Monday 21 November 2016

Miracle Rice that changed the world




সেউজী ধৰণী


Miracle Rice that changed the world






ড: চাদিকুল হুছেইন

      আজিৰ ব্লগৰ শিৰোনামা Miracle Rice that changed the world অর্থাৎ আশ্চর্য্যজনক ধান যিবিধে পৃথিৱীখনক সলনি কৰি দিয়ে । হয়, আজি এনে এবিধ ধানৰ জন্ম কাহিনীৰ বিষয়ে কবলৈ ওলাইছো যিবিধৰ বাবে বিশ্বৰ অগণন ভোকাতুৰ জনতাৰ কাঁহীত এমুঠি ভাত তুলি দিয়া সম্ভৱ হৈছে, যিবিধ ধানৰ বাবে এচিয়া মহাদেশত “সেউজ বিপ্লৱ”ৰ সূচনা কৰা সম্ভৱ হৈছে, যিবিধ ধানৰ উদ্ভাৱনৰ বাবে ভাৰতবর্ষৰ লগতে দক্ষিণ-পূৱ এচিয়াৰ কৃষি অর্থনীতি সবল কৰা সম্ভৱ হৈছে। এই বিশেষ দিনটোত এই বিষয়ে কবলৈ লোৱাৰ একমাত্র উদেশ্য হ’ল এয়ে যে এই আশ্চর্য্যজনক ধানবিধ সর্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া  পঞ্চাছ বছৰ পূর্ণ হ’ল (১৯৬৬-২০১৬)। এই উদেশ্যেৰে বিশ্বৰ লগতে ভাৰতবর্ষটো আজিৰ দিনটো (২১-১১-২০১৬)  ওলহ-মালহেৰে উদযাপন কৰা হৈছে। এই বিশেষ ধানবিধৰ নাম হৈছে IR-8, বিশ্বৰ প্রথম অধিক উৎপাদনক্ষম ধানৰ জাত।

      উদ্ভিদ হিচাপে ধান ইমান পুৰণি যে বর্তমান ইয়াৰ আদিৰ সম্পর্কে সঠিককৈ কোৱা টান। এই পুৰণি উদ্ভিদবিধৰ অগণন জাত দূৰ অতীতৰেপৰা মানুহে খেতি কৰি আহিছে। কিন্তু দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত দেখা দিয়া খাদ্য সংকট আৰু বর্দ্ধিত জনসংখ্যাৰ বাবে প্রয়োজন হোৱা চাউলৰ জোৰা মাৰিবলৈ উৎপাদিত ধান যথেষ্ট নাছিল। এনে অৱস্থাত ধানৰ অধিক উৎপাদনক্ষম জাতৰ প্রয়োজন কৃষি বিজ্ঞানীসকলৰ লগতে সকলোৱে অনুভৱ কৰে। এনে এক উদেশ্যেৰে ফিলিপিনচত থকা আন্তঃজাতিক ধান গৱেষণা প্রতিষ্ঠানে এলানি গৱেষণা হাতত লয় আৰু সেইমতে ১৯৬২ চনত বিশ্বৰ বিভিন্ন প্রান্তৰপৰা দহ হাজাৰতকৈও অধিক ধানৰ জাত সংগ্রহ কৰে। এই বৃহৎ সংগ্রহৰপৰা Dr, Peter Jennings নামৰ প্রজননবিদজনে বিভিন্ন জাতৰ মাজত ৩৮ টা সংকৰণ ( cross) ঘটায়। সংকৰণৰ বিভিন্ন জোৰৰ মাজৰ অষ্টম জোৰাটো তেখেতৰ বাচনিত উঠে। এই জোৰাটো আছিল চীনদেশৰ Dee-geo-woo-gen নামৰ চাপৰ জাত এটা আৰু ইন্দোনেচিয়াৰ Peta নামৰ ওখ জাত এটাৰ মাজত। কিন্তু জোৰাৰ পৰা তেখেতে মাত্র ১৩০ টা গুটিহে পালে।




