Saturday 21 September 2013

এটা চিন্তাৰ বিষয়... It is a matter of...


সেউজী ধৰণী
এটা চিন্তাৰ বিষয়...

ডঃ চাদিকুল হুছেইন


দুমাহমানৰ আগেয়ে কৃষক প্রশিক্ষণ এটাত সমলব্যক্তি হিচাপে উপস্থিত আছিলো। আমাক ধানখেতিৰ নতুন দিশবোৰৰ বিষয়ে কৃষকসকলক অৱগত কৰিবলৈ কোৱা হৈছিল আৰু সেই অনুযায়ী বিভিন্ন পৰিস্থিতিৰ বাবে উদ্ভাৱন হোৱা ধানৰ নতুন জাত, সেইবোৰৰ পৰিচর্যা আৰু কেতবোৰৰ ব্যৱসায়িক দিশৰ বিষয়ে কিছু কথা কৈছিলো। কৃষকসকলকো প্রয়োজনীয় কথাবোৰ আগ্রহেৰে টুকি লোৱা দেখিছিলো। প্রশিক্ষণৰ শেষত সেইদিনৰ কার্যসূচীৰ সম্পর্কে কৃষকসকলৰ মনোভাৱ জানিবলৈ দুই-এটা প্রশ্ন কৰাত এজনে জানিবলৈ দিলে যে ব্যক্তিগতভাবে তেখেত যথেষ্ট উপকৃত হৈছে আৰু প্রশিক্ষণৰ পৰা লাভ কৰা জ্ঞান প্রয়োগ কৰিবলৈ চেষ্টা কৰিব। কিন্তু কৃষি প্রধান অঞ্চলটোৰ বহুতো কৃষকৰ বর্তমান কৃষিৰ প্রতি জন্ম হোৱা অনীহাৰ ভাব দেখি তেখেত চিন্তিত হৈ পৰিছে। কৃষকসকলৰ এনে মনোভাবৰ কাৰণ হিচাপে তেখেতে স্পষ্ট ভাবে কৈছিল যে “বি.পি.এল.ত চাউল পোৱাৰে পৰা ৰাইজে খেতি কৰিবলৈ বাদ দিছে। বাৰীবোৰত চাহগছ লগাইছে আৰু পথাৰৰ মাটি বেচিবলৈ লৈছে। কিছুমানে পথাৰতো চাহগছ ৰুবলৈ আৰম্ভ কৰিছে। সেয়ে এনে প্রশিক্ষণ কিমান দূৰ সফল হ’ব এতিয়াই কোৱা টান”। কৃষকজনে কোৱা কথাখিনি এক বিক্ষিপ্ত ঘটনাৰ সৰলীকৃত ৰূপ বুলি ভাবি কথাটো প্রায় পাহৰি গৈছিলো। কিন্তু ১৬-৩১ জুলাই,২০১৩ সংখ্যাৰ ‘প্রান্তিক’ত ননৈৰ লুইত বৰাই “বিপিএল চাউল থাকোঁতে কিয় খেতি কৰি মৰ” বুলি আপদীয়া পদ্য এটিত উল্লেখ কৰা দেখিলোঁশ্রী বৰা “প্রান্তিক”ৰ নিয়মীয়া পাঠকৰ বাবে এটা চিনাকি নাম। তেখেতৰ বহু কেইটা চিন্তাশীল লিখনি ইতিমধ্যে পঢ়িবলৈ পাইছো। এনে এজনৰ ৰচনাক বিক্ষিপ্ত ঘটনা বুলি ভাবিবলৈ সত নগ’ল। সেয়ে লগে লগে কথা হ’লো। তেখেতৰ পৰা জানিব পাৰিলো ননৈৰ ফালেও বহুতো কৃষকে বি.পি.এল.ৰ চাউল পোৱাৰ পাছত খেতিলৈ পিঠি দিছে। কৃষিভূমি আন কামত ব্যৱহাৰ হ’বলৈ লৈছে নতুবা সেই মাটি অনাঅসমীয়াই কিনি লৈছে। কৃষকৰ এনে মনোভাবৰ প্রতি তেখেত চিন্তিত। মোৰ মনলৈ আহিল খবৰ কাগজৰ কিছুমান শীর্ষ বাতৰিলৈ---“দেশৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থান পঞ্চম”, “হাইব্রীড ধানৰ খেতি কৰি কৃষকে বিঘাত ৩০মোণ ধান চপাইছে”, “অসমৰ কৃষি বিজ্ঞানীয়ে যুগুতাই উলিওৱা প্রকল্প আমেৰিকা” আদি। আশা-নিৰাশাৰ দুমোজাত থাকোঁতেই ২৩ জুলাই ২০১৩, তাৰিখৰ ‘দৈনিক জনমভূমি’ত পঢ়িবলৈ পালো ‘ বিভিন্ন আঁচনিৰ অধীনত চাউল সহজলভ্য হৈ পৰাত কৃষিকর্মৰ বাবে অনীহা প্রকাশ কৰাৰ সুৰুঙাত হাজাৰ হাজাৰ বিঘা কৃষিভূমি পৰিবর্তন হৈছে আন কার্যত ’। প্রথমে এজন সাধাৰণ যেন লগা কৃষকৰ উপলব্ধি, তাৰ পাছত এজন চিন্তশীল ব্যক্তিৰ তীর্যক আৰু শেহতীয়াকৈ তৃণমুলৰ পৰা খবৰ বিচাৰি অনা সাংবাদিকৰ বার্তাই যি ছবি মনলৈ আনিছে সেয়া নিশ্চয় আশাব্যঞ্জক নহয়। উন্নয়নৰ প্রায় সকলো দিশতে পিছ পৰি থকা ৰাজ্যখনৰ কৃষকসকলৰ কৃষিৰ প্রতি দেখা দিয়া এনে অনীহাৰ প্রকৃত কাৰণ বিচাৰি তাৰ সমাধান উলিওৱা অতি প্রয়োজন হৈ পৰিছে। সেয়ে বিজ্ঞজনে এই দিশত তেখেতসকলৰ মতামত আগ বঢ়াব বুলি আশা কৰিলোঁ।


No comments:

Post a Comment