সেউজী ধৰণী
সোণতৰাৰ মিঠা গোন্ধ
(তৃতীয় ভাগ)
[গৱেষণাৰ ফলাফলে ডঃ শইকীয়াক বাৰে বাৰে আবেগিক কৰি তুলিছে।...শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সোণোৱালী দিনবোৰলৈ নিজৰ অজানিতে
উভতি গৈছে।...তাহানিতে দেখা টংকেশ্বৰহঁতৰ সুমথিৰা বাগিচাৰ মিঠা গোন্ধটোৱে আমনি কৰি
আছে।...জঁয় পৰি অহা বাগিচাবোৰ চকুৰ আগত যেন ঠন ধৰি উঠিছে।...এনেতে সহযোগী অতনু
কোঠাটোলৈ সোমায় আহে...তাৰ পাছত...]
ডঃ চাদিকুল হুছেইন
“ছাৰ, এইটো এম আৰ ছিৰিজৰ ফাইল।”
শকত ফাইল এটা
টেবুলখনত থৈ অতনু কাষৰ চকীখনত বহিল। ফাইলটো চুবলৈ গৈ খন্তেকৰ বাবে যেন ডঃ শইকীয়াৰ
হাতখন কঁপি উঠিল। তাৰ পাছত ফাইলটো সন্মুখত
মেলি দুয়ো ব্যস্ত হৈ পৰিল। এম আৰ ছিৰিজ অর্থাৎ মার্চ মাহত সংগ্রহ কৰা নমুনা। কাষৰ
নম্বৰৰপৰা বুজা গ’ল ২০০৬ চনৰ এই নমুনাখিনি অসম-অৰুণাচল সীমাৰ এখন ভিতৰুৱা গাঁৱৰপৰা
সংগ্রহ কৰা হৈছিল। ইতিমধ্যে কৰা পৰীক্ষাৰপৰা দেখা গৈছে যে ষ্টক হিচাপে যিকেইটা
নমুনা নির্বাচন কৰা হৈছে তাৰ ভিতৰত এইটো সবাতোকৈ উত্তম। অসমৰ সকলো অঞ্চলৰপৰা
সংগ্রহ কৰা সুমথিৰাৰ সৈতে খাপ খাই পৰিছে। আনবোৰ ষ্টকৰ এই গুণটো নাই। কিছু সময়
চিন্তা কৰি ডঃ শইকীয়াই সুধিলে-
“এইজোপা টুনীৰাম
বৰুৱাৰ বাৰীত থকা কেইজোপাৰে এজোপা নহয় জানো।”
“টুনীৰাম বৰুৱাৰ !
হয় ছাৰ, হ’ব পাৰে।” ডঃ শইকীয়াই কোৱা নামটো শুনি অতনু শংকিত হৈ পৰিল।
“মই ঠিক অনুমান
কৰিছিলো। গছজোপা দেখিয়েই বুজিছিলো এইজোপা যেন আনবোৰতকৈ বেলেগ। মানুহনজনৰ লগত কথা
পাতি গছজোপা বহু পুৰণি বুলি গম পাইছিলো। বাৰীখনৰ আনবোৰ গছত বেমাৰে দেখা দিওঁতেও
এইজোপা নিৰোগী হৈ আছিল। সকলো যদি ঠিকমতে আগবাঢ়ে তেন্তে আমি অসম মেণ্ডাৰিন পাম যেন
লাগিছে। তুমি কি কোৱা?”
ডঃ শইকীয়াৰ কথাষাৰৰ
কোনো উত্তৰ নিদি অতনু খৰধৰকৈ নিজৰ কোঠালৈ আগবাঢ়িল। দুমাহমানৰ আগেয়ে টুনীৰাম বৰুৱাৰ
ঘৰত সোমাই অতনুৱে গছকেইজোপা চাই অহিছিল। ইতিমধ্যে বাঢ়িখনৰ বেছিভাগ গছেই আক্রান্ত
হৈ পৰিছে যদিও এজোপা গছ তেতিয়াও সুস্থ-সবল হৈ আছে। গাঁৱৰ ৰাইজে কয়- কিবা মায়া লগা
গছ। গছজোপা নিৰিক্ষণ কৰি থাকোঁতে বৰুৱাই কোৱা কথাষাৰে অতনুক আতংকিত কৰি তুলিছিল।
বৰুৱাৰ ল’ৰা দুজনে চাহবাগিচা পাতিবলৈ বাৰীৰ গছবোৰ কাটিব।
সেইদিনা বৰুৱাক এই গছজোপা নাকাটিবলৈ দঢ়াই দঢ়াই কৈ আহিছিল। সকলো
বুজিও বৰুৱা নিৰুপায় হৈ পৰিছে। ল’ৰাহঁতে এইবাৰ চাহ পুলি ৰোবই।
ৰুগীয়া সুমথিৰা বাৰীখন চকুৰ আগত লৈ চাই থকাৰ ইচ্ছা সিহঁতৰ আৰু নাই। ইতিমধ্যে বহুত দেৰি হ’ল; লগৰবোৰৰ বাগানত পাত ছিঙিব পৰাই হ’ল।
“অ, তুমি ইয়াত ?
