সেউজী ধৰণী
শস্যৰূপা
সুসংহত শস্যৰক্ষা
ব্যৱস্থাপনা - ৪
ডঃ চাদিকুল হুছেইন
দদাই:- তাৰমানে পথাৰত আমি যিবোৰ কাম কৰোঁ ?
বিষয়া:- হয়। আমি পথাৰত কৰা কামবোৰ যথাযথ ভাবে নকৰিলে পোক-পৰুৱাৰ উপদ্রৱ বাঢ়ে।
উদাহৰণ হিচাপে ধৰক ধানৰ মজাখোৱা পোক। এইবিধ ধানৰ প্রধান অনিষ্টকাৰী পোক। ইহঁতে
গা-গছৰ ভিতৰত থাকি আক্রমণ কৰে বাবে বাহিৰৰ পৰা একো দেখা নাযায়।
দদাই:- ইহঁতে খোৱা পোখাবোৰ মুগাবৰণীয়া হৈ মৰি যায়। টানি দিলে সহজে উঠি আহে।
সেইটো লক্ষণ চিনি পাওঁ ছাৰ।
ৰমেন:- এবাৰ ট্রেণিং এটাত এই বিষয়ে কৈছিল। ফুল ফুলাৰ পাছত আক্রমণ কৰিলে থোকবোৰ
পতনুৱা হয় । বগা বৰণৰ এনে থোকবোৰ টানি দিলেও সহজে উঠি আহে।
বিষয়া:- ঠিক কৈছে। আৰু যেতিয়া দেখে তেতিয়া কৰিবলৈ একো নাথাকে।
খুড়ী:- কিন্তু ইহঁত পথাৰলৈ আহিল ক’ৰ পৰা ?
দদাই:- এৰা, ক’ৰ পৰানো আহিল ?
বিষয়া:- ধান কাটি অনাৰ পিছত পথাৰত যে নৰাবোৰ থৈ আহে তাৰ মাজতে ইহঁতৰ পলু নাইবা
লেটা বিলাক সোমায় থাকে। পাছত তাৰ পৰাই পখিলাজনী ওলায়।
দদাই:- অ’, কথাটো সেইটো নেকি ?
বিষয়া:- সেই কাৰণে শালিখেতি চপোৱাৰ পাছত মাঘ-ফাগুণত পথাৰত এবাৰ দ’কৈ হাল বাই
দিলে নৰাৰ মাজত লুকাই থকা পলু,লেটাবোৰ নষ্ট হব। তেতিয়া পাছৰ খেতিটোত মজাখোৱাৰ
আক্রমণ কম হ’ব।
দদাই:- আজি কালি বহুতে গুৰিতে কাটি আনে।
বিষয়া:- সেইটো ভাল কথা। তথাপিও কিছুমান মাটিৰ তলত লুকাই থাকিব পাৰে। সেইকাৰণে
দ’কৈ হাল বাই দিলে বেছি ভাল ফল পোৱা যায়।
দদাই:- আমি তেনে দ’কৈয়ে চাহ কৰিম।
বিষয়া:- এজন-দুজনে কৰিলে কিন্তু বিশেষ কাম নিদিব। অঞ্চলটোৰ সকলো ৰাইজে একে লগে
কৰিলেহে ভাল ফল পাব।
ৰমেন:- অহাবাৰলৈ আমি এই কামটো কৰিব লাগিব। তেতিয়ালৈ আমাৰ ট্রেক্টৰখনো আহি
পাবহি।
বিষয়া:- ইয়াৰ পাছতে আমি খেতিটো কেতিয়া কৰিম সেই বিষয়ে চিন্তা কৰিব লাগিব।
দদাই:- আমাৰ অঞ্চলত এটা খেতিহে কৰোঁ। সেইটো হৈছে শালিখেতি। আহাৰ-শাওণত আৰম্ভ কৰোঁ।
বিষয়া:- কঠীয়া কেতিয়া পাৰিব ?
