Monday 30 June 2014

অসমত ফুলৰ বিকল্প ব্যৱহাৰ---কিছু চিন্তা:: On various uses of Flower

সেউজী ধৰণী

অসমত ফুলৰ বিকল্প ব্যৱহাৰ---কিছু চিন্তা



ডঃ সুনীল কুমাৰ বড়া

       ফুল উদ্ভিদৰ এক অতি সংবেদনশীল প্রাণস্পর্শী অংগ। ইয়াৰ প্রয়োজন কেৱল প্রজননৰ বাবে। প্রজনৰৰ প্রক্রিয়া সুগম কৰিবলৈ ই ধাৰণ কৰে ৰঙৰ বিনন্দীয়া ৰূপ। এই ৰূপত বিভোৰ হৈ আকর্ষিত হয় অনেক কীট-পতংগ আৰু অলক্ষিতে ৰচে সৃষ্টিৰ অন্তহীন দলিচা। এনেকৈয়ে চলি থাকে উদ্ভিদত সৃষ্টিৰ অভিলেখ। কিন্তু জীৱশ্রেষ্ঠ মানুহে ফুলক নিজৰ আয়ত্বত ৰাখি অতীতৰে পৰা নিজৰ অভিলাস চৰিতার্থ কৰি আহিছে আৰু বর্তমান মানৱ সমাজৰ বাবে ফুল হৈ পৰিছে সকলো ইন্দ্রিয় সুখৰ সেঁতু, ই সৌন্দর্যৰ প্রতীক, যোগাযোগৰ মাধ্যম, আগমন আৰু প্রত্যাগমনৰ পৰিবাহক। অর্থাৎ মানৱ জীৱনৰ  লগত সাঙুৰখাই থকা প্রতিটো পৰিঘটনাতে ফুলৰ ব্যৱহাৰে ইয়াৰ অধিক চিৰস্মৰণীয় কৰি তুলিছে। সৌন্দর্য অৱলোকনৰ বাহিৰেও ই খাদ্য হিচাপে মানৱ দেহত পৰিপুষ্টি যোগায়, ঔষধ হিচাপে দেহৰ ৰোগ প্রতিৰোধ কৰে আৰু প্রসাধনৰ সামগ্রী হিচাপে ৰূপ চর্চাত প্রয়োগ হয়। ইয়াৰ দর্শনে আমাক মানসিক পৰিশ্রান্তি দিয়ে আৰু দেহমন পুলকিত কৰি শৰীৰৰ অন্তর্দ্দাহ নিবাৰণ কৰে।

       অসমত বর্তমান সময়চোৱাত ফুলৰ ব্যৱহা্ৰ খুউব সীমিত; কিছুমান নির্দিষ্ট পৰিসৰত আৱদ্ধ। সেয়েহে ইয়াৰ বিকল্প ব্যৱহাৰৰ কথা এতিয়াও গভীৰভাবে অনুভৱ হোৱা নাই। আনহাতে অসমৰ ফুলৰ বজাৰখন বা ইয়াৰ খেতিৰ সামূহিক প্রসাৰলৈ লক্ষ্য কৰিলে অনুমান হয় যে সুদুৰ ভৱিষ্যতে বিভিন্ন কাৰণত ফুলৰ বজাৰখনলৈ স্থবিৰতা নামিব পাৰর। কাৰণসমূহ ফঁহিয়াই চালে দেখা যে ফুলখেতি অসমৰ কৃষকৰ বাবে আজিও এক অপৰাম্পৰাগত কৃষি কার্য যিহেতু ই আমাৰ দৈনন্দিন পৰিপুষ্টিৰ লগত পোনপটীয়াকৈ জড়িত নহয়। চিঙাৰ পাছত ইয়াৰ ব্যৱহৰিক উপযোগিতা উপযুক্ত সংৰক্ষণৰ অভাৱত ততকালে কমে। এনে পটভূমিত আৰু এখন সু-সংগঠিত বজাৰৰ অভাৱত ফুলখেতিক ব্যৱসায়িক দৃষ্টিৰে গ্রহণ কৰিবলৈ আজিও প্রাৰম্ভিক অৱস্থাত কৃষকসকলে চিন্তা-চর্চাৰ সন্মুখীন হয়।

       গুৱাহাটী অসমৰ ফুলৰ বজাৰখনৰ মূলকেন্দ্র। আনহাতে বজাৰখন অনিয়ন্ত্রিত। ফুলৰ যোগান আৰু চাহিদাৰ টনা আজোৰাৰ বাবে বজাৰ সদায় ঢৌ খেলোৱা। বজাৰত ফুলৰ বিক্রি  সামাজিক বিধি বা অনুষ্ঠান আদি উদযাপনৰ ওপৰত সম্পূর্ণভাবে নির্ভৰশীল। দেখা যায় যে ব্যক্তিগত চাহিদাৰ বাবে মুঠ গ্রাহকৰ শতকৰা এক শতাংশৰো কম গ্রাহকেহে এথোপা ফুল কিনি নিজৰ ঘৰত ব্যৱহাৰ কৰে। এনেক্ষেত্রত ৰাজ্যৰ সাধাৰণ নাগৰিকৰ ৰুচিবোধ সলনি নহ’লে ফুলৰ থলুৱা বজাৰখন সদায় সংকুচিত হৈয়ে থাকিব আৰু ই ফুলখেতিৰ প্রসাৰত প্রধান অন্তৰায় হিচাপে ঠিয় দিব। আনহাত অসমৰ ফুলেৰে ৰাজ্য কিম্বা দেশৰ বাহিৰৰ  প্রতিযোগিতামূলক বজাৰত খোপনি পুতিব পৰাকৈ আমাৰ কৃষকসকল স্বচ্ছল নহয়। এনেবোৰ বজাৰত গুণগত মানদণ্ডৰ ফুল গোটেই বছৰ ধাৰাবাহিকভাবে যোগান ধৰিবলৈ বর্তমান কৃষকসকলে কৰাৰ দৰে মুকলি পথাৰত ফুলৰ খেতি কৰিলে ফলৱতী নহ’ব। ইয়াক নির্দিষ্ট পৰিকল্পনাৰে ব্যয়বহুল সংৰক্ষিত পলিহাউচ বা সেউজগৃহৰ তলতহে কৰিব লাগিব, যিটো বর্তমান ফুলখেতিৰ লগত জড়িত অসমৰ থলুৱা কৃষকৰ বাবে সম্ভৱপৰ নহয়। এনে পটভূমিত মুকলি পথাৰত ফুলখেতি কৰা অসমৰ দুখীয়া কৃষকসকলৰ বাবে ফুলৰ বিকল্প ব্যৱহাৰৰ পথ কিছুমানৰ সৈতে পৰিচয় কৰাই দিয়া অত্যন্ত প্রয়োজন হৈ পৰিছে। আশা কৰা যায় ইয়াৰ দ্বাৰা সমাজত ফুলৰ গুৰুত্ব বহুমূখী হ’ব আৰু কৃষকসকলৰ বাবে ফুলৰ বিপণনৰ আন কিছু পথ বাহিৰ হ’ব।

ৰোগ নিৰাময়ত ফুলৰ ব্যৱহাৰ
       অতীজৰেপৰা অনেকবোৰ ৰোগৰ চিকিৎসাত ফুল গছৰ বিভিন্ন অংশ ব্যৱহাৰ হোৱা দেখা যায়। প্রকৃতিত উভৈনদী বেছিভাগ সৌন্দর্যবর্দ্ধক গছ-লতিকা আৰু ফুল ঔষধি গুণসম্পন্ন। ইয়াৰে কি কি গছ বা ফুলত কেনেধৰণৰ গুণ আছে বা তাৰ নির্দষ্ট প্রয়োগবিধ কেনেকুৱা হ’ব  প্রথমে তাক ঠাৱৰ কৰা আৱশ্যক হ’ব---বিশেষকৈ কৃষকসকলৰ মাজত সচৰাচৰ কৰা ফুলৰ তেনেধৰণৰ কিবা গুণ আছে নেকি? ইয়াৰ পাছৰ পর্যায়ত কেঁচামালৰ আমদানী, উদ্যোগৰ সম্ভাৱনীয়তা, উৎপাদিত সামগ্রীৰ চাহিদা আদি দিশবোৰ চাব লাগিব, যাৰ বাবে ফুলখেতিৰ প্রসাৰ দ্রুতগামী হোৱাৰ লগতে কৃষকসকল লাভবান হয়। ফুলৰ উপযোগীতাৰ আন এক দিশ হ’ল ইয়াৰ তেল। এই তেল এৰোমাথেৰাপী আদিত বর্তমান সময়ত বহুল ভাবে ব্যৱহাৰ হয়।