বৰুৱাক এই ভাল খবৰটো দিয়াৰ ব্যৱস্থা এটা কৰা। লগতে ক’বা যে আমি অতি সোনকালে তেখেতৰ
ঘৰলৈ গৈ আছোঁ। তেতিয়ালৈ মণিকাও আহি পাবহি।”--- অতনুক কাষত নেদেখি ডঃ শইকীয়া আহি
অতনুৰ কোঠা পালেহি।
আনহাতে অতনু তেতিয়া
বেলেগ এখন ৰাজ্যত। এটাই মাথোঁ চিন্তা মনলৈ অহৰহ আহি আছে---‘যোৱা দুমাহত একো অঘটন
ঘটা নাইতো ?’ তাৰ নিজৰ ওপৰতে খং উঠিল। সেইদিনা বৰুৱাই দিয়া ইংগিতটোৰ পাছত যোৱা
দুমাহত সি এবাৰো গছজোপাৰ খবৰ নললে। ডঃ শইকীয়াকো এই বিষয়ে একো নক’লে। তেখেতক কোৱা
হ’লে নিশ্চয় বৰুৱাৰ ল’ৰাকেইজনক ভালদৰে বুজাই দিলেহেঁতেন। কিন্তু এতিয়া যদি গছজোপা
কাটি পেলালে!...নাই,নাই, কটা নাই। ---অতনুৱে নিজকে নিজে সান্তনা দিলে। কটা হ’লে
বৰুৱাই নিশ্চায় খবৰ দিলেহেঁতেন। এই নিৰুগী, ফল লাগি থকা গছজোপাত ল’ৰাহঁতে কুঠাৰৰ
ঘাপ নামাৰে। সিহঁত অবুজ নহয়। আৰু ৰাইজে জানো সেই মায়া লগা গছজোপাত কুঠাৰ লগাবলৈ
দিব? নিদিয়ে, কেতিয়াও নিদিয়ে। সেই গছজোপা এতিয়া আমাৰ সম্পদ। এই জাতীয় সম্পদক জীয়াই
ৰাখিবই লাগিব।...
অতনুৰ মনৰ এনে
দোদুল্যমান অৱস্থাৰ বিপৰীতে ডঃ শইকীয়াৰ মনত আজি অপাৰ আনন্দ। বহু দিনৰ সপোন এটা যেন
ফলিয়াবলৈ গৈছে। ইতিমধ্যে তেখেতে সপোনৰ ফলটোৱ নাম এটাও ভাবি উলিয়ালে।
“বুজিছা অতনু, সকলোখিনি
কাম ঠিকমতে হৈ থাকিলে কিছুদিনৰ পাছত আমি নিশ্চয় এটা নতুন ক্ল’ন পাম। তেতিয়া আমাৰ
কাম আৰু বাঢ়ি যাব। সমগ্র উত্তৰ পূর্বাঞ্চলে এই ক্ল’ন বিচাৰিব। সিহঁতে কিন্তু ইয়াৰ
একোটা সুকীয়া নাম দি ল’ব। মই এনে হোৱাটো নিবিচাৰোঁ। বিশ্বই আমাৰ এই সৃষ্টিক এটা
নামেৰে চিনি পাওঁক। তুমি কি ভাবা?”
ডঃ শইকীয়াৰ প্রশ্ন
শুনি কিছু নার্ভাছ হৈ পৰা অতনুৰে একো উত্তৰ নিদি মনে মনে ৰ’ল। অতনুক তেনেদৰে থকা
দেখি ডঃ শইকীয়াই নিজেই কৈ উঠিল---
মৰুৎ নন্দন। এই
নামেৰে আমাৰ সৃষ্টি সমগ্র বিশ্বত পৰিচিত হ’ব। তুমি নামটো কেনে পাইছা?”
“মৰুৎ নন্দন?”
