সেউজী ধৰণী
জৈৱিক কৃষিত ব্যৱহৃত কেইবিধমান সাৰ আৰু কীটনাশক
ৰুদ্র নাৰায়ণ বৰকাকতি
অতি প্ৰাচীন কালৰে
পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে ৷ ভাৰতীয় সভ্যতাৰ বাহক
বেদতো জৈৱিক কৃষিৰ বিষয়ে উল্লেখ আছে। এই ব্যৱস্থাত কৃষি ভূমিক এনে ধৰণে তৈয়াৰ কৰা হয় যে, ভূমিভাগ জীৱন্ত হৈ থকাৰ বাবে
জৈৱিক (উদ্ভিজ আৰু প্ৰাণীজ)পদাৰ্থৰ লগতে উপকাৰী অণুজীৱ (জীৱাণুসাৰ)ক সুস্থ পাৰিপাৰ্শ্বিক
ভাৰসাম্য ৰক্ষাৰ নিমিত্তে প্ৰয়োগ কৰা হয়। এই পৰম্পৰাগত কৃষি পদ্ধতিক
বিজ্ঞানৰ দৃষ্টিকোণেৰে পৰিশোধিত কৰি বৰ্ধিত জনগণক
অন্নৰ যোগান ধৰাৰ বিষয়েয়য়ে বর্তমান বিজ্ঞানীসকলে চিন্তা-চর্চ্চা কৰিছে। কাৰণ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে
বৃদ্ধি কৰা উৎপাদন ক্ষণস্থায়ী। তদুপৰি ৰাসায়নিক পদাৰ্থৰ লগত জড়িত হৈ থকা অশুভ দিশ সমূহ চালিজাৰি
নিৰীক্ষণ কৰিলে দেখা যায় আধুনিক কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ বিকল্প নাই। জৈৱিক কৃষি বুলিলে হোম কৃষি, জৈৱগতিবিদিয়
কৃষি, বৈদিক কৃষি, জীৱাণুসাৰ আৰু জৈৱ
কীটনাশক ব্যৱহৃত কৃষি, শস্যাকৰণ, শস্যাৱৰ্তন,
সেউজসাৰৰ ব্যৱহাৰ, ভূ-আচ্ছাদন আদিক বুজা যায়৷ অৱশ্যে
বৰ্তমান পৰিস্থিতিত শেষৰ দুটা অর্থাৎ সেউজসাৰৰ ব্যৱহাৰ আৰু ভূ-আচ্ছাদনহে অধিক প্ৰযোজ্য।অজৈৱিক সাৰৰ বিকল্পৰূপে তলত
উল্লেখ কৰা সাৰ কেইবিধ ব্যৱহাৰ কৰিব পৰা যায়ঃ-
১) পামসাৰঃ- গৰু, ম’হ, ছাগলী ইত্যাদিৰ গোবৰ, মুত্ৰ,
শস্যৰ খেৰ, অন্যান্য জাৱৰ-জোথৰ, শস্যৰ মুঢ়া, তুঁহগুড়ি আদিক সাৰ
হিচাপে শস্য ক্ষেত্ৰত প্ৰয়োগ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ।
২) পচনসাৰঃ- বাৰীৰ অলাগতীয়াল জৈৱিক সামগ্ৰী যেনে:- গছৰ পাত, শাক-পাচলি,
ফল-মূলৰ বাকলিকে ধৰি অন্যান্য জাৱৰ-জোথৰ এটা গাঁতত জমা কৰি পচিবলৈ
দি ইয়াক শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। পচনসাৰে মাটিৰ পানী ধাৰণ ক্ষমতা
বৃদ্ধি কৰে যাৰ বাবে মাটিডোখৰ জীপাল হোৱাৰ লগতে ভূমিত থকা উপকাৰী জীৱাণু বৃদ্ধি তথা সক্ৰিয় কৰে। পচনসাৰ
