Tuesday 20 December 2016

মাহ জাতীয় শস্য :: On importance of pulse crop


সেউজী ধৰণী
অসমত মাহ জাতীয় শস্য ইয়াৰ আৱশ্যকতা আৰু ভৱিষ্যত ।
ভূপেন দত্ত





মানৱ তথা প্ৰাণী দেহৰ পুষ্টি সাধনত অন্যান্য উপাদানৰ তুলনাত প্ৰটিনৰ স্থান অধিক গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত মাহ জাতীয় শস্যক প্ৰটিনৰ এক অন্যতম উৎস ৰূপে গণ্য কৰা হয় । মাহ জাতীয় শস্যই আমাক প্ৰটিন যোগান ধৰাৰ উপৰিও মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে । সুষম আহাৰ হিচাপে প্ৰতিদিনে মানুহৰ বাবে ৪৬-৫৬ গ্ৰাম মাহ জাতীয় খাদ্য তালিকাত অন্তৰ্ভূক্ত হোৱা উচিত যদিও ব্যৱহাৰিক দিশত এই পৰিমান ক্ৰমাগতভৱে কমি গৈ আছে । অসমত মাহ জাতীয় শস্যৰ অন্তৰ্গত মগুমাহ, মাটি মাহ, অৰহৰ, মটৰ, বুট, লেচেৰা আদিৰ খেতি কম বেছি পৰিমাণে ৰবি আৰু খাৰিফ বতৰত কৰা হয় যদিও উক্ত শস্য সমূহৰ উৎপাদিত সামগ্ৰীৰে অসমৰ চাহিদা পূৰণ নহয় । অৱশ্যে ৰাজ্যখনত মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ভৱিষ্যত অতি উজ্বল বুলি কব পাৰি । সেয়েহে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাহসমূহ ফঁহিয়াই চাই উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে । ধান জাতীয় শস্যৰ তুলনাত মাহ জাতীয় শস্যত থকা প্ৰটিনৰ পৰিমাণ অধিক। আনহাতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত খেতি কৰা মাহ জাতীয় শস্যৰ উৎপাদিকা শক্তিও কম । এই ক্ষেত্ৰত অসমৰ জলবায়ু তথা ৰাজ্যখনৰ বেলেগ বেলেগ অঞ্চলৰ পথাৰত খেতি কৰিব পৰা অধিক উৎপাদনক্ষম জাত উদ্ভাৱনৰ গৱেষণা ভিত্তিক ব্যৱস্থাটো আৰু অধিক গতিশীল কৰা আৱশ্যক হৈ পৰিছে । ইয়াৰ লগতে ইতিমধ্যে উদ্ভাৱন কৰা উন্নত জাতসমূহ খেতিয়কৰ বাবে অধিক গ্ৰহণযোগ্য কৰিবলৈ খেতিয়কৰ পথাৰত এই জাতসমূহৰ প্ৰদৰ্শনমূলক খেতি ফলপ্ৰসূভাৱে ৰুপায়িত কৰিলেহে এই দিশত সফলতা লাভ কৰিব পৰা যাব।
এডৰা মাটিত নিৰ্দিষ্ট সংখ্যক গছ থাকিলেহে মাটি আৰু ইয়াত থকা সাৰখিনি সমানুপাতিক হাৰত সঠিকভাৱে ব্যৱহাৰ হয় । তদুপৰি এই পদ্ধতিৰে শস্য ৰোপণ কৰিলে খেতিৰ মাজত বনবাত পৰিস্কাৰ, শস্য সংৰক্ষণ ব্যৱস্থা, শস্য চপোৱা আৰু সঘনে শস্যডৰাৰ প্ৰতিজোপা গছ নিৰীক্ষণ কৰিবলৈ সহজ হয় ।
পানীক উদ্ভিদৰ প্ৰাণ বুলি কব পাৰি । কিয়নো শস্য বৃদ্ধিৰ প্ৰায়বোৰ প্ৰক্ৰিয়াত পানীৰ ভুমিকা অতি লক্ষণীয় । সেয়েহে বিশেষকৈ ৰবি বতৰত খেতি কৰা মাহ জাতীয় শস্যসমুহৰ জীৱনকালত বতৰ খৰাং হৈ থাকিলে খেতিডৰাত আৱশ্যক অনুসৰি পানী যোগান ধৰিব লাগে- অন্যথাই উৎপাদন নিম্নগামী হয় । আনহাতে প্ৰাক- খাৰিফ বতৰত কৰা বৰ্ষাকালীন মগু মাহৰ বীজ পলমকৈ সিচিঁলে এইবিধ মগুমাহ সাধাৰণতে বৰষুণৰ কবলত পৰে । মগুমাহৰ জীৱনকাল চমু- সেয়েহে বৰ্ষাকালীন মগু মাহ আগতীয়াকৈ সিঁচিলে সাধাৰণতে বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ আগতে এই শস্য চপাব পাৰি । তাৰোপৰি অৰহৰ খেতিৰ ক্ষেত্ৰত ভিন-ভিন অণ্চলত খাপ খোৱাকৈ, কম জীৱন কাল বিশিষ্ট আৰু অধিক উৎপাদনক্ষম জাতৰ উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত ।
অসমৰ মাটি প্ৰধানকৈ আম্লিক গুণসম্পন্ন । এই ক্ষেত্ৰত মাটিত চূণ প্ৰয়োগ কৰাটো এটা  আৱশ্যকীয় দিশ । এই ক্ষেত্ৰত খেতি আৰম্ভ কৰাৰ আগতে মাটিডৰা পৰীক্ষা কৰি অনুমোদন সাপেক্ষেহে সাৰ আৰু চূণ প্ৰয়োগ কৰিলে অধিক উৎপাদন লাভ কৰিব পাৰি । মনত ৰখা উচিত যে প্ৰয়োগ কৰিবলগীয়া চূণখিনি বীজ সিঁচাৰ অন্ততঃ একমাহ আগতে মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে । উল্লেখযোগ্য যে পানী থকা পথাৰত চূণ প্ৰয়োগ কৰিব নালাগে ।

