Saturday 29 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই::ষষ্ঠ খণ্ড::: On Bonsai- Part VI- Potting and re-potting


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
ষষ্ঠ খণ্ড



নৱ কুমাৰ বৰা

বনচাই ৰোপন
     মনে বিচৰা আকাৰ আৰু গঢ় লোৱাৰ পাছত বনচাইজোপাৰ ধুনীয়া আৰু আকর্ষণীয় ফালটো সন্মূখৰ ফালে দি উপযুক্ত পাত্রত ৰোৱ লাগে। কোনফাল সন্মূখ হ’ব সেইটো নির্দষ্টকৈ কৈ দিব নোৱাৰি যদিও সাধাৰণভাবে যি ফালটোৰ শিপাৰপৰা আগলৈকে সুন্দৰ অংশখিনি  চকুত পৰে সেয়াই সন্মূখ। গছজোপা উঘলাৰ আগতে টাবটোত পানী দি মাটিখিনি কোমল কৰি লোৱা উচিত। তাঁৰ এডাল বাহঁৰ জোঙা কামিৰে দাঁতিৰপৰা খুচি খুচি তললৈ সুমুৱাই চাৰিওফালৰপৰা মাটিখিনিৰ সৈতে গছজোপা ডাঙি দিব লাগে। প্রায় তিনিভাগৰ এক অংশ পুৰণি মাটি এৰুৱাই পেলোৱা হয়। এতিয়া ডাঙৰ শিপাবোৰৰ তিনিভাগৰ এভাগ আৰু সৰু শিপাৰ আগবোৰ কেচি এখনে কাটি পেলাব লাগে। ৰোৱাৰ সমত শিপাবোৰ আলফুলকৈ মেলি ওপৰৰ অংশ ঢাক খোৱাকৈ মাটিৰে পুৰাই দিব লাগে। ওলাই থকা শিপাৰ গঠনে বনচাইজোপাৰ সৌন্দর্য বৃ্দ্ধি কৰে। বনচাইৰ মাটি অসমত বছৰি বা দুবছৰৰ মুৰত বর্ষাকালত সলাব পাৰি। মাটি সলোৱাৰ সময়ত বিভিন্ন কৌশল প্রয়োগ কৰি গছজোপাৰ গঢ় দি ল’বও পাৰি।

পাত্র সলনি কৰা (Re-potting)

     কেইবাবছৰো একেটা পাত্রতে থকা পাছ স্বাভাবিকতেই বনচাইজোপাৰ পাত্র সলনি কৰি নতুনকৈ ৰোৱাৰ প্রয়োজন হয়। এই কার্যত বনচাইজোপাৰ আগৰ অৱস্থান যাতে একেই থাকে তাৰ প্রতি সাৱধান হ’ব লাগে। কেতিয়াবা আকৌ এই সময়তে ইচ্ছা কৰিলে পুৰণি অৱস্থাৰ বা ভংগীমা সলনি কৰি ৰোৱও পাৰি। পাত্র সলনি কৰাৰ সাধাৰণ নিয়মনীতি তলত দিয়া ধৰণৰ:-

     পুৰণি বনচাইৰ মাটি গুচোৱা আৰু শিপা কটা আদিৰ আগতে তাৰ নতুন পাত্রটিৰ জোখ, গভীৰতা ইত্যাদি নিৰূপন কৰি ল’ব লাগে। যদি বনচাইজোপাৰ পুৰণি হেলন (Slant)ৰ তাৰতম্য ঘটাবলৈ বাচৰা হয় তেন্তে প্রথমে মাটিৰ উপৰিভাগ চুৰুকি ল’ব লগে যাতে নতুন পাত্রত ই সমভাৱে অৱস্থান কৰে। একে সময়তে বেচিকৈ মাটি নুগুচাই শিপাঈ দুখ নোপোৱাকৈ অলপ অলপকৈ গুচোৱা উচিত। ইয়াৰ পাছতহে যথাস্থানত ৰাখি নতুন পাত্রত খাপ খাই পৰাকৈ প্রয়োজনীয় মাটি গুচাই সন্মূখ আৰু পাছফালৰপৰা মাটি খহাই নতোন পাত্রতৰ লগত মিলাই ল’ব লাগে। শেহত সোঁৱে- বাঁৱে মাটি গুচাই পেলালে নতুন পাত্রটোত সুন্দৰকৈ খাপ খাই পৰিব। সৰু বনচাইৰ পাত্র সলাওঁতে বৰকৈ জোখ-মাখ নললেও হয়।

     


      দূর্ঘটনাবশতঃ বা বতাহ- ধুমুহাত লৰচৰ হৈ যোৱা বনচাই প্লাষ্টিকৰ ৰছীৰে পাত্রৰ পানী ওলোৱা ফুটাৰ লগত কপকপীয়াকৈ বান্ধি দিলে কিছুদিনৰ পাছতে গজগজীয়া হৈ উঠিব।
     পাত্র সলোৱাৰ অন্য এক মূখ্য দিশ হ’ল অতিৰিক্ত শিপাবোৰ কাটি দিয়া। সাধাৰণতে শিপাখিনি তিনিভাগৰ দুই ভাগ আৰু কাচিৎহে অধিক শিপা কটাটো নিয়ম। পাইনগছৰ ক্ষেত্রত  কমকৈ, অন্যান্য পাতসৰা গছত কিছু বেছিকৈ শিপা কাটিব পাৰি। পাতসৰা আৰু চিৰসেউজীয়া গছৰ পাত্র সলোৱাৰ উত্তম হৈছে সময় জুন-জুলাই মাহ। ফুলধৰা গছৰ পাত্র ফুল সামৰি যোৱাৰ পাছত সলাব লাগে। পাঁচ-ছয় বছৰ বা তাতোধিক সময় পাত্র সলনি নকৰাকৈ থাকিলে প্রথমে সিহঁতৰ শিপা নকটাকৈ খান্দি আনি নতুন পাত্রত ৰুই ছয় মাহৰপৰা এবছৰ ৰখা উচিত। তাৰ পাছত নতুনকৈ ঠন ধৰি উঠিলে পূর্বৰ দৰেই পাত্র সলনি কৰিব পাৰি।


আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭



No comments:

Post a Comment