সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা
---বনচাই
সপ্তম খণ্ড
নৱ কুমাৰ বৰা
সংৰক্ষণ আৰু প্রতিকুল বতৰত বনচাইৰ নিৰাপত্তা
বনচাইবোৰ সৰু সৰু পাত্রত ৰুই সিহঁতৰ
পৰিবর্দ্ধন সাৱধানে নিয়ন্ত্রণ কৰি ছবিৰ দৰে সুন্দৰ কৰি তোলা হয়। তেনেই সীমিত
পৰিমাণৰ মাটিতেই শিপাবোৰে যথেষ্ট কষ্ট কৰি বাঢ়িব লগা হয়। গতিকেই সিহঁতক সকলো
পৰিৱেশতে নিৰাপত্তা দি প্রতিপালন কৰাৰ প্রয়োজন। এই ক্ষেত্রত উদ্ভিদৰ সাধাৰণ জীৱন
প্রণালীৰ চাৰটা মূল কথা মনত ৰাখিব লাগে। এইকেইটা হ’ল---গছবোৰৰ বসন্ত কালত
পৰিবৃদ্ধি হয়; গ্রীষ্ম কালত পূৰঠ অৱস্থাপ্রাপ্ত হয়; শৰৎ কালত শীতৰ বাবে সাজু হয়
আৰু শীতকালত টোপনি যায়।
শীতৰ
প্রকোপৰপৰা ৰক্ষা কৰিবলৈ বনচাইবোৰক শৰতৰ শেষৰফালে দুই-তিনিজাক কুঁৱলী খুৱাই শুকান
ৰ’দৰ বতৰত বাৰান্দা বা তেনেকোনো নিৰাপত্তাৰ ব্যৱস্থা থকা চালিৰ তললৈ স্থান্তৰিত
কৰিব লাগে।
বসন্তৰ
কোনো এটা পুৱা ইহঁতক আকৌ শীতকালীন আশ্রয়স্থলৰপৰা আনি মুকলি চাঙত থব লাগে। এটা কথা
মনত ৰখা দৰকাৰ যাতে ইহঁতে কোনো পধ্যেই শীতৰ শেহত ঠাণ্ডা কুঁৱলীজাক খাবলৈ নাপায়।
বাহিৰত প্রকৃতিয়ে পাত সলোৱাৰ সময়তেই ইহঁতৰ পাত্র সলোৱা, প্রুণিং কৰা, পোনাই-পজৰাই
দিয়া আদি কামবোৰ আৰম্ভ কৰিব পাৰি। নতুনকৈ তাঁৰ মেৰিউৱা তথা সদ্য পৰিবর্ত্তিত
পাত্রবোৰ কিছু দেৰিকৈ বাহিৰলৈ উলিওৱা ভাল।
গ্রীষ্মৰ
আগভাগত গছবোৰত নতুন কলি আৰু ডাল ওলায়। পাতবোৰ ঠনধৰি নুঠালৈকে ডাঙৰ বতাহৰ পৰা ইহঁতক
নিৰাপত্তা দিব লাগে। এই সময়ত পোক-পৰুৱাৰ উপদ্রৱ বেচি হোৱালৈ চাই যথোপযুক্ত
প্রতিৰোধ ব্যৱস্থাও লোৱা উচিত।
সাধাৰণতে
সুন্দৰকৈ প্রতিপালন কৰা বনচাইবোৰৰ বাবে গ্রীষ্মকালত নিৰাপত্তাৰ বিশেষ প্রয়োজন নাই
যদিও দুর্বল আৰু সদ্যসংগ্রহিত গছবোৰ ঠাণ্ডা, ছাঁ পৰা ঠাইত ৰাখিব লাগে। অন্যহাতে
অতি প্রখৰ গ্রীষ্ম প্রধান অঞ্চলত চোকা ৰ’দৰ বাবে প্রয়োজনীয় প্রতিৰক্ষা ব্যৱস্থা
লোৱা উচিত।
গোটেই বছৰৰ
কষ্টৰ প্রতিদান বনচাইজোপাত শৰৎকালত প্রতিফলিত হয়। এই সময়তে ইহঁতে শীর্ষ
অৱস্থাপ্রাপ্তহৈ শীতৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰে। গতিকেই শেষবাৰৰ বাবে এবাৰ সাৰ প্রয়োগ
কৰটো একান্তই বাঞ্চনীয়।
আগলৈ...
ম’বাইল:
৮৪৭২০২৪৮১৭
No comments:
Post a Comment