      তেখেতে অতি যত্নেৰে এই ১৩০ টা গুটি টাবত সিঁচি দিয়ে। সময়ত দেখা গ’ল যে সকলো গছ ওখ হৈছে। এই ওখ গছৰপৰা পোৱা গুটিৰ প্রায় ১০,০০০ গুটি পুনৰ টাবত সিঁচি দিলে। এইবাৰ দেখা গ’ল যে এক-তৃতীয়াংশ গছ চাপৰ হৈছে। প্রজননবিদজনে এই ফলাফলৰ বিষয়ে টেক্সাচত থকা তেখেতৰ সহযোগী Dr. Beachell-ক জানিবলৈ দিয়াত ১৯৬৩ চনত তেখেত আহি ফিলিপিনচৰ প্রতিষ্ঠানত যোগদান কৰি পাছৰ কামখিনি আগবঢ়াই নিয়ে। 





      
     এইবাৰ চাপৰ গছৰ গুটিভাগ সিঁচি পোৱা গছখিনিৰপৰা ২৯৮ টা গোছা নির্বাচন কৰা হ’ল আৰু প্রতিটো গোছাৰপৰা পোৱা গুটি ‘বংশাৱলী শাৰী’ত (pedigree rows) পৃথকভাৱে সিঁচা হ’ল। এইবাৰৰ গছখিনি পর্যবেক্ষণ কৰি প্রজননবিদজনে ২৮৮ নং শাৰীৰ তৃতীয়জোপা গছ উত্তম বুলি বিবেচিত কৰে। তেখেতৰ এই জোপাৰপৰা গুটিখিনিক Dr, Peter Jennings এ নির্বাচন কৰা অষ্টম জোৰাটো আৰু পাছৰ পর্যায়ত পোৱা ২৮৮ নং শাৰীৰ তৃতীয় গোছাটোৰ নামেৰে IR-8-288-3 নাম দিয়ে। পাছলৈ এইভাগ গুটিৰ পৰাই Miracle Rice বুলি অভিহিত কৰা ধানৰ অধিক উৎপাদনক্ষম জাতটো উদ্ভাৱন কৰা হয় যিটো পাছলৈ IR-8 নামেৰে জনাজাত হৈ পৰে। পাছলৈ ইয়াৰ পৰাই বিশ্বৰ সবাটোকৈ জনপ্রিয় ধানৰ জাত IR-36 নামৰ জাতটো উদ্ভাৱন কৰা হয়।  উল্লেখ কৰিব পাৰি যে এই জাতটোৰ জনক এজন ভাৰতীয়। নাম Dr. Gurdev Khush      
 

      ধানৰ অধিক উৎপাদনক্ষম এই জাতটো কৃষকৰ বাবে অনুমোদন কৰাৰ পঞ্চাশবর্ষ পূর্তিত আঘোণৰ পথাৰৰপৰা সেইসকল বিজ্ঞানীক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ যিসকলৰ আশাশুধীয়া প্রচেষ্টাত ভাৰতবর্ষৰ লগতে বিশ্বৰ অগণন জনতাই দুবেলা দুমুঠি  ভাত খাবলৈ পাইছে।  




ম’বাইল: ৯৪৩৫১৩৫৬৩১





                                                                                                                                                                  

Monday 14 November 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:: বনচাই প্রদর্শন(অষ্টম খণ্ড) On Bonsai_Part-VIII- How to Display


