সেউজী ধৰণী
সোণতৰাৰ মিঠা গোন্ধ
[সোণতৰা, যাক লৈ আমি গৌৰৱ কৰোঁ সেইবিধ ফল আজি বিপদাপন্ন। এসময়ত এই সোণবৰণীয়া
ৰসাল ফলবিধৰ মিঠা গোন্ধে অসমৰ পাহাৰ-ভৈয়াম আমোলমোলাই ৰাখিছিল; আর্থিক ভাবে সবল কৰি
এজাক মানুহৰ মুখত হাঁহি বিৰিঙাই তুলিছিল; এটা জাতিৰ কৃষ্টি-সংস্কৃতিৰ ভেটি সুদৃঢ়
কৰিছিল। কিন্তু আজি...। গল্পৰ আকাৰে ‘প্রান্তিক’ ১-১৫ জুলাই,২০১০ চনত প্রকাশ পোৱা
দৃশ্য আজিও বিদ্যমান। সেয়ে “সেউজী ধৰণী”ত সোণতৰাৰ মিঠা গোন্ধ উপলব্ধ কৰি ফলবিধৰ সংৰক্ষণ তথা উন্নয়নৰ দিশত
সহযোগীতাৰ কামনা কৰা হ’ল---লেখক]
ডঃ চাদিকুল হুছেইন
ম’বাইল ফোনত মেছেজ এটা অহাৰ সংকেত শুনি ডº দিগন্ত শইকীয়াই ইনবক্সটো খুলি দেখিলে মণিকাৰ এছ এম এছ।
সুধিছে- “ছাৰ মে আই কল ইউ ? ইট ইজ আর্জেন্ট।”
দক্ষিণ
ভাৰতীয় এই ছোৱালীজনীয়ে ফোন কৰাৰ আগেয়ে সদায় এইদৰে অনুমতি বিচাৰে। কিন্তু আজিৰ
মেছেজটোৰ শেষৰ বাক্যষাৰে ড শইকীয়াক চিন্তাত পেলালে। মণিকাই প্রতি মাহে নিয়মীয়াকৈ
ৰিপ’র্ট পঠিয়ায়। ইয়াৰ উপৰিও ফোন কৰি থাকে। প্রায় তিনি বছৰ এই কার্য চলি আছে।
শেহতীয়া ৰিপ’র্টতো তেনে কোনো ইংগিত নাছিল। গতিকে মেছেজটো যে অত্যন্ত জৰুৰী সেই
বিষয়ে তেখেতে বুজি পালে। মণিকালৈ বাট নাচাই তেখেতে নিজেই মণিকালৈ ৰিং কৰিলে। সিফালৰপৰা
উত্তৰ নহালৈকে তেখেতে চিন্তা কৰি থাকিল--- এনে কি জৰুৰী কথা ওলাল যাৰ বাবে মণিকাই
‘ ইট ইজ আর্জেন্ট’ বুলি লিখিবলগীয়া হ’ল!
বাংগালোৰুৰ
গৱেষণা কেন্দ্র এটাত অসমৰ জ্বলন্ত সমস্যা এটাৰ সমাধান বিচাৰি মণিকা ষোৱা তিনি বছৰ
ব্যস্ত আছে। কেন্দ্রটোৰ মুৰব্বী ডঃ শ্রীনিৱাসনে ছোৱালীজনীক এই কামৰ দায়িত্ব দি ডঃ
শইকীয়াক কৈছিল---“ ছি ইজ ৱান অৱ আৱাৰ বেস্ট ছায়েন্টিষ্টছ। ছি ইজ ইকুৱেলি ইফিছেন্ট
ফৰ ব’থ ফিল্ড এণ্ড লেব র্ৱক।” ডঃ শ্রীনিৱাসনৰ কথা যে সম্পূর্ণ সঁচা সেয়া ডঃ
শইকীয়াই ইতিমধ্যে বুজি উঠিছে। এই তিনি বছৰত মণিকা কেইবাবাৰো অসমলৈ আহিছে। গৱেষণাৰ
কামত বহুতো ভিতৰুৱা অঞ্চললৈ গৈছে। নমুনা সংগ্রহ কৰিছে আৰু পাছদিনাই বাংগালোৰুলৈ
উৰা মাৰিছে। যাতে অতি কষ্টৰে সংগ্রহ কৰা
নমুনাখিনি নষ্ট নহয়। প্রতি মাহতে
নিয়মিতভাৱেৰিপ’র্ট পঠিয়াই আছে। কিবা অসুবিধা পালেই ফোন কৰি সুধি লৈছে। ছোৱালীজনী যে কামত অত্যন্ত ছিৰিয়াছ সেই বিষয়ে ডঃ শইকীয়াইৰ বুজিবলৈ সময় নালাগিল। এতিয়া সেই ছিৰিয়াছ ছোৱালীজনীয়ে মেছেজ দিছে---“ইট ইজ আর্জেন্ট।”
