Wednesday, 26 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই::পঞ্চম খণ্ড - আকাৰ...:: On Bonsai_Part-V


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
পঞ্চম খণ্ড


নৱ কুমাৰ বৰা

বনচাইৰ আকাৰ আৰু গঢ় দিয়া
     বনচাইক এক শিল্পকর্মলৈ পৰিণত কৰাত আকাৰ আৰু গঢ় দিয়া কার্যই মূখ্য ভূমিকা পালন কৰে। আনহাতে এই কার্য নির্ভৰ কৰে গৰাকীজনৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাৰ ওপৰত। সেয়ে বনচাইৰ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ ব্যক্তি হোৱাৰ লগতে এজন নিপুণ কাৰিকৰ হোৱাটো একান্তই বাঞ্চনীয়।
ক) বনচাইৰ আকাৰ দিয়া
১) অগ্রজমুকুল বা কলি চিঙি দিয়া
গছৰ পৰিৱর্দ্ধনৰ সময়ত অতিৰিক্ত কলিবোৰ চিঙি দিয়া হয়। নীতি অনুসৰি গুৰি ভাগৰ পাতৰ কোণত সুপ্ত কলিবোৰ থাকে আৰু সাধাৰণতেই ইহঁতক সুৰক্ষা দি আগৰ পাত, কলি আদি কাটি দিয়া উচিত। কাল্পনিক আকাৰ এটা মনত ৰাখি প্রতিটো ডালৰপৰা দুটা বা তিনিটা কলি চিঙি দিয়া দৰকাৰ।
২) প্রুণিং
     বসন্ত সোমাওঁতেই নতুনপোখা মেলাৰ আগে আগে প্রুণিং কৰা ভাল। এই কামটো কৰোঁতে তলৰ অংশতকৈ ওপৰৰ অংশৰ প্রুণিং বেচিকৈ কৰা ভাল। এই ক্ষেত্রতো গুৰিভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দি অগ্রজভাগটো কটা প্রয়োজন। এনে কৰিলে অতিৰিক্ত বর্দ্ধন হ্রাস হ’ব আৰু স্বাভাৱিক আকাৰ নষ্ট নোহোৱাকৈ বনচাইৰ অগ্রজ আৰু গুৰি অংশৰ সমতা স্থাপন কৰিব পাৰি। প্রুণিং কৰোঁতে তিনিটা  মন কৰিবলগীয়া কথা হ’ল ---বয়সীয়াল পাতৰ গুৰি ভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দিয়া; প্রতি তিনিডলীয়া ফেৰেঙণীৰ তৃতীয়টো কাটি দিয়া; এটা এৰি এটাকৈ কটা(Alternate cutting) অর্থাৎ মূলডালৰ দুটা বিপৰীতমূখী ডাল একেলগে থাকিবলৈ নিদিয়া।

 



৩) পাত কটা
     প্রাপ্তবয়স্ক পাতবোৰ কাটি দিলে বেচিকৈ নতুন পোখা ওলাব। সাধাৰণতে বৰষুণৰ বতৰত এই কাম কৰা হয় যদিও গছৰ পৰিবর্দ্ধন আৰু স্বাস্থ্যৰ ফালে চকু দি যিকোনো সময়তে পাত কাটিব পাৰি। এই কামটোৰ আগতে কেতিয়াও সাৰ-পানী দিয়া উচিত নহয়। কেতিয়াবা বনচাইৰ আকাৰ নষ্ট হ’লে দুই ভাগৰ বা তিনিভাগৰ এক অংশ পাত কাটি দিব পাৰি। 
কমবয়সীয়া আৰু স্বাস্থ্যবান গছ একেটা ঋতুতে ২-৩ বাৰ কাটিব পাৰিলেও দুর্বল আৰু বয়সীয়াল গছৰ ক্ষেত্রত পাত কটাৰ মাত্রা কম কৰা উচিত।

৪) তাঁৰ মেৰিওৱা
     বহুতেই ভবাৰ দৰে এই কাম বাধ্যতামূলক নয়। প্রুণিং আদি কৰাৰ পাছতো মনে বিচৰা আকাৰ নেপালেহে কুমলীয়া কাণ্ড আৰু ডালবিলাক তাঁৰ মেৰিয়াই ভাঁজ দিয়া হয়। ইয়াৰ বাবে বিভিন্ন আকাৰৰ তামৰ তাঁৰ ব্যৱহাৰ কৰিব পাৰি। এনে তাঁৰবোৰ ব্যৱহাৰ কৰাৰ আগতে ভালদৰে তপতাই ঠাণ্ডা কৰিলোৱা উচিত। মাটিত এটা মুৰ পুতিলৈ গছৰ গতিৰ দিশত পকাই যাব লাগে।
ফেৰেঙণী থাকিলে বাওঁফালৰ ডালত সেইডালেই পকাই অন্যফালে বেলেগ টুকুৰা পাক দি ভালদৰে লৰচৰ কৰিব নোৱৰাকৈ অগ্রভাগত বান্ধি দিয়াৰ প্রয়োজন। খৰতকীয়া গছ ৪-৫ সপ্তাহতে ভাঁজ লব পাৰে। আজিকালি ইলেক্ট্রিকেচ্ দোকানত পোৱা প্লাষ্টিক বা সূতা মেৰিউৱা তাঁৰো ব্যৱহাৰ কৰিব পাৰি ।
৫) মূলঅক্ষ (Axis) তৈয়াৰ কৰা
     গছৰ প্রকৃতি অনুসৰি ইয়াৰ অক্ষ বেলেগ হ’ব পাৰে। প্রয়োজনীয় ডাল বা কাণ্ড বাচি লৈ অতিৰিক্ত শাখা-প্রশাখাবোৰ এৰুৱাই পেলোৱা উচিত। স্বাভাৱিকভাৱে মূলঅক্ষ নথকা গছত পচন্দ অনুসৰি ডাল এটা নির্বাচন কৰি তাক উৎসাহিত কৰিব লাগে।
৬) ‘জিন’ আৰু ‘ইউৰ’ (Jin and Uro)
     যিবিলাক গছৰ ডাল বা কাণ্ডৰ বাকলি পচি নষ্ট হৈ তলৰ কাঠ অংশ ওলাই পৰে সেইবোৰক ‘জিন’ আৰু ধুমুহা-বজ্রপাত আদিয়ে গা-গছ বা ডাল ফালি আধামৰা কৰি থয় সেইবোৰক ‘ইউৰ’ বুলি কোৱা হয়। ‘জিন’ৰ কাৰণে শাখা ডালৰ আগফালৰ বাকলি এৰুৱাই দিব পাৰি কিন্তু এই শাখাৰ আকৃতি মূল কাণ্ডৰ আধা হোৱা উচিত আৰু কৃত্রিম ভাবটো কেতিয়াও প্রকাশ পাব নালাগে। একে ধৰণেৰে ডাঙৰ ডাল ফালি এৰুৱাই ‘ইউৰ’ৰ সৃষ্টি কৰিব পাৰি।

