সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা
---বনচাই
পঞ্চম খণ্ড
নৱ কুমাৰ বৰা
বনচাইৰ আকাৰ আৰু গঢ় দিয়া
বনচাইক এক শিল্পকর্মলৈ পৰিণত কৰাত আকাৰ আৰু
গঢ় দিয়া কার্যই মূখ্য ভূমিকা পালন কৰে। আনহাতে এই কার্য নির্ভৰ কৰে গৰাকীজনৰ
কল্পনা আৰু কাৰিকৰী নৈপুণতাৰ ওপৰত। সেয়ে বনচাইৰ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত
ৰুচিৰ ব্যক্তি হোৱাৰ লগতে এজন নিপুণ কাৰিকৰ হোৱাটো একান্তই বাঞ্চনীয়।
ক)
বনচাইৰ আকাৰ দিয়া
১)
অগ্রজমুকুল বা কলি চিঙি দিয়া
গছৰ পৰিৱর্দ্ধনৰ সময়ত অতিৰিক্ত কলিবোৰ চিঙি দিয়া হয়। নীতি
অনুসৰি গুৰি ভাগৰ পাতৰ কোণত সুপ্ত কলিবোৰ থাকে আৰু সাধাৰণতেই ইহঁতক সুৰক্ষা দি আগৰ
পাত, কলি আদি কাটি দিয়া উচিত। কাল্পনিক আকাৰ এটা মনত ৰাখি প্রতিটো ডালৰপৰা দুটা বা
তিনিটা কলি চিঙি দিয়া দৰকাৰ।
২)
প্রুণিং
বসন্ত সোমাওঁতেই নতুনপোখা মেলাৰ আগে আগে
প্রুণিং কৰা ভাল। এই কামটো কৰোঁতে তলৰ অংশতকৈ ওপৰৰ অংশৰ প্রুণিং বেচিকৈ কৰা ভাল।
এই ক্ষেত্রতো গুৰিভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দি অগ্রজভাগটো কটা প্রয়োজন। এনে
কৰিলে অতিৰিক্ত বর্দ্ধন হ্রাস হ’ব আৰু স্বাভাৱিক আকাৰ নষ্ট নোহোৱাকৈ বনচাইৰ অগ্রজ
আৰু গুৰি অংশৰ সমতা স্থাপন কৰিব পাৰি। প্রুণিং কৰোঁতে তিনিটা মন কৰিবলগীয়া কথা হ’ল ---বয়সীয়াল পাতৰ গুৰি
ভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দিয়া; প্রতি তিনিডলীয়া ফেৰেঙণীৰ তৃতীয়টো কাটি দিয়া;
এটা এৰি এটাকৈ কটা(Alternate
cutting) অর্থাৎ মূলডালৰ দুটা বিপৰীতমূখী ডাল একেলগে থাকিবলৈ
নিদিয়া।
৩)
পাত কটা
প্রাপ্তবয়স্ক পাতবোৰ কাটি দিলে বেচিকৈ নতুন
পোখা ওলাব। সাধাৰণতে বৰষুণৰ বতৰত এই কাম কৰা হয় যদিও গছৰ পৰিবর্দ্ধন আৰু
স্বাস্থ্যৰ ফালে চকু দি যিকোনো সময়তে পাত কাটিব পাৰি। এই কামটোৰ আগতে কেতিয়াও
সাৰ-পানী দিয়া উচিত নহয়। কেতিয়াবা বনচাইৰ আকাৰ নষ্ট হ’লে দুই ভাগৰ বা তিনিভাগৰ এক
অংশ পাত কাটি দিব পাৰি।
কমবয়সীয়া আৰু স্বাস্থ্যবান গছ একেটা ঋতুতে ২-৩ বাৰ কাটিব
পাৰিলেও দুর্বল আৰু বয়সীয়াল গছৰ ক্ষেত্রত পাত কটাৰ মাত্রা কম কৰা উচিত।
৪)
তাঁৰ মেৰিওৱা
বহুতেই ভবাৰ দৰে এই কাম বাধ্যতামূলক নয়।
প্রুণিং আদি কৰাৰ পাছতো মনে বিচৰা আকাৰ নেপালেহে কুমলীয়া কাণ্ড আৰু ডালবিলাক তাঁৰ
মেৰিয়াই ভাঁজ দিয়া হয়। ইয়াৰ বাবে বিভিন্ন আকাৰৰ তামৰ তাঁৰ ব্যৱহাৰ কৰিব পাৰি। এনে তাঁৰবোৰ
ব্যৱহাৰ কৰাৰ আগতে ভালদৰে তপতাই ঠাণ্ডা কৰিলোৱা উচিত। মাটিত এটা মুৰ পুতিলৈ গছৰ গতিৰ
