Tuesday 20 December 2016

মাহ জাতীয় শস্য :: On importance of pulse crop


সেউজী ধৰণী
অসমত মাহ জাতীয় শস্য ইয়াৰ আৱশ্যকতা আৰু ভৱিষ্যত ।
ভূপেন দত্ত





মানৱ তথা প্ৰাণী দেহৰ পুষ্টি সাধনত অন্যান্য উপাদানৰ তুলনাত প্ৰটিনৰ স্থান অধিক গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত মাহ জাতীয় শস্যক প্ৰটিনৰ এক অন্যতম উৎস ৰূপে গণ্য কৰা হয় । মাহ জাতীয় শস্যই আমাক প্ৰটিন যোগান ধৰাৰ উপৰিও মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে । সুষম আহাৰ হিচাপে প্ৰতিদিনে মানুহৰ বাবে ৪৬-৫৬ গ্ৰাম মাহ জাতীয় খাদ্য তালিকাত অন্তৰ্ভূক্ত হোৱা উচিত যদিও ব্যৱহাৰিক দিশত এই পৰিমান ক্ৰমাগতভৱে কমি গৈ আছে । অসমত মাহ জাতীয় শস্যৰ অন্তৰ্গত মগুমাহ, মাটি মাহ, অৰহৰ, মটৰ, বুট, লেচেৰা আদিৰ খেতি কম বেছি পৰিমাণে ৰবি আৰু খাৰিফ বতৰত কৰা হয় যদিও উক্ত শস্য সমূহৰ উৎপাদিত সামগ্ৰীৰে অসমৰ চাহিদা পূৰণ নহয় । অৱশ্যে ৰাজ্যখনত মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ভৱিষ্যত অতি উজ্বল বুলি কব পাৰি । সেয়েহে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাহসমূহ ফঁহিয়াই চাই উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে । ধান জাতীয় শস্যৰ তুলনাত মাহ জাতীয় শস্যত থকা প্ৰটিনৰ পৰিমাণ অধিক। আনহাতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত খেতি কৰা মাহ জাতীয় শস্যৰ উৎপাদিকা শক্তিও কম । এই ক্ষেত্ৰত অসমৰ জলবায়ু তথা ৰাজ্যখনৰ বেলেগ বেলেগ অঞ্চলৰ পথাৰত খেতি কৰিব পৰা অধিক উৎপাদনক্ষম জাত উদ্ভাৱনৰ গৱেষণা ভিত্তিক ব্যৱস্থাটো আৰু অধিক গতিশীল কৰা আৱশ্যক হৈ পৰিছে । ইয়াৰ লগতে ইতিমধ্যে উদ্ভাৱন কৰা উন্নত জাতসমূহ খেতিয়কৰ বাবে অধিক গ্ৰহণযোগ্য কৰিবলৈ খেতিয়কৰ পথাৰত এই জাতসমূহৰ প্ৰদৰ্শনমূলক খেতি ফলপ্ৰসূভাৱে ৰুপায়িত কৰিলেহে এই দিশত সফলতা লাভ কৰিব পৰা যাব।
এডৰা মাটিত নিৰ্দিষ্ট সংখ্যক গছ থাকিলেহে মাটি আৰু ইয়াত থকা সাৰখিনি সমানুপাতিক হাৰত সঠিকভাৱে ব্যৱহাৰ হয় । তদুপৰি এই পদ্ধতিৰে শস্য ৰোপণ কৰিলে খেতিৰ মাজত বনবাত পৰিস্কাৰ, শস্য সংৰক্ষণ ব্যৱস্থা, শস্য চপোৱা আৰু সঘনে শস্যডৰাৰ প্ৰতিজোপা গছ নিৰীক্ষণ কৰিবলৈ সহজ হয় ।
পানীক উদ্ভিদৰ প্ৰাণ বুলি কব পাৰি । কিয়নো শস্য বৃদ্ধিৰ প্ৰায়বোৰ প্ৰক্ৰিয়াত পানীৰ ভুমিকা অতি লক্ষণীয় । সেয়েহে বিশেষকৈ ৰবি বতৰত খেতি কৰা মাহ জাতীয় শস্যসমুহৰ জীৱনকালত বতৰ খৰাং হৈ থাকিলে খেতিডৰাত আৱশ্যক অনুসৰি পানী যোগান ধৰিব লাগে- অন্যথাই উৎপাদন নিম্নগামী হয় । আনহাতে প্ৰাক- খাৰিফ বতৰত কৰা বৰ্ষাকালীন মগু মাহৰ বীজ পলমকৈ সিচিঁলে এইবিধ মগুমাহ সাধাৰণতে বৰষুণৰ কবলত পৰে । মগুমাহৰ জীৱনকাল চমু- সেয়েহে বৰ্ষাকালীন মগু মাহ আগতীয়াকৈ সিঁচিলে সাধাৰণতে বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ আগতে এই শস্য চপাব পাৰি । তাৰোপৰি অৰহৰ খেতিৰ ক্ষেত্ৰত ভিন-ভিন অণ্চলত খাপ খোৱাকৈ, কম জীৱন কাল বিশিষ্ট আৰু অধিক উৎপাদনক্ষম জাতৰ উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত ।
অসমৰ মাটি প্ৰধানকৈ আম্লিক গুণসম্পন্ন । এই ক্ষেত্ৰত মাটিত চূণ প্ৰয়োগ কৰাটো এটা  আৱশ্যকীয় দিশ । এই ক্ষেত্ৰত খেতি আৰম্ভ কৰাৰ আগতে মাটিডৰা পৰীক্ষা কৰি অনুমোদন সাপেক্ষেহে সাৰ আৰু চূণ প্ৰয়োগ কৰিলে অধিক উৎপাদন লাভ কৰিব পাৰি । মনত ৰখা উচিত যে প্ৰয়োগ কৰিবলগীয়া চূণখিনি বীজ সিঁচাৰ অন্ততঃ একমাহ আগতে মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে । উল্লেখযোগ্য যে পানী থকা পথাৰত চূণ প্ৰয়োগ কৰিব নালাগে ।

