সেউজী ধৰণী
এৰোমাথেৰাপি --- এক বহু প্রচলিত বিকল্প চিকিৎসা
ডঃ শিখা ডেকা
কবিৰ ভাষাত “তল সৰা বকুলৰ কান্দোন” নুশুনিলেও, বকুলৰ গোন্ধৰ সৈতে আমি প্রায়
সকলোৱেই পৰিচিত। গোলাপ, তগৰ, লেভেণ্ডাৰ বা চন্দনৰ গোন্ধৰ সৈতেই বা কোন পৰিচিত নহয়!
হাচনাহানা-কামিনীকানঞ্চন-ৰজনীগন্ধাৰ আমোলমোলোৱা গোন্ধে সকলোকেই সমানেই আপ্লুত কৰিব
পাৰে। সুন্দৰ- সুগন্ধি ফুলৰ কেৱল ঘ্রাণেই নহয়, ইবিলাক যেন নিজেই এক এক অভিব্যক্তি।
সদ্যোজাত শিশুটিয়ে মাকৰ গাৰ গোন্ধেৰেই মাকক চিনিব পৰা হৈ উঠে। এইদৰেই যদি বিশেষ কিবা এক গোন্ধে মানুহ এজনৰ
বিশেষ কোনো অনুভূতিক নিয়ন্ত্রণ কৰিব পাৰে তেনেহলে নিশ্চিতভাবেই ইয়াক চিকিৎসাৰ
ক্ষেত্রতো ব্যৱহাৰ কৰিব পৰা যায়--- ইয়াকেই কোৱা হয় সুগন্ধিৰ জৰিয়তে শুশ্রূষা বা
এৰোমাথেৰাপি।
এৰোমাথেৰাপি কিন্তু নতুন কোনো আবিষ্কাৰ
নহয়। প্রায় দহ হাজাৰ বছৰ পুর্বৰ পৰাই ইয়াৰ প্রচলন হৈ আহিছে। বেদৰ অনেক স্থানত ইয়াৰ
বিষয়ে উল্লেখ আছে। কেৱল ভাৰতবর্ষতেই নহয়, মিছৰীয় আৰু চীন সভ্যতাতো ইয়াৰ প্রচলন
আছিল বুলি জনা যায়। মিছৰৰ পিৰামিডবোৰত সংৰক্ষণ কৰিবলৈ ‘মমি’ তৈয়াৰ কৰাৰ সময়ত
মৃতদেহবোৰত ৰোজমেৰীৰ তেল ব্যৱহাৰ কৰা হৈছিল। প্রচীন গ্রীক সভ্যতাৰ সময়ত হিপোক্রিটাছেও
ইয়াৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। ইংলেণ্ডতো ইয়াৰ প্রচলন আছিল। আধুনিক ভাৰতত
চিকিৎসাশাস্ত্রৰ ক্ষেত্রতেই নহয়, ৰূপ চর্চাতো ইয়াৰ জনপ্রিয়তা বাঢ়িছে। ছালৰ
উজ্জলতা, চুলিৰ ৰং আৰু দৈহিক কমনীয়তা বঢ়োৱাৰ ক্ষেততেই ইয়াৰ ব্যৱহাৰ সীমাবদ্ধ হৈ
থকা নাই। বৰং হাঁপানি, উচ্চ ৰক্তচাপ, হাওফাওৰ অসুখ আৰু স্নায়বিক দুর্ব্বলতা আদি
দূৰ কৰাতো আজিকালি এৰোমাথেৰাপি ব্যৱহাৰ হয়।
এৰোমাথেৰাপিৰ প্রয়োজনীয় সমস্তু উপাদান তৈয়াৰ হয় গছ-লতিকাৰ পৰা। বিভিন্ন লতা,
গুল্ম বা বৃক্ষৰ ফুল, বীজ আনকি ছালৰ পৰাও তৈয়াৰ কৰা তেলৰ সহায়ত বিভিন্ন চিকিৎসা
