Monday 24 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই: (চতুর্থ খণ্ড) মাটি আৰু সাৰ :On Bonsai-Part- IV soil & fertilizer


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
চতুর্থ খণ্ড


নৱ কুমাৰ বৰা


বনচাইৰ বাবে মাটি আৰু সাৰ

     বনচাইৰ বাবে লাগতিয়াল মাটি প্রধানকৈ দুটা ভাগত ভগাব পাৰি । বালিচঁহীয়া আৰু দোআঁস মাটি। সাৰ আদি সহজে শুহি ল’ব পৰা ক্ষমতা থকা স্বত্ত্বেও ঘনাই পানী দিয়াৰ প্রয়োজন হোৱাৰ বাবে শুদ্ধ বালিয়া মাটিতকৈ দোআঁস মাটিকহে বনচাইত অগ্রাধিকাৰ দিয়া হয়। কিছুমান গছে স্বাভাৱিকভাৱে বালিয়া মাটি ভাল পোৱাৰ বাবে বিভিন্ন মাটিৰ সংমিশ্রণ ঘটাই প্রাকৃতিক অৱস্থাৰ অভাৱ পূৰণ কৰিব পাৰি। বনচাইৰ বাবে মাটি প্রস্তুত কৰোঁতে মূলতঃ পানীধাৰণ ক্ষমতা আৰু বায়ু চলাচল কৰালৈ চকু দিয়াৰ দৰকাৰ।
     বনচাইৰ উপযোগী মাটিবোৰ হ’ল --- ক’লা দোআঁস (Black loam), লঘূ শিলগুটিয়া ( Light gravelery), পচনসাৰযুক্ত মাটি, নৈৰ বালি (River sand) আৰু পাহাৰীয়া বালি (Mountain sand) পথাৰ আৰু বাৰীঘৰৰ ওচৰে- পাজৰে দোআঁস মাটি পোৱা যায় । এনে মাটি এফুট বা দুফুট তলৰপৰা খান্দি আনি ৰ’দত ভালদৰে এসপ্তাহমান শুকুৱাই ল’ব লাগে। পাছত গুৰি কৰি যথাক্রমে চাৰিভাগৰ এক ইঞ্চি, আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি জোখৰ চালনীৰে চালি  তিনিটা ক্রমত ভগাই লোৱা হয় আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি ক্রমতকৈ মিহি মাটি নোলোৱাই ভাল । এই নিয়ম বনচাইৰ সকলো মাটিৰ বাবেই প্রযোজ্য। ৰঙা দোআঁস মাটি আগৰ দৰেই প্রস্তুত কৰি ল’ব লাগেলঘূ শিলগুটিয়া মাটিৰ ৰং ধোঁৱা বা ৰঙচুৱা মুগা বৰয়ৰ। এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বেছি হোৱাৰ উপৰিও বতাহ চলাচল কৰাৰ সহায়ক।
     পচনসাৰযুক্ত মাটিত যথেষ্ট সাৰুৰা হোৱাৰ উপৰিও এনে মাটিত ভালদৰে বতাহ চলাচল কৰিব পাৰে। বনচাইৰ বাবে পাহাৰীয়া বালি নৈৰ বালিতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয়। বিভিন্ন প্রকাৰৰ উদ্ভিদৰ বাবে মাটিৰ মিশ্রণৰ অনুপাত তলত উল্লেখ কৰা হ’ল:-
ক) পাইন গছঃ পাঁচভাগ বালি, ৪ ভাগ ৰঙা দোআঁস , ১ ভাগ ক’লা দোআঁস
খ) অন্যান্য ফুলৰ গছঃ তিনিভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ২ ভাগ ক’লা দোআঁস
গ) ফল-ফুলৰ গছঃ তিনি ভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ১ ভাগ ক’লা দোআঁস আৰু ১ ভাগ বা ২ ভাগ পচন সাৰযুক্ত মাটি। এই অনুপাত প্রতিপালৰ ক্রম অনুসৰি সামান্য সাল-সলনি কৰিও ল’ব পাৰি।
     পাত্রত থকা মাটিৰ খাদ্য সম্ভাৰৰ উভয়নদীতাৰ ওপৰত নির্ভৰ কৰি মাটি সলনি কৰাৰ সময় নিৰূপিত হয়। উদ্ভিদৰ জাতৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত মাটিৰ মিশ্রনেৰে বনচাই ৰোব লাগে যাতে নির্দিষ্ট অন্তর্বত্তী কালচোৱা সুকলমে অতিবাহিত হ’ব পাৰে। উদাহৰণ স্বৰূপে কোনোফাৰ জাতীয় উদ্ভিদৰ বাবে ৫-৬ বছৰ; অন্যান্য চিৰসেউজ আৰু পাতসৰা গছৰ ৩-৪ বছৰ আৰু ফলফুল ধৰা বনচাইৰ বাবে ২-৩ বছৰ।

বনচাই অনুসৰি বিভিন্ন মাটিৰ প্রয়োজনীয় মিশ্রন

পাইন:-
ক) পাহাৰীয়া বা নৈৰ বালি ৬ ভাগ, ৰঙা দোআঁস ৪ ভাগ
খ) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ১ ভাগ,   ক’লা দোআঁস ১ ভাগ
গ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৪ ভাগ।
ওক জাতীয় গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ৫ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৪ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
চিৰসেউজ আৰু পাতসৰা:-
ক) পাহাৰীয়া বা নৈৰ বালি  ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।
খ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৫ ভাগ, ক’লা দোআঁস ২ ভাগ।
ফল-ফুল ধৰা গছ:-
ক) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৩ ভাগ।
আগলৈ...



  ম’বাইল: ৮৪৭২০২৪৮১৭                        


No comments:

Post a Comment