সেউজী ধৰণী
শস্যৰূপা
সুসংহত শস্যৰক্ষা
ব্যৱস্থাপনা
ডঃ চাদিকুল হুছেইন
[ ১৯৯৯ চনৰ মাঘ মাহৰ
এটা সন্ধিয়া। আকাশবাণী গুৱাহাটী কেন্দ্রৰ তদানীন্তন সঞ্চালক লুটফুৰ ৰহমান ডাঙৰীয়া
আৰু তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ বিজ্ঞানীসকল মিলিত হৈছিল এক
অগতানুগতিক পৰিৱেশত। কেন্দ্রৰ পথাৰৰ এচুকত ধৰা জুই একুৰাৰ কাষত বহি চুঙা চাউল-দৈ,
পোৰা আলু, আঘোণী বৰাৰ চেৱা-ভাত আৰু বিভিন্ন প্রকাৰৰ পিঠাৰ জুতি লৈ ৰহমান ডাঙৰীয়াই
বিজ্ঞানীসকলৰ লগত ভাব বিনিময় কৰিছিল।
পঁইসত্তৰ বছৰ গৰকা কেন্দ্রটোৰ কাম-কাজৰ বুজ লৈ থকাৰ মাজতে হঠাৎ তেখেতে এটা প্রস্তাৱ আগবঢ়ালে –“ ধানখেতিৰ
বিভিন্ন দিশবোৰ নাটকীয় ৰূপত লিখি দিয়কচোন। আমি কৃষি চ’ৰাত প্রচাৰ কৰিম। হেমেন আছে
যেতিয়া চিন্তা নাই”। হেমেন
অর্থাৎ কেন্দ্রটোৰ বিজ্ঞানী ডঃ হেমেন চন্দ্র ভট্টচার্য (বর্তমান সঞ্চালক, কৃষি সম্প্রসাৰণ শিক্ষা, অসম
কৃষি বিশ্ববিদ্যালয়) একালত আকাশ বাণী, ডিব্রুগড় কেন্দ্রৰ কৃষি বিভাগৰ দায়িত্বত
আছিল য’ত ৰহমান ডাঙৰীয়াই তেখেতক ওচৰৰ পৰা পাইছিল। সেইদিনা ডঃ ভট্টৰ ওপৰত ভৰষা কৰি
বিজ্ঞানীসকলে ৰহমান ডাঙৰীয়াক কথা দিছিল আৰু সেইমতে ডঃ ভট্ট, ডঃ কিশোৰ কুমাৰ শর্মা
( বর্তমান মুখ্য বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষঞ্চণা কেন্দ্র, উত্তৰ লক্ষীমপুৰ) আৰু
ডঃ চাদিকুল হুছেইন (বর্তমান উপ-প্রকল্প সঞ্চালক,[আত্মা], তিনিচুকীয়া জিলা) লগ হৈ
উপস্থাপন কৰিবলগীয়া দিশবোৰ আলোচনা কৰে। পাছত এই সৰু গোটটো যোৰহাট চৌহদৰ ডঃ মোক্ষদা
প্রসাদ বৰঠাকুৰ (বর্তমান উপ-সঞ্চালক, SAMETI, গুৱাহাটী),
ডঃ অজয় গগৈ (বর্তমান আঞ্চলিক প্রকল্প সঞ্চালক, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ,
মেঘালয়া), ডঃ অনন্ত বৰুৱা (অৱসৰপ্রাপ্ত জেষ্ঠ সম্প্রসাৰণ বিশেষজ্ঞ) দেৱৰ লগত মিলিত
হৈ বছৰজোৰা কার্যসূচী প্রস্তুত কৰে। ইতিমধ্যে
ৰহমান ডাঙৰীয়াই এই কার্যসূচীক “শস্যৰূপা”
নামেৰে নামকৰণ কৰি আকাশ বাণীৰ মাধ্যমেৰে আগতীয়া প্রচাৰ কার্য আৰম্ভ কৰিছিল। হাতত
সময় কম। ধানখেতিৰ বিভিন্ন বিষয়ক নাট্যৰূপত উপস্থাপন কৰিবলৈ বিজ্ঞানীসকল ব্যস্তহৈ
পৰিল। অৱশেষত আহুখেতিৰ আগে আগে ডঃ হেমেন চন্দ্র ভট্টচার্যৰ ৰচনাৰে “শস্যৰূপা” ৰ প্রথম খণ্ডটি সম্প্রচাৰ হ’ল আৰু ইয়াৰ পাছত প্রতি শণি বাৰে সন্ধিয়া ৭-১৫ বজাত পৰবর্তী
খণ্ডবোৰ সম্প্রচাৰ হ’বলৈ ধৰে। শস্যৰক্ষাৰ শিতানত আমি যি কেইটা খণ্ড যুগুতাইছিলো
তাৰ প্রথমটো ২৯-৫-১৯৯৯ চনত সম্প্রচাৰ হৈছিল। ইতিমধ্যে শস্যৰক্ষাৰ দিশত বহুতো
পৰিবর্তন আহিল। বর্তমান ন ন কৌশলেৰে শস্যৰক্ষাৰ চেষ্টা চলিব ধৰিছে। সেয়ে
বিষয়বস্তুৰ প্রাসংগিকতালৈ লক্ষ্য ৰাখি সেই খণ্ডটি পৰিমার্জিত আৰু পৰিবর্দ্ধিত ৰূপত
সজাই-পৰাই “সেউজী ধৰণী” ত উপলব্ধ কৰা হ’ল।]
চৰিত্র সমূহ:
দদাই:
এজন কৃষক - লক্ষী বৰঠাকুৰ
খুড়ী:
দদাইৰ পৰিবাৰ - ৰেবা ফুকন
ৰমেন:
এজন যুৱক - ডঃ হেমেন ভট্টচার্য
বিষয়া:
কৃষি বিষয়া - ডঃ চাদিকুল হুছেইন
খুড়ী:- হেৰি, বজাৰৰ ফালে যায় যদি মোলৈ সূতা কেইনেছামান আনিবচোন। গামোচা
দুখনমান লগাব লাগে।শুনিছেনে? [অলপ ৰৈ] আও, দেখিছানে ? ইমানকৈ চিঞৰি আছো, মাত এষাৰ দিয়া নাই! বোলো হেৰি শুনিছেনে ?