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
অষ্টম খণ্ড



নৱ কুমাৰ বৰা

বনচাই প্রদর্শন

     যিমানেই সুন্দৰ নহওক লাগে অপৈণত তথা শিল্পীসুলভতাৰ অভাৱত ভোগা বনচাই প্রদর্শনে ইয়াৰ সৌন্দর্য চকুত লগাকৈ ক্ষুন্ন কৰিব পাৰে। তদোপৰি বনচাই প্রদর্শনৰ কিছুমান নিজা নীতি-নিয়মো আছে। এই শতিকাৰ আগভাগলৈকে বনচাইবোৰ বৰ জটিল নীতি-নিয়মৰ মাজেৰে সজোৱা হৈছিল। ইহঁতক সাধাৰণতে বেৰত ওলোমাই থোৱা ছবি, ধুপদানী, চাহৰ সৰঞ্জাম, ফলমূলৰ কাঁহী, সৰু টেবুল আদিৰ লগত ঐক্যতানেৰে চ’ৰাঘৰত আচুতীয়া অলঙ্কৃত স্থানত (Tokonoma) ৰখা হৈছিল। অতীজৰ অভিজাত সম্প্রদায়ৰ সম্পত্তিৰূপে বিবেচিত বনচাই সর্বসাধাৰণৰ মাজতো জনপ্রিয় হৈ উঠাৰ পাছত ১৯৩৫ চনমানৰপৰা পৰিবর্ত্তিত জীৱন ধাৰাৰ লগত সংগতি ৰাখি এইবোৰৰ প্রদর্শনৰ ক্ষেত্রতো পৰিবর্তন আহিল।     এনে পৰিবর্তনবোৰৰ ভিতৰত প্রথম হ’ল---
     বনচাইক অন্যান্য শিল্পকর্মৰপৰা আতঁৰাই আনি নিজস্ব সৌন্দর্য প্রদর্শন কৰাৰ ওপৰত প্রাধান্য দিয়াটো। কেৱল মাত্র পৰিবেশ সম্পূর্ণ কৰাৰ বিপৰীতে বনচাইক নির্ণায়াত্মক ভূমিকা ৰূপায়ণ কৰাত গুৰুত্ব দিয়া হ’ল। অন্যান্য সামগ্রীৰ বিপৰীতে সাধাৰণ পৰিস্কাৰ শিলৰ টুকুৰা বা ঘাঁহবনেই সহযোগী সামগ্রী হিচাপে বিবেচিত হ’বলৈ ধৰিলে। অন্যহাতেদি বেৰত ওলোমাই ৰখা ছবিত পর্বত-পাহাৰ, গছ-গছনি আদিৰ পৰিবর্তে অন্য বিষয় নির্বাচন কৰি বনচাইবোৰৰ স্বকীয়তা প্রকটকৈ তুলি ধৰিবলৈ চেষ্টা চলোৱা হয়। পুৰণি পৰম্পৰাৰ সামগ্রী সমূহৰ সলনি বগা বা মাখন ৰঙৰ পটভূমিত উপযুক্ত আকাৰৰ টেবুলত একমাত্র বনচাইহে প্রদর্শিত হ’বলৈ ধৰিলে। তাৰোপৰি অকলশৰীয়া বনচাইতকৈ অন্যসামগ্রীবর্জিত এটি, দুটি বা তিনিটি হিচাপে  জুমবান্ধি বনচাই সজোৱা নিয়মো আজিকালি জনপ্রিয় হৈ উঠিছে।
     বনচাই ৰখা স্থানৰ ক্ষেত্রতো পৰিবর্তন আহিল। ওপৰত উল্লেখিত সহযোগী সামগ্রী সমূহৰ লগত টক’নমাতকৈ মূখ্যদ্বাৰ, চৰাঘৰ, বাৰান্দা, কৰিড’ৰ আনকি ৰান্ধনিঘৰো বনচাই প্রদর্শনৰ স্থান হিচাপে পৰিগণিত হ’ল। বনচাইৰ আকাৰ প্রকৃতিৰ লগত টেবুলৰ আকাৰ তথা উচ্চতে আৰু চাৰিওকাষৰ খালি ঠাইৰ লগত সংগতি বজাই ৰখাটোৱেই প্রধান কথা হৈ উঠিল। সদায়ে দৃষ্টিৰ সমতলত ৰখাটো বনচাই প্রদর্শনৰ অন্য এক মুলকথা। আজিকালি সৰু আৰু মজলীয়া আকাৰৰ বনচাইয়েই বেচি জনপ্রিয় যদিও বৃহৎ অট্টালিকাবোৰৰ চোতালত ডাঙৰ আকৃতিৰ বনচাই সজোৱাও চকুত পৰে।