প্ৰণিধানযোগ্য যে মাহ জাতীয় শস্যৰ শিপাত কিছুমান টেমুনা থাকে । এইবোৰ টেমুনা সৃষ্টি কৰা জীৱানু বিলাকে বায়ুমণ্ডলৰ পৰা শস্যৰ প্ৰধান আহাৰ নাইট্ৰজেন আহৰন কৰি মাটিত জমা কৰি ৰাখিব পাৰে । এই প্ৰক্ৰিয়াৰ জৰিয়তে মাহ জাতীয় শস্যডৰাক নাইট্ৰজেন সাৰ যোগান ধৰাৰ উপৰিও পিছৰটো শস্যৰ বাবে এক বুজন পৰিমানৰ নাইট্ৰজেন সাৰ মাটিত জমা হৈ থাকে উল্লেখযোগ্য যে এনেদৰে জমা হোৱা নাইট্ৰজেন সাৰ অন্য ৰাসায়নিক সাৰৰ তুলনাত শস্যৰ বাবে অধিক উপকাৰী ভিন ভিন মাহ জাতীয় শস্যৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট জীৱানু সাৰ পেকেট হিচাপে বজাৰত কিনিব পোৱা যায় । এই বীজানু সাৰ নিৰ্দিষ্ট হাৰত বীজৰ লগত ভালদৰে মিহলি কৰি বীজ সিচিঁলে শিপাত সৰহ সংখ্যক টেমুনাৰ সৃষ্টি হয় । মাহ জাতীয় শস্যই নিজেই ইয়াৰ প্ৰধান খাদ্য নাইট্ৰজেন প্ৰস্তুত কৰি লব পাৰে- তথাপিও কৃষি বিশেষজ্ঞৰ দিহা- পৰামৰ্শ অনুসৰি মাহ জাতীয় শস্যৰ জীৱন কালত আৱশ্যকীয় ফছফৰাছ আৰু পটাচিয়াম সাৰ প্ৰয়োগ কৰাটো এটা প্ৰয়োজনীয় দিশ ।
মাহ জাতীয় শস্যৰ প্ৰধান শত্ৰু হল ছেই বিন্ধা কৰা পোক । এই বিধ পোকে আক্ৰমণ কৰি ক্ষেত্ৰ বিশেষে শস্যডৰাৰ প্ৰায় অংশ ছেই নষ্ট কৰি পেলায় ইয়াৰ ফলস্বৰুপে শস্যৰ উৎপাদন বহু পৰিমানে হ্ৰাস পায় । সেয়হে শস্যডৰাত ছেই আৰম্ভ হোৱাৰ আগতে বিশেষজ্ঞৰ লগত আলোচনা কৰি শস্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত 
পথাৰত বিভিন্ন মাহ জাতীয় শস্য গাইগুটীয়া অথবা অন্য শস্যৰ লগত মিহলি খেতি হিচাপেও কৰিব পাৰি । এডৰা মাটিত দুটা বা ততোধিক খেতি কৰা অৰ্থাৎ বহু তৰপীয়া খেতি পদ্ধতিত অন্ততঃ এটা মাহ জাতীয়  শস্য অন্তৰ্ভুক্ত কৰা উচিত । এনে ক্ষেত্ৰত মাটিডৰাৰ উৰ্বৰতা শক্তি অটুট থকাৰ উপৰিও মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধি হয় । অন্য খেতিৰ লগত মিহলি খেতি হিচাপে কম দিনীয়া জাতৰ মগুমাহ- কুঁহিয়াৰ নাইবা আলু খেতিৰ মাজত কৰি লাভৱান হব পাৰি ।
মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত নিজৰ মাটিডৰাৰ বাবে খেতিয়কসকলে সমন্বিত কৰ্ম- প্ৰণালীৰে এখন নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰি সেইমতে আগবাঢ়ি গলে আমাৰ ৰাজ্যখন মাহ জাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিব আৰু লগতে ৰাজ্যখনৰ কৃষি অৰ্থনীতিও নিশ্চয় টনকিয়াল হৈ উঠিব বুলি আশা কৰিব পাৰি 
কৃষি বিশেষজ্ঞ:::  ম’বাইল: ৯৪৩৫৩২৯০৬০

(পূর্বে প্রকাশিত এক লিখনীৰ সম্পাদিত ৰূপ--- লেখক)

No comments:

Post a Comment