সেউজী ধৰণী
ডঃ চাদিকুল হুছেইন
[...ইতিমধ্যে মেললৈ অহা কৃষকসকল কীটনাশকৰ কু-প্রভাৱৰ বিষয়ে সচেতন হৈ পৰাৰ
লগতে IPM অর্থাৎ সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনাৰ প্রয়োজনীয়তাৰ
বিষয়ে বুজি উঠিছে। সেয়ে IPMৰ বিষয়ে সবিশেষ কোৱাৰ আগেয়ে বিষয়াগৰাকীয়ে
কৃষকসকলক আন দুটামান কথা কৈ ল’লে যাতে IPM ৰ বিষয়ে তেখেতসকলৰ বুজাত সহজ হয় ]
বিষয়া:-বাৰু কওঁকচোন, আপোনালোকে পথাৰত কি কি দেখে ?
দদাই:- ধাননী পথাৰত ধানৰ গছবোৰ দেখোঁ।
বিষয়া:- আৰু?
দদাই: আৰু নো কি দেখিম?
বিষয়া:- ভাবকচোন।
ৰমেন:- পোক-পৰুৱা বিলাক।
বিষয়া:- আৰু?
দদাই:- নাই ছাৰ আৰু একো মনলৈ অহা নাই।
বিষয়া:- কিয়? ধাননী ডৰাত পানী নেদেখিব জানো?
খুড়ী:- সেই পানীত থকা মাছ-পুঠি কেইটাও দেখিম ।
বিষয়া:- ঠিক কৈছে। লগতে ডৰাবোৰৰ মাজত ঘাঁহ-বন দেখিব। মাজে মাজে অ’ত-ত’ত
দুই-এজোপা গছ দেখিব। সেই গছবোৰত চৰাই দেখিব। পথাৰৰ আলিবোৰত বগলী বহি থকাও দেখিব।
খুড়ী:- ছাৰে পথাৰৰ গোটেই ছবিখনকে মনলৈ আনি দিলে।
বিষয়া:- এতিয়া অলপ বহলকৈ ভাবকচোন।
ৰমেন:- পথাৰৰ সিপাৰে থকা জানটো; জানটোৰ কাষতে থকা কাঠনীখন।
দদাই:- পথাৰৰ এইপাৰে থকা আমাৰ গাওঁখন।
খুড়ী:- গাওঁখনৰ মানুহখিনি। ঘৰ-বাৰী বিলাক।
দদাই:- বাৰীত থকা শাক-পাচলি, তামোল-পাণ, আম-কঠালৰ গছবিলাক।
খুড়ী:-গোহালীৰ গৰু-গাই; গড়ালৰ হাঁহ-পাৰ; পুখৰীৰ মাছ-কাছ কেইটা।
বিষয়া:-বিভিন্ন ঋতুত হোৱা ফল-ফুলৰ গছবোৰ। এই ফল-ফুলৰ মাজে মাজে উৰি ফুৰা
মৌমাখিৰ জাকবিলাক। এই সকলোবোৰেই হৈছে আমাৰ প্রকৃতিৰ অংগ।
খুড়ী:- আৰু আমি এই প্রকৃতিৰ মাজতে থাকো।
দদাই:- হয় ছাৰ, ঈশ্বৰৰ সৃষ্টি সকলোবোৰৰ মাজতে আমি আছো।
বিষয়া: কাৰণ আমিও এই প্রকৃতিৰ অংগ। নহয়
জানো ?
খুড়ী:- হয় ছাৰ। পিছে ছাৰে কিবা IPM ৰ কথাহে কম বুলিছিলে। IPM ৰ লগত এইবোৰৰ কিবা সমন্ধ আছে নেকি ?
বিষয়া:- আছে, কাৰণ IPM ৰ মতে খেতি কৰিলে প্রকৃতিত ঘটি থকা ঘটনা বিলাক মন কৰি থাকিব লাগিব। যেনে
ধৰক---গছ-গছনী, ফল-মূলৰ কথা। এইবোৰ বতৰ অনুযায়ী নিজ নিজ নিয়মৰ মাজেৰে বাঢ়ি যায়।
সেই ফল-মূল, গছ-গছনীক কিছুমান জীৱ-জন্তু, পোক-পৰুৱাই খাদ্য হিচাপে গ্রহণ কৰে। নহয়
জানো?
ৰমেন:- এইবোৰকে তৃণভোজী বুলি নকয় জানো ?
