Monday 12 November 2012

জৈৱিক কৃষি- খণ্ড -২ জৈৱিক কৃষিৰ সংজ্ঞা...organic farming...definition


  
জৈৱিক কৃষি


                                      খণ্ড -
জৈৱিক কৃষিৰ সংজ্ঞা
Rudolf Steiner যে মাটিক জীৱিত ৰূপত কল্পনা কৰি দিয়া বক্তৃতালানিৰ দ্বাৰা প্রভাৱিত হৈ  Lord Northbourne  যি জৈৱিক কৃষিৰ ধাৰণা অৱতাৰণা কৰিলে তাক বিভিন্ন জনে বিভিন্ন সময়ত সংজ্ঞাৰে নিৰূপণ কৰিবলৈ চেষ্টা কৰে। কিন্তু এইবোৰ সংজ্ঞা সকলোৰে গ্রহণযোগ্য হৈ উঠা নাছিল। ইতিমধ্যে স্বাস্থ্যৰ প্রতি সদা সচেতন উন্নত দেশসমূহৰ নাগৰিকসকলে খাদ্যৰ গুণগত মানৰ ওপৰত আৰু অধিক গুৰুত্ব দিবলৈ লৈছিল। সেই অনুসৰি বিশ্বৰ বজাৰত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা কৃষিজাত সামগ্রীৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে। কৃষিজাত সামগ্রীৰ আমদানি-ৰপ্তানি কৰা বহুতো দেশৰ কৃষিনীতি লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰে। এনে এক পটভূমিত জৈৱিক কৃষিৰ সকলোৰে বাবে গ্রহণযোগ্য এটা সংজ্ঞাৰ আৱশ্যক হৈ পৰিল। সেয়ে ২০০৫ চনত অষ্ট্রেলিয়াত অনুষ্ঠিত হোৱা IFOMA ৰ সাধাৰণ সভাই কি কি নীতি বা সূত্রৰ ওপৰত ভিত্তি কৰি জৈৱিক কৃষিৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰে। অৱশেষত সকলো দিশ চালি জাৰি চাই ২০০৮ চনত IFOMA য়ে জৈৱিক কৃষিৰ সংজ্ঞা নিৰূপণ কৰে এইদৰে---
 “Organic agriculture is a production system that sustains the health of soils, ecosystems and people. It relies on ecological processes, biodiversity and cycles adapted to local conditions, rather than the use of inputs with adverse effects. Organic agriculture combines tradition, innovation and science to benefit the shared environment and promote fair relationships and a good quality of life for all involved.    
    
   এই সংজ্ঞা নিৰূপণ কৰি IFOMA য়ে বিভিন্ন ভাষাত ইয়াৰ অনুবাদ হোৱাটো বিচাৰে যাতে বিশ্বৰ বিভিন্ন কোণত থকা জৈৱিক কৃষিৰ লগত জড়িতসকলে এইবিধ কৃষি পদ্ধতিৰ এক সম্যক জ্ঞান লাভ কৰে আৰু জৈৱিক কৃষিৰ প্রচাৰ তথা প্রসাৰ ঘটাত সহায় কৰে। সেই অনুযায়ী ইচ্ছুক ব্যক্তি কিম্বা অনুষ্ঠানসমূহক IFOMA ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। এইখিনিতে কৈ যাব লাগিব আমি বহুতে ভবাৰ দৰে জৈৱিক কৃষি কেৱল ৰাসায়নিক সাৰ আৰু ঔষধ অবিহনে কৰা কৃষি পদ্ধতি নহয়, ই তাতকৈ বহুত বেছি অর্থবহ। 

...পাছৰ খণ্ডৰ বাবে এই লিংকত চাওক





No comments:

Post a Comment