“অঁ, মৰুৎ নন্দন।
যাৰ সুযোগ্য সতি-সন্তানসকলে একালত এই ভূখণ্ডত প্রবল প্রতাপেৰে ৰাজত্ব কৰিছিল।
এতিয়া একবিংশ শতিকাত এই মৰুৎ নন্দনৰ সতি-সন্তানে পুনৰ এই ভূখণ্ডত ৰাজত্ব কৰিবলৈ
ওলাইছে। এই সতি-সন্তানবোৰে আমাৰ পাহাৰ-ভৈয়াম পুনৰ সোণবৰণীয়াকৈ জিলিকাই তুলিব;
চৌদিশ মিঠা গোন্ধেৰে বিয়পাই ৰাখিব। লগতে মানুহখিনিৰ মুখত আকৌ আনন্দৰ হাঁহি বিৰিঙি
উঠিব। সকলোৰে মুখত এটাই মাথোন নাম উচ্চাৰিত হ’ব- মৰুৎ নন্দন।”
হঠাৎ ডঃ শইকীয়াৰ
ম’বাইল ফোনটো বাজি উঠিল। খৰধৰকৈ চাই দেখিলে মণিকাৰ ফোন। ৰিছিভ কৰাৰ লগে লগে
সিফালৰপৰা মণিকাই কৈ উঠিল কৈ উঠিল---
“হেল্ল ছাৰ। মেইলটো
পঢ়িলে নিশ্চয়। আই এম এৰাইভিং অন ছিক্সথ। আই এম কোৱাইট এক্সাইটেড টু বি উইথ ইউ এট
দিছ হেপ্পি ম’মেণ্ট। এয়াৰৰ টিকেট এটা পাই গ’লো। দিনৰ দুইমান বজাত মোহনবাৰী পাই
যাম। এতিয়া ৰিপ’র্টৰ কাগজ-পত্রখিনি ঠিক কৰি আছোঁ।” মণিকাৰ লাইনটো কাট খাই গ’ল।
“অতনু, আজি কি
তাৰিখ?”
“আজি ছাৰ, তিনি
তাৰিখ।”-ডঃ শইকীয়াই হঠাৎ তাৰিখৰ কথা সোধাত অতনু আচৰিত হ’ল।
“মণিকা ছয় তাৰিখে
পাবহি। এইমাত্র ফোনত ক’লে। আমি সাত তাৰিখে বৰুৱাৰ ঘৰলৈ যাম। তুমি সেইমতে যোৱাৰ
ব্যৱস্থা কৰা।”
ডঃ শইকীয়াই হঠাৎ
লোৱা সিদ্ধান্তত অতনু আতংকিত হৈ পৰিল। দুটা মাহ বৰ দীঘলীয়া সময়। ইতিমধ্যে যদি
গছজোপা কাটি পেলাইছে। এনে হ’লে তাৰ সামান্য ভুলৰ বাবেই সেই আপুৰুগীয়া গছজোপা
চিৰদিনৰ বাবে হেৰাই গ’ল। তাৰ এই অৱহেলাৰ বিষয়ে কোনেও হয়তো নাজানিব। কিন্তু এক
অপৰাধবোধে তাক গোটেই জীৱন খেদি ফুৰিব। তাৰ বাবে সি নিজক কোনো দিনেই ক্ষমা কৰিব
নোৱাৰিব। হাতত মাথোঁ তিনি দিন। টুনীৰাম বৰুৱাৰ
গাঁওখন সকলো নেটর্ৱকৰ পৰা বাহিৰত। সেই ভিতৰুৱা
গাঁওখনলৈ খবৰ দিয়াৰ একমাত্র উপায় হৈছে নিজে গৈ খবৰ দিয়া। অতনুৱে মনতে ঠিক কৰিলে
যদি গছজোপা ইতিমধ্যে কাটি পেলাইছে তেন্তে সি এই চাকৰি ইস্তাফা দি দিব। দোষী মন এটা
লৈ সি ইয়াত কাম কৰি থাকিব নোৱাৰিব। এতিয়া সাত তাৰিখৰ যাত্রালৈ বাট চা্ই থকাৰ
বাহিৰে তাৰ গত্যন্তৰ নাই।
অতনুৰ যে কিবা এটা
হৈছে এই কথা বাংগালোৰুৰপৰা আহি পোৱাৰপৰাই মণিকাই মন কৰি আছে। এয়াৰপ’র্টত অতনুক
নেদেখি মণিকা আচৰিত হৈছিল। আগেয়ে এনে হোৱা নাছিল। বাটৰ পৰা ফোন কৰি সোধোঁতে কামৰ
অজুহাত দেখুৱালে। চুটি চুটি বাক্যৰে যিখিনি সময় কথা পাতিলে তাৰপৰা বুজা গৈছিল সি
যেন তাইৰ ওচৰত সহজ হ’ব পৰা নাই। অথচ সেইদিনা ৰিপ’র্টটোৰ খবৰ দিওঁতে কিমান হেপ্পি
মুডত কথা পাতিছিল। হঠাৎ এনে কি ঘটিল যাৰ বাবে সি তাইক এৰাই চলিব খুজিছে ? বাদদত্তা
কাবেৰীৰ লগত কিবা লাগিছে নেকি ? তেনে হোৱা হ’লেও সি নিশ্চয় ক’লেহেঁতেন। তাই যে
এইকেইদিনতে অসমলৈ আহিব এই কথা কাবেৰীয়েও জানে। ইতিমধ্যে তাইৰ ভাল বান্ধৱী হৈ পৰা
কাবেৰীক অতনুৱেই খবৰ দিছে। এই কথা জানি
কাবেৰীয়েও তাইক বাংগালোৰুলৈ উভতি যোৱাৰ আগেয়ে যোৰহাটৰ তাহাঁতৰ ঘৰলৈ এবাৰ মাতিছে।
ডঃ শইকীয়াৰ লগত কথা পাতি গৈ থকা মণিকাই গাড়ীৰ আগ ছিটত বহি কিবা চিন্তা কৰি গৈ থকা
অতনুক অৱশেষত সুধি দিলে---
“এই অতনু, হোৱাটছ ৰং
উইথ য়ু ! ইমান চুপচাপ আহিছা যে?”
