Thursday 5 September 2013

মাজুলীৰ আন এক সমস্যা---হাতীপোক: White grubs ( Lepidiota mansueta )


সেউজী ধৰণী

হাতীপোক--- মাজুলীৰ আন এক সমস্যা
° ছাদিকুল হুছেইন


প্ৰথমে নিউজ চেনেলৰ বাতৰিৰ যোগেদি আৰু তাৰ পাছত কাকতত পঢ়ি জানিব পাৰিলো যে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নদী-দ্বীপ মাজুলীত এবিধ নতুন কীটৰ সন্ধান পাইছে যিবিধৰ পলুয়ে মাটিৰ তলত লুকাই থাকি শস্যৰ অনিষ্টকাৰীসাধন কৰেলগতে এইটোও জানিব পাৰিলো যে বিজ্ঞানীসকলে ইতিমধ্যে এইবিধ কীটৰ নিয়ন্ত্ৰণ ব্যৱস্থাও যুগুতাই উলিয়াইছে

বিভিন্ন ৰবি শষ্যৰ বাবে মাজুলী অসম বিখ্যাত আনহাতে প্ৰ্তি বছৰে বানপানীয়ে জুৰুলা কৰা মাজুলীবাসীৰ সমস্যাৰ বিষয়েও আমি সকলো জ্ঞাতছৰৰ প্ৰায় ছমাহ বানপানীৰ কবলত থকা মাজুলীৰ প্ৰ্ধান শস্য হ:- মাহ, সৰিয়হ, আলু, কচু, বিভিন্ন শীতকালিন শাক-পাচলি, কুঁহিয়াৰ আদি বানপানীৰ শেষত অতি কষ্টৰে কৰা এনেবোৰ শষ্যৰ খেতিত কীট-পতংগই দেখা দিলে কৃষকৰ কেনে সমস্যা হব সেয়া সহজে অনুমেয় সেয়ে এই বাতৰিয়ে আমাক বিশেষভাবে উৎসাহিত কৰে সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰি জনিব পাৰিলো যে যিবিধ নতুন কীট মাজুলীত পোৱা গৈছে সেইবিধৰ বৈজ্ঞানিক নাম Lepidiota mansueta ইংৰাজীত কোৱা হয় White grubs মাটিৰ ভিতৰত লুকাই থকা হাতীৰ শুৰৰ আকাৰৰ পলুটোলৈ লক্ষ্য কৰি অসমীয়া নাম দিয়া হৈছে হাতীপোক এইবিধ কীটৰ উপদ্ৰৱৰ বাবে নদী-দ্বীপটোৰ এক বিস্তৃত অঞ্চলৰ কৃষক বহুত দিনৰ পৰা চিন্তিত হৈ আছে অনেক চেষ্টাৰ পাছতো কীটবিধ দমন কৰিব নোৱাৰি দিহা-পৰামৰ্শ বিচাৰি তেওঁলোকৰ কেইজনমান অসম কৃষি বিশ্ববিদ্যালয়ৰ কাষ চাপে বিশ্ববিদ্যালয়ে কৃষকসকলৰ এই সমস্যাৰ বিষয়ে জনিব পাৰি প্ৰাৰম্ভিক অধ্যয়নৰ বাবে বিজ্ঞানীৰ দল এটা মাজুলীলৈ প্ৰেৰণ কৰেইতিমধ্যে ভূ-গৰ্ভত থকা কীটৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে এটা প্ৰকল্প লাভ কৰিছিল প্ৰাৰম্ভিক অধ্যয়নৰ ফলাফলখিনি ফঁহিয়াই চাই উক্ত প্ৰকল্পৰ অধীনত মাজুলীৰ কীটবিধ অধ্যয়ন কৰিবলৈ বিজ্ঞানীসকলে কৰ্মসূচী প্ৰস্তুত কৰেসেয়া ২০০৫ চনৰ কথা এতিয়া প্ৰায় সাতবছৰৰ পাছত বিজ্ঞনীসকলে কীটবিধৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হৈছে যিখিনি পুস্তিকাৰ আকাৰে প্ৰকাশ কৰি উলিয়াইছে ইংৰাজীত প্ৰকাশ কৰা এই পুস্তিকাখনিৰ কথাখিনি জুকিয়াই চালে এনে হ:-

