Friday 28 June 2019

ব্যৱসায়িকভিত্তিত ধানৰ বীজপাম স্থাপন :: Establishment of rice seed farm




সেউজী ধৰণী
ব্যৱসায়িকভিত্তিত ধানৰ বীজপাম স্থাপন

ডঃ ছাদিকুল হুছেইন





      ধানৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশলসমূহৰ ভিতৰত অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ অন্যতম। কিন্তু অসমত এনে জাতসমূহ সহজলভ্য নোহোৱাৰ বাবে কৃষকে কম উৎপাদন দিয়া জাত ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। বর্তমান সময়ত অসমৰ বাহিৰৰ বহুতো ব্যৱসায়িক প্রতিষ্ঠানে ধানৰ বিভিন্ন জাত অসমৰ বজাৰত মেলি দিয়া দেখা গৈছে। এই জাতসমূ্হৰ প্রতিটোৱে অসমৰ জলবায়ুৰ লগত খাপ নাখাবও পাৰে। এনে হ’লে এইবোৰ জাত ব্যৱহাৰ কৰি কৃষকসকল হতাশ হ’বলগীয়া হ’ব। সেয়ে অসমৰ উপযোগী উন্নতমানৰ বীজ ব্যৱসায়িকভিত্তিত উৎপাদন কৰি কৃষক তথা আত্মসহায়ক গোটসমূহ লাভবান হোৱাৰ যথেষ্ট থল আছে। এই দিশত কেনেদৰে আগবাঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰাৰ আগেয়ে বীজ উৎপাদন কৰাৰ প্রক্রিয়াৰ বিষয়ে কিছু কথা জানি ল’ব লাগিব।
      বীজ উৎপাদন কৰা প্রক্রিয়াটোক চাৰিটা পর্যায়ত ভাগ কৰা হৈছে। এই প্রতিটো পর্যায়ত উৎপন্ন হোৱা বীজৰ একো একোটা সুকীয়া নাম আছে। সেইকেইটা হ’ল---

·                  মূল বীজ বা নিউক্লিয়াছ ছীড
·               প্রজননবিদ বীজ বা ব্রীডাৰ ছীড
·              বুনিয়াদী বীজ বা ফাউণ্ডেচন ছীড
·             প্রমাণিত বীজ বা চার্টিফাইড ছীড

শস্যৰ জাত উদ্ভাৱনৰ দায়িত্বত থকা বিজ্ঞানীজনক প্রজননবিদ বোলা হয়। তেখেতৰ দায়িত্বত নতুন জাত এটাৰ উদ্ভাৱনৰ কাম-কাজ আগবাঢ়ে। এটা দীঘলীয়া প্রক্রিয়াৰ অন্তত পূর্ব নির্ধাৰিত গুণ সন্নিবিষ্ট থকা যি ভাগ প্রাৰম্ভিক বীজ পোৱা যায় সেই ভাগক বিশেষ জাতটোৰ মূল বীজ কোৱা হয়। অতি কম পৰিমাণত উৎপন্ন কৰা এই বীজ প্রজননবিদৰ তত্বাৱধানত কিছু বেছি পৰিমাণত উৎপাদন কৰি প্রজননবিদ বীজ নাম দিয়া হয়। এই দুয়োবিধ গৱেষণা কেন্দ্রত কৰা হয় আৰু এশ শতাংশ বিশুদ্ধ ৰূপত থাকে। ইয়াৰ পাছৰ পর্যায়ত কোনো অনুমোদিত প্রতিষ্ঠানত প্রজননবিদ বীজৰপৰা অধিক পৰিমাণৰ বীজ উৎপাদন কৰি বুনিয়াদী বীজ নাম দিয়া হয়। এই বীজ ৯৯% বিশুদ্ধ। ইয়াৰ পাছৰ পর্যায়ত কিছুমান নিয়ম-নীতিৰ মাজেৰে কৃষকৰ পথাৰত বুনিয়াদী বীজৰপৰা আৰু অধিক পৰিমাণত বীজ উৎপাদন কৰা হয়। এই ভাগ বীজক প্রমাণিত বীজ কোৱা হয়। এই পর্যায়ত বীজ প্রমাণিকৰণ পৰিদর্শকে একাধিকবাৰ পথাৰ পৰিদর্শন কৰি উৎপাদিত সামগ্রীখিনি বীজ হিচাপে পুনৰ ব্যৱহাৰ কৰাৰ উপযোগী হ’ব নে নহ’ব পৰীক্ষা কৰে। শস্য চপোৱাৰ পাছত পুনৰ পৰীক্ষা কৰি উপযুক্ত বিবেচিত হ’লে বীজখিনি প্রমাণিত বীজ হিচাপে প্রমাণ পত্র দিয়ে আৰু প্রয়োজনীয় তথ্য সন্নিবিষ্ট কৰি এখন নীলা ৰঙৰ লেবেল প্রতিটো বীজৰ বস্তাত গাঁঠি দিয়ে। এইদৰে উৎপাদন কৰা বীজ প্রমাণিত বীজ হিচাপে বিক্রী কৰিব পৰা হয়।

