Tuesday 15 April 2014

কপৌফুল-প্রথম ভাগ:: On Orchid- part-I


সেউজী ধৰণী
কপৌফুল

প্রথম ভাগ






নৱ কুমাৰ বৰা

[আগকথা:  কপৌফুল--- প্রতিজন অসমীয়াৰ মন পুলকিত কৰা এটি নাম। এই নাম শুনিলেই এক অবুজ শিহঁৰণ অনুভৱ কৰা যায়। যৌৱনৰ ঋতু ব’হাগত মনৰ মানুহে যাচি দিয়া কপৌ এপাহৰ মূল্য লওঁতা আৰু যাচোঁতাজনৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। আঁহতৰ ডাল বগাই কপৌফুল এপাহি নাচনিৰ খোপাত পিন্ধোৱাত গর্ব আছে, সাহস আছে আৰু আছে আত্মসন্মানবোধ তথা নিভাঁজ পবিত্র অনুভূতি। সেইবাবে কপৌফুলক যৌৱনৰ প্রতীক বুলিও ক’ব পাৰি। কিন্তু অৰণ্য লুণ্ঠনকাৰীৰ হাতত পৰি প্রতিজন অসমীয়াৰ মন পুলকিত কৰা এই কপৌফুল ক্রমে বিলুপ্তিৰ পথত। বিহুতলিৰ নাচনিৰ খোপাত আজি প্লাষ্টিকৰ কপৌফুল। সেয়ে জাতীয় পৰম্পৰা বহন কৰা কপৌফুলৰ প্রতি সন্মান জনাই ইয়াৰ উপযুক্ত সংৰক্ষণ কৰাটো প্রতিজন অসমীয়া নৈতিক কর্তব্য বুলি জ্ঞান কৰি এই ব’হাগতে কিছু আলোচনা কৰিবলৈ যত্ন কৰা হ’ব।---লেখক]

ৰূপ, ৰঙ আৰু গোন্ধেৰে আমোলমোল কপৌফুল উদ্ভিদ জগতৰ Orchidaceae  গোত্রৰ অন্তর্গত। ইংৰাজিত ফুলবিধক Orchid কোৱা হয়। বহুতে আকৌ ৰাস্না বুলিও কয়। অৱশ্যে আমি অর্কিড শব্দটো ব্যৱহাৰ কৰিম। ৰহস্যময় গঠন,সুবাস, কোমলতা আৰু ৰঙৰ বৈচিত্র্যতাই অর্কিডক পুষ্প জগতত এক অনন্য আসন দিছে, যাৰ বাবে পৃথিৱীত এইবিধ ফুলৰ দৰে আন কোনো ফুলেই প্রকৃতি তথা ফুল প্রেমীসকলক ইমান বেছি আকৃষ্ট কৰিব পৰা নাই। অসমত এই অর্কিড বা কপৌফুলৰ তিনিটা প্রজাতি পোৱা যায়। সেই কেইবিধ হ’ল- কপৌ, মতা কপৌ আৰু ভাটৌফুল যিকেইটা ক্রমে Rynchostylis, Cymbidium  আৰু Vanda প্রজাতিৰ অন্তর্গত। আমাৰ আলোচনাত প্রধানকৈএই তিনিবিধক লৈয়ে আগবাঢ়িম।

অর্কিডে গছ-গছনিত আশ্রয় লৈ থাকিলেও ইহঁত পৰজীৱি নহয়; বৰঞ্চ ৰ’দ, বৰষুণ, পঁচা পাত, নিয়ৰ কণা আদিৰ পৰা শিপা আৰু পাতৰ দ্বাৰা আহাৰ সংগ্রহ কৰি জীয়াই থাকে। এনেবোৰ অর্কিডক বায়বীয় অর্কিড (Epiphytic)বুলি জনা যায়। ওপৰত উল্লেখ কৰা কেউবিধ প্রজাতি এই শাৰীত পৰে। আনহাতে অধিক পাত সাৰযুক্ত, ছাঁ বা আংশিক ছাঁ পৰা ঠাইত যিবোৰ অর্কিড গজা দেখা যায় সেইবোৰক ভূমি অর্কিড (Terrestrial)বুলি কোৱা হয়। বায়বীয় কিম্বা ভূমি অর্কিড দুয়োবিধৰ ফুলৰ গঠনৰ দ্বাৰা ইহঁতক আন উদ্ভিদৰ পৰা পৃথক কৰিব পৰা যায়।

অর্কিড নামটো আহিছে অণ্ডকোষ (Testicle) বুজোৱা গ্রীক শব্দ অর্কিচ (Orchis)-ৰ পৰা। এৰিষ্টটলৰ শিষ্য থিয়’ফ্রেষ্টাচে ভূমধ্য সাগৰীয় অঞ্চলত গজা এবিধ ভূমি অর্কিডৰ মাটিৰ তলতে থকা অণ্ডকোষৰ দৰে অংশটো দেখি The history of plants and the cause of plants নামৰ পুথিত এই বিষয়ে পোন প্রথমে উল্লেখ কৰে। তেতিয়াৰ দিনত ইয়াক উর্বৰতা আৰু প্রাণশক্তিৰ বাহক হিচাপে জ্ঞান কৰা হৈছিল। ভাৰতবর্ষৰ আয়র্ব্বেদ শাস্ত্রতো অর্কিডৰ ঔষধি গুণৰ বিৱৰণ পোৱা যায়। এতিয়াও অসমৰ বিভিন্ন সম্প্রদায়ৰ মাজত ই বনদৰৱ হিচাপে পৰিগণিত। খ্রীষ্টপূর্ব ২৮০০ চন অর্থাৎ সম্রাট চেঙ-নুঙৰ দিনৰপৰা চীন দেশত অর্কিড ঔষধি গছ হিচাপে বিবেচিত হৈ অহাৰ উপৰিও ইয়াৰ ৰঙ-ৰূপ-সুৱাসে মানুহক আকৃষ্ট কৰি আহিছে। খ্রীষ্টপূর্ব ৫০০ চনৰ চীনা পুথি ‘একি-কিঅ’ (Eki-Kyo) আৰু ১০০০ খ্রীষ্টাব্দৰ দর্শন পুথি ‘আই-চিং’ (I-Chingh)-ত অর্কিডৰ উল্লেখ আছে। কনফুচিয়াচে অর্কিডক সুগন্ধি ফুলৰ ৰজা বুলি কৈছে। চীনা ভাষাত অর্কিডক লেন বুলি কয়। পুৰণি চীনত ইয়াৰ ইমানেই আদৰ আছিল যে অর্কিডৰ ছবি বা পুথি প্রণয়ন কৰা লোকসকলক বিশেষভাবে পুৰস্কৃত কৰা হৈছিল।

ফুলৰ দেশ জাপানত অর্কিডৰ নাম হ’ল ৰেন(Ran)প্রাচীন জাপানত ইয়াৰ খেতিৰ বিষয়ে চিন্তা-চর্চ্চা কৰাৰ যথেষ্ট প্রমাণ পোৱা যায়। উদাহৰণ স্বৰূপে ১৭৭২ চনত জাপানী পুথি ‘ইগানাচি’ (Iganashi)-ত গ্রন্থকাৰ মাতশ্বুকাই অর্কিডৰ প্রতিপালনৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে---

“ বসন্তকালত বাহিৰত নথবা
 গ্রীষ্মত ৰ’দলৈ নুলিয়াবা,
 শৰৎকালত শুকাই যাবলৈ নিদিবা
 আৰু
 শীতকালত বেচিকৈ নিতিয়াবা।”