প্ৰণিধানযোগ্য যে মাহ জাতীয় শস্যৰ শিপাত কিছুমান টেমুনা থাকে । এইবোৰ টেমুনা সৃষ্টি কৰা জীৱানু বিলাকে বায়ুমণ্ডলৰ পৰা শস্যৰ প্ৰধান আহাৰ নাইট্ৰজেন আহৰন কৰি মাটিত জমা কৰি ৰাখিব পাৰে । এই প্ৰক্ৰিয়াৰ জৰিয়তে মাহ জাতীয় শস্যডৰাক নাইট্ৰজেন সাৰ যোগান ধৰাৰ উপৰিও পিছৰটো শস্যৰ বাবে এক বুজন পৰিমানৰ নাইট্ৰজেন সাৰ মাটিত জমা হৈ থাকে উল্লেখযোগ্য যে এনেদৰে জমা হোৱা নাইট্ৰজেন সাৰ অন্য ৰাসায়নিক সাৰৰ তুলনাত শস্যৰ বাবে অধিক উপকাৰী ভিন ভিন মাহ জাতীয় শস্যৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট জীৱানু সাৰ পেকেট হিচাপে বজাৰত কিনিব পোৱা যায় । এই বীজানু সাৰ নিৰ্দিষ্ট হাৰত বীজৰ লগত ভালদৰে মিহলি কৰি বীজ সিচিঁলে শিপাত সৰহ সংখ্যক টেমুনাৰ সৃষ্টি হয় । মাহ জাতীয় শস্যই নিজেই ইয়াৰ প্ৰধান খাদ্য নাইট্ৰজেন প্ৰস্তুত কৰি লব পাৰে- তথাপিও কৃষি বিশেষজ্ঞৰ দিহা- পৰামৰ্শ অনুসৰি মাহ জাতীয় শস্যৰ জীৱন কালত আৱশ্যকীয় ফছফৰাছ আৰু পটাচিয়াম সাৰ প্ৰয়োগ কৰাটো এটা প্ৰয়োজনীয় দিশ ।
মাহ জাতীয় শস্যৰ প্ৰধান শত্ৰু হল ছেই বিন্ধা কৰা পোক । এই বিধ পোকে আক্ৰমণ কৰি ক্ষেত্ৰ বিশেষে শস্যডৰাৰ প্ৰায় অংশ ছেই নষ্ট কৰি পেলায় ইয়াৰ ফলস্বৰুপে শস্যৰ উৎপাদন বহু পৰিমানে হ্ৰাস পায় । সেয়হে শস্যডৰাত ছেই আৰম্ভ হোৱাৰ আগতে বিশেষজ্ঞৰ লগত আলোচনা কৰি শস্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত 
পথাৰত বিভিন্ন মাহ জাতীয় শস্য গাইগুটীয়া অথবা অন্য শস্যৰ লগত মিহলি খেতি হিচাপেও কৰিব পাৰি । এডৰা মাটিত দুটা বা ততোধিক খেতি কৰা অৰ্থাৎ বহু তৰপীয়া খেতি পদ্ধতিত অন্ততঃ এটা মাহ জাতীয়  শস্য অন্তৰ্ভুক্ত কৰা উচিত । এনে ক্ষেত্ৰত মাটিডৰাৰ উৰ্বৰতা শক্তি অটুট থকাৰ উপৰিও মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধি হয় । অন্য খেতিৰ লগত মিহলি খেতি হিচাপে কম দিনীয়া জাতৰ মগুমাহ- কুঁহিয়াৰ নাইবা আলু খেতিৰ মাজত কৰি লাভৱান হব পাৰি ।
মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত নিজৰ মাটিডৰাৰ বাবে খেতিয়কসকলে সমন্বিত কৰ্ম- প্ৰণালীৰে এখন নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰি সেইমতে আগবাঢ়ি গলে আমাৰ ৰাজ্যখন মাহ জাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিব আৰু লগতে ৰাজ্যখনৰ কৃষি অৰ্থনীতিও নিশ্চয় টনকিয়াল হৈ উঠিব বুলি আশা কৰিব পাৰি 
কৃষি বিশেষজ্ঞ:::  ম’বাইল: ৯৪৩৫৩২৯০৬০

(পূর্বে প্রকাশিত এক লিখনীৰ সম্পাদিত ৰূপ--- লেখক)

Monday 21 November 2016

Miracle Rice that changed the world




সেউজী ধৰণী


Miracle Rice that changed the world






ড: চাদিকুল হুছেইন

      আজিৰ ব্লগৰ শিৰোনামা Miracle Rice that changed the world অর্থাৎ আশ্চর্য্যজনক ধান যিবিধে পৃথিৱীখনক সলনি কৰি দিয়ে । হয়, আজি এনে এবিধ ধানৰ জন্ম কাহিনীৰ বিষয়ে কবলৈ ওলাইছো যিবিধৰ বাবে বিশ্বৰ অগণন ভোকাতুৰ জনতাৰ কাঁহীত এমুঠি ভাত তুলি দিয়া সম্ভৱ হৈছে, যিবিধ ধানৰ বাবে এচিয়া মহাদেশত “সেউজ বিপ্লৱ”ৰ সূচনা কৰা সম্ভৱ হৈছে, যিবিধ ধানৰ উদ্ভাৱনৰ বাবে ভাৰতবর্ষৰ লগতে দক্ষিণ-পূৱ এচিয়াৰ কৃষি অর্থনীতি সবল কৰা সম্ভৱ হৈছে। এই বিশেষ দিনটোত এই বিষয়ে কবলৈ লোৱাৰ একমাত্র উদেশ্য হ’ল এয়ে যে এই আশ্চর্য্যজনক ধানবিধ সর্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া  পঞ্চাছ বছৰ পূর্ণ হ’ল (১৯৬৬-২০১৬)। এই উদেশ্যেৰে বিশ্বৰ লগতে ভাৰতবর্ষটো আজিৰ দিনটো (২১-১১-২০১৬)  ওলহ-মালহেৰে উদযাপন কৰা হৈছে। এই বিশেষ ধানবিধৰ নাম হৈছে IR-8, বিশ্বৰ প্রথম অধিক উৎপাদনক্ষম ধানৰ জাত।

      উদ্ভিদ হিচাপে ধান ইমান পুৰণি যে বর্তমান ইয়াৰ আদিৰ সম্পর্কে সঠিককৈ কোৱা টান। এই পুৰণি উদ্ভিদবিধৰ অগণন জাত দূৰ অতীতৰেপৰা মানুহে খেতি কৰি আহিছে। কিন্তু দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত দেখা দিয়া খাদ্য সংকট আৰু বর্দ্ধিত জনসংখ্যাৰ বাবে প্রয়োজন হোৱা চাউলৰ জোৰা মাৰিবলৈ উৎপাদিত ধান যথেষ্ট নাছিল। এনে অৱস্থাত ধানৰ অধিক উৎপাদনক্ষম জাতৰ প্রয়োজন কৃষি বিজ্ঞানীসকলৰ লগতে সকলোৱে অনুভৱ কৰে। এনে এক উদেশ্যেৰে ফিলিপিনচত থকা আন্তঃজাতিক ধান গৱেষণা প্রতিষ্ঠানে এলানি গৱেষণা হাতত লয় আৰু সেইমতে ১৯৬২ চনত বিশ্বৰ বিভিন্ন প্রান্তৰপৰা দহ হাজাৰতকৈও অধিক ধানৰ জাত সংগ্রহ কৰে। এই বৃহৎ সংগ্রহৰপৰা Dr, Peter Jennings নামৰ প্রজননবিদজনে বিভিন্ন জাতৰ মাজত ৩৮ টা সংকৰণ ( cross) ঘটায়। সংকৰণৰ বিভিন্ন জোৰৰ মাজৰ অষ্টম জোৰাটো তেখেতৰ বাচনিত উঠে। এই জোৰাটো আছিল চীনদেশৰ Dee-geo-woo-gen নামৰ চাপৰ জাত এটা আৰু ইন্দোনেচিয়াৰ Peta নামৰ ওখ জাত এটাৰ মাজত। কিন্তু জোৰাৰ পৰা তেখেতে মাত্র ১৩০ টা গুটিহে পালে।




      তেখেতে অতি যত্নেৰে এই ১৩০ টা গুটি টাবত সিঁচি দিয়ে। সময়ত দেখা গ’ল যে সকলো গছ ওখ হৈছে। এই ওখ গছৰপৰা পোৱা গুটিৰ প্রায় ১০,০০০ গুটি পুনৰ টাবত সিঁচি দিলে। এইবাৰ দেখা গ’ল যে এক-তৃতীয়াংশ গছ চাপৰ হৈছে। প্রজননবিদজনে এই ফলাফলৰ বিষয়ে টেক্সাচত থকা তেখেতৰ সহযোগী Dr. Beachell-ক জানিবলৈ দিয়াত ১৯৬৩ চনত তেখেত আহি ফিলিপিনচৰ প্রতিষ্ঠানত যোগদান কৰি পাছৰ কামখিনি আগবঢ়াই নিয়ে। 





