Thursday 6 June 2013

বানাক্ৰান্ত ধেমাজি জিলাত সুনিশ্চিত শস্য উৎপাদন...Cropping sequence for flood affected Dhemaji...





সেউজী ধৰণী

অতিথী চ'ৰা


বানাক্ৰান্ত ধেমাজি জিলাত সুনিশ্চিত শস্য উৎপাদন--- এক অভিজ্ঞতা
                                                                                         মৃদুল গোস্বামী

[ধেমাজি অসমৰ এখন বানপানীয়ে জুৰুলা কৰা জিলাবানাক্ৰান্ত এই জিলাখনৰ শস্যৰ উৎপাদন নিশ্চিত কৰণৰ দিশটোৰ ওপৰত হোৱা এক গৱেষণামূলক অনুসন্ধানৰ গৱেষণা সহযোগী হিচাপে হোৱা অভিজ্ঞতাৰ ভিত্তিত এই চমু টোকাতো আগবঢ়োৱা হ’ল।-লেখক ]

ধেমাজি জিলাৰ মুঠ জনসংখ্যাৰ ৯৮ শতাংশ লোকে গ্ৰাম্যাঞ্চলত বসবাস কৰেধান আৰু সৰিয়হ জিলাখনৰ প্ৰধান শস্য। জিলাখনৰ মুঠ কৃষিভূমি ১,০৬,১০০ হেক্টৰৰ ৯.০৮ শতাংশ আলতীয়া (clay), ২০.২৪ শতাংশ আলতীয়া-বালিহীয়া ( Clay-loam), ৪.৪২ শতাংশ পলসুৱা (Loam), ২০.৬১ শতাংশ বালিয়া (Sandy) আৰু ৪৫.৬৫ শতাংশ বালিয়া বালি-চহীয়া (Sandy loam) মাটি। জিলাখনত মে পৰা ছেপ্তেম্বৰ মাহলৈকে প্ৰচুৰ পৰিমানে বৰষুণ হয়। আনহাতে নবেম্বৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বৰষুণৰ পৰিমাণ কম। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ২৬০০ মি.মি.ৰ পৰা ৩২০০ মি.মি.সাধাৰণতে মে মাহৰ পৰা অক্টোবৰ মাহলৈকে জিলাখনত কেইবাবাৰো বানপানী হয় আৰু ডিচেম্বৰৰ পৰা মাৰ্চলৈকে খৰাঙৰ কবলত পৰে। প্ৰতিবছৰে হোৱা বানপানীৰ ফলত স্তূপীকৃত বালিয়ে ধেমাজিৰ শ শ হেক্টৰ কৃষিভূমি কৃষিৰ অনুপযোগী কৰাৰ উপৰিও বহু আর্দ্রভূমি পুতি পেলাইছে, যাৰ বাবে জিলাখনৰ কৃষিৰ অৱস্থা অতিকৈ পুতৌ লগা। আনহাতে জিলাখনৰ পৰিস্থিতি অনুযায়ী কোনো বিশেষ কৃষি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে উৎপাদন যথেষ্ট কম।



এনে এক পটভূমিত Action for Food Production (AFPRO) নামৰ বেচৰকাৰী সংস্থাটোৱে বানপীড়িত ধেমাজি জিলাৰ গ্ৰাম্য অঞ্চলৰ দূখীয়া কৃষকসকলৰ জীৱিকা সবলীকৰণৰ বাবে এটা প্রকল্প প্রস্তুত কৰে আৰু ২০০৯ চনত ৰাষ্ট্রীয় কৃষি উদ্ভাৱনীমূলক প্রকল্পৰ (National Agricultural Innovative Project) অধীনত অনুমোদন লাভ কৰে। এই প্ৰকল্পৰ প্ৰায় আৰম্ভনিৰ পৰাই গৱেষণা সহযোগী হিচাপে কৃষকসকলৰ লগত ওতঃপ্ৰোতঃভাবে জড়িত হৈ পৰিছিলো। এই প্ৰকল্পটোৰ কেইবাটাও দিশ আছিল যদিও ইয়াত মাত্র বানাক্ৰান্ত অঞ্চলৰ শস্যৰ উৎপাদন নিশ্চিত কৰণৰ দিশটোৰ ওপৰতহে আলোচনা কৰিম।



