Thursday 30 April 2015

ৰঞ্জিৎ, বাহাদুৰ, লুইত, কপিলী ইত্যাদি::On Ranjit,Bahadur, Luit, Kapilee etc


সেউজী ধৰণী

ৰঞ্জিৎ, বাহাদুৰ, লুইত, কপিলী ইত্যাদি
ডঃ চাদিকুল হুছেইন


 [হায়দৰাবাদত থকা Directorate of Rice Research চমুকৈ যাক DRR বুলি জনা যায় সেই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তী বর্ষৰ লগত সংগতি ৰাখি ১৯৯০ চনত DRR-ৰ ফালৰপৰা পূর্বোত্তৰ ভাৰতত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে এখন বিশেষ আঁচনি যুগুতাই উলিয়াইছিল । Front Line Block Demonstration (FLBD) নামেৰে পৰিচিত এই আঁচনিখনৰ জৰিয়তে অসমত ‘ৰঞ্জিৎ’, ‘বাহাদুৰ’, ‘লুইত’, ‘কপিলী’ আদি জাতবোৰ কৃষকৰ কাষলৈ গৈ যি সমাদৰ পালে তাৰ বাবে  অসমৰ ধানৰ উৎপাদন ক্রমে বৃদ্ধি পাবলৈ ল’লে বুলি ভাবিবলৈ আজি যথেষ্ট থল আছে। এই বছৰটো অর্থাৎ ২০১৫ চনটো DRR-ৰ সোণালী জয়ন্তী বর্ষ । এই শুভক্ষণত ‘প্রান্তিক’ ১-১৫ ফেব্রুৱাৰী, ২০১৩ সংখ্যাত প্রকাশ পোৱা আমাৰ এই লেখাটো ‘সেউজী ধৰণী’ ত পুনৰবাৰ উপলব্ধ কৰা হ’ল আশা ৰাখিছোঁ DRR-য়ে সোণালী জয়ন্তী বৰ্ষত আন এক আঁচনি যুগুতাই অসম তথা দেশৰ কৃষি ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব- লেখক]

       ১৯৯০ চনৰ এপ্রিল মাহৰ তৃতীয় সপ্তাহ । অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰত থকা আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ বিজ্ঞানীসকল অন্য দিনৰ দৰেই পুৱা আহুতলীত থকা পৰীক্ষাবোৰ পৰিদর্শন কৰি আহিবলগীয়া শালি বতৰৰ পৰীক্ষা-নিৰীক্ষাবোৰৰ প্ৰাৰম্ভিক কাম-কাজখিনি যুগুতাই উলিয়াবলৈ নিজ নিজ কোঠাত সোমাই পৰিছে । ঠিক সেই সময়তে অফিছ পিয়নজন খৰধৰকৈ আহি বিজ্ঞানীসকলক জনাই গ’ল যে মুখ্য বিজ্ঞানীয়ে এটা জৰুৰী আলোচনাৰ বাবে সকলোকে ঠিক এঘাৰ বজাত তেখেতৰ কক্ষত উপস্থিত হ’বলৈ কৈছে । মুখ্য বিজ্ঞানীৰ বার্তা পাই সকলোৱে বুজি উঠিল যে এঘাৰ বজাত অর্থাৎ  five minutes to eleven-ত সকলো উপস্থিত হ’ব লাগিব । সেয়েহে সময়ৰ আগে আগে এজন-দুজনকৈ বিজ্ঞানীসকল আহি মুখ্য বিজ্ঞানীৰ কক্ষত উপস্থিত হ’লহি । সকলোৰে মুখত চিন্তাৰ ৰেখা । ইজনে-সিজনক আকাৰে- ইংগিতেৰে এইদৰে মাতি পঠিওৱাৰ কাৰণ সুধিছে । কিন্তু কোনেও একো নাজানে । আনকি আগলি বতৰা পোৱা কেইজনো অজ্ঞ । মুখ্য বিজ্ঞানীগৰাকীয়ে ফাইল এটা মেলি কাগজ-পত্রখিনি চাই আছে । মাজে মাজে দুই-এখনত দাগ দি গৈছে । কোঠাটো নিৰৱ।
       ঠিক এঘাৰ বজাৰ লগে লগে মুখ্য বিজ্ঞানীগৰাকীয়ে চছমাযোৰ খুলি চকু দুটা মোহাৰি সকলোকে এবাৰ চাই কলিং বেলৰ ছুইচটো টিপিলে । অফিছ পিয়নজন সোমাই আহিল । কোঠাটোৰ নিৰৱতা ভংগ কৰি তেখেতে পিয়নজনক কিছুসময়ৰ পাছত চাহ-বিস্কুট আনিবলৈ কৈ ফাইলৰপৰা দুখনমান কাগজ উলিয়াই ল’লে । চাহ-বিস্কুটৰ ব্যৱস্থা কৰিবলৈ কোৱাৰ অর্থ হ’ল মিটিং কিছু দীঘলীয়া হ’ব । কনিষ্ঠ বিজ্ঞানী কেইজনে ইজনে-সিজনলৈ চালে । তেওঁলোকৰ মুখকেইখন দেখি বাকী বিজ্ঞানীসকল হাঁহি থকিল । কাৰণ লাঞ্চ ব্রেকত তেওঁলোকে নিজে ৰান্ধি-বাঢ়ি খায়গৈ। আগতীয়াকৈ এনে খবৰ পালে ব্রেকফাষ্টটো অলপ হেভি কৰি আহে । কিন্তু আজি...