খ) বনচাইৰ গঢ় দিয়া
১) থিয় পোন গছ
পোনে পোনে বঢ়া গছ ইয়াৰ বাবে উপযোগী। গুৰি অংশ খালি কৰি ৰাখিব লাগে আৰু একে সমতলত যাতে দুটা ডাল কেতিয়াও নাথাকে তালৈ লক্ষ্য ৰাখিব লাগে। ওপৰলৈ বাঢ়ি যোৱা ডালপাতবোৰৰ ভাৰসাম্যতা বজাই ৰাখি গুৰিৰপৰা তিনি-চাৰি ডালমান শিপা চাৰিওফালে বিয়পাই বঢ়াব লাগে। পুলি গছবোৰ ঘনাই প্রুণিং কৰি স্বাভাৱিক আকাৰত ৰখা উচিত। মাতৃগছৰ ওপৰ অংশৰ ডাল ধৰি এনেধৰণৰ বনচাই গঢ় দি ল’ব পাৰি।
২) যুৰীয়া গছ
     এই ধৰণৰ বনচাইত গুৰি ভাগৰপৰা ওলোৱা দুটা পুলি পোন, বেঁকা বা পাকখোৱা ডাল নন্দনতাত্ত্বিক চেতনাৰে গঢ়ি তুলিব পাৰি। গৌণ ডালটো মুখ্য গা-গছৰ কাষ চাপি অহা ডাল আৰু সিহঁতৰ মাজৰ খালি ঠাই কম হোৱা উচিত।
সুবিধাজনক গছ নাপালে এজোপা গছকে দুভাগ কৰি ল’ব পাৰি। পুলি লগাওঁতে মাতৃগছৰ ফেৰেঙণিৰ ঠিক তলতে ডাল ধৰি এই অভাৱ পুৰণ কৰিব পাৰি। দুয়োটা অংশৰ আকৃতি-প্রকৃতিৰ মিল থাকিলে বনচাই জোপা শুৱনি হ’ব।
৩) হেলনীয়া গছ
      এনে গছ প্রকৃতিত অসংখ্য পোৱা যায় বাবে তাৰ পৰাই সংগ্রহ কৰি ল’লে উপযুক্ত বনচাই পাব পাৰি। নহ’লে ঘনাই ফেৰেঙণি থকা ডালবোৰ বিচাৰি গঢ় দিব লাগে। ওখ পুলিৰ আগটো কাটি, ভাঁজ দি, কৌশলেৰে প্রুণিং কৰি এনে বনচাই গঢ়িব পাৰি।
৪) বৃক্ষসমষ্টি
     ইয়াত একেলগে কেইবাজোপা জুম বান্ধি লগালেও সিহঁতক যিকোনো কাষৰ পৰা চালে এডাল সৰল ৰেখাতে দেখা হ’ব নালাগে। অন্যথা সিহঁতক একেজোপাৰে শিপাৰপৰা ওলোৱা যেন লাগিব। সাধাৰণতে মিহি বাঁহৰ শলি জালৰ দৰে বান্ধি পাত্রৰ তলিত ৰাখি তাত পুলিবোৰৰ শিপাবোৰ লগলগাই প্লাষ্টিক বা সুতাৰে বান্ধি দিব পৰা যায়। এই কামত তাঁৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বেলেগ বেলেগ জাতৰ গছ এইদৰে জুম বান্ধি লগাব পাৰিলেও সিহঁতৰ পৰিবর্দ্ধন তথা স্বভাৱৰ ভিন্নতাৰ বাবে আশানুৰূপ ফল পোৱা নাযায়।
৫) সংযুক্ত শিপাৰ গছ
     ইয়াত সমান্তৰালভাৱে হোৱা শিপাবোৰ  বৃক্ষসমষ্টিৰ দৰেই বান্ধি দিয়া হয়। কিন্তু গুৰিৰপৰা বেছি দূৰলৈ যোৱা শিপাবোৰ পেগিং কৰি কাষত শিল আদিত দি লম্বভাৱে ওপৰলৈ বাঢ়িবলৈ দিব লাগে।
৬) প্রপাত বা কেচ্ কেড্
     পর্বতীয়া জুৰিৰ পাৰৰ শিলৰ ফাঁকত গজা গছবোৰৰ তললৈ বিয়পি অহা ভংগীমাকেই কেচ্ কেড্ বুলি কোৱা হয়। ইয়াৰ বাবে গা-গছডাল শিপাৰ বিপৰীত দিশত আগবাঢ়ি যোৱা উচিত।
গা-গছৰ গুৰিৰ নাইবা ওপৰৰ ডালবোৰ অতিমাত্রা ভাঁজ দি এনেকুৱা কৰিব পাৰি। যিহেতু বনচাইত শিপাৰ সৌন্দর্যৰ গুৰুত্ব সিমান নাই গতিকে দ’ সৰু, ঠেক পাত্র ব্যৱহাৰ কৰিব পাৰি। কিন্তু আংশিক কেচকেড্ ৰ বাবে বাম, ট্রেৰ দৰে পত্র লোৱা ভাল।
৭) গছ আৰি শিল
     গছবিলাকৰ জীৱন শক্তিৰ ক্ষমতা ইমানেই প্রবল যে সিহঁতে অতি প্রতিকুল পৰিৱেশতো পৰিবর্দ্ধিত হৈ সৌন্দর্য প্রদান কৰিব পাৰে। ওখ শিলৰ গাত, গছৰ খোৰোং, দেৱালৰ চাপত, পকী দলঙৰ ভাঁজ আদিত থকা আকর্ষণীয় ভংগীমাৰ গছবোৰেই ইয়াৰ প্রমাণ। সাধাৰণতে তিনিধৰণৰ শিলত গঢ়া বনচাই পোৱা যায়।
     ক) শিপাবোৰ শিলৰ ফাঁকে ফাঁকে বাঢ়ি গৈ তলৰ পাত্রৰ মাটিত খামুচি ধৰেগৈ।
     খ) সামান্য মাটি থকা বাম ট্রেৰ দৰে পাত্রত থকা শিলৰ ওখোৰা মোখোৰাত শিপাবোৰ আৱদ্ধ হৈ পৰে।
     ৩) গছজোপা শিলৰ ওপৰত শিপাই কমোৰ মাৰিয়েই জীয়াই থাকে।
     এনে বনচাইত গছৰ শিপাবোৰ শিলত কপকপীয়াকৈ বান্ধি দিয়া হয়। এই কামত শিলটোৰ ফাঁকত সীহৰ টুকুৰা তাঁৰ ভৰাই প্রয়োজন অনুসৰি শিপাবোৰ বান্ধি তাৰ ওপৰত তলত উল্লেখকৰা মিশ্রণটোৰ তৰপ এটা দি সুন্দৰ সেউজীয়া মচেৰে স্বাভাৱিকভাবে ঢাকি দিব লাগে।
     চাৰিভাগ মচ + তিনিভাগ নৈৰ বালি+ তিনিভাগ ৰঙা মাটি
     অসমত বিভিন্ন আকাৰৰ ওখোৰা-মোখোৰ শিলৰ অভাৱ নাই। তথাপিও হাতত তেনেকুৱা শিল নাথাকিলে তুলনামূলকভাবে কোমল শিল খাঁজ কাটি, ফুটা কৰি তামৰ পাইপ আদি ভৰাই উপযুক্ত কৰি ল’ব পাৰি। এই ধৰণৰ বনচাইত শিলৰ ফাঁকবোৰত সাৱধানে মাটি  ভৰাই শিপাবোৰ সুন্দৰকৈ ঢাকি দি দিনে দুই-তিনিবাৰকৈ পানী দিয়া উচিত।
                   আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭



