সেউজী ধৰণী
শস্যৰূপা
সু-সংহত শস্যৰক্ষা
ব্যৱস্থাপনা – ৫
ডঃ চাদিকুল হুছেইন
বিষয়া:- এতিয়ালৈকে আপোনালোকে জানিব পাৰিলে যে ভাল জাত এটা লৈ সঠিক সময়ত খেতিটো
কৰিলে শস্যডৰা পোক-পৰুৱা, বেমাৰ- আজাৰৰ আক্রমণৰ পৰা বহুখিনি হাত সাৰি থাকে। সেইদৰে
সাৰৰ পৰিমাণ ঠিক থাকিলে আৰু নাইট্র’জেনযুক্ত সাৰ যেনে ইউৰীয়া ভাগ ভাগকৈ দিলে এই
ব্যাধিবোৰ কম হয়।
ৰমেন:- ছাৰ, সাৰ ঠিক মতে দিলেও পোক-পৰুৱাবোৰ কম হয় নেকি ?
বিষয়া:- হয়, কম হয়। গছত নাইট্র’জেন বেছি হ’লে গা-গছবোৰ চনকা হয়। মজাখোৱা আৰু
পিঁয়াজীৰ দৰে পোখা আক্রমণ কৰাবোৰে এনে গোছাবোৰত সহজে বিন্ধা কৰিব পাৰে। আনহাতে
পটাছ সাৰ কম হ’লে গা-গছ লেহুকা হয়, যাৰ বাবে গছজোপাই আঘাট সহ্য কৰিব নোৱাৰে। সাৰৰ
পৰিমাণ আৰু দিয়াৰ ধৰণটো কিয় ঠিক হ’ব লাগে এতিয়া বুজিলেনে ?
দদাই:- কথাবোৰ এতিয়াহে টং কৰিছো। সাৰৰ দোকানীয়ে ডি এ পি দিলেই হৈ যাব বুলি কয়
কাৰণে অকল তাকে দিওঁ। হেৰৌ, পটাছ সাৰ দিয়াই নাই! গছে পোক-পৰুৱাৰ লগত যুঁজিবলৈ বল
পাব ক’ৰ পৰা!
বিষয়া:- ৰাইজ, আমাৰ ভুলবোৰ ক’ত হয় ধৰিব পাৰিছেনে?...এতিয়া পাছৰ কথাখিনিলৈ আহোঁ।
খুড়ী:- হয় ছাৰ, কওক। আৰু বা আমাৰ কিমান ভুল ধৰা পৰে।
বিষয়া- এইবাৰ আহো কঠীয়া ৰোৱাৰ দিশটোলৈ। আপোনালোকে নিশ্চয় কঠীয়াৰ আগবোৰ ছিঙি
ৰোৱে।
খুড়ী:- হয় ছাৰ, আমি আগবোৰ ছিঙি ৰোওঁ। তেনেকৈ ৰোৱাটো বেয়া নেকি ?
বিষয়া:- বেয়া নহয়। কিন্তু ছিঙা আগবোৰ ডৰাটোত নেপেলাব।
খুড়ী:-কিয় ছাৰ ?
বিষয়া:- কাৰণ মজাখোৱা আদি বহুকেইটাই কঠীয়াৰ আগত কণী পাৰে। ছিঙা আগবোৰ ডৰাটোত পেলালে
তাৰ পৰাই সময়ত পলু ওলাই গোছাত আক্রমণ কৰিব পাৰে। সেইকাৰণে পথাৰৰ পৰা আঁতৰত আগবোৰ
ছিঙি নষ্ট কৰি দিব লাগে।
খুড়ী:- আমি আকৌ ৰুবলৈ সুবিধা হোৱা কাৰণেহে আগবোৰ ছিঙি লওঁ।
দদাই:- তাৰমানে পোক-পৰুৱা কম কৰাৰ এইটোও এটা উপায়।
বিষয়া:- হয়, এনে বহুতো সৰু-বৰ কৃষিকার্য আছে যিবোৰ ভালদৰে মানি চলিলে পথাৰত
পোক-পৰুৱা, বেমাৰ-আজাৰ কম হয়। এইখিনিতে এটা কথা জানি ল’ব বিচাৰিছো।
ৰমেন:- কি কথা ছাৰ ?
