Saturday 24 August 2013

সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনা- ২



সেউজী ধৰণী




[আলোচনাৰ পৰিৱেশ]


বিষয়া:- নমস্কাৰ ৰাইজ।

ৰাইজ:- নমস্কাৰ, নমস্কাৰ।

বিষয়া:-ৰাইজ, আমাৰ আলোচনা বিলাকৰ পৰা আপোনালোকৰ উপকাৰ হৈছেনে?

ৰমেন:- হৈছে ছাৰ হৈছে। বহুতো নজনা কথা জানিব পাৰিছো। এই নতুন কথাবোৰ জানিবলৈকে ৰাইজ সদায় আহে।

খুড়ী:- হয় ছাৰ, ৰমেনে ঠিক কথাই কৈছে। আমাৰ ৰাইজ এতিয়া কৃষিৰ নতুন কথাবোৰ জনাৰ প্রতি ৰাইজ বৰ আগ্রহী।

বিষয়া:- ধন্যবাদ। আমাৰ এই আলোচনা বিলাকৰ পৰা আপোনালোকৰ উপকাৰ হোৱা বুলি জানি বৰ ভাল লাগিল। আজিকালি খেতি-বাতিৰ বহুতো কথাই নতুন হ’ল। এই নতুন কথাবোৰ শিকি-বুজি যিসকল খেতিত আগ বাঢ়িব তেওঁলোকৰ উন্নতি আন সকলতকৈ বেছি হ’ব।

খুড়ী:- [ফুচফুচাই] হেৰি, কথাটো নকয় কিয়?

দদাই:- [ফুচফুচাই] এহ, ৰ’ অ’, এইজনী।

খুড়ী:- [ফুচফুচাই] আপুনি নকয় যদি ময়ে কওঁ নেকি ?

বিষয়া:- কি হ’ল খুড়ী, কিবা কওঁ কওঁ বুলি আছে দেখোন ?

দদাই:- নাই ছাৰ, একো হোৱা নাই।

বিষয়া:- কিবা এটা হৈছে যেন পাওঁ।...আপুনি পিছফালে সেইখন কি লুকুৱাইছে?

দদাই:- একো নহয় ছাৰ। [খুড়ীক উদ্দেশি] এইজনীয়ে দিলে সব গন্দগোল লগাই।

খুড়ী:- কিয়নো একো নহয় ,একো নহয় কৰি আছে। আছে ছাৰ আছে। এখেতৰ হাতত বাতৰি কাকতৰ পাত এখিলা আছেসেইখন পঢ়িলেই বুজি পাবসিদিনা এইখন পঢ়ি উঠি চিন্তা কৰি আছিল। মই কলো-ছাৰ আহিলে সুধি বুজি ললেই হ’ল।

বিষয়া:- কি কাগজ চাওঁচোন। দিয়ক।

ৰমেন:- দদাই, কিনো ইমান লুকুৱাবলগীয়া কথাটো হ’ল। আমাকো জানিবলৈ দিয়ক।

দদাই:- নাই, নাই। একো ডাঙৰ কথা নহয় অ’। সিদিনা খবৰ কাগজৰ পাত এখিলা পঢ়ি আছিলো।

ৰমেন:- অ’, দদায়ে তাৰমানে খবৰ কাগজ পঢ়িব পৰা হ’ল?

দদাই:- নাই অ’, খেতিৰ কথা দেখি এনেয়ে চকু ফুৰাই আছিলো। আখৰবোৰ বৰ সৰু। জুপি থাকিব লাগে। অলপ চেষ্টা কৰি দেখিলো কিবা খেতিত দৰব দিয়াৰ কথা লিখিছে। এই দৰববোৰে বোলে পাছত বৰ বিপদত পেলাব। সেইটো জানিহে বৰ চিন্তাত পৰিছো।

বিষয়া:- আপুনি বৰ দৰকাৰী কথা এটা কাগজত পঢ়িলে। মই এই বিষয়ে আগতে এদিন কৈছিলো।

দদাই:- হয় ছাৰ। আগেয়ে কিবা এটা কোৱা যেন মনত পৰিছেমইহে কথাটোত ভালকৈ বুজিব পৰা নাছিলো। এতিয়া এইখনত পঢ়িহে কথাটো টং কৰিছো।

বিষয়া:- ৰাইজ, এটা কথা মন কৰিলে নে? মই আগেয়ে কোৱা কথাখিনি এখেতে বৰ ভালদৰে বুজিব পৰা নাছিল। এতিয়া নিজে পঢ়ি উঠিহে কথাটো বুজিব পাৰিছে। সেয়ে চিন্তাত পৰিছে।