       এনেতে মুখ্য বিজ্ঞানীগৰাকীয়ে আৰম্ভ কৰিলে---good morning everybodyআজি আমি এটা বৰ জৰুৰী আলোচনাৰ বাবে গোট খাইছোঁ। হাইদৰাবাদৰপৰা Project Director-ৰপৰা এখন চিঠি আহিছে। ইতিমধ্যে আমাৰ Director of Research-ৰ লগত তেখেতৰ আলোচনা হৈ গৈছে । এতিয়া university-য়ে আমালৈ চিঠিকেইখন পঠিয়াই দিছে । ...এইবুলি তেখেতে চিঠিকেইখন পঢ়ি গ’ল । চিঠিকেইখনৰপৰা বুজা গ’ল যে ১৯৯০ চনটো Directorate of Rice Research চমুকৈ যাক DRR বুলি জনা যায় সেই কেন্দ্ৰীয় চৰকাৰৰ প্রতিষ্ঠানটোৰ ৰূপালী জয়ন্তী বর্ষ । এই বর্ষৰ লগত সংগতি ৰাখি DRR-ৰ ফালৰপৰা পুর্বোত্তৰ ভাৰতত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে এখন বিশেষ আঁচনি যুগুতাই উলিয়াইছে । অসমত এই আঁচনিখন ৰূপায়ণ কৰাৰ দায়িত্ব অসম কৃষি বিশ্ববিদ্যালয়ক দিছে আৰু বিশ্ববিদ্যালয়ে তিতাবৰত থকা আঞ্চলিক কৃষি গৱেষণা কেন্দ্রক এই দিশত আগ বাঢ়িবলৈ নির্দেশ দিছে ।
             এই কেন্দ্রৰ বিজ্ঞানীসকলে DRR-ৰ সংগী হিচাপে অসমত কাম কৰা বহু বছৰ হ’ল আৰু তেওঁলোকেও পৰোক্ষভাৱে নিজকে DRR-ৰ অংগ বুলি জ্ঞান কৰে। গতিকে DRR-ৰ ৰূপালী জয়ন্তী বর্ষৰ কার্যসূচীত ভাগ ল’বলৈ পোৱাটো তেওঁলোকৰ বাবে আনন্দৰ কথা । সেয়েহে কেনে ধৰণৰ কার্যসূচী ৰূপায়ণ কৰিব লাগিব সেই বিষয়ে জানিবলৈ বিজ্ঞানীসকলে আগ্রহ প্রকাশ কৰিলে ।
       অলপ ৰৈ মুখ্য বিজ্ঞানীগৰাকীয়ে পুনৰ ক’বলৈ আৰম্ভ ধৰিলে। DRR-ৰ ফালৰপৰা কোৱা হৈছে যে বিজ্ঞানীসকলৰ তত্ত্বাৱধানত ধানৰ উন্নত সঁচৰ এলানি প্রদর্শনীমূলক খেতি কৃষকৰ পথাৰত কৰিব লাগিব । তাৰ বাবে ২০-২৫ জনীয়া এটা কৃষকৰ গোট গঠন কৰি একেটা লাটতে ৬০ বিঘা মাটিত খেতি কৰিব লাগিব । বিজ্ঞানীসকলে ৰাজ্যিক কৃষি বিভাগৰ সহযোগত উপযুক্ত পথাৰ নির্বাচন কৰাৰ লগতে আগ্রহী কৃষকৰ গোট গঠন কৰি আঁচনিখন ৰূপায়্ণ কৰিব লাগিব । এই আঁচনিৰ বাবে আৱশ্যক হোৱা বীজ, সাৰ, ঔষধ আদিৰ খৰচ DRR-ৰ ফালৰপৰা বহন কৰা হ’ব । যিহেতু এই আঁচনিখন প্রথমবাৰৰ বাবে হাতত লোৱা হৈছে, সেইবাবে পাঁচ-ছটা স্থানত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰা হ’ব । এই আঁচনিখনৰ নাম দিয়া Front Line Block Demonstration চমুকৈ FLBD ইয়াৰ পাছত মুখ্য বিজ্ঞানীগৰাকীয়ে আঁচনিখনৰ গুৰুত্ব আৰু বিজ্ঞানীসকলৰ দায়িত্বৰ বিষয়ে বুজাই দি কৈ উঠিল---এইটো আমাৰ বাবে এটা ডাঙৰ challengeইমান দিনে আমি প্রধানকৈ নিজৰ কেন্দ্রৰ চাৰিবেৰৰ মাজত থাকি কাম কৰি আছোঁ। এতিয়া এই আঁচনিৰ জৰিয়তে কৃষকৰ মাজলৈ গৈ আমি উদ্ভাৱন কৰা কৌশলবোৰ হাতে-কামে দেখুৱাই দিয়াৰ লগতে কৌশলবোৰৰ মূল্যাংকন কৰাৰ সুযোগ পাইছোঁ । তদুপৰি কৃষকৰপৰা পোৱা feed back ভৱিষ্যতৰ কর্মনির্ধাৰণ কৰাত সহায়ক হ’ব ।
       অসমৰ ধানৰ উৎপাদনৰ হাৰ দেশৰ আনবোৰ ৰাজ্যৰ তুলনাত যথেষ্ট কম । এইদিশত বিভিন্নজনে বিভিন্ন সময়ত অনেক দিহা-পৰামর্শ আগবঢ়াই আহিছে আৰু যথেষ্ট কাম হৈছে । কিন্তু এই আঁচনিখন পর্যালোচনা কৰি দেখা গ’ল যে পূর্বৰ আঁচনিবোৰতকৈ এই আঁচনিখন বহুত দিশত সুকীয়া, যাৰ বাবে সূদূৰপ্রসাৰী প্রভাৱ আশা কৰিব পাৰি । আগৰ আঁচনিবোৰত কৃষকৰ গোট গঠন কৰাৰ পৰিবর্তে এখন ডাঙৰ পথাৰৰ সৰু অংশ এটাত প্রদর্শনীমূলক খেতি কৰা হৈছিল, য’ত এজন বা দুজন কৃষক জড়িত হৈছিল । তদুপৰি এনে প্রদর্শনীবোৰ সততে চকুত নপৰিছিল । কিন্তু FLBD-ৰ অধীনত গঠন কৰা ২০-২৫জনীয়া কৃষকৰ গোটটোৱে ৬০ বিঘাৰ বহল এলেকাত খেতি কৰিলে সহজে আন কৃষকৰ চকুত পৰিব । আনহাতে বিজ্ঞানী-বিষয়া-কৃষক গোটটোৱে অতি নিবিড়ভাৱে কাম কৰাৰ সুযোগ পাব আৰু বহুকেইজন কৃষক সমানে উপকৃত হ’ব । আঁচনিখনৰ এই দিশবোৰলৈ লক্ষ্য ৰাখি বিজ্ঞানীসকল উচ্ছসিত হৈ পৰিল । বিজ্ঞানীসকলৰ উচ্ছাস দেখি মুখ্য বিজ্ঞানীগৰকীয়ে আঁচনিখন কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি সেইবিষয়ে চিন্তা কৰিবলৈ সময় দি সেইদিনাৰ বাবে মিটিং সামৰিলে ।
       দুদিনমানৰ পাছত আঁচনিখনৰ বিষয়ে আলোচনা কৰিবলৈ বিজ্ঞানীসকল পুনৰ লগ হ’ল । বিজ্ঞানীসকলে আঁচনিখনৰ ৰূপায়ণৰ বিষয়ে কিছু চিন্তা-চর্চা কৰি থৈছিল । প্রতেকৰেপৰা শুনাৰ পাছত এই সিদ্ধান্তলৈ অহা হ’ল যে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত আঁচনিৰ কাম আৰম্ভ কৰা হওক আৰু সেই জিলাকেইখনৰ প্ৰত্যেকতে দুটাকৈ মুঠ ছটা স্থান নির্বাচন কৰা হ্ওক । এই দিশত অভিজ্ঞতা থকা বিজ্ঞানী কেইজনক প্রাৰম্ভিক কামখিনিৰ বাবে জিলাকেইখনৰ কৃষি বিষয়াসকলৰ লগত অনতিপলমে যোগাযোগ কৰিবলৈ নির্দেশ দি মুখ্য বিজ্ঞানীগৰাকীয়ে জনালে যে বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু গৱেষণা সঞ্চালক এই আঁচনিৰ প্রতি যথেষ্ট আগ্রহী আৰু আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত money is not a problem
       মুখ্য বিজ্ঞানীগৰাকীৰপৰা পোৱা নির্দেশৰ পাছত জিলাকেইখনৰ জিলা বিষয়া কেইজনক লগ ধৰা হ’ল । আঁচনিখনৰ গুৰুত্ব আৰু ৰূপায়ণৰ পদ্ধতিৰ বিষয়ে জনাৰ পাছত প্রতিজনেই নিজ নিজ কৃষি বিষয়াক বিজ্ঞানীসকলৰ লগ লাগি স্থান নির্বাচন কৰিবলৈ নির্দেশ দিলে । সেইমতে বিজ্ঞানী, কৃষি বিষয়া আৰু সম্প্রসাৰণ কর্মীসকল উপযুক্ত স্থান নির্বাচন কৰা কার্যত নামি পৰিল । প্রথম অৱস্থাত এই কামখিনি অতি সহজ যেন লাগিছিল । কিন্তু যেতিয়াই কৃষকৰ মাজলৈ গৈ আলোচনা কৰা হ’ল তেতিয়াই নানা সমস্যাই দেখা দিবলৈ ধৰিলে । ক’ৰবাত উপযুক্ত স্থান পোৱা গৈছে কিন্তু কৃষকসকল আগ্রহী নহয় । আন ক’ৰবাত কৃষকসকল আগ্রহী কিন্তু পথাৰখন আঁচনিৰ বাবে উপযুক্ত নহয় । আকৌ ক’ৰবাত পথাৰখন উপযুক্ত কিন্তু প্রয়োজন হোৱা মাটিৰ বৃহৎ অংশ এজন বা দুজন কৃষকৰ মাজত আবদ্ধ। এনে হ’লে আৱশ্যক হোৱা কৃষকৰ সংখ্যা ক’ম হ’ব । এনেকুৱা পৰিস্থিতিও পোৱা গ’ল যে মাটিৰ মালিক এজন, কিন্তু খেতি কৰি আছে বেলেগ এজনে । এনে অৱস্থাত খেতি কৰি থকাজন যদিও আগ্রহী মাটিৰ মালিকজনৰ এনে আঁচনিৰ পৰতি কোনো আগ্রহ নাই । গৱেষণাগাৰৰ চাৰিবেৰৰ মাজত থাকি এনেধৰণৰ সমস্যাৰ বিষয়ে বিজ্ঞানীসকল অজ্ঞ । সেয়েহে তেওঁলোক হতাশ হৈ পৰিল । আনহাতে  কৃষি বিষয়া আৰু সম্প্রসাৰণ কর্মীসকলো বিবুদ্ধিত পৰিল । কাৰণ ইয়াৰ আগেয়ে এইদৰে কৃষকৰ গোট গঠন কৰি ৬০ বিঘা মাটিত একে সময়তে খেতি কৰোৱাৰ অভিজ্ঞতা তেওঁলোকৰ নাই । কিন্তু বিজ্ঞানী আৰু বিষয়াসকলে আশা এৰি নিদিলে । হাতত সময় কম । শাওণৰ প্রথম পষেকত ভূঁই ৰুই শেষ কৰিব লাগিব । ধানৰ অধিক উৎপাদনক্ষম সঁচৰপৰা আশানুৰূপ উৎপাদন পাবলৈ হ’লে এনে কৰিবই লাগিব । অন্যথাই উৎপাদন হ্রাস পাব । সেয়েহে জেঠ মাহৰ ৰ’দ-বৰষুণলৈকো ভ্রূক্ষেপ নকৰি তেওঁলোক নিজ কর্তব্যত লাগি থাকিল । নিতৌ নতুন নতুন অঞ্চললৈ যাবলৈ ধৰিলে। য’তেই উপযুক্ত পথাৰ দেখিছে ত’তেই কৃষকক লগ ধৰি আঁচনিখনৰ বিষয়ে বুজাই আগ্রহী কৰি তুলিবলৈ চেষ্টা কৰিছে । এঠাইত যদি সফল হৈছে দুঠাইত বিফল হৈছে । ন ন অভিজ্ঞতা সঞ্চয় কৰি তেওঁলোক কৃষকৰ মাজত ঘুৰি ফুৰিল । অৱশেষত সময় উকলি যোৱাৰ আগে আগে তেওঁলোক সফল হ’ল । নির্বাচিত প্রতিটো স্থানতে কৃষকে সঠিক সময়ত বীজ যোগান ধৰাত গুৰুত্ব দিলে । সেই মতে সকলো স্থানলৈ তিতাবৰৰপৰা বীজ পঠিওৱা হ’ল ।