প্রসাধনিক ব্যৱহাৰ
       কিছুমান বিশেষ ফুল বা গছ-লতিকাৰ প্রসাধনিক চাহিদা যথেষ্ট বেছি। এনেবোৰৰ ভিতৰত ৰং, আতৰ, তেল, চাবোন, মলম তথা অন্যান্য প্রসাধনিক সামগ্রী। গতিকে অনুমান কৰিব পাৰি যে এক নির্দষ্ট হাৰত কেচামালৰ যোগান অব্যাহত থাকিলে বহুবোৰ উদ্যোগ গঢ় লৈ উঠাৰ থল আছে।

পুষ্টিৰ উপাদান হিচাপে ফুল
       ফল-মূল বা শাক-পাচলিৰ দৰে পোনপটীয়াকৈ ফুল মানৱ শৰীৰত পুষ্টিসাধনৰ বাবে ব্যৱহাৰ নহয়। সেয়েহে ইয়াক এবিধ অচিৰাচৰিত দৈনন্দিন আহাৰৰ লগত অর্ন্তভুক্তি নোহোৱা উদ্যান শস্যৰ পণ্যগাৰ হিচাপে গণ্য কৰা হয়। বিছুমান ফুল, ইয়াৰ কলি বা আলু খাদ্যৰ সুৰুচিপূর্ণ উপাদেয় হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াক মছলাৰ পৰা আৰম্ভ কৰি খাদ্যৰ বিভিন্ন প্রকৰণত ব্যৱহাৰ কৰিব পাৰি। এইদৰে বিভিন্ন দিশত ফুলৰ বিকল্প ব্যৱহাৰ হোৱাৰ প্রচুৰ সম্ভাৱনা আছে। কেৱল ইয়াৰ গুৰুত্ব সঠিক ভাবে নির্ণয় কৰি ব্যৱহাৰৰ সুবিধাবোৰ নিশ্চিত কৰিব লাগে। ৰাজ্যখনৰ বিভিন্ন প্রান্তত এই উদ্যোগবোৰ গঢ় লৈ উঠিলে ফুলখেতিৰ প্রসাৰ তথা ব্যৱহাৰৰ ক্ষেত্রত এক ব্যাপক পৰিবর্তন আশা কৰিব পাৰি যাৰ বাবে অসমৰ কৃষি অর্থনীতিত সুদূৰপ্রসাৰী প্রভাৱ পৰিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতা নিশ্চিত হোৱাতো আৱশ্যক।


