Wednesday 14 November 2012

জৈৱিক কৃষি খণ্ড-৬

                                           
                                             জৈৱিক কৃষি
                                                                   খণ্ড-৬

       ভাৰতবর্ষত জৈৱিক কৃষিৰ প্রসাৰ
              সেউজ বিপ্লৱৰ বাবে দেখা দিয়া সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমাৰ দেশৰ কৃষি পদ্ধতিক পর্যায় ক্রমে জৈৱিক কৃষিলৈ পৰিবর্তন কৰাৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞসকলে যোৱাটো শতিকাৰ আশী দশকৰ পৰাই মতপোষণ কৰি আহিছে। এই সময়চোৱাত প্রধানকৈ বেচৰকাৰী আনুষ্ঠানসমূহে সীমিত পৰিসৰৰ মাজত থাকি জৈৱিক কৃষিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে আন্দোলন চলাই আছিল। এনে এক বেচৰকাৰী অনুষ্ঠান Association for Propagation of Indian Germplasm Resources (APIGR)ৰ সৌজন্যত ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতত পোন প্রথম বাৰৰ বাবে জৈৱিক কৃষিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্র অনুস্থিত হয়। ৱার্ধাত অনুস্থিত হোৱা এই আলোচনা চক্রখনে চলি থকা জৈৱিক কৃষি আন্দোলনক এক নতুন মাত্রা প্রদান কৰে। তাৰ পাছত দেশৰ আন আন অঞ্চলতো এনে আলোচনা তথা অধ্যয়ন চক্রৰ জৰিয়তে জৈৱিক কৃষিৰ সপক্ষে জনমত গঢ়ি তুলিবলৈ বিভিন্ন বেচৰকাৰী অনুষ্ঠান আগবাঢ়ি আহিল। এনে প্রচেষ্টাৰ ফলত মহাৰাষ্ট্র আৰু দক্ষিণৰ ৰাজ্যসমূহত জৈৱিক কৃষিয়ে বিশেষ ভাবে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হয় আৰু বহুতো লোকে জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰে। বেচৰকাৰী অনুষ্ঠানসমূহে এইদৰে উৎপাদিত সামগ্রীসমূহ ৰপ্তানি কৰাত আগভাগ লৈ বিশ্ববাসীক ভাৰতবর্ষৰ এনে সামগ্রীৰ সৈতে পৰিচয় কৰায় দিয়ে। এই দৰে নিৰৱে আগবঢ়া আন্দোলনটোৰ বাবে আন্তর্জাতিক বজাৰত ভাৰতত উৎপাদিত জৈৱিক সামগ্রী প্রধানকৈ চাহ আৰু বাচমতি চাউলৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে।
              বিদেশত জৈৱিক সামগ্রীয়ে নতুনকৈ লাভ কৰা জনপ্রিয়তালৈ লক্ষ্য কৰি ভাৰত চৰকাৰে ২০০১ চনত বাণিজ্য মণ্ত্রালয়ৰ অধীনত National Programme for Organic Production (NPOP) নামেৰে এখন আঁচনি উন্মোচন কৰি এক জাননীৰ দ্বাৰা ভাৰতত উৎপাদিত জৈৱিক সামগ্রীসমূহৰ উৎপাদন তথা বিপণনৰ সকলো দিশ চোৱা চিতা কৰিবলৈ Agricultural and Processed Food Products Export Development Authority (APEDA) আৰু চাহ ব’র্ডকে ধৰি এনে পাঁচটা সংস্থাক কর্তৃত্ব