সেউজী ধৰণী
বিষয় : জৈৱিক কৃষি
(১)
(১)
ড: চাদিকুল হুছেইন
কোঠালৈ সোমাই অহা যুৱক তিনিজনক বহিবলৈ দি
তেওঁলোকৰ আগমনৰ উদ্দেশ্যৰ বিষয়ে সুধিলোঁ । লগে লগে একো নকৈ তেওঁলোকে ইজনে সিজনলৈ থাকিল । তেওঁলোক মনে মনে থকা দেখি মই
যুৱককেইজনৰ মুখকেইখন চাই তেওঁলোক অহাৰ সাম্ভাব্য কাৰণবোৰ অনুমান কৰিবলৈ যত্ন
কৰিলোঁ । এইদৰে অলপ সময় পাৰ হোৱাৰ পাছত এজনে লাহেকৈ ক’লে---‘ছাৰ, আমি আঁহতগুৰি গাঁৱৰপৰা
আহিছোঁ । আমাৰ অঞ্চলটোত কৃষিৰ বিষয়ে আলোচনা কৰিবলৈ এটা কৃষি চ’ৰা গঠন
কৰিছোঁ । আপোনালোকৰ আশীৰ্বাদত অহা মাহত এবছৰ হ’ব । সেয়ে মাঘ বিহুৰ সময়তে এখন সভা
পাতিবলৈ ঠিক কৰিছোঁ । সেই সভালৈ আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ ।’ এইবুলি কৈ
ল’ৰাজনে পত্ৰ এখন আগবঢ়াই দিয়ে ।
‘সভাৰ লগতে এখনি স্মৰণিকা প্রকাশ কৰিবলৈকো
সাজু হৈছোঁ । তাৰ বাবেও
আপোনাৰ লেখা এটা বিচাৰিছোঁ ।’ ল’ৰাজনে আন এখন পত্ৰ আগবঢ়াই দিলে ।
কাকত-আলোচনীত আমাৰ দুই-এটা লেখা প্রকাশ পাইছে । প্ৰয়োজন বুলি ভবা বিষয় এটাৰ
ওপৰত হাততে পোৱা তথ্য-পাতিৰ ভিত্তিতে প্ৰস্তুত কৰা এই লেখাবোৰ পঢ়ি কোনো কোনোৱে ভাল
পাই কলম নেৰিবলৈ অনুৰোধ কৰে । তেখেতসকলৰ এনে
অনুৰোধ ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ । কিন্তু একেটা কামতে বেছি দিন লাগি থাকিব পৰা ধৈৰ্য নথকাৰ
বাবে বহুকেইটা লেখা আধাৰুৱা হৈয়ে আছে । সময় আৰু সুবিধা কৰিব পাৰিলে সভাবোৰলৈ
প্ৰায়ে যাওঁ । এই সভালৈকো হয়তো যোৱা হ’ব । কিন্তু এতিয়া ল’ৰাকেইজনে নিশ্চয় এটা
নিৰ্দিষ্ট সময়ৰ ভিতৰত লেখাটো বিচাৰিব যিটো মোৰ বাবে সম্ভৱ নহ’ব । তথাপিও
তেওঁলোকৰ প্ৰচেষ্টাক উৎসাহ
যোগাবলৈ ক’লো - ‘বৰ ভাল কথা । পিচে কেনে ধৰণৰ লেখা বিচাৰিছা ?’
