Monday, 26 November 2012

বৰো ধানৰ কঠীয়া ...


বৰো ধানৰ কঠীয়া ওখ কৰাৰ উপায়
অসমত ধানখেতি প্রধানকৈ গ্রীষ্ম( summer ), শীত (winter ) আৰু শৰৎ (autum ) কালত কৰা হয়। শৰৎ কালত কৰা বৰো খেতিৰ সময় আঘোন-পুহৰ পৰা জেঠ-আহাৰ মাহলৈকে। অর্থাৎ আঘোন-পুহত কঠীয়া পাৰি জেঠ-আহাৰ মাহত ধান চপোৱা হয়। এই সময়চোৱাত আকাশ ফৰকাল হৈ থাকে আৰু ধাননি ডৰাই ৬-৭ ঘন্টা সূর্যৰ ৰশ্মি পায়,যাৰ বাবে ধান গছে সূর্যৰ ৰশ্মিৰ পৰা অধিক মাত্রাত শক্তি আহৰণ কৰি খাদ্য প্রস্তুত কৰে আৰু গুটিত জমা ৰাখে। তদুপৰি এই খেতিত জলসিঞ্চন নিয়ন্ত্রিতভাৱে কৰিব পাৰি বাবে অধিক মাত্রাত সাৰ প্রয়োগ কৰাত সুচল হয়। বায়ুমণ্ডলৰ উষ্ণতা কম হৈ থকাৰ বাবে অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধি কম হয়। এনেবোৰ কাৰণৰ বাবে বৰো খেতিত উৎপাদন আহু নাইবা শালি খেতিতকৈ বেছি হয়। আনহাতে এই খেতিৰ বাবে কঠীয়াতলিত বীজ সিঁচাৰ সময়ত অর্থাৎ আঘোন-পুহ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট কম হৈ থাকে যাৰ বাবে কঠীয়া ভালদৰে বাঢ়িব নোৱাৰে; চাপৰ হৈ থাকে। এনে চাপৰ কঠীয়া উঠাবলৈ কষ্ট হোৱাৰ লগতে ৰুবলৈকো অসুবিধা হয়। সেয়ে বর্তমান বৰোৰ কঠীয়াতলিত ছৈ দিয়াৰ ব্যৱস্থা কৰি কঠীয়া ওখ কৰিবলৈ পৰামর্শ দিয়া হয়। বাঁহৰ কামিৰে অতি সহজে সাজি ল’ব পৰা এনে ছৈৰ বিষয়ে তলত চিত্রসহ উল্লেখ কৰা হ’ল:-
·         বাঁহৰ কামিৰে ছৈৰ আকাৰৰ এটা জঁকা এনেদৰে সাজিব লাগে যাতে জঁকাৰ মাজ আংশ ৭৫ ছে:মি: ওখ আৰু বহল ২ মি: হয় । দৈর্ঘ্য ৫ মি: মান হ’লে সুবিধা হ্য়। কঠীয়াতলিৰ প্রয়োজন অনুসৰি ছৈৰ সংখ্যা হিচাপ কৰি ল’ব লাগে।
·         জঁকাটো ডাঠ পলিথিন এখনেৰে ঢাকি এনেদৰে বান্ধি দিব লাগে যাতে পলিথিনখনৰ দুয়ো কাষ মাটি স্পর্শ কৰিও কিছু অংশ বাঢ়ি থাকে। ছৈৰ মুখ দুখনো পলিথিনৰ ঢাকনীৰে বন্ধ কৰিব লাগে।
·         কঠীয়াতলিত বীজ সিঁচাৰ পাছত ছৈখনেৰে দীঘল চিটাবোৰ ঢাকি কাষৰ বাঢ়ি থকা পলিথিনৰ অংশ বোকাৰে লিপি বাহিৰৰ ঠাণ্ডা বতাহ ছৈৰ ভিতৰ সোমাব নোৱৰা কৰিব লাগে। ছৈৰ মুখৰ ঢাকনী দুখন দিনৰ ভাগত খুলি ৰাখিলেও ৰাতি জপাই থব লাগে। এইদৰে কঠীয়া পাৰিলে ছৈৰ ভিতৰৰ তাপমান বাহিৰতকৈ ৪-৬ ডিগ্রী বেছি হয় যাৰ বাবে কঠীয়া সোনকালে বাঢ়ে আৰু মুকলিকৈ পৰা কঠীয়াতকৈ প্রায় দুগুণ ওখ হয়।
·         ৰুবলৈ এসপ্তাহমান থকাৰে পৰা ছৈখন নিতৌ কিছু সময়ৰ বাবে তলীখনৰ পৰা আঁতৰাই থব লাগে। প্রথম দিনা দুঘন্টামান আঁতৰাই পাছলৈ সময় বঢ়াই নি কঠীয়া উঠোৱাৰ দুদিনমানৰ আগেয়ে ছৈখন সম্পূর্ণ ৰূপে আঁতৰাব লাগে। এইদৰে ছৈখন আঁতৰোৱাৰ বাবে কঠীয়াই  পথাৰ মুকলি পৰিৱেশৰ লগত সহজে খাপ খাব পাৰে। 