ক্ষেত্র পৰিদর্শণ কৰি দেখা গৈছিল যে বিশাল ব্ৰহ্মপুত্ৰৰ বানপানী| বাবে ১৯৮৮ চনৰ পৰা ২০০৫ চনলৈকে কেইবাবাৰো বালি আৰু পলস পৰে ,যাৰ বাবে মাছখোৱা উন্নয়ন খণ্ডৰ গাওঁকেইখনৰ ভূ-প্ৰকৃতি সলনি হৈ পৰিছে। আনহাতে, কুমটিয়া আৰু জীয়াধলৰ বানপানীয়ে বৰদলনি আৰু ধেমাজি উন্নয়ন খণ্ডৰ গাওঁকেইখনক আক্ৰা্ন্ত কৰে। সেইদৰে ১৯৯৩ চনৰ পৰা ২০০৭ চনলৈকে ডিমৌ, চিমেন, গাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ বানে পলস আৰু বালিৰে চিচিবৰ উন্নয়ন খণ্ডৰ গাওঁকেইখনৰ ভূ-প্ৰকৃতিৰ আমূল পৰিবৰ্তন ঘটায়। এই প্রকল্পত উক্ত উন্নয়ন খণ্ডকেইটাৰ ৩৮ খন গাওঁ বাচনি কৰি ২০০৯ চনৰ পৰা কাম আৰম্ভ কৰা হয়।

নির্বাচিত গাওঁকেইখনৰ ভূ-প্ৰকৃতি অনুসৰি- বালি জমা হোৱা, পলস জমা হোৱা আৰু দ অঞ্চল- এই তিনি ভাগত প্ৰধানকৈ ভাগ কৰি প্ৰতি অঞ্চলক আকৌ ওখ বাম মাটি, মধ্যমীয়া মাটি আৰু দ মাটি এই ভাগত বিভক্ত কৰি লোৱা হয়। এইদৰে ভাগ কৰি লোৱা অঞ্চলবোৰত পথাৰৰ চৰিত্র অনুযায়ী ট্রেক্টৰ ,পাৱাৰ টিলাৰ নাইবা গৰুৰে দ’ চাহ কৰাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে ৫ বিঘাতকৈ বেছি কৃষিভূমি থকা খেতিয়কসকলেহে ট্রেক্টৰ নাইবা পাৱাৰ টিলাৰ ব্যৱহাৰ বেছিকৈ কৰা পৰিলক্ষিত হয়। বাকী খেতিয়কসকলে গৰুৰে হাল বায়েই মাটি প্ৰস্তুত কৰে। 

মাটিৰ গঠণ উন্নত কৰিবলৈ গোবৰ আৰু আন জৈৱিক পদার্থ প্রচুৰ পৰিমাণে প্রয়োগ কৰাত গুৰুত্ব দিয়া হয়। এই কার্য মুল পর্যায়ৰ কাম আৰম্ভ কৰাৰ বহু আগৰে পৰা কৰা হয় যাতে অনুপযোগী হৈ পৰা মাটিৰ চৰিত্র লাহে লাহে উন্নত হয়। জলসিঞ্চনৰ বাবে হিতাধিকাৰীৰ খেতিপথাৰত অগভীৰ নলীনাদৰ  ব্যৱস্থা কৰা হয়কৃষক সকলক শস্য অনুযায়ী বিভিন্ন জাতৰ লগতে উৎপাদনৰ সমূহ সামগ্ৰী যেনে:- ৰাসায়নিক সাৰ, কীটনাশক আদিৰ যোগান ধৰা হয়। এই প্রকল্পত বিভিন্ন শস্যৰ মুঠ ৪৮টা শস্যক্ৰমৰ খেতি কৰাৰ পাছত উৎপাদন আৰু আয়-ব্যয়ৰ হিচাপ কৰি তলত উল্লেখ কৰা শস্যক্রম কেইটা লাভজনক হিচাপে বিবেচিত হয়।