Monday, 24 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই: (চতুর্থ খণ্ড) মাটি আৰু সাৰ :On Bonsai-Part- IV soil & fertilizer


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
চতুর্থ খণ্ড


নৱ কুমাৰ বৰা


বনচাইৰ বাবে মাটি আৰু সাৰ

     বনচাইৰ বাবে লাগতিয়াল মাটি প্রধানকৈ দুটা ভাগত ভগাব পাৰি । বালিচঁহীয়া আৰু দোআঁস মাটি। সাৰ আদি সহজে শুহি ল’ব পৰা ক্ষমতা থকা স্বত্ত্বেও ঘনাই পানী দিয়াৰ প্রয়োজন হোৱাৰ বাবে শুদ্ধ বালিয়া মাটিতকৈ দোআঁস মাটিকহে বনচাইত অগ্রাধিকাৰ দিয়া হয়। কিছুমান গছে স্বাভাৱিকভাৱে বালিয়া মাটি ভাল পোৱাৰ বাবে বিভিন্ন মাটিৰ সংমিশ্রণ ঘটাই প্রাকৃতিক অৱস্থাৰ অভাৱ পূৰণ কৰিব পাৰি। বনচাইৰ বাবে মাটি প্রস্তুত কৰোঁতে মূলতঃ পানীধাৰণ ক্ষমতা আৰু বায়ু চলাচল কৰালৈ চকু দিয়াৰ দৰকাৰ।
     বনচাইৰ উপযোগী মাটিবোৰ হ’ল --- ক’লা দোআঁস (Black loam), লঘূ শিলগুটিয়া ( Light gravelery), পচনসাৰযুক্ত মাটি, নৈৰ বালি (River sand) আৰু পাহাৰীয়া বালি (Mountain sand) পথাৰ আৰু বাৰীঘৰৰ ওচৰে- পাজৰে দোআঁস মাটি পোৱা যায় । এনে মাটি এফুট বা দুফুট তলৰপৰা খান্দি আনি ৰ’দত ভালদৰে এসপ্তাহমান শুকুৱাই ল’ব লাগে। পাছত গুৰি কৰি যথাক্রমে চাৰিভাগৰ এক ইঞ্চি, আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি জোখৰ চালনীৰে চালি  তিনিটা ক্রমত ভগাই লোৱা হয় আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি ক্রমতকৈ মিহি মাটি নোলোৱাই ভাল । এই নিয়ম বনচাইৰ সকলো মাটিৰ বাবেই প্রযোজ্য। ৰঙা দোআঁস মাটি আগৰ দৰেই প্রস্তুত কৰি ল’ব লাগেলঘূ শিলগুটিয়া মাটিৰ ৰং ধোঁৱা বা ৰঙচুৱা মুগা বৰয়ৰ। এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বেছি হোৱাৰ উপৰিও বতাহ চলাচল কৰাৰ সহায়ক।
     পচনসাৰযুক্ত মাটিত যথেষ্ট সাৰুৰা হোৱাৰ উপৰিও এনে মাটিত ভালদৰে বতাহ চলাচল কৰিব পাৰে। বনচাইৰ বাবে পাহাৰীয়া বালি নৈৰ বালিতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয়। বিভিন্ন প্রকাৰৰ উদ্ভিদৰ বাবে মাটিৰ মিশ্রণৰ অনুপাত তলত উল্লেখ কৰা হ’ল:-
ক) পাইন গছঃ পাঁচভাগ বালি, ৪ ভাগ ৰঙা দোআঁস , ১ ভাগ ক’লা দোআঁস
খ) অন্যান্য ফুলৰ গছঃ তিনিভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ২ ভাগ ক’লা দোআঁস
গ) ফল-ফুলৰ গছঃ তিনি ভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ১ ভাগ ক’লা দোআঁস আৰু ১ ভাগ বা ২ ভাগ পচন সাৰযুক্ত মাটি। এই অনুপাত প্রতিপালৰ ক্রম অনুসৰি সামান্য সাল-সলনি কৰিও ল’ব পাৰি।
     পাত্রত থকা মাটিৰ খাদ্য সম্ভাৰৰ উভয়নদীতাৰ ওপৰত নির্ভৰ কৰি মাটি সলনি কৰাৰ সময় নিৰূপিত হয়। উদ্ভিদৰ জাতৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত মাটিৰ মিশ্রনেৰে বনচাই ৰোব লাগে যাতে নির্দিষ্ট অন্তর্বত্তী কালচোৱা সুকলমে অতিবাহিত হ’ব পাৰে। উদাহৰণ স্বৰূপে কোনোফাৰ জাতীয় উদ্ভিদৰ বাবে ৫-৬ বছৰ; অন্যান্য চিৰসেউজ আৰু পাতসৰা গছৰ ৩-৪ বছৰ আৰু ফলফুল ধৰা বনচাইৰ বাবে ২-৩ বছৰ।

বনচাই অনুসৰি বিভিন্ন মাটিৰ প্রয়োজনীয় মিশ্রন

পাইন:-
ক) পাহাৰীয়া বা নৈৰ বালি ৬ ভাগ, ৰঙা দোআঁস ৪ ভাগ
খ) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ১ ভাগ,   ক’লা দোআঁস ১ ভাগ
গ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৪ ভাগ।
ওক জাতীয় গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ৫ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৪ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
চিৰসেউজ আৰু পাতসৰা:-
ক) পাহাৰীয়া বা নৈৰ বালি  ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৫ ভাগ, ক’লা দোআঁস ২ ভাগ।
ফল-ফুল ধৰা গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৩ ভাগ।
আগলৈ...



  ম’বাইল: ৮৪৭২০২৪৮১৭                        


Friday, 21 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই (তৃতীয় খণ্ড) ::বনচাইৰ বাবে পাত্র On Bonsai- Part-III


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
তৃতীয় খণ্ড


নৱ কুমাৰ বৰা


বনচাইৰ বাবে কেনে পাত্র ল’ব?