        আঁচনি অনুসৰি কঠীয়া সিঁচাৰ আগে আগে প্রতিটো স্থানত বিজ্ঞানীৰদ্বাৰা প্রশিক্ষণ দিয়াৰ ব্যৱস্থা আছে । সেয়েহে বীজ পঠিয়াই উঠি বিজ্ঞানীসকল প্রশিক্ষণৰ কার্যসূচী লৈ ব্যস্ত হৈ পৰিল । প্রশিক্ষণৰ দিন-বাৰ ঠিক কৰিবলৈ গৈ তেওঁলোক আকৌ এবাৰ উজুটি খালে । কেউটা স্থানৰ বাবে প্রশিক্ষণৰ দিন স্থিৰ কৰাৰ পাছত হঠাৎ খবৰ আহে অমুক দিনটোত প্রশিক্ষণ দিব পৰা নাযাব । কাৰণ সেই দিনটো সেই অঞ্চলৰ সাপ্তাহিক বজাৰৰ দিন । কৃষকসকলৰ অধিক সংখ্যক উপস্থিত থাকিব নোৱাৰিব । আনহাতে তেওঁলোকে প্রস্তাৱ কৰা তাৰিখত বিজ্ঞানীসকল প্রশিক্ষণৰ বাবে আন স্থানলৈ যাব । আন এদিন খবৰ আহে প্রশিক্ষণৰ সময় পাছবেলালৈ নিয়া যাওক । কাৰণ আগবেলা কৃষকসকল পথাৰত ব্যস্ত থাকিব । তদুপৰি প্রশিক্ষণৰ স্থান হিচাপে ঠিক কৰা প্রথমিক বিদ্যালয়খন পাছবেলালৈ আজৰি হ’ব । এই আঁচনিখন অসম কৃষি বিভাগৰ পূর্ণ সহযোগত ৰূপায়ণ কৰিব লাগিব । গতিকে কৃষি বিভাগৰ বিষয়া কর্মীসকলৰ সুবিধা-অসুবিধালৈকো লক্ষ্য ৰাখিব লাগিব। অসমৰ প্রতিজন কৃষি বিষয়াই প্রতি মাহত পূর্বনির্ধাৰিত দিনত নিজ নিজ কৃষিচক্রৰ সম্প্রসাৰণ কর্মীসকলক লগ ধৰি তেওঁলোকৰ কাম-কাজৰ বুজ লয়। সেইদৰে কর্মীজনেও নিজ এলেকাৰ কৃষকসকলক নির্দিষ্ট দিনত লগ ধৰিব লাগে । তদুপৰি ৰাজ্য চৰকাৰৰ শনিবৰীয়া বন্ধবোৰৰ দৰে বিশ্ববিদ্যালয়ৰ বন্ধ নাই যদিও সেই দিনটোত কৃষি বিষয়া আৰু কর্মীসকলক প্রশিক্ষণ আদিৰ সময়ত বিচৰাটো উচিত নহয় । এনে বহু স্থানীয় সমস্যাৰ মাজেদি বাট উলিয়াই কঠীয়া পৰাৰ আগে আগে কেউটা স্থানত প্রশিক্ষণক্ষ দিয়া হ’ল ।
       প্রতিটো প্রশিক্ষণত কৃষক ৰাইজৰ উৎসাহ দেখি বিজ্ঞানীসকলৰ মনত বৰ আনন্দ লাগিল । অৱশ্যে সেই আনন্দৰ মাজতো তেখেতসকল চিন্তিত হৈ থাকিল । গৱেষণাকেন্দ্রত বিজ্ঞানীসকলৰ তত্ত্বাৱধানত পোৱা ফলাফল কৃষকৰ পথাৰত পোৱা যাবনে? ইতিমধ্যে দুই-চাৰিজনে পৰোক্ষভাৱে কৈ থৈছে...এই নতুন জাত দুটাৰপৰা যদি ধানৰ উৎপাদন আগৰ বছৰৰ তুলনাত কম হয় তেন্তে ক্ষতিপূৰণ দিব লাগিব । কৃষকক দিয়া ‘লখিমী’ আৰু ‘বিৰাজ’ নামৰ জাত দুটাৰ ওপৰত বিজ্ঞানীসকলৰ যথেষ্ট আস্থা আছে । কিন্তু কিবা কাৰণত যদি উৎপাদন কম হয় তেন্তে অধিক উৎপাদনক্ষম জাতৰ প্রতি কৃষকৰ আস্থা কমি যাব আৰু এনে হ’লে পাছলৈ অনেক চেষ্টা কৰিও কৃষকক এনে জাতৰ প্রতি আগ্রহী কৰি তুলিব পৰা নাযাব । সাৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছা নকৰা কেইজনে সম্প্রসাৰণ কর্মীজনৰ কথাত বৰকৈ পতিয়ন নগৈ বিজ্ঞানীসকলক সুধিছেহি ---সাৰ দিলে মাটি বেয়া হ’ব নেকি? ভূঁই শাৰী পাতি ৰুব লাগিব বুলি জানি প্রশিক্ষণলৈ অহা আইসকলৰ মনবোৰ মৰহি যোৱা দেখা গ’ল । তথাপি প্রতিটো স্থানতে আঁচনিখনৰ প্রতি আগ্রহ থকা আগৰণুৱা কৃষকৰ অভাৱ নঘটিল । কৃষক ৰাইজে ইচ্ছা কৰা মতে সাৰ যোগানৰ দায়িত্ব স্থানীয় সাৰ ব্যৱসায়ীক দিয়া হ’ল । তেওঁলোকেও সঠিক সময়ত সাৰ যোগান দিয়াৰ প্রতিশ্রুতি দিয়াত বিজ্ঞানীসকলে সকাহ পালে ।
  