মণিকাৰ মাতত টুনীৰাম
বৰুৱাৰ বাৰীৰ সেই বিশেষ গছজোপাৰ কথা চিন্তা কৰি গৈ থকা অতনুৱে সৰু হাঁহি এটা মাৰি
সপ্রতিভ হ’বলৈ চেষ্টা কৰিলে। মণিকাই মন কৰিলে অতনুৰ হাঁহিটোত যেন কিবা দোষী দোষী
ভাব এটা লুকাই আছে।
“অতনুৱে চিন্তা
কৰিছে মৰুৎ নন্দনৰ ৰেপিড মাল্টিপ্লিকেশ্যন কেনেকৈ কৰিব।”
ডঃ শইকীয়াৰ মাতত
অতনুৱে পিছলৈ ঘূৰি চাওঁতে মণিকাৰ চকুৱে চকুৱে পৰিল। ডঃ শইকীয়াৰ কথাষাৰ বুজিব
নোৱাৰি মণিকাই অইতনুকে সুধিলে---
“কিহৰ
মাল্টিপ্লিকেশ্যন, অতনু?”
“তুমি ছাৰক সোধা।
তেখেতেহে ভালদৰে ক’ব পাৰিব।”- এইবাৰ অতনুৱে তাৰ স্বাভাৱিক হাঁহিটো মাৰি ক’লে।
“কিহৰ
মাল্টিপ্লিকেশ্যনৰ কথা কৈছে ছাৰ? অতনুৱে আ্পোনাকহে সোধিবলৈ ক’লে।”
“মৰুৎ নন্দনৰ ৰেপিড
মাল্টিপ্লিকেশ্যনৰ টেকনিক এটা ষ্টেণ্ডার্ডাইজ কৰিব লাগিব নহয়? তাৰ বাবে অতনুৱে
এতিয়াৰপৰাই চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। নহয় জানো অতনু?”---ডঃ শইকীয়াই ধেমালিৰ সুৰত
ক’লে। অতনুৱে কিবা কোৱাৰ আগেয়ে মণিকাই পুনৰ মাত লগালে।
“মৰুৎ নন্দন? মি
বুজা নাই ছাৰ। আই মিন হোৱাট ইজ মৰুৎ নন্দন?”
“অঃ ইয়েছ। তুমি মৰুৎ
নন্দনৰ বিষয়ে নাজানা নহয়? আমাৰ নগৰখনলৈ সোমাওঁতে পুখুৰীটোৰ মাজত এটা ষ্টেটিউ দেখা
, সেয়া হৈছে প্রথমজনা মটক ৰজা সর্বানন্দ সিংহদেৱৰ। তেখেতৰ পিতৃ হ’ল মৰুৎ নন্দন।”
“ইয়েছ, ইয়েছ। মনত
পৰিছে। ৱানছ আই হেভ ভিজিটেড এ পার্ক হিয়েৰ নেমড আফটাৰ হিম। পার্কখনত তেখেতৰ বিষয়ে
চমুকৈ লিখি থোৱাও আছে। নহয় জানো অতনু?”
“ওঁ, তোমাৰ মনত আছে?
প্রথনবাৰ ইয়ালৈ আহোঁতেই গৈছিলা।” বহুত সময়ৰ পাছত ফৰকাল মনেৰে অতনুৱে কথাত ভাগ ললে।
“এতিয়া আমাৰ
ছেম্পলৰপৰা যি ক্ল’ন পাম তাৰ নাম হ’ব মৰুৎ নন্দন। বুজিলা?”-ডঃ শইকীয়াই মৰুৎ নন্দন
নামৰ ৰহস্য ভেদ কৰি দিয়াৰ লগে লগে মণিকাই প্রায় চিঞৰী উঠিল---
“ছাৰ, আপুনি বহুত
দূৰলৈকে চিন্তা কৰিছে। মৰুৎ নন্দন ! এ ভেৰি নাইছ নে’ম। ক্লাছিক এণ্ড ম’ষ্ট
ছিগনিফিকেণ্ট।”
উত্তেজিতভাৱে কোৱা
কথাখিনি শুনি ডঃ শইকীয়া আৰু অতনুৱে মণিকালৈ হাঁহি হাঁহি চাই থাকিল। অলপ পাছত
মণিকাই আকৌ কৈ উঠিল---
“আই হেভ এ ৰিকুৱেষ্ট
ছাৰ।”
“ৰিকুৱেষ্ট?”