বিষয়া:- হয়,হয়। এইবোৰ হ’ল তৃণভোজী। এই তৃণভোজী বোৰক আন কিছুমান জীৱই খাদ্য
হিচাপে গ্রহণ কৰে। যেনে ধৰক গৰু-ছাগলীক বাঘ আদিয়ে খায়। পোক-পৰুৱাবোৰক চৰাই, মকৰা,
জীয়া, বেং আদিয়ে খায়। আনহাতে বেঙক আকৌ সাপে খায়। চিলনীয়ে আকৌ সাপক ঠপিয়াই নিয়ে।
দদাই:- এইবোৰ প্রকৃতিত চলিয়ে থাকে।
ৰমেন:- ছাৰ, এই মৌমাখিবিলাকে মৌ বিচাৰি থাকোতে পৰাগযোগ নঘটাই জানো?
বিষয়া:- এইয়া, কথাবিলাক আপোনালোকে জানেই।
দদাই:- হয় ছাৰ, সৃষ্টিকর্তাই এই পৃথিৱীত অকাৰণতে একো সৃষ্টি কৰা নাই। সকলো
সৃষ্টিৰ মাজতে এক গভীৰ ৰহস্য লুকাই আছে। আমিবোৰে সেইবোৰৰ একো ভূ নাপাওঁ। সেয়ে
প্রকৃতিৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে।...
খুড়ী:- ...আৰু তাৰ ফল ভোগ কৰিছোঁ আমি।
বিষয়া:- হয়। আপুনি ঠিক কথাই কৈছে। ভগবানৰ সৃষ্টি আন জীৱবোৰে প্রকৃতিৰ ওপৰত একো
অত্যাচাৰ কৰা নাই। কেৱল মানুহেহে অত্যাচাৰ চলাইছে। এই অত্যাচাৰ কেতিয়াবা প্রয়োজনত
কৰিছে আৰু কেতিয়াবা নিজৰ লাভৰ কথা চিন্তা কৰি কৰিছে। ইয়াৰ ফলত প্রাকৃতিক ভাৰসাম্য
নষ্ট হৈ নানান বিপদৰ সৃষ্টি কৰিছে।
খুড়ী:- ছাৰ, কি নষ্ট হোৱা বুলিলে ?
বিষয়া:- প্রাকৃতিক ভাৰসাম্য।
দদাই:- এইটো আকৌ কি ?
বিষয়া:- ইয়াৰ অর্থটো এনে ধৰণৰ। প্রকৃতিত প্রতিটো জীৱ-জন্তুৰ সংখ্যা কিমান
থাকিলে ইটোৱে সিটোক আমনি নিদিয়াকৈ চলিব পাৰিব সেইটো প্রকৃতিয়ে আগেয়ে ঠিক কৰি থৈছে।
কোনো এবিধৰ সংখ্যা যদি বাঢ়ে তেন্তে আন এবিধে সেই বিধক দমন কৰি কমাই দিয়ে। এটা কথা
কিন্তু মনত ৰাখিব, সেইটো হৈছে সংখ্যা কমাইহে দিয়ে; একেবাৰে শেষ কৰি নিদিয়ে। প্রকৃতিৰ
নিয়ম অনুসৰি জীৱ-জন্তু, গছ-গছনি এই সকলোবোৰৰে সংখ্যা এইদৰে এটা নির্দিষ্ট সীমাৰ
ভিতৰত বঢ়া-টুটা কৰি থাকে। এইদৰে এটা সীমাৰেখাৰ ভিতৰত বঢ়া-টুটা হৈ থকাকে প্রাকৃতিক
ভাৰসাম্য অটুট থকা বুলি কোৱা হয়।
দদাই: সকলোৱে আছে কিন্তু কোনোটোৱে বেছি নহয়। এনে ধৰণৰ কথা এটাই নহয় জানো ?
বিষয়া:- হয়। ঠিক তেনেধৰণৰ কথা। সকলোৱেই আছে কিন্তু কোনোটোৱেই অযথা বাঢ়ি আনক
অসুবিধা দিয়া নাই। প্রকৃতিৰ এই নিয়ম আমাৰ পথাৰতো চলি আছে। গছ-পাত খোৱা পোক-পৰুৱাক চৰাই মকৰা
জীয়াঁ বা আন পোক-পৰুৱাই খায়। অর্থাৎ
প্রকৃতিত অপকাৰীৰ লগতে উপকাৰী জীৱও আছে।
খুড়ী:- তাৰ মানে এই উপকাৰীবোৰে ইবোৰক তদাৰক কৰি আছে।
বিষয়া:- আপুনি ঠিক কথা কৈছে। কিন্তু
শস্য উৎপাদন কৰিবলৈ যাওঁতে আমি এনে কিছুমান কৃষিকর্ম কৰোঁ, যিবোৰে উপকাৰী জীৱৰ অনিষ্ট সাধি প্রাকৃতিক ভাৰসাম্য
নষ্ট হোৱাত সহায় কৰে।
দদাই:- ক’তা আমিতো তেনে কাম কৰা নাই।
বিষয়া:- এনে কাম আমি নজনাকৈয়ে কৰি আছোঁ। বাৰু কওঁকচোন, আপোনালোকে ধানখেতিতো কেনেদৰে আৰম্ভ কৰে?