বীজ উৎপাদনৰ প্রক্রিয়াৰ বিভিন্ন পর্যায়ৰ পৰা দেখা গ’ল যে চাৰিবিধ বীজৰ কেৱল প্রমাণিত বীজ কৃষক নাইবা আগ্রহী প্রতিষ্ঠানে উৎপাদন কৰিব পাৰে। সেয়ে বীজপাম স্থাপনৰ বাবে আগ্রহীসকলে এই পর্যায়ত জড়িত হৈ প্রমাণিত বীজ উৎপাদন কৰাৰ সুবিধা পায়। এনে বীজ সকলো শ্রেণীৰ কৃষকে উৎপাদন কৰিব পাৰে যদিও সাধাৰণতে প্রতিষ্ঠিত হৈ উঠা প্রগতিশীল কৃষক নাইবা আত্মসহায়ক গোটসমূহে অগ্রাধিকাৰ পায়।


কি দৰে আগবাঢ়িব ?
আগ্রহী সকলে ব্যক্তিগতভাৱে নাইবা একগোট হৈ বীজ প্রমাণিকৰণৰ কার্যালয়ত তেখেতসকলৰ নাম পঞ্জীভুত কৰিব লাগিব। এই সময়ত উৎপাদন কৰিবলগীয়া জাতটোৰ বাবে মাটিৰ পৰিমাণ অনুসৰি এক নির্ধাৰিত হাৰত মাচুল দিব লাগিব। একাধিক জাতৰ বীজ উৎপাদনৰ বাবে মাচুল সুকীয়া। সময়ে সময়ে সলনি হৈ থকা মাচুলৰ পৰিমাণ বীজ প্রমাণিকৰণ প্রাধিকৰণৰ লগত যোগাযোগ কৰিলে জানিব পৰা যাব। উৎপাদন কৰিবলগীয়া জাতৰ বুনিয়াদী বীজ অসম বীজ নিগম নাইবা অসম কৃষি বিশ্ববিদ্যলয়ৰ পৰা সংগ্রহ কৰিব পৰা যায়। বুনিয়াদী বীজৰ বেগত বগা ৰঙৰ লেবেল একোখনত জাতটোৰ নামৰ লগতে প্রয়োজনীয় বিভিন্ন তথ্য-পাতিবোৰ লিখা থাকে। প্রমাণিত বীজ উৎপাদক হিচাপে নাম পঞ্জীভূক্তৰ সময়ত পূৰণ কৰিবলগীয়া প্র-পত্রৰ বাবে এই তথ্যখিনি আৱশ্যক হয়। বীজ প্রমাণিকৰণ পৰিদর্শকজনে প্র-পত্রৰ লগতে প্রয়োজনসাপেক্ষে পথাৰ আৰু ব্যৱহাৰ কৰিবলগীয়া বীজ পৰীক্ষা কৰে আৰু সকলো দিশৰ পৰা উপযুক্ত বুলি বিবেচিত হ’লে বীজ উৎপাদন কৰিবলৈ অনুমতি দিয়ে।



ল’বলগীয়া সাৱধানতাসমূহ

     ক) প্রমাণিত বীজ উৎপাদন কৰিবলৈ যাওঁতে যথেষ্ট সাৱধানতা অৱলম্ব কৰিবলগীয়া হ’ব। একাধিক জাত ব্যৱহাৰ কৰিলে প্রতিটো জাতৰ কঠীয়াতলীৰ মাজত যথেষ্ট ব্যৱধান ৰখাৰ উপৰিও এখন তলীৰ পানী আনখনলৈ বাগৰি যাতে জাত মিহলি হ’ব নোৱাৰে তাৰ বাবে সততে দৃষ্টি ৰাখিব লাগিব। তদুপৰি পশু-পক্ষী কিম্বা মানুহৰ দ্বাৰা হ’ব পৰা মিহলিৰ বাবেও সাৱধান হ’ব লাগিব। মূল পথাৰত বীজৰ বাবে কৰা ডৰাটোৰ কাষত আন জাতৰ কঠীয়া ৰোৱ নালাগে আৰু ৰুলেও কিছু ব্যৱধান ৰাখিব লাগে। ধানৰ ক্ষেত্রত এই ব্যৱধান তিনি মিটাৰ।