“হেল্ল’ ছাৰ। গুড
মর্নিং। আই হেভ এ ভেৰি গুড নিউজ ফৰ ইউ ছাৰ।”---
মণিকাই অতি উত্তেজিতভাৱে কোৱা কথাখিনি শুনি ভাল
খবৰটো জানিবৰ বাবে ডঃ শইকীয়া ব্যগ্র হৈ পৰিল। অলপ ৰৈ মণিকাই পুনৰ ক’বলৈ ধৰিলে---
“ছাৰ, ৰিজাল্টখিনি
পঠিয়াইছোঁ। এম আৰ ছিৰিজৰ এটা ছেম্পলৰ ৰিজাল্টখিনিৰপৰা বুজিব পাৰি যে এইটো ছাইট্রাছ
মেণ্ডাৰিন গ্রুপৰ ৰে’ট-ই-কিউলেটাৰৰ খুব ওচৰৰ। এতিয়ালৈকে নিশ্চয় চিনাক্ত হোৱা নাই।
ৰিজাল্টখিনি চালে আপুনি মোতকৈ ভালদৰে বুজিব পাৰিব।”
“এম আৰ ছিৰিজৰ ?
নাম্বাৰ কিমান?”
“নাম্বাৰটো দীঘলীয়া,
মনত নাথাকে। মেইলত পাব।”
“সিদিনা ফোন কৰোঁতে
তুমি দেখোন এই বিষয়ে একো কোৱা নাছিলা?”
“হয় ছাৰ। মই
সম্পূর্ণ নিশ্চিত হ’ব পৰা নাছিলো। আপুনি মোক এদিন ডঃ মিলাৰৰ ছফটৱেৰটোৰ কথা কৈছিল।
মই সেইটো সংগ্রহ কৰি আমাৰ ছেম্পলখিনি টেষ্ট কৰিছিলো। পাছত পুনেলৈ ছেম্পল এটা
পঠিয়াইছিলো। কালি তাৰপৰাও একে ৰিজাল্ট পালো। তাত ডঃ ভার্গিজে কামখিনি কৰিছিল। ইউ
ন’ ডঃ ভার্গিজ ? নেশ্যনেল লেবৰেটৰিৰ ছিনিয়ৰ ছায়েন্টিষ্ট।”
“হয় নেকি ? তেখেতক
জানো। এবাৰ লগ পাইছিলো। অতনুক খবৰ দিলা নেকি?”
“অতনুলৈকো মেইল
পঠাইছোঁ। আই উইল কল হিম লেটাৰ। এতিয়া তাৰ কাম আৰু বাঢ়িব। আপুনি ছাৰ মেইলটো চালে
সকলো তথ্য পাব। আই এম কামিং নেক্সট উইক । লাইক টু কালেক্ট ম’ৰ ছেম্পল।... ছাৰ এম
ফৰ মার্ঘেৰিটা, আই থিংক?”- একে উশাহতে মণিকাই বহুত কথা ক’লে।
“হ’ব পাৰে। অতনুৱে
ক’ব পাৰিব। মে বি মার্ঘেৰিটা, অৰ ...” অলপ ৰৈ ডঃ শইকীয়াই মনৰ আনন্দতে কৈ উঠিল---“
মণিকা ৰংগস্বামী।”
“অহঃ ছাৰ।”
“এনি ৱে, ইউ হেভ দান
এ গ্রেট জব। এ গ্রেট জব ফৰ দা নেশ্যন।”
“নহয় ছাৰ। অল
ক্রেডিট গ’জ টু ইউ ছাৰ। মই জাষ্ট আপোনাৰ প্রজেক্টত অলপ সহায় কৰি
দিলো। এতিয়া বাকী কামখিনি আপোনালোকে কৰিব। মই জানো অতনু আৰু আপুনি উত্তৰ-পূৱৰ দৃশ্যপট সলনি কৰি দিব পাৰিব। আই এম কোৱাইট এক্সাইটেড
টু ছি দা ৰিটার্ন অৱ দা গ’ল্ডেন ডেইজ অৱ ছাইট্রাছ ইণ্ডাষ্ট্রিজ ইন নর্থ-ইষ্ট।
উইশ্ব ইউ অল দা বেষ্ট।”
“ড’ন্ট উইশ্ব মণিকা, প্রে’। ইউ জাষ্ট প্রে’ ফৰ আছ। আমাৰ ইয়াৰ
পাহাৰবোৰ, গাঁওবোৰ যেন আকৌ সোণ বৰণীয়া হৈ জিলিকি উঠে। সোণতৰাৰ মিঠা গোন্ধে যেন
চৌদিশ আমোলমোলাই তোলে। আকাশ-বতাহ নির্মল হৈ পৰে। লগতে আমাৰ দুখীয়া মানুহখিনিয়ে যেন