দদাই:- প্রথমে ভাল জাত এটা বিচাৰি লওঁ। তাৰ পাছত পথাৰখন উলিয়াই সাৰ ছটিয়াই কঠীয়া
ৰোওঁ। ইয়াৰ পাছত...
বিষয়া:- ৰ’বচোন ৰ’ব। আপুনি যে ক’লে ভাল জাত এটা বিচাৰি লয়...এই জাতটো ভাল বুলি
কেনেকৈ চিনি পায়?
দদাই:- ভাল মানে ছাৰ, যিবোৰ জাতৰ পৰা বেছি ধান পাব পাৰি তেনেবোৰৰ খবৰ ৰাখো।
পাছত তাকে বিচাৰি মেলি আনো।
বিষয়া:- ভাল কথা। পিছে এনেকুৱা বহুত জাত আছে যিবোৰৰ উৎপাদন ভাল কিন্তু
পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্রমণ ৰোধ কৰিব পৰা ক্ষমতা বৰ কম। এনে জাতৰ খেতি কৰিলে
পোক-পৰুৱা, বেমাৰ-আজাৰ বাঢ়ি প্রাকৃতিক ভাৰসাম্য নষ্ট কৰিব পাৰে। এনে হ’লে পাছত
অনেক বিপদে দেখা দিব।
দাদাই:- এহ, আমিনো এইবোৰ ক’ত চিন্তা কৰোঁ। ভাল জাত বুলি জানিলে দাম দি হ’লেও
কিনি আনো।
ৰমেন:- ছাৰ, এবাৰ ভাল বুলি শুনি বিলাহীৰ জাত এটা বৰ দামত কিনি আনিছিলো। গছবোৰ
ভালেই হৈছিল।কিন্তু পাছত হঠাৎ এদিন বেমাৰ লাগি গোটেই গছবোৰ মৰি থাকিল। দৰব
ছটিয়াই একো লাভ নহ’ল।
বিষয়া:- সেয়া, কথাটো মন কৰিলে। তাৰ মানে জাতটো ভাল বুলি শুনিলেই নহ’ব।
আপোনালোকৰ অঞ্চলত ই কেনে ফল দেখুৱাব সেইটো জানিব লাগিব। অধিক উৎপাদনৰ লোভত বেয়া
জাত এটাৰ খেতি কৰাৰ অর্থ হ’ল আপুনি বেয়া কৃষিকর্ম এটা কৰা। সেই কাৰণে সঠিক জাত
নির্বাচন কৰাটো বৰ দৰকাৰী কথা। অধিক উৎপাদন দিয়াৰ লগতে পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্রমণ
ৰোধ কৰিব পৰা জাত নির্বাচন কৰাত IPM য়ে অধিক গুৰুত্ব দিয়ে।
দদাই:- ছাৰ, আমাৰ থলুৱা জাতত এই ব্যধিবোৰ বৰ কম। সেয়ে তেনে জাতৰ খেতিয়ে আমি
বেছি কৰোঁ। পিছে উৎপাদনৰ আশাত নতুন জাতবিলাক লওঁ।
বিষয়া:- থলুৱা জাতৰ খেতি কৰি থাকিব। সেইবোৰ এৰি নিদিব। আনহাতে বিজ্ঞানীসকলে
এনে জাতৰ পৰাই বহুতো নতুন জাত উলিয়াইছে যিবোৰৰ পোক-পৰুৱা, বেমাৰ-আজাৰ আদিৰ আক্রমণ
প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে। সেয়ে জাত নির্বাচন কৰোঁতে এই দিশটো বিশেষ ভাবে মন
কৰিব। মনত ৰাখিব জাতটোৱে যদি নিজেই নিজক ৰক্ষা কৰিব পাৰে তেন্তে দৰব-পাতিৰ প্রয়োজন
কম হ’ব।
খুড়ী:- আমাক ছাৰ সেইটোৱে লাগে। দৰবৰ বিষয়ে আজি যি শুনিলো তাকে ভাবি বৰ ভয় লাগি
আছে।
ৰমেন:- ছাৰ, তেনেকুৱা জাত ক’ত পাম?
বিষয়া:- কৃষি বিভাগৰ লগত যোগাযোগ কৰিব। ইয়াৰ উপৰিও আপোনালোকৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্রৰ বিজ্ঞানীসকলেও এই দিশত সহায় কৰি
দিব।
দদাই:- ঐ ৰমেন, এই কামটো হ’লে তোৰ। ক’ত কি খবৰ কৰিব লাগিব ছাৰৰ পৰা বুজি লবি।
বিষয়া:- এয়া হ’ল জাতৰ কথা। এতিয়া আন কৃষিকর্মৰ বিষয়ে কওঁ।
[আগলৈ]
No comments:
Post a Comment