ৰমেন:- বৰষুণ ঠিক সময়ত হ’লে আহাৰত কঠীয়া সিঁচো আৰু পথাৰ সাজু হ’লে শাওণত ৰুই
শেষ কৰোঁ।
দদাই:- যোৱাবাৰ আমাৰ ৰোৱাতো অলপ দেৰি হ’ল। মানে শাওণ গৈ ভাদত সোমাল। ৰোৱাখিনি
ভালকৈ বাঢ়িব নোৱাৰিলে। চেলেকা লাগিল। পাছত পোখা মেলিবলৈ লওঁতেই মজাখোৱাটো লাগিল।
দৰব চাৰিবাৰমান দিলো। পিছে ধান বৰ কম পালো।
খুড়ী:- ছাৰ, দৰবৰ দামেই নুঠিল কিজানি।
বিষয়া:- সেইকাৰণেই মই জানিব বিচাৰিছিলো খেতিটো আপোনালোকে কেতিয়া কৰে। অর্থাৎ
কোন সময়ত কৰে। ... আপোনালোকে নিশ্চয়
মন কৰিছে যে খেতিৰ সময়ত পোক-পৰুৱাৰ উপদ্রৱ সদায় একে নাথাকে। কোনোবাটো সময়ত বেছি হয়
আৰু কোনোবাটো সময়ত কম হয়। এইয়া প্রধানকৈ নির্ভৰ কৰে বতৰৰ ওপৰত । এই বঢ়া-টুটাৰ সময়টো জানি ল’লে কেতিয়া সিঁচিব বা ৰোব তাৰ সময়টো
নির্দ্ধাৰণ কৰি ল’ব পাৰে। সকলো শস্যৰ ক্ষেত্রতে এই সময়বোৰ জানি ল’ব লাগে।
দদাই:- যোৱাবাৰ মোৰ দেৰি হোৱাৰ বাবেই তেনে হ’ল।
বিযয়া;_ হয়। বিজ্ঞানীসকলে পৰীক্ষাৰ দ্বাৰা দেখিছে যে ভাদ মাহৰ জলবায়ু ধানখেতিত
দেখা দিয়া প্রায় সকলোবোৰ পোক-পৰুৱাৰ বাবে বৰ উপযোগী। সেই সময়ত ইহঁতৰ বংশ বৃদ্ধি বৰ
খৰতকীয়াকৈ হয় । এই সময়ত যদি পথাৰত নতুনকৈ ৰোৱা গোছা থাকে তেন্তে পোক-পৰুৱাই বেছি
অনিষ্ট কৰিব। আপোনাৰ ক্ষেত্রত সেইটোৱে হৈছিল।
দদাই:- তাৰমানে মোৰ ৰোৱাখিনি কুমলীয়াতে চেলেকাই পালে।
বিষয়া:- হয়। চেলেকা, চৰহা আদি পাতখোৱা পোকবোৰে কুমলীয়া পাত ভাল পায়। পাত বুঢ়া
হ’বলৈ ধৰাৰ লগে লগে ইহঁত আঁতৰি পৰে। শাওণৰ প্রথম পষেকত ৰুই শেষ কৰিলে ভাদৰ শেষলৈ
পাত প্রায় বুঢ়া হ’ব আৰু এই পাতখোৱাবোৰৰ আক্রমণ কমি আহিব। ইয়াৰ পাছতো এইবোৰে দেখা
দিলে বিশেষ অনিষ্ট কৰিব নোৱাৰে।
ৰমেন:- ছাৰ, এই মজাখোৱাটো কেতিয়াবা কেতিয়াবা বৰ বেছিকৈ হয়। ইয়াৰ কাৰণে কি কৰিব
লাগিব ?
বিষয়া:- আপোনালোকে নিশ্চয় মন কৰিছে যে শাওণৰ প্রথম পষেকত ৰোৱা ডৰাবোৰত মজাখোৱা
কমকৈ হয়। মজাখোৱাৰ দৰেই পোখাত আক্রমণ কৰা আন এবিধ পোক হৈছে পিঁয়াজী পোক। এই
দুয়োবিধে আক্রমণ কৰিলে পোখাবোৰত থোক নধৰে।
দদাই:- ছাৰ, এই পিঁয়াজী নে কি এটাৰ কথা ক’লে যে সেইটো কেনেকুৱা ?
