Wednesday 30 April 2014

কপৌফুল : (ষষ্ঠ ভাগ)::On Orchid; Part- VI



সেউজী ধৰণী

কপৌফুল

ষষ্ঠ ভাগ





নৱ কুমাৰ বৰা


অর্কিড সংগ্রহ

                কপৌফুল বা অর্কিডে মানুহক আকর্ষণ কৰাৰ ঘাই কাৰণ হ’ল ইয়াৰ অগতানুগতিক জীৱন প্রণালী আৰু অপৰূপ সৌন্দর্য। এই আকর্ষণে মানুহক অর্কিড সংগ্রহ কৰাত উৎসাহ যোগায়। তদুপৰি পুষ্প প্রদর্শনী, নার্চাৰী, অর্কিড কেন্দ্র, কিতাপ, উদ্যান আদিয়েও অর্কিডৰ প্রতি মন আকৃষ্ট কৰে। আনহাতে অসমত থাকি কপৌফুল জাতীয় গছবোৰ নিজে ৰুই প্রতিপালন কৰি গৌৰৱবোধ কৰাৰ অধিকাৰ সকলোৰে আছে। অৱশ্যে এই কথা অপ্রিয় হলেও সত্য যে আজি কালি বহুতৰ বাবে অর্কিড সংগ্রহ এটি ফেশ্বন আৰু অভিজাত্য প্রদর্শনৰ স্বৰূপ হৈ পৰিছে। সি যিকি নহওক       অর্কিড সচৰাচৰ তিনিধৰণৰ উৎসৰপৰা সংগ্রহ কৰিব পাৰি-১) প্রাকৃতিক বাসস্থান ২) নার্চাৰী ৩) ব্যক্তিগত সংগ্রহ।

       আংশিক ছাঁ, সেমেকা জলবায়ু তথা বৰষুণ, প্রকট শীত কাল থকা অঞ্চলেই আমাৰ থলুৱা অর্কিডবোৰৰ প্রাকৃতিক বাসস্থান। বায়বীয় আর্কিডবোৰ গছৰ ডাল, শিলৰ চেপ বা খোৰোং আদিত আৰু ভূমি অর্কিডবোৰ অধিকমাত্রাত পাতসাৰ থকা, কম অম্লতাযুক্ত মাটিৰ চিৰ সেউজ হাবি- বননিত পোৱা যায়। জানুৱাৰীৰপৰা মে’-জুন মাহলৈকে প্রকৃতিত অর্কিড সংগ্রহ কৰাৰ উপযুক্ত সময়। সংগ্রহৰ সময়ত গছজোপাই দুখ নোপোৱাকৈ আশ্রয়স্থলীত কামোৰ মাৰি থকা শিপাবোৰ চুৰি এখনেৰে সাৱধানে এৰুৱাই লৈ বিভক্ত কৰিব পৰা কাণ্ডবোৰ কাটি এৰুৱাই আনিব লাগে। এটা কথা সদায় মনত ৰাখিব লাগে যে প্রয়োজনীয় পৰিমাণতকৈ কেতিয়াও অধিক সংগ্রহ কৰা উচিত নহয়, কাৰণ কিবা কাৰণত সংগ্রহ কৰা গছজোপা বচাব নোৱাৰিলে সিহঁতৰ বংশ লোপ পোৱাৰ সম্ভাৱনা থাকে। বিৰল প্রজাতিৰ অর্কিডৰ ক্ষেত্রত নিজৰ অর্হতাৰ ওপৰত সন্দেহ থাকিলে তাক সংগ্রহ নকৰি প্রকৃতিৰ বুকুতে এৰি থৈ অহাই শ্রেয়। প্রকৃতিৰ প্রতিজোপা অর্কিডত হাত দিওঁতে ভবা উচিত যে সেই জোপাই হয়তো সেই প্রজাতিৰ শেষ বংশধৰ। ইয়াক প্রতিজন অর্কিড প্রেমীয়েই নৈতিক দায়িত্ব আৰু কর্তব্য বুলি জ্ঞান কৰা উচিত। এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল হ’ব যে অর্কিড সংগ্রহৰ বাবে কোনো হাবিত প্রৱেশ কৰাৰ আগতে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি লোৱা উচিত।

       দূৰণিৰপৰা সংগ্রহ কৰি অনা অর্কিডৰ বহুবোৰ ঘৰ আহি পাওঁতে প্রায়ে নষ্ট হোৱা দেখা যায়। এনে নহ’বলৈ প্রচলিত ‘ওৱার্ডিয়ান বাকচ’ (Wardian case) ব্যৱহাৰ কৰা উচিত। আয়নাৰ ঢাকনিযুক্ত এনে বাকচ সহজে তৈয়াৰ কৰিব পাৰি। সংগ্রহিত অর্কিডবোৰ এই বাকচত লৈ তাৰ ওপৰত পানী ছটিয়াই ঢাকনিখন জপাই লৈ আহিব লাগে। এই পদ্ধতি ১৮৪২ চনত ডঃ ওৱার্ডে উদ্ভাৱন কৰিছিল বাবে তেখেতৰ নামেৰে বাকচবিধৰ নাম ‘ওৱার্ডিয়ান বাকচ’ ৰখা হৈছে।



 

ওৱার্ডিয়ান বাকচ

একেটা স্থানতে বিভিন্ন পৰিৱেশৰপৰা অনা অর্কিড জীয়াই ৰখাটো টান। এনে পৰিস্থিতিত ‘গ্রীণ হাউচ’ৰ দৰে বিশেষ কাৰিকৰী সুবিধা থকা গৃহৰ প্রয়োজন হয়। অৱশ্যে আমাৰ ইয়াত প্রায় সকলো অর্কিডেই সাধাৰণ পৰিৱেশত পালন কৰিব পৰা যায়। মাত্র চাব লাগে যাতে ইহঁতে প্রকৃতিৰ দৰে পৰিৱেশ এটা পায়।

       অভিজ্ঞতা আৰু দক্ষতা অনুসৰি অনুৰাগী সকলে বিভিন্ন স্তৰৰ অর্কিড সংগ্রহ কৰিলে পালন-পোষণত বেমেজালি নহয়। একেবাৰে নতুন লোকে অতি স্বাস্থ্যবান, প্রাপ্তবয়স্ক পৰিচিত গছ সংগ্রহ কৰাই ভাল। অভিজ্ঞসকলে কুমলীয়া, অপ্রাপ্তবয়স্ক আৰু অচিন অর্কিডো সংগ্রহ কৰিব পাৰে। পার্গতসকলে অপৈণত পুলি, পুৰণি কাণ্ড বা উপকাণ্ড আৰু বিশেষজ্ঞসকলে অর্কিডৰ যিকোনো প্রজাতিৰ সাধাৰণ অথবা বর্ণসংকৰ বীজ সংগ্রহ কৰি প্রতিপালন কৰাত অসুবিধা নাপায়। নকলেও হ’ব যে পাছৰ দুই শ্রেণীৰ লোকৰ বাবে ‘গ্রীণ হাউচ’ৰ দৰে আধুনিক সুবিধা থকাৰ প্রয়োজন।
______________________________________________________________________________
কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭


Saturday 26 April 2014

কপৌফুল::পঞ্চম ভাগ: On Orchid-part-V


সেউজী ধৰণী
কপৌফুল

পঞ্চম ভাগ





নৱ কুমাৰ বৰা

পাত্র সলোৱা


       শিপাৰে পাত্রটো ভৰি পৰিলে, শ্রীবৃদ্ধি বাবে যোগান ধৰা মিশ্রণটো অনুর্বৰ হৈ গ’লে, টাবৰ ফুটাবোৰ বন্ধ হৈ বতাহ চলাচল কৰিব নোৱৰা হ’লে অথবা টাবটো ভাঙিলেহে পাত্র সলোৱা উচিত।এনেবোৰ ক্ষেত্রতো আৰু কিছু দিন অপেক্ষা কৰিব পাৰি নেকি এবাৰ চিন্তা কৰি চাব পাৰি। অৱশ্যে সাধাৰণ নিয়ম অনুযায়ী কেলেন্থা, ডেনদ্রবিয়াম, ফেলেন’পচিচ,আদি এবছৰ, কেট্রুলিয়া, অনচিডিয়াম, অড’নট’গ্লচিয়াম দুবছৰ আৰু ভান্দা, চিমবিডিয়ম আদি তিনিবছৰৰ মূৰে মূৰে সলাব লাগে।

       পাত্র সলনি কৰাৰ সময় হিচাপে পৰিবর্দ্ধনৰ আৰম্ভণি নাইবা নতুন পোখা ওলোৱাৰ  অর্থাৎ ফেব্রুৱাৰীৰ - মে’ মাহ উপযুক্ত সময়। কেট্রুলিয়াৰ আকৌ পোখাবোৰ পাঁচ ছে:মি:মান দীঘল হ’লেহে পাত্র সলাব লাগে। পাত্র সলাওঁতে নির্দিষ্ট নীতি-নিয়ম মানি নচলিলে শিপাত আঘাট লাগি গোটেই গছজোপা নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