দদাই:- অ’, অ’ শুনিছোঁ। কেলৈ
চিঞৰি আছ ? আজি বজাৰলৈ
নাযাওঁ। দেওবাৰে হাটলৈ যাম। তেতিয়াই কি ক’ত লাগে সব লৈ আহিম। এতিয়া চিঞৰি
নাথাকিবি, যা।
খুড়ী:- অ’, তাকে কলেই হ’ল। মই কিবা এটা ক’লে চিঞৰা যেনহে পায়। আপুনি একো নোকোৱা দেখিহে সুধি আছো। [অলপ ৰৈ] পিছে,
আপুনি সেইখিনিত বহি কি কৰি আছে ?
দদাই:- নাই, একো কৰা নাই। এতিয়া ইয়াৰ পৰা যা।
খুড়ী:- অ’, যাম, যাম। পিছে আপুনিনো সেইখন হাতত কি লৈ আছে ?
দদাই:- এহ, একো নহয়। খবৰ কাকতৰ পাত এখিলা। সিদিনা সৰুমইনাৰ স্কুলৰ বহীকেইখন
বান্ধি আনিছিলো।
খুড়ী:- কিন্তু সেইখন লৈ আপুনি কি কৰি আছে? ...অ’ বুজিছোঁ।
দদাই:- কি বুজিলি অ’, কি বুজিলি ?
খুড়ী:-[অলপ হাঁহি] পঢ়িছে নহয় জানো?
দদাই:- এহ, যা এইজনী...
খুড়ী:- পঢ়ক, পঢ়ক। লাজ কৰিবলৈ কিটো আছে। জিলাৰ পৰা মানুহ আহি ইমান কষ্টৰে আখৰকেইটা শিকাই গ’ল! এতিয়া তাকে মাজে
মাজে পঢ়ি নাথাকিলে পাহৰি নাযাম জানো? [অলপ ৰৈ] হেৰি, ময়ো সৰুমইনাৰ কিতাপবিলাক মাজে
মাজে পঢ়ি থাকো জানে। আগতকৈ অলপ পৰা হৈছো। পঢ়ি থাকিলে পাৰিম বুজিছে।
দদাই:- অ’, তাৰমানে তয়ো মনে মনে পঢ় ?
খুড়ী:- অ’, কবলৈ লাজেই লাগে। আজিহে আপোনাক কৈছোঁ।
দদাই:- ময়ো তাৰ কিতাপকেইখন পঢ়োঁ। যোৱা বছৰৰ কেইখন ভালকৈয়ে পৰা হৈছো। আজি এই খবৰ কাগজৰ পাতখিলা পঢ়ি চাওঁ বুলি
চেষ্টা কৰি আছিলোঁ।
খুড়ী:- পাৰিছেনে?
দদাই:- অ’, পাৰিছো। পিছে আখৰবোৰহে বৰ সৰু। জুপি জুপি পঢ়িব লাগে। পিছে খবৰ এটা
পঢ়িহে চিন্তা কৰি আছিলো।
খুড়ী:- কিনো খবৰ?
দদাই:- ইয়াত লিখিছে...এইয়া...মই পঢ়ি দিছো, শুন।
খুড়ী:- অ’, পঢ়ক।
দদাই:- ইয়াত লিখিছে...বি...বি..বিজ্ঞানৰ নিত্য নতুন উদ...ভাৱন সমূহে পিথিবীৰ
ইমূৰৰ পৰা সিমূৰলৈ তোলপাৰ লগোৱাৰ সময়তে বিজ্ঞানে মানৱ জাতিৰ ওপৰত পেলাব পৰা
কু-প্রভাৱ সমূহেও সচঁকিত কৰি তুলিছে।
খুড়ী:- তাৰ মানে?