গুবৰুৱা জাতীয় এইবিধ কীট ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যতে পোৱা যায় যদিও যোৱাটো শতিকাৰ ষাঠি দশকত উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিত দেখা দিয়াৰ পাছৰে পৰা কীটবিধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ লয় মাটিৰ তলত লুকাই থাকি কুঁহিয়াৰৰ লগতে আন বহুতো শস্যৰ অনিষ্টসাধন কৰা কীটবিধক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ কীট হিচাবে গণ্য কৰি ১৯৮০ চনত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনত গৱেষণাৰ কাম-কাজ আৰম্ভ হয় দশম পঞ্চম-বাৰ্ষিক পৰিকল্পনাত উত্তৰ-পূৱ ভাৰতলৈ এই গৱেষণাৰ কাম-কাজ প্ৰসাৰ কৰি পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ত এটা কেন্দ্ৰ স্থাপন কৰে বৰ্তমান এই প্ৰ্কল্পৰ অধীনত হাতীপোক নামৰ কীটবিধকলৈ অসমৰ এচাম যুৱ বিজ্ঞানী ব্যস্ত আছে তেওঁলোক : ° বাদল ভট্টচাৰ্য, দ্বিবেন পূজাৰী আৰু গৌতম সন্দিকৈ অতি নিৰৱে আগবঢ়া এই প্ৰকল্পৰ কাম-কাজ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ  প্ৰশংসিত হৈছে আৰু “AAU White grub project has conducted world class research with excellent collaboration. This centre has done quite a lot to unravel the bionomics of L .mansuetaবুলি কৃষি অনুসন্ধান পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান (শস্য ৰক্ষা) Dr. T.P. Rajendran দেৱে মত পোষ কৰিছে আনহাতে এই প্ৰকল্পৰ সহযোগী হৈ পৰা জাপানৰ বিজ্ঞানী Dr. Seiji Tanaka মতেThe research is very impressive and I learned a lot হয়, পুস্তিকাখনি পঢ়ি বুজিব পাৰিছো যে ড° বাদল ভট্টচাৰ্য আৰু তেওঁৰ সহযোগী সকলে অতি নিষ্ঠাৰে এই প্ৰকল্পৰ কামত আগবাঢ়িছে ,যাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ এই গৱেষণা আন্তৰ্জাতিক মানদণ্ডৰ হৈ উঠাৰ লগতে মাজুলীৰ দৰে এক সমস্যা বহুল অঞ্চলৰ কৃষকলৈ আশাৰ বাতৰি কঢ়িয়াই আনিছে

এতিয়া চাওঁ এই গৱেষণাৰ সদ্য প্ৰকাশিত(২০১৩,জুলাই) ফলাফল সমূহলৈ হাতীপোক নামৰ এই কীটবিধ ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত পোৱা যায় যদিও মাজুলীত দেখা দিয়া বিধ আনবোৰতকৈ বহুকেইটা দিশত সুকীয়া এই হাতীপোকবিধৰ জীৱন কাল প্ৰায় দুবছৰ এই সময়চোৱা ইহঁত মাটিৰ তলত থাকে এপ্ৰিল-মেমাহত পূৰ্ণাংগ কীটটো সন্ধিয়া অতি কম সময়ৰ বাবে মাটিৰ তলৰপৰা বাহিৰলৈ ওলাই আহে আৰু জোৰা পাতে তাৰ পাছত ইহঁত পুনৰ মাটিৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু এসপ্তাহ মানৰ পাছৰপৰা কণী পাৰিবলৈ আৰম্ভ কৰে দুসপ্তাহ মানৰ পাছত কণী ফুটি পলুবোৰ ওলায় প্ৰায় দুবছৰকাল পলুবোৰ মাটিৰ তলত থাকি পূৰ্ণাংগ কীটলৈ ৰূপান্তৰিত হৈ এপ্ৰিল-মেমাহত পুনৰ বাহিৰলৈ ওলাই জোৰা পাতেএইদৰে কীটবিধে প্ৰায় দুবছৰত এটা জীৱন-চক্ৰ সম্পূৰ্ণ কৰে(চিত্ৰ-) এই দীঘলীয়া সময়চোৱাত কেৱল পলুবোৰেহে খাদ্য হিচাপে কিছুমান শস্য গ্ৰহ কৰে; পূৰ্ণাংগ কীটটোৱে কোনো শস্য গ্ৰহণ নকৰে পঞ্চাছবিধ শস্য আহাৰ হিচাপে যোগান ধৰি দেখা গৈছিল যে পূৰ্ণাংগ কীটটোৱে কোনো এবিধকে আহাৰ হিচপে গ্ৰহ কৰা নাইইহঁতৰ মুখৰ বিভিন্ন অংগ আৰু খাদ্যনলী পৰীক্ষা কৰি নিশ্চিত হব পৰা গৈছে যে এইবিধ হাতীপোকৰ পূৰ্ণাংগ ৰূপটো তৃণভোজী নহয়পূৰ্ণাংগ কীটবিধৰ এনে আচৰণ হাতীপোকৰ আন কোনো প্ৰজাতিত দেখা নাযায়, যাৰ বাবে মাজুলীৰ হাতীপোকৰ প্ৰজাতিটোৱে বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে আনহাতে দেহত থকা এক বিশেষ আকাৰৰ শ্বাসৰন্ধ্ৰৰ বাবে বাৰিষা পলুবোৰ পানীৰ তলত থকা সম্ভৱ হৈছে (চিত্ৰ ২)