প্রয়োগ কৰা মাটিত বায়ু চলাচলৰ ক্ষমতা বাঢ়ি যায়
আৰু মাটি ডোখৰ প্ৰদূষণমুক্ত
হোৱাত সহায় কৰে।
৩) সেউজসাৰঃ- বিভিন্ন মাহজাতীয়
শস্য, ধইনচা
বা খৰিমৰা, শণ, মেডেলুৱা আদি
উদ্ভিদক সেউজসাৰৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি।
২) কেঁচুসাৰঃ- কিছুমান অতিশীঘ্ৰে
বৃদ্ধি ঘটা কেঁচুক সাৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। জৈৱিক আৱৰ্জনাৰে গাঁত ভৰ্তি
কৰি নিৰ্দিষ্ট প্ৰজাতিৰ কেঁচু এৰিলে ৫০-৬০ দিন মানৰ ভিতৰত সাৰ প্ৰস্তুত হৈ উঠে।
৩) জীৱাণুসাৰঃ- মাটিৰ উৰ্বৰতাবৰ্ধক অণুজীৱ যেনে- ৰাইজ’বিয়াম, এজট’বেক্টৰ, এজ’স্পাইৰিলাম, এজলা, নীল-সেউজ
এলগী, মাইক’ৰাইজা ইত্যাদিক ব্যৱহাৰ কৰা হয়।
জৈৱিক কৃষিত ৰোগে আক্ৰমণ কৰাৰ পাছত প্ৰতিকাৰ কঠিন হৈ পৰে, সেয়েহে
প্ৰতিষেধকেই উদ্ভিদ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। জৈৱিক কৃষিত বিশেষকৈ,- (১) উদ্ভিদৰ
ৰোগাক্ৰান্ত অংশ বৰ্জন, (২) বনবাত নিৰাই পৰিচ্ছন্নতাৰে কৃষি
কৰ্ম পালন, (৩) সুস্থ-সুবীজ বাচনি, (৪)
শস্যাকৰণ, (৫) শস্যাৱৰ্তন, (৬)
কীট-পতংগক হাতেৰে বা ফাণ্ডেৰে ধৰি নিয়ন্ত্ৰণ আৰু (৭) জৈৱিক কীটনাশকৰ ব্যৱহাৰ আদি
দিশ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। [আধিক তথ্যৰ বাবে: http://www.sadik2crs.blogspot.in/2013/06/pest-management-in-organic-farming.html]
জৈৱিক কৃষিত শস্য ৰক্ষাৰ বাবে উপকাৰী বেক্টেৰিয়া, ভাইৰাচ,
উদ্ভিজ ৰসায়ন ব্যৱহাৰ হয় ৷ বেক্টেৰিয়াৰ ভিতৰত বেচিলাচ থুৰিজিয়েনচিচ
(বিশেষকৈ পখিলাজাতীয় পতংগৰ বিৰুদ্ধে), ভেঁকুৰৰ ভিতৰত
বিউভেৰিয়া বেচিয়ানা, ট্ৰাইক’ডাৰ্মা,
ভাইৰাচৰ ভিতৰত এন. পি. ভি. আৰু উদ্ভিজ ৰসায়ন বুলিলে নিম আৰু ধপাতৰ নিষ্কাসক শস্য ৰক্ষাৰ নিমিত্তে
ব্যৱহাৰ কৰা হয়৷ গো-কেন্দ্ৰিক পৰম্পৰাগত আৰু
বৈজ্ঞানিক দৃষ্টিৰে পৰিশোধিত জৈৱিক পদাৰ্থ থলুৱাভাৱে উপলব্ধ আৰু কম খৰছী বস্তুবোৰক কীটনাশক বা কীট