ফুলৰ বিকল্প ব্যৱহাৰৰ দিশসমূহ

ফুলৰ নাম
বিকল্প ব্যৱহাৰসমূহ
নার্জী বা গেন্ধা
ঔষধি গুণ: ঘাম গাঁৰ, কাণৰ বিষ, পায়ুৰ ৰক্তক্ষৰণ, তেজ শোধক, চকুৰ ৰোগ, কটা ঘা আদি নিৰাময়ক
কীট/ৰোগনাশক গুণ: শস্য কৃমিৰোধক,মাখি প্রতিৰোধক, শিপাৰ পৰিধিত বেক্টেৰিয়া, ট্রাক’ডাৰমা আৰু পেনিছিলিন ভেঁকুৰ বঢ়ায় আৰু ফিউজেৰিয়ামৰ মাত্রা কমায়।
প্রসাধনিক গুণ: ৰং, তেল (এৰাম ডেনড্রিন, টেগিট’ন, অচিমিন) প্রস্তুত কৰাত
পুষ্টিকাৰক গুণ: ফুলৰ পকৰা
অন্যান্য গুণ: শুকান গুৰি কুকুৰাৰ দানা হিচাপে
ব্যৱহাৰ হোৱা অংগ: পাত, ফুল আৰু শিপা
ৰজনীগন্ধা
ঔষধি গুণ: মুত্রবর্দ্ধক, শালমন প্রতিৰোধক, গ’নৰিয়া নিৰাময়ক, ছালৰ বহুতো বেমাৰৰ উৎকৃষ্ট নিৰাময়ক
প্রসাধনিক গুণ: অতি মুল্যবান ফেছিয়েল প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ:বিভিন্ন পানীয়ৰ সৈতে মিশ্রণ ঘটাবলৈ
ব্যৱহাৰ হোৱা অংগ: ফুল আৰু কাণ্ড
গোলাপ
ঔষধি গুণ: চকুৰ ৰোগ, দুর্গন্ধনাশক বাথ ছেনিছেটাইজাৰ
প্রসাধনিক গুণ: আতৰ, গোলাপ জল,ৰ’জ হেয়াৰ অইল, গোল ৰ’গন প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ: প্রতি ১০০ গ্রাম পাহীত ১৫০ মি:গ্রাম ভিটামিন ‘চি’ৰ উপৰিও ভিটামিন A ,B2 ,K  আৰু E পোৱা যায়।
ব্যৱহাৰ হোৱা অংগ:পাহী আৰু গুটি
ইন্দ্রমালতী
কীট/ৰোগনাশক গুণ: পাইৰিথ্রিয়ামৰ উৎস
পুষ্টিকাৰক গুণ: ফুলৰ পকৰা
ব্যৱহাৰ হোৱা অংগ: ফুল আৰু পাত
অর্কিড
ঔষধি গুণ: ৰক্তক্ষৰণ বন্ধ কৰিবলৈ, হিষ্টিৰিয়া নিবাৰণ, ঘা শুকুৱাবলৈ, বাট ৰোগ আৰু পেটৰ ৰোগ, যকৃত আৰু স্নায়ু দুর্বলতা, মূৰৰ কামোৰণী, গাৰ বিষ, বন্ধ্যাতা আদিত বিভিন্ন প্রজাতিৰ ব্যৱহাৰ হয়
প্রসাধনিক গুণ: বিভিন্ন প্রসাধনিক সামগ্রী প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ: গাখীৰৰ লুঠুৰী ( Orchis anatolica) আদি
ব্যৱহাৰ হোৱা অংগ: ফুল, পাত,কণ্ড
পদুম

প্রসাধনিক গুণ: আতৰ
পুষ্টিকাৰক গুণ: আলু, আৰু কুমলীয়া পাত শাক হিচাপে, আলুৰ পৰা চিপচ, পাউদাৰ চাকৰ গুটি বাদাম হিচাপে। ইয়াৰ আলুত ৮৩.৮% পানী,২.৭% মাংসসাৰ, ০.১১% চর্বি, ০.৬% কেলচিয়াম, ভিটামিন ‘চি’ ১৫ গ্রাম প্রতি ১০০ গ্রামত
অন্যান্য গুণ: শুকান চাক আৰু ঠাৰি ড্রাই ফ্লাৱাৰ হিচাপে
ব্যৱহাৰ হোৱা অংগ: গুটি, ফুল, পাত আৰু আলু
ৰ’জমেৰী

ঔষধি গুণ: হজমীকৰণ, মুৰ কামোৰণী অনিয়মিত ঋতুশ্রাৱ ,বাতৰোগ, হাপানী আদি নিৰাময়ক
কীট/ৰোগনাশক গুণ: এন্টি মাইক’টিক, এন্টি মাইক্রবিয়েল,এন্টি ফাংগেল
প্রসাধনিক গুণ: চাবোন, আটৰ, হেয়াৰ আইল, ৰুম স্প্রে আদি
পুষ্টিকাৰক গুণ: পাত আৰু শুকান পাউদাৰ কন্দিমেন্ট হিচাপে, বিভিন্ন খাদ্য প্রকৰণত স্বাদ বঢ়াবলৈ
ব্যৱহাৰ হোৱা অংগ: পাত আৰু ডাল
স্নেপ ড্রেগন
প্রসাধনিক গুণ: মালিচ তেল, চাবোন আদিত ব্যৱহাৰ হয়
 ব্যৱহাৰ হোৱা অংগ: গুটি
ডে’লিলি বা হিমিৰ’ কেলিচ
পুষ্টিকাৰক গুণ: কলি আৰু শুকান ফুল খাদ্যৰ ৰুচিবর্দ্ধক আৰু কুমলীয়া ঠাৰি চালাদ হিচাপে ব্যৱহাৰ হয়। জিংকৰ ভাল উৎস
ব্যৱহাৰ হোৱা অংগ: ফুল, ফুলৰ কলি পাত আৰু কণ্ড