দুটা পইছাৰ মুখ দেখে। ডেটছ অল। আৰু একো নালাগে।”
কথাখিনি কৈ কৈ
ডঃশইকীয়া কিছু আবেগিক হৈ পৰিল। মাতটো সামান্য কঁপি
উঠিল। তেখেতৰ মাতটো শুনি মণিকাই বুজি উঠিল তেখেতক কিছু সময় নিৰলে থাকিবলৈ দিয়া
উচিত। তাই লৰালৰিকৈ ক’লে---
“মই ছাৰ পূজা কৰিম।
আপোনাৰ সপোন যেন দিঠকত ফলিয়ায়।” তাৰ পাছত কিবা ভাবি ক’লে-“এয়া অকল আপোনাৰ সপোন নহয়
ছাৰ। অতনু, মোৰ আপোনাৰ সকলোৰে সপোন। পাছত ফোন কৰিম ছাৰ।
এতিয়া থৈছোঁ।”
মণিকাই শেষৰ ফালে কি
ক’লে ডঃ শইকীয়াই ভালদৰে নুশুনিলে। ইতিমধ্যে তেখেতৰ মনটো অতীতৰ স্মৃতি এটালৈ উৰা
মাৰিছিল।...
...আজিৰপৰা প্রায় আঠ
বছৰৰ আগেয়ে শ্বিলঙত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্রীয় সন্মিলনত ডঃ শইকীয়াই অসম তথা
উত্তৰ-পূব ভাৰতৰ সুমথিৰা বাগিচাত দেখা দিয়া এটা বিশেষ সমস্যাৰ বিষয়ে গৱেষণা কৰি
তেখেত আৰু সংগীবৃন্দই লাভ কৰা ফলবোৰ আলোচনা কৰিছিল। কিন্তু এই বিষয়ত আৰু অধিক
গৱেষণাৰ প্রয়োজন থকাৰ বাবে তেখেতে আন বিজ্ঞানীসকলকৰ সহযোগ কামনা কৰিছিল। লগতে তেখেতে এইটোও কৈছিল যে প্রায় ত্রিছ বছৰৰ আগেয়ে দেখা দিয়া
এই সমস্যা ক্রমে বাঢ়ি আহিছে আৰু অচিৰে সমাধান নকৰিলে অসমৰ লগতে উত্তৰ- পূর্বাঞ্চলৰ আর্থ-সামাজিক দিশত কু-প্রভাৱ পৰিব, সেইটো
আমাৰ কাম্য নহয়। সন্মিলনৰ আয়োজকমণ্ডলীৰ সভাপতিক বিশেষভাৱে অনুৰোধ কৰি তেখেতে চাহ
বিৰতিৰ সময়ত এখন চুটি তথ্যচিত্র প্রদর্শন কৰি এই বিশেষ সমস্যাটোৰ বিষয়ে
দেশী-বিদেশী বিজ্ঞানীসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল।
সন্মিলনৰ কিছুদিনৰ
পাছত কেইবাজনো বিজ্ঞানীয়ে ডঃশইকীয়াৰ লগত যোগাযোগ কৰিছিল। কিন্তু বাংগালোৰুৰ গৱেষণা
কেন্দ্রটোত অধিক সুবিধা থকাৰ বাবে সেই কেন্দ্রৰ সহযোগত এটা প্রজেক্ট প্রস্তুত কৰি
তেখেতে ভাৰত চৰকাৰৰপৰা আর্থিক অনুদান এটা লাভ কৰে। সেয়া আজিৰপৰা প্রায় পাঁচ বছৰৰ
আগৰ কথা । তাৰ পাছত ডঃ শইকীয়া আৰু তেখেতৰ সহকর্মী ডঃ অতনু ফুকনৰ লগ লাগিল
বাংগালোৰুৰ গৱেষণা কেন্দ্রটোৰ কনিষ্ঠ বিজ্ঞানী এম ৰংগস্বামী। সম্পূর্ণ নাম- মণিকা
ৰংগস্বামী।
PartIII_http://sadik2crs.blogspot.in/2014/01/blog-post_22.html
______________________________________________________________________________
No comments:
Post a Comment