     খ) আহু আৰু শালি দুয়োটা বতৰতে বীজ উৎপাদন কৰিব পাৰি। অৱশ্যে একেটা ডৰাতে আহুৰ বতৰত এটা জাত কৰি উঠি শালিৰ বতৰত আন এটা জাত কৰিব নালাগে। এনে হ’লে জাত মিহলি হোৱাৰ সম্ভাৱনা থাকে। আনহাতে অনেক সাৱধানতা অৱলম্বন কৰাৰ পাছতো কেতিয়াবা ডৰাটোৰ মাজত আন জাতৰ দুই-এটা গোছা দেখা যাব পাৰে। এনে গোছাবোৰ দেখাৰ লগে লগে উভালি আঁতৰত পেলাব লাগে। অন্যথাই এনে গোছাৰ গুটি মিহলি হৈ প্রমাণিত বীজৰ স্বকীয়তা হানি কৰিব। মান ৰাখিব প্রমাণিকৰণ প্রাধিকৰণে পৰিদর্শন কৰাৰ সময়ত ডৰাটো এনে গোছা দেখিলে প্রমাণিত বীজৰ প্রমাণ পত্র প্রদান নকৰিব।

     গ) পথাৰত গ্রহন কৰাৰ দৰে ধান চপোৱাৰ পাছতো কেতবোৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ’ব। সাধাৰণতে ডাঙৰি থোৱা ঠাইত আৰু মৰণা মৰা চোতালত বীজ মিহলি হোৱাৰ সম্ভাৱনা বেছি। সেয়ে একো একোটা জাত লেবেল মাৰি আছুতীয়াকৈ থব লাগে। সেইদৰে এটা জাত মৰণা মাৰি শেষ হ’লে চোতালখন ভাল দৰে চাফা কৰি অ’ত ত’ত দেখা দিয়া সৰু-বৰ ফাঁকবোৰ ভালদৰে মচি-কাচি ল’ব লাগে। গৰুৰ খুৰা, পাৱাৰ টিলাৰ নাইবা ট্রেক্টৰৰ বিভিন্ন অংশ, পাচি,ওখোন আদিৰ দ্বাৰাও বীজ মিহলি হ’ব পাৰে। সেয়ে এইবোৰ দিশলৈ বিশেষভাৱে দৃষ্টি ৰাখিব লাগে।

     ঘ) মৰণা মাৰি উঠি বীজখিনি ভালদৰে চাফ-চিকুণ কৰি শুকুৱাব লাগে। ভালদৰে নুশুকুৱালে সংৰক্ষণৰ সময়ত পোক-পৰুৱা, বেমাৰ-আজাৰৰ দ্বাৰা বীজ আক্রান্ত হ’ব, যাৰ বাবে বীজৰ গুণগত মানদণ্ড হ্রাস পোৱাৰ লগতে অংকুৰণ ক্ষমতা টুটিব। প্রমাণিত বীজৰ লেবেলত আন বহুকেইটা তথ্যৰ লগতে বীজখিনিত কিমান শতাংশ খেৰ-কুটা আদি আছে আৰু অংকুৰণ ক্ষমতা কিমান আদি তথ্য বিশেষভাৱে উল্লেখ কৰিবলগীয়া হয়। সেয়ে বীজৰ গুণাগুণ উচ্চ কৰিবলৈ এই দিশবোৰ ভালদৰে চাব লাগিব।




ম’বাইল: ৯৪৩৫১৩৫৬৩১


Sunday 9 June 2019

প্রতিকূল পৰিস্থিতিৰ বাবে ধানৰ অধিক উৎপাদনক্ষম জাত: Rice variety for flood affected areas




