Sunday 16 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:::Bonsai


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
প্রথম খণ্ড
নৱ কুমাৰ বৰা



[ বনচাইবোৰক ‘প্রকৃতিৰ বৈচিত্র তথা অফুৰন্ত শক্তিৰ শিল্পী সুলভ প্রকাশ’ বুলি বিবেচনা কৰি আজিৰপৰা প্রায় একুৰি বছৰৰ আগেয়ে নৱ কুমাৰ বৰাদেৱে ৰচনা কৰা এই সৰু পুথিখন সম্পাদিত ৰূপত ‘সেউজী ধৰণী’ৰ পঢ়ুৱৈলৈ ধাৰাৱাহিকভাৱে আগবঢ়ালো। ]
পটভূমি
          বনচাই এতিয়া আৰু বাগিচাপ্রেমী সকলৰ বাবে অচিনাকি নাম নহয়। বৃহদাকাৰৰ গছবোৰ তেনেই সৰু পাত্রত চাপৰ কৰি অথচ প্রাকৃতিক গছবোৰৰ সকলো চাৰিত্রিক গুণ অক্ষুণ্ণ ৰাখি প্রতিপালন কৰা বনচাইবোৰ একো একোটা জীৱন্ত ভাস্কর্য। আজিকালি চহৰীয়া জীৱনধাৰাত সোমাই পৰি ইচ্ছা থাকিলেও ঠাইৰ অভাৱত বনচাইবোৰে গছৰোৱাৰ আনন্দানুভূতি পুৰণ কৰিব পাৰে। আচলতে বনচাইক এক শিল্পকলা বুলিহে ক’ব পাৰি। ডেৰ’শ-দুশ ফুটিয়া ওখ গছবোৰে গৰাকীৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাত সৰু সৰু পাত্রত অবিকল প্রাকৃতিক ৰূপ লৈ অপৰূপ শিল্পকর্মলৈ পৰিণত হয়।
          বনচাই বুলি কলেই জাপানলৈ মনত পৰে যদিও ই প্রকৃততে চীনা সকলৰহে অৱদান। চীনাভাষাত ইহঁতক পেনজিং (Penjing ) বুলি কয় । দহ-এঘাৰ শতিকাত জাপানী বৌদ্ধ সন্যাসীসকলে এই ‘জীৱন্ত ভাস্কর্য’বোৰ জাপানলৈ আনিছিল। বনচাইৰ দৰে পেনজিংবোৰৰো বিভিন্ন স্বকীয় স্কুল বা ষ্টাইল আছে যেনে:- চু-ঝও (Suzhou), লিংনান্ (lingnan), চাংহাই(sanghai), য়াংমাও (yangzhan), চি-চুৱান্ (Sichuan) আদি। পেনজিংবোৰ বনচাইৰ তুলনাত কিছু ঠৰঙা আৰু আলসুৱা ভাৱটো অলপ কম যেন অনুভৱ হয়দুয়োখন দেশৰে পেনজিং আৰু বনচাইৰ লগত ধর্মীয় অনুভূতি এটা সদাই বিৰাজমান। চীনা তাও (tao) সকলৰ মতে ইহঁত গিৰিপর্বত, গুহা, গছৰ খোৰোঙ আদিত আকস্মিকভাবে সৃষ্টি হোৱা প্রকৃতিৰ বিশাল শক্তিৰ ঘণীভূত সংস্কৰণ। জাপানৰ ‘ঝেন্’(zen) সকলে ইয়াক ইকেবানাৰ দৰেই আধ্যাত্মিক ধ্যানৰ এক আহিলা হিচাপে জ্ঞান কৰে। জিয়েমি মট’কিঅ (Zeami Motokiyo)ৰ নাটকত প্রথম বনচাইৰ লিখিত বর্ণনা পোৱা যায়। তেওঁ ঋণত পোত যোৱা চমুৰায় বা যুঁজাৰু এজনে খৰিৰ অভাৱত তেওঁৰ বহুমূলীয়া বনচাইবোৰ জ্বলাই আলহী শুশ্রূষা কৰাৰ কথা বর্ণনা কৰিছে।
     যিয়েই নহওক, জাপানীসকলে মুলতঃ ইয়াক চীনাসকলৰপৰা শিকিছিল যদিও শ শ বছৰৰ সাধনাৰ ফলত ইয়াৰ এক স্বকীয় জাপানী কলালৈ উন্নতী কৰিছে। পেনজিংৰ দৰে ইয়াৰো বিভিন্ন স্কুল আছে। বনচাই শব্দটো জাপানী। ইয়াৰ ‘বন’ মানে খুৰুঙীয়া পাত্র বা ট্রে আৰু ‘চাই’ মানে খেতি। সৰু সৰু পাত্রত বৃহৎ গছ-গছনিৰ পুলি প্রতিপাল কৰি প্রকৃতিৰ সাঁচত গঢ়ি তুলিবলৈ যথেষ্ট কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ প্রয়োজন হয়। তদুপৰি বনচাই কৰিবলৈ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ হোৱাটো একান্তই বাঞ্চনীয়। ইয়াৰ লগতে প্রকৃতিৰ আকর্ষণীয় ভঙ্গীমাত থকা গছ-গছনিবোৰৰ দৃশ্য তেখেতৰ মনত ভাঁহি থাকিব লাগিব। আনহাতে প্রকৃতিয়ে এৰি যোৱা দুই-এটা খুঁটিনাটি শুধৰাই আনি এক নিখুট সর্ব্বাঙ্গ সুন্দৰ বনচাই কৰিব পৰা যায়। চমুকৈ বনচাই কৰিবলৈ লোৱা মানেই হ’ল প্রকৃতিৰ সৃজনী শক্তিৰ একেই সুৰত এক অঘোষিত প্রতিযোগীতাত নামি পৰা। বনচাই হ’ল বিজ্ঞান আৰু কলাৰ সমন্বয়ত গঢ় লোৱা পুর্ণাঙ্গ এক বিষয়। আমি ইয়াত ইয়াৰ বিভিন্ন দিশবোৰ সামৰি যিমান পাৰি চমুকৈ আলোচনা কৰিম। অনুৰাগীস্কলে বিস্তৃত ব্যৱহাৰিক জ্ঞানৰ বাবে অভিজ্ঞলোকৰ সহায় তথা তেওঁলোকৰ বনচাইবোৰ চোৱা ভাল।
     পুর্ণংগ বনচাই এজোপাৰ বাবে কিছুমান নিদির্ষ্ট চাৰিত্রিক গুণ থকাৰ প্রয়োজন। যেনে:-
ক) বনচাইজোপাই প্রকৃতিৰ গছজোপাৰ সকলো ক্ষমতা বহন কৰিব লাগিব।
খ) ইয়াত অতি আওপুৰণি গছৰ দৰে বয়সৰ চিন প্রকট হৈ উঠিব লাগিব।
গ) ডাল-পাতবোৰ শিল্পীসুলভ ভঙ্গীমাত থাকিব লগিব।
ঘ) পাত্রটোৰ ৰং, গঠন, আকাৰ আদি গছজোপাৰ আকৃতি-প্রকৃতি, ৰং, গঠন, পৰিবর্দ্ধনৰ খাপ খাই ঐকতানেৰে মিলি থাকিব লাগিব।
আগলৈ...




--------------------------------------------------------------------
 ম'বাইল: ৮৪৭২০২৪৮১৭

No comments:

Post a Comment