‘জৈৱিক কৃষিৰ বিষয়ে লেখা এটা দিলে ভাল হ’ব । আমাৰ ৰাইজ এই বিষয়ে বৰ আগ্ৰহী ।’
আজি-কালি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আগ্ৰহ
কৰা কৃষক প্ৰায়ে লগ পোৱা হৈছোঁ । এয়া এক শুভলক্ষণ
। ইতিমধ্যে খেতি পথাৰত মাত্ৰাধিক ৰাসায়নিক সাৰ আৰু ঔষধ ব্যৱহাৰ কৰাৰ বাবে পৰিৱেশ তথা কৃষি পাৰিস্থিতি
তন্ত্রত বহুতো বিঘিনি ঘটিবলৈ আৰম্ভ কৰিছে , যেনে: পথাৰবোৰ লাহে লাহে
অনুৰ্বৰ হৈ পৰিছে, মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি আহিছে, শস্যত পোক-পৰুৱা,
বেমাৰ-আজাৰৰ আক্ৰমণ বেছি হ’বলৈ ধৰিছে । আনহাতে চৰাই-চিৰিকটি, মাছ-পুঠিৰ সংখ্যা
কমিবলৈ লৈছে, মানুহৰ নতুন নতুন ৰোগ-ব্যধিয়ে হ’বলৈ ধৰিছে ইত্যাদি ইত্যাদি । সেইকাৰণে বিজ্ঞানীসকলে কৃত্রিম সাৰ, ঔষধ
আদিৰ ব্যৱহাৰ হ্রাস কৰি শস্য উৎপাদনৰ আন কিছুমান কৌশলৰ ওপৰত অধিক গুৰুত্ব দি খেতি কৰিবলৈ পৰামর্শ
আগবঢ়াইছে । এনে পৰামর্শবোৰ যথাযথ ভাবে পালন কৰি কৰা খেতিটোক “জৈৱিক কৃষি” কোৱা হয় । এই ধৰণৰ খেতি কৃষকসকলৰ আর্থিক আৰু মানসিক অৱস্থাৰ লগত খাপ খাই উঠাৰ বাবে
তেওঁলোকৰ গ্ৰহণযোগ্য হৈ পৰিছে । অসমত ৰাসায়নিক সাৰ আৰু ঔষধৰ ব্যৱহাৰ অতি সীমিত
যদিও অঞ্চল বিশেষে কেতবোৰ শস্যত এইবোৰৰ ব্যৱহাৰৰ মাত্রা চিন্তাৰ বিষয় হৈ পৰিছে । তদুপৰি অপৰিকল্পিত ভাবে বাঢ়ি অহা সৰু সৰু চাহ
বাগিচাবোৰত ব্যৱহাৰ কৰা ঔষধৰ প্ৰকাৰ আৰু পৰিমাণ অচিৰে পৰিৱেশ তথা কৃষি পাৰিস্থিতি
তন্ত্র বিনষ্ট হোৱাৰ প্ৰধান কাৰণ হৈ পৰাৰ পূর্ণ সম্ভাৱনা আছে । এনেবোৰ কাৰণত অসমৰ
কৃষকসকলে জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰাতো প্রয়োজন হৈ পৰিছে । সেয়ে যুৱককেইজনৰ
আগ্রহ দেখি সুধিলোঁ-
‘ জৈৱিক কৃষিৰ বিষয়ে ৰাইজ কিয় আগ্রহী ?
এইবাৰ ল’ৰাজনে ফাইলটোৰপৰা কাগজ-পত্র কিছুমান উলিয়াই ক’লে -‘এই লেখাবোৰ পঢ়ি অর্গেনিক
,মানে জৈৱিক খেতি কৰিবলৈ ৰাইজে চিন্তা কৰিছে।’
কাগজখিনিত চকু ফুৰাই দেখিলোঁ এইবোৰ জৈৱিক
কৃষি কৰিবলৈ যাওঁতে গ্ৰহণ কৰিবলগীয়া কেতবোৰ ব্যৱস্থা যেনে কেঁচু সাৰ , সেউজ সাৰ,
জীৱাণু সাৰ আদিৰ বিষয়ে বিভিন্নজনে লেখা প্ৰৱন্ধ । ইতিমধ্যে এইবিধ কৃষিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে যি চেষ্টা চলাই থকা হৈছে
সেইবোৰে যে এচাম কৃষকক আকৰ্ষণ কৰিব পাৰিছে সেইটো বুজিলোঁ । কিন্তু কিবা এটাৰ প্রতি
আকৰ্ষিত হোৱা আৰু সেইটো মনে-প্রাণে সমৰ্থন কৰি বাস্তৱত ৰূপায়ণ কৰিবলৈ আগবঢ়া দুটা
সুকীয়া কথা । জৈৱিক কৃষি এনে এটা বিষয় য’ত কৃষকজনে এইবিধ কৃষিৰ মূল উদ্দেশ্যটো
হৃদয়ংগম কৰি আগবাঢ়িব লাগিব । তেতিয়াহে জৈৱিক কৃষিৰ যি বিশ্ব জুৰি আন্দোলন চলিব
লাগিছে সি সফল হ’ব । ল’ৰাকেইজনে জৈৱিক কৃষিৰ এই দিশটোৰ বিষয়ে কি জানে
বুজিবলৈ সুধিলোঁ-
‘ৰাইজে এই পদ্ধতিৰে খেতি কৰিবলৈ ইচ্ছা কৰিছে বুলি জানি ভাল লাগিছে । কিন্তু
এইবিধ কৃষিৰ মূল উদ্দেশ্যটোৰ বিষয়ে জানানে ?’
ল’ৰাহঁত মনে মনে ৰ’ল । প্রশ্নটো অলপ টান
হ’ল নেকি! সেয়ে অলপ সহজ ভাবে সুধিলোঁ –‘ৰাইজে সাধাৰণতে কৰি থকা ধৰণেৰে খেতি নকৰি
এই পদ্ধতিৰে খেতি কৰিবলৈ যে ইচ্ছা কৰিছে , দুয়ো বিধৰ মাজত কিবা পাৰ্থক্য আছে নেকি ?’
‘ এইদৰে কৰিলে সাৰ, দৰব দিব নালাগিব । খৰচ ক’ম হ’ব আৰু দাম বেছি পাব।’ এজনে
উত্তৰ দিলে।
বিশ্ব জুৰি চলি থকা এটা আন্দোলনৰ এনে এটা সহজ উত্তৰ পাম বুলি আশা নাছিলোঁ । ইয়াৰ
পাছৰ কথা-বতৰাখিনি কেনেদৰে আগবাঢ়িলে
সুবিধা হ’ব চিন্তা কৰি সুধিলো-
‘জৈৱিক কৃষি কৰিলে সাৰ দিব নালাগে, দৰব ছটিয়াব নালাগে, খৰচ ক’ম হ’ব , দাম বেছি
পাব –এইবোৰ কথা ক’ত গম পালা।’
‘এবাৰ ট্ৰেইনিং এটাত কৈছিল । পাছত
কাগজতো পঢ়িবলৈ পাওঁ । সেই কাৰণে ভাবিছোঁ এই দৰেই খেতি কৰিম । সাৰৰ দাম বহুত হ’ল । কেতিয়াবা পাবলৈকো নোহোৱা হয় । দৰববোৰ গাঁৱতে পাওঁ যদিও ছটিয়াবলৈ মেচিন নাই । চাহখেতি কৰাকেইজনৰ আছে । কিন্তু বিচাৰিলে সময়ত নাপাওঁ ।’- অর্থাৎ কম দামত সাৰ আৰু বিচাৰিলেই দৰব
ছটিয়াবলৈ মেচিন এটা পালে এওঁলোকে জৈৱিকৰ পৰিৱৰ্তে প্ৰচলিত পদ্ধতিৰেই খেতি কৰিব ।
জৈৱিক কৃষিৰ মূল উদ্দেশ্যটো যে ল’ৰাকেইজনে বুজি উঠা নাই
সেয়া জানিব পাৰিলোঁ । ট্ৰেইনিং বা লেখাবোৰত জৈৱিক কৃষিৰ মূল
উদ্দেশ্যটোৰ বিষয়ে স্পষ্ট ভাবে কিয় নকয় বুজি নাপাওঁ । সাৰ দিব নালাগে, দৰব দিব
নালাগে, দাম বেছি পাব আদি কথাবোৰত সাধাৰণ কৃষকসকল সহজে আকৃষ্ট হ’ব হয়, কিন্তু
এইদৰে খেতিটো কৰি যেতিয়া তেওঁলোকে আশা কৰা মতে ফল নাপাব তেতিয়া এক মহান
উদ্দেশ্যেৰে আগবঢ়া আন্দোলন এটাত যতি পৰিব । এইয়া আমাৰ কাম্য নহয় । কি উদ্দেশ্য আগত
ৰাখি জৈৱিক কৃষি কৰিব লাগিব আৰু এইদৰে কৰিবলৈ যোৱাৰ লগে লগে কেনেবোৰ প্রশ্ন উদয়
হ’ব সেই বিষয়ে ৰাইজক স্পষ্ট ভাবে কোৱাতো অতি আৱশ্যকীয় কথা বুলি বিবেচনা কৰিলোঁ । সেয়ে এই দিশত লেখা এটা যুগুতাবলৈ ঠিক কৰি ল’ৰাকেইজনক কিছুদিনৰ পাছত এবাৰ যোগাযোগ
কৰিবলৈ কওঁ । ইতিবাচক সঁহাৰি পাই ল’ৰাকেইজনে নমস্কাৰ জনাই বিদায় লৈ যোৱাৰ পাছত নিমন্ত্ৰণৰ পত্ৰখনিৰ
লগতে দিয়া আন খন পত্র চাই দেখিলো গোট গোট আখৰেৰে লিখা আছে – অনুৰোধ : ‘আঁহতগুৰি
কৃষি চৰ্চা’ৰ স্মৰণিকাৰ বাবে এটি লেখা । বিষয় : জৈৱিক কৃষি ।
....আগলৈ
....আগলৈ
Part II: http://sadik2crs.blogspot.in/2014/11/subject-organic-farming-2.html
ম’বাইল:৯৪৩৫১৩৫৬৩১::ID-sadik2crs@yahoo.co.in
No comments:
Post a Comment