প্রাচ্যৰ সৌভাগ্য, ৰূপ-ৰস, প্রেম আৰু সৌন্দর্যৰ প্রতীক অর্কিড পশ্চিমত প্রথমে পানীয়ৰ সোৱাদ স্বৰূপেহে স্বীকৃত হয়। স্পেইনৰ সম্রাট কর্টেজ ১৫১৯ চনত মেক্সিকোলৈ যাওঁতে ৰজা এজটেকে ভেনিলা অর্কিডৰ পৰা প্রস্তুত কৰা সুগন্ধি পানীয়ৰে আপ্যায়িত কৰিছিল। এই পানীয়ৰ স্বাদত মোহিত হৈ সম্রাটে ভেনিলা অর্কিডৰ সঁচ নিজ দেশলৈ কঢ়িযাই নিয়ে। এয়াই আছিল আজিৰ বিখ্যাত ভেনিলা এচেঞ্চৰ আৰম্ভণি। ইয়াৰ পাছত ১৭ শতিকাৰপৰা ইউৰোপীয়সকলে প্রাচ্যত অর্কিড বিচাৰি চলাথ কৰে আৰু ১৭৩১ চনত পিটাৰ কলিঞ্চে পোন প্রথমে গ্রীষ্ম দেশীয় অর্কিড ইংলেণ্ডলৈ নিয়ে। ইয়াতো অর্কিডে মানুহৰ মন-প্রাণ জয় কৰিবলৈ সক্ষম হয়। সম্রাট অষ্টম এডৱার্ডে ৰাজউদ্যানত এজোপা অর্কিডেৰে প্রেয়সী ওৱালিচ চিম্পচনক মনৰ মৰম যাচিছিল আৰু বিশেষ যত্নৰে প্রতিপাল কৰা অর্কিডৰ ফুল ফুলা চাবলৈ ওৱালিচে অতীব আগ্রহেৰে অপেক্ষা কৰিছিল।

অর্কিডৰ বিষয়ে প্রথম বিজ্ঞানসন্মতভাবে অধ্যয়নৰ পৃষ্ঠপোষকতা কৰা অনুষ্ঠান হ’ল ‘ৰয়েল বটানিকেল গার্ডেন’ইয়াৰে ভগ্নী অনুষ্ঠান ‘ৰয়েল হর্টিকালচাৰেল ছচাইটি’-য়ে ১৮৫৯ চনত কেট্টালিয়া অর্কিড এজোপাক পুৰস্কৃত কৰি এইবিধ উদ্ভিদক স্বীকৃতি প্রদান কৰে আনহাতে ১৯৫৪ চনত মার্কিন যুক্তৰাষ্ট্রৰ গর্ডন ডিলেনে অর্কিডৰ প্রথম আন্তজার্তিক সংস্থা ‘ওৱর্ল্ড অর্কিড কনফাৰেঞ্চ’ ৰ জন্ম দিয়ে। পণ্ডিত, বিজ্ঞানী আৰু ফুল অনুৰাগীসকলৰ ‘মক্কা’ স্বৰূপ এই অনুষ্ঠানে জন্ম লগ্নৰে পৰা অর্কিডৰ চিন্তা-চর্চ্চাত বহুমূলীয়া অৱদান আগবঢ়াই আহিছে।

মৰুভূমিৰ পৰা তুন্দ্রা অঞ্চল আৰু সাগৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতালৈকে অর্কিডৰ বাসস্থান। এতিয়ালৈকে ৬০০-৮০০ গোত্রৰ প্রায় ৩৫,০০০ মান প্রজাতিৰ সম্ভেদ পোৱা গৈছে। ইয়াৰ উপৰি মানুহে অজস্র বর্ণ আংকৰ অর্কিডৰ উদ্ভাৱন কৰিছে। এইখিনিতে উল্লেখযোগ্য যে ১৮৫৬ চনত জন ডমিনি নামৰ ইংৰাজ উদ্যানবিদজনে দুটা কেলেন্থি (Calanthe) প্রজাতিৰ মাজত পৰাগযোগ ঘটাই উদ্ভাৱন কৰা গছজোপাই আছিল অর্কিডৰ প্রথম বর্ণ সংকৰ জাত।


কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭





2 comments:

  1. কপৌ ফুলৰ শিপাৰ গঠন কেনেকুৱা

    ReplyDelete
  2. কপৌ ফুলর শিপার গঠন কেনেকুবা


    ReplyDelete