       এইদৰে সকলোৰে সহযোগত FLBD নামৰ আঁচনিখন ৰূপায়ণৰ কাম লাহে লাহে এটা নির্দিষ্ট দিশত আগবাঢ়িল । প্রতিটো স্থানতে ন-ভূঁই ৰোৱাৰ দিনা বিজ্ঞানীসকল উপস্থিত থাকি কৃষকসলক হাতে-কামে দেখুৱাই সহায় কৰি গ’ল । শাৰী পাতি ৰুবলৈ অসুবিধা পোৱাত আইসকলক ‘ৰোৱতী’ নামৰ সঁজুলিবিধ ব্যৱহাৰ কৰি কেনেদৰে অতি সহজে শাৰী শাৰীকৈ গোছা ৰুব পাৰি দেখুৱাই দিলে । প্রশিক্ষণৰ সময়ত দেখুৱাই দিয়া এইবিধ সঁজুলি দুই-চাৰিজনে নিজে সাজি লোৱাও দেখা গ’ল । প্রতিটো স্থানতে ন-ভূঁই ৰোৱাৰ দিনটো উৎসৱমুখৰ হৈ পৰিল । আইসকলৰ উৰুলিৰ লগে লগে স্থানীয় বয়োবৃদ্ধজনে প্রথমটো গোছা ৰুই আর্শীবাদ দিলে । এনে এটা পৰিবেশ দেখি বিজ্ঞানীসকল অভিভূত হৈ পৰিল । ৰাইজে হাঁহ মাৰি বিজ্ঞানী- বিষয়াসকলক ভাত এসাঁজ খুৱাই তেওঁলোকৰ কৃতজ্ঞতা প্রকাশ কৰিলে । 
       লাহে লাহে ‘লখিমী’ আৰু ‘বিৰাজ’ৰ গোছাবোৰ ঠন ধৰি উঠিল । গোছাবোৰৰ ৰেহ-ৰূপ চাই কৃষকসকলৰ মনত আনন্দ লাগিল । দুই-একে পথাৰত ফলক একোখন লগাবলৈ বিচাৰিলে । উৎসাহী কোনোবাজনে Front Line Block Demonstration-ৰ অসমীয়া অনুবাদ ‘আগশাৰীৰ প্রদর্শনীমূলক খেতি’ কৰিলে আৰু সেই মতে ফলক একোখন পথাৰত ঠিয় কৰালে । কৃষকৰ উৎসাহ বিজ্ঞানীসকলে ফলকৰ একোটা আর্হি প্রস্তুত কৰিলে য’ত হায়দৰাবাদৰ আর্থিক সাহায্য আৰু ৰাজ্যিক কৃষি বিভাগৰ সহযোগৰ কথা উল্লেখ থাকিল । ফলকৰ বাবদ হোৱা খৰচ আঁচনিভুক্ত কৰা হ’ল ।
       বিজ্ঞানীসকলে ঘনাই পথাৰবোৰ চাই থাকিল । ক’ৰবাত কিবা বিজুতি দেখিলে কৃষকক দেখুৱাই দিয়ে । পোখা মেলাৰ সময়ত ইউৰিয়া সাৰৰ top dressing কৰা হ’লনে নাই চাই গ’ল। পোক-পৰুৱা, বেমাৰ-আজাৰৰ লক্ষণবোৰ দেখুৱাই থাকিল । এই ব্যাধিবোৰ দেখাৰ লগে লগে যে বাছ-বিচাৰ নকৰাকৈ ঔষধ ছটিয়াব নালাগে সেই বিষয়ে বুজাই গ’ল । দুই- এডৰাত আক্রমণৰ মাত্রা বেছি হোৱা দেখি কোনবিধ ঔষধ কিমান পৰিমাণৰ পানীত মিহলাই কেনেদৰে আৰু কেতিয়া ছটিয়াব লাগিব বুজাই দিলে । এইদৰে বিজ্ঞানী আৰু বিষয়াসকলে পথাৰবোৰ চাই থাকিল ।
       হঠাৎ খবৰ আহিল---কৃষকৰ পথাৰত ‘লখিমী’ আৰু ‘বিৰাজ’ৰ গেঁৰ ধৰা নাই। লগে লগে বিজ্ঞানীসকলে ঢাপলি মেলিলে । গৈ দেখে যে সকলো ঠিকেই আছে। অধিক উৎপাদনক্ষম জাতবোৰৰ গেঁৰ ধৰা কার্যটো থলুৱ জাতৰ দৰে ওপৰে ওপৰে চালে দেখা নাযায়; পোখাবোৰ মেলি দিলেহে দেখা যায় । ৰাইজে এই সৰু ভুলটো দেখি লাজতে নাক মোহাৰিলে ।
 


       লাহে লাহে .লখিমী’ আৰু ‘বিৰাজ’ৰ ফুল ফুলিল আৰু এদিন পথাৰখন সোণ বৰণীয়া হৈ জিলিকি উঠিল । লগে লগে কৃষক-বিজ্ঞানী-বিষয়া সকলোৰে মুখবোৰ আনন্দত জিলিকি উঠিল । ৰাইজে খেতি চপাবলৈ দিন-বাৰ ঠিক কৰিলে । বিজ্ঞানীসকলৰ ফালৰপৰা ‘পথাৰ-দিৱস’ পাতিবলৈ স্থিৰ কৰি দাঁতিকাষৰীয়া কৃষকক সেই দিৱসলৈ নিমন্ত্ৰণ কৰিবলৈ ৰাইজক পৰামর্শ দিলে । ‘পথাৰ-দিৱস’ৰ দিনা সকলোৱে ‘লখিমী’ আৰু ‘বিৰাজ’ৰ থোকবোৰ চাই আনন্দ পালে । আঁচনিভুক্ত হ’বলৈ ইচ্ছা নকৰা কেইজনে নিজৰ দোষ স্বীকাৰ কৰি ভৱিষ্যতৰ এনে আঁচনিত যোগ দিবলৈ আগ্রহ প্রকাশ কৰিলে । বিজ্ঞানীসকলে পথাৰৰ মাজে মাজে খুঁটি পুতি ধান চপাই দেখে যে গড় হিচাপত ‘লখিমীৰপৰা প্রতি হেক্টৰত ৪৫ কুইণ্টল আৰু ‘বিৰাজ’ৰপৰা ৩৬ কুইণ্টল ধান পোৱা গৈছে । আনহাতে কাষতে থকা থলুৱা জাতৰ উৎপাদন এই দুবিধতকৈ প্রায় ৫০% কম । ৰাইজে মিটিং পাতি কথাটো সদৰি কৰিলে আৰু ভোগালীৰ ভোজ এটাৰ আয়োজন সেইদিনাই কৰিলে । বিজ্ঞানীসকলে ‘পথাৰ-দিৱস’ আৰু ভোজৰ সমস্ত খৰচ আঁচনিভুক্ত কৰি ৰাইজলৈ সহায়-সহযোগৰ বাবে ধন্যবাদ যাচিলে ।