দিশত পকাই যাব লাগে।
ফেৰেঙণী থাকিলে বাওঁফালৰ ডালত সেইডালেই পকাই অন্যফালে বেলেগ
টুকুৰা পাক দি ভালদৰে লৰচৰ কৰিব নোৱৰাকৈ অগ্রভাগত বান্ধি দিয়াৰ প্রয়োজন। খৰতকীয়া
গছ ৪-৫ সপ্তাহতে ভাঁজ লব পাৰে। আজিকালি ইলেক্ট্রিকেচ্ দোকানত পোৱা প্লাষ্টিক বা
সূতা মেৰিউৱা তাঁৰো ব্যৱহাৰ কৰিব পাৰি ।
৫)
মূলঅক্ষ (Axis) তৈয়াৰ কৰা
গছৰ প্রকৃতি অনুসৰি ইয়াৰ অক্ষ বেলেগ হ’ব
পাৰে। প্রয়োজনীয় ডাল বা কাণ্ড বাচি লৈ অতিৰিক্ত শাখা-প্রশাখাবোৰ এৰুৱাই পেলোৱা
উচিত। স্বাভাৱিকভাৱে মূলঅক্ষ নথকা গছত পচন্দ অনুসৰি ডাল এটা নির্বাচন কৰি তাক
উৎসাহিত কৰিব লাগে।
৬)
‘জিন’ আৰু ‘ইউৰ’ (Jin
and Uro)
যিবিলাক গছৰ ডাল বা কাণ্ডৰ বাকলি পচি নষ্ট হৈ
তলৰ কাঠ অংশ ওলাই পৰে সেইবোৰক ‘জিন’ আৰু ধুমুহা-বজ্রপাত আদিয়ে গা-গছ বা ডাল ফালি
আধামৰা কৰি থয় সেইবোৰক ‘ইউৰ’ বুলি কোৱা হয়। ‘জিন’ৰ কাৰণে শাখা ডালৰ আগফালৰ বাকলি
এৰুৱাই দিব পাৰি কিন্তু এই শাখাৰ আকৃতি মূল কাণ্ডৰ আধা হোৱা উচিত আৰু কৃত্রিম
ভাবটো কেতিয়াও প্রকাশ পাব নালাগে। একে ধৰণেৰে ডাঙৰ ডাল ফালি এৰুৱাই ‘ইউৰ’ৰ সৃষ্টি
কৰিব পাৰি।
খ)
বনচাইৰ গঢ় দিয়া
১)
থিয় পোন গছ
পোনে পোনে বঢ়া গছ ইয়াৰ বাবে উপযোগী। গুৰি অংশ খালি কৰি
ৰাখিব লাগে আৰু একে সমতলত যাতে দুটা ডাল কেতিয়াও নাথাকে তালৈ লক্ষ্য ৰাখিব লাগে।
ওপৰলৈ বাঢ়ি যোৱা ডালপাতবোৰৰ ভাৰসাম্যতা বজাই ৰাখি গুৰিৰপৰা তিনি-চাৰি ডালমান শিপা
চাৰিওফালে বিয়পাই বঢ়াব লাগে। পুলি গছবোৰ ঘনাই প্রুণিং কৰি স্বাভাৱিক আকাৰত ৰখা
উচিত। মাতৃগছৰ ওপৰ অংশৰ ডাল ধৰি এনেধৰণৰ বনচাই গঢ় দি ল’ব পাৰি।
২)
যুৰীয়া গছ
এই ধৰণৰ বনচাইত গুৰি ভাগৰপৰা ওলোৱা দুটা পুলি
পোন, বেঁকা বা পাকখোৱা ডাল নন্দনতাত্ত্বিক চেতনাৰে গঢ়ি তুলিব পাৰি। গৌণ ডালটো
মুখ্য গা-গছৰ কাষ চাপি অহা ডাল আৰু সিহঁতৰ মাজৰ খালি ঠাই কম হোৱা উচিত।
সুবিধাজনক
গছ নাপালে এজোপা গছকে দুভাগ কৰি ল’ব পাৰি। পুলি লগাওঁতে মাতৃগছৰ ফেৰেঙণিৰ ঠিক তলতে
ডাল ধৰি এই অভাৱ পুৰণ কৰিব পাৰি। দুয়োটা অংশৰ আকৃতি-প্রকৃতিৰ মিল থাকিলে বনচাই
জোপা শুৱনি হ’ব।
৩)
হেলনীয়া গছ
এনে
গছ প্রকৃতিত অসংখ্য পোৱা যায় বাবে তাৰ পৰাই সংগ্রহ কৰি ল’লে উপযুক্ত বনচাই পাব
পাৰি। নহ’লে ঘনাই ফেৰেঙণি থকা ডালবোৰ বিচাৰি গঢ় দিব লাগে। ওখ পুলিৰ আগটো কাটি,
ভাঁজ দি, কৌশলেৰে প্রুণিং কৰি এনে বনচাই গঢ়িব পাৰি।
৪)
বৃক্ষসমষ্টি
ইয়াত একেলগে কেইবাজোপা জুম বান্ধি লগালেও