“ইয়েছ ছাৰ, মৰুৎ
নন্দনৰ এটা চুকত আমাৰ মৰুৎ নন্দনৰ এখন সৰু গার্ডেন পাতিব।”
“অহঃ হোৱাট এ গ্রেট
ছাজেশ্যন। ইট ইজ নট ৰিকুৱেষ্ট মণিকা, ইট ইজ এ ছাজেশ্যন। এ ভেৰি গুড ছাজেশ্যন।
অতনু, দেখিছা। এই বিষয়ে আমি একো ভবাই নাছিলো। কিমান ভাল লাগিব।” হঠাৎ ডঃ শইকীয়া
আবেগিক হৈ পৰিল। বহুত সময় মনে মনে থাকি তেখেতে কৈ উঠিল---
“সঁচাকৈয়ে সোণতৰাৰ
সৰু বাগিচা এখন উদ্যানখনৰ একাষে পাতিব পাৰিলে বৰ ভাল লাগিব।”
“চুনটৰা? চুনটৰা কি
ছাৰ?”
তাহানি টংকেশ্বৰে
কোৱাৰ দৰে ডঃ শইকীয়াই হাঁহি হাঁহি ক’লে-
“ইমান দিনে সোণতৰাক
লৈয়ে গৱেষণা কৰিলা এতিয়া সুধিছা সোণতৰা কি? চুনটৰা নহয় সোণতৰা। সোণতৰা মানে
সুমথিৰা, বুজিলা?”
“চুনতাৰা
,চোনতাৰা...!” মণিকাই উচ্চাৰণ শুদ্ধ কৰিবলৈ বৃথা চেষ্টা চলালে।
মণিকাৰ মুখত সোণতৰাৰ
উচ্চাৰণ শুনি ডঃ শইকীয়াই ক’লে—
“আমি কওঁ সোণতৰা।
তাৰপৰাই বোধকৰোঁ হিন্দীভাষীয়ে তোমাৰ দৰে চোনটৰা ,চোনতাৰা বুলি কৈ শেষত সন্তৰা
কৰিলে। নে কি কোৱা ? এই সন্তৰা শব্দটো আমাৰ ফালৰপৰা যোৱা যেনেই লাগে। তাতে আকৌ
এইবিধ ফলৰ ,মানে ছাইট্রাছ মেণ্ডাৰিন গ্রুপৰ বহুতকেইটা স্পেছিজৰ অৰিজিন আমাৰ ইয়াত।
গতিকে ফলৱ লগতে ফলৰ নামটোও ইয়াৰপৰাই গ’ল নেকি?”
তাৰ পাছত ডঃ শইকীয়াই
অসমৰ এইটো অঞ্চলত অতীজতে কিমান সুমথিৰা বাগিচা আছিল, স্থানীয় মা্নুহখিনিৰ কৃষ্টিৰ
লগত সুমথিৰাৰ সম্পর্ক কেনে আছিল আদি কথাবোৰ মণিকাআ কৈ কৈ যেতিয়া টুনীৰাম বৰুৱাৰ
গাঁওখন পালেগৈ তেতিয়া দেখে যে প্রায় প্রতিঘৰৰ বাৰীত চাহ গছ।। আগতে দেখাতকৈ যেন
বাঢ়িছেহে। বহুকেইঘৰত চাহৰ বাবে নতুনকৈ মাটি উলিয়াইছে। তাকে দেখি অতনু শংকিত হৈ
পৰিল।
গাড়ীখন পদূলিমুখত
ৰওঁতেই বাৰীত কাম কৰি থকাৰপৰা বৰুৱা আগবাঢ়ি আহিল। অতনুৱে আঁৰ চকুৰে বৰুৱালৈ চালে।
কিন্তু সদায় হাঁহি মুখেৰে থকা মানুহজনক চাই একো অনুমান কৰিব নোৱাৰিলে।
“নমস্কাৰ বৰুৱা।
ভালে আছে?”---গাড়ীৰপৰাই ডঃ শইকীয়াই মাত লগালে।
“নমস্কাৰ ছাৰ। আজি
বহুত দিনৰ মুৰত। বাইদেউ কেতিয়া আহিল?”
“মই কালি আহিলো।
আপোনাৰ ভাল নহয়?”
