সেউজী ধৰণী
সোণতৰাৰ মিঠা গোন্ধ
(দ্বিতীয় ভাগ)
[অসমৰ ভিতৰুৱা অঞ্চল এটাৰ পৰা সংগ্রহ কৰা ছেম্পলখিনিৰ
মাজত বাংগালোৰুৰ গৱেষণা কেন্দ্রৰ মণিকা ৰংগস্বামীয়ে ছাইট্রাছ মেণ্ডাৰিন গ্রুপৰ ৰে’ট-ই-কিউলেটাৰৰ খুব
ওচৰৰ প্রজাতি এটা পোৱাৰ সম্ভাৱনীয়তা বিষয়ে ডঃ শইকীয়াক জানিবলৈ দিয়ে। এই বাতৰি পাই সহযোগী
অতনু খৰধৰকৈ আহি তেখেতৰ কাষ পাইহি। তাৰ পাছত...]
ডঃ চাদিকুল হুছেইন
“ছাৰ, এইমাত্র
মণিকাৰ ফোন পালো। মেইল খুলিলে নেকি ?”
---খৰধৰকৈ সোমাই অহা অতনুৰ মাতত ডঃ শইকীয়া যেন
সাৰ পাই উঠিল।
“তুমি খবৰ পালা ?
আহা মেইলটো চাওঁ।”
ডঃ শইকীয়াই অতনুক
লগত লৈ নিজৰ কম্পিউটাৰটো অন কৰি মেইলটো বিচৰাত লাগিল। কাৰো মুখত মাত নাই। চকু
স্থিৰ হৈ আছে কম্পিউটাৰৰ স্ক্রিনত। যিকোনো মুহূর্ততে তেওঁলোকৰ হাতত পৰিবহি বহু
আকাংক্ষিত এটা তথ্য। এটা সপোনক দিঠকত পৰিণত কৰাৰ এপাট চাবি। তাৰ পাছত আৰু কেইটামান
ঢাপ আগুৱাব পাৰিলেই আঁচনি অনুযায়ী লাভ কৰিব এবিধ নতুন ক্ল’ন। ইয়াৰ পাছত এইবিধ
ক্ল’ন বিয়পি পৰিব সমগ্র উত্তৰ-পূব ভাৰতত। পুনৰ ঠন ধৰি উঠিব মৰি অহা বাগিচাবোৰ।
সোণতৰাৰ মিঠা গোন্ধে চৌদিশ পুনৰ আমোলমোলাই তুলিব।
“অতনু, দেখিছা। মই
ঠিক অনুমান কৰিছিলো। আচলতে তুমিহে মোক এইদৰে ভাবিবলৈ বাধ্য কৰিলা।”---মণিকাৰ মেইলটো
পঢ়ি ডঃ শইকীয়া কৈ উঠিল।
“মই?”--- একো বুজিব
নোৱাৰি অতনুৱে ডঃ শইকীয়ালৈ চাই থাকিল।
“তুমি যে এবাৰ
হাফলঙৰপৰা আহোঁতে সুধিছিলা নাগপুৰ মেণ্ডাৰিন আছে, খাছী মেণ্ডাৰিন আছে অথচ অসমত
ইমান সুমথিৰা উৎপাদন হয় যদিও অসম মেণ্ডাৰিন নাই কিয়?”
“মই ছাৰ ধেমালিতে
কৈছিলো। একো ভাবি কোৱা নছিলো।”--- বহুত দিনৰ আগেয়ে ধেমালিতে কোৱা কথাষাৰ মনত পৰাৰ
লগে লগে অতনু অপ্রস্তুত হৈ পৰিল।
“তুমি ঠিকেই
ভাবিছিলা। তুমি বাৰু লক্ষ্য কৰিছানে অসমৰ এটা অঞ্চলৰ সুমথিৰা আন এটা অঞ্চলতকৈ অলপ
হ’লেও বেলেগ। এই বিষয়ে অধ্যয়ন কৰিলে হয়তো অসমৰ ভিতৰতে বহুকেইটা জাত পাব পাৰোঁ।
আনকি ছাইট্রাছৰ নতুন প্রজাতি পোৱাৰ সম্ভাৱনাও আছে। আৰু মণিকাৰ ৰিজাল্টৰপৰা মোৰ
অনুমান সঁচা যেনেই লাগিছে।”
“ছাৰ, এই
ডাটাখিনি...?”
