Sunday 4 January 2015

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ (তৃতীয় খণ্ড):: On bamboo and its various uses ( Part-III)


সেউজী ধৰণী


 একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
(তৃতীয় খণ্ড)


তৃপ্তি দাস



বাঁহনিলৈ আশাৰ ৰেঙনি

       আজি কিছুদিনৰ পৰা বাঁহে বাৰুকৈয়ে দখল কৰিছে বাতৰি কাকতৰ পৃষ্ঠা। ‘অসমত ৬০ হাজাৰ হেক্টৰ ভূমিত ৰোপণ কৰা হ’ব বাঁহ গছ’ , ‘অসমৰ বাঁহ খেতিত চীনা ব্যৱসায়ীৰ পাঁচ হাজাৰ কোটি’, ‘বাঁহৰ উৎপাদিত সামগ্রীৰ মান বৃদ্ধিত চীনৰ আগ্রহ’, ‘বাঁহৰ বাণিজ্যিক উৎপাদনে অর্থনৈতিত বিকাশ সাধিব...’ ইত্যাদি খবৰে আমালৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি প্রাকৃতিকভাৱেই অসমত প্রচুৰ পৰিমাণে বাঁহ উৎপাদন হয় যদিও বর্তমানে বিভিন্ন কাৰণত ক্রমান্বয়ে কমি আহিছে বাঁহৰ উৎপাদন। যাৰ পৰিণতিত জাপ খাইছে বহু সম্ভাৱনীয়তাৰ দুৱাৰ। আমাৰ কাগজ কলেও এতিয়া অসমৰ বাঁহৰ আশা পৰিহাৰ কৰি চুবুৰীয়া ৰাজ্যৰ ওপৰত ভৰষা কৰিব লগীয়া হৈছে। কর্ম সংস্থাপন আৰু দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই অহা বাঁহ আৰু ইয়াৰ দ্বাৰা উৎপাদিত সামগ্রীৰ ক্রমবদ্ধমান বিশ্ব বজাৰৰ অধিকাংশই দখল কৰিছে চীনে। এসময়ত সদ্যোজাত সন্তানৰ নাড়ি কাটিবলৈ ব্যৱহাৰ কৰা বাঁহৰ ব্লেডখনৰ পৰা আৰম্ভ কৰি জীৱন যাপনৰ বিভিন্ন ক্ষেত্রত বাঁহৰ ব্যৱহাৰ হৈছিলআমাৰ অন্তিম যাত্রাৰ বাহনখন তৈয়াৰ কৰিবলৈকে প্রয়োজন হয় বাঁহ। বাঁহৰ উপকাৰিতা, সম্ভাৱনীয়তাৰ প্রতি দৃষ্টি ৰাখি ব্যৱহাৰ ভিত্তিত বাঁহ ৰোপণ, প্রতিৰক্ষা আৰু বাঁহৰ পৰা উৎপাদিত সামগ্রীৰ মানবর্দ্ধনৰ ক্ষেত্রত ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় বাঁহ মিছনে বিভিন্ন কাম হাতত লৈছে। ৰষ্ট্রীয় বাঁহ মিছন হৈছে কেন্দ্রীয় চৰকাৰে এশ শতাংশ বৰঙণিৰে পোষকতা কৰা এক অভিযান। নতুন দিল্লীৰ কৃষি মন্ত্রণালয়ৰ সহযোগত কৃষি বিভাগৰ অন্তর্গত হর্টিকালচাৰ বিভাগে এই অভিলাসী আঁচনি ৰূপায়ণ কৰিছে। ২০০৬ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্রীয় বাঁহ মিছনে ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ২০০৭ চনৰ পৰা অসমতো অভিলাসী অভিযান আৰম্ভ কৰাটো আমাৰ বাবে আশাব্যঞ্জক। কেতবোৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্রীয় বাঁহ মিছনে কার্যক্ষেত্রত অগ্রসৰ হৈছে। যেনে:- বিভিন্ন অঞ্চলত বাঁহৰ উৎপাদন বৃদ্ধিৰ বাবে প্রয়োজনীয় বিবিধ কৌশল অৱলম্বন কৰা, বাঁহৰ বাবে উপযুক্ত মাটি পৰিত্যক্ত অৱস্থাত নাৰাখি বাঁহ ৰোপণ কৰি বাঁহেৰে আবৃত্ত ভূ-খণ্ডৰ পৰিমাণ বৃদ্ধি কৰা, উৎপাদন বৃদ্ধিৰ বাবে উন্নত প্রজাতিৰ বাঁহ ৰোপণ কৰা, বাঁহৰ এখন লাভাৱন্বিত বজাৰৰ বাবে আৰু বাঁহ নির্ভৰ হস্তশিল্পৰ মান উন্নত কৰণত গুৰুত্ব আৰোপ কৰা, ব্যৱসায়িক ভিত্তিত বাঁহে উন্নয়নৰ মুখ দেখাৰ বাবে ষ্টেক হল্ডাৰ সকলৰ মাজত বুজা পৰা মত বিনিময়েৰে এটি অনুকূল পৰিৱেশ সৃষ্টি কৰা, পৰম্পৰাগত জ্ঞান আৰু আধুনিক বৈজ্ঞানিক জ্ঞানৰ মিশ্রিত সমাহাৰেৰে বাঁহ উৎপাদন বৃদ্ধিৰ বাবে উপযুক্ত কলা- কৌশল উদ্ভাৱন আৰু প্রসাৰ ঘটোৱা, স্থানীয়্ লোকৰ মাজত বাঁহ সম্পর্কে বিশেষ সজাগতা সৃষ্টি কৰা, দক্ষতা সম্পন্ন আৰু দক্ষতা বিহীন ব্যক্তিক বিশেষকৈ নিবনুৱা যুৱক-যুৱতীক নিয়োগৰ সুবিধা দি মানৱ সম্পদৰ উচিত ব্যৱহাৰ বা কর্মশক্তিৰ অপচয়্ ৰোধ কৰা ইত্যাদি। উক্ত উদ্দেশ্যসমূহ পূর্ণ কৰাৰ মানসিকতাৰে ৰাষ্ট্রীয় বাঁহ মিছনে অৱলম্বন কৰিছে কেইটামান কৌশল। সেইবোৰৰ দুটামান হ’ল---গৱেষণা লব্ধ আৰু উন্নয়নৰ ফলত বিভিন্ন নব্য কলা কৌশলেৰে বাঁহৰ উৎপাদন বৃদ্ধি কৰা, বনাঞ্চল সমূহত প্রকৃতিগতভাৱে যিবোৰ খালী ঠাই আছে সিবোৰত বাঁহ ৰোপণৰ ব্যৱস্থা কৰাৰ উপৰি বনাঞ্চলৰ সীমাৰ বাহিৰৰ পাশ্বৱর্তী, ব্যক্তিগত, অব্যৱহৃত অঞ্চলতো বর্দ্ধিত পৰিমাণৰ মাটিত বাঁহ ৰোপণ, উৎপাদন বৃদ্ধিৰ বাবে নানা তৰহৰ পৰিৱর্তিত পদ্ধতি প্রয়োগ কৰা, উন্নত কৃষি প্রণালী গ্রহণ কৰা, উৎপাদন আৰু বজাৰৰ মাজত সু-সমন্বয় গঢ়ি তোলাত যত্ন কৰা যাতে কৃষক আৰু সামগ্রী উৎপাদনকাৰী সকলে প্রাপ্য খিনি লাভ কৰে। প্রয়োজনীয় ক্ষেত্রত বাঁহৰ সৈতে জড়িত সমবায় আৰু আত্মসহায়ক গোট সমূহক সহায় কৰা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্রতিটো স্তৰতে গৱেষণা, উন্নয়ন আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ মাজত সু-সম্পর্ক গঢ়ি তোলা, মধ্যভোগীৰ শোষণৰ প্রসাৰিত হাতোৰাই যাতে কৃষক আৰু উদ্যোগত জড়িত সকলক গ্রাস কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্রীয়, ৰাজ্যিক আৰু জিলা পর্যায়ত এক সবল আন্তঃগাঁথনিৰ প্রস্তুত কৰা আদি।

      বাঁহৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কার্যকৰী ব্যৱস্থা হাতত লোৱা ৰাষ্ট্রীয় বাঁহ মিছনে কার্যৰ অগ্রগতিৰ অর্থে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমলৈও আগবঢ়াইছে অর্থ সাহায্য। এই মিছনে আমাৰ ৰাজ্যৰ বন বিভাগৰ অন্তর্গত প্রতিটো বন সংমণ্ডলৰ অধীনত বেম্ব ডেভেলমেণ্ট এজেঞ্চি গঢ়ি তুলিছে। এই এজেঞ্চিসমূহে বিভিন্ন কর্মশালা, আলোচনাচক্র আদিৰ মাধ্যমেৰে জনসাধাৰণক বাঁহৰ অধিক উৎপাদনৰ ক্ষেত্রত দৰকাৰী বিভিন্ন দিহা পৰামর্শ প্রদান কৰাৰ উপৰি বাঁহৰ ধনাত্মক দিশৰ প্রতি অৱগত কৰা, অত্যাধুনিক কলা কৌশলৰ সহায়ত বাঁহেৰে ব্যৱহাৰৰ উপযোগী বিবিধ সামগ্রী তৈয়াৰৰ বাবে প্রশিক্ষণ দিয়া আদি কামত নিজকে নিয়োজিত কৰিছে। অভিজ্ঞতা, কলা কৌশল আয়ত্ব কৰিবলৈ এজেঞ্চিৰ সদস্য/ সদ্যসাক ৰাষ্ট্রীয় বাঁহ মিছনৰ অর্থ সাহার্যৰে আন্তঃৰাষ্ট্রীয়, ৰাজ্যিক, জিলা পর্যায়ৰ বিভিন্ন প্রদর্শনীত অংশ গ্রহণ কৰিবলৈ সুযোগৰ ব্যৱস্থা কৰা হৈছে।

       আধুনিক, বৈজ্ঞানিক পদ্ধতি, নতুন নতুন প্রযুক্তি কৌশল ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনক বাঁহ উৎপাদনৰ ক্ষেত্রত দেশৰ ভিতৰতে স্বয়ং সম্পূর্ণ কৰি তুলিবলৈ ৰাষ্ট্রীয় বাঁহ মিছনৰ সহযোগত ৰাজ্য চৰকাৰে গ্রহণ কৰা অভিলাসী আঁচনিৰ জৰিয়তে বন সংমণ্ডলত বাঁহৰ নার্ছাৰী গঢ়ি তোলা হৈছে। জনসাধাৰণৰ মাজত বাঁহ ৰোপণৰ প্রশিক্ষণ দিয়া হৈছে। সাম্প্রতিক কালৰ পৰিৱর্তিত পৰিস্থিতি আৰু বাঁহৰ ব্যৱহাৰিক দিশৰ প্রতি লক্ষ্য ৰাখি বাঁহ উৎপাদনক এক বৈপ্লৱিক দিশলৈ আগুৱাই নিবৰ বাবে ৰেইন ফৰেষ্ট ৰিচার্ছ ইনষ্টিটিউটৰ ডেৰাডুনস্থিত মুখ্য কার্যালয়ে ৰাষ্ট্রীয় বাঁহ মিছনৰ অধীনত বাঁহৰ বিষয়ে গৱেষণা অব্যাহত ৰাখিছে যাতে কোনো উপসর্গই উৎপাদন বৃদ্ধিত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। আমাৰ ৰাজ্যতো অধিক পৰিমাণে বাঁহ উৎপাদন কৰাৰ আশাৰে ডেৰাডুনস্থিত মুখ্য কার্যালয়ৰ অন্তর্গত যোৰহাট ৰেইন ফৰেষ্ট ৰিচার্ছ ইনষ্টিটিউটে আগবঢ়াইছে  গৱেষণালব্ধ বিভিন্ন দিহা পৰামর্শ। এই ইনষ্টিটিউটে ইতিমধ্যে জুমখেতিৰ বিকল্প হিচাপে বাঁহৰ গাঁজৰ খেতি কৰি লাভবান হ’বলৈও এলানি প্রশিক্ষণ কার্যসূচী সম্পন্ন কৰে।
                                       