দদাই:- এহ ৰ’ অ’ এইজনী। পাছত বুজাই দিম। আগেয়ে শুনি ল’।
খুড়ী:- অ’, পঢ়ক।
দদাই:- অ’, তাৰ পাছত লিখিছে...তেনে কু-প্রভাৱ পেলাব পৰা উদ ভাৱন সমূহৰ ভিতৰত
কৃষি কার্যত প্রয়োগ হোৱা ৰাসায়নিক দ...দ...দ্র..ব...ঐ এই ডাল কি আছিল অ’?
খুড়ী:- কোন ডাল?
দদাই:- এই বেকাকে থকা ডাল।
খুড়ী:- জানো পাই ,পাহৰি গলো। দ্র আৰু ব লগ লাগি কি হ’ব?
দদাই:- দ্রব নে তেনেকোৱা কিবা এটা হ’ব নেকি।
খুড়ী:- অ’ তেনেকুৱাই। তাৰমানে দ্রব মানে
দৰবকে কৈছে নেকি?
দদাই:- অ’ ঠিক কৈছ। খেতিত দিয়া সাৰ, দৰববোৰেইটো কিবা বোলেনে ৰাসায়নিক নহয়
জানো।
খুড়ী:- হয়, হয়, সেইবোৰকে কৈছে। তাৰপাছত কি লিখিছে?
দদাই:- অ’, লিখিছে...এই দ্রব নেকি সেইবোৰৰ মাত ৰা
ধিক ব্যৱহাৰে আমাৰ শৰীৰত বিষ কিৰিয়া কৰি মৃ...এহ আকৌ সেই বেকা ডাল ওলাল।
খুড়ী:- সেই বেকা ডাল বাদ দিয়ক।
দদাই:- অ’, অ’,পাৰিছো ৰ। পাৰিছো। মৃতু ,তাৰমানে মৰা কথা কৈছে। মৃতু পৰযন্ত
ঘটাব পাৰে।
খুড়ী:- এহ, হয় নেকি?
দদাই:- ৰ’, আৰু লিখিছে- বিশেষকৈ কেঁচা ফল-মূল, শাক-পাচলি আদিত প্রয়োগ কৰা
কীটনাশক ঔষধ সমূহ সঠিক ভাৱে প্রয়োগ নকৰি অধিক লাভৰ আশাত এক শ্রেণী কৃষকে মানৱজাতিক
মৰণৰ মুখলৈ ঠেলি দিবলৈ কুণ...কুণ
কুণ্ঠাবোধ কৰা নাই।
খুড়ী:- তাৰমানে?
দদাই:- তাৰমানে , আমিযে পথাৰত দৰববোৰ ছটিয়াই থাকো সেইবোৰে হেনো আমাক মাৰিবও
পাৰে।
খুড়ী:- আমাৰ ৰাইজখনে চোন কিবা পোক এটা দেখিলেই দৰব ছটিয়াই থৈ আহে!
দদাই:- এৰা, সেইকাৰণেই চিন্তা কৰি আছিলো। অৱশ্যে ছাৰে এবাৰ দৰববোৰ বৰকৈ ছটিয়াই
নাথাকিবলৈ কৈছিল। তেতিয়া কথাবোৰ টং কৰিব পৰা নাছিলো।
খুড়ী:- হেৰি নহয়...
দদাই:- কি?
খুড়ী:- ছাৰ আকৌ কেতিয়া আহিব?
দদাই:- শণিবাৰে আহিব।
খুড়ী:- ছাৰকে সুধিব লাগিব।
দদাই:- এহ, নেলাগে। সেইবাৰ কিবা অলপ কৈছিল। মইহে মন নিদিলো। এতিয়া আকৌ সুধিলে
বেয়া পাব।
খুড়ী:- কিয় বেয়া পাব? আলোচনালৈ গৈ শুই থাকেগৈ নেকি? ঠিক আছে। ময়ে গৈ সুধিম।
দদাই:- অ’, তাৰমানে তয়ো যাবি?
খুড়ী:- অ’, যাম আক’। তেতিয়াহে কথাবোৰ ভালকৈ বুজি আহিম। তাতে ছাৰে মহিলাসকলক
সদায়ে আহিবলৈ কোৱা নাছিল জানো?
দদাই:- সেইটো বুজিছো। পিছে তই আকৌ এই পঢ়া-মেলা কথাবিলাক ঘপকৈ কৈ নিদিবি। লাজত
পৰিব লাগিব।
খুড়ী:- এহ, এখেতৰ যে লাজটো। হ’ব, হ’ব । মই সেইবোৰ একো নকওঁ। আপুনি মাত্র কাগজখন লগত নিব। যি সুধিব লাগে ময়ে
সুধিম।
দদাই:- হ’ব যা। তেতিয়াৰ কথা তেতিয়া হ’ব। মই গাটো তিয়াই থোলোকৰ ওচৰৰ পৰা আহোগৈ।
আগলৈ...
No comments:
Post a Comment