বিষয়া:- আপোনালোকে ধানৰ লিফ ব্লাইট মানে পাত লেৰেলা পৰা বেমাৰবিধ চিনি পাই নে
?
দদাই:- এইবিধনো কেনেকুৱা বেমাৰ ?
বিষয়া:- ধান ৰুই উঠাৰ পাছতে এইবিধ বেমাৰে দেখা দিলে পাত হালধীয়া হোৱাৰ লগতে
প্রথম গাঠিটোৰ গুৰিৰ ফালে ক’লা পৰে। পাছলৈ পাতখিলা লেৰেলি যায় আৰু গছৰ পৰা ছিঙি
পানীত সৰি পৰে। অৱশ্যে গছ ডাঙৰ হোৱাৰ পাছত এইবিধ বেমাৰৰ লক্ষণ বেলেগ হয়।
ৰমেন:- ৰুই উঠাৰ পাছত এনেহোৱা দেখা নাই। অৱশ্যে কেতিয়াবা কেতিয়াবা পাতত
ফুটফুটীয়া দাগ পৰা দেখোঁ।
খুড়ী:- ছাৰে যে বেমাৰৰ কথা সুধিলে ? পাত ছিঙাৰ লগত কিবা সমন্ধ আছে নেকি ?
বিষয়া:- এইবিধ বেমাৰ যদি আপোনালোকৰ অঞ্চলত হয় তেন্তে ৰোৱাৰ সময়ত কঠীয়াৰ আগ
ছিঙি নল’ব। কাৰণ ছিঙা আগটোৰে বেমাৰৰ বীজাণু গছৰ ভিতৰলৈ সহজে সোমায় যাব।
দদাই:- তেতিয়া হ’লে এইটো বেয়া কৃষিকর্ম হ’ব। নে কি কয় ছাৰ?
বিষয়া:- হয়। সেয়ে এনে বেয়া কৃষিকর্মৰ পৰা আঁতৰি থাকিব। এতিয়া কওকচোন, ধান ৰুই
উঠাৰ পাছত কি কৰে ?
দদাই:- ইয়াৰ পাছত...এৰা ইয়াৰ পাছত কি কৰোঁ ?
ৰমেন:- পথাৰখন মাজে মাজে চাই থাকো। অ’ত,ত’ত ৰোৱাবোৰ মৰা দেখিলে নতুন কঠীয়া ৰুই
দিওঁ। পোক-পৰুৱা লাগিছে নেকি সেইটোও চাই থাকো।
বিষয়া:- তাৰমানে পথাৰখন নিৰীক্ষণ কৰি থাকে। এইটো বৰ ভাল কথা। কিন্তু ইয়াৰ লগে
লগে আন এটা অতি দৰকাৰী কাম আপোনালোকে কৰিব লাগে।
খুড়ী:- কি দৰকাৰী কাম ছাৰ ?
বিষয়া:- সেইটো হৈছে ৰুই উঠাৰ পাছতে ডৰাবোৰত যিমান পাৰে সিমান জেং পুতি দিব।
দদাই:- জেং ? জেং আকৌ কিয় পুতিব লাগে?
বিষয়া:- সেই জেংবোৰত চৰাই বহিব আৰু ডৰাটোত দেখা দিয়া পোক খাই আপোনাক সহায় কৰি
থাকিব।
খুড়ী:- তাৰমানে দৰব ছটিয়াব নালাগে?