      আমাৰ ৰাজ্য চৰকাৰে পৰিৱেশ সংৰক্ষণ আৰু ভূ-মণ্ডলৰ ভাৰসাম্যতা ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি আন এক অভিলাষী আঁচনি গ্রহণ কৰিছে। ৰাজ্যচৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ সহযোগত বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত ৰূপায়িত কৰিবলৈ লোৱা এই আঁচনিখনৰ জৰিয়তে প্রাৰম্ভিক পর্যায়ত গুৱাহাটীৰ পাহাৰীয়া এলেকাৰ ২০০০ হেক্টৰ মাটিত বাঁহ ৰোপণৰ দিহা কৰা হৈছে। এই আঁচনিয়ে আমাৰ অর্থনৈতিক ক্ষেত্রতো সুকীয়া বৰঙনি আগবঢ়াব বুলি আশা কৰা হৈছে। বাঁহখেতিৰ উন্নয়ন, বাঁহৰ ওপৰত নির্ভৰশীল হস্তশিল্পৰ উন্নয়ন আদি লক্ষ্যৰে ভাৰত চৰকাৰে গঠন কৰা ৰাষ্ট্রীয় বাঁহ মিছনৰ সহায়-সহযোগিতা, জার্মান ডেভেলপমেণ্ট বেংকৰ অর্থ সাহায্য, অসমৰ বাঁহখেতি তথা বাঁহৰ উৎপাদিত সমগ্রীৰ মান উন্নত কৰাৰ বাবে চীনে তেওঁলোকৰ প্রযুক্তি ৰাজ্যখনলৈ হস্তান্তৰ কৰিবলৈ প্রকাশ কৰা আগ্রহ আদিয়ে আমাৰ অর্থনৈতিক উন্নয়নৰ দিশত শুভ সংকেত প্রদান কৰিছে। অসমৰ বিস্তৃত ভূ-খণ্ডত বাঁহ ৰোপণ কৰি বাঁহৰ উৎপাদন বৃদ্ধি কৰি, বাঁহৰ উদ্যোগ স্থাপন কৰি অর্থনৈতিক ভাৱে আমি টনকিয়াল হ’ম, নিবনুৱা সমস্যা সমাধান হ’ব, বানপানী, অনাবৃষ্টি, গৰাখহনীয়া আদি ৰোধ কৰাত বাঁহ সহায়ক হ’ব। বাঁহে আমালৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি

সামৰণি

       বিদেশী বস্তুৰ প্রতি আমাৰ হেঁপাহৰ অন্ত নাই। কোনো বস্তুত মেড ইন চাইনা, মেড ইন জাপান আদি লিখা দেখিলেই আমি নিঃসন্দেহে ক’ব পাৰোঁ---বস্তুটো ভালকিন্তু নিজৰ অঞ্চলতে উৎপাদিত বস্তু ভাল হ’লেও আদৰ কম। সেইবাবেই সোলোক ঢোলোক হৈ পৰিছিল বাঁহৰ লগত আমাৰ সম্পর্ক। কিন্তু সময়ে আমাক ভালদৰে বাঁহৰ উপকাৰিতাৰ বিষয়ে বজাই দিছে। বাঁহে এতিয়া বিভিন্ন ক্ষেত্রত প্রাধান্য বিস্তাৰ কৰিছে। বাঁহক ‘poor man’s timber’ বুলি কোৱা হয় যদিও এতিয়া দুখীয়া শ্রেণীৰ মাজতে বাঁহ আৱদ্ধ হৈ থকা নাই। আধুনিক মানৱৰ লাইফ ষ্টাইলৰ লগতো বাঁহ জড়িত হৈ পৰিছে। গ্রামীণ অর্থনৈতিক আহিলা বাঁহে দখল কৰিছে বিশ্বৰ বজাৰ। বাঁহৰ পৰা ঔষধ, প্রসাধন সামগ্রী, ৱাইন, চাবোন আদিও তৈয়াৰ কৰা হৈছে। গাঁজৰ পৰা আৰম্ভ কৰি পৈণত বাঁহ, বাঁহৰ মূঢ়া বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ পেলনীয়া অংশৰ পৰাও তৈয়াৰ কৰা হৈছে বাঁহৰ এঙাৰ, ভিনেগাৰ (vinegar) আৰু অন্যান্য হস্ত শিল্প।

       বর্তমানে আমাক আতংকিত তথা চিন্তিত কৰি তোলা এটি শব্দ হৈছে গ্ল’ৱেল ৱার্মিং বা গোলকীয় উষ্ণতা। বাঁহৰ সহায়েৰে এই উষ্ণতা কমাব পৰা যায়। বাঁহে আকৌ কেনেকৈ গ্ল’ৱেল ৱার্মিং কমাব বুলি যদি সোধে তেন্তে ক’ব লাগিব যে বাঁহে অন্য উদ্ভিদৰ তুলনাত ৩৫% বেছি অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে আৰু বায়ুমণ্ডলৰ পৰা অধিক পৰিমাণে কার্বন ডাই অক্সা্ইড গেছ শুহি লয়। ভূ-পৃষ্ঠৰ উষ্ণতা ধৰি ৰখা গেছবোৰ, যিবোৰক গ্রীণ হাউছ গেছ কোৱা হয় সেইবোৰৰ ভিতৰত কার্বন ডাই অক্সা্ইড গেছ হৈছে প্রধান। গতিকে দেখা গ’ল বিস্তৃত ভাৱে বাঁহ ৰোপণ কৰি গ্ল’ৱেল ৱার্মিং বা গোলকীয় উষ্ণতাৰ পৰাও হাত সাৰিব পৰা যায়।

       আমাৰ অতবোৰ উপকাৰ সাধন কৰা বাঁহৰ কিন্তু অন্য উদ্ভিদৰ লগত বিৰাট পার্থক্য আছে। সপুষ্পক উদ্ভিদসমূহ ফুলিলে আমালৈ সুন্দৰতা কঢ়িয়াই আনে, কিন্তু বাঁহ ফুলে আনে দুৰ্ভিক্ষৰ আগজাননী। বিজ্ঞানৰ ভাষাত ‘অনুমঞ্জুৰী’ বোলা বাঁহ ফুল অৱশ্যে পঁচিশৰ পৰা পঞ্চাশ বছৰৰ অন্তৰে অন্তৰেহে ফুলে। আমাৰ অত্যাধিক প্রয়োজন পূৰণ কৰিব পৰা একমাত্র উদ্ভিদ হৈছে বাঁহ। সেয়ে বাঁহক আমাৰ প্রয়োজনীয়তা তথা উপকাৰিতাৰ উৎস বুলি ভাবিলে ভুল হ’ব নেকি?


-     সমাপ্ত -

[ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে---সেউজী ধৰণী ]


বৰদলৈ নগৰ ; তিনিচুকীয়া; ম’বাইল: ৯৯৫৪৭১০০২৮