বনচাই প্রদর্শনৰ সময়
     প্রতিজোপা বনচাইৰে তাৰ নিজা স্বাভাৱিক সৌন্দর্য আছে আৰু  ঋতু অনুসৰি সিহঁতৰ সৌন্দর্যই চৰম বিন্দুত উপনীত হোৱা কালচোৱাই ইহঁতক উপভোগ কৰাৰ উত্তম সময়। উদাহৰণ স্বৰূপে কিছুমান গছ নতুন কুঁহিপাত ওলোৱাৰ সময়ত, কিছুমান কলি ওলোৱাৰ সময়ত, কিছুমান ফুল বা ফল ধৰা সময়ত, আন কিছুমান আকৌ সম্পূর্ণ পাতেৰে সর্জ্জিত হৈ থাকিলেহে মনোমোহা হয়। আনহাতে এনে কিছুমান বনচাই আছে যিবোৰ আকৌ পাত সৰি নঙঠা হৈ থাকিলেহে দেখিবলৈ চকুত লগা হয়। এইদৰে এজোপা বনচাই বছৰৰ কোনো নির্দষ্ট ঋতু বা সময়ত প্রদর্শন কৰিব পাৰি। জাপানত নতুন বছৰ উপলক্ষে চিৰসেউজ পাউন গছ প্রদর্শনৰ বাবে সজোৱা দেখা যায়।

বনচাই উপস্থাপন কৰাৰ কলাকৌশল
     বনচাই উপস্থাপন কৰোঁতে ইহঁতৰ সবাটোকৈ ধুনীয়াফালটো সদায় চকুত পৰাকৈ থব লাগে। বহুত সময়ত ভুল উপস্থাপনৰ বাবেই সুন্দৰ বনচাই এজোপাও চকুত পৰা হৈ নুঠে। সাধাৰণতে বনচাইবোৰ টেবুলজাতীয় ওখ, মধ্যমীয়া বা চাপৰ স্থানত থোৱা হয়। এইবোৰ কাঠ, বাঁহ, ধাতু বা শিলৰো হ’ব পাৰে। কেতিয়াবা টেবুলৰ পৰিবর্তে চেপেটা কাঠেৰে চাং কৰিও ৰাখিব পাৰি। সদায় বনচাইবোৰৰ লগত অন্য সামগ্রীবোৰৰ পৰস্পৰৰ ডিজাইন, ৰঙ,উচ্চতা আদিৰ ভাৰসাম্য সুক্ষ্ম দৃষ্টিৰে লক্ষ্য ৰখা উচিত। উদাহৰণ হিচাপে কেচকেড্ জাতীয় বা পাইন মধ্যমীয়া কাঠৰ টুকুৰাত ৰাখি চাপৰ সৰু টেবুলত শিল এচপৰা বা বাম পাত্রত মাটি ভৰাই ৰাখি কনট্রাষ্ট গঢ়ি তুলিব পৰি। একে সমতলতে শিল আৰু বনচাই ৰাখিলে আকর্ষণীয় হৈ নুঠে। সৰু বনচাই অলংকৃত শ্বেলভত সাধাৰণভাবেই ৰাখি ধুনীয়া কৰিব পাৰি। অন্যহাতে একেটা সমতলত জুম বান্ধি থলে খেলিমেলি ভাৱৰ সৃষ্টি হয় আৰু ডাঙৰ অতিমাত্র অলংকৃত শ্বেলভত হয়। নিমজ ধৰাতলত কাঠৰ টেবুলৰ ওপৰেদি বনচাইবোৰ অনা-নিয়া কৰোঁতে সাৱধান নহলে আচোঁৰ খাই দৃষ্টিকটূ দাগ লাগিব পাৰে।