“অ’, তোমাক এদিন
ছফটৱেৰ এটাৰ কথা কৈছিলো। মনত আছেনে? ডঃ মিলাৰ নামৰ এজনে জেনেটিক ডাটা বিশ্লেষণ
কৰাৰ বাবে উদ্ভাৱন কৰিছে। মই মণিকাক এই ছফটৱেৰটোৰ কথা কৈছিলো। তাই সেইটো সংগ্রহ
কৰিলে। অকল সংগ্রহ কৰাই নহয়, সেইটো ব্যৱহাৰ কৰিয়েই ইমান সোনকালে এই ফলখিনি পালে।
নহ’লে আমাৰ বহুত সময় লাগিলহেঁতেন। এয়া চোৱা এইখিনি জেনেটিক মেট্রিক্স...।”এইবুলি
ডঃ শইকীয়াই কম্পিউটাৰৰ স্ক্রিনত জিলিকি থকা সংখ্যাবোৰ দেখুৱাই অতনুক কৈ গ’ল।
মণিকাৰপৰা অহা
ৰিজাল্টখিনিৰ বাবে অতনুৰ যিমান আনন্দ লাগিল তাতকৈ বেছি আনন্দ লাগিল ডঃ শইকীয়াৰ
জিলিকি উঠা চকুহাললৈ চাই। মানুহজনে যেন ঈপ্সিত ফল বিচৰি পালে। তেখেতে বিশ্বাস
কৰিছিল যে অসমৰ বুকুত এতিয়াও অনেক উদ্ভিদ প্রজাতি আছে; যিবোৰ এতিয়াও আবিষ্কাৰ হোৱা
নাই। এই বিশ্বাস আৰু দৃঢ় হ’ল যেতিয়া দেখিলে আজিও অসমৰ পাহাৰে-ভৈয়ামে অজস্র প্রকাৰৰ
ফলমূল সিঁচৰতি হৈ আছে। সুমথিৰাত দেখা দিয়া এই ব্যাধি নিবাৰণৰ উপায় বিচাৰি বিভিন্ন
অঞ্চল ঘূৰি ফুৰোঁতে তেখেতে বহুতো লুপ্তপ্রায় প্রজাতিৰ সম্ভেদ পালে। ষষ্ঠ ইন্দ্রিয়ই
যেন তেখেতক কৈ গ’ল- ‘এই প্রজাতিবোৰৰ মাজতে ব্যাধি নিবাৰণৰ উপায় লুকাই আছে।’ এনে
এটা ধাৰণাৰে তেখেতে এটা প্রজেক্ট প্রস্তুত কৰিলে। সহযোগী হিচাপে অতনু আহিল। তাৰ
পাছত আহিল মণিকা। প্রজেক্টৰ কাম দ্রুত গতিত আগবাঢ়িল। আৰু আজি এয়া মণিকাৰ পৰীক্ষাই
সম্ভেদ দিছে ছাইট্রাছ ৰে’ট-ই-কিউলেটাৰৰ খুব ওচৰৰ এটা নমুনা।
“এই যে ডেণ্ডগ্রামৰ
ৰিজাল্টখিনি দেখিছা সেইখিনিৰপৰা আমাৰ নমুনাবিধ আনবোৰ নমুনাতকৈ জিনীয়ভাৱে কিমান
আঁতৰত আছে বুজিব পাৰি। তুমি প্রিন্ট এটা লোৱা আৰু নমুনাখিনি ডিক’ড কৰা। তেতিয়া
ভালদৰে বুজিব পৰা যাব। অ’, লগতে নমুনাখিনিৰ ডিজিজ ৰিয়েকশ্যন কেনেকুৱা তাৰ
ডাটাখিনিও আনা।” উত্তেজিতভাৱে কথাখিনি কৈ ডঃ শইকীয়াই অতনুক চকীখন এৰি ছিগাৰেট এটা
জ্বলাই ললে। অতনুৱে কাগজ আনি প্রিণ্ট লোৱা চাই চাই তেখেত পুনৰ ভাব ৰাজ্যত বুৰ
গ’ল...