      
     এইবাৰ চাপৰ গছৰ গুটিভাগ সিঁচি পোৱা গছখিনিৰপৰা ২৯৮ টা গোছা নির্বাচন কৰা হ’ল আৰু প্রতিটো গোছাৰপৰা পোৱা গুটি ‘বংশাৱলী শাৰী’ত (pedigree rows) পৃথকভাৱে সিঁচা হ’ল। এইবাৰৰ গছখিনি পর্যবেক্ষণ কৰি প্রজননবিদজনে ২৮৮ নং শাৰীৰ তৃতীয়জোপা গছ উত্তম বুলি বিবেচিত কৰে। তেখেতৰ এই জোপাৰপৰা গুটিখিনিক Dr, Peter Jennings এ নির্বাচন কৰা অষ্টম জোৰাটো আৰু পাছৰ পর্যায়ত পোৱা ২৮৮ নং শাৰীৰ তৃতীয় গোছাটোৰ নামেৰে IR-8-288-3 নাম দিয়ে। পাছলৈ এইভাগ গুটিৰ পৰাই Miracle Rice বুলি অভিহিত কৰা ধানৰ অধিক উৎপাদনক্ষম জাতটো উদ্ভাৱন কৰা হয় যিটো পাছলৈ IR-8 নামেৰে জনাজাত হৈ পৰে। পাছলৈ ইয়াৰ পৰাই বিশ্বৰ সবাটোকৈ জনপ্রিয় ধানৰ জাত IR-36 নামৰ জাতটো উদ্ভাৱন কৰা হয়।  উল্লেখ কৰিব পাৰি যে এই জাতটোৰ জনক এজন ভাৰতীয়। নাম Dr. Gurdev Khush      
 

      ধানৰ অধিক উৎপাদনক্ষম এই জাতটো কৃষকৰ বাবে অনুমোদন কৰাৰ পঞ্চাশবর্ষ পূর্তিত আঘোণৰ পথাৰৰপৰা সেইসকল বিজ্ঞানীক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ যিসকলৰ আশাশুধীয়া প্রচেষ্টাত ভাৰতবর্ষৰ লগতে বিশ্বৰ অগণন জনতাই দুবেলা দুমুঠি  ভাত খাবলৈ পাইছে।  




ম’বাইল: ৯৪৩৫১৩৫৬৩১





                                                                                                                                                                  

Monday 14 November 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:: বনচাই প্রদর্শন(অষ্টম খণ্ড) On Bonsai_Part-VIII- How to Display


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
অষ্টম খণ্ড



নৱ কুমাৰ বৰা

বনচাই প্রদর্শন

     যিমানেই সুন্দৰ নহওক লাগে অপৈণত তথা শিল্পীসুলভতাৰ অভাৱত ভোগা বনচাই প্রদর্শনে ইয়াৰ সৌন্দর্য চকুত লগাকৈ ক্ষুন্ন কৰিব পাৰে। তদোপৰি বনচাই প্রদর্শনৰ কিছুমান নিজা নীতি-নিয়মো আছে। এই শতিকাৰ আগভাগলৈকে বনচাইবোৰ বৰ জটিল নীতি-নিয়মৰ মাজেৰে সজোৱা হৈছিল। ইহঁতক সাধাৰণতে বেৰত ওলোমাই থোৱা ছবি, ধুপদানী, চাহৰ সৰঞ্জাম, ফলমূলৰ কাঁহী, সৰু টেবুল আদিৰ লগত ঐক্যতানেৰে চ’ৰাঘৰত আচুতীয়া অলঙ্কৃত স্থানত (Tokonoma) ৰখা হৈছিল। অতীজৰ অভিজাত সম্প্রদায়ৰ সম্পত্তিৰূপে বিবেচিত বনচাই সর্বসাধাৰণৰ মাজতো জনপ্রিয় হৈ উঠাৰ পাছত ১৯৩৫ চনমানৰপৰা পৰিবর্ত্তিত জীৱন ধাৰাৰ লগত সংগতি ৰাখি এইবোৰৰ প্রদর্শনৰ ক্ষেত্রতো পৰিবর্তন আহিল।     এনে পৰিবর্তনবোৰৰ ভিতৰত প্রথম হ’ল---
     বনচাইক অন্যান্য শিল্পকর্মৰপৰা আতঁৰাই আনি নিজস্ব সৌন্দর্য প্রদর্শন কৰাৰ ওপৰত প্রাধান্য দিয়াটো। কেৱল মাত্র পৰিবেশ সম্পূর্ণ কৰাৰ বিপৰীতে বনচাইক নির্ণায়াত্মক ভূমিকা ৰূপায়ণ কৰাত গুৰুত্ব দিয়া হ’ল। অন্যান্য সামগ্রীৰ বিপৰীতে সাধাৰণ পৰিস্কাৰ শিলৰ টুকুৰা বা ঘাঁহবনেই সহযোগী সামগ্রী হিচাপে বিবেচিত হ’বলৈ ধৰিলে। অন্যহাতেদি বেৰত ওলোমাই ৰখা ছবিত পর্বত-পাহাৰ, গছ-গছনি আদিৰ পৰিবর্তে অন্য বিষয় নির্বাচন কৰি বনচাইবোৰৰ স্বকীয়তা প্রকটকৈ তুলি ধৰিবলৈ চেষ্টা চলোৱা হয়। পুৰণি পৰম্পৰাৰ সামগ্রী সমূহৰ সলনি বগা বা মাখন ৰঙৰ পটভূমিত উপযুক্ত আকাৰৰ টেবুলত একমাত্র বনচাইহে প্রদর্শিত হ’বলৈ ধৰিলে। তাৰোপৰি অকলশৰীয়া বনচাইতকৈ অন্যসামগ্রীবর্জিত এটি, দুটি বা তিনিটি হিচাপে  জুমবান্ধি বনচাই সজোৱা নিয়মো আজিকালি জনপ্রিয় হৈ উঠিছে।
     বনচাই ৰখা স্থানৰ ক্ষেত্রতো পৰিবর্তন আহিল। ওপৰত উল্লেখিত সহযোগী সামগ্রী সমূহৰ লগত টক’নমাতকৈ মূখ্যদ্বাৰ, চৰাঘৰ, বাৰান্দা, কৰিড’ৰ আনকি ৰান্ধনিঘৰো বনচাই প্রদর্শনৰ স্থান হিচাপে পৰিগণিত হ’ল। বনচাইৰ আকাৰ প্রকৃতিৰ লগত টেবুলৰ আকাৰ তথা উচ্চতে আৰু চাৰিওকাষৰ খালি ঠাইৰ লগত সংগতি বজাই ৰখাটোৱেই প্রধান কথা হৈ উঠিল। সদায়ে দৃষ্টিৰ সমতলত ৰখাটো বনচাই প্রদর্শনৰ অন্য এক মুলকথা। আজিকালি সৰু আৰু মজলীয়া আকাৰৰ বনচাইয়েই বেচি জনপ্রিয় যদিও বৃহৎ অট্টালিকাবোৰৰ চোতালত ডাঙৰ আকৃতিৰ বনচাই সজোৱাও চকুত পৰে।

