Tuesday 28 June 2016

ভেজাল সাৰৰ চিনাক্তকৰণ:Identification of fertilizer


সেউজী ধৰণী

 সুস্থ মাটি সুস্থ জাতি




ভেজাল সাৰৰ চিনাক্তকৰণ

ডঃ চাদিকুল হুছেইন

আমি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ গুণাগুণৰ ওপৰত মাটিৰ স্বাস্থ্য যথেষ্ট পৰিমাণে নির্ভৰ কৰে। ব্যৱহাৰ কৰা সাৰখিনি যদি বিশুদ্ধ নহয় তেন্তে মাটিৰ গুণাগুণ নষ্ট হোৱাৰ লগতে কৃষকজনৰ ধন অবাৱতে খৰছ হব। সেয়ে ব্যৱহাৰ কৰা সাৰৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ যত্ন কৰিব লাগে। কেইটামান সৰু পৰীক্ষাৰ দ্বাৰা কৃষকজনে  সাৰখিনিৰ গুণাগুণৰ বিষয়ে সহজে বুজিব পাৰে। কৃষকে সততে ব্যৱহাৰ কৰা সাৰ কেইবিধ হ’ল- ইউৰীয়া, ডাই- এমোনিয়াম- ফছফেট, একক চুপাৰ ফছফেট আৰু মিউৰেট অব পটাছ। আনহাতে আজিকালি বহুতো অঞ্চলৰ মাটিত জিংকৰ অভাব পৰিলক্ষিত হোৱাৰ বাবে জিংক চালফেট নামৰ সাৰবিধৰ ব্যৱহাৰ প্রয়োজন হৈ পৰিছে। বজাৰত সহজে উপলব্ধ হোৱা এই সাৰকেইবিধৰ বিশুদ্ধতা নিজাই পৰীক্ষা কৰি লওঁ আহক।

ইউৰীয়া
এইবিধ সাৰৰ দানাবোৰ দেখাত নিমখৰদৰে কিন্তু নিমখতকৈ উজ্জ্বল। দানাবোৰ সমান আকাৰৰ আৰু টান। নখ আদিৰে ভাঙিব নোৱাৰি। সাৰবিধ সহজে পানীত মিহলি হয়। এনে ইউৰীয়া মিহলি পানী কিছু ঠাণ্ডা হয়। এখন গৰম টাৱাত ইউৰীয়াৰ দানা অলপ দিলে ই ভাপ হৈ উৰি যায়। এই সহজ পৰীক্ষা কেইটাৰ দ্বাৰা আপোনাৰ ইউৰীয়াখিনি বিশুদ্ধ হয় নে নহয় জানিব পাৰিব।

ডাই-এমোনিয়াম- ফছফেট
এইবিধ সাৰ ক’লা বা মটীয়া বৰণৰ, দানাবোৰ আকাৰত কিছু ডাঙৰ, টান। ডিএপিৰ অলপ দানা চূণৰ লগত মিহলালে এটা বেয়া গোন্ধ ওলাই যিটো সহ্য কৰিব নোৱাৰি। গৰম টাৱাত ডিএপিৰ দানা দিলে যদি এইবোৰ ফুলি উঠে বুজিব আপোনাৰ সাৰখিনি বিশুদ্ধ।

 একক চুপাৰ ফছফেট
      কৃষকে এইবিধক চুপাৰ বুলিয়ে কয়। ইয়াৰ দানাবোৰ ক’লা বা বাদামী ৰঙৰ। গৰম টাৱাত দিলে দানাবোৰৰ একো পৰিবর্তন নহয়।

মিউৰিয়েট অব পটাছ  
এইবিধ সাৰ ৰঙা বৰণৰ। ঠিক যেন নিমখ মিহলি জলকীয়াৰ গুৰি। হাতৰ তলুৱাত অলপ সাৰ লৈ তাত পানী মিহলি কৰিলে দেখা যায় যে ই পানীত মিহলি হোৱা নাই। দানাবোৰ পৃথক ভাবে আছে। পাত্র এটাত পানী লৈ তাত সাৰবিধ মিহলালে দেখা যাব যে পানীখিনি সামান্য ৰঙচুৱা হৈছে

জিংক চালফেট
সাৰবিধ দেখিবলৈ পাউদাৰ গাখীৰৰ দৰে। পাত্র এটাত পানী লৈ তাত সাৰবিধ দিলে পানীখিনি কিছু গৰম হৈ পৰে। এয়া বিশুদ্ধ জিংক চালফেটৰ লক্ষণ। এতিয়া এটা পাত্রত পানী লৈ তাত ডিএপি অলপ মিলাই লওঁক। জিংক চালফেট মিহলি পানীখিনি ডিএপি মিহলি পানীখিনিৰ ওপৰত লাহে লাহে ঢালি দি লৰাই দিয়ক।  মিশ্রণটো যদি জমি দৈ সদৃশ হৈ পৰে তেন্তে বুজিব পাৰিব যে জিং চালফেটখিনি বিশুদ্ধ। পথাৰত সাৰ প্রয়োগ কৰাৰ আগেয়ে এই সহজ পৰীক্ষাকেইটাৰ দ্বাৰা সাৰৰ গুণাগুণৰ বিষয়ে নিশ্চিত হৈ ল’ব।


বিদ্রঃ ইণ্টাৰনেটৰ আধাৰত

ম’বাইল: ৯৪৩৫১ ৩৫৬৩১:: ID- sadik2crs@yahoo.co.in




1 comment: