সেউজী ধৰণী
কপৌফুল
চতুর্থ ভাগ
নৱ কুমাৰ বৰা
অর্কিডৰ বংশবৃদ্ধি
তিনি প্রকাৰে
অর্কিডৰ বংশবৃদ্ধি কৰিব পাৰি-ক) বীজ খ) কলাকর্ষণ আৰু গ) অংগজ। প্রথম পদ্ধতি দুটা
জটিল আৰু ইয়াৰ বাবে যথেষ্ট কাৰিকৰী জ্ঞানৰ আৱশ্যক হয়। আনহাতে অংগজ পদ্ধতি
তুলনামূলকভাৱে সহজ। সেয়ে ইয়াত এইবিধ পদ্ধতিৰ বিষয়ে কিছু আলোচনা কৰা হ’ব।
অধিকাংশ
অর্কিডকেই সিহঁতৰ গুৰি অংশ বা শিপাৰ সৈতে উপকন্দবোৰ ভাগ কৰি বঢ়াব পাৰি। প্রায়ে
বুঢ়া হৈ যোৱা পুৰণি উপকন্দৰ ওপৰত ক্ষুদ্র শিপাৰ সৈতে সৰু সৰু পুলি দেখা যায়। এনে
পুলি নাৰিকলৰ বাকলিৰ জাৱৰ বা শুকান মচৰে বান্ধি দিলে সুন্দৰকৈ শিপায়।
ডেন্দ্রবিয়ামৰ দৰে কিছুমান অর্কিডৰ পুৰণি উপকন্দবোৰ ১০-১৫ চেঃমিটাৰ দীঘলকৈ কাটি
ট্রে বা আন এনে পাত্রত লৈ তাৰ ওপৰত মচ দি পানী ছটিয়াই থাকিলে অলপদিনতে উপকন্দৰ
‘চকু’বোৰৰপৰা গজালি ওলাব। এনে গজালিবোৰ আঁতৰাই আনি ৰোব পৰা যায়। বয়সীয়াল গছবোৰ টাব
বা আশ্রয়স্থলীৰপৰা উলিয়াই বিভাজন কৰিব লাগে। কিন্তু সৰু নিচেই সৰু গছ টাবৰপৰা
উলিয়াই আনিলে মৰি যোৱাৰ আশংকা থাকে।
ভাণ্ডা টেৰিচৰ
দৰে অর্কিডৰ ক্ষেত্রত প্রায় ২০ ছে: মিটাৰৰ ওপৰত বায়বীয় শিপা ওলোৱা অংশ কাটি আনি
ৰোব লাগে। সুপ্তকালচোৱাৰ শেহৰফালে বা ফুলি যোৱাৰ পাছৰ সেমেকা সময়চোৱাত অর্কিডৰ
বংশবৃদ্ধি কৰাৰ উপযুক্ত সময় বুলি বিবেচনা কৰা হয়।
অর্কিড ৰোৱা
অসমৰ পৰিৱেশত
বায়বীয় অর্কিডবোৰ খহতা চালৰ গছত বান্ধি দিব পাৰি। এনে অর্কিডবোৰ আংশিক ৰ’দ পৰা
নাইবা ঘৰৰ বাৰান্দাতো ওলোমাই ৰাখিব পাৰি। কিন্তু সকলোতকৈ উত্তম ব্যৱস্থা হ’ল
অর্কিড ঘৰ এটা নির্মাণ কৰি লোৱা। দহ-বাৰ ফুট ওখ এনে ঘৰবোৰৰ চালখন জালিৰ দৰে কৰি
আংশিক ৰ’দ পৰিব পৰা কৰি দিব লাগে। ঘৰটোৰ মাজেদি অহা-যোৱা বাট ৰাখি দুয়োকাষে ফালে
খলপা খলপ চাং সাজি ল’ব পৰা যায়। ইয়াত ছাঁ আৰু ৰ’দ ভালপোৱা অর্কিডবোৰ ক্রম অনুসৰি
শৃংখলাবদ্ধভাৱে থব পৰা যাব।
গছত অর্কিড
লগাবলৈ হ’লে খহতা ছালৰ শাখা- প্রশাখাযুক্ত মজলীয়া পৰিমাণৰ ছাঁ দিয়া গছ বাচি ল’ব
লাগে। বেছি ছাঁ দিয়া আৰু নিমজ ছালৰ গছ অর্কিডৰ বাবে উপযুক্ত নহয়। বগাই যোৱা
শিপাবোৰ গছৰ বাকলিত আলসুৱাকৈ মেলি দি ঢেকিয়াৰ পুৰণি শিপাৰ পাতল চামনি বা শুকান মচৰ
আৱৰণ এটা দি নাৰিকলৰ ৰচীৰে গছৰ লগত ভালদৰে বান্ধি দিব লাগে। এনে কৰিলে কুমলীয়া
শিপাবোৰে ৰক্ষণাবেক্ষণ পোৱাৰ উপৰিও জলীয় বাষ্প সংৰক্ষণত সহায় কৰে। মনত ৰখা ভাল যে