“এঃ আমাৰনো আৰু কি
ভাল বেয়া। গছ ৰুইছোঁ, ফল লাগিছে। তাকে নি বেচিছোঁ। চলি গৈছে। এতিআ ল’ৰাহঁতে চাহ
ৰুইছে। সিহঁতে বেচিব। চলি যাব। নে কি কয়?”---ভলভলীয়া বৰুৱাৰ কথাখিনি শুনি ডঃ
শইকীয়া আৰু মণিকাই হাঁহি দিলে। অতনুৱে কিন্তু এই হাঁহিত যোগ দিব নোৱাৰিলে। তাৰ
চকুযোৰ বাৰে বাৰে বাৰীৰ পিছফাললৈ গৈ থাকিল।
“আমি এটা ভাল খবৰ লৈ
আহিছোঁ। এই ভাল খবৰটো আমালৈ কঢ়িয়াই আনিছে এই ছোৱালীটিয়ে।”
“ৰ’ব,ৰ’ব ছাৰ , ভাল
খবৰটো অকলে শুনিলে নহ’ব। ইহঁতকো মাতো। এই বুলি বৰুৱাই বাৰীত থকা ল’ৰা দুটাক
মাতিবলৈ ললে। পদূলিত গাড়ী দেখি ইতিমধ্যে গাঁৱৰ ৰাইজ দুজনমান আহি চোতালত গোট
খাইছিলহি। অলপ পাছত ল’ৰা দুজন আহি চোতালৰ একাষে থিয় হ’ল। সিহঁতহালক দেখি বৰুৱাই
ক’লে---
“ছাৰহঁতে আমালৈ কিবা
ভাল খবৰ আনিছে বোলে। তহঁতেও শুন। হয় ছাৰ, কওক। ভাল খবৰবোৰ আমাক কেলৈ লাগিছে,
ইহঁতকহে লাগে।”
“আমি আপোনাৰ বাৰীত
থকা সুমথিৰা কেইজোপামানত চিন দি গৈছিলো নহয়?”
“ওঁ,ওঁ আছে। মই ছাৰ
ভালদৰেই ৰাখিছোঁ।”
তাৰমানে গছজোপা আছে!
যোৱা কেইদিন এক সাংঘাতিক মানসিক চাপত থকা অতনুৱে স্বস্তিৰ নিশ্বাস পেলালে। এই
সংবাদটো পাবলৈকে অতনুৱে কিমান যে চেষ্টা নকৰিলে! কিন্তু কোনেও তাক সঠিক খবৰ দিব
পৰা নাছিল। আজি গোটেই বাট অস্হিৰভাৱে আহি এই সুখবৰটো পাই অতনুৱে ভগৱানক ধন্যবাদ
জনালে। লগে লগে তাৰ মুখখন উজ্জ্বল হৈ পৰিল।
“ৰাখিনো কি হ’ব ছাৰ?
চিন দিয়াৰ এজোপাত বেমাৰ লাগিলেই। বাকীকেইজোপাতো লাগিব। ফল কমিবলৈ ধৰিছে।” বৰুৱাৰ
ডাঙৰ ল’ৰাটোৱে মাজতে মাত মাতি দিলে।
“এঃ ৰ’চোন। ফল মাজতে
কমেই। নিচেইকে কমা নাই নহয়। সেইবুলিয়ে কাটি দিবি নেকি?- ইহঁতক কওঁ, ছাৰহঁতে কিবা
বোলেনে পৰীক্ষা কৰিছে। ভালদৰে থ। ময়ো যতনেৰে ৰাখিম বুলি কথা দি থৈছোঁ। ইহঁতে মোৰ
কথা নুশুনে। কালিও ছাৰ ইহঁতে গছ কটাৰ কথা কৈছিল। দেখিলি আজি ছাৰহঁত ভাল খবৰ লৈ
কেনেকৈ ওলালহি। ছাৰ, ভাল খবৰটো দিয়ক। মই আগেয়ে জানিছিলো ছাৰহঁতে ভাল খবৰ আনিবই”।
“ভাল খবৰ কিনো আৰু
দিব? সেই ট্রেনিংবোৰত কৈ থকাবোৰকে ক’ব। এই কথাবিলাকত গছ ভাল হৈ নুঠে। ক’তো হোৱাও
নাই। আমাৰ ইয়াতো নহয়।” এইবাৰ সৰু ল’ৰাটোৱে মাত দিলে।
“বেমাৰ লাগিছে। বুঢ়া
গছ মৰিছে। কিন্তু নতুনকৈ ৰোৱাবোৰ কিয় মৰিছে। তাতকৈ চাহ খেতিয়েই ভাল। চাহ গছত কোনো
বেমাৰ-আজাৰ নাই। এইবাৰ আমি টেঙাকেইজোপা কাটিমেই।” ডাঙৰজন ল’ৰাই আকৌ মাত লগালে।
“এহঃ তহঁত অলপ মনে
মনে থাকচোন। ছাৰহঁতে কিবা ভাল খবৰ আনিছে বুলিছে নহয়,শুনচোন। ছাৰ বেয়া নাপাব। ভাল
খবৰটো দিয়ক। ইহঁতক নালাগে যদি মোকেই দিয়ক।”
“ঠিকেইতো।
ইহঁতকেইটাক যদি নালাগে আমাকে ভাল খবৰটো দিয়ক। হেৰৌ, চাহ চাহ বুলি থাকোঁতে আমাৰ
বাৰীবোৰ উদং হ’ল। আৰুবেলি পাতৰ দাম কিমান হৈছিল নেদেখিলি। ইফালে টেঙাৰ দাম বছৰি
বাঢ়ি গৈয়ে আছে। অঞ্চলটোৰপৰা বাঁহ গ’ল, কুঁহিয়াৰ গ’ল, টেঙাও গ’ল। তহঁতৰ বাৰীখনতে
অলপমান টেঙা আছেগৈ। এতিয়া সেইকেইজোপাও যদি কাটি দিয় থাকিল কিটো?”---ৰাইজৰ এজনে
বৰুৱাৰ কথাত হয়ভৰ দি ক’লে।
“সেই বুলিয়ে বেমাৰী
গছকেইজোপা চাই থাকিম নেকি?”