...বহু বছৰৰ আগৰ
কথা। কিন্তু এতিয়াও তেখেতৰ মনত সেই ছবি সজীৱ হৈ আছে। চকু মুদিলেই সেই দৃশ্য চকুৰ
আগত জিলিকি উঠে। কিমান বয়স হৈছিল বাৰু তেতিয়া তেখেতৰ ? ডঃ শইকীয়াই চিন্তা কৰি
চালে। মনত নপৰিল। কেৱল এটা কথাই মনত পৰিল। পোহৰ হ’বলৈ তেতিয়াও বহুত সময় বাকী থাকে।
তেনেকুৱা সময়তে এটা নির্দিষ্ট লয়ত বাজি যোৱা টিলিঙাৰ শব্দত তেওঁ টোপনিৰপৰা সাৰ পাই
উঠে। বুজি উঠে- এশাৰী গৰুগাড়ী লাহে লাহে তেওঁলোকৰ পদূলি পাৰ হৈ গৈ আছে। তাৰ বহুত
পাছত আজানৰ মাত এটা ৰৈ ৰৈ ভাহি অহা শুনিবলৈ পায়। সন্ধিয়া বগলীজাক ওচৰৰ বাঁহনিখনলৈ
উৰি অহাৰ সময়ত গৰুগাড়ীৰ শাৰীটো উভতি আহে। এই সময়টোলৈ চুবুৰিটোৰ সৰু ল’ৰা-ছোৱালীজাক
অধীৰ অপেক্ষাৰে ৰৈ থাকে। কাৰণ গৰুগাড়ীবোৰে কঢ়িয়াই আনে দেখিলেই লোভ লগা সোণ বৰণীয়া
ৰসাল সুমথিৰা। চিনাকি হৈ পৰা গাৰোৱান ককাইহঁতে গাড়ীবোৰ খন্তেক ৰখাই
ল’ৰা-ছোৱালীবোৰক এটোম সুমথিৰা দি যায়। ল’ৰা-ছোৱালীহঁতৰ কি যে আনন্দ ! এবাৰ এজনে
তেওঁক পাত আৰু ঠাৰিৰে সৈতে সুমথিৰা এটা দিছিল। সেই টেঙাটো কেইবাদিনলৈ পঢ়া টেবুল
সন্মুখৰ বেৰত তেনেকৈয়ে ওলোমাই থৈ লমালমে লাগি থকা সুমথিৰাৰ গছ এজোপা কল্পনা কৰি
কিমান যে ভাল পাইছিল! তাৰ বহুত দিনৰ পাছত তেওঁ সুমথিৰা বাগিচা এখন দেখিছিল।
বছৰেকীয়া পৰীক্ষাৰ শেষত এদিন সহপাঠী টংকেশ্বৰৰ লগত সিহঁতৰ সুমথিৰা বাগিচাখন চাবলৈ গৈছিল।
বাগিচাখন পোৱাৰ বহুত আগৰেপৰা বতাহত এটা মিঠা গোন্ধ পাই আহিছিল। কেতিয়াও নোপোৱা এই
মিঠা গোন্ধটো কিহৰ বুলি সুধিলত টংকেশ্বৰে হাঁহি হঁহি কৈছিল-“সোণতৰা চাবলৈ আহিছ আৰু
সোণতৰাৰ গোন্ধকে চিনি নাপাৱ?” “সোণতৰা?”-“এঃ অঁকৰাটো। সোণতৰা মানে সুমথিৰা
বুজিলি।” তাৰ পাছত কৈছিল এইখন তাৰ ককায়েকৰ বাগিচা। তাৰ বাগিচাখন অলপ আঁতৰত আছে।
এতিয়াও ফল লগা নাই। অৱশ্যে মেট্রিক পৰীক্ষা দিয়াৰ আগে আগে ফল বেচিব পৰা হ’ব। ...টংকেশ্বৰৰ
