Monday 30 June 2014

অসমত ফুলৰ বিকল্প ব্যৱহাৰ---কিছু চিন্তা:: On various uses of Flower

সেউজী ধৰণী

অসমত ফুলৰ বিকল্প ব্যৱহাৰ---কিছু চিন্তা



ডঃ সুনীল কুমাৰ বড়া

       ফুল উদ্ভিদৰ এক অতি সংবেদনশীল প্রাণস্পর্শী অংগ। ইয়াৰ প্রয়োজন কেৱল প্রজননৰ বাবে। প্রজনৰৰ প্রক্রিয়া সুগম কৰিবলৈ ই ধাৰণ কৰে ৰঙৰ বিনন্দীয়া ৰূপ। এই ৰূপত বিভোৰ হৈ আকর্ষিত হয় অনেক কীট-পতংগ আৰু অলক্ষিতে ৰচে সৃষ্টিৰ অন্তহীন দলিচা। এনেকৈয়ে চলি থাকে উদ্ভিদত সৃষ্টিৰ অভিলেখ। কিন্তু জীৱশ্রেষ্ঠ মানুহে ফুলক নিজৰ আয়ত্বত ৰাখি অতীতৰে পৰা নিজৰ অভিলাস চৰিতার্থ কৰি আহিছে আৰু বর্তমান মানৱ সমাজৰ বাবে ফুল হৈ পৰিছে সকলো ইন্দ্রিয় সুখৰ সেঁতু, ই সৌন্দর্যৰ প্রতীক, যোগাযোগৰ মাধ্যম, আগমন আৰু প্রত্যাগমনৰ পৰিবাহক। অর্থাৎ মানৱ জীৱনৰ  লগত সাঙুৰখাই থকা প্রতিটো পৰিঘটনাতে ফুলৰ ব্যৱহাৰে ইয়াৰ অধিক চিৰস্মৰণীয় কৰি তুলিছে। সৌন্দর্য অৱলোকনৰ বাহিৰেও ই খাদ্য হিচাপে মানৱ দেহত পৰিপুষ্টি যোগায়, ঔষধ হিচাপে দেহৰ ৰোগ প্রতিৰোধ কৰে আৰু প্রসাধনৰ সামগ্রী হিচাপে ৰূপ চর্চাত প্রয়োগ হয়। ইয়াৰ দর্শনে আমাক মানসিক পৰিশ্রান্তি দিয়ে আৰু দেহমন পুলকিত কৰি শৰীৰৰ অন্তর্দ্দাহ নিবাৰণ কৰে।

       অসমত বর্তমান সময়চোৱাত ফুলৰ ব্যৱহা্ৰ খুউব সীমিত; কিছুমান নির্দিষ্ট পৰিসৰত আৱদ্ধ। সেয়েহে ইয়াৰ বিকল্প ব্যৱহাৰৰ কথা এতিয়াও গভীৰভাবে অনুভৱ হোৱা নাই। আনহাতে অসমৰ ফুলৰ বজাৰখন বা ইয়াৰ খেতিৰ সামূহিক প্রসাৰলৈ লক্ষ্য কৰিলে অনুমান হয় যে সুদুৰ ভৱিষ্যতে বিভিন্ন কাৰণত ফুলৰ বজাৰখনলৈ স্থবিৰতা নামিব পাৰর। কাৰণসমূহ ফঁহিয়াই চালে দেখা যে ফুলখেতি অসমৰ কৃষকৰ বাবে আজিও এক অপৰাম্পৰাগত কৃষি কার্য যিহেতু ই আমাৰ দৈনন্দিন পৰিপুষ্টিৰ লগত পোনপটীয়াকৈ জড়িত নহয়। চিঙাৰ পাছত ইয়াৰ ব্যৱহৰিক উপযোগিতা উপযুক্ত সংৰক্ষণৰ অভাৱত ততকালে কমে। এনে পটভূমিত আৰু এখন সু-সংগঠিত বজাৰৰ অভাৱত ফুলখেতিক ব্যৱসায়িক দৃষ্টিৰে গ্রহণ কৰিবলৈ আজিও প্রাৰম্ভিক অৱস্থাত কৃষকসকলে চিন্তা-চর্চাৰ সন্মুখীন হয়।