ভাল খবৰ এটা দিবলৈ
আহি এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ডঃ শইকীয়াই ভবা নাছিল। বিমোৰত পৰি
তেখেতে অতনু আৰু মণিকালৈ চালে। অতনুৱেও বিবুধিত পৰি তেখেতলৈ চাই আছে। মণিকাই
ভালদৰে একো বুজিব পৰা নাই যদিও কিবা এটা অঘটন ঘটিবলৈ যে গৈছে সেইটো অনুমান কৰিব
পাৰিছে। কাষতে থকা অতনুক বাৰে বাৰে সুধিও একো উত্তৰ পোৱা নাই। গোট খোৱা
ৰাইজৰ মুখত উৎকণ্ঠাৰ চিন। কিন্তু এনে বাদানুবাদ বেচি সময় চলি থাকিবলৈ দিব নোৱাৰি।
সেয়ে পৰিস্থিতিটো শান্ত কৰিবলৈ ডঃ শইকীয়াই মাত মাতিলে---
“ৰাইজ, ল’ৰাহঁতে ঠিক
কথাকে কৈছে। ৰুগীয়া বাৰী এখন সদায় চাই থাকিব নোৱাৰি। কিবা এটা কৰিব লাগিব। কিন্তু
কি কৰিম? উপায় আমি সকলোৱে বিচাৰিছোঁ। নহয় জানো?”---শেষৰ প্রশ্নটো তেখেতে ল’ৰা
দুজনক কৰিলে।
“আমি বহুত কিবা কিবি
কৰিলো। একোৱেই ফল নিদিলে।”
“সেইকাৰণেই ৰাইজে
ইয়াত চাহ কৰিবলৈ ল’লে। পাতৰ দাম মাজে মাজে কমে। পাছত আকৌ বাঢ়ে। কিন্তু টেঙাৰ দৰে
গছ মৰি নাযায়।” ল’ৰা দুজনৰ খং তেতিয়াও মাৰ যোৱা নাই।
“কিন্তু সকলো টেঙা
গছ নমৰে। এতিয়াও মৰা নাই। এনে নিৰোগী গছ এই অঞ্চলত বহুত আছিল। কিন্তু আমাৰ অজানিতে
সেইবোৰ নোহোৱা হৈ গ’ল। এনে গছৰ সন্ধানত আমি অসমৰ বহুতো ঠাইলৈ গৈছিলো। ইয়ালৈকো
আহিছিলো। আজি পুনৰ আহিছোঁ। কাৰণ আমি এনে এজোপা গছৰ সন্ধান পাইছোঁ যিজোপাত বেমাৰে
আক্রমণ কৰিব পৰা নাই আৰু ভৱিষ্যতেও আক্রমণ কৰাৰ সম্ভাৱনা অতি ক্ষীণ।” খন্তেক ৰৈ
তেখেতে পুনৰ ক’বলৈ ধৰিলৈ---
“আমি পৰীক্ষাৰদ্বাৰা
জানিব পাৰিছোঁ এইজোপা সুমথিৰা গছ প্রকৃতিয়ে আমাক দান দিছে। এতিয়া পৰীক্ষাৰ কাম আৰু
অলপ আগবঢ়াই নিব পাৰিলেই আপোনালোকক নিৰুগী সুমথিৰাৰ পুলি দিব পাৰিম বুলি আশা
কৰিছোঁ। এয়া জানো আপোনালোকৰ বাবে ভাল খবৰ নহয়?”
“হয়,হয়। এইটো বৰ ভাল
খবৰ। আমাক তেনে গছেই লাগে।”
“এই ভাল খবৰটো
দিবলৈকে আমি আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰণ সেইজোপা গছ বৰুৱাদেৱৰ বাৰীতে আছে।”
“আমাৰ বাৰীত?”
“দেখিলি? দেখিলিখ মই
সদায়ে কৈ থাকোঁ ছাৰহঁতে ভাল খবৰ আনিবই। ইহঁতে মোৰ কথা নুশুনে। গছবোৰ হেনো কাটিবই।
এতিয়া? মূর্খহঁতে এনে গছ কিমান কাটিলে তাৰ হিচাপ নাই। ছাৰ, ব’লকচোন কোনজোপানো
দেখুৱাই দিয়ক।” টুনীৰাম বৰুৱা আনন্দত উথলি উঠিল।
“হয়, হয়। আমিও চিনি
থওঁ।
গোমা পৰিৱেশটো হঠাৎ
আনন্দমুখৰ হৈ পৰিল। ৰাইজে নিজৰ মাজতে গছজোপাৰ বিষয়ে কথা পাতিবলৈ ললে। ইতিমধ্যে
অতনু আৰু মণিকাই টোকা বহীখন মেলি গছজোপাৰ অৱস্থান বিচাৰি উলিয়ালে। সেইমতে গৈ দলটো
যেতিয়া এজোপা গছৰ কাষ পালেগৈ তেতিয়া কোনোবা এজনে চিঞৰি উঠিল---
“এই জোপাচোন আমাৰ
মায়া লগা গছজোপা!”