সেউজী ধৰণী

প্রতিকূল পৰিস্থিতিৰ বাবে ধানৰ অধিক উৎপাদনক্ষম জাত

ডঃ ছাদিকুল হুছেইন





ধান অসমৰ প্রধান শস্য। ৰাজ্যখনত প্রায় ২৬ লাখ হেক্টৰ মাটিত ধানৰ খেতি কৰা হয় যদিও ১৭ লাখ হেক্টৰ মাটিত কৰা শালিখেতিটো অসমৰ প্রধান খেতি। এই খেতিৰ কালচোৱাত হোৱা বৰষুণৰ ওপৰত নির্ভৰ কৰি কৃষকে কঠীয়াতলী প্রস্তুত কৰি বীজ সিঁচে, পথাৰ প্রস্তুত কৰে আৰু সময়ত কঠীয়া ৰোৱে। সেইবাবে পানীৰ ওপৰত নির্ভৰশীল এই খেতিটোক পানীখেতি বুলিও কোৱা দেখা যায়। কিন্তু বৰষুণৰ পৰিমাণ বেছি হ’লে অনুকূল পৰিস্থিতিৰ অভাৱত কৃষিকার্য্যবোৰ সঠিকভাবে কৰিব পৰা নাযায়, যাৰ বাবে খেতিটো পলম হয়। অতিবৃষ্টিয়ে সৃষ্টি কৰা পথাৰৰ পৰিস্থিতিৰ বোৰ এনে ধৰণৰ---
১) পথাৰবোৰ বহু দিনলৈ পানীত বুৰ গৈ থাকে।
২) অত্যাধিক বৰষুণৰ বাবে নৈ-বিলবোৰৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি যায় আৰু অতিৰিক্ত পানীভাগ কাষৰ অঞ্চললৈ বিয়পি পৰে যিটো অৱস্থাক বানপানী বুলি কোৱা হয়।
৩) ধান ৰুই উঠাৰ পাছত অতিপাত বৰষুণ হ’লে পথাৰবোৰ প্লাবিত হৈ পৰে, যাৰ বাবে গোছাবোৰ বুৰ যায়।
৪) অধিক বৰষুণৰ বাবে দ’ ঠাইবোৰত জমা হৈ পৰা পানীৰ বাবে চাপৰ কঠীয়া ৰোৱ পৰা নাযায়।
শালিখেতিৰ সময়ত সততে দেখা দেখিবলৈ পোৱা এনে পৰিস্থিতিৰ বাবে বহুতো অঞ্চলত অধিক উৎপাদনক্ষম জাতৰ খেতি কৰিব পৰা নাযায়। কাৰণ ধানৰ অধিক উৎপাদনক্ষম জাতৰ এক বিশেষত্ব হ’ল যে এইবোৰৰ নির্দ্দিষ্ট বয়সৰ কঠীয়া এক নির্দ্দিষ্ট সময়ত ৰোৱ লাগিব। ইয়াৰ হীন-দেড়ি হ’লে উৎপাদন কম হব। উদাহৰণ হিচাপে কৃষকৰ অতি প্রিয় ৰঞ্জিৎ ধানৰ ২৮-৩০ দিনীয়া কঠীয়া শাওণৰ প্রথম পষেকত অর্থাৎ জুলাইৰ ৩১ তাৰিখৰ ভিতৰত ৰুই শেষ কৰিব লাগে। কিবা অসুবিধাৰ বাবে ৰোৱা পলম হ’লে উৎপাদন ক্রমে কমি আহিব আৰু বেছি পলম হ’লে উৎপাদন একেবাৰে নহ’বও পাৰে। এনে অভিজ্ঞতা বহুতো কৃষকৰ হোৱা দেখা যায়। সুখৰ কথা যে অত্যাধিক পানীয়ে সৃ্ষ্টি কৰা এনে সমস্যাবোৰৰ সমাধান হিচাপে ইতিমধ্যে কিছু কৃষি কৌশল উদ্ভাৱন কৰা হৈছে যিবোৰ সুচাৰুৰূপে পালন কৰি ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা যায়। এই কৌশলবোৰৰ ভিতৰত প্রধান হৈছে উপযুক্ত জাত নির্বাচন ইতিমধ্যে বিজ্ঞানীসকলে অত্যাধিক পানীৰ বাবে হ’ব পৰা পৰিস্থিতিত খাপ খোৱা জাত উদ্ভাৱন কৰি সফলতা লাভ কৰিছে। কিন্তু এই জাতবোৰৰ বিষয়ে কৃষকসকল ভালদৰে জ্ঞাত নোহোৱাৰ বাবে কঠোৰ পৰিশ্রমৰ বিনিময়তো আশানুৰূপ উৎপাদন নাপায় হতাশ হৈ পৰে। বর্তমান সময়ত বৰষুণৰ মাত্রাৰ লগতে ইয়াৰ আগমণ- প্রস্থানৰ যি ধাৰা পৰিপ্রক্ষিতত হৈছে তালৈ লক্ষ্য কৰি কৃষকসকলে এনে জাতবোৰৰ বিষয়ে জানি উঠা আৱশ্যক হৈ পৰিছে। ইতিমধ্যে কৃষকসকলে নিজৰ অভিজ্ঞতাৰে বহুকেইটা থলুৱা জাত চিনাক্ত কৰি এনে পৰিস্থিতিত ব্যৱহাৰ কৰি আছে। কিন্তু এই জাতবোৰৰ উৎপাদন কম। সেয়ে অত্যাধিক বৰষুণৰ বাবে সৃষ্টি হোৱা প্রতিকূল পৰিস্থিতিৰ লগত খাপ খোৱা অধিক উৎপাদনক্ষম কেতবোৰ জাতৰ বিষয়ে কৃষকসকলক অৱগত কৰা হ’ল।