       গুৱাহাটী অসমৰ ফুলৰ বজাৰখনৰ মূলকেন্দ্র। আনহাতে বজাৰখন অনিয়ন্ত্রিত। ফুলৰ যোগান আৰু চাহিদাৰ টনা আজোৰাৰ বাবে বজাৰ সদায় ঢৌ খেলোৱা। বজাৰত ফুলৰ বিক্রি  সামাজিক বিধি বা অনুষ্ঠান আদি উদযাপনৰ ওপৰত সম্পূর্ণভাবে নির্ভৰশীল। দেখা যায় যে ব্যক্তিগত চাহিদাৰ বাবে মুঠ গ্রাহকৰ শতকৰা এক শতাংশৰো কম গ্রাহকেহে এথোপা ফুল কিনি নিজৰ ঘৰত ব্যৱহাৰ কৰে। এনেক্ষেত্রত ৰাজ্যৰ সাধাৰণ নাগৰিকৰ ৰুচিবোধ সলনি নহ’লে ফুলৰ থলুৱা বজাৰখন সদায় সংকুচিত হৈয়ে থাকিব আৰু ই ফুলখেতিৰ প্রসাৰত প্রধান অন্তৰায় হিচাপে ঠিয় দিব। আনহাত অসমৰ ফুলেৰে ৰাজ্য কিম্বা দেশৰ বাহিৰৰ  প্রতিযোগিতামূলক বজাৰত খোপনি পুতিব পৰাকৈ আমাৰ কৃষকসকল স্বচ্ছল নহয়। এনেবোৰ বজাৰত গুণগত মানদণ্ডৰ ফুল গোটেই বছৰ ধাৰাবাহিকভাবে যোগান ধৰিবলৈ বর্তমান কৃষকসকলে কৰাৰ দৰে মুকলি পথাৰত ফুলৰ খেতি কৰিলে ফলৱতী নহ’ব। ইয়াক নির্দিষ্ট পৰিকল্পনাৰে ব্যয়বহুল সংৰক্ষিত পলিহাউচ বা সেউজগৃহৰ তলতহে কৰিব লাগিব, যিটো বর্তমান ফুলখেতিৰ লগত জড়িত অসমৰ থলুৱা কৃষকৰ বাবে সম্ভৱপৰ নহয়। এনে পটভূমিত মুকলি পথাৰত ফুলখেতি কৰা অসমৰ দুখীয়া কৃষকসকলৰ বাবে ফুলৰ বিকল্প ব্যৱহাৰৰ পথ কিছুমানৰ সৈতে পৰিচয় কৰাই দিয়া অত্যন্ত প্রয়োজন হৈ পৰিছে। আশা কৰা যায় ইয়াৰ দ্বাৰা সমাজত ফুলৰ গুৰুত্ব বহুমূখী হ’ব আৰু কৃষকসকলৰ বাবে ফুলৰ বিপণনৰ আন কিছু পথ বাহিৰ হ’ব।

ৰোগ নিৰাময়ত ফুলৰ ব্যৱহাৰ
       অতীজৰেপৰা অনেকবোৰ ৰোগৰ চিকিৎসাত ফুল গছৰ বিভিন্ন অংশ ব্যৱহাৰ হোৱা দেখা যায়। প্রকৃতিত উভৈনদী বেছিভাগ সৌন্দর্যবর্দ্ধক গছ-লতিকা আৰু ফুল ঔষধি গুণসম্পন্ন। ইয়াৰে কি কি গছ বা ফুলত কেনেধৰণৰ গুণ আছে বা তাৰ নির্দষ্ট প্রয়োগবিধ কেনেকুৱা হ’ব  প্রথমে তাক ঠাৱৰ কৰা আৱশ্যক হ’ব---বিশেষকৈ কৃষকসকলৰ মাজত সচৰাচৰ কৰা ফুলৰ তেনেধৰণৰ কিবা গুণ আছে নেকি? ইয়াৰ পাছৰ পর্যায়ত কেঁচামালৰ আমদানী, উদ্যোগৰ সম্ভাৱনীয়তা, উৎপাদিত সামগ্রীৰ চাহিদা আদি দিশবোৰ চাব লাগিব, যাৰ বাবে ফুলখেতিৰ প্রসাৰ দ্রুতগামী হোৱাৰ লগতে কৃষকসকল লাভবান হয়। ফুলৰ উপযোগীতাৰ আন এক দিশ হ’ল ইয়াৰ তেল। এই তেল এৰোমাথেৰাপী আদিত বর্তমান সময়ত বহুল ভাবে ব্যৱহাৰ হয়।