বিকৰ্ষক ৰূপে জৈৱিক কৃষিত ব্যৱহাৰ কৰিব পাৰি। এইবোৰ মানৱ স্বাস্থ্যৰ বাবে অপকাৰী আৰু পৰিবেশৰ দৃষ্টিকোনেৰে
নিৰাপদ। তলত এনে কিছুমান কীট তথা বীজাণুনাশকৰ বিষয়ে চমুকৈ উল্লেখ
কৰা হ’ল:-
(ক)
বীজামৃতঃ- ইয়াক বীজ শোধনৰ নিমিত্তে ব্যৱহাৰ কৰা হয়৷ ইয়াত ৫ লিটাৰ গোমুত্ৰ, ৫ কিলোগ্ৰাম
গোবৰ, ১০০ গ্ৰাম জীৱিত মাটি আৰু ২০০ গ্ৰাম গুড় ২০ লিটাৰ পানী মিহলাত মিহলাই মিশ্ৰণটো ২০ দিনলৈ থৈ পাছত মাটিত প্ৰয়োগ কৰিলে ভূমিজ
উপকাৰী জীৱাণু বাঢ়ে আৰু অপকাৰী বীজাণু হ্ৰাস পায়৷
(খ)
জীৱামৃতঃ- ১ লিটাৰ গোমুত্ৰ, ১ কিলোগ্ৰাম গোবৰ, ১
লিটাৰ গাখীৰ আৰু ২৫০ গ্ৰাম চূণক ১০০ লিটাৰ পানীৰে সৈতে মিহলাই এই মিশ্ৰণ ১০ দিনলৈ
বন্ধ পাত্ৰত থৈ এই দ্ৰৱণত বীজ শোধন কৰি ছাঁত শুকুৱাই
সিঁচিব লাগে।
(গ)
গোমুত্ৰঃ- এপষেক পুৰণি ১ লিটাৰ গোমুত্ৰৰ লগত ১০ লিটাৰ পানী মিহলাই গছৰ পাতত প্ৰয়োগ
কৰিলে, কীট
পতংগ বিকৰ্ষিত হয়।
(ঘ)
পঞ্চগব্যঃ- ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণ সমূহ হ’ল,- চাৰি লিটাৰ গোবৰৰ পংক, ২ কিলোগ্ৰাম সতেজ গোবৰ,
৩ লিটাৰ গোমুত্ৰ, ২ লিটাৰ গাখীৰ, ২ লিটাৰ দৈ আৰু ১ কিলোগ্ৰাম দেশী ঘী। এই
সামগ্রীখিনি উল্লেখ কৰা অনুপাতত মিহলাই এটা মিশ্রণ প্রস্তুত কৰি মিশ্ৰণটো ১০-১৫ দিনলৈ এটি পাত্ৰত
বায়ুৰুদ্ধকৈ ভৰাই ৰ’দ পৰা স্থানত ৰাখিব লাগে৷ প্ৰত্যেক দিনা
পুৱাবেলা মিশ্ৰণটো লৰাই থাকিব লাগে৷ ১০ শতাংশ শক্তিৰ এই মিশ্ৰণে বিকৰ্ষক ৰূপে কাম
কৰে।
(ঙ) আগ্নেয়াস্ত্ৰঃ- মিহিকৈ কুটা ১ কিলোগ্ৰাম আইপ’মিয়া (কলমৌ) অপতৃণ, ৫ কিলোগ্ৰাম
ঘোৰা নিমৰ পাত আৰু ১০ কিলোগ্ৰাম গোমুত্ৰক ১০ লিটাৰ পানীত মিহলাই, থেতেলিওৱা ৫০০ গ্ৰাম জলকীয়া আৰু ৫০০ গ্ৰাম নহৰু সংযোগ কৰি এই মিশ্ৰণটো উতলাই আধা পৰিমানৰ কৰিব লাগে৷
এই দ্ৰৱণৰ ১০ মিলিলিটাৰৰ লগত ২০০
মিলিলিটাৰ পানী মিলাই ছটিয়ালে পাত ফুটা কৰা আৰু পাত মেৰিওৱা পোকৰ আক্ৰমণৰ পৰা উপশম
পাব পাৰি।
বিজ্ঞানী,কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট অসম
কৃষি বিশ্ববিদ্যালয়
ম'বাইল::৯৪০১৩২০৫১২
No comments:
Post a Comment