Saturday 22 June 2013

পথাৰৰ পৰিস্থিতি অনুযায়ী ধানৰ জাত নির্বাচন...Rice varieties for different field situation

                                    



সেউজী ধৰণী
পথাৰৰ পৰিস্থিতি অনুযায়ী ধানৰ জাত নির্বাচন

ডঃ চাদিকুল হুছেইন

পাহাৰৰ উচ্চ শিখৰৰ পৰা ভৈয়ামৰ দ’ জলাশয়লৈকে বিভিন্ন পৰিস্থিতিৰ পথাৰত ধানখেতি কৰিব পৰা যায় যদিও ধানৰ সকলোবোৰ জাত সকলো পথাৰৰ বাবে সমানে উপযোগী নহয়। কাৰণ অঞ্চল ভেদে পথাৰৰ মাটিৰ গঠন আৰু পানী ধৰি ৰাখিব পৰা ক্ষমতা সুকীয়া হয়। কৃষকসকলে ধানৰ জাত নির্বাচন কৰোঁতে এই দিশটোলৈ বিশেষভাবে মন কৰিব লাগে। কিন্তু প্রায়ে দেখা যায় এই দিশটো বিচাৰ নকৰি বহুতো কৃষকে খেতিটো কৰিবলৈ লয়,যাৰ বাবে ভাল জাত একোটাৰ পৰাও আশানুৰূপ ফল নাপায় হতাশ হ’বলগীয়া হোৱাৰ উপৰিও সকলো দিশৰ পৰা উৎকৃষ্ট জাত এটাও এলাগী হৈ পৰে। সেয়ে জাত নির্বাচন কৰোঁতে পথাৰৰ চৰিত্রৰ লগত মিলা জাত ব্যৱহাৰ কৰাটো পূর্বচর্ত হ’ব লাগে। ইতিমধ্যে বিভিন্ন পৰিস্থিতিৰ পথাৰৰ উপযোগী বহুকেইটা জাত উদ্ভাৱন কৰা হৈছে। এনেবোৰ জাতৰ বিষয়ে জানি-বুজিলৈ খেতিটো কৰিলে পাছত হতাশ হ’বলগীয়া নহয়। আমাৰ এই লেখাত বিভিন্ন পৰিস্থিতিৰ পথাৰৰ উপযোগী ধানৰ জাত সর্ম্পকে কিছু কথা আলোচনা কৰা হ’ল।

১) বালিচঁহীয়া মাটি য’ত আহিনৰ মাজভাগৰ পৰা পানী শুকাবলৈ আৰম্ভ কৰে

এনে পথাৰৰ বাবে আহাৰত কঠীয়া পাৰি কাতি মাহত চপাব পৰা ১৩০-১৪০ দিনীয়া জাত ,যেনে: জয়া, সত্যৰঞ্জন ,বসুন্ধৰা আদি উপযোগী। দীর্ঘদিনীয়া জাত ব্যৱহাৰ কৰিলে গেঁৰ ধৰা, ফুল ফুলা আদি কার্যবোৰৰ সময়ত পানীৰ নাটনি হ’ব, যাৰ বাবে উৎপাদন কম হ’ব। কাৰণ শালিৰ দীর্ঘদিনীয়া জাতবোৰৰ গেঁৰ ধৰা, ফুল ফুলা আদি কার্যবোৰ আহিন-কাতি মাহত সম্পূর্ণ হয়। সেয়ে কয় “আহিন-কাতিত ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে ৰাণী”। আনহাতে তুলনামূলকভাবে চমু কৃষিকালৰ জাত লোৱা বাবে এনে পথাৰত ৰবি শস্য সময়মতে কৰিব পৰা যাব।


২) আলতীয়া মাটিৰ সামান্য দ’ পথাৰ য’ত কাতি মাহৰ শেষলৈকে ১০-৩০ চে:মি: পানী থাকে

এনে পথাৰ ধানখেতিৰ বাবে অতি উপযোগী। কাতি মাহলৈকে পানী থকাৰ বাবে নিয়মীয়া শালিৰ অধিক উৎপাদনক্ষম মধ্যমীয়া আৰু দীর্ঘদিনীয়া দুয়োবিধ কৃষিকালৰ জাত যেনে: জয়া,সত্যৰঞ্জন,বসুন্ধৰা, মাছুৰী, ৰঞ্জিৎ, বাহাদুৰ, পংকজ আদি কৰিব পাৰি। ইয়াৰ উপৰিও উন্নত বৰাধান, যেনে: আঘোণী, ভোগালী, ৰঙিলীৰ লগতে জহাধান, যেনে: কেতেকী, বকুল আদিৰ বাবে এনে পথাৰ উপযোগী। অৱশ্যে মধ্যমীয়া কৃষিকালৰ জাত কম পৰিমাণৰ ঠাইত কৰিলে গান্ধীপোক আৰু চৰাইৰ উপদ্রপ বেছি হোৱাৰ আকংশা থাকে।


