Wednesday, 14 November 2012

জৈৱিক কৃষি- খণ্ড ৪

জৈৱিক কৃষি
খণ্ড-৪

জৈৱিক কৃষিৰ সমালোচনা আৰু তাৰ প্রত্যুত্তৰ
জৈৱিক কৃষিৰ এক উজ্জল ভৱিষ্যত থকাৰ স্বত্বেও আন এচামলোকে ইয়াৰ বিপৰীতে মতপোষণ কৰা দেখা যায়। তাৰ ভিতৰত সেউজ বিপ্লৱৰ পিতৃ Norman Borlaug , Prof A. Trewavas   আদি উল্লেখযোগ্য। তেওঁলোকৰ প্রধান অভিযোগ হৈছে বর্তমান বিশ্বত প্রয়োজন হোৱা খাদ্য জৈৱিক পদ্ধতিৰে জোৰা মাৰিব পৰা নাযাব আৰু এই পদ্ধতিৰে উৎপাদন কৰা সামগ্রীৰ মূল্য বেছি হোৱাৰ বাবে সর্বাধাৰণ গ্রাহক অসুবিধাত পৰিব। এনে সমালোচনাৰ উত্তৰ হিচাপে কোৱা হয় যে আধুনিক কৃষিৰ বাবে ইতিমধ্যে অনুর্বৰ হৈ পৰা মাটিৰ পৰা জৈৱক কৃষিৰ প্রকৃত ফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। আমেৰিকাৰ  Cornell University ত  চলোৱা এটা ২২ বছৰীয়া পৰীক্ষাই দেখোৱাইছে যে জৈৱিক কৃষি পদ্ধতিৰে কৰা গোমধান আৰু ছয়াবীনৰ উৎপাদন আধুনিক পদ্ধতিতকৈ প্রথম অৱস্থাত কিছু কম হৈছিল যদিও পাছলৈ দুয়োবিধৰে উৎপাদন একে হৈ পৰিল। ইয়াৰ উপৰি ২০০৮ চনত প্রকাশ কৰা ৰাষ্ট্র সংঘৰ এটা প্রতিবেদনে দেখুৱাইছে যে আধুনিক কৃষিৰ পৰশ নপৰা আফ্রিকা মহাদেশত কেৱল জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰি আশানুৰূপ উৎপাদন পোৱাৰ উপৰিও কম ব্যয়বহুল এই পদ্ধতিৰ বাবে কৃষকসকল লাভবান হৈছে। এনে হোৱাৰ কাৰণ হিচাপে জৈৱিক কৃষি পদ্ধতিত মাটিৰ স্বাস্থ্য অটুট থকাৰ কথালৈ আঙুলিয়াব পাৰি। কাৰণ ১৯৩৯ চনত আৰম্ভ কৰা Haughley Experiment তে দেখুৱাই থৈছে  যে প্রায় চল্লিছ বছৰৰ পাছতো জৈৱিক কৃষিৰ অধীনত থকা মাটিৰ গুণাগুণ অটুট অছিল আৰু ইয়াৰ প্রধান কাৰণ হিচাপে এনে মাটিত পোৱা যথেষ্ট সংখ্যক কেঁচু বুলি ঠাৱৰ কৰা হৈছিল। অতি নিমাখিত যেন লগা কেঁচুৱে মাটিৰ উর্বৰা  শক্তি বৃদ্ধি কৰাৰ বিষয়ে কৃষকসকলে অতীজৰে পৰা জ্ঞাত। সেয়ে কেঁচুক কৃষকৰ বন্ধু বোলা হয়। আনহাতে জৈৱিক কৃষি অধিক খৰচি পদ্ধতি বোলাৰ প্রতু্ত্তৰত কোৱা হয় আধুনিক কৃষিত ব্যৱহাৰ কৰা সামগ্রীৰ ওপৰত যি ৰাজ সাহায্য আছে তাক প্রত্যাহাৰ কৰিলে দুয়োবিধ সমান ব্যয়বহুল হৈ পৰিব। কাৰণ জৈৱিক সাৰ, ঔষধ আদিয়ে ৰাজ সাহায্য ভোগ কৰিব নাপায়। অৱশ্যে বর্তমান ইউৰোপত জৈৱিক সাৰ, ঔষধ আদিয়ে ৰাজ সাহায্য লাভ কৰাৰ উপৰিও উৎপাদিত সামগ্রীয়েও বিভিন্ন প্রকাৰৰ চৰকাৰী সহায় পাবলৈ সক্ষম হৈছে। এনে হোৱাৰ বাবে ইউৰোপৰ দেশবোৰত জৈৱিক কৃষিয়ে অধিক প্রসাৰ লাভৰ সুবিধা পাইছে।  [ আগলৈ...]

পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক


                  

No comments:

Post a Comment