বিজ্ঞানী, উদ্যান শস্য গৱেষণা কেন্দ্র, কাহিঁকুচি, গুৱাহাটী

ম’বাইল: ৯৪৩৫৩-০০৪৮২

Wednesday 18 June 2014

এৰোমাথেৰাপি --- এক বহু প্রচলিত বিকল্প চিকিৎসা:: On Aromatherapy


সেউজী ধৰণী

এৰোমাথেৰাপি --- এক বহু প্রচলিত বিকল্প চিকিৎসা

ডঃ শিখা ডেকা



কবিৰ ভাষাত “তল সৰা বকুলৰ কান্দোন” নুশুনিলেও, বকুলৰ গোন্ধৰ সৈতে আমি প্রায় সকলোৱেই পৰিচিত। গোলাপ, তগৰ, লেভেণ্ডাৰ বা চন্দনৰ গোন্ধৰ সৈতেই বা কোন পৰিচিত নহয়! হাচনাহানা-কামিনীকানঞ্চন-ৰজনীগন্ধাৰ আমোলমোলোৱা গোন্ধে সকলোকেই সমানেই আপ্লুত কৰিব পাৰে। সুন্দৰ- সুগন্ধি ফুলৰ কেৱল ঘ্রাণেই নহয়, ইবিলাক যেন নিজেই এক এক অভিব্যক্তি। সদ্যোজাত শিশুটিয়ে মাকৰ গাৰ গোন্ধেৰেই মাকক চিনিব পৰা হৈ উঠে এইদৰেই যদি বিশেষ কিবা এক গোন্ধে মানুহ এজনৰ বিশেষ কোনো অনুভূতিক নিয়ন্ত্রণ কৰিব পাৰে তেনেহলে নিশ্চিতভাবেই ইয়াক চিকিৎসাৰ ক্ষেত্রতো ব্যৱহাৰ কৰিব পৰা যায়--- ইয়াকেই কোৱা হয় সুগন্ধিৰ জৰিয়তে শুশ্রূষা বা এৰোমাথেৰাপি।

       এৰোমাথেৰাপি কিন্তু নতুন কোনো আবিষ্কাৰ নহয়। প্রায় দহ হাজাৰ বছৰ পুর্বৰ পৰাই ইয়াৰ প্রচলন হৈ আহিছে। বেদৰ অনেক স্থানত ইয়াৰ বিষয়ে উল্লেখ আছে। কেৱল ভাৰতবর্ষতেই নহয়, মিছৰীয় আৰু চীন সভ্যতাতো ইয়াৰ প্রচলন আছিল বুলি জনা যায়। মিছৰৰ পিৰামিডবোৰত সংৰক্ষণ কৰিবলৈ ‘মমি’ তৈয়াৰ কৰাৰ সময়ত মৃতদেহবোৰত ৰোজমেৰীৰ তেল ব্যৱহাৰ কৰা হৈছিল। প্রচীন গ্রীক সভ্যতাৰ সময়ত হিপোক্রিটাছেও ইয়াৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। ইংলেণ্ডতো ইয়াৰ প্রচলন আছিল। আধুনিক ভাৰতত চিকিৎসাশাস্ত্রৰ ক্ষেত্রতেই নহয়, ৰূপ চর্চাতো ইয়াৰ জনপ্রিয়তা বাঢ়িছে। ছালৰ উজ্জলতা, চুলিৰ ৰং আৰু দৈহিক কমনীয়তা বঢ়োৱাৰ ক্ষেততেই ইয়াৰ ব্যৱহাৰ সীমাবদ্ধ হৈ থকা নাই। বৰং হাঁপানি, উচ্চ ৰক্তচাপ, হাওফাওৰ অসুখ আৰু স্নায়বিক দুর্ব্বলতা আদি দূৰ কৰাতো আজিকালি এৰোমাথেৰাপি ব্যৱহাৰ হয়।