অতি ডাঠ তৰপে শিপাৰ অনিষ্ট কৰাৰ ভয় থাকে।
গছৰ কটা ডাল
বা কাঠৰ টুকুৰাতো অর্কিড ৰোৱ পাৰি। ইয়াৰ বাবে দুই ইঞ্চি ব্যাসার্দ্ধৰ টুকুৰা এটা
এফুটমান দীঘলকৈ কাটি ল’ব লাগে। এনে টুকুৰাবোৰৰ এটা মূৰ জুইত পুৰি আন ফালটোত শুকান
মচ বা ঢেকীয়াৰ পুৰণি শিপাৰ তৰপ এটা বহুৱাই শিপাবোৰ মেলি দি আকৌ শুকান মচ বা
ঢেকীয়াৰ পুৰণি শিপাৰ পাতল তৰপ এটাৰে ঢাকি নাৰিকলৰ ৰচিৰে জালৰ দৰে সুন্দৰকৈ গুঠি
বান্ধি দিব লাগে। নাৰিকলৰ ৰচিৰ সলনি প্লাষ্টিকৰ ৰচিও ব্যৱহাৰ কৰিব পাৰি যদিও এনে
ৰচি পৰাপক্ষত ল’ব নালাগে। বৃক্ষ ঢেকিয়া বা ওচমুণ্ডা ঢেকিয়াৰ টুকুৰাও অর্কিড ৰোবলৈ
ব্যৱহাৰ কৰিব পাৰি। তামোল বা নাৰিকলৰ গা-গছ ফালি আঁহ থকা ফালেও অর্কিড ৰোবলৈ ল’ব
পাৰি। সদ্যৰোপিত গছবোৰ ঠন ধৰি উঠিলে টুকুৰাবোৰ তাঁৰেৰে বান্ধি ওলোমাই দিব লাগে।
কাঠৰ মাৰি ছয়
ইঞ্চিমান ওখকৈ জাপে জাপে গজাল মাৰি লৈও অর্কিড ৰোৱা বাস্কেট সাজি ল’ব পাৰি। এনে
বাস্কেটৰ তলি আৰু কাষবোৰত ঢেকিয়াৰ পুৰণি শিপা বা কাঠ বাহঁৰ চোঁচ দি মাজত উপযুক্ত
মিশ্রণ ভৰাই অর্কিড ৰোৱ পাৰি।
টাবত অর্কিড
ৰোৱাটোৱেই সকলোতকৈ সুবিধাজনক ব্যৱস্থা বুলি কব পাৰি। প্লাষ্টিকৰ টাব ব্যৱহৃত হলেও
মাটিৰ পাত্রই অধিক উপযুক্ত। তলি আৰু কাষবোৰত ফুটা থকা টাব কিনিবলৈ পোৱা যায়। নহলেও
সাৱধানে টাবৰ কাষবোৰত বিন্ধা কৰি ল’ব পাৰি। এই টাববোৰ ওলোমাই বা তলিখন দাং খোৱাই
সমান ঠাইতো থব পাৰি।
সহজে পানী সৰকি যাব পৰা এনে টাবৰ তলিত ভঙা ইটাৰ টুকুৰা বা
খোলাকটি আদিৰ তৰপ এটা দি তাৰ ওপৰত তলত উল্লেখ কৰা মিশ্রণটো ভৰাই অর্কিড ৰোৱ লাগে।
এভাগ শোধিত হাড়ৰ টুকুৰা,
দুভাগ ডাঙৰ কাঠ-কয়লাৰ টুকুৰা, এভাগ ইটাৰ সৰু ভগা টুকুৰা, এভাগ নাৰিকলৰ পুৰণি
কোৰোকাৰ ভগা টুকুৰা, এভাগ পিট বা শুকান মচ বা পচা ঢেকিয়াৰ শিপা।
পাত্রৰ তলিৰ ভগা
ইটাৰ টুকুৰাৰ ওপৰত পিট, পচা ঢেকিয়াৰ শিপা বা শুকান মচৰ তৰপ দি কাঠ-কয়লা, হাড়, ভগা
ইটাৰ টুকুৰা আৰু নাৰকলৰ কোৰোকাৰ টুকুৰা একেলগে মিহলাই টাবটোৰ কাষলৈকে পূৰাই দড়ি
মাজ ভাগ ঢিপ কৰ ৰখিব লাগে। ৰোৱ লগা গছজোপাৰ দীঘল শিপাবোৰ মিশ্রণটোৰ মাজেদি তললৈকে
সুমাই দি বাকীবোৰ উপৰিভাগত বোৱাই দিয়া উচিত। অৱশ্যে পিট, ঢেকিয়াৰ শিপা বা শুকান
মচৰ পাতল চামনি এটা শিপাৰ ওপৰত মেলি দিলে পুলিটোৱে ঠন ধৰি নুঠালৈকে নিৰাপত্তা পায়।
বিদ্র: ছবিসমূহ বিভিন্ন ৱেব ছাইটৰ পৰা সংগ্রহ কৰা
কৃষি বিজ্ঞানী; ম’বাইল:
৮৪৭২০-২৪৮১৭
No comments:
Post a Comment