বনচাই আৰু ইহঁতৰ আনুসঙ্গিক সামগ্রী
     বনচাইবোৰ সজাওঁতে লগৰ আনুসঙ্গিক সামগ্রীবোৰৰ ভাৰসাম্যতাৰ কথা আগতেই উনুকিয়াই অহা হৈছে। দুটা বা তাতোধিক বনচাই প্রদর্শন কৰিবলৈ যাওঁতে পাত্রবোৰৰ ৰঙ, আকাৰ আৰু ডিজাইন অনুসৰি পৰস্পৰৰ লগত ভাৰসাম্যতা বজাই ৰাখিহে আগবঢ়া উচিত। বিশেষকৈ ৰঙ আৰু আকাৰৰ বৈচিত্রৰ লগতে বিভিন্নতাই বনচাইবোৰক অধিক আকর্ষণীয় কৰি তোলে। উদাহৰণ হিচাপে ৰঙচুৱা, খহতা, আয়তক্ষেত্রকাৰ পাত্রত থকা পাইন এজোপাৰ লগত বগা ডিম্বাকৃতিৰ পাত্রত ঘাহঁনি এডৰা ৰাখি তাৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰিব পাৰি। একঘেয়ামী আৰু অলসতা ভাঙিবলৈ কোনো ৰঙ বা আকাৰৰে এটাতকৈ বেছি পাত্র ব্যৱহাৰ কৰাটো উচিত নহয়। উচ্চতা আৰু আকাৰেই মূলকথা হলেও সামগ্রীবোৰ সমূহীয়াকৈ ঐকতানেৰে মিলি নেথাকিলেও দৃষ্টিকটূ হৈ উঠাৰ সম্ভাৱনা থাকে। প্রতিটো আনুসঙ্গিক সামগ্রীয়েই ইটোৱে সিটোৰ কনট্রাষ্টত আহি সমূহীয়া সৌন্দর্যৰ সৃষ্টি কৰা উচিত। উদাহৰণ হিচাপে কোনিফাৰজাতীয় বনচাইক এডৰা ঘাহেঁ বা সাধাৰণ শিল এচপৰাই পাতসৰা নঙঠা গছ এজোপা কৰি তুলিব পাৰি। এইখিনিতে কৈ থোৱা ভাল যে আনুসঙ্গিক সামগ্রীবোৰৰ লগত কনট্রাষ্ট হ’বলগীয়া একমাত্র ডিজাইনটোৱেই হৈছে স্বয়ং বনচাইজোপা। এই মূলকথা মনত ৰাখি কল্পনাপ্রৱণ বনচাইপ্রেমী সকলে ৰুচি সহকাৰে নানা দৃশ্যৱলী ৰচনা কৰি নিজা সৃজনীশীলতাৰ পৰিচয় দিব পাৰে।



সমাপ্ত
ম’বাইল: ৮৪৭২০২৪৮১৭


Sunday 6 November 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:: সংৰক্ষণ আদি...On Bonsai- Part- VII- Care and Conservation etc