নিজা বাগিচা ! তেওঁ আচৰিত হৈ গৈছিল। কিন্তু তাতকৈয়ো আচৰিত হৈছিল যেতিয়া কাষতে থকা
গুণীনে ক’লে---“তাৰ পাছতে টংকেশ্বৰৰ বিয়া।”...কি? একো উত্তৰ নিদি গুণীনে কিৰীলি
এটা মাৰি দিলে। তাকে শুনি টংকেশ্বৰে লাজকুৰীয়া হাঁহি এটা মৰা দেখি তেওঁ একো নুবুজি
হাঁহিত যোগ দিছিল। এতিয়া মনত পৰাত অজনিতে হাঁহি এটা তেওঁৰ মুখত যেন বিৰিঙি উঠিল।
“ছাৰ, এইখিনি লওক।”
ডঃ শইকীয়াক অন্যমনস্কভাৱে কিবা ভাবি থকা দেখি অতনুৱে লাহেকৈ মাত লগালে।
“অঁ, অঁ, দিয়া।”
স্বাভাৱিক হ’বলৈ যত্ন কৰি ডঃ শইকীয়া কাগজখিনি লৈ কাষৰ চকিখনত বহি পৰিল।
“ছাৰ, আপুনি
কাগজখিনি চাওক। মই ফাইলকেইটা আনোগৈ।” অতনু নিজৰ ছেম্বাৰলৈ আগবাঢ়িল।
হাতত থকা প্রিণ্ট আউটখিনিত চকু ফুৰাই ডঃ শইকীয়াই
বুজিলে এম আৰ ছিৰিজৰ এটা নমুনা নিশ্চয় বেলেগ। হয়তো নেচাৰেল হাইব্রীড। তেখেতৰ মনটো
আনন্দত নাচি উঠিল। তাহানিতে দেখা টংকেশ্বৰৰ বাগিচাখনলৈ মনত পৰিল। কিমান ধুনীয়া
আছিল বাগিচাখন! কেৱল সেইখনেইনে? তেখেতসকলৰ সৰু নগৰখনৰ চাৰিওকাষে থকা গাঁওবোৰত
বহুতো সুমথিৰা বাগিচা আছিল। জিলাখনৰ ভিতৰুৱা অঞ্চলৰ ওখ মাটিত হেনো কেৱল সুমথিৰা
বাগিচাহে আছিল। মাজে মাজে কিছুমান ঠাইত অৱশ্যে কুহিঁয়াৰ খেতি আছিল। সেইবোৰ নেপালী
লোকসকলেহে বেছিকৈ কৰিছিল। অঞ্চলটোৰ সুমথিৰা ৰাজ্যৰ বাহিৰলৈকো গৈছিল। তেনে একোখন
বাগিচাৰপৰা কিমান লাভ হৈছিল সেইটো মালিকজনৰ পদূলিত থিয় হ’লেই অনুমান কৰিব পৰা
গৈছিল। প্রতিজনৰ পদূলিতে আছিল লোহাৰ জপনাৰে সৈতে একো একোখন সুবিশাল পকী তোৰণ। খুব
কম লোকৰ ঘৰতহে বাঁহৰ নঙলা দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত এটা দীঘলীয়া বাট। দুকাষে
পাণ বগাই থকা তামোলগছৰ শাৰী। মূল ঘৰৰ সন্মুখত এখন পৰিষ্কাৰ চোতাল। দেখিলেই গৃহস্থৰ
আর্থিক অৱস্থাৰ লগতে ৰুচিবোধৰ পৰিচয় পোৱা গৈছিল। বৰ সুখেৰে আছিল মানুহবোৰ !