       প্রথম বছৰতে এনে সাফল্যৰ মুখ দেখি বিজ্ঞানীসকলৰ বৰ আনন্দ লাগিল । তিতাবৰলৈ উভতি অহাৰ পথত মুখ্য বিজ্ঞানীগৰাকীৰ প্রশংসাসূচক মন্তব্যই সহযোগী বিজ্ঞানীসকলক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতৰ কার্যসূচীৰ বাবে নতুন উদ্যম দিলে । এইদৰে অসমৰ তিনিখন জিলাত ১২০ জন কৃষকক জড়িত কৰি FLBD নামৰ আঁচনিখন সফলভাৱে ৰূপায়ণ হয় আৰু এই সফলতাই অসমৰ পথাৰত অধিক উৎপাদনক্ষম ধানৰ জাত ব্যৱহাৰ কৰিবলৈ কৃষকক কিছু পৰিমাণে মানসিকভাৱে প্রস্তুত কৰিলে বুলি ভাবিবলৈ আজি যথেষ্ট থল আছে ।
        উত্তৰ-পূব ভাৰতত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা FLBD নামৰ অভিলাসী আঁচনিখনৰ সাফল্য দেখি হায়দৰাবাদৰ ধান গৱেষণা সঞ্চালকালয়ে  সন্তোষ প্রকাশ কৰিলে আৰু ধানৰ নতুন জাত এবিধ লৈ দ্বিতীয় বছৰৰ বাবেও আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয় । সেই মর্মে বিজ্ঞানীসকল IET-8002 নামৰ জাতবিধ লৈ আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িল । এইবাৰ পূর্বৰ জিলাকেইখনৰ উপৰিও ডিব্রুগড় জিলাকো আঁচনিভুক্ত কৰা হ’ল । প্রথম বছৰৰ অভিজ্ঞতাই কৃষকৰ গোট গঠন আৰু পথাৰ নির্বাচন কৰাত যথেষ্ট সহায়্ কৰিলে । নিজাববীয়াকৈ বাহন নথকা সত্ত্বেও প্রথম বছৰ আঁচনিখন সফলভাৱে ৰূপায়ণ কৰা দেখি হায়দৰাবাদৰ ধান গৱেষণা সঞ্চালকালয়ে  তিতাবৰৰ কেন্দ্রক এখন নতুন বাহন দিলে । মাজবাটত গাড়ী ঠেলা, বিকল গাড়ী কোনোবা গেৰেজত থৈ বেলেগ গাড়ী যোগান কৰি কাম শেষ কৰি মাজনিশা ঘৰ আহি পোৱা সমস্যাবোৰৰ অন্ত পৰিল । নতুন মহীন্দ্রা জীপখন পূবে খোৱাং আৰু পশ্চিমে কাজিৰঙাৰ মাজত দৌৰি থাকিল । বিজ্ঞানীসকলে পথাৰ পৰিদর্শন কৰি থকাৰ লগতে কৃষকৰ লগত ভাবৰ আদান-প্রদান কৰি থাকিল । ধান চপাই দেখা গ’ল এইবিধ জাতৰ গড় উৎপাদন কাষতে থকা থলুৱা জাততকৈ ৬০% বেছি । এনে উৎপাদন দেখি কৃষকসকল অধিক উৎপাদনক্ষম জাত আৰু আধুনিক কৃষি পদ্ধতিৰ প্রতি আগ্রহশীল হোৱা পৰিলক্ষিত হ’ল ।
        আঁচনিখনৰ সফল ৰূপায়ণ দেখি DRR-এ কৃষি বিশ্ববিদ্যালয়ক অসমৰ জলবায়ুৰ লগত আৰু অধিক খাপ খোৱা স্থানীয়ভাৱে উদ্ভাৱন কৰা জাত আঁচনিভুক্ত কৰিবলৈ পৰামর্শ দিয়ে । ইতিমধ্যে তিতাবৰৰ বিজ্ঞানীসকলে অসমৰ বাবে উপযোগী ধানৰ জাত উদ্ভাৱন কার্যত বহুখিনি আগবাঢ়ি আছিল । মুখ্য বিজ্ঞানীগৰাকীৰ নির্দেশত এনে পৰীক্ষাবোৰৰ ফলাফলবোৰ পর্যালোচনা কৰি দেখা গ’ল যে ১৯৮২ চনত আৰম্ভ কৰা TTB-101 শৃংখলাৰ পৰীক্ষালানি প্রায় শেষ পর্যায় পাইছেহি । এই শৃংখলাৰ বিছবিধ breeding line নিজা পামৰ লগতে কৃষকৰ পথাৰতো পৰীক্ষা হৈ গৈছে । ফলাফলবোৰ জুকিয়াই চাই বিজ্ঞানীসকলে ইয়াৰ পাঁচবিধক জাত হিচাপে স্বীকৃতি দিবলৈ স্থিৰ কৰি pipe line variety ৰূপে থ’লে । মুখ্য বিজ্ঞানীগৰাকীয়ে এই পাঁচবিধক আঁচনিভুক্ত কৰিবলৈ পৰামর্শ দিলে ।
