ ব্যৱহাৰ
আৰু গুণাগুণ
পৃথিৱীৰ সকলো দেশতে লতা বেলৰ চাহিদা প্রধানকৈ
ইয়াৰ সুস্বাদু ৰসৰ বাবে বেছি। এই ৰস শীতল পানীয় হিচাপে গ্রহণ কৰাৰ উপৰিও আন ফলৰ
ৰসৰ লগত মিহলায়ো খাব পাৰি। অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডত লতা বেলৰ ভিতৰৰ ভাগ ছালাড
হিচাপে ব্যৱহাৰ কৰে। লতা বেলৰপৰা জাম, জেলি, পুডিং আদিও প্রস্তুত কৰিব পাৰি। কোনো
কোনো দেশত ইয়াৰ ৰস সুৰাৰ লগত মিহলাই পান কৰে। ইয়াৰ ডাঠ বাকলিখনৰপৰা পেকটিন আহৰণ
কৰাৰ উপৰিও অৱশিষ্টখিনি পশুখাদ্যত ব্যৱহাৰ কৰিব পাৰি। লতা বেলৰ গুটিৰপৰা প্রায় ২৩%
তেল নিষ্কাশন কৰিব পাৰি। এইভাগ তেল ছয়াবিন আৰু সূৰুজমুখী ফুলৰ তেলৰ দৰেই ৰন্ধন
কার্যত ব্যৱহাৰ কৰিব পাৰি।
লতা বেলৰ ৰস অতি পুষ্টিকৰ। প্রতি ১০০ গ্রাম
ৰসৰপৰা ভিটামিন-এ ৭০০IU, ভিটামিন-ছি ৩০ মিলিগ্রাম, পটেছিয়াম ৩৪৮ মিলিগ্রাম, আইৰণ ১.৬ মিলিগ্রাম, ফছফৰাছ
৬৪ মিলিগ্রাম পোৱা যায়। তদুপৰি এই ৰসৰ প্রতিজাৰণ (antioxidant) গুণ আছে। সম্প্রতি জনা গৈছে যে লতা বেলৰ ৰস হাঁপানি ৰোগীৰ
বাবে অতি উত্তম। তদুপৰি নিয়মিতৰূপে পান কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰিব পৰা যায়।
আমাৰ দুআষাৰ
অসমত লতা বেল প্রাকৃতিকভাৱে হোৱালৈ লক্ষ্য
কৰি ক’ব পাৰি যে আমাৰ ৰাজ্যৰ মাটি আৰু জলবায়ু এইবিধ ফলৰ বাবে উওযোগী। এই লেখাটো
যুগুতাই থাকোঁতে বহুতক ফলবিধৰ বিষয়ে সুধিছিলো। ইতিমধ্যে জানিব পাৰিছোঁ যে এতিয়াও বিভিন্নজনৰ
বাৰীত ফলবিধ আছে; আন বহুবিধ ফলৰ দৰে বিলুপ্ত হৈ যোৱা নাই। ব্যৱহাৰ আৰু গুণাগুণৰ
বিষয়ে নজনাৰ বাবেহে আমাৰ মাজৰপৰা ফলবিধ লাহে লাহে হেৰাই যাবলৈ ধৰিছে। যোৰহাট,
মৰাণ, তিলৈ নগৰ, তিনিচুকীয়া, মাকুম আদি ঠাইত কুৰিজনমানৰ বাৰীত লতা বেল থকাৰ কথা গম
পাইছোঁ। হালধীয়া আৰু বেঙুনীয়া দুয়োবিধেই আছে। গতিকে উপযুক্ত ব্যৱস্থা গ্রহণ কৰি
ফলবিধ সংৰক্ষণ কৰাৰ লগতে প্রসাৰ ঘটাব পাৰি। অসমত আজি বহুতো আত্মসহায়ক গোট গঠন হৈছে
আৰু এইগোটবোৰৰ ভালেসংখ্যকে কৃষিজাত সামগ্রী ব্যৱসায়িক ভিত্তিত বিপণন কৰি লাভবা্ন
হ’বলৈ সক্ষম হৈছে। তদুপৰি বহুতো যুৱক-যুৱতীক এককভাৱেও আগবঢ়ি অহা দেখা গৈছে। এনে
যুৱক-যুৱতীয়ে অসমৰ থলুৱা ফল লতা বেলৰ ৰসৰ ব্যৱসায়িক দিশটোৰ বিষয়ে চিন্তা কৰিব
পাৰে। উচিত মূল্য পালে ফলবিধৰ বাগিচা পাতিবলৈ ইচ্ছা কৰা কৃষকৰ অভাৱ নহ’ব। কৃষক তথা
উদ্যোগী যুৱক-যুৱতীসকলক এই বিষয়ে উপযুক্ত দিহা-পৰামর্শ দিলে অসমত লতা বেলৰ ৰসৰ এখন
ভাল বজাৰ সৃষ্টি হোৱাৰ পূর্ণ সম্ভাৱনা আছে।
প্ৰয়োজনীয় লেখা । ভাল লাগিল ।
ReplyDelete(Y)
ReplyDeleteInformative with introspection.
ReplyDeleteপ্ৰয়োজনীয় লেখা, উপকৃত হ'লো ৷
ReplyDeleteমোৰ এইবিধ ফলৰ গছ এজোপা আছে, আমি ইয়াৰ গুণাগুণ জনা নাছিলোঁ।
ReplyDelete