বিষয়া:-হয়, প্রথম অৱস্থাত চৰাই-চিৰিকটিয়েই দৰবৰ কাম কৰি থাকিব। আনহাতে ডৰাবোৰত
যদি নিমৰ পাত, জার্মানি বন আদিৰ পাত ছটিয়াই থয় তেন্তে বহুতো পোক আঁতৰি থাকিব। অৱশ্যে
ধানৰ ফুল ফুলাৰ লগে লগে জেংবোৰ আঁতৰাই দিব যাতে ধান খোৱা চৰাই বহিবলৈ সুবিধা
নাপায়।
দদাই:- অ’, মই তাকে সুধিব বিচাৰিছিলোঁ বোলো জেংবোৰ ৰাখিয়ে থম নেকি?
খুড়ী:- সেইটো কিবা সুধিবলগীয়া কথা নেকি ? নিজেই বুজিব লাগে। ছাৰে হ’ল বুলি
সকলো কথাই ক’ব নেকি?
ৰমেন:- আমাৰ ইয়াত শালিকা আৰু ফেঁচু চৰাই পথাৰলৈ বৰকৈ আহে। তাৰমানে সিহঁতে পোক
খাবলৈকে আহে।
খুড়ী:- পোকবোৰ খাই সিহঁতে সেইযে ছাৰে কৈছিল সেইটো ৰক্ষা কৰি থাকে। নহয় জানো
ছাৰ ?
বিষয়া:- আপুনি ঠিক কথা কৈছে। এই চৰাইবোৰৰ লগতে মকৰা জিঁয়া, ভেকুলী আদিয়ে
পোক-পৰুৱা খাই আমাক সহায় কৰি থাকে। এইবোৰ আমাৰ বন্ধু , নহয় জানো ?
দদাই:- হয়, হয়, কিয় নহ’ব। আমি নজনাকৈয়ে এইবোৰে আমাক খেতিটোত সহায় কৰি আছে।
খুড়ী:- তাৰমানে দৰব ছটিয়ালে এই গোটেইবোৰ মৰিব।
বিষয়া:- এই কামখিনি কৰাৰ লগতে আপোনালোকে পাৰিলে আৰু এটা কাম কৰিব।
দদাই:- কি কাম ছাৰ ?
বিষয়া:- আপোনালোকৰ হাঁহ আছে নে ?
খুড়ী:- আছে ছাৰ। সকলোৰে নাথাকিলেও বেছি ভাগৰে ঘৰত হাঁহ আছে।
বিষয়া:- হাঁহবোৰ পথাৰতে চৰিবলৈ দিব। ইহঁতে পোক-পৰুৱা খোৱাৰ লগতে খুচৰি খুচৰি
মাটিখিনিও উন্নত কৰি ৰাখিব।
দদাই:- এইটো কাম আমি কৰোঁ। সিহঁতৰ মলখিনিও সাৰ হয়। সেইকাৰণে হাঁহ মেলা ডৰাবোৰৰ
চেহেৰাই বেলেগ হৈ যায়।
বিষয়া:- এইবোৰ আমি কৰি থকা কাম। এইবোৰৰ পৰাই আমি খেতিটো দৰব-পাতি ব্যৱহাৰ
নকৰাকৈ সহজে ৰক্ষা কৰি থাকিব পাৰো। সেইকাৰণে আই,পি,এম ত এনে কৃষিকার্যবোৰ মানি
চলাত অধিক গুৰুত্ব দিয়া হয়। আমি কৰি থকা কৃষিকার্যবোৰে শস্যৰক্ষা কৰাত কেনেদৰে
সহায় কৰে সেই বিষয়ে এতিয়া বুজি পালেনে?
দদাই:- হয় ছাৰ বহুত কথাই বুজিব পাৰিলো। এইবোৰ ভালদৰে মানি চলিয়েই খেতিটো কৰিব
পৰা যাব।
খুড়ী:- আৰু দৰব ছটিয়াই বিপদত পৰিব নালগিব।
বিষয়া:- দৰব অৱশ্যে কেতিয়াবা দিবলগীয়া হ’ব পাৰে। কেতিয়া আৰু
কি দৰব দিব লাগিব সেই বিষয়ে অহাবাৰলৈ আলোচনা কৰিম ।আজিলৈ আহিছো। নমস্কাৰ।
No comments:
Post a Comment