বনচাই প্রদর্শনৰ সময়
     প্রতিজোপা বনচাইৰে তাৰ নিজা স্বাভাৱিক সৌন্দর্য আছে আৰু  ঋতু অনুসৰি সিহঁতৰ সৌন্দর্যই চৰম বিন্দুত উপনীত হোৱা কালচোৱাই ইহঁতক উপভোগ কৰাৰ উত্তম সময়। উদাহৰণ স্বৰূপে কিছুমান গছ নতুন কুঁহিপাত ওলোৱাৰ সময়ত, কিছুমান কলি ওলোৱাৰ সময়ত, কিছুমান ফুল বা ফল ধৰা সময়ত, আন কিছুমান আকৌ সম্পূর্ণ পাতেৰে সর্জ্জিত হৈ থাকিলেহে মনোমোহা হয়। আনহাতে এনে কিছুমান বনচাই আছে যিবোৰ আকৌ পাত সৰি নঙঠা হৈ থাকিলেহে দেখিবলৈ চকুত লগা হয়। এইদৰে এজোপা বনচাই বছৰৰ কোনো নির্দষ্ট ঋতু বা সময়ত প্রদর্শন কৰিব পাৰি। জাপানত নতুন বছৰ উপলক্ষে চিৰসেউজ পাউন গছ প্রদর্শনৰ বাবে সজোৱা দেখা যায়।

বনচাই উপস্থাপন কৰাৰ কলাকৌশল
     বনচাই উপস্থাপন কৰোঁতে ইহঁতৰ সবাটোকৈ ধুনীয়াফালটো সদায় চকুত পৰাকৈ থব লাগে। বহুত সময়ত ভুল উপস্থাপনৰ বাবেই সুন্দৰ বনচাই এজোপাও চকুত পৰা হৈ নুঠে। সাধাৰণতে বনচাইবোৰ টেবুলজাতীয় ওখ, মধ্যমীয়া বা চাপৰ স্থানত থোৱা হয়। এইবোৰ কাঠ, বাঁহ, ধাতু বা শিলৰো হ’ব পাৰে। কেতিয়াবা টেবুলৰ পৰিবর্তে চেপেটা কাঠেৰে চাং কৰিও ৰাখিব পাৰি। সদায় বনচাইবোৰৰ লগত অন্য সামগ্রীবোৰৰ পৰস্পৰৰ ডিজাইন, ৰঙ,উচ্চতা আদিৰ ভাৰসাম্য সুক্ষ্ম দৃষ্টিৰে লক্ষ্য ৰখা উচিত। উদাহৰণ হিচাপে কেচকেড্ জাতীয় বা পাইন মধ্যমীয়া কাঠৰ টুকুৰাত ৰাখি চাপৰ সৰু টেবুলত শিল এচপৰা বা বাম পাত্রত মাটি ভৰাই ৰাখি কনট্রাষ্ট গঢ়ি তুলিব পৰি। একে সমতলতে শিল আৰু বনচাই ৰাখিলে আকর্ষণীয় হৈ নুঠে। সৰু বনচাই অলংকৃত শ্বেলভত সাধাৰণভাবেই ৰাখি ধুনীয়া কৰিব পাৰি। অন্যহাতে একেটা সমতলত জুম বান্ধি থলে খেলিমেলি ভাৱৰ সৃষ্টি হয় আৰু ডাঙৰ অতিমাত্র অলংকৃত শ্বেলভত হয়। নিমজ ধৰাতলত কাঠৰ টেবুলৰ ওপৰেদি বনচাইবোৰ অনা-নিয়া কৰোঁতে সাৱধান নহলে আচোঁৰ খাই দৃষ্টিকটূ দাগ লাগিব পাৰে।

বনচাই আৰু ইহঁতৰ আনুসঙ্গিক সামগ্রী
     বনচাইবোৰ সজাওঁতে লগৰ আনুসঙ্গিক সামগ্রীবোৰৰ ভাৰসাম্যতাৰ কথা আগতেই উনুকিয়াই অহা হৈছে। দুটা বা তাতোধিক বনচাই প্রদর্শন কৰিবলৈ যাওঁতে পাত্রবোৰৰ ৰঙ, আকাৰ আৰু ডিজাইন অনুসৰি পৰস্পৰৰ লগত ভাৰসাম্যতা বজাই ৰাখিহে আগবঢ়া উচিত। বিশেষকৈ ৰঙ আৰু আকাৰৰ বৈচিত্রৰ লগতে বিভিন্নতাই বনচাইবোৰক অধিক আকর্ষণীয় কৰি তোলে। উদাহৰণ হিচাপে ৰঙচুৱা, খহতা, আয়তক্ষেত্রকাৰ পাত্রত থকা পাইন এজোপাৰ লগত বগা ডিম্বাকৃতিৰ পাত্রত ঘাহঁনি এডৰা ৰাখি তাৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰিব পাৰি। একঘেয়ামী আৰু অলসতা ভাঙিবলৈ কোনো ৰঙ বা আকাৰৰে এটাতকৈ বেছি পাত্র ব্যৱহাৰ কৰাটো উচিত নহয়। উচ্চতা আৰু আকাৰেই মূলকথা হলেও সামগ্রীবোৰ সমূহীয়াকৈ ঐকতানেৰে মিলি নেথাকিলেও দৃষ্টিকটূ হৈ উঠাৰ সম্ভাৱনা থাকে। প্রতিটো আনুসঙ্গিক সামগ্রীয়েই ইটোৱে সিটোৰ কনট্রাষ্টত আহি সমূহীয়া সৌন্দর্যৰ সৃষ্টি কৰা উচিত। উদাহৰণ হিচাপে কোনিফাৰজাতীয় বনচাইক এডৰা ঘাহেঁ বা সাধাৰণ শিল এচপৰাই পাতসৰা নঙঠা গছ এজোপা কৰি তুলিব পাৰি। এইখিনিতে কৈ থোৱা ভাল যে আনুসঙ্গিক সামগ্রীবোৰৰ লগত কনট্রাষ্ট হ’বলগীয়া একমাত্র ডিজাইনটোৱেই হৈছে স্বয়ং বনচাইজোপা। এই মূলকথা মনত ৰাখি কল্পনাপ্রৱণ বনচাইপ্রেমী সকলে ৰুচি সহকাৰে নানা দৃশ্যৱলী ৰচনা কৰি নিজা সৃজনীশীলতাৰ পৰিচয় দিব পাৰে।



সমাপ্ত
ম’বাইল: ৮৪৭২০২৪৮১৭


Sunday 6 November 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:: সংৰক্ষণ আদি...On Bonsai- Part- VII- Care and Conservation etc


