Tuesday 18 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই ( দ্বিতীয় খণ্ড ) গছ নির্বাচন ::On bonsai -part II- Plant selection



সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
দ্বিতীয় খণ্ড


নৱ কুমাৰ বৰা

গছ নির্বাচন
          প্রকৃতিৰ ৰেহ-ৰূপৰ সমাহাৰস্থল অসমত বনচাইৰ বাবে প্রয়োজনীয় গছৰ অভাৱ নাই। মথোন বনচাইৰ বাবে সংগ্রহ কৰা গছবোৰ স্বাস্থ্যবান আৰু তুলনামূলকভাবে চুটি-চাপৰ হোৱা উচিত। দুই ধৰণেৰে  গছ সংগ্রহ কৰিব পাৰোঁ-
     ১) গছপুলি, কলম আদি বিভিন্ন প্রজনন পদ্ধতিৰে নিজেই কৰি বা আৱশ্যকীয় গছ নার্চাৰীৰপৰা সংগ্রহ কৰি অৱশ্যে পুলি নিজেই কৰি ল’লে গছৰ বয়স নির্ণয় কৰি দক্ষতা জুখিব পাৰি।
     ২) প্রাকৃতিকভাবে পর্বত-পাহাৰ, শিল, খোৰুং আদিৰ মাজত গজা বাওনা গছ সংগ্রহ কৰি।
     বনচাই সৰুকালৰ পৰাই আৰম্ভ নকৰিলে তাৰ পূর্ণাংগ ৰূপৰ সৌন্দর্য এই জীৱনত দেখাটো সম্ভৱ নহ’ব পাৰে। জাপানীসকলে মৃত্যুৰসময়ত আমাৰ চন্দুকৰ কাঠি দি যোৱাৰ দৰে সন্তানক বনচাইবোৰ দি যায়। সেই কাৰণে চীন আৰু জাপানত শ শ বছৰীয়া বনচাই এতিয়াও পোৱা যায়। যিয়েই নহওক প্রকৃতিৰপৰা সংগ্রহ কৰি আনি ৰুই বনচাইৰ সৌন্দর্য আগতীয়াকৈ উপভোগ কৰিব পাৰি। পাহাৰীয়া ঠাই, শিলনি, পুৰণি ঘৰ, দেৱাল আদিত প্রতিকুল পৰিৱেশত প্রাকৃতিক ভাৱে হোৱা বহুতো গছ চুটি-চাপৰ, বেকা-বেকিকৈ থাকে। এনেকুৱা গছ সংগ্রহ কৰি ল’লে গঢ়-গঠন দিয়া কামবোৰ সহজ হৈ পৰে। পাত সৰি যোৱা খৰুতীয়া গছৰ জাতবোৰ লেহেম গতিৰ; চিৰসেউজ গছতকৈ ক’ম কষ্ট কৰিলেই হয়। ইয়াৰ বাবে এই গছবোৰ বসন্তৰ আগে আগে নতুন পাত-পোখা নৌ ওলাওঁতেই দকৈ মাটিৰে সৈতে খান্দি আনি বাগিচাৰ ৰ’দঘাই অংশত গাঁত খান্দি শিপাবোৰ ভালদৰে মেলি সৰু ডালবোৰ পর্যন্ত মাটিৰে ঢাকি দিয়া উচিত। নিয়মীয়াকৈ পানী দি থাকিলে পাতসৰা গছবোৰ দুমাহমানতে গজগজীয়া হৈ উঠিব। সচৰাচৰ শৰৎ কালত এই গছবোৰ ৰোৱ পৰা হয়। ৰোৱাৰ কিছুদিনৰ আগতে চাৰিওফালে বগাই যোৱা শিপাবোৰ কাটি দিব লাগে। কিন্তু তললৈ যোৱা শিপাবোৰত হাত দিব নালাগে। ৰোৱাৰ আগেয়ে প্রয়োজনীয় সকলোখিনি কাম সম্পূর্ণকৈ প্রস্তুত কৰাৰ পাছতহে গছ উঠোৱাৰ দৰকাৰ। চাব লাগে যাতে শিপাৰ লগত যথেষ্ট মাটিও থকে। সাধাৰণতে বনচাইৰ বাবে জুনিপাৰ, অৰকেৰিয়া, ঝাউ, পাইন আদিকে ধৰি দেৱদাৰু, ছিলভাৰ অ’ক, ব’টল ব্রাচ, বাগান বিলাস, বৰ, জৰী, আঁহত, তেতেলী আম, কঠাল, জামু, পলাশ, সোনাৰু, শেৱালী, কৰবী, লিচু বগৰী, কমলা, ৰবাব, চকলা টেঙা, বকুল, নুনী ডালিম, আমলখি, জলফাই লৈকে সকলোবোৰ উপযুক্ত। গছ নির্বাচন কৰোঁতে যিবোৰ গছ এনেয়েও প্রাকৃতিক পৰিৱেশত লাহে লাহে বাঢ়ে তেনেকুৱা গছহে লোৱা উচিত।  খৰকৈ বঢ়া গছত যিমানেই কষ্ট কৰা নহওক কিয় কেতিয়াও ভাল ফল পাব নোৱাৰি।
                                               আগলৈ...



_______________________________________________________________________________

ম’বাইল:: ৮৪৭২০২৪৮১৭

No comments:

Post a Comment