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
সপ্তম খণ্ড



নৱ কুমাৰ বৰা

সংৰক্ষণ আৰু প্রতিকুল বতৰত বনচাইৰ নিৰাপত্তা

বনচাইবোৰ সৰু সৰু পাত্রত ৰুই সিহঁতৰ পৰিবর্দ্ধন সাৱধানে নিয়ন্ত্রণ কৰি ছবিৰ দৰে সুন্দৰ কৰি তোলা হয়। তেনেই সীমিত পৰিমাণৰ মাটিতেই শিপাবোৰে যথেষ্ট কষ্ট কৰি বাঢ়িব লগা হয়। গতিকেই সিহঁতক সকলো পৰিৱেশতে নিৰাপত্তা দি প্রতিপালন কৰাৰ প্রয়োজন। এই ক্ষেত্রত উদ্ভিদৰ সাধাৰণ জীৱন প্রণালীৰ চাৰটা মূল কথা মনত ৰাখিব লাগে। এইকেইটা হ’ল---গছবোৰৰ বসন্ত কালত পৰিবৃদ্ধি হয়; গ্রীষ্ম কালত পূৰঠ অৱস্থাপ্রাপ্ত হয়; শৰৎ কালত শীতৰ বাবে সাজু হয় আৰু শীতকালত টোপনি যায়।
     শীতৰ প্রকোপৰপৰা ৰক্ষা কৰিবলৈ বনচাইবোৰক শৰতৰ শেষৰফালে দুই-তিনিজাক কুঁৱলী খুৱাই শুকান ৰ’দৰ বতৰত বাৰান্দা বা তেনেকোনো নিৰাপত্তাৰ ব্যৱস্থা থকা চালিৰ তললৈ স্থান্তৰিত কৰিব লাগে।
    বসন্তৰ কোনো এটা পুৱা ইহঁতক আকৌ শীতকালীন আশ্রয়স্থলৰপৰা আনি মুকলি চাঙত থব লাগে। এটা কথা মনত ৰখা দৰকাৰ যাতে ইহঁতে কোনো পধ্যেই শীতৰ শেহত ঠাণ্ডা কুঁৱলীজাক খাবলৈ নাপায়। বাহিৰত প্রকৃতিয়ে পাত সলোৱাৰ সময়তেই ইহঁতৰ পাত্র সলোৱা, প্রুণিং কৰা, পোনাই-পজৰাই দিয়া আদি কামবোৰ আৰম্ভ কৰিব পাৰি। নতুনকৈ তাঁৰ মেৰিউৱা তথা সদ্য পৰিবর্ত্তিত পাত্রবোৰ কিছু দেৰিকৈ বাহিৰলৈ উলিওৱা ভাল।
    গ্রীষ্মৰ আগভাগত গছবোৰত নতুন কলি আৰু ডাল ওলায়। পাতবোৰ ঠনধৰি নুঠালৈকে ডাঙৰ বতাহৰ পৰা ইহঁতক নিৰাপত্তা দিব লাগে। এই সময়ত পোক-পৰুৱাৰ উপদ্রৱ বেচি হোৱালৈ চাই যথোপযুক্ত প্রতিৰোধ ব্যৱস্থাও লোৱা উচিত।
    সাধাৰণতে সুন্দৰকৈ প্রতিপালন কৰা বনচাইবোৰৰ বাবে গ্রীষ্মকালত নিৰাপত্তাৰ বিশেষ প্রয়োজন নাই যদিও দুর্বল আৰু সদ্যসংগ্রহিত গছবোৰ ঠাণ্ডা, ছাঁ পৰা ঠাইত ৰাখিব লাগে। অন্যহাতে অতি প্রখৰ গ্রীষ্ম প্রধান অঞ্চলত চোকা ৰ’দৰ বাবে প্রয়োজনীয় প্রতিৰক্ষা ব্যৱস্থা লোৱা উচিত।
     গোটেই বছৰৰ কষ্টৰ প্রতিদান বনচাইজোপাত শৰৎকালত প্রতিফলিত হয়। এই সময়তে ইহঁতে শীর্ষ অৱস্থাপ্রাপ্তহৈ শীতৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰে। গতিকেই শেষবাৰৰ বাবে এবাৰ সাৰ প্রয়োগ কৰটো একান্তই বাঞ্চনীয়।
আগলৈ...
ম’বাইল:  ৮৪৭২০২৪৮১৭