সম্পাদন কৰা হয়। অৱশ্যে কোনো প্রাণীৰ তেল বা পেট্রলিয়ামজাত দ্রব্য এই প্রথাত
ব্যৱহাৰ নহয়। স্বাভাবিকতে এৰোমাথেৰাপিৰ বহুল বিকাশ আৰু প্রচলনৰ সৈতে উদ্ভিদ-উদ্যান
বিভাগৰ বিকাশো আজি সম্ভাৱনাপূর্ণ হৈ উঠিছে। ইয়াৰ লগতে এৰোমাথেৰাপিত ব্যৱহৃত হ’ব
পৰা বিভিন্ন গছ-লতিকাৰ বাণিজ্যিকৰণৰো নতুন দিশ এটাৰ উন্মোচনৰ সম্ভাৱনীয়তাই দেখা
দিছে।
উদ্ভিজ উপাদানৰ সহায়তেই এৰোমাথেৰাপি চিকিৎসা হয় যদিও ভেষজ চিকিৎসা বা হার্বেল
ট্রিটমেন্ট’ৰ লগত ইয়াৰ পার্থক্য আছে। ভেষজ পদ্ধতিত উদ্ভিদ্ উপাদান বিলাকক প্রথমে
সিদ্ধ কৰি লোৱা হয়। কিন্তু এৰোমাথেৰাপিৰ ক্ষেত্রত উদ্ভিজ উপাদান বিলাকৰ পৰা পোনে
পোনে নিষ্কাশিত তেলৰ সহায়তেই চিকিৎসা সম্পন্ন কৰা হয়। দ্বিতীয়তে ভেষজ চিকিৎসাৰ
ব্যৱহাৰ হ’ল আঞ্চলিক(localixed)। আনহাতে
এৰোমাথেৰাপিৰ উপাদান বিলাকে শৰীৰৰ স্নায়ুতন্ত্রৰ মাধ্যমত কাম কৰে, যাৰ বাবে ই সর্বশৰীৰ বিয়পি পৰে। অর্থাৎ
সম্পূর্ণ স্নায়ুনির্ভৰ প্রক্রিয়াৰ মাধ্যমত এৰোমাথেৰাপিৰ চিকিৎসা হয়।
এৰোমাথেৰাপিৰ বাবে প্রয়োজনীয় তেলবিলাকৰ বিভিন্ন কার্যকৰী ক্ষমতা আছে।
‘এন্টিচেপটিক’, ‘এন্টিবেক্টেৰিয়েল’, এন্টিভাইৰেল’, ‘এন্টিটক্সিন’,
‘এন্টিডায়েৰেটিক’, ‘এন্টিস্পাচমোদিক’, ‘দিজইনফেটেন্ট’ আদি গুণ বিশিষ্ট অনেক উদ্ভিদ
আমাৰ চৌপাশে সিঁচৰতি হৈ আছে। সঠিক উদ্ভিদ নির্বাচন কৰি তাৰপৰা নিষ্কাশন কৰা তেলত উদ্ভিদৰ এই বিশেষ গুণবোৰ
থাকি যায়। এই তেলসমূহত এলক’হল, অর্গেনিক এচিড, এলডিহাইড, ফেনল, এচিটোন, তার্পিন
আদি থাকে। এই যৌগবিলাকৰ মিশ্রণৰ তাৰতম্য উদ্ভিদ বিশেষে বেলেগ বেলেগ। এনে পার্থক্যৰ
বাবেই এইবোৰ বিভিন্ন ৰোগৰ চিকিৎসাত সহায়ক হৈ পৰে। আবেলি পৰত বা সন্ধিয়াৰ ফালে মন
শান্ত ৰখাত সহায় কৰে লেভেণ্ডাৰে। আনহাতে পূৱাৰ অলস ভাব দূৰ কৰে ৰোজমেৰী অথবা
পাইনে। আফ্রোডিচিয়াৰ ক্ষেত্রত ব্যৱহাৰ হয় চন্দন, জালুক কিম্বা পদিনা। হাওফাওৰ
অসুখত ইউকেলিপটাচ, লেভেণ্ডাৰ পাইন আদি উপকাৰী। সেইদৰে স্নায়বিক দৌর্বল্য দূৰ কৱে