বালি জমা হোৱা অঞ্চলৰ ওখ বাম মাটি
শস্যক্ৰম
জাত আৰু কৃষিকাল
বীজ সিঁচাৰ সময়
সৰিয়হ-গ্ৰীষ্মকালীন মাটিমাহ-ভেণ্ডি
এম-২৭(৯০-৯৫ দিন)- টি ৯(৬৫-৭০দিন)-বজাৰত পোৱা ভাল জাত (৯০-১১০ দিন)
অক্টোবৰ-নবেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ, 
মে-জুন
বালি জমা হোৱা অঞ্চলৰ মধ্যমীয়া মাটি
আলু-ভেণ্ডি- হ্ৰস্ব কৃষি কালৰ শালি ধান
কুফ্ৰি চন্দ্রমূখী (৮০-১১০দিন)- বজাৰত পোৱা ভাল জাত (৯০-১১০ দিন)-সত্যৰঞ্জন (১৩০-১৩৫ দিন)
অক্টোবৰ-নবেম্বৰ,
মাৰ্চ-এপ্ৰিল,
জুন-জুলাই
বিলাহী-গ্ৰীষ্মকালীন মগুমাহ-হ্ৰস্ব কৃষি কালৰ শালি ধান
ৰকি (১২০-১৩০ দিন)-প্ৰতাপ (৭০-৮০ দিন)-সত্যৰঞ্জন (১৩০-১৩৫ দিন)
অক্টোবৰ-নবেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ,
জুন-জুলাই
বালি জমা হোৱা অঞ্চলৰ দ মাটি
বৰো ধান-বান প্ৰতিৰোধী শালি ধান
বৰো ১(১৫০ দিন),বৰো ২ (১৬৫দিন),দীননাথ (১৬০-১৬৫দিন)-জলশ্ৰী,জলকুঁৱৰী (১৫০-১৫৫ দিন)
নবেম্বৰ-ডিচেম্বৰ,
 মে-জুন
পলস জমা হোৱা অঞ্চলৰ বাম মাটি
মটৰমাহ-গ্ৰীষ্মকালীন মগুমাহ-হ্ৰস্ব কৃষি কালৰ শালি ধান
আৰ্কেল (৮০-৯৫ দিন)-প্ৰতাপ(৭০-৮০দিন), বসুন্ধৰা (১৩০-১৩৫ দিন)
অক্টোবৰ-নবেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ,
জুন-জুলাই
পলস জমা হোৱা অঞ্চলৰ মধ্যমীয়া মাটি
বিলাহী-চানহেম্প-অধিক উৎপাদনক্ষম শালিধান
ৰকি (১২০-১৩০ দিন)-চানহেম্প (৫০ দিন)-ৰন্জিৎ,বাহাদুৰ (১৫০-১৫৫ দিন)
নবেম্বৰ,
মাৰ্চ,
জুন
পলস জমা হোৱা অঞ্চলৰ দ মাটি
বৰো ধান-বান প্ৰতিৰোধী শালি ধান
বৰো ১(১৫০ দিন),বৰো ২ (১৬৫ দিন), দীননাথ (১৬০-১৬৫ দিন)-জলশ্ৰী,জলকুঁৱৰী (১৫০-১৫৫ দিন)
নবেম্বৰ-ডিচেম্বৰ,

 মে-জুন
দ অঞ্চলৰ বাম মাটি
বৰো ধান-বান প্ৰতিৰোধী শালি ধান
বৰো ১(১৫০ দিন),বৰো ২ (১৬৫ দিন), দীননাথ (১৬০-১৬৫দিন)-জলশ্ৰী,জলকুঁৱৰী (১৫০-১৫৫ দিন)
নবেম্বৰ-ডিচেম্বৰ,

মে-জুন
আলু-গ্ৰীষ্মকালীন মাটিমাহ-বান প্ৰতিৰোধী শালি ধান
কুফ্ৰি চন্দ্রমূখী (৮০-১১০দিন)-টি ৯ (৬৫-৭০ দিন) -জলশ্ৰী,জলকুঁৱৰী (১৫০-১৫৫ দিন)
নবেম্বৰ,
ফেব্ৰুৱাৰী-মাৰ্চ,
 জুন
দ অঞ্চলৰ মধ্যমীয়া মাটি
বৰোধান-শেহতীয়া শালিধান
বৰো ১(১৫০ দিন),বৰো ২ (১৬৫ দিন), দীননাথ (১৬০-১৬৫ দিন)- মনোহৰ শালি
নবেম্বৰ,

জুলাই
ধনীয়া-আগতীয়া আহু ধান-শেহতীয়া শালিধান
বজাৰত পোৱা ভাল জাত (৩০-৫০দিন)-লুইত,কপিলী,দিচাং (৯৫-১০০দিন)-লুইত,কপিলী,দিচাং
ডিচেম্বৰ,
ফেব্ৰুৱাৰী-মাৰ্চ,

আগষ্ট-ছেপ্তেম্বৰ
দ অঞ্চলৰ দ মাটি
সৰিয়হ-স্থানীয় বাওধান
টি,এচ-৩৬(৯০-৯৫দিন)-স্থানীয় জাত
নবেম্বৰ-ডিচেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ























----------------------------------------------------------------------------------------------------------
লেখক: তিনিচুকীয়া জিলাৰ আত্মা প্রকল্পৰ গুইজান উন্নয়ন খণ্ডৰ প্রযুক্তি পৰিচালক
 ম’বাইল: ৯৪৩৫৩ ৩৯৯৩১

No comments:

Post a Comment