     বনচাইবোৰৰ পৰিবর্দ্ধন আৰু সৌন্দর্য বহু পৰিমাণে ৰোৱা পাত্রটোৰ ওপৰত নির্ভৰ কৰে। পাত্রবোৰ গছবোৰৰ আকৃতি-প্রকৃতি, গঠন, পৰিবর্দ্ধন, ৰং অনুযায়ী বিভিন্ন গঢ়, গঠন আৰু ৰঙৰ হ’ব পাৰে। পাত্রবোৰ সচৰাচৰ মাটি, চীনামাটি, কাঠ বা কেতিয়াবা ব্রোঞ্জৰ ল’ব পাৰি।
     সাধাৰণতে সৰল, ঠিয়, পোন বা হেলনীয়া গছৰ বাবে ডাঠ, দ, আয়তাকাৰ পাত্র হোৱা উচিত। যুৰীয়া গছৰ বনচাইৰ বাবে পাতল, আয়তাকাৰ বা ঘুৰণীয়া পাত্র হ’লে ভাল। জুমবান্ধি ৰোৱা বনচাইৰ কাণ্ডবোৰ তুলবামূলকভাৱে ক্ষীণ আৰু বহু ডাল বিশিষ্ট হয়। এনে বনচাইৰ বাবে ঘুৰণীয়া বা ডিম্বাকৃতিৰ, পাতল আৰু বাম পাত্র উপযোগী। তললৈ বৈ অহা বনচাইৰ বাবে দ, ডাঠ, বর্গাকাৰ বা ঘুৰণীয়া পাত্রৰ প্রয়োজন। শৈল-ৰোপনৰ পাত্রবোৰ আয়তাকাৰ, ডিম্বাকাৰ,পাতল, বাম ট্রে বা থাল জাতীয় হ’লে ভাল হয়। এই ক্ষেত্রত শিল আৰু পাত্রৰ ৰং ইটোৰ সিটো পৰিপূৰক হোৱা উচিত।



     মোটামুটিভাৱে ক’ব পাৰি যে পাত্রৰ দৈর্ঘ গছৰ উচ্চতাৰ তিনিভাগৰ দুভাগ হোৱা দৰকাৰ। পাত্রৰ বহল ফালটো ওলাই থকা শিপা আৰু ডাল-পাতেৰে আৱৰি থকা অংশৰ সমানুপাতিক হ’লে দেখাত ধুনীয়া হয় ।
     বনচাই কৰিবলৈ যাওঁতে চাৰিটা মৌলিক কথালৈ সদায় মন দিয়া উচিত-
     ক) সূর্যৰ ৰশ্মি বনচাইৰ বাবে অতি প্রয়োজন
     খ) বায়ুৰ চলাচল বেচি হোৱা মুকলি ঠাই বনচাই উপযোগী।
     গ) সৰু পাত্রটোত থকা মাটিকনেই গছজোপাৰ প্রধান আধাৰ।
     ঘ) ৰোৱাৰ সময়ত মূল আৰু চুলি শিপা কাটি দিলে গছজোপাৰ পৰিপাক আৰু বর্দ্ধন হ্রাস পায়।

বনচাই আৰু পাত্রৰ সমন্বয়

     এইবিষয়টো গৰকীৰ নন্দনতাত্ত্বিক তথা নিজা সৌন্দর্যবোধৰ ওপৰত্ নির্ভৰশীল যদিও তলৰ কথাকেইটাই বনচাই আৰু পাত্রৰ সমন্বয় ৰক্ষা কৰাৰ দিশত বহুখিনি সহাব কৰিব।

১) কোনিফাৰজাতীয় বনচাই
     ক’লা চানেকীয়া, ৰঙচুৱা, ক্রীম আৰু গাঢ় ৰঙা ৰং ইহঁতৰ বাবে উৎকৃষ্ট। পোন থিয় গা-গছৰ বাবে বাহিৰফালে বাও থকা আয়ত ক্ষেত্রকাৰ পাত্র ল’ব লাগে। আলসুৱা গছৰ বাবে ঘুৰণীয়া, ডিম্বাকৃতিৰ অথবা বর্গক্ষেত্রকাৰ পাত্র ল’লে ভাল হয়।
     সচৰাচৰ আয়তক্ষেত্রকাৰ পাত্রবোৰ নীতিগত(Formal) সমষ্টি বৃক্ষৰ বাবে আৰু ডিম্বাকৃতিৰ পাত্র অনিয়মিত সজ্জাৰ বাবে উপযোগী। চেপাটা দেখনীয়াৰ শিল বা চিৰেমিক(Ceremic)ৰ চটা আদিও বিভিন্ন ডিজাইন গঢ়িবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কেচ্ কেড্ বা প্রপাতজাতীয়ৰ বাবে দ’, ঘুৰণীয়া বা বর্গক্ষেত্রাকাৰ পাত্রই উত্তম।






২) পাতসৰা গছৰ বনচাই
     শকত মজবুত গছৰ বাবে দ’ আৰু আলসুৱা গছৰ বাবে বাম আয়তক্ষেত্রকাৰ বা ডিম্বাকৃতিৰ পাত্র ল’ব লাগে। শকত গছৰ পাত্রৰ কাণটো বাহিৰ ওলোৱা ধৰণৰ হোৱা উচিত। পাতৰ লগত একে ৰঙৰ পাত্র নোলোৱাই ভাল। পাত্রৰ ৰঙ বগা চানেকীয়া, পাতল সেউজীয়া বা ক’লা ধোৱাঁ বৰণীয়া ল’ব পাৰে।



৩) ফল-ফুল ধৰা বনচাই
     ধোৱাঁ বা হাতীদাঁতৰ ৰঅৰ আয়তক্ষেত্রকাৰ পাত্র অকলশৰীয়া গছৰ বনচাইৰ বাবে উপযোগী। আনহাতে সংযুক্ত শিপাৰ বাবে পাতল ধোৱাঁ বৰণীয়া বা বগা চানেকীয়া বাম ঘুৰণীয়া পাত্র ল’ব লাগে।
     বগা ফুলৰ গছৰ বাবে পাত্রৰ ৰঙ ক’লা, বেঙুনীয়া, নীলা বা হালধীয়া ; ৰঙা ফুলৰ বাবে বগা বা পাতল ধোৱাঁ বৰণৰ হ’লে চকুত লগা হৈ উঠে।






৪) সৰু গছ আৰু ঘাহঁজাতীয় বনচাই
      এনে বনচাইৰ বাবে যিমান পাৰি বাম পাত্র ল’ব লাগে। পাত্রৰ ৰঙ হালধীয়া, মুগা বা সেউজীয়া ল’ব পাৰে।
                                                আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭                         


Tuesday, 18 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই ( দ্বিতীয় খণ্ড ) গছ নির্বাচন ::On bonsai -part II- Plant selection



সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
দ্বিতীয় খণ্ড


নৱ কুমাৰ বৰা

গছ নির্বাচন
          প্রকৃতিৰ ৰেহ-ৰূপৰ সমাহাৰস্থল অসমত বনচাইৰ বাবে প্রয়োজনীয় গছৰ অভাৱ নাই। মথোন বনচাইৰ বাবে সংগ্রহ কৰা গছবোৰ স্বাস্থ্যবান আৰু তুলনামূলকভাবে চুটি-চাপৰ হোৱা উচিত। দুই ধৰণেৰে  গছ সংগ্রহ কৰিব পাৰোঁ-
     ১) গছপুলি, কলম আদি বিভিন্ন প্রজনন পদ্ধতিৰে নিজেই কৰি বা আৱশ্যকীয় গছ নার্চাৰীৰপৰা সংগ্রহ কৰি অৱশ্যে পুলি নিজেই কৰি ল’লে গছৰ বয়স নির্ণয় কৰি দক্ষতা জুখিব পাৰি।
     ২) প্রাকৃতিকভাবে পর্বত-পাহাৰ, শিল, খোৰুং আদিৰ মাজত গজা বাওনা গছ সংগ্রহ কৰি।
     বনচাই সৰুকালৰ পৰাই আৰম্ভ নকৰিলে তাৰ পূর্ণাংগ ৰূপৰ সৌন্দর্য এই জীৱনত দেখাটো সম্ভৱ নহ’ব পাৰে। জাপানীসকলে মৃত্যুৰসময়ত আমাৰ চন্দুকৰ কাঠি দি যোৱাৰ দৰে সন্তানক বনচাইবোৰ দি যায়। সেই কাৰণে চীন আৰু জাপানত শ শ বছৰীয়া বনচাই এতিয়াও পোৱা যায়। যিয়েই নহওক প্রকৃতিৰপৰা সংগ্রহ কৰি আনি ৰুই বনচাইৰ সৌন্দর্য আগতীয়াকৈ উপভোগ কৰিব পাৰি। পাহাৰীয়া ঠাই, শিলনি, পুৰণি ঘৰ, দেৱাল আদিত প্রতিকুল পৰিৱেশত প্রাকৃতিক ভাৱে হোৱা বহুতো গছ চুটি-চাপৰ, বেকা-বেকিকৈ থাকে। এনেকুৱা গছ সংগ্রহ কৰি ল’লে গঢ়-গঠন দিয়া কামবোৰ সহজ হৈ পৰে। পাত সৰি যোৱা খৰুতীয়া গছৰ জাতবোৰ লেহেম গতিৰ; চিৰসেউজ গছতকৈ ক’ম কষ্ট কৰিলেই হয়। ইয়াৰ বাবে এই গছবোৰ বসন্তৰ আগে আগে নতুন পাত-পোখা নৌ ওলাওঁতেই দকৈ মাটিৰে সৈতে খান্দি আনি বাগিচাৰ ৰ’দঘাই অংশত গাঁত খান্দি শিপাবোৰ ভালদৰে মেলি সৰু ডালবোৰ পর্যন্ত মাটিৰে ঢাকি দিয়া উচিত। নিয়মীয়াকৈ পানী দি থাকিলে পাতসৰা গছবোৰ দুমাহমানতে গজগজীয়া হৈ উঠিব। সচৰাচৰ শৰৎ কালত এই গছবোৰ ৰোৱ পৰা হয়। ৰোৱাৰ কিছুদিনৰ আগতে চাৰিওফালে বগাই যোৱা শিপাবোৰ কাটি দিব লাগে। কিন্তু তললৈ যোৱা শিপাবোৰত হাত দিব নালাগে। ৰোৱাৰ আগেয়ে প্রয়োজনীয় সকলোখিনি কাম সম্পূর্ণকৈ প্রস্তুত কৰাৰ পাছতহে গছ উঠোৱাৰ দৰকাৰ। চাব লাগে যাতে শিপাৰ লগত যথেষ্ট মাটিও থকে। সাধাৰণতে বনচাইৰ বাবে জুনিপাৰ, অৰকেৰিয়া, ঝাউ, পাইন আদিকে ধৰি দেৱদাৰু, ছিলভাৰ অ’ক, ব’টল ব্রাচ, বাগান বিলাস, বৰ, জৰী, আঁহত, তেতেলী আম, কঠাল, জামু, পলাশ, সোনাৰু, শেৱালী, কৰবী, লিচু বগৰী, কমলা, ৰবাব, চকলা টেঙা, বকুল, নুনী ডালিম, আমলখি, জলফাই লৈকে সকলোবোৰ উপযুক্ত। গছ নির্বাচন কৰোঁতে যিবোৰ গছ এনেয়েও প্রাকৃতিক পৰিৱেশত লাহে লাহে বাঢ়ে তেনেকুৱা গছহে লোৱা উচিত।  খৰকৈ বঢ়া গছত যিমানেই কষ্ট কৰা নহওক কিয় কেতিয়াও ভাল ফল পাব নোৱাৰি।
                                               আগলৈ...