       শিপাৰে কামোৰ খাই থকা মিশ্রণখিনিৰে সৈতে গছজোপা উঠাবলৈ চুৰি কটাৰি এখন ব্যৱহাৰ কৰিব পাৰি। পুৰণি মিশ্রণ, মৃত শিপা, শুকান উপকন্দ আদি লাহে লাহে এৰুৱাই পেলোৱা উচিত। একাক্ষী অর্কিড যেনে কেট্রুলিয়া, ডেনদ্রবিয়াম আদিৰ পাঁচটাতকৈ অধিক আৰু তিনিটাতকৈ কম উপকন্দ থকা অনুচিত। কেতিয়াবা পুৰণি বা আগৰ বছৰৰ উপকন্দবোৰত সুপ্ত ‘চকু’ দেখিলে সৰু টাবত ৰুই আকৌ নতুন গছ পাব পাৰি। পাত্রবোৰত যাতে অনায়সে কমেও দুটামান নতুন গজালিৰ বাবেও ঠাই ওলাই তাৱ প্রতি লক্ষ্য ৰাখিব লাগে। কিন্তু ডাঙৰ পাত্র হ’লে গছবোৰ বঢ়াত আৰু ফুল ধৰাত বিলম্ব হয়। ৰোৱৰ সময়ত পুৰণি উপকন্দবোৰ পাত্রৰ বাহিৰৰ ফালে আৰু নতুনবোৰ মাজ ভাগত থাকিলে গছজোপা অনায়সে বাঢ়িব পাৰে। উপকন্দহীন ভান্দা টেৰিচ আদি অর্কিডবোৰো একে ধৰণে কিন্তু সোমাজত ৰোৱা উচিত। বেছিকৈ পানী বিচৰা অর্কিডৰ্ ক্ষেত্রত উপৰিভাগত মচৰ তৰপ এটা দি থলে পানীৰ প্রয়োজনীয়তা বুজিব পাৰি। আঘাটপ্রাপ্ত শিপাবোৰে পানী শুহি ল’ব নোৱাৰে বাবে ৰোৱাৰ প্রথম কেইসপ্তাহমান ওপৰৰপৰা পানী ছটিয়াই দিব লাগে। আনহাতে পাত্র সলোৱাৰ সময়তে কাঠৰ বা বাঁহৰ মাৰি এডাল তলিলৈকে পুতি দি প্লাষ্টিকৰ সূতাৰে গছজোপা হাউলি নোযোৱাকৈ বান্ধি দিয়া উচিত।

       বায়বীয় অর্কিডৰ দৰেই ভূমি অর্কিডৰো উপকান্দ থাকে। এইবোৰ দেখিবলৈ গোলাকাৰ, উপবৃত্তাকাৰ, আংগুলিকাৰ বা অণ্ডকাৰ। সচৰাচৰ এইবোৰ মাটিৰ উপৰিভাগত থাকে যদিও মাটিৰ তলতো দেখা যায়। কিছুমান ভূমি অর্কিডৰ মাটিৰ তলত থকা কাণ্ড  মঙহাল মূঢ়ালৈ ৰূপান্তৰিত হ’ব পাৰে। প্রতিকুল পৰিৱেশত ওপৰৰ অংশ মৰি গ’লেও সময়ত এই অংশৰ পৰা গজালি ওলায়। কেতবোৰ অর্কিড এইদৰে বহুবছৰলৈ সুপ্ত অৱস্থাত জীয়াই থাকিব পাৰে। ইহঁতৰ শিপাবোৰ সাধাৰণ শিপাৰ দৰে হ’লেও প্রজাতি বিশেষে অতি কম সংখ্যকহে সুপৰিবর্দ্ধিত শিপা থাকে আৰু অগ্রভাগৰ বাহিৰে ইহঁতৰ উপৰিভাগ সৰু সৰু চুলি শিপাৰে আবৃত্ত। প্রায়বোৰ ভূমি অর্কিডৰে পাতবোৰ সেউজীয়া কিন্তু জুৱেল অর্কিড আদিৰ পাত বহুমূলীয়া ৰত্নৰ দৰেই ৰঙচঙীয়া। মাটিত গজা অর্কিডবোৰ সাৰযুক্ত আংশিক ৰ’দ পৰা হাবিতলীয়া ঠাইত বেছিকৈ দেখা যায়। ভূমি অর্কিডবোৰ টাবত ৰুবৰ বাবে তলত দিয়া মিশ্রণটো প্রস্তুত কৰি লোৱা উচিত।

এভাগ ভালদৰে দৰে পচা পচনসাৰ, ঢভাগ পাতসাৰ, এভাগ সাধাৰণ মাটি, এভাগ মিহি বালি, এভাগ কাঠ কয়লাৰ টুকুৰা।

       বায়বীয় আর্কিডৰ দৰেই ভূমি অর্কিডৰো নতুন পোখা ওলোৱাৰ সময়ত উপকন্দ বা্ মূঢ়া বিভাজন কৰি পাত্র সলোৱাৰ হয়। ওপৰত উল্লেখ কৰা মিশ্রণটো নতুন জছ ৰোবলৈকো ব্যৱহাৰ কৰিব পাৰি। সৰি পৰা পাতবোৰ দুফুটমান দ গাঁত এটা কৰি মাটিৰে দুই-তিনিমাহমান ঢাকি ৰাখি উৎকৃষ্টমানৰ পাতসাৰ পাব পাৰি।

_________________________________________________________________________________
কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