১) গীতেশ আৰু প্রফুল্ল
দীঘলীয়া কৃষিকালৰ (১৫০-১৫৫ দিন) এই জাত দুবিধ আন জাতবোৰৰ দৰে আহাৰত সিঁচি এমহীয়া কঠীয়া শাওণৰ প্রথম পষেকত ৰোব পাৰি। কিন্তু অত্যাধিক পানী নাইবা আন যি কোনো কাৰণৰ বাবে সময়ত ৰোব নোৱাৰিলেও পথাৰ প্রস্তুত হৈ উঠাৰ ওপৰত নির্ভৰ কৰি জাত দুবিধৰ ৪০, ৫০ কিম্বা ৬০ দিনীয়া বুঢ়া কঠীয়াও ৰোব পৰা যায়। অর্থাৎ আহাৰত কঠীয়া সিঁচি জাত দুবিধ ভাদৰ প্রথম ভাগলৈকে ৰোৱ পাৰি। ইয়াৰ বাবে উৎপাদনত বিশেষ তাৰতাম্য নঘটে। অঞ্চল বিশেষে ৭০-৮০ দিনীয়া কঠীয়া ব্যৱহাৰ কৰিও ভাল উৎপাদন পোৱা দেখা গৈছে। দুয়োবিধৰে চাউল মিহি আৰু সোৱাদযুক্ত। ঘনাই বাঢ়নী পানীয়ে খেতি নষ্ট কৰা অঞ্চলবোৰত এই জাত দুবিধৰ বুঢ়া কঠীয়া ব্যৱহাৰ কৰাতো অতি উত্তম ব্যৱস্থা বুলি বিবেচিত হৈছে। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে জাত দুবিধৰ ৩০ দিনীয়া কঠীয়া ব্যৱহাৰ কৰি প্রতি হেক্টৰত গড় হিচাপে ৩৫ কুইণ্টল ধান পোৱাৰ বিপৰীতে ৬০ দিনীয়া কঠীয়াত ২৫-৩০ কুইণ্টল ধান আশা কৰিব পাৰি।  






২) লুইত, কপিলী আৰু দিচাং
চমু কৃষিকালৰ (৯০-১০০ দিন) এই জাত তিনিটাৰ ১৫-২০ দিনীয়া কঠীয়া ভাদৰ প্রথম পষেকলৈকে ৰোৱ পৰা যায়। সেয়ে জাতকেইটা পানী শুকুৱাৰ পাছতো কঠীয়া সিঁচি খেতি কৰিব পাৰি। এই জাতকেইটাৰ আন এক সুবিধা হ’ল যে ইহঁতৰ গজালি মেলা বীজ মূল পথাৰত সিঁচিও খেতি কৰিব পৰা যায়। অৱশ্যে এই ক্ষেত্রত বীজৰ পৰিমাণ বেছি হ’ব। আহু হিচাপেও কৰিব পৰা এই জাতকেইটা বাৰিষাৰ আগে আগে চপাব পাৰি বাবে বানপীড়িত অঞ্চলত পানী আহাৰ আগেয়ে আৰু পানী শুকুৱাৰ পাছত কৰিব পৰা উপযুক্ত জাত হিচাপে গণ্য কৰা হয়। কেয়োটা জাতৰ উৎপাদন প্রতি হেক্টৰত ১৮-২০ কুইণ্টল।