সিহঁতক যিকোনো কাষৰ পৰা চালে এডাল সৰল ৰেখাতে দেখা হ’ব নালাগে। অন্যথা সিহঁতক
একেজোপাৰে শিপাৰপৰা ওলোৱা যেন লাগিব। সাধাৰণতে মিহি বাঁহৰ শলি জালৰ দৰে বান্ধি
পাত্রৰ তলিত ৰাখি তাত পুলিবোৰৰ শিপাবোৰ লগলগাই প্লাষ্টিক বা সুতাৰে বান্ধি দিব পৰা
যায়। এই কামত তাঁৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বেলেগ বেলেগ জাতৰ গছ এইদৰে জুম
বান্ধি লগাব পাৰিলেও সিহঁতৰ পৰিবর্দ্ধন তথা স্বভাৱৰ ভিন্নতাৰ বাবে আশানুৰূপ ফল
পোৱা নাযায়।
৫)
সংযুক্ত শিপাৰ গছ
ইয়াত সমান্তৰালভাৱে হোৱা শিপাবোৰ বৃক্ষসমষ্টিৰ দৰেই বান্ধি দিয়া হয়। কিন্তু
গুৰিৰপৰা বেছি দূৰলৈ যোৱা শিপাবোৰ পেগিং কৰি কাষত শিল আদিত দি লম্বভাৱে ওপৰলৈ
বাঢ়িবলৈ দিব লাগে।
৬)
প্রপাত বা কেচ্ কেড্
পর্বতীয়া জুৰিৰ পাৰৰ শিলৰ ফাঁকত গজা গছবোৰৰ
তললৈ বিয়পি অহা ভংগীমাকেই কেচ্ কেড্ বুলি কোৱা হয়। ইয়াৰ বাবে গা-গছডাল শিপাৰ
বিপৰীত দিশত আগবাঢ়ি যোৱা উচিত।
গা-গছৰ গুৰিৰ নাইবা ওপৰৰ ডালবোৰ অতিমাত্রা ভাঁজ দি
এনেকুৱা কৰিব পাৰি। যিহেতু বনচাইত শিপাৰ সৌন্দর্যৰ গুৰুত্ব সিমান নাই গতিকে দ’
সৰু, ঠেক পাত্র ব্যৱহাৰ কৰিব পাৰি। কিন্তু আংশিক কেচকেড্ ৰ বাবে বাম, ট্রেৰ দৰে
পত্র লোৱা ভাল।
৭)
গছ আৰি শিল
গছবিলাকৰ জীৱন শক্তিৰ ক্ষমতা ইমানেই প্রবল যে
সিহঁতে অতি প্রতিকুল পৰিৱেশতো পৰিবর্দ্ধিত হৈ সৌন্দর্য প্রদান কৰিব পাৰে। ওখ শিলৰ
গাত, গছৰ খোৰোং, দেৱালৰ চাপত, পকী দলঙৰ ভাঁজ আদিত থকা আকর্ষণীয় ভংগীমাৰ গছবোৰেই
ইয়াৰ প্রমাণ। সাধাৰণতে তিনিধৰণৰ শিলত গঢ়া বনচাই পোৱা যায়।
ক) শিপাবোৰ শিলৰ ফাঁকে ফাঁকে বাঢ়ি গৈ তলৰ পাত্রৰ
মাটিত খামুচি ধৰেগৈ।
খ) সামান্য মাটি থকা বাম ট্রেৰ দৰে পাত্রত
থকা শিলৰ ওখোৰা মোখোৰাত শিপাবোৰ আৱদ্ধ হৈ পৰে।
৩) গছজোপা শিলৰ ওপৰত শিপাই কমোৰ মাৰিয়েই
জীয়াই থাকে।
এনে বনচাইত গছৰ শিপাবোৰ শিলত কপকপীয়াকৈ
বান্ধি দিয়া হয়। এই কামত শিলটোৰ ফাঁকত সীহৰ টুকুৰা তাঁৰ ভৰাই প্রয়োজন অনুসৰি
শিপাবোৰ বান্ধি তাৰ ওপৰত তলত উল্লেখকৰা মিশ্রণটোৰ তৰপ এটা দি সুন্দৰ সেউজীয়া মচেৰে
স্বাভাৱিকভাবে ঢাকি দিব লাগে।
চাৰিভাগ মচ + তিনিভাগ নৈৰ বালি+ তিনিভাগ
ৰঙা মাটি
অসমত বিভিন্ন আকাৰৰ ওখোৰা-মোখোৰ শিলৰ অভাৱ
নাই। তথাপিও হাতত তেনেকুৱা শিল নাথাকিলে তুলনামূলকভাবে কোমল শিল খাঁজ কাটি, ফুটা
কৰি তামৰ পাইপ আদি ভৰাই উপযুক্ত কৰি ল’ব পাৰি। এই ধৰণৰ বনচাইত শিলৰ ফাঁকবোৰত
সাৱধানে মাটি ভৰাই শিপাবোৰ সুন্দৰকৈ ঢাকি
দি দিনে দুই-তিনিবাৰকৈ পানী দিয়া উচিত।
ম’বাইল: ৮৪৭২০২৪৮১৭