Thursday 30 January 2014

পলিহাউচ::Polyhouse


সেউজী ধৰণী


পলিহাউচ---আবতৰীয়া শাক-পাচলি উৎপাদনৰ বাবে নতুন প্রযুক্তিবিদ্যা





ডঃ অমল চন্দ্র শর্মা আৰু পাৰভেজ আহমেদ

বর্তমান আধুনিক কৃষি প্রযুক্তিবিদ্যাত প্লাষ্টিকৰ প্রয়োগে এটি গুৰুত্বপূর্ণ ভূমিকা গ্রহন কৰিছে। প্লাষ্টিকৰ বিভিন্ন ব্যৱহাৰৰ ভিতৰত পলিহাউচ উল্লেখযোগ্য। পলিহাউচ হ’ল পলিথিনৰে সঁজা এবিধ বিশেষ গৃহ য’ত বিভিন্ন উদ্ভিদৰ খেতি কৰিব পৰা যায়। এনে গৃহবোৰক প্লাষ্টিকহাউচ বুলিও জনা যায়। আবতৰীয়া শাক-পাচলিৰ উৎপাদন কৰি লাভবান হোৱাৰ মানসেৰে অসমত আজিকালি বহুতো প্লাষ্টিকৰ ঘৰ গঢ়ি উঠা দেখা গৈছে। স্বচ্ছ পলিথিনেৰে  নির্মাণ কৰা পলিহাউচৰ ভিতৰলৈ সূর্যৰ কিৰণ পলিথিনৰ মাজেৰে সৰকি যায়, যাৰ বাবে সেউজগৃহ ( Greenhouse) প্রক্রিয়াৰ বাবে ভিতৰৰ উষ্ণতা বাহিৰতকৈ বৃদ্ধি পায়। সেয়ে শীতকালতো গ্রীষ্মকালীন শাক-পাচলিৰ খেতি পলিহাউচৰ ভিতৰত সহজে কৰিব পাৰি। ইয়াৰ উপৰিও বৰষুণ, শিলাবৃষ্টি আদিৰ পৰা ৰক্ষা পোৱাৰ বাবে বৰষুণৰ দিনতো আগতীয়া শাক-পাচলিৰ খেতি  কৰি লাভবান হ’ব পৰা যায়।