বিষয়া:- এইবিধো পোখাত আক্রমণ কৰা পোক। মজাখোৱাৰ বাবে পোখাটো মৰি মুগাবৰণীয়া হয়
বাবে আঁতৰৰ পৰাই ধৰিব পাৰে। কিন্তু পিঁয়াজী পোকে আক্রমণ কৰা পোখাবোৰ পাতল সেউজীয়া
বৰণৰ হৈ বাঢ়িব নোৱাৰি গোছাটোৰ মাজত সোমাই থাকে। ওচৰৰ পৰা চালে পিঁয়াজৰ নলৰ দৰে
পোখা কিছুমান দেখিব । সেইবোৰেই ইহঁতে আক্রমণ কৰা পোখা।
ৰমেন:- এনে পোখা প্রায়ে দেখোঁ। পোক লগা বুলিহে বুজা নাছিলো।
বিষয়া:- মজাখোৱা আৰু পিঁয়াজী পোকে নতুন পোখাত আক্রমণ কৰে। পলমকৈ ৰোৱা ডৰাত
দুয়োবিধৰে আক্রমণ বেছি হয়। অৱশ্যে পোখা মেলা বন্ধ হ’লে পিঁয়াজীৰ আক্রমণ নিজে নিজে
নোহোৱা হয়।
দদাই:- তাৰমানে ইহঁত বেছি দিন নাথাকে।
বিষয়া:- হয়। কিন্তু যিখিনি সময় থাকে পোখাত আক্রমণ কৰি যথেষ্ট অনিষ্ট কৰে। তাতে
বৰষুণ বেছি হ’লে ইহঁতৰ আক্রমণৰ মাত্রাও বাঢ়ি যায়।
ৰমেন:- আৰু ছাৰ, মজাখোৱাটো ?
বিষয়া:- মজাখোৱাৰ আক্রমণ পোখা মেলা বন্ধ হ’লেও চলি থাকে। ফুল ফুলাৰ পাছত ইহঁতৰ
আক্রমণ হলে থোকবোৰ পতনুৱা হয়। এনে পতনুৱা থোকবোৰ বগা বৰণৰ হয় আৰু টানি দিলে সহজে
উঠি আহে। এই লক্ষণটো আপোনালোকে জানে।
খুড়ী:- ছাৰ, এইবোৰটো পথাৰত থাকিবই। পিছে কম কৰাৰ উপায় নাই নেকি ?
বিষয়া:- নিশ্চয় আছে। মাঘ-ফাগুণত পথাৰত এবাৰ দ’কৈ হাল বাই দিলে নৰাৰ মাজত লুকাই
থকা পলু,লেটাবোৰ নষ্ট হব। তেতিয়া পাছৰ খেতিটোত মজাখোৱাৰ আক্রমণ কম হ’ব। জাতটো যদি ভাল হয়, কঠীয়া যদি সঠিক সময়ত পাৰি সঠিক সময়ত ৰোৱে
তেন্তে এইবোৰ কমকৈ হ’ব। ইয়াৰ লগতে সঠিক পৰিমাণৰ সাৰ প্রয়োগ কৰিব লাগে
দদাই:- আমি ছাৰ সাৰ বৰ বেছি নিদিওঁ। দিলেও কেতিয়াবা সেই ডি এ পি বোলাটোহে
দিওঁ।
বিষয়া:- এইটো বৰ বেয়া কাম কৰিছে। সাৰ প্রয়োগ কৰিলে কেউবিধ সাৰ দিব লাগিব আৰু
সঠিক পৰিমাণত দিব লাগিব। কেৱল ডি এ পি দিলে গছজোপাই দুবিধ খাদ্যহে পাব। তাকো
কিন্তু সঠিক পৰিমাণত নাপায়। এনে হ’লে শস্যৰ লগতে মাটিডৰাও বেয়া হ’ব।
ৰমেন:- তাৰমানে অকল ডি এ পি দিলে গছজোপাই সকলোবোৰ খাদ্য নাপায়।
খুড়ী:- ছাৰ, গছকনো কি কি খাদ্য লাগে ?
বিষয়া:- গছৰ শ্রীবৃদ্ধিৰ বাবে ১৭বিধ খাদ্য লাগে। ইয়াৰ ভিতৰত তিনিবিধ অতি
প্রয়োজনীয়। এই কেইবিধ হ’ল নাইট্র’জেন, ফছফৰাছ আৰু পটাছ। ঠিক যেন আমাক লগা ভাত,
ডাইল আৰু ভাজি। ইউৰীয়াৰ পৰা পাব নাইট্র’জেন। একক চুপাৰ ফছফেটৰ পৰা পাব ফছফৰাছ আৰু
মিউৰিয়েট অৱ পটাছ নামৰ সাৰৰ পৰা পাব পটাছ নামৰ খাদ্যবিধ। ডি এ পি দিলে গছজোপাই
নাইট্র’জেন আৰু ফছফৰাছ পাব । কিন্তু পটাছ নাপাব।
দদাই:- ছাৰে, সাৰৰ হিচাপটো অলপ কৈ দিয়া হ’লে ৰাইজে বুজি ল’লেহেঁতেন ।
বিষয়া:- যদি ইউৰীয়া দিয়ে তেন্তে বিঘাই প্রতি ১২ কি:গ্রাম লাগিব। আনহাতে ডি এ
পি দিলে ইউৰীয়া লাগিব ৯ কি:গ্রাম আৰু ডি এ পি লাগিব ৬ কি: গ্রাম। এইটো জোখত দিলে
শস্যই নাইট্র’জেন আৰু ফছফৰাছ সঠিক পৰিমাণত পাব। ইয়াৰ লগতে ৪ কি: গ্রাম মিউৰিয়েট অৱ পটাছ মিহলাব লাগিব।
ৰমেন:- ডি এ পি নিদিলে?