এৰোমাথেৰাপিৰ প্রয়োজনীয় সমস্তু উপাদান তৈয়াৰ হয় গছ-লতিকাৰ পৰা। বিভিন্ন লতা, গুল্ম বা বৃক্ষৰ ফুল, বীজ আনকি ছালৰ পৰাও তৈয়াৰ কৰা তেলৰ সহায়ত বিভিন্ন চিকিৎসা সম্পাদন কৰা হয়। অৱশ্যে কোনো প্রাণীৰ তেল বা পেট্রলিয়ামজাত দ্রব্য এই প্রথাত ব্যৱহাৰ নহয়। স্বাভাবিকতে এৰোমাথেৰাপিৰ বহুল বিকাশ আৰু প্রচলনৰ সৈতে উদ্ভিদ-উদ্যান বিভাগৰ বিকাশো আজি সম্ভাৱনাপূর্ণ হৈ উঠিছে। ইয়াৰ লগতে এৰোমাথেৰাপিত ব্যৱহৃত হ’ব পৰা বিভিন্ন গছ-লতিকাৰ বাণিজ্যিকৰণৰো নতুন দিশ এটাৰ উন্মোচনৰ সম্ভাৱনীয়তাই দেখা দিছে।



উদ্ভিজ উপাদানৰ সহায়তেই এৰোমাথেৰাপি চিকিৎসা হয় যদিও ভেষজ চিকিৎসা বা হার্বেল ট্রিটমেন্ট’ৰ লগত ইয়াৰ পার্থক্য আছে। ভেষজ পদ্ধতিত উদ্ভিদ্ উপাদান বিলাকক প্রথমে সিদ্ধ কৰি লোৱা হয়। কিন্তু এৰোমাথেৰাপিৰ ক্ষেত্রত উদ্ভিজ উপাদান বিলাকৰ পৰা পোনে পোনে নিষ্কাশিত তেলৰ সহায়তেই চিকিৎসা সম্পন্ন কৰা হয়। দ্বিতীয়তে ভেষজ চিকিৎসাৰ ব্যৱহাৰ হ’ল আঞ্চলিক(localixed)আনহাতে এৰোমাথেৰাপিৰ উপাদান বিলাকে শৰীৰৰ স্নায়ুতন্ত্রৰ মাধ্যমত কাম কৰে, যাৰ বাবে ই সর্বশৰীৰ বিয়পি পৰে। অর্থাৎ সম্পূর্ণ স্নায়ুনির্ভৰ প্রক্রিয়াৰ মাধ্যমত এৰোমাথেৰাপিৰ চিকিৎসা হয়।