পলিহাউচ নির্মাণ পদ্ধতি
বজাৰত বিভিন্ন ধৰণৰ পলিথিন পোৱা যায় যদিও পলিহাউচ নির্মাণৰ বাবে এক বিশেষভাবে তৈয়াৰ কৰা পলিথিন ব্যৱহাৰ কৰিব লগে কেতবোৰ নির্দিষ্ট প্রতিষ্ঠানে প্রস্তুত কৰা এইবিধ পলিথিন VU Stabilize 200 মাইক্রন ডাঠ হোৱাৰ লগতে প্রতি কিঃ গ্রামৰ পৰা ৫.৩ বর্গ মিটাৰ ঠাই আগুৰিব পৰা হয়। অসমত বাঁহ পর্যাপ্ত পৰিমাণে পোৱা যায়। সেয়ে এইবিধ সামগ্রী ব্যৱহাৰ কৰি অতি কম খৰছত পলিহাউচ এটা নির্মাণ কৰিব পাৰি। তলত বাঁহৰে সাঁজিব পৰা পলিহাউচ এটাৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল:-
পানী জমা নোহোৱা ওখ, ৰ’দ পৰা মাটিত পলিহাউচটো সাঁজিব লাগে। এনে গৃহৰ নিচেই কাষতে ওখ গছ থাকিব নালাগে। উপযুক্ত স্থান নির্বাচন কৰাৰ পাছত উত্তৰ-দক্ষিণ মুৱাকৈ গৃহটো সাঁজিব লাগে যাতে দিনটোৰ দুয়োবেলাই ৰ’দ পৰে। পলিহাউচটো ধেনুভিৰীয়া আর্থাৎ মাজভাগ ওখ হ’ব লাগে। সাধাৰণতে মাজভাগ ৩ মিটাৰ ওখ আৰু কাষৰ ভাগ ২মিটাৰ ওখকৈ ৰখা হয়। এনে উচ্চতাৰ ১৮ মিটাৰ দীঘল আৰু ৬ মিটাৰ বহল এটা পলিহাউচৰ বাবে ৩.৫ মিটাৰৰ ৭টা আৰু ২.৫ মিটাৰৰ ১৫টা ভলুকা বা জাতি বাঁহৰ খুটাৰ প্রয়োজন হ’ব। খুটি আৰু মাৰলিৰ ওপৰত বাঁহৰে চালি এখন দি তাৰ ওপৰত পলিথিনখন দি পুনৰ তাৰ ওপৰত এখন চালি দিব লাগে যাতে বতাহে পলিথিনখন উৰুৱাই নিব নোৱাৰে। অৱশ্যে দ্বিতীয়খন চালি কিছু সেৰেঙাকৈ দিব লাগে। এনে কৰিলে সূর্যৰ ৰশ্মি গৃহটোৰ ভিতৰলৈ সোমোৱাত বাছি বাধা নাপায়। গৃহটোৰ ওপৰখন হোৱাৰ পাছত চাৰিও কাষৰ বেৰকেইখনো একেবিধ পলিথিনেৰে বেঢ়ি দিব লাগে। অৱশ্যে সন্মুখৰ বেৰখনত ওলোৱা-সোমোৱা কৰিবৰ বাবে দুৱাৰ এখন থব লাগেবেৰ হিচাপে দিয়া পলিথিনখন এনেদৰে বান্ধিব লাগে যে ভিতৰ ভাগ বেছি গৰম হৈ পৰিলে সেইখন উঠাই দি বায়ু চলাচলৰ সুবিধা কৰি দিব পাৰি।
উপৰোক্ত ধৰণেৰে সাঁজি লোৱা গৃহটোৰ ভিতৰখন শীত কালতো গৰম হৈ থাকিব। সেয়ে শীতৰ বতৰতো গ্রীষ্মকালৰ বহুকেইবিধ শাক-পাচলিৰ খেতি সহজে কৰিব পৰা যাবআনহাতে বৰষুণৰ বতৰত মুকলিত কৰিব নোৱৰা শাক-পাচলিও এনে গৃহত কৰিব পৰা হবঅৱশ্যে এনে একোটা গৃহৰ ভিতৰভাগৰ মাটিকালি যিহেতু নিচেই কম সেয়ে যিবোৰ শাক-পাচলিৰ চাহিদা বজাৰত সদায়ে বেচি , কম দিনতে চপাব পাৰি, বাঢ়িবৰ বাবে কম মাটিৰ প্রয়োজন নহয় বা ওপৰৰ ফালে বগাই যায় তেনে শাক-পাচলিকেই বাচি লব লাগিবপৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে একোটা পলিহাউচত তলত উল্লেখ কৰা শষ্যক্রম অনুসৰি গোটেই বছৰজুৰি খেতি কৰি লাভাবান হ’ব পাৰি।

   পলিহাউচত বছৰজুৰি কৰিব পৰা আবতৰীয়া শাক-পাচলিৰ শস্যক্রম

কৃষিকাল
শষ্য
মার্চ-জুন
বিলাহী / কেপচিকাম
জুন-আগষ্ট
লাই / ধনীয়া / মৰিচা/ পালেং ইত্যাদি
আগষ্ট-চেপ্তেম্বৰ
বিলাহী / কেপচিকাম
ডিচেম্বৰ-ফেব্রুৱাৰী
তিয়ঁহ

শাক-পাচলিৰ উপৰিও পলিহাউচত ফুলৰ খেতিও কৰিব পৰা যায়। উদাহৰণ হিচাপে চন্দ্রমল্লিকাৰ কাটিং চেপ্তেম্বৰত মাহত ৰুই ডিচেম্বৰ মাহত ফুল পাব পাৰি। সেইদৰে জুন মাহত গ্লেডিঅলাচৰ আলু ৰোব পৰা যায়। আনহাতে বহুতো অঞ্চলত  পলিহাউচত বিভিন্ন শাক-পাচলি আৰু ফুলৰ পুলি উৎপাদন কৰিও যথেষ্ট লাভবান হোৱা দেখা গৈছে।


আঁচনি সমন্বয়ক, বিজ্ঞানী; কৃষি বিজ্ঞান কেন্দ্র, তিনিচুকীয়া


No comments:

Post a Comment