বিষয়া:- তেতিয়া ফছফৰাছৰ বাবে ১৭ কি: গ্রাম একক চুপাৰ ফছফেট দিব লাগিব।
দদাই:- আমাৰ থলুৱা জাতবোৰত এই জোখতে দিম নে?
বিষয়া:- থলুৱা জাতত এই পৰিমাণ বিলাকৰ আধা দিব। এটা কথা মনত ৰাখিব উন্নত বা
থলুৱা যিটোৱে জাত নলওঁক ইউৰীয়াৰ গোটেই পৰিমাণটো একে লগে দি নিদিব। আধা বাকী
সাৰকেইবিধৰ লগত মিহলাই ৰোৱণী চাহৰ সময়ত দিব। ৰৈ যোৱা খিনিৰ আধা পোখা মেলি থকাৰ
সময়ত আৰু শেহৰ ভাগ গেঁৰ ধৰাৰ সময়ত দিব।
দদাই:- ঐ ৰমেন, ভালকৈ বুজি লৈছ নে?
বিষয়া:- ইউৰীয়া সাৰখিনি একে লগে নিদি ভাগ ভাগকৈ দিলে নষ্ট নহয় আৰু গছজোপাত
পোক-পৰুৱা, বেমাৰ-আজাৰ কম হব।
খুড়ী:- তাৰমানে ইউৰীয়া সাৰৰ ভাগ ভাগকৈ দিওঁ পোক লগাটো কমাব পাৰি।
বিষয়া:- ঠিক কৈছে। আপুনি পোক-পৰুৱা,কম কৰাৰ উপায় বিচাৰিছিল নহয়? এইটোও এটা
উপায়।
খুড়ী:- আমিনো তেতিয়া হ’লে দৰব ছটিয়াই মৰো কিয়? ছাৰ, এনেকুৱা আৰু উপায় নাই নে ?
বিষয়া:- কিয় নাথাকিব, আছে আছে। এনে আৰু বহুত উপায় আছে যিবোৰ ব্যৱহাৰ কৰি আপোনালোকে
পথাৰত পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্রমণ অতি সহজে কম কৰিব পাৰিব।
খুড়ী:- ছাৰ এইবোৰ কৰোঁতে খৰচো কম হ’ব।
বিষয়া:- ঠিক কৈছে। IPM কৰিলে খৰচ বহুত কম হয়। বাৰু, কওঁকচোন,এতিয়ালৈকে আলোচনা কৰা সহজ উপায়বোৰ কি কি
?
ৰমেন:- ভাল জাত এটা ল’ব লাগিব যিটোত পোক-পৰুৱা, বেমাৰ-আজাৰ কম হয়।
দদাই:- মাঘ-ফাগুণত পথাৰখন এবাৰ দ’কৈ হাল বাই থব লাগিব। অ’ নহয়, তাৰ আগেয়ে ধান
চপাওতে গুৰিতে কাটিব লাগিব। তাৰ পাছতহে হালবোৱা কথাটো আহিব। কিবা খেলি মেলি লাগি যায়।
খুড়ী:- খেতিৰ সময়টো ঠিক কৰি শাওণৰ প্রথম পষেকত ৰুই শেষ কৰিব লাগিব।
ৰমেন:- সাৰ ঠিক হিচাপত দিব লাগিব...
দদাই:- ইউৰীয়া সাৰ সমূদায় একে বাৰতে নিদি ভাগ ভাগকৈ দিব লাগিব।
বিষয়া:- আপোনালোকে কথাবোৰ বৰ সুন্দৰ ভাবে মনত ৰাখিছে। আজিলৈ ইয়াতে সামৰিছোঁ।
অহা বাৰলৈ আন উপায়বোৰৰ বিষয়ে আলোচনা কৰিম । নমস্কাৰ।
----------------------------------------------------------
লেখক উপ-প্রকল্প সঞ্চালক(আত্মা),তিনিচুকীয়া জিলা
ম'বাইল: ৯৪৩৫১৩৫৬৩১
ই-মেইল: sadik2crs@yahoo.co.in
No comments:
Post a Comment