       ঠিক এইসময়তে সেই পাঁচবিধৰ উপযুক্ত নাম একোটাৰ প্রয়োজন হৈ পৰিল । শেহতীয়াকৈ এই কেন্দ্রই অসম কৃষি মহাবিদ্যালয়ৰ প্রথমজনা স্থায়ী অধ্যক্ষ ডক্টৰ মাধৱ চন্দ্র দাসৰ মধুৰ স্মৃতিত ‘মাধৱ’ নামৰ জাতটো কৃষকৰ মাজলৈ আগবঢ়াইছিল। সেয়েহে মুখ্য বিজ্ঞানীগৰাকীয়ে গুণীজনৰ নামত জাতকেইবিধৰ নামকৰণ হোৱাটো বিচাৰিলে বিজ্ঞানীসকলে স্থিৰ কৰিলে যে স্বাধীনতা আৰু ভাষা আন্দোলনৰ লগত জড়িত অসমৰ বীৰ পুৰুষসকলৰ নামেৰে এই জাতকেইটাৰ নামকৰণ কৰা হওক । প্রায় একে উশাহতে কুশল কোঁৱৰৰ নামত ‘কুশল’, মণিৰাম দেৱানৰ নামত ‘মণিৰাম’, পিয়লি ফুকনৰ নামত ‘পিয়লি’ আৰু বাহাদুৰ গাঁওবুঢ়াৰ নামত ‘বাহাদুৰ’ নামকেইটা প্ৰস্তাৱ আৰু গৃহীত হৈ গ’ল । পঞ্চমটো নামৰ বাবে থমকি ৰওঁতে কোনোবাএজনে কৈ উঠিল ভাষা আন্দোলনৰ ছহিদ ৰঞ্জিৎ বৰপূজাৰীৰ নামত ‘ৰঞ্জিৎ’ ৰখা হওক । কেউজনেই অসমৰ ৰাইজৰ পৰিচিত আৰু কেউজনৰে নামৰ লগত অসমৰ একো একোটা ইতিহাস জড়িত আছে । সেই ইতিহাস স্মৰণ কৰি বিজ্ঞানীসকল কিছু নষ্টালজিক হৈ পৰিল । এয়া দেশ আৰু মাতৃভূমিৰ বাবে জীৱন আহুতি দিয়া কেইজনৰ প্রতি তেখেতসকলৰ শ্রদ্ধাঞ্জলি । আজি প্রায় দুটা দশকৰ পাছত অনুভৱ কৰিছোঁ অতি নির্মল অন্তৰেৰে যচা সেই শ্রদ্ধাঞ্জলিৰ প্রতিদানৰূপে সেই সকল ছহিদৰ আশীৰ্বাদ যেন এই কেন্দ্রই অহর্নিশে পাই আছেকাৰণ ১৯৯৪ চনত FLBD আঁচনিৰ মাধ্যমেৰে পোন প্রথমবাৰৰ বাবে কৃষকৰ কাষলৈ যোৱা সেই জাতকেইবিধৰ উপৰিও এই কেন্দ্রই উদ্ভাৱন কৰা আন বহুবিধ ধানৰ জাত অসমৰ কৃষকৰ অতি প্রিয় হৈ উঠিছে । ‘ৰঞ্জিৎ’ আৰু বাহাদুৰ’ নামৰ জাত দুবিধে প্রথম বছৰতে থলুৱা জাততকৈ ৬৬% অধিক উৎপাদন দিবলৈ সক্ষম হ’ল । সেই দৰে ‘মণিৰাম’, ‘কুশল’ আৰু ‘পিয়লি’ৰ উৎপাদন থলুৱা জাততকৈ ৫০-৫৫% বেছি পোৱা গ’ল ।



       অসমৰ পথাৰত এই জাতকেইবিধৰ ফলাফল দেখি বিজ্ঞানীসকলে প্রতি বছৰে বিশটা এনে প্রদর্শনীমূলক খেতি কৰিবলৈ স্থিৰ কৰিলে । আঁচনিৰ পৰিসৰ বাঢ়ি যোৱালৈ লক্ষ্য ৰাখি মুখ্য বিজ্ঞানীগৰাকীয়ে কৃষি সম্প্রসাৰণ বিশষজ্ঞৰদ্বাৰা বিজ্ঞানীসকলৰ বাবে এটা প্রশিক্ষণৰ ব্যৱস্থা কৰিলে । এই প্রশিক্ষণে বিজ্ঞানীসকলক যথেষ্ট সহায় কৰিলে আৰু ১৯৯৫ চনত অসমৰ এঘাৰখন জিলাত বিশটা প্রদর্শন অতি সফলবাৱে ৰূপায়ণ কৰিলে । তেতিয়ালৈকে কেৱল ব্রহ্মপুত্র উপত্যকাত আৱদ্ধ থকা আঁচনিখন ১৯৯৬ চনত বৰাক উপত্যকালৈকো প্রসাৰিত কৰা হয় । শালিখেতিৰ বাবে গ্রহণ কৰা এই আঁচনিখনৰ সফল ৰূপায়ণ দেখি মুখ্য বিজ্ঞানীগৰাকীয়ে আহু আৰু বৰোখেতিৰ বতৰত আঁচনিখন ৰূপায়াণ কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে সহযোগীসকলৰ সৈতে আলোচনা কৰিলে ।  ইতিমধ্যে এই কেন্দ্রই আহু আৰু বৰোখেতিৰ বাবেও অধিক উৎপাদনক্ষম জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল । সেয়েহে ১৯৯৭ চনত আহু আৰু বৰোৰ বতৰত আঁচনিখন ৰূপায়ন কৰাৰ সিদ্ধান্ত লোৱা হয় ।
        এইদৰে ১৯৯০ চনত শালিখেতিৰ বতৰত তিনিখন জিলাত ১২০ জন কৃষকক জড়িত কৰি আৰম্ভ কৰা FLBD নামৰ আঁচনিখনৰ পৰিসৰ ক্রমে বাঢ়ি গ’ল আৰু ২০০৮ চনলৈকে ১৯খন জিলাত ৩৩৬টা স্থানত ৪২১৪জন কৃষকক জড়িত কৰি অতি সফলভাৱে ৰূপায়িত হ’ল । নিৰৱে আগবঢ়া এই আঁচনিৰ মাধ্যমেৰে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ধানৰ জাতবোৰ নিজ গুণৰ বলত কৃষকৰ প্রিয় হৈ পৰিল । বর্তমান অসমত শালিৰ বতৰত কৃষকে ব্যৱহাৰ কৰা অধিক উৎপাদনক্ষম জাতবোৰৰ ভিতৰত TTB-101 শৃংখলাৰ জাত