“মায়া লগা?”
“হয় ছাৰ, আমি
এইজোপাক মায়া লগা বুলি কওঁ। আজিলৈকে এইজোপাক বেমাৰে একো কৰিব পৰা নাই।”
“এৰা, তেনেকৈও ক’ব
পাৰে। আমি প্রথমবাৰ ইয়ালৈ আহোঁতে বৰুৱাৰ লগত এই গছজোপাৰ বিষয়ে বহুত কথা পাতিছিলো।
তেতিয়াই অনুমান কৰিছিলো এইজোপা গছৰ কিবা গুণ আছে। এতিয়া দেখিছোঁ আমাৰ অনুমান
সচাঁ।”
ডঃশইকীয়াই একেথৰে
গছজোপালৈ চাই থাকিল। ইমান দিনে তেখেতে এনে এজোপা গছৰ সন্ধানত আছিল। আৰু আজি এয়া
সমুখত সেই গছজোপা। বহু পুৰণি অথচ নিৰোগী এজোপা গছ। কঁপা কঁপা হাতেৰে তেখেতে
গছজোপাৰ গাত হাতখন ফুৰাই দিলে।
“ইহঁতকেইটাই এই মায়া
লগা জোপাকে কাটিবলৈ ওলাইছিল। উঃ ভগবান, ৰক্ষা পৰিলি। ক’লৈ গলি। আহ, এইফালে আহ।
কাটিবি বুলি মনতে চিন্তা কৰিছিলি নহয়? এতিয়া ছাৰহঁতৰ ওচৰত ক্ষমা খোজ।” ৰাইজৰ এজনে
নির্দেশ দিলে।
হঠাৎ হোৱা এনে
পৰিস্থিতিৰ বাবে কোনো সাজু নাছিল। ল’ৰা দুজন হতভম্ভ হৈ পৰিল। দেখিলেই বুজা যায়
সিহঁত অনুতপ্ত। এখোজ-দুখোজকৈ সিহঁত আগবাঢ়ি আহি কিবা এটা ক’বলৈ লওঁতেই ডঃ শইকীয়াই
বাধা দি ক’লে---
“ৰাইজ, এওঁলোকৰ একো
দোষ নাই। ল’ৰা মানুহ। কথাবোৰ ভালদৰে নুবুজাৰ বাবেই এনে হৈছিল। আজিৰপৰা দুয়ো আমাৰ
সহযোগী হ’ল। এই আপুৰুগীয়া গছজোপাৰ সুৰক্ষাৰ দায়িত্ব এওঁলোকৰ। এইজোপাৰপৰাই আমি মৰি
অহা সোণতৰাৰ বাগিচাবোৰ আকৌ জীয়াই তুলিম। সোণবৰণীয়া সোণতৰা আকৌ জিলিকি উঠিব। এইবাৰ
জিলিকিব সেউজীয়া চাহ গছৰ মাজে মাজে।”
“ছাৰ, আমি সকলোৱেই
আপোনাৰ সহযোগী। এই আপুৰুগীয়া গছজোপাৰ দায়িত্ব আমি ৰাইজে ললো। টুনীৰাম বৰুৱাৰ বাৰীৰ
এইজোপা গছ আমাৰ অঞ্চলটোৰ সম্পত্তি হ’ল। আমি এই গুণী গছজোপাৰ কোনো অনিষ্ট হ’বলৈ
নিদিওঁ। ঐ ল’ৰাহঁত কি চাই আছ, যা বেগেতে যা। বাঁহ দুটা আন। আজিয়েই ভালকৈ জেওৰাখন
দি বেঢ়ি দিওঁ”।
ৰাইজৰ উলাহ দেখি ডঃ
শইকীয়া অভিভূত হৈ পৰিল। এই উল্লাসৰ মাজতে অতনু আৰু মণিকা লাহে লাহে গছজোপাৰ কাষলৈ
আগবাঢ়িল। দুয়োৰে হাতত সঁজুলি। তেওঁলোকে সংগ্রহ কৰিব সেই মায়া লগা গছজোপাৰ নমুনা,
য’ৰপৰা জন্ম দিব সোণতৰাৰ এটা নতুন প্রজাতিৰ। পুনৰ পাহাৰে-ভৈয়ামে জিলিকি উঠিব
সোণোৱালী সোণতৰা। চৌদিশে বিয়পি পৰিব সোণতৰাৰ মিঠা গোন্ধ।...
No comments:
Post a Comment