প্রদান কৰেঅনহাতে APEDAই জৈৱিক কৃষিৰ আথিক প্রসাৰৰ সুবিধার্থে চৰিটা অনুষ্ঠানক তেওঁলোকৰ হৈ জৈৱিক প্রমাণ পত্র প্রদান কৰাৰ কর্তৃত্ব দিয়ে। ইয়াৰ লগে লগে  ভাৰতত জৈৱিক কৃষিয়ে চৰকাৰী ভাবে স্বীকৃতি লাভ কৰাৰ লগতে পূর্ণ গতি পায়। চৰকাৰৰ ফালৰ পৰা লোৱা এনে পদক্ষেপৰ বাবে ২০০২ চনত ভাৰতবর্ষই দেশত উৎপাদিত ১৪,০০০ মেট্রিক টন জৈৱিক খাদ্য সামগ্রীৰ ৮৫% ৰপ্তানি কৰিবলৈ সক্ষম হয়।
          দেশত জৈৱিক সামগ্রীৰ উৎপাদন আৰু বিকাশৰ বাবে যুগুতাই উলিওৱা আঁচনিখনৰ এনে সফলতা দেখি ভাৰত চৰকাৰে জৈৱিক কৃষিৰ উন্নতিৰ বাবে আৰু অধিক গুৰুত্ব দিবলৈ লয় যাৰ ফল স্বৰূপে ২০০৩ চনত উত্তৰ প্রদেশৰ গাজিয়াবাদত National Institute of Organic Farming (NIOF) নামৰ প্রতিষ্ঠানটো গঢ় লৈ উঠে। ইতিমধ্যে আন্তর্জাতিক পর্যায়ত বিভিন্ন জৈৱিক সামগ্রীৰ গুণগত মানদণ্ড নিৰুপণ হৈ গৈছিল। সেয়ে এই প্রতিষ্ঠানটোক দেশত উৎপাদিত জৈৱিক কৃষি সামগ্রীৰ উৎপাদনৰ নিয়ম নীতি নির্ধাৰণ কৰাৰ লগতে এইবোৰৰ গুণগত মানদণ্ড নিৰুপণৰ দায়িত্ব দিয়া হয়। বর্তমান APEDA সহ আন পাঁচটা স্বীকৃতিপ্রাপ্ত সংস্থাৰ জৰিয়তে NIOF য়ে জৈৱিক সামগ্রীৰ এই দিশবোৰ পর্যবেক্ষণ কৰে। ইয়াৰ উপৰি জৈৱিক কৃষিৰ বিকাশৰ বাবে ভাৰত চৰকাৰে দশম পঞ্চ বার্ষিক পৰিকল্পনাত ১০ বিলিয়ন টকা  ধার্য্য কৰে আৰু জৈৱিক কৃষিৰ গৱেষণাৰ দাযিত্ব ভাৰতীয় কৈষি গৱেষণা অনুসন্ধান পৰিষদক অর্পণ কৰে।
         এইদৰে ভাৰতবর্ষত কৃষক-চৰকাৰ-ব্যক্তিগত খণ্ডৰ জৰিয়তে জৈৱিক কৃষিৰ উন্নয়ন আৰু বিকাশৰ কাম-কাজ দ্রুত গতিত আগবাঢ়িব ধৰিলে। বর্তমান ভাৰতত ১৫,০০০জনৰো অধিক স্বীকৃতিপ্রাপ্ত কৃষকে জৈৱিক সামগ্রী উৎপাদন কৰি আছে। NPOP ৰ এক প্রতিবাদনত প্রকাশ পাইছে যে ২০০৭-০৮ চনত ভাৰতবর্ষত প্রাকৃতিক ভাবে জৈৱিক ৰূপত থকা অঞ্চলকে ধৰি মুঠ ২.৮ মিলিয়ন হেক্টৰ মাটিত ৩,৯৬,৯৯৭ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হৈছিল আৰু ৮৬ বিধ সামগ্রীৰ মুঠ ৩৭,৫৩৩ মেট্রিক টন ৰপ্তানী কৰি ১০০.৪ মিলিয়ন আমেৰিকান ডলাৰ উপার্জন কৰিব পৰা গৈছিল। এই উপার্জন ২০০৬-০৭ চনতকৈ ৩০%অধিক। এই পৰিসংখ্যাবোৰৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতবর্ষত জৈৱিক কৃষিযে গতি লাভ কৰিছে আৰু অচিৰে জৈৱিক আন্দোলনে এক পূর্ণাংগ ৰূপ পাব। আমি এইদৰে ভবাৰ যথেষ্ট থল আছে, কাৰণ ২০০১ চনত NPOP উন্মোচন হোৱাৰ মাত্র ছয় বছৰৰ ভিতৰত ভাৰতত প্রায় চাৰি লাখ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হ’ল। ইমান কম সময়ৰ ভিতৰত এইয়া সম্ভৱ হৈ উঠাৰ প্রধান কাৰণ হৈছে দেশত সেউজ বিপ্লৱে স্পর্শ নকৰাকৈ থকা এক বৃহৎ পৰিমাণৰ মাটি। আধুনিক কৃষিৰ অতি প্রয়োজনীয় আহিলা জলসিঞ্চনৰ সুবিধা নথকা এনে অঞ্চল এতিয়াও বৰষুণৰ ওপৰত নির্ভৰশীল। এনে হোৱা বাবে এই অঞ্চলবোৰত ৰাসায়িক সাৰ,ঔষধ আদিৰ ব্যৱহাৰ মুঠেই নহয়; হ’লেও অতি সীমিত ৰূপত হয়। এটা সমীক্ষাই দেখুৱাইছে যে উত্তৰ পূর্বাঞ্চলকে ধৰি দেশৰ অধিকাংশ মাটি by default জৈৱিক ৰূপত আছে। সেয়ে এই অঞ্চলবোৰ অতি সহজে জৈৱিক কৃষিলৈ পৰিবর্তন কৰিব পৰা গৈছে। তদুপৰি আর্থিকভাবে পিছ থকা ভাৰতীয় কৃষকসকলৰ মানসিকতা জৈৱিক কৃষিৰ প্রসাৰত সহায়ক হৈ উঠিছে। অনহাতে সেউজ বিপ্লৱৰ পূর্ণ দখলত থকা উন্নত দেশবোৰৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিবলৈ যাওঁতে বহুতো সমস্যাৰ সম্মূখীন হ’বলগীয়া হৈছে। ইতিমধ্যে নষ্ট হৈ পৰা কৃষিতন্ত্রবোৰ পুনৰুদ্ধাৰ কৰিবলৈ Transition Agriculture ৰ নামত উন্নত দেশবোৰৰ যথেষ্ট সময় আৰু অর্থ ব্যয় হৈছে। এনেবোৰ সমস্যাৰ পৰা ভাৰতৰ দৰে আন উন্নয়নশীল দেশবোৰ প্রায় মুক্ত। সেয়ে এইবোৰ দেশৰ জৈৱিক সামগ্রী সহজে বিশ্ব বজাৰত সোমাই পৰিছে।
          ভাৰতৰ জৈৱিক সামগ্রীৰ বজাৰখন প্রধানকৈ বিদেশী বজাৰক কেন্দ্র কৰি গঢ় লৈ উঠিছিল। কিন্তু দিন যোৱাৰ লগে লগে বর্তমান আমাৰ দেশৰ নাগৰিকসকলো এনে সামগ্রীৰ প্রতি আগ্রহী হৈ উঠিছে। বিভিন্ন প্রচাৰ মাধ্যমৰ জৰিয়তে জৈৱিক সামগ্রীৰ গুণাগুণবোৰৰ বিষয়ে জানিব পাৰি বিশেষকৈ নগৰ অঞ্চলৰ লোকসকল এনে খাদ্যৰ প্রতি আকৃষ্ট হৈ পৰিছে। প্রথম অৱস্থাত বহুতে এইয়া নগৰবাসীৰ এক প্রকাৰৰ fad অর্থাৎ চখ বুলি কৈছিল যদিও স্বাস্থ্যৰ প্রতি ক্রমে সচেতন হৈ অহা সকলে এনে সামগ্রী বিচাৰি ফুৰা সততে চকুত পৰা হৈছে। দেওবৰীয়া-বুধবৰীয়া আদি হাটবোৰত আমাৰ নদাই-ভদাইহঁতে অনা “গাৱলীয়া পাচলি” কেইটাৰ সমাদৰ বাঢ়িছে। বজাৰত কেৱল “লকেল” বিচাৰি ফুৰা locavoreৰ সংখ্যা ক্রমে বাঢ়িছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ কিম্বা দৰবপাতি ব্যৱহাৰ নকৰা চিনাকী কৃষকজনক "Know Your Farmer, Know Your Food" মন্ত্র সৰোগত কৰি দুপইছা বেছিকৈ দিবলৈ কুণ্ঠাবোধ নকৰা জনৰো সংখ্যা আমি নজনাকৈয়ে বাঢ়িব লাগিছে। এইদৰে জৈৱিক কৃষি আন্দোলনৰ ঢৌৱে আমাক সকলোকে ক’ব নোৱাৰাকৈয়ে চুইছেহি। অচিৰে হয়তো আমিও কৈ উঠিম "Think globally, act locally" [সমাপ্ত]   


              







     



































              







     






































1 comment:

  1. পঢ়ি ভাল লাগিল ছাৰ ৷ বহুত কথা জানিলো.. ৰুদ্ৰ

    ReplyDelete