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
সপ্তম খণ্ড



নৱ কুমাৰ বৰা

সংৰক্ষণ আৰু প্রতিকুল বতৰত বনচাইৰ নিৰাপত্তা

বনচাইবোৰ সৰু সৰু পাত্রত ৰুই সিহঁতৰ পৰিবর্দ্ধন সাৱধানে নিয়ন্ত্রণ কৰি ছবিৰ দৰে সুন্দৰ কৰি তোলা হয়। তেনেই সীমিত পৰিমাণৰ মাটিতেই শিপাবোৰে যথেষ্ট কষ্ট কৰি বাঢ়িব লগা হয়। গতিকেই সিহঁতক সকলো পৰিৱেশতে নিৰাপত্তা দি প্রতিপালন কৰাৰ প্রয়োজন। এই ক্ষেত্রত উদ্ভিদৰ সাধাৰণ জীৱন প্রণালীৰ চাৰটা মূল কথা মনত ৰাখিব লাগে। এইকেইটা হ’ল---গছবোৰৰ বসন্ত কালত পৰিবৃদ্ধি হয়; গ্রীষ্ম কালত পূৰঠ অৱস্থাপ্রাপ্ত হয়; শৰৎ কালত শীতৰ বাবে সাজু হয় আৰু শীতকালত টোপনি যায়।
     শীতৰ প্রকোপৰপৰা ৰক্ষা কৰিবলৈ বনচাইবোৰক শৰতৰ শেষৰফালে দুই-তিনিজাক কুঁৱলী খুৱাই শুকান ৰ’দৰ বতৰত বাৰান্দা বা তেনেকোনো নিৰাপত্তাৰ ব্যৱস্থা থকা চালিৰ তললৈ স্থান্তৰিত কৰিব লাগে।
    বসন্তৰ কোনো এটা পুৱা ইহঁতক আকৌ শীতকালীন আশ্রয়স্থলৰপৰা আনি মুকলি চাঙত থব লাগে। এটা কথা মনত ৰখা দৰকাৰ যাতে ইহঁতে কোনো পধ্যেই শীতৰ শেহত ঠাণ্ডা কুঁৱলীজাক খাবলৈ নাপায়। বাহিৰত প্রকৃতিয়ে পাত সলোৱাৰ সময়তেই ইহঁতৰ পাত্র সলোৱা, প্রুণিং কৰা, পোনাই-পজৰাই দিয়া আদি কামবোৰ আৰম্ভ কৰিব পাৰি। নতুনকৈ তাঁৰ মেৰিউৱা তথা সদ্য পৰিবর্ত্তিত পাত্রবোৰ কিছু দেৰিকৈ বাহিৰলৈ উলিওৱা ভাল।
    গ্রীষ্মৰ আগভাগত গছবোৰত নতুন কলি আৰু ডাল ওলায়। পাতবোৰ ঠনধৰি নুঠালৈকে ডাঙৰ বতাহৰ পৰা ইহঁতক নিৰাপত্তা দিব লাগে। এই সময়ত পোক-পৰুৱাৰ উপদ্রৱ বেচি হোৱালৈ চাই যথোপযুক্ত প্রতিৰোধ ব্যৱস্থাও লোৱা উচিত।
    সাধাৰণতে সুন্দৰকৈ প্রতিপালন কৰা বনচাইবোৰৰ বাবে গ্রীষ্মকালত নিৰাপত্তাৰ বিশেষ প্রয়োজন নাই যদিও দুর্বল আৰু সদ্যসংগ্রহিত গছবোৰ ঠাণ্ডা, ছাঁ পৰা ঠাইত ৰাখিব লাগে। অন্যহাতে অতি প্রখৰ গ্রীষ্ম প্রধান অঞ্চলত চোকা ৰ’দৰ বাবে প্রয়োজনীয় প্রতিৰক্ষা ব্যৱস্থা লোৱা উচিত।
     গোটেই বছৰৰ কষ্টৰ প্রতিদান বনচাইজোপাত শৰৎকালত প্রতিফলিত হয়। এই সময়তে ইহঁতে শীর্ষ অৱস্থাপ্রাপ্তহৈ শীতৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰে। গতিকেই শেষবাৰৰ বাবে এবাৰ সাৰ প্রয়োগ কৰটো একান্তই বাঞ্চনীয়।
আগলৈ...
ম’বাইল:  ৮৪৭২০২৪৮১৭


Saturday 29 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই::ষষ্ঠ খণ্ড::: On Bonsai- Part VI- Potting and re-potting


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
ষষ্ঠ খণ্ড



নৱ কুমাৰ বৰা

বনচাই ৰোপন
     মনে বিচৰা আকাৰ আৰু গঢ় লোৱাৰ পাছত বনচাইজোপাৰ ধুনীয়া আৰু আকর্ষণীয় ফালটো সন্মূখৰ ফালে দি উপযুক্ত পাত্রত ৰোৱ লাগে। কোনফাল সন্মূখ হ’ব সেইটো নির্দষ্টকৈ কৈ দিব নোৱাৰি যদিও সাধাৰণভাবে যি ফালটোৰ শিপাৰপৰা আগলৈকে সুন্দৰ অংশখিনি  চকুত পৰে সেয়াই সন্মূখ। গছজোপা উঘলাৰ আগতে টাবটোত পানী দি মাটিখিনি কোমল কৰি লোৱা উচিত। তাঁৰ এডাল বাহঁৰ জোঙা কামিৰে দাঁতিৰপৰা খুচি খুচি তললৈ সুমুৱাই চাৰিওফালৰপৰা মাটিখিনিৰ সৈতে গছজোপা ডাঙি দিব লাগে। প্রায় তিনিভাগৰ এক অংশ পুৰণি মাটি এৰুৱাই পেলোৱা হয়। এতিয়া ডাঙৰ শিপাবোৰৰ তিনিভাগৰ এভাগ আৰু সৰু শিপাৰ আগবোৰ কেচি এখনে কাটি পেলাব লাগে। ৰোৱাৰ সমত শিপাবোৰ আলফুলকৈ মেলি ওপৰৰ অংশ ঢাক খোৱাকৈ মাটিৰে পুৰাই দিব লাগে। ওলাই থকা শিপাৰ গঠনে বনচাইজোপাৰ সৌন্দর্য বৃ্দ্ধি কৰে। বনচাইৰ মাটি অসমত বছৰি বা দুবছৰৰ মুৰত বর্ষাকালত সলাব পাৰি। মাটি সলোৱাৰ সময়ত বিভিন্ন কৌশল প্রয়োগ কৰি গছজোপাৰ গঢ় দি ল’বও পাৰি।

পাত্র সলনি কৰা (Re-potting)

     কেইবাবছৰো একেটা পাত্রতে থকা পাছ স্বাভাবিকতেই বনচাইজোপাৰ পাত্র সলনি কৰি নতুনকৈ ৰোৱাৰ প্রয়োজন হয়। এই কার্যত বনচাইজোপাৰ আগৰ অৱস্থান যাতে একেই থাকে তাৰ প্রতি সাৱধান হ’ব লাগে। কেতিয়াবা আকৌ এই সময়তে ইচ্ছা কৰিলে পুৰণি অৱস্থাৰ বা ভংগীমা সলনি কৰি ৰোৱও পাৰি। পাত্র সলনি কৰাৰ সাধাৰণ নিয়মনীতি তলত দিয়া ধৰণৰ:-

     পুৰণি বনচাইৰ মাটি গুচোৱা আৰু শিপা কটা আদিৰ আগতে তাৰ নতুন পাত্রটিৰ জোখ, গভীৰতা ইত্যাদি নিৰূপন কৰি ল’ব লাগে। যদি বনচাইজোপাৰ পুৰণি হেলন (Slant)ৰ তাৰতম্য ঘটাবলৈ বাচৰা হয় তেন্তে প্রথমে মাটিৰ উপৰিভাগ চুৰুকি ল’ব লগে যাতে নতুন পাত্রত ই সমভাৱে অৱস্থান কৰে। একে সময়তে বেচিকৈ মাটি নুগুচাই শিপাঈ দুখ নোপোৱাকৈ অলপ অলপকৈ গুচোৱা উচিত। ইয়াৰ পাছতহে যথাস্থানত ৰাখি নতুন পাত্রত খাপ খাই পৰাকৈ প্রয়োজনীয় মাটি গুচাই সন্মূখ আৰু পাছফালৰপৰা মাটি খহাই নতোন পাত্রতৰ লগত মিলাই ল’ব লাগে। শেহত সোঁৱে- বাঁৱে মাটি গুচাই পেলালে নতুন পাত্রটোত সুন্দৰকৈ খাপ খাই পৰিব। সৰু বনচাইৰ পাত্র সলাওঁতে বৰকৈ জোখ-মাখ নললেও হয়।