নেৰোলি আৰু মাৰজোৰামে। একজিমাৰ বাবে ব্যৱহাৰ কৰা হয় সিডাৰউড, লেভেণ্ডাৰ, গোলাপ
আদি। এৰোমাথেৰাপিৰ বিষয়ে এইখিনি জনাৰ পাছত স্বাভাবিকতে এটা প্রশ্ন মনলৈ আহে---কিয়
এনে হয় ? অর্থাৎ কি প্রক্রিয়াৰ বাবে এনে হয় ? বিৰিয়ানিৰ গোন্ধেই হওক বা ফুলৰীৰ
গোন্ধেই হওক দুয়োটা গোন্ধৰ বাবেই জিভাৰ পানী পৰিবই। কোনো বিশেষ ছেভিং ক্রীম বা
আফটাৰ শ্বেভ লোশনৰ গোন্ধৰ সৈতে হয়তো কাৰোবাৰ মধূৰ স্মৃতি জড়িত হৈ আছে। কইনা চাবলৈ গৈ কইনাঘৰৰ পদূলিমুখত বকুলৰ গোন্ধ
অথবা নামঘৰৰ চোতালত হাচনাহানাৰ গোন্ধ আমাৰ সকলোৰে মন মতলীয়া কৰে। এই সকলোবোৰৰ কাৰণ হৈছে এক বৈজ্ঞানিক
প্রক্রিয়া য’ত গোন্ধে বিশেষ কেতবোৰ অনুভূতি জগোৱাত সহায় কৰে। বিজ্ঞানীসকলে দেখিছে
যে গোন্ধে মস্তিষ্কৰ মাধ্যমত কেতবোৰ বিশেষ নার্ভ ইম্পালচ সৃষ্টি কৰে যিবোৰে শৰীৰৰ
বিশেষ গ্রন্থি কিছুমানক উত্তেজিত কৰে আৰু উত্তেজিত গ্রন্থিবোৰে বিভিন্ন হ’ৰমন
উৎপাদন কৰে। এনে বহুবিধ হ’ৰমন আছে যিবোৰ বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে। সেয়ে কিবা
প্রকাৰে যদি এই হ’ৰমন নিঃসৰণ নিয়ন্ত্রিত কৰিব পৰা যায় তেনেহলে নিশ্চিতভাবেই বহুতো
ৰোগ অতি সহজে নিৰাময় কৰিব পৰা হয়। এৰোমাথেৰাপিত এই দিশটোৰ ওপৰত গুৰুত্ব দি চিকিৎসা
প্রদান কৰা হয়। উদাহৰণ হিচাপে জুনিপাৰৰ সহায়ত ইনচুলিন নামৰ হ’ৰমনবিধৰ নিঃসৰণ
নিয়ন্ত্রিত কৰি বহুমুত্র ৰোগৰ চিকিৎসা কৰিব পৰা হয়।
এৰোমাথেৰাপিৰ এনে সম্ভাৱনীয়তাই বর্তমান উদ্যান বিজ্ঞানক আন
এক মাত্রা প্রদান কৰিছে। এইবিধ চিকৎসাত ব্যৱহাৰ হোৱা গছ-লতিকাৰ বিষয়ে নতুন গৱেষণাৰ
বাট মুকলি হোৱাৰ লগতে বিভিন্ন বাণিজ্যিক দিশৰো উন্মোচন কৰাৰ পূর্ণ সম্ভাৱনা আছে।
ইয়াৰ লগে লগে প্রচুৰ দক্ষ কর্মীৰ প্রয়োজন হৈ পৰিব। আনহাতে স্বনির্ভৰতাৰো সুয়োগ এই
শিল্পই দিব।
বিজ্ঞানী, টেঙা গৱেষণা কেন্দ্র, তিনিচুকীয়া, ম’বাইল: ৯৪৩৫৫-৯৩৪২১
No comments:
Post a Comment