_______________________________________________________________________________

ম’বাইল:: ৮৪৭২০২৪৮১৭

Sunday, 16 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:::Bonsai


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
প্রথম খণ্ড
নৱ কুমাৰ বৰা



[ বনচাইবোৰক ‘প্রকৃতিৰ বৈচিত্র তথা অফুৰন্ত শক্তিৰ শিল্পী সুলভ প্রকাশ’ বুলি বিবেচনা কৰি আজিৰপৰা প্রায় একুৰি বছৰৰ আগেয়ে নৱ কুমাৰ বৰাদেৱে ৰচনা কৰা এই সৰু পুথিখন সম্পাদিত ৰূপত ‘সেউজী ধৰণী’ৰ পঢ়ুৱৈলৈ ধাৰাৱাহিকভাৱে আগবঢ়ালো। ]
পটভূমি
          বনচাই এতিয়া আৰু বাগিচাপ্রেমী সকলৰ বাবে অচিনাকি নাম নহয়। বৃহদাকাৰৰ গছবোৰ তেনেই সৰু পাত্রত চাপৰ কৰি অথচ প্রাকৃতিক গছবোৰৰ সকলো চাৰিত্রিক গুণ অক্ষুণ্ণ ৰাখি প্রতিপালন কৰা বনচাইবোৰ একো একোটা জীৱন্ত ভাস্কর্য। আজিকালি চহৰীয়া জীৱনধাৰাত সোমাই পৰি ইচ্ছা থাকিলেও ঠাইৰ অভাৱত বনচাইবোৰে গছৰোৱাৰ আনন্দানুভূতি পুৰণ কৰিব পাৰে। আচলতে বনচাইক এক শিল্পকলা বুলিহে ক’ব পাৰি। ডেৰ’শ-দুশ ফুটিয়া ওখ গছবোৰে গৰাকীৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাত সৰু সৰু পাত্রত অবিকল প্রাকৃতিক ৰূপ লৈ অপৰূপ শিল্পকর্মলৈ পৰিণত হয়।
          বনচাই বুলি কলেই জাপানলৈ মনত পৰে যদিও ই প্রকৃততে চীনা সকলৰহে অৱদান। চীনাভাষাত ইহঁতক পেনজিং (Penjing ) বুলি কয় । দহ-এঘাৰ শতিকাত জাপানী বৌদ্ধ সন্যাসীসকলে এই ‘জীৱন্ত ভাস্কর্য’বোৰ জাপানলৈ আনিছিল। বনচাইৰ দৰে পেনজিংবোৰৰো বিভিন্ন স্বকীয় স্কুল বা ষ্টাইল আছে যেনে:- চু-ঝও (Suzhou), লিংনান্ (lingnan), চাংহাই(sanghai), য়াংমাও (yangzhan), চি-চুৱান্ (Sichuan) আদি। পেনজিংবোৰ বনচাইৰ তুলনাত কিছু ঠৰঙা আৰু আলসুৱা ভাৱটো অলপ কম যেন অনুভৱ হয়দুয়োখন দেশৰে পেনজিং আৰু বনচাইৰ লগত ধর্মীয় অনুভূতি এটা সদাই বিৰাজমান। চীনা তাও (tao) সকলৰ মতে ইহঁত গিৰিপর্বত, গুহা, গছৰ খোৰোঙ আদিত আকস্মিকভাবে সৃষ্টি হোৱা প্রকৃতিৰ বিশাল শক্তিৰ ঘণীভূত সংস্কৰণ। জাপানৰ ‘ঝেন্’(zen) সকলে ইয়াক ইকেবানাৰ দৰেই আধ্যাত্মিক ধ্যানৰ এক আহিলা হিচাপে জ্ঞান কৰে। জিয়েমি মট’কিঅ (Zeami Motokiyo)ৰ নাটকত প্রথম বনচাইৰ লিখিত বর্ণনা পোৱা যায়। তেওঁ ঋণত পোত যোৱা চমুৰায় বা যুঁজাৰু এজনে খৰিৰ অভাৱত তেওঁৰ বহুমূলীয়া বনচাইবোৰ জ্বলাই আলহী শুশ্রূষা কৰাৰ কথা বর্ণনা কৰিছে।
     যিয়েই নহওক, জাপানীসকলে মুলতঃ ইয়াক চীনাসকলৰপৰা শিকিছিল যদিও শ শ বছৰৰ সাধনাৰ ফলত ইয়াৰ এক স্বকীয় জাপানী কলালৈ উন্নতী কৰিছে। পেনজিংৰ দৰে ইয়াৰো বিভিন্ন স্কুল আছে। বনচাই শব্দটো জাপানী। ইয়াৰ ‘বন’ মানে খুৰুঙীয়া পাত্র বা ট্রে আৰু ‘চাই’ মানে খেতি। সৰু সৰু পাত্রত বৃহৎ গছ-গছনিৰ পুলি প্রতিপাল কৰি প্রকৃতিৰ সাঁচত গঢ়ি তুলিবলৈ যথেষ্ট কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ প্রয়োজন হয়। তদুপৰি বনচাই কৰিবলৈ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ হোৱাটো একান্তই বাঞ্চনীয়। ইয়াৰ লগতে প্রকৃতিৰ আকর্ষণীয় ভঙ্গীমাত থকা গছ-গছনিবোৰৰ দৃশ্য তেখেতৰ মনত ভাঁহি থাকিব লাগিব। আনহাতে প্রকৃতিয়ে এৰি যোৱা দুই-এটা খুঁটিনাটি শুধৰাই আনি এক নিখুট সর্ব্বাঙ্গ সুন্দৰ বনচাই কৰিব পৰা যায়। চমুকৈ বনচাই কৰিবলৈ লোৱা মানেই হ’ল প্রকৃতিৰ সৃজনী শক্তিৰ একেই সুৰত এক অঘোষিত প্রতিযোগীতাত নামি পৰা। বনচাই হ’ল বিজ্ঞান আৰু কলাৰ সমন্বয়ত গঢ় লোৱা পুর্ণাঙ্গ এক বিষয়। আমি ইয়াত ইয়াৰ বিভিন্ন দিশবোৰ সামৰি যিমান পাৰি চমুকৈ আলোচনা কৰিম। অনুৰাগীস্কলে বিস্তৃত ব্যৱহাৰিক জ্ঞানৰ বাবে অভিজ্ঞলোকৰ সহায় তথা তেওঁলোকৰ বনচাইবোৰ চোৱা ভাল।
     পুর্ণংগ বনচাই এজোপাৰ বাবে কিছুমান নিদির্ষ্ট চাৰিত্রিক গুণ থকাৰ প্রয়োজন। যেনে:-
ক) বনচাইজোপাই প্রকৃতিৰ গছজোপাৰ সকলো ক্ষমতা বহন কৰিব লাগিব।
খ) ইয়াত অতি আওপুৰণি গছৰ দৰে বয়সৰ চিন প্রকট হৈ উঠিব লাগিব।
গ) ডাল-পাতবোৰ শিল্পীসুলভ ভঙ্গীমাত থাকিব লগিব।
ঘ) পাত্রটোৰ ৰং, গঠন, আকাৰ আদি গছজোপাৰ আকৃতি-প্রকৃতি, ৰং, গঠন, পৰিবর্দ্ধনৰ খাপ খাই ঐকতানেৰে মিলি থাকিব লাগিব।
আগলৈ...




--------------------------------------------------------------------
 ম'বাইল: ৮৪৭২০২৪৮১৭

Sunday, 25 September 2016

ক’লা চাউল- অসমৰ কৃষি অর্থনীতিত এক নতুন সংযোজন :: Black rice- A new addition to Agro-economics of Assam