কেইবিধৰ প্রধান্যই বেছি আৰু বহু অঞ্চলত ‘ৰঞ্জিৎ’ ধানে কৃষকৰ প্রিয় ‘মাচুৰী’ জাতৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । অসমৰ কৃষকৰ মাজত এইবিধ জাতৰ চাহিদা বৃদ্ধি হোৱালৈ চাই এয়া এক প্রকাৰ phenomenon বুলিব পাৰি । উল্লেখযোগ্য যে ‘ৰঞ্জিৎ’ জাতৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি পশ্চিমবংগৰ পল্লশ্রী নামৰ বীজ পামখনে কিছু বছৰৰ আগেয়ে তিতাবৰৰপৰা বীজ সংগ্রহ কৰি বর্তমান বংগৰ কৃষকৰ মাজত ব্যৱসায় কৰি আছে । ঠিক সেইদৰে উৰিষ্যাৰ কটকত থকা কেন্দ্রীয় ধান গৱেষণা প্রতিষ্ঠানৰ বিভিন্ন আঁচনিৰ মাধ্যমেদি ‘ৰঞ্জিৎ’ ধান সেই ৰাজ্যত জনপ্রিয় হৈ পৰিছে আৰু ‘shuttle breeding programme’ নামৰ আঁচনিৰ মাজেৰে বিহাৰতো প্রসাৰ লাভ কৰিছে । তদুপৰি নাগালেণ্ড চৰকাৰে ‘ৰঞ্জিৎ’ ধানৰ বীজ তিতাবৰৰপৰা সংগ্রহ কৰি নিজ ৰাজ্যত কৃষকৰ মাজত বিতৰণ কৰিছে । এয়া অসম তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ বাবে অতি গৌৰৱৰ বিষয় । কাৰণ ইয়াৰ আগলৈকে এইদৰে অসমৰ বাহিৰৰ কোনো চৰকাৰী নাইবা বেচৰকাৰী প্রতিষ্ঠানে অসমৰপৰা বীজ সংগ্রহ কৰি নিজ ৰাজ্যত ব্যৱহাৰ কৰা নাছিল ।
 

 
 

      



১৯২৩ চনতে তিতাবৰত স্থাপন হোৱা এই কেন্দ্রটোৰ সৈতে লাহে লাহে কৃষকৰ নতুনকৈ পৰিচয় হয় আৰু উৎকৃষ্ট মানৰ ধানৰ বীজ বিচাৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰপৰা কৃষক এই কেন্দ্রলৈ আহিবলৈ ধৰিলে । FLBD আঁচনিখন আগবঢ়াৰ লগে লগে বিভিন্ন পৰিস্থিতিৰ বাবে উদ্ভাৱন কৰা জাতবোৰৰ প্রদর্শনীমূলক খেতি বিভিন্ন অঞ্চলত হৈ থাকিল । ‘লাচিত’,’চিলাৰায়’, ‘জয়মতী’, ‘কনকলতা’, ‘লুইত’, ‘কপিলী’, ‘গীতেশ’, আদি জাতবোৰৰ সৈতে ৰাইজক পৰিচিত কৰি গৈ থকা হ’ল । তাৰ লগে লগে বিজ্ঞানীসকলে ‘কেতেকীজহা’, ‘আঘোণীবৰা’, ‘দিচাং’, ‘জলকুঁৱৰী’, ‘জলশ্রী’ আদি জাতবোৰৰ বিষয়ে কৃষকক অৱগত কৰি থাকিল । এই কেন্দ্রৰ ৰেকর্ড বহীৰপৰা দেখা গৈছে যে ১৯৯০-৯১ চনৰ আঢ়ৈ কুইণ্টল ধানৰ বিপৰীতে ২০১০-১১ চনত ৭৭ মেট্রিক টন ধান বীজ হিচাপে কৃষকে এই কেন্দ্রৰপৰা  পোনপটীয়াকৈ সংগ্রহ কৰিছে । এইদৰে গৱেষণা কেন্দ্রৰপৰা কৃষকে নিজাববীয়াকৈ বীজ সংগ্রহ কৰিবলৈ অহাটো অসমৰ কৃষিৰ বাবে শুভ লক্ষণ । এই সকলোখিনি সম্ভৱ হৈছে FLBD নামৰ আঁচনিখনে আনি দিয়া সুযোগৰ সদ্ব্যৱহাৰ আৰু ৰঞ্জিৎ-বাহাদুৰ-লুইত-কপিলী আদি জাত উদ্ভাৱন কৰি কৃষকক ধানৰ অধিক উৎপাদনক্ষম জাতৰ লগতে আধুনিক কৃষি কৌশলৰ প্রতি আগ্রহী কৰি তুলিব পৰা এচাম কৃষি বিজ্ঞানীৰ আশাশুধীয়া প্রচেষ্টাৰ বাবে । কৃষকৰ মনোভাবৰ এনে পৰিবর্তন দেখি আমি নিশ্চিত হৈছোঁ যে উৎকৃষ্ট মানৰ বীজ আৰু প্রয়োজনীয় কৃষি কৌশলৰ সম্ভেদ পালে আমাৰ কৃষকে ৰাজ্যলৈ সেউজ বিপ্লৱ আনি “Assam is green but there is no green revolution” জাতীয় ভ্রূকুটিৰ প্রত্যুত্তৰ দিব পাৰিব । এটা দশকৰো অধিক কাল এই আঁচনিৰ লগত জড়িত থাকি অনুভৱ কৰিছোঁ যে কৃষকক এই দিশত আগবঢ়াই নিবলৈ ৰাজ্যিক কৃষি বিভাগত যিদৰে যথেষ্ট নিষ্ঠাবান বিষয়া-কর্মী আছে, ঠিক সেইদৰে কৃষিক বৃত্তি হিচাপে লৈ নিজৰ লগতে ৰাজ্যৰ অর্থনীতি সবল কৰি তুলিব পৰাকৈ অগণন পৰিশ্রমী কৃষকো আছে । মাথোঁ লাগে এখন নিখুঁত আঁচনি আৰু সবল নেতৃত্ব ।

 উপ-প্রকল্প সঞ্চালক (আত্মা), তিনিচুকীয়া জিলা:: ম’বাইল-৯৪৩৫১৩৫৬৩১