চিত্র-১

পলু
চিত্র-২







প্ৰাদুৰ্ভাৱৰ সাম্ভাৱ্য কাৰণ সমূহ:-
·                   মাটিত অধিক পৰিমাণৰ জৈৱিক পদাৰ্থৰ উপস্থিতি
·       প্ৰাদুৰ্ভাৱ ঘটা অঞ্চলত অধিক পৰিমাণৰ খেৰ, ঘাঁহ-বন আদিৰ উপস্থিতি
·                 পৰিভ্ৰমী পক্ষীৰ সংখ্যা ক্ৰমে কমি অহা
·         পূৰ্ণাংগ কীট মাটিৰ তলৰ পৰা ওলোৱা সময়ত পতংগভোজী চৰাইৰ অবৰ্তমান
·       চৰণীয়া পথাৰবোৰ কৃষিভূমি লৈ পৰিবৰ্তন হোৱা

 নিয়ন্ত্ৰণ ব্যৱস্থা:-

পোহৰৰ ব্যৱস্থাৰে পূৰ্ণাংগ কীটবিধ আকৰ্ষিত কৰি নাইবা অন্য উপায়েৰে সংগ্ৰহ কৰি ইহঁতৰ সংখ্যা কম কৰিব পৰা যায়
 
 


সংগ্ৰহ কৰা  কীট ,পলু আদি কুকুৰাৰ দানাত ব্যৱহাৰ কৰি ইহঁতৰ সংখ্যা কমাব পাৰি


ফাগুণ-ত মাহত এবাৰ দকৈ হাল বায় দিলে ৰদৰ তাপত পলু-লেটাবোৰ নষ্ট হোৱাৰ উপৰিও চৰাই আদিয়ে ভক্ষণ কৰি প্ৰাকৃতিক ভাবে নিয়ন্ত্ৰিত কৰিব


প্ৰাদুৰ্ভাৱ ঘটা অঞ্চলত পতংগভোজী চৰাই বহাৰ সুবিধা কৰি দি কীটবিধ নিয়ন্ত্ৰণ কৰিব পৰা যায়

 বীজ সিঁচা বা পুলি ৰোৱাৰ আগেয়ে মাটি ডৰাত Metarhizium anisopliae নাইবা Beauveria bassiana @ 10 g/sq.m (talc based formulation) প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়


ৰাসয়নিক ব্যৱস্থা হিচাপে বীজ সিঁচা বা পুলি ৰোৱাৰ আগেয়ে quinalphos 25 EC নাইবা chlorpyriphos 20 EC @ 1.5-2.0 ml/lit ৰ মিশ্ৰণেৰে মাটি ডৰা ভালকৈ তিয়াই লব লাগে আলু আদি শস্যৰ ক্ষেত্ৰত লোৰবোৰত ঔষধ দিব লাগে



এইলানি গৱেষণাৰ আন এক উল্লেখযোগ্য ফলাফল হল মাইকী কীটৰ দেহত পুৰুষ কীটক আকৰ্ষণ কৰিব পৰা এবিধ ৰাসায়নিক পদাৰ্থৰ আৱিষ্কাৰইংৰাজীত sex pheromone বুলি কোৱা এইবিধ পদাৰ্থৰ প্ৰাৰম্ভিক কাম-কাজখিনি সন্তোষজনক ভাবে আগবঢ়ালৈ লক্ষ্য কৰি ভৱিষ্যতে প্ৰলোভন টোপ ব্যৱহাৰ কৰি মাজুলীৰ হাতীপোকবিধ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে আন বহুতো দিশৰ লগতে বৰ্তমান হৈ থকা এনে কিছুমান গৱেষণাৰ বাবেই নিশ্চয় অসম কৃষি বিশ্ববিদ্যালয় দেশৰ প্ৰথম পাঁচখন কৃষি বিশ্ববিদ্যালয়ৰ অন্যতম ইতিমধ্যে বাতৰিত প্ৰকাশ পাইছে যে এই বিশ্ববিদ্যালয়ৰ যুৱ বিজ্ঞানীয়ে প্ৰস্তুত কৰা আন এক প্ৰকল্পই আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে যত ক্ৰমে বাঢ়ি অহা উষ্ণতা সহ্য কৰিব পৰা ধানৰ জাত উদ্ভাৱন কৰিবলৈ যত্ন কৰা হ এই দল বিজ্ঞানীলৈ সেউজী ধৰণী ৰ ফালৰপৰা আন্তৰিক শুভেচ্ছা থাকিলআমি আশাবাদী কাৰণ এই বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা ৰঞ্জিৎ, বাহাদুৰ, লুইত, কপিলী আদি ধানৰ জাতে ইতিপূৰ্বে সৰ্বভাৰতীয় স্বীকৃতি পাবলৈ সক্ষম হৈছে (দ্ৰষ্টব্য: প্ৰান্তিক; ১-১৫ ফেব্ৰুৱাৰী,২০১৩)
গৱেষণাগাৰত

জাপানী বিজ্ঞানীৰ পথাৰ ভ্রমণ
-------------------------------------------------------------------------
 লেখক উপ-প্রকল্প সঞ্চালক (আত্মা), তিনিচুকীয়া
 ম'বাইল: ৯৪৩৫১৩৫৬৩১
 ই-মেইল: sadik2crs@yahoo.co.in



No comments:

Post a Comment