সেউজী ধৰণী


ক’লা চাউল- অসমৰ কৃষি অর্থনীতিত এক নতুন সংযোজন

ডঃ চাদিকুল হুছেইন





উদ্ভিদ হিচাপে ধান (Oryza sativa L ) ইমান পুৰণি যে বর্তমান ইয়াৰ আদিৰ সম্পর্কে সঠিককৈ কোৱা অসম্ভৱ হৈ পৰিছে। তথাপিও কিছুমান অনুসন্ধানৰ পৰা অনুমান কৰিব পৰা গৈছে যে মানুহে খৃঃপূঃ ৪০০০ বছৰমানৰপৰা ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰে অতি পুৰণি এইবিধ উদ্ভিদৰ বর্তমান প্রায় ১,২০,০০০ টা জাত বিশ্বৰ চুকে-কোণে  সিঁচৰতি হৈ আছে। অৱশ্যে বিভিন্ন গুণসম্পন্ন এই জাতবোৰৰ প্রায় ৫০০০ বিধমানহে বহল ভিত্তিত  খেতি কৰা হয়। এই জাতবোৰৰপৰা পোৱা চাউল বগা, ৰঙা বা মুগা আৰু ক’লা বৰণৰ হয়। ইয়াৰে প্রথম দুবিধ চাউল সুলভ হোৱাৰ বিপৰীতে ক’লা বৰণৰ চাউল কিছু দুষ্প্রাপ্য। প্রধানকৈ এচিয়া মহাদেশত পোৱা এইবিধ ধানৰ ওপৰত গৱেষণা কৰি বিজ্ঞানীসকলে মতপোষণ কৰিছে যে ধানগছত থকা এক বিশেষ জিনৰ বাবে ইয়াৰ চাউলবোৰ ক’লা। তেখেতসকলৰ মতে দূৰ অতীতত Tropical japonica   নামৰ  ধানৰ এক প্রজাতিতৰ জিনত এই গুণটো প্রস্ফুটিত হয় আৰু পাছলৈ সংকৰ প্রজননৰ মাধ্যমেৰে ধানৰ আন প্রজাতিলৈ আহে। এই বিশেষ জিনটোৰ নাম ৰখা হৈছে Kala4 [ উৎস: Oikawa, T. et. el. (2015): The birth of a black rice gene and its local spread by introgression. Plant Cell   10.1105/tpc.115.00310.]ঔষধি গুণসম্পন্ন এইবিধ ধানৰ চাহিদা বর্তমান পৃথিৱীৰ সকলোবোৰ দেশেতে বাঢ়িবলৈ লৈছে। অসমতো বর্তমান ক’লা চাউলৰ প্রতি আগ্রহী হৈ উঠা লোকৰ সংখ্যা ক্রমে বাঢ়ি অহা দেখা গৈছে। ইয়াৰ লগে লগে ধানবিধৰ খেতি কৰিবলৈ কৃষকসকলো আগবাঢ়ি আহিছে।
ক’লাধান বা চাউল দক্ষিণ-পূৱ এচিয়াৰ বহুতো দেশত পোৱা যায় যদিও ইয়াৰ আদিৰ সম্পর্কে বিজ্ঞানীসকল নিশ্চিত হ’ব পৰা নাইঅৱশ্যে পুৰণি পুথি-পাঁজিৰ আধাৰত অনুমান কৰিব পাৰি যে এইবিধ ধানৰ আদিভূমি চীনদেশ। অতি দুষ্প্রাপ্য এইবিধ চাউল এটা সময়ত  কেৱল চীনদেশৰ সম্রাটসকলৰ বাবেহে উৎপন্ন কৰা হৈছিল। সেয়ে চাউলবিধক  “Emperor’s Rice”  কোৱা হৈছিল। আনহাতে চাউলবিধ সর্বসাধাৰণৰ বাবে নিষিদ্ধ কৰি Forbidden rice” বুলি কোৱা হৈছিল আৰু অতি চোকা পহৰাত ইয়াৰ খেতি কৰা হৈছিল।এনে ব্যৱস্থাৰ পাছতো যদি সাধাৰণ জনতাই ক’লা চাউলৰ সোৱাদ ল’বলৈ গৈ ধৰা পৰে তেন্তে তেওঁৰ মৃত্যু আছিল অনিবার্য। এতিয়া অৱশ্যে দিন সলনি হৈছে ; সর্বসাধাৰণেও ইয়াৰ সোৱাদ ল’ব পৰা হ’ল।
ক’লা ধানৰ খেতি আনবোৰ ধানৰ দৰেই কৰিব পাৰি। কিন্তু ইয়াৰ উৎপাদন বৰ কম। তদুপৰি ক’লা চাউলৰ ৰন্ধন প্রণালী কিছু সুকীয়া। এনেহোৱা বাবে বিশেষ কেতবোৰ জলপানৰ বাহিৰে চাউলবিধৰ চাহিদা নাছিল কম উৎপাদন আৰু চাহিদাৰ বাবে ধানবিধৰ প্রতি কৃষকসকলৰো উৎসাহ বৰ বেছি নাছিল। কিন্তু  ক’লা চাউলৰ গুণাগুণৰ বিষয়ে জনাৰ পাছত পশ্চিমৰ দেশবোৰত ইয়াৰ চাহিদা বাঢ়িবলৈ লয়। আন্তঃৰাষ্ট্রীয় বজাৰত সাধাৰণভাৱে উৎপাদন কৰা চাউলবিধৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত প্রতি কিলোগ্রামত ২০০-২৫০ টকালৈ উঠিল। আনহাতে জৈৱিকভাৱে উৎপাদন কৰা এক কিলোগ্রাম চাউলৰ মূল্য ৪৫০-৫০০ টকা হোৱাও দেখা গ’ল। ক’লা চাউলৰ এনে উৎসাহজনক উত্তৰণ দেখি বর্তমান দক্ষিণ-পূৱ এচিয়াৰ দেশবোৰৰ লগতে ভাৰতবর্ষৰ কৃষকসকলো চাউলবিধৰ প্রতি আগ্রহী উঠিছে।
ভাৰতৰ বহুকেইখন ৰাজ্যত ক’লা চাউল পোৱা যায় যদিও মণিপুৰত বহুবছৰৰ আগৰে পৰা এইবিধ চাউল উপলব্ধ হৈ আছে। ভৌগলিকভাৱে ৰাজ্যখনৰ অৱস্থান দক্ষিণ-পূৱ এচিয়াৰ দেশবোৰৰ ওচৰৰ বাবে ধানবিধ এই দেশবোৰৰপৰা মণিপুৰলৈ অহা বুলি ভাবিব পাৰি। আনহাতে উজনি অসমৰ কেতবোৰ অঞ্চলতো ক’লা চাউল অতি সীমিত ৰূপত পোৱা যায়। অৱশ্যে মণিপুৰৰ চাউলবিধৰ লগত উজনি অসমৰ চাউল কেইবিধৰ কিছু পার্থক্য পৰিলক্ষিত হৈছেসহজে চকুত পৰা এনে পার্থক্যবোৰ হ’ল চাউলবোৰৰ আকাৰ; অসমত দেখা চাউলবোৰতকৈ মণিপুৰৰ চাউলবিধ কিছু দীঘল। ইয়াৰ উপৰি অসমৰ চাউলবোৰৰ Aleurone প্রলেপটোহে ক’লা বৰণৰ যিটো ধান বানোতে সহজে এৰাই যায়। ইয়াৰ বাবে চাউল আৰু পিঠাৰ বাবে কৰা গুৰিখিনি সম্পূর্ণ ক’লা বৰণৰ নহয়। অৱশ্যে ঢেঁকীত খুন্দিলে এনে নহয়। আনহাতে মণিপুৰৰ চাউলৰ Aleurone প্রলেপটোৰ লগতে ভিতৰৰ Endosperm অংশটোও ক’লা আৰু ধান বানোতে ওপৰৰ ক’লা প্রলেপটো থাকি যায়। সেয়ে এনে চাউলৰ গুৰি সম্পূর্ণ ক’লা বৰণৰ হয়।  দুয়োবিধ চাউল গোন্ধযুক্ত যদিও  মণিপুৰৰ চাউল বেছি আঠাযুক্ত। বহুতে চাউলবিধৰ গুণাগুণ বুজাবলৈ ‘জহা-বৰা’ বুলি কোৱা দেখা যায়। আনহাতে অসমৰ চাউলত আঠাৰ পৰিমাণ কম হোৱা দেখা যায়উপযুক্ত গৱেষণাৰ দ্বাৰা এনে পার্থক্যবোৰৰ বিষয়ে ভালদৰে বুজি উঠি অসমৰ বাবে উপযোগী জাত এটা নির্বাচন কৰা প্রয়োজনতদুপৰি ক’লা চাউলৰ অধিক উৎপাদনক্ষম জাত উদ্ভাৱন কৰিব পাৰিলে কৃষকসকল যথেষ্ট উপকৃত হ’ব।   
ক’লা চাউলৰ গুণাগুণৰ বিষয়ে যথেষ্ট গৱেষণা হোৱা দেখা গৈছে। এনে গৱেষণাবোৰৰ ফলাফলবোৰে দেখুৱাইছে যে আমাৰ শৰীৰৰ পৰিপুষ্টিৰ বাবে প্রয়োজন হোৱা সকলোবিধ উপাদান ক’লা চাউল আন বৰণৰ চাউলতকৈ অধিক পৰিমাণে আছেইয়াৰ উপৰিও ক’লা চাউলত পোৱা antioxidant আনবোৰ চাউলত পোৱা পৰিমাণতকৈ প্রায় ছয় গুণ বেছি। বহুমুত্র আৰু হৃদৰোগীৰ বাবে এই চাউল অতি উত্তম। কেন্সাৰৰোগ ৰোধ কৰিব পৰা ক্ষমতাই চাউলবিধক এক নতুন মাত্রা প্রদান কৰিছে। এনে বহুবোৰ গুণৰ বাবে ক’লা চাউলৰ প্রচাৰ আৰু প্রসাৰ ঘটাবলৈ বর্তমান ভাৰত চৰকাৰে কেতবোৰ আঁচনি প্রস্তুত কৰিছে।   