     


      দূর্ঘটনাবশতঃ বা বতাহ- ধুমুহাত লৰচৰ হৈ যোৱা বনচাই প্লাষ্টিকৰ ৰছীৰে পাত্রৰ পানী ওলোৱা ফুটাৰ লগত কপকপীয়াকৈ বান্ধি দিলে কিছুদিনৰ পাছতে গজগজীয়া হৈ উঠিব।
     পাত্র সলোৱাৰ অন্য এক মূখ্য দিশ হ’ল অতিৰিক্ত শিপাবোৰ কাটি দিয়া। সাধাৰণতে শিপাখিনি তিনিভাগৰ দুই ভাগ আৰু কাচিৎহে অধিক শিপা কটাটো নিয়ম। পাইনগছৰ ক্ষেত্রত  কমকৈ, অন্যান্য পাতসৰা গছত কিছু বেছিকৈ শিপা কাটিব পাৰি। পাতসৰা আৰু চিৰসেউজীয়া গছৰ পাত্র সলোৱাৰ উত্তম হৈছে সময় জুন-জুলাই মাহ। ফুলধৰা গছৰ পাত্র ফুল সামৰি যোৱাৰ পাছত সলাব লাগে। পাঁচ-ছয় বছৰ বা তাতোধিক সময় পাত্র সলনি নকৰাকৈ থাকিলে প্রথমে সিহঁতৰ শিপা নকটাকৈ খান্দি আনি নতুন পাত্রত ৰুই ছয় মাহৰপৰা এবছৰ ৰখা উচিত। তাৰ পাছত নতুনকৈ ঠন ধৰি উঠিলে পূর্বৰ দৰেই পাত্র সলনি কৰিব পাৰি।


আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭



Wednesday 26 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই::পঞ্চম খণ্ড - আকাৰ...:: On Bonsai_Part-V


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
পঞ্চম খণ্ড


নৱ কুমাৰ বৰা

বনচাইৰ আকাৰ আৰু গঢ় দিয়া
     বনচাইক এক শিল্পকর্মলৈ পৰিণত কৰাত আকাৰ আৰু গঢ় দিয়া কার্যই মূখ্য ভূমিকা পালন কৰে। আনহাতে এই কার্য নির্ভৰ কৰে গৰাকীজনৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাৰ ওপৰত। সেয়ে বনচাইৰ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ ব্যক্তি হোৱাৰ লগতে এজন নিপুণ কাৰিকৰ হোৱাটো একান্তই বাঞ্চনীয়।
ক) বনচাইৰ আকাৰ দিয়া
১) অগ্রজমুকুল বা কলি চিঙি দিয়া
গছৰ পৰিৱর্দ্ধনৰ সময়ত অতিৰিক্ত কলিবোৰ চিঙি দিয়া হয়। নীতি অনুসৰি গুৰি ভাগৰ পাতৰ কোণত সুপ্ত কলিবোৰ থাকে আৰু সাধাৰণতেই ইহঁতক সুৰক্ষা দি আগৰ পাত, কলি আদি কাটি দিয়া উচিত। কাল্পনিক আকাৰ এটা মনত ৰাখি প্রতিটো ডালৰপৰা দুটা বা তিনিটা কলি চিঙি দিয়া দৰকাৰ।
২) প্রুণিং
     বসন্ত সোমাওঁতেই নতুনপোখা মেলাৰ আগে আগে প্রুণিং কৰা ভাল। এই কামটো কৰোঁতে তলৰ অংশতকৈ ওপৰৰ অংশৰ প্রুণিং বেচিকৈ কৰা ভাল। এই ক্ষেত্রতো গুৰিভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দি অগ্রজভাগটো কটা প্রয়োজন। এনে কৰিলে অতিৰিক্ত বর্দ্ধন হ্রাস হ’ব আৰু স্বাভাৱিক আকাৰ নষ্ট নোহোৱাকৈ বনচাইৰ অগ্রজ আৰু গুৰি অংশৰ সমতা স্থাপন কৰিব পাৰি। প্রুণিং কৰোঁতে তিনিটা  মন কৰিবলগীয়া কথা হ’ল ---বয়সীয়াল পাতৰ গুৰি ভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দিয়া; প্রতি তিনিডলীয়া ফেৰেঙণীৰ তৃতীয়টো কাটি দিয়া; এটা এৰি এটাকৈ কটা(Alternate cutting) অর্থাৎ মূলডালৰ দুটা বিপৰীতমূখী ডাল একেলগে থাকিবলৈ নিদিয়া।

 



৩) পাত কটা
     প্রাপ্তবয়স্ক পাতবোৰ কাটি দিলে বেচিকৈ নতুন পোখা ওলাব। সাধাৰণতে বৰষুণৰ বতৰত এই কাম কৰা হয় যদিও গছৰ পৰিবর্দ্ধন আৰু স্বাস্থ্যৰ ফালে চকু দি যিকোনো সময়তে পাত কাটিব পাৰি। এই কামটোৰ আগতে কেতিয়াও সাৰ-পানী দিয়া উচিত নহয়। কেতিয়াবা বনচাইৰ আকাৰ নষ্ট হ’লে দুই ভাগৰ বা তিনিভাগৰ এক অংশ পাত কাটি দিব পাৰি। 
কমবয়সীয়া আৰু স্বাস্থ্যবান গছ একেটা ঋতুতে ২-৩ বাৰ কাটিব পাৰিলেও দুর্বল আৰু বয়সীয়াল গছৰ ক্ষেত্রত পাত কটাৰ মাত্রা কম কৰা উচিত।