৩) আলতীয়া মাটিৰ সামান্য দ’ পথাৰ য’ত কাতি মাহৰ শেষলৈকে ৩০-৫০চে:মি: পানী থাকে

এনে পথাৰ ধানখেতিৰ বাবে উপযোগী যদিও পানীৰ পৰিমাণ বেছি হোৱাৰ বাবে সকলো জাতৰ পৰা সমানে উৎপাদন আশা কৰিব নোৱাৰি। মধ্যমীয়া কৃষিকালৰ জাতবোৰ কাতি মাহত চপাব পৰা হয়। সেই সময়ত পথাৰত পানী বেছি থাকিলে ধান দোৱাত অসুবিধা হ’ব। বৈদেহী ( আই ই টি-১০০২৬), পংকজ, মনোহৰ শালি আদি দীর্ঘদিনীয়া জাত কৰিব পাৰি। এনে পথাৰৰ উপযোগী জাত উদ্ভাৱনৰ কাম ইতিমধ্যে অসমত বহুখিনি আগবাঢ়িছে আৰু অনতিপলমে ডিফলু, মানাহ, ধনশিৰি আৰু চক্রলাহী নামৰ জাতকেইটা  কৃষকৰ কাষ পাবগৈ বুলি আশা কৰা যায়। এই জাতকেইটাৰ আন এক বিশেষত্ব হৈছে যে কঠীয়াতলিত যথেষ্ট খৰকৈ বাঢ়ে যাৰ বাবে ৰোৱাৰ সময়ত কঠীয়া ৪০-৫০চে:মি:ওখ হয়। এনে হোৱাৰ বাবে ৰোৱাৰ সময়ত পথাৰত পানী বেছি থাকিলেও কৃষকে অসুবিধা নাপাব।

৪) বান আক্রান্ত পথাৰ য’ত ৫-১০ দিনলৈকে পানীয়ে পথাৰ বুৰাই থয়

এনে পথাৰত পানীত ডুব গৈ থাকিও পুনৰ গা কৰি উঠিব পৰা জাত, যেনে: জলশ্রী, জলকুঁৱৰী, প্লাৱন আদি উপযোগী। উক্ত জাতকেইটাৰ ১৫ দিন পর্যন্ত পানীৰ ডুব সহ্য কৰিব পৰা ক্ষমতা আছে। আনহাতে পথাৰত ইয়াতকৈ বেছি পানী থাকিলে এইকেইটা জাতৰ পৰা ভাল উৎপাদন পাব নাযাব। এনে পৰিস্থিতিত লুইত, কপিলীৰ দৰে কম দিনীয়া জাত নাইবা গীতেশ , প্রফুল্ল, মনোহৰ শালিৰ দৰে জাতৰ বুঢ়া কঠীয়া লৈ ভাদৰ শেহত খেতি কৰিব লাগিব।


৫) মধ্যমীয়া বা সাধাৰণভাবে ওখ পথাৰ

এনে পথাৰ আহু খেতিৰ বাবে উপযোগী। জলসিঞ্চনৰ সু-ব্যৱস্থা থকা মধ্যমীয়া ওখ পথাৰত হ্রস্ব নাইবা মধ্যমীয়া কৃষিকালৰ জাত, যেনে: লুইত, কপিলী, দিচাং, কালচাৰ-১, গোপীনাথ, লাচিত, চিলাৰায়, জয়া আদিৰ খেতি কৰি বানপানীৰ আগেয়ে চপাব পৰা যাব। আনহাতে জলসিঞ্চনৰ সুবিধা থাকিলে বৰোধানৰ খেতিও কৰিব পৰা যায়। অপৰম্পৰাগতভাবে কৰা এনে বৰোখেতিৰ বাবে জয়মতী, কনকলতা, জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ, মাছুৰী আদি জাত ব্যৱহাৰ কৰিব পৰা যায়।


৬) জলাশয় বা পিটনিসদৃশ পথাৰ

এনে পথাৰ পৰম্পৰাগতভাৱে কৰা বৰোখেতিৰ বাবে উপযোগী। জলাশয় নাইবা পিটনিসদৃশ পথাৰবোৰ বাৰিষা পানীত বুৰ গৈ থাকে। কিন্তু বাৰিষা শেষ হোৱাৰ লগে লগে পানী কমিবলৈ আৰম্ভ কৰে। পথাৰবোৰ এঢলীয়া হোৱাৰ বাবে ওপৰৰ আংশৰ পৰা পানী ক্রমে কমি আহে আৰু সেই অংশত ধান ৰুব পৰা হয়। আনহাতে বেছি দ’ ভাগত পানী জমা হৈ থাকে। এইদৰে জমা হৈ থকা পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব পৰা হয়। এনে পথাৰৰ বাবে উপযোগী জাত হ’ল বৰো-১, বৰো-২ জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ আদি।

______________________________________________________________________________

লেখক উপ-প্রকল্প সঞ্চালক (আত্মা ), তিনিচুকীয়া জিলা; ম'বাইল: ৯৪৩৫১৩৫৬৩১ 
ই-মেইল: sadik2crs@yahoo.co.in 



No comments:

Post a Comment