৩) ধনশিৰি, ডিফলু আৰু চক্রশালি
শালিৰ বতৰত প্রায়ে পথাৰৰ দ’ ভাগত পানী আৱদ্ধ হৈ পৰা দেখা যায়, যাৰ বাবে চাপৰ কঠীয়া ৰোৱ নোৱাৰি। এনে পানী জমা হোৱা অঞ্চল বিলাকৰ বাবে ধনশিৰি, ডিফলু আৰু চক্রশালি নামৰ জাত কেইটা উদ্ভাৱন কৰা হৈছে। এই জাতকেইটাৰ বিশেষত্ব হ’ল এই যে কঠীয়াতলীত ইহঁতৰ বাঢ়ন যথেষ্ট বেছি। দেখা গৈছে যে জাতকেইবিধৰ ৩০ দিনীয়া কঠীয়াৰ উচ্চতা ৪৫-৫০ চে:মিটাৰ পর্যন্ত হয়। সেয়ে কঠীয়া প্রায় একাঠু পানীতো ৰোৱ পৰা যায়। উৎপাদন প্রতি হেক্টৰত ২২-২৫ কুইণ্টল।





৪) ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১
           অত্যাধিক বৰষুণৰ বাবে প্রায়ে সঁজাল ধৰা পথাৰত পানী সোমাই গোছাবোৰ বুৰাই দিয়ে। অঞ্চল বিশেষে ১০-১২ দিনলৈ এনে পথাৰবোৰ পানীত বুৰ গৈ থাকে। বুৰ যোৱা গোছাবোৰ ঠন ধৰিব নোৱাৰি মৰি যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঞ্জিত চাব-১ আৰু বাহাদুৰ চাব-১ নামৰ জাত দুটা উদ্ভাৱন কৰা হৈছে। ধানৰ ৰঞ্জিত আৰু বাহাদুৰ নামৰ জাত দুটা বিভিন্ন কাৰণত কৃষকৰ অতি প্রিয়। বর্তমান অসমত শালিৰ বতৰত এই দুই জাতে ৬০% অধিক মাটি দখল কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলে ধান গছত পানীৰ বুৰ সহ্য কৰিব পৰা এবিধ জিন আবিষ্কাৰ কৰি এইবিধক sub-1 নাম দিয়ে। এতিয়া এই জিনবিধক ৰঞ্জিৎ আৰু বাহাদুৰ জাতলৈ আনি অসমৰ দুই জনপ্রিয় জাতক নতুন ৰূপত কৃষকলৈ আগবঢ়াইছে। জাত দুবিধৰ উৎপাদন ৰঞ্জিৎ আৰু বাহাদুৰৰ দৰেই হোৱা বাবে নৈ কাষৰীয়া অঞ্চলত জনপ্রিয়তা লাভ কৰা দেখা গৈছে।




            এই নতুন জাতসমূহ সকলো অঞ্চলতে সমানে সুলভ হৈ উঠিবলৈ কিছু সময়ৰ আৱশ্যক হ’ব পাৰে। সেয়ে কৃষকসকলে এক বিশেষ কৌশল অৱলম্বন কৰি তেওঁলোকৰ প্রিয় ৰঞ্জিৎ আৰু বাহাদুৰ জাত দুটাৰ বুঢ়া কঠীয়া ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠা ৩০ দিনীয়া কঠীয়াখিনি এডৰা মাটি বোকা কৰি ঘনাই  (১৫ ইঞ্চি X ১৫ ইঞ্চি) ৰুই থব লাগে। মূল পথাৰ সাজু হোৱালৈ এইভাগ কঠীয়াৰ যতন লৈ থাকিলে ৬০ দিনীয়া কঠীয়াও ব্যৱহাৰ কৰিব পৰা যায়। এই কৌশলটোৰ আন দুটামান সুবিধা হ’ল---দ্বিতীয়খন তলীত কঠীয়াই পোখা মেলিব, যিবোৰ ভাঙি ৰোব পাৰি; কঠীয়াৰ গাঁঠি নধৰে; কঠীয়া সোনকালে সঁজাল ধৰে আৰু সচৰাচৰ ব্যৱহাৰ কৰা বুঢ়া কঠীয়াতকৈ উৎপাদন ভাল হয়।  

       আলোক চিত্র: ডঃ ছাদিকুল হুছেইন, ডঃ সঞ্জয় চেতিয়া, ডঃ মুন ৰফিক
         
       বি:দ্র:- আগ্রহী কৃষকে উল্লেখ কৰা জাত কেইবিধৰ বাবে আঞ্চলিক কৃষি গৱেষণা কেন্দ্র, তিতাবৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উপৰিও প্রতিখন জিলাত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰিব পাৰে।   

       ম’বাইল: ৯৪৩৫১৩৫৬৩১