প্রসাধনিক ব্যৱহাৰ
       কিছুমান বিশেষ ফুল বা গছ-লতিকাৰ প্রসাধনিক চাহিদা যথেষ্ট বেছি। এনেবোৰৰ ভিতৰত ৰং, আতৰ, তেল, চাবোন, মলম তথা অন্যান্য প্রসাধনিক সামগ্রী। গতিকে অনুমান কৰিব পাৰি যে এক নির্দষ্ট হাৰত কেচামালৰ যোগান অব্যাহত থাকিলে বহুবোৰ উদ্যোগ গঢ় লৈ উঠাৰ থল আছে।

পুষ্টিৰ উপাদান হিচাপে ফুল
       ফল-মূল বা শাক-পাচলিৰ দৰে পোনপটীয়াকৈ ফুল মানৱ শৰীৰত পুষ্টিসাধনৰ বাবে ব্যৱহাৰ নহয়। সেয়েহে ইয়াক এবিধ অচিৰাচৰিত দৈনন্দিন আহাৰৰ লগত অর্ন্তভুক্তি নোহোৱা উদ্যান শস্যৰ পণ্যগাৰ হিচাপে গণ্য কৰা হয়। বিছুমান ফুল, ইয়াৰ কলি বা আলু খাদ্যৰ সুৰুচিপূর্ণ উপাদেয় হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াক মছলাৰ পৰা আৰম্ভ কৰি খাদ্যৰ বিভিন্ন প্রকৰণত ব্যৱহাৰ কৰিব পাৰি। এইদৰে বিভিন্ন দিশত ফুলৰ বিকল্প ব্যৱহাৰ হোৱাৰ প্রচুৰ সম্ভাৱনা আছে। কেৱল ইয়াৰ গুৰুত্ব সঠিক ভাবে নির্ণয় কৰি ব্যৱহাৰৰ সুবিধাবোৰ নিশ্চিত কৰিব লাগে। ৰাজ্যখনৰ বিভিন্ন প্রান্তত এই উদ্যোগবোৰ গঢ় লৈ উঠিলে ফুলখেতিৰ প্রসাৰ তথা ব্যৱহাৰৰ ক্ষেত্রত এক ব্যাপক পৰিবর্তন আশা কৰিব পাৰি যাৰ বাবে অসমৰ কৃষি অর্থনীতিত সুদূৰপ্রসাৰী প্রভাৱ পৰিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতা নিশ্চিত হোৱাতো আৱশ্যক।


ফুলৰ বিকল্প ব্যৱহাৰৰ দিশসমূহ

ফুলৰ নাম
বিকল্প ব্যৱহাৰসমূহ
নার্জী বা গেন্ধা
ঔষধি গুণ: ঘাম গাঁৰ, কাণৰ বিষ, পায়ুৰ ৰক্তক্ষৰণ, তেজ শোধক, চকুৰ ৰোগ, কটা ঘা আদি নিৰাময়ক
কীট/ৰোগনাশক গুণ: শস্য কৃমিৰোধক,মাখি প্রতিৰোধক, শিপাৰ পৰিধিত বেক্টেৰিয়া, ট্রাক’ডাৰমা আৰু পেনিছিলিন ভেঁকুৰ বঢ়ায় আৰু ফিউজেৰিয়ামৰ মাত্রা কমায়।
প্রসাধনিক গুণ: ৰং, তেল (এৰাম ডেনড্রিন, টেগিট’ন, অচিমিন) প্রস্তুত কৰাত
পুষ্টিকাৰক গুণ: ফুলৰ পকৰা
অন্যান্য গুণ: শুকান গুৰি কুকুৰাৰ দানা হিচাপে
ব্যৱহাৰ হোৱা অংগ: পাত, ফুল আৰু শিপা
ৰজনীগন্ধা
ঔষধি গুণ: মুত্রবর্দ্ধক, শালমন প্রতিৰোধক, গ’নৰিয়া নিৰাময়ক, ছালৰ বহুতো বেমাৰৰ উৎকৃষ্ট নিৰাময়ক
প্রসাধনিক গুণ: অতি মুল্যবান ফেছিয়েল প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ:বিভিন্ন পানীয়ৰ সৈতে মিশ্রণ ঘটাবলৈ
ব্যৱহাৰ হোৱা অংগ: ফুল আৰু কাণ্ড
গোলাপ
ঔষধি গুণ: চকুৰ ৰোগ, দুর্গন্ধনাশক বাথ ছেনিছেটাইজাৰ
প্রসাধনিক গুণ: আতৰ, গোলাপ জল,ৰ’জ হেয়াৰ অইল, গোল ৰ’গন প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ: প্রতি ১০০ গ্রাম পাহীত ১৫০ মি:গ্রাম ভিটামিন ‘চি’ৰ উপৰিও ভিটামিন A ,B2 ,K  আৰু E পোৱা যায়।
ব্যৱহাৰ হোৱা অংগ:পাহী আৰু গুটি
ইন্দ্রমালতী
কীট/ৰোগনাশক গুণ: পাইৰিথ্রিয়ামৰ উৎস
পুষ্টিকাৰক গুণ: ফুলৰ পকৰা
ব্যৱহাৰ হোৱা অংগ: ফুল আৰু পাত
অর্কিড
ঔষধি গুণ: ৰক্তক্ষৰণ বন্ধ কৰিবলৈ, হিষ্টিৰিয়া নিবাৰণ, ঘা শুকুৱাবলৈ, বাট ৰোগ আৰু পেটৰ ৰোগ, যকৃত আৰু স্নায়ু দুর্বলতা, মূৰৰ কামোৰণী, গাৰ বিষ, বন্ধ্যাতা আদিত বিভিন্ন প্রজাতিৰ ব্যৱহাৰ হয়
প্রসাধনিক গুণ: বিভিন্ন প্রসাধনিক সামগ্রী প্রস্তুত কৰিবলৈ
পুষ্টিকাৰক গুণ: গাখীৰৰ লুঠুৰী ( Orchis anatolica) আদি
ব্যৱহাৰ হোৱা অংগ: ফুল, পাত,কণ্ড
পদুম