ৰমেন:- এনেকুৱা কথাবোৰ আজিকালি কাগজে-পত্রই পঢ়িবলৈ পাওঁ।

বিষয়া:- সেই কাৰণেই শিক্ষাৰ প্রয়োজন। এখেতে পঢ়িব পৰা হোৱা বাবে কথাখিনি পঢ়িলে। তাতে খেতিৰ কথা কাৰণে বেছি আগ্রহেৰে পঢ়িলে আৰু সহজে বুজি উঠিল।

দদাই:- মই ইমানকৈ ভবাই নাছিলো। এতিয়াহে বুজিব পাৰিছো পঢ়িব পৰাটো কিমান ডাঙৰ গুণ।

ৰমেন:- সেইবাৰ ছাৰে দৰব-পাতি কমকৈ দিয়াৰ কথা কৈছিল। লগতে কিবা ইংৰাজী নাম এটাও কোৱা মনত পৰিছে

বিষয়া:- হয়। IPM বুলি কৈছিলো।

দদাই:- কি বুলিলে ছাৰ।

বিষয়া:- ইংৰাজীত চমুকৈ IPM বুলি কয়। Integrated Pest Management

ৰমেন:- ছাৰ, ইয়াৰ মানে নো কি ?

বিষয়া:- অসমীয়াত Integrated মানে হ’ল সু-সংহত অর্থাৎ ঐকবদ্ধ। তাৰ পাছতে আহিল Pest শব্দটো ইয়াৰ মানে হ’ল আমনি কৰা বা বিৰক্তি কৰা। ... খেতি কৰোঁতে আপোনালোকক .বাৰু কোনে কোনে বিৰক্তি কৰে।

দদাই:- বিৰক্তি নো কোনে কৰিব ?

খুড়ী:- ছাৰে কি কথানো ক’ব বিচাৰিছে ত’তেই ধৰিব পৰা নাই।

বিষয়া:- কিয়, এই পোক-পৰুৱাবোৰে বিৰক্তি নকৰেনে?

দদাই:- অ’ এতিয়াহে বুজিছো। কৰে,কৰে ছাৰ এই পোক-পৰুৱাবোৰে মাজে মাজে বৰ দিগদাৰী দিয়ে।

বিষয়া:- অকল এইবোৰেই নে ? বেমাৰ-আজাৰে দেখা নিদিয়ে জানো ?

ৰমেন:- হয় ছাৰ। বেমাৰৰ কাৰণেও কেতিয়াবা খেতিটো বেয়া হয়।
দদাই:- এই দুটাই খেতি বৰ নষ্ট কৰে।

বিষয়া:- চৰাই-চিৰিকটি, এন্দুৰ-নিগনি, ঘাঁহ-বন আদিয়েও খেতি নষ্ট নকৰে জানো?

খুড়ী:- হওঁতে ছাৰ, এই গোটেই বোৰৰ বাবে খেতি নষ্ট হয়।

বিষয়া:- ঠিক কৈছে। এইবোৰে খেতি নষ্ট কৰে সেইবাবে এইবোৰ পথাৰত দেখিলে বিৰক্ত হওঁ। নহয় জানো ?

দদাই:- হওঁ ছাৰ। এই পোক-পৰুৱাবোৰ দেখিলেই মাথা গৰম হৈ যায়।

বিষয়া:- শস্যৰ উৎপাদন হ্রাস কৰা এই গোটেইবোৰক ইংৰাজীত একেলগে Pest বুলি কোৱা হয়। এতিয়া Pest বুলিলে কি বুজিম গম পালে নহয় ?

দদাই:- হয় ছাৰ, কথাখিনি বুজিব পাৰিছো। পিছে এইবোৰক মাৰিম কেনেকৈ ?

বিষয়া:- ৰ’বচোন ৰ’ব। পোনচাতেই মাৰিব বিচাৰিছে কিয় ? বেলেগ উপায়েৰে এইবোৰ কম কৰিব নোৱাৰিনে?

খুড়ী:- ঠিক কথাই কৈছে ছাৰ। মাৰিবলৈ হ’লেই দৰব লাগিব। দৰব দিয়া মান আমাৰে বিপদ নহ’ব জানো ?