এৰোমাথেৰাপিৰ বাবে প্রয়োজনীয় তেলবিলাকৰ বিভিন্ন কার্যকৰী ক্ষমতা আছে। ‘এন্টিচেপটিক’, ‘এন্টিবেক্টেৰিয়েল’, এন্টিভাইৰেল’, ‘এন্টিটক্সিন’, ‘এন্টিডায়েৰেটিক’, ‘এন্টিস্পাচমোদিক’, ‘দিজইনফেটেন্ট’ আদি গুণ বিশিষ্ট অনেক উদ্ভিদ আমাৰ চৌপাশে সিঁচৰতি হৈ আছে। সঠিক উদ্ভিদ নির্বাচন কৰি তাৰপৰা   নিষ্কাশন কৰা তেলত উদ্ভিদৰ এই বিশেষ গুণবোৰ থাকি যায়। এই তেলসমূহত এলক’হল, অর্গেনিক এচিড, এলডিহাইড, ফেনল, এচিটোন, তার্পিন আদি থাকে। এই যৌগবিলাকৰ মিশ্রণৰ তাৰতম্য উদ্ভিদ বিশেষে বেলেগ বেলেগ। এনে পার্থক্যৰ বাবেই এইবোৰ বিভিন্ন ৰোগৰ চিকিৎসাত সহায়ক হৈ পৰে। আবেলি পৰত বা সন্ধিয়াৰ ফালে মন শান্ত ৰখাত সহায় কৰে লেভেণ্ডাৰে। আনহাতে পূৱাৰ অলস ভাব দূৰ কৰে ৰোজমেৰী অথবা পাইনে। আফ্রোডিচিয়াৰ ক্ষেত্রত ব্যৱহাৰ হয় চন্দন, জালুক কিম্বা পদিনা। হাওফাওৰ অসুখত ইউকেলিপটাচ, লেভেণ্ডাৰ পাইন আদি উপকাৰী। সেইদৰে স্নায়বিক দৌর্বল্য দূৰ কৱে নেৰোলি আৰু মাৰজোৰামে। একজিমাৰ বাবে ব্যৱহাৰ কৰা হয় সিডাৰউড, লেভেণ্ডাৰ, গোলাপ আদি। এৰোমাথেৰাপিৰ বিষয়ে এইখিনি জনাৰ পাছত স্বাভাবিকতে এটা প্রশ্ন মনলৈ আহে---কিয় এনে হয় ? অর্থাৎ কি প্রক্রিয়াৰ বাবে এনে হয় ? বিৰিয়ানিৰ গোন্ধেই হওক বা ফুলৰীৰ গোন্ধেই হওক দুয়োটা গোন্ধৰ বাবেই জিভাৰ পানী পৰিবই। কোনো বিশেষ ছেভিং ক্রীম বা আফটাৰ শ্বেভ লোশনৰ গোন্ধৰ সৈতে হয়তো কাৰোবাৰ মধূৰ স্মৃতি জড়িত হৈ আছেকইনা চাবলৈ গৈ কইনাঘৰৰ পদূলিমুখত বকুলৰ গোন্ধ অথবা নামঘৰৰ চোতালত হাচনাহানাৰ গোন্ধ আমাৰ সকলোৰে মন মতলীয়া কৰে। এই সকলোবোৰৰ কাৰণ হৈছে এক বৈজ্ঞানিক প্রক্রিয়া য’ত গোন্ধে বিশেষ কেতবোৰ অনুভূতি জগোৱাত সহায় কৰে। বিজ্ঞানীসকলে দেখিছে যে গোন্ধে মস্তিষ্কৰ মাধ্যমত কেতবোৰ বিশেষ নার্ভ ইম্পালচ সৃষ্টি কৰে যিবোৰে শৰীৰৰ বিশেষ গ্রন্থি কিছুমানক উত্তেজিত কৰে আৰু উত্তেজিত গ্রন্থিবোৰে বিভিন্ন হ’ৰমন উৎপাদন কৰে। এনে বহুবিধ হ’ৰমন আছে যিবোৰ বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে। সেয়ে কিবা প্রকাৰে যদি এই হ’ৰমন নিঃসৰণ নিয়ন্ত্রিত কৰিব পৰা যায় তেনেহলে নিশ্চিতভাবেই বহুতো ৰোগ অতি সহজে নিৰাময় কৰিব পৰা হয়। এৰোমাথেৰাপিত এই দিশটোৰ ওপৰত গুৰুত্ব দি চিকিৎসা প্রদান কৰা হয়। উদাহৰণ হিচাপে জুনিপাৰৰ সহায়ত ইনচুলিন নামৰ হ’ৰমনবিধৰ নিঃসৰণ নিয়ন্ত্রিত কৰি বহুমুত্র ৰোগৰ চিকিৎসা কৰিব পৰা হয়।



এৰোমাথেৰাপিৰ এনে সম্ভাৱনীয়তাই বর্তমান উদ্যান বিজ্ঞানক আন এক মাত্রা প্রদান কৰিছে। এইবিধ চিকৎসাত ব্যৱহাৰ হোৱা গছ-লতিকাৰ বিষয়ে নতুন গৱেষণাৰ বাট মুকলি হোৱাৰ লগতে বিভিন্ন বাণিজ্যিক দিশৰো উন্মোচন কৰাৰ পূর্ণ সম্ভাৱনা আছে। ইয়াৰ লগে লগে প্রচুৰ দক্ষ কর্মীৰ প্রয়োজন হৈ পৰিব। আনহাতে স্বনির্ভৰতাৰো সুয়োগ এই শিল্পই দিব।


বিজ্ঞানী, টেঙা গৱেষণা কেন্দ্র, তিনিচুকীয়া, ম’বাইল: ৯৪৩৫৫-৯৩৪২১