প্রসাধনিক গুণ: আতৰ
পুষ্টিকাৰক গুণ: আলু, আৰু কুমলীয়া পাত শাক হিচাপে, আলুৰ পৰা চিপচ, পাউদাৰ চাকৰ গুটি বাদাম হিচাপে। ইয়াৰ আলুত ৮৩.৮% পানী,২.৭% মাংসসাৰ, ০.১১% চর্বি, ০.৬% কেলচিয়াম, ভিটামিন ‘চি’ ১৫ গ্রাম প্রতি ১০০ গ্রামত
অন্যান্য গুণ: শুকান চাক আৰু ঠাৰি ড্রাই ফ্লাৱাৰ হিচাপে
ব্যৱহাৰ হোৱা অংগ: গুটি, ফুল, পাত আৰু আলু
ৰ’জমেৰী

ঔষধি গুণ: হজমীকৰণ, মুৰ কামোৰণী অনিয়মিত ঋতুশ্রাৱ ,বাতৰোগ, হাপানী আদি নিৰাময়ক
কীট/ৰোগনাশক গুণ: এন্টি মাইক’টিক, এন্টি মাইক্রবিয়েল,এন্টি ফাংগেল
প্রসাধনিক গুণ: চাবোন, আটৰ, হেয়াৰ আইল, ৰুম স্প্রে আদি
পুষ্টিকাৰক গুণ: পাত আৰু শুকান পাউদাৰ কন্দিমেন্ট হিচাপে, বিভিন্ন খাদ্য প্রকৰণত স্বাদ বঢ়াবলৈ
ব্যৱহাৰ হোৱা অংগ: পাত আৰু ডাল
স্নেপ ড্রেগন
প্রসাধনিক গুণ: মালিচ তেল, চাবোন আদিত ব্যৱহাৰ হয়
 ব্যৱহাৰ হোৱা অংগ: গুটি
ডে’লিলি বা হিমিৰ’ কেলিচ
পুষ্টিকাৰক গুণ: কলি আৰু শুকান ফুল খাদ্যৰ ৰুচিবর্দ্ধক আৰু কুমলীয়া ঠাৰি চালাদ হিচাপে ব্যৱহাৰ হয়। জিংকৰ ভাল উৎস
ব্যৱহাৰ হোৱা অংগ: ফুল, ফুলৰ কলি পাত আৰু কণ্ড

বিজ্ঞানী, উদ্যান শস্য গৱেষণা কেন্দ্র, কাহিঁকুচি, গুৱাহাটী

ম’বাইল: ৯৪৩৫৩-০০৪৮২

No comments:

Post a Comment