৪) তাঁৰ মেৰিওৱা
     বহুতেই ভবাৰ দৰে এই কাম বাধ্যতামূলক নয়। প্রুণিং আদি কৰাৰ পাছতো মনে বিচৰা আকাৰ নেপালেহে কুমলীয়া কাণ্ড আৰু ডালবিলাক তাঁৰ মেৰিয়াই ভাঁজ দিয়া হয়। ইয়াৰ বাবে বিভিন্ন আকাৰৰ তামৰ তাঁৰ ব্যৱহাৰ কৰিব পাৰি। এনে তাঁৰবোৰ ব্যৱহাৰ কৰাৰ আগতে ভালদৰে তপতাই ঠাণ্ডা কৰিলোৱা উচিত। মাটিত এটা মুৰ পুতিলৈ গছৰ গতিৰ দিশত পকাই যাব লাগে।
ফেৰেঙণী থাকিলে বাওঁফালৰ ডালত সেইডালেই পকাই অন্যফালে বেলেগ টুকুৰা পাক দি ভালদৰে লৰচৰ কৰিব নোৱৰাকৈ অগ্রভাগত বান্ধি দিয়াৰ প্রয়োজন। খৰতকীয়া গছ ৪-৫ সপ্তাহতে ভাঁজ লব পাৰে। আজিকালি ইলেক্ট্রিকেচ্ দোকানত পোৱা প্লাষ্টিক বা সূতা মেৰিউৱা তাঁৰো ব্যৱহাৰ কৰিব পাৰি ।
৫) মূলঅক্ষ (Axis) তৈয়াৰ কৰা
     গছৰ প্রকৃতি অনুসৰি ইয়াৰ অক্ষ বেলেগ হ’ব পাৰে। প্রয়োজনীয় ডাল বা কাণ্ড বাচি লৈ অতিৰিক্ত শাখা-প্রশাখাবোৰ এৰুৱাই পেলোৱা উচিত। স্বাভাৱিকভাৱে মূলঅক্ষ নথকা গছত পচন্দ অনুসৰি ডাল এটা নির্বাচন কৰি তাক উৎসাহিত কৰিব লাগে।
৬) ‘জিন’ আৰু ‘ইউৰ’ (Jin and Uro)
     যিবিলাক গছৰ ডাল বা কাণ্ডৰ বাকলি পচি নষ্ট হৈ তলৰ কাঠ অংশ ওলাই পৰে সেইবোৰক ‘জিন’ আৰু ধুমুহা-বজ্রপাত আদিয়ে গা-গছ বা ডাল ফালি আধামৰা কৰি থয় সেইবোৰক ‘ইউৰ’ বুলি কোৱা হয়। ‘জিন’ৰ কাৰণে শাখা ডালৰ আগফালৰ বাকলি এৰুৱাই দিব পাৰি কিন্তু এই শাখাৰ আকৃতি মূল কাণ্ডৰ আধা হোৱা উচিত আৰু কৃত্রিম ভাবটো কেতিয়াও প্রকাশ পাব নালাগে। একে ধৰণেৰে ডাঙৰ ডাল ফালি এৰুৱাই ‘ইউৰ’ৰ সৃষ্টি কৰিব পাৰি।

খ) বনচাইৰ গঢ় দিয়া
১) থিয় পোন গছ
পোনে পোনে বঢ়া গছ ইয়াৰ বাবে উপযোগী। গুৰি অংশ খালি কৰি ৰাখিব লাগে আৰু একে সমতলত যাতে দুটা ডাল কেতিয়াও নাথাকে তালৈ লক্ষ্য ৰাখিব লাগে। ওপৰলৈ বাঢ়ি যোৱা ডালপাতবোৰৰ ভাৰসাম্যতা বজাই ৰাখি গুৰিৰপৰা তিনি-চাৰি ডালমান শিপা চাৰিওফালে বিয়পাই বঢ়াব লাগে। পুলি গছবোৰ ঘনাই প্রুণিং কৰি স্বাভাৱিক আকাৰত ৰখা উচিত। মাতৃগছৰ ওপৰ অংশৰ ডাল ধৰি এনেধৰণৰ বনচাই গঢ় দি ল’ব পাৰি।
২) যুৰীয়া গছ
     এই ধৰণৰ বনচাইত গুৰি ভাগৰপৰা ওলোৱা দুটা পুলি পোন, বেঁকা বা পাকখোৱা ডাল নন্দনতাত্ত্বিক চেতনাৰে গঢ়ি তুলিব পাৰি। গৌণ ডালটো মুখ্য গা-গছৰ কাষ চাপি অহা ডাল আৰু সিহঁতৰ মাজৰ খালি ঠাই কম হোৱা উচিত।
সুবিধাজনক গছ নাপালে এজোপা গছকে দুভাগ কৰি ল’ব পাৰি। পুলি লগাওঁতে মাতৃগছৰ ফেৰেঙণিৰ ঠিক তলতে ডাল ধৰি এই অভাৱ পুৰণ কৰিব পাৰি। দুয়োটা অংশৰ আকৃতি-প্রকৃতিৰ মিল থাকিলে বনচাই জোপা শুৱনি হ’ব।
৩) হেলনীয়া গছ
      এনে গছ প্রকৃতিত অসংখ্য পোৱা যায় বাবে তাৰ পৰাই সংগ্রহ কৰি ল’লে উপযুক্ত বনচাই পাব পাৰি। নহ’লে ঘনাই ফেৰেঙণি থকা ডালবোৰ বিচাৰি গঢ় দিব লাগে। ওখ পুলিৰ আগটো কাটি, ভাঁজ দি, কৌশলেৰে প্রুণিং কৰি এনে বনচাই গঢ়িব পাৰি।
৪) বৃক্ষসমষ্টি
     ইয়াত একেলগে কেইবাজোপা জুম বান্ধি লগালেও সিহঁতক যিকোনো কাষৰ পৰা চালে এডাল সৰল ৰেখাতে দেখা হ’ব নালাগে। অন্যথা সিহঁতক একেজোপাৰে শিপাৰপৰা ওলোৱা যেন লাগিব। সাধাৰণতে মিহি বাঁহৰ শলি জালৰ দৰে বান্ধি পাত্রৰ তলিত ৰাখি তাত পুলিবোৰৰ শিপাবোৰ লগলগাই প্লাষ্টিক বা সুতাৰে বান্ধি দিব পৰা যায়। এই কামত তাঁৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বেলেগ বেলেগ জাতৰ গছ এইদৰে জুম বান্ধি লগাব পাৰিলেও সিহঁতৰ পৰিবর্দ্ধন তথা স্বভাৱৰ ভিন্নতাৰ বাবে আশানুৰূপ ফল পোৱা নাযায়।
৫) সংযুক্ত শিপাৰ গছ
     ইয়াত সমান্তৰালভাৱে হোৱা শিপাবোৰ  বৃক্ষসমষ্টিৰ দৰেই বান্ধি দিয়া হয়। কিন্তু গুৰিৰপৰা বেছি দূৰলৈ যোৱা শিপাবোৰ পেগিং কৰি কাষত শিল আদিত দি লম্বভাৱে ওপৰলৈ বাঢ়িবলৈ দিব লাগে।
৬) প্রপাত বা কেচ্ কেড্
     পর্বতীয়া জুৰিৰ পাৰৰ শিলৰ ফাঁকত গজা গছবোৰৰ তললৈ বিয়পি অহা ভংগীমাকেই কেচ্ কেড্ বুলি কোৱা হয়। ইয়াৰ বাবে গা-গছডাল শিপাৰ বিপৰীত দিশত আগবাঢ়ি যোৱা উচিত।
গা-গছৰ গুৰিৰ নাইবা ওপৰৰ ডালবোৰ অতিমাত্রা ভাঁজ দি এনেকুৱা কৰিব পাৰি। যিহেতু বনচাইত শিপাৰ সৌন্দর্যৰ গুৰুত্ব সিমান নাই গতিকে দ’ সৰু, ঠেক পাত্র ব্যৱহাৰ কৰিব পাৰি। কিন্তু আংশিক কেচকেড্ ৰ বাবে বাম, ট্রেৰ দৰে পত্র লোৱা ভাল।
৭) গছ আৰি শিল
     গছবিলাকৰ জীৱন শক্তিৰ ক্ষমতা ইমানেই প্রবল যে সিহঁতে অতি প্রতিকুল পৰিৱেশতো পৰিবর্দ্ধিত হৈ সৌন্দর্য প্রদান কৰিব পাৰে। ওখ শিলৰ গাত, গছৰ খোৰোং, দেৱালৰ চাপত, পকী দলঙৰ ভাঁজ আদিত থকা আকর্ষণীয় ভংগীমাৰ গছবোৰেই ইয়াৰ প্রমাণ। সাধাৰণতে তিনিধৰণৰ শিলত গঢ়া বনচাই পোৱা যায়।
     ক) শিপাবোৰ শিলৰ ফাঁকে ফাঁকে বাঢ়ি গৈ তলৰ পাত্রৰ মাটিত খামুচি ধৰেগৈ।
     খ) সামান্য মাটি থকা বাম ট্রেৰ দৰে পাত্রত থকা শিলৰ ওখোৰা মোখোৰাত শিপাবোৰ আৱদ্ধ হৈ পৰে।
     ৩) গছজোপা শিলৰ ওপৰত শিপাই কমোৰ মাৰিয়েই জীয়াই থাকে।
     এনে বনচাইত গছৰ শিপাবোৰ শিলত কপকপীয়াকৈ বান্ধি দিয়া হয়। এই কামত শিলটোৰ ফাঁকত সীহৰ টুকুৰা তাঁৰ ভৰাই প্রয়োজন অনুসৰি শিপাবোৰ বান্ধি তাৰ ওপৰত তলত উল্লেখকৰা মিশ্রণটোৰ তৰপ এটা দি সুন্দৰ সেউজীয়া মচেৰে স্বাভাৱিকভাবে ঢাকি দিব লাগে।
     চাৰিভাগ মচ + তিনিভাগ নৈৰ বালি+ তিনিভাগ ৰঙা মাটি
     অসমত বিভিন্ন আকাৰৰ ওখোৰা-মোখোৰ শিলৰ অভাৱ নাই। তথাপিও হাতত তেনেকুৱা শিল নাথাকিলে তুলনামূলকভাবে কোমল শিল খাঁজ কাটি, ফুটা কৰি তামৰ পাইপ আদি ভৰাই উপযুক্ত কৰি ল’ব পাৰি। এই ধৰণৰ বনচাইত শিলৰ ফাঁকবোৰত সাৱধানে মাটি  ভৰাই শিপাবোৰ সুন্দৰকৈ ঢাকি দি দিনে দুই-তিনিবাৰকৈ পানী দিয়া উচিত।
                   আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭



Monday 24 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই: (চতুর্থ খণ্ড) মাটি আৰু সাৰ :On Bonsai-Part- IV soil & fertilizer


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
চতুর্থ খণ্ড


নৱ কুমাৰ বৰা


বনচাইৰ বাবে মাটি আৰু সাৰ

     বনচাইৰ বাবে লাগতিয়াল মাটি প্রধানকৈ দুটা ভাগত ভগাব পাৰি । বালিচঁহীয়া আৰু দোআঁস মাটি। সাৰ আদি সহজে শুহি ল’ব পৰা ক্ষমতা থকা স্বত্ত্বেও ঘনাই পানী দিয়াৰ প্রয়োজন হোৱাৰ বাবে শুদ্ধ বালিয়া মাটিতকৈ দোআঁস মাটিকহে বনচাইত অগ্রাধিকাৰ দিয়া হয়। কিছুমান গছে স্বাভাৱিকভাৱে বালিয়া মাটি ভাল পোৱাৰ বাবে বিভিন্ন মাটিৰ সংমিশ্রণ ঘটাই প্রাকৃতিক অৱস্থাৰ অভাৱ পূৰণ কৰিব পাৰি। বনচাইৰ বাবে মাটি প্রস্তুত কৰোঁতে মূলতঃ পানীধাৰণ ক্ষমতা আৰু বায়ু চলাচল কৰালৈ চকু দিয়াৰ দৰকাৰ।
     বনচাইৰ উপযোগী মাটিবোৰ হ’ল --- ক’লা দোআঁস (Black loam), লঘূ শিলগুটিয়া ( Light gravelery), পচনসাৰযুক্ত মাটি, নৈৰ বালি (River sand) আৰু পাহাৰীয়া বালি (Mountain sand) পথাৰ আৰু বাৰীঘৰৰ ওচৰে- পাজৰে দোআঁস মাটি পোৱা যায় । এনে মাটি এফুট বা দুফুট তলৰপৰা খান্দি আনি ৰ’দত ভালদৰে এসপ্তাহমান শুকুৱাই ল’ব লাগে। পাছত গুৰি কৰি যথাক্রমে চাৰিভাগৰ এক ইঞ্চি, আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি জোখৰ চালনীৰে চালি  তিনিটা ক্রমত ভগাই লোৱা হয় আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি ক্রমতকৈ মিহি মাটি নোলোৱাই ভাল । এই নিয়ম বনচাইৰ সকলো মাটিৰ বাবেই প্রযোজ্য। ৰঙা দোআঁস মাটি আগৰ দৰেই প্রস্তুত কৰি ল’ব লাগেলঘূ শিলগুটিয়া মাটিৰ ৰং ধোঁৱা বা ৰঙচুৱা মুগা বৰয়ৰ। এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বেছি হোৱাৰ উপৰিও বতাহ চলাচল কৰাৰ সহায়ক।
     পচনসাৰযুক্ত মাটিত যথেষ্ট সাৰুৰা হোৱাৰ উপৰিও এনে মাটিত ভালদৰে বতাহ চলাচল কৰিব পাৰে। বনচাইৰ বাবে পাহাৰীয়া বালি নৈৰ বালিতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয়। বিভিন্ন প্রকাৰৰ উদ্ভিদৰ বাবে মাটিৰ মিশ্রণৰ অনুপাত তলত উল্লেখ কৰা হ’ল:-
ক) পাইন গছঃ পাঁচভাগ বালি, ৪ ভাগ ৰঙা দোআঁস , ১ ভাগ ক’লা দোআঁস
খ) অন্যান্য ফুলৰ গছঃ তিনিভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ২ ভাগ ক’লা দোআঁস
গ) ফল-ফুলৰ গছঃ তিনি ভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ১ ভাগ ক’লা দোআঁস আৰু ১ ভাগ বা ২ ভাগ পচন সাৰযুক্ত মাটি। এই অনুপাত প্রতিপালৰ ক্রম অনুসৰি সামান্য সাল-সলনি কৰিও ল’ব পাৰি।
     পাত্রত থকা মাটিৰ খাদ্য সম্ভাৰৰ উভয়নদীতাৰ ওপৰত নির্ভৰ কৰি মাটি সলনি কৰাৰ সময় নিৰূপিত হয়। উদ্ভিদৰ জাতৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত মাটিৰ মিশ্রনেৰে বনচাই ৰোব লাগে যাতে নির্দিষ্ট অন্তর্বত্তী কালচোৱা সুকলমে অতিবাহিত হ’ব পাৰে। উদাহৰণ স্বৰূপে কোনোফাৰ জাতীয় উদ্ভিদৰ বাবে ৫-৬ বছৰ; অন্যান্য চিৰসেউজ আৰু পাতসৰা গছৰ ৩-৪ বছৰ আৰু ফলফুল ধৰা বনচাইৰ বাবে ২-৩ বছৰ।

বনচাই অনুসৰি বিভিন্ন মাটিৰ প্রয়োজনীয় মিশ্রন

পাইন:-
ক) পাহাৰীয়া বা নৈৰ বালি ৬ ভাগ, ৰঙা দোআঁস ৪ ভাগ
খ) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ১ ভাগ,   ক’লা দোআঁস ১ ভাগ
গ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৪ ভাগ।
ওক জাতীয় গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ৫ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৪ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
চিৰসেউজ আৰু পাতসৰা:-
ক) পাহাৰীয়া বা নৈৰ বালি  ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৫ ভাগ, ক’লা দোআঁস ২ ভাগ।
ফল-ফুল ধৰা গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৩ ভাগ।
আগলৈ...



  ম’বাইল: ৮৪৭২০২৪৮১৭