কিন্তু লাহে লাহে যেন বাগিচাবোৰত ফল কমকৈ লাগিবলৈ ধৰিলে। কিছুমান গছ ক্রমে মৰি
আহিল । প্রথমে অ’ত-ত’ত দেখা দিয়া এই ব্যাধি লাহে লাহে এটাৰ পাছত আন এটা অঞ্চললৈ
বিয়পিবলৈ ললে। মানুহবোৰ বিবুধিত পৰিল। নিজা বিচাৰ-বুদ্ধিৰে ব্যৱস্থা লৈ হতাশ হ’লত
চৰকাৰী সহায় বিচাৰিলে। কিন্তু চৰকাৰী দিহা-পৰামর্শয়ো বিশেষ কাম নিদিলে। মানুহখিনিৰ
আর্থিক অৱস্থা লাহে লাহে পৰি আহিল। এই অচিন ব্যাধিৰ প্রভাৱ কেৱল আর্থিক দিশতে
আৱদ্ধ নাথাকিল; তেওঁলোকৰ কৌটিকলীয়া কৃষ্টিৰ ওপৰতো পৰিল। যৌৱনত ভৰি দিয়েই একো একোখন
ভৰপূৰ বাগিচাৰ গৰাকী হৈ সাংসাৰিক জীৱনৰ পাতনি মেলা টংকেশ্বৰহঁতৰ সামাজিক পৰম্পৰাতো
এই ব্যাধিয়ে আঘাত হানিবলৈ ধৰিলে। আজি টংকেশ্বৰ-গুণীনহঁতৰ ল’ৰাকেইটাৰ আত্মনির্ভৰশীল
হ’ব পৰাকৈ সুমথিৰা বাগিচা এখন নাই। উপার্জনৰ আন পথ প্রায় ৰুদ্ধ। সেয়েহে ৰুগীয়া
বাগিচাত কুঠাৰৰ ঘাপ দি চাহপুলি ৰুই স্বাৱলম্বী হ’বলৈ আগবাঢ়িছে। এইদৰে প্রায় তিনি
দশকৰ আগেয়ে দেখা দিয়া এই ব্যাধিয়ে মানুহখিনিৰ জীৱনৰ প্রতিটো দিশ চুই যাবলৈ ধৰিলে।
কিন্তু এই অৱস্থা অব্যাহত থাকিলে অচিৰেই সোণতৰাৰ লগতে আন বহুতো প্রকৃতিপ্রদত্ত
সম্পদ চিৰদিনৰ বাবে হেৰুৱাব লাগিব। এনে অৱস্থাৰ সমাপ্তি ঘটিবই লাগিব। তাৰ বাবে ডঃ
শইকীয়া আৰু তেখেতৰ সহকর্মীসকল বদ্ধপৰিকৰ। তেওঁলোকে বিচাৰে ঠন ধৰি উঠা চাহ বাগিচাৰ
মাজে মাজে সোণবৰণীয়া সোণতৰাও জিলিকি পৰক। এটি কলি দুটি পাতৰ লগতে বোপাককাৰ দিনৰ
সোণতৰাও বিৰতি নপৰাকৈ বছৰজোৰা উপার্জনৰ পথ মোকলাই দিয়াত সহায়ক হওক। মানুহখিনি পুনৰ
আর্থিকভাৱে সবল হৈ উঠক।
PartIII_http://sadik2crs.blogspot.in/2014/01/blog-post_22.html
No comments:
Post a Comment