অসমৰ  গোৱালপাৰা জিলাত ইতিমধ্যে ক’লা চাউল জনপ্রিয় হৈ উঠিছে আৰু কৃষকে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও উজনি অসমৰ জিলাকেইখনতো কৃষকে ক’লা চাউলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাত ২০১৫-১৬ বর্ষত ATMA আঁচনিৰ অধীনত ধানবিধৰ প্রদর্শনমূলক খেতি সফলতাৰে কৰা হয়। চলিত বর্ষত জিলাখনৰ বহুতো কৃষকে এইবিধ ধানৰ খেতি নিজাববীয়াকৈ কৰি আছে। আশা কৰা গৈছে যে আগন্তুক দিনত ক’লা চাউলে স্থানীয় বজাৰত ভূমুকি মাৰিবলৈ সক্ষম হ’ব। 



  





  





 ID:: Sadik2crs@yahoo.co.in  Mobile :: 94351 35631 

Tuesday, 28 June 2016

ভেজাল সাৰৰ চিনাক্তকৰণ:Identification of fertilizer


সেউজী ধৰণী

 সুস্থ মাটি সুস্থ জাতি




ভেজাল সাৰৰ চিনাক্তকৰণ

ডঃ চাদিকুল হুছেইন

আমি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ গুণাগুণৰ ওপৰত মাটিৰ স্বাস্থ্য যথেষ্ট পৰিমাণে নির্ভৰ কৰে। ব্যৱহাৰ কৰা সাৰখিনি যদি বিশুদ্ধ নহয় তেন্তে মাটিৰ গুণাগুণ নষ্ট হোৱাৰ লগতে কৃষকজনৰ ধন অবাৱতে খৰছ হব। সেয়ে ব্যৱহাৰ কৰা সাৰৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ যত্ন কৰিব লাগে। কেইটামান সৰু পৰীক্ষাৰ দ্বাৰা কৃষকজনে  সাৰখিনিৰ গুণাগুণৰ বিষয়ে সহজে বুজিব পাৰে। কৃষকে সততে ব্যৱহাৰ কৰা সাৰ কেইবিধ হ’ল- ইউৰীয়া, ডাই- এমোনিয়াম- ফছফেট, একক চুপাৰ ফছফেট আৰু মিউৰেট অব পটাছ। আনহাতে আজিকালি বহুতো অঞ্চলৰ মাটিত জিংকৰ অভাব পৰিলক্ষিত হোৱাৰ বাবে জিংক চালফেট নামৰ সাৰবিধৰ ব্যৱহাৰ প্রয়োজন হৈ পৰিছে। বজাৰত সহজে উপলব্ধ হোৱা এই সাৰকেইবিধৰ বিশুদ্ধতা নিজাই পৰীক্ষা কৰি লওঁ আহক।

ইউৰীয়া
এইবিধ সাৰৰ দানাবোৰ দেখাত নিমখৰদৰে কিন্তু নিমখতকৈ উজ্জ্বল। দানাবোৰ সমান আকাৰৰ আৰু টান। নখ আদিৰে ভাঙিব নোৱাৰি। সাৰবিধ সহজে পানীত মিহলি হয়। এনে ইউৰীয়া মিহলি পানী কিছু ঠাণ্ডা হয়। এখন গৰম টাৱাত ইউৰীয়াৰ দানা অলপ দিলে ই ভাপ হৈ উৰি যায়। এই সহজ পৰীক্ষা কেইটাৰ দ্বাৰা আপোনাৰ ইউৰীয়াখিনি বিশুদ্ধ হয় নে নহয় জানিব পাৰিব।

ডাই-এমোনিয়াম- ফছফেট
এইবিধ সাৰ ক’লা বা মটীয়া বৰণৰ, দানাবোৰ আকাৰত কিছু ডাঙৰ, টান। ডিএপিৰ অলপ দানা চূণৰ লগত মিহলালে এটা বেয়া গোন্ধ ওলাই যিটো সহ্য কৰিব নোৱাৰি। গৰম টাৱাত ডিএপিৰ দানা দিলে যদি এইবোৰ ফুলি উঠে বুজিব আপোনাৰ সাৰখিনি বিশুদ্ধ।

 একক চুপাৰ ফছফেট
      কৃষকে এইবিধক চুপাৰ বুলিয়ে কয়। ইয়াৰ দানাবোৰ ক’লা বা বাদামী ৰঙৰ। গৰম টাৱাত দিলে দানাবোৰৰ একো পৰিবর্তন নহয়।

মিউৰিয়েট অব পটাছ  
এইবিধ সাৰ ৰঙা বৰণৰ। ঠিক যেন নিমখ মিহলি জলকীয়াৰ গুৰি। হাতৰ তলুৱাত অলপ সাৰ লৈ তাত পানী মিহলি কৰিলে দেখা যায় যে ই পানীত মিহলি হোৱা নাই। দানাবোৰ পৃথক ভাবে আছে। পাত্র এটাত পানী লৈ তাত সাৰবিধ মিহলালে দেখা যাব যে পানীখিনি সামান্য ৰঙচুৱা হৈছে

জিংক চালফেট
সাৰবিধ দেখিবলৈ পাউদাৰ গাখীৰৰ দৰে। পাত্র এটাত পানী লৈ তাত সাৰবিধ দিলে পানীখিনি কিছু গৰম হৈ পৰে। এয়া বিশুদ্ধ জিংক চালফেটৰ লক্ষণ। এতিয়া এটা পাত্রত পানী লৈ তাত ডিএপি অলপ মিলাই লওঁক। জিংক চালফেট মিহলি পানীখিনি ডিএপি মিহলি পানীখিনিৰ ওপৰত লাহে লাহে ঢালি দি লৰাই দিয়ক।  মিশ্রণটো যদি জমি দৈ সদৃশ হৈ পৰে তেন্তে বুজিব পাৰিব যে জিং চালফেটখিনি বিশুদ্ধ। পথাৰত সাৰ প্রয়োগ কৰাৰ আগেয়ে এই সহজ পৰীক্ষাকেইটাৰ দ্বাৰা সাৰৰ গুণাগুণৰ বিষয়ে নিশ্চিত হৈ ল’ব।


বিদ্রঃ ইণ্টাৰনেটৰ আধাৰত

ম’বাইল: ৯৪৩৫১ ৩৫৬৩১:: ID- sadik2crs@yahoo.co.in