বিষয়া:- সেই কাৰণে বিজ্ঞানীসকলে এনে বিপদৰ পৰা হাত সাৰিবলৈ আন কিছুমান উপায় বিচাৰি উলিয়াইছে আৰু আমাকো সেইবোৰ গ্রহণ কৰিবলৈ দিহা-পৰামর্শ দিছে

দাদটি:- তেনেহ’লে ছাৰ, আজি আমি তেনে উপায়বোৰৰ বিষয়ে আলোচনা কৰা ভাল হ’ব নেকি? ৰাইজৰো ছাগে জানিবলৈ মন গৈছে। এই দৰববোৰ পথাৰত ছটিয়াই থকাটো বৰ দিগদাৰী। তাতে কাগজত সেইখিনি পঢ়াৰ পাছত চিন্তাই লাগি গৈছে।

ৰমেন:- কিবা উপায়েৰে যেনিবা দিলোৱেই, স্প্রে মেচিনটো চাফা কৰাও এটা সমস্যা। য’তে, ত’তে ধুবও নোৱাৰি। পুখুৰীৰ পাৰলৈটো নিবই নোৱাৰি।

খুড়ী:- সেই বটলকেইটা দেখিলেই মোৰ ভয় লাগে। সৰু ল’ৰা-ছোৱালীকেইটাই যাতে হাত দিব নোৱাৰে তাৰ বাবে সদায়ে লুকুৱাই থব লাগে। এতিয়া খবৰ কাগজৰ লিখাখিনি শুনি আৰু ভয় লাগি আছে।

বিষয়া:- হয়, হয়। সেই কাৰণে এনে পৰামর্শবোৰত দৰবৰ ব্যৱহাৰ একেবাৰে শেষলৈ থৈ আন কিছুমান উপায়েৰে খেতিডৰা ৰক্ষা কৰিবলৈ উপদেশ দিছে।

খুড়ী:- তেতিয়া হ’লেচোন দৰব-পাতি কমকৈ ছটিয়াব লাগিব এইটো বৰ ভাল কথা। আজি ছাৰ এই বিষয়েই কওঁক।

বিষয়া:-এই উপায়বোৰত শস্যৰ অনিষ্টকাৰীবোৰৰক পথাৰত একেবাৰে নির্মূল মানে শেষ নকৰি সিহঁতৰ সংখ্যা নিয়ন্ত্রণ কৰি ৰাখিবলৈ পৰামর্শ দিছে।

দদাই:- তাৰ মানে আমি এইবোৰৰ তদাৰকী কৰি থাকিব লাগিব?

বিষয়া:- হয়। এইয়া এক প্রকাৰৰ তদাৰকী ব্যৱস্থা। মানে ইংৰাজীত ক’বলৈ গ’লে Manage কৰি থকা।

ৰমেন:- এই ইংৰাজী শব্দকেইটা পৰাই Integrated Pest Management হ’ল নেকি?

বিষয়া:- আপুনি ঠিকেই ধৰিছে।

দদাই:- ঐ ৰমেন, কি হ’ল বুলিলি ?

ৰমেন:- Integrated Pest Management  মানে IPM

দদাই:- ছাৰ, এই ইংৰাজীটোৰ কিবা অসমীয়া নাম নাই নে ? এইটো মাতিবলৈকে দিগদাৰ হ’ব

বিষয়া:- অসমীয়াত এই ব্যৱস্থাটোক কোৱা হয় সুসংহত শস্যৰক্ষা ব্যৱস্থাপনা। কিন্তু মাতিবলৈ টান পাব কাৰণে IPM বুলিয়ে কম।

খুড়ী:- আমিও সেই বুলিয়ে কম। অসমীয়াতে কওঁ বা ইংৰাজীতে কওঁ, কথা যদি একেটাই মাতিবলৈ সহজ হোৱাটোকে কম। অ’তবোৰ ইংৰাজী শব্দ কৈয়ে থাকো—টিভি, টেলিফোন, ট্রেইন, ট্রেক্টৰ আদি। আৰু এটা বেছিকৈ ক’লোৱে যেনিবা।

ৰমেন:- এৰা, খুড়ীয়ে ঠিক কথাকে কৈছে। আমিও IPM বুলিয়ে কম।

বিষয়া:- এতিয়া IPM বুলি ক’লে কি বুজিম সেইটো গম পালে নহয় ?
ৰমেন:- অনিষ্টকাৰী মানে Pest বোৰক নিয়ন্ত্রণ কৰিবলৈ সু-সংহত ব্যৱস্থা গ্রহণ কৰিব লাগিব। পিছে ছাৰ পোক-পৰুৱাবোৰ নিয়ন্ত্রণ কৰিবলৈ ঐকবদ্ধ মানে ...সু-সংহত ভাবে কৰিব লাগিব বুলি যে ক’লে সেই কথাটো বুজি নাপালো।

বিষয়া:- IPM অর্থাৎ সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে প্রথমে আন দুটামান কথা কৈ লওঁ। তেতিয়া হ’লে IPM ৰ বিষয়ে বুজাত সহজ হ’ব।

[...আগলৈ]


No comments:

Post a Comment