[চিত্রৰ উৎস-ধান খেতিৰ হাতপুথি,অসম কৃষি বিশ্ববিদ্যালয় ]

Sunday, 25 November 2012

ক্ষুদ্র চাহ উদ্যোগ আৰু ...

ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তা
জিতেন্দ্র কুমাৰ লাহন
অৱসৰপ্রাপ্ত সহ- কৃষি সঞ্চালক
         বিশ্বৰ খ্যাতি সম্পন্ন অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়ে অভূতপূর্ব সাফল্যৰে অভিলেখ গঢ়িছে। সত্তৰ দশকৰ শেষফালে আৰম্ভ হোৱা অসমৰ ক্ষুদ্র চাহখেতিয়ে মাথোঁ তিনিটা দশকৰ ভিতৰতেই ৰাজ্যখনৰ মুঠ চাহ উৎপাদনৰ প্রায় ৩৩ শতাংশ যোগানৰ চমকপ্রদ অগ্রগতিৰে সেউজ বিপ্লৱৰ সূচনা কৰি এক আলোড়ন সৃষ্টি কৰিলে। সাম্প্রতিক  সময়ত অসমৰ ক্ষুদ্র চাহখেতি ব্যাপক সম্প্রসাৰণেৰে এক উদ্যোগলৈ ৰূপান্তৰ হোৱাটো সামগ্রিকভাবে অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় দিশ।
         বছৰি গড়ে প্রায় ৪৮০ নিযুত কি:গ্রা: কেঁচাপাত উৎপাদন কৰি অসমৰ ক্ষুদ্র চাহখেতিয়ে গ্রাম্য অর্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছে। তদুপৰি ইয়াৰ দ্বাৰা ভাৰতীয় চাহ ব’র্ডে বছৰি হাজাৰ হাজাৰ কোটি ৰাজহ সংগ্রহ কৰে। প্রাপ্ত তথ্য অনুসৰি, বর্তমান অসমৰ ১৯ জিলাত প্রায় ১.৫ লাখ হেক্টৰতকৈ অধিক মাটিকালি আগুৰি থকা ক্ষুদ্র চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়কৰ সংখ্যা ৬৮,৪৩৮ জন যদিও নিচেই কম মাটিকালিৰ অতিৰিক্ত শ্রেণীক লৈ এই সংখ্যা এক লক্ষাধিক হ’ব। কেঁচাপাতৰ উৎপাদনো বছৰি ক্রমাত বৃদ্ধি পাবলৈ ধৰাটো ক্ষুদ্র চাহখেতিৰ উন্নয়নৰ পথত শুভ লক্ষণ। ২০০১ চনত কেঁচাপাতৰ উৎপাদন আছিল ৪৩৩ নিযুত কি:গ্রা:, ২০০৫ চনত ইয়াৰ পৰিমাণ হয়গৈ ৫২০নিযুত  কি:গ্রা:। উল্লেখযোগ্য যে প্রায় ১২ লাখতকৈ অধিক কর্মচাৰীৰ লগতে শ্রমিক প্রত্যক্ষ আৰু পৰোক্ষভাবে নিয়োজিত হোৱাটোৱে বিশাল প্রসাৰতাৰে গঢ়ি উঠা অসমৰ ক্ষুদ্র চাহখেতিৰ বাস্তব ছবিখন স্বচ্ছ ৰূপত প্রতিপন্ন কৰে।
         অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিৰ সংযোজনে উদ্যোগটো অধিক সমৃদ্ধিশালী কৰাৰ দিশত নতুন মাত্রা প্রদান কৰিলে। কিন্তু তাৰ বিপৰীতে আন্তজার্তিক বজাৰত প্রচুৰ চাহিদাসম্পন্ন অসমৰ চাহৰ যি সুনাম আছিল কিছু বছৰৰ পূর্বে তাত বিসংগতি হোৱাটোও উদ্যোগটোৰ বাবে অপ্রত্যাশিত অথচ অতি গুৰুত্বপূর্ণ বিষয়।
         আন্ত:ৰাষ্ট্রীয় প্রেক্ষাপটত অসমৰ চাহ উদ্যোগৰ গৌৰৱোজ্জল বিষয়টোৰ সম্পর্কে ন-কৈ দোহাৰিবৰ নিষ্প্রয়োজন। থোৰতে ক’বলৈ গ’লে বিশ্বৰ বজাৰত স্বকীয় বৈশিষ্ট্যপূর্ণ অসমৰ চাহৰ পৰিচয় অনন্য। কিন্তু অসমৰ চাহৰ বিশ্বজনিত খ্যাতিৰ এনেহেন ভাবধাৰাত বিগত কেইবছৰমানৰ পৰা বিঘিনি ঘটিল। পূর্বৰ পৰা সেই ৰৈ-বৈ যোৱা সুনামত চেকা লগাটো সঁচাই অতি দূর্ভাগ্যজনক। কিন্তু স্বাভাৱিকতেই প্রশ্ন হয়, ইয়াৰ আঁৰৰ কাৰণ কি? কাৰণটোও অতি স্পষ্ট--বিশ্বৰ অন্যান্য চাহ উৎপাদনশীল দেশসমূহৰ তুলনাত অসমৰ চাহ উদ্যোগৰ দ্বাৰা উৎপাদিত চাহৰ ক্ষেত্রত ব্যৱহার্য ৰাসায়নিক দ্রব্য পৰিমাণ মাত্রাধিক বুলি প্রমাণিত হ’ল। চাহত এনেবোৰ বিষাক্ত ৰাসায়নিক দ্রব্যৰ অৱশিষ্টভাগ ৰৈ যায়। ই কেৱল মানৱ দেহৰ বাবেই হানিকাৰক নহয়, লাখ লাখ হেক্টৰ চাহ বাগিচাৰ কৃষিভূমিত ইয়াৰ বিস্তৰ পৰিমাণৰ ব্যৱহাৰ প্রাকৃতিক পৰিৱেশ প্রদূষণৰ অন্যতম কাৰক হোৱাৰ উপৰি জীৱ-জন্তুৰ উপযোগী পাৰিপার্শ্বিকতাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্রতো এক চৰম ভাবুকি বুলি বিবেচিত হয়। আন্তর্জাতিক বজাৰত পূর্বে আর্জিত অসমৰ চাহৰ সুনাম পুনৰুজ্জ্বল কৰি সেই হেৰুৱাব খোজা খ্যাতি অটুট ৰাখিবলৈ প্রয়োজনীয় বাধ্যবাধকতাৰ প্রতি দৃষ্টি ৰখাটো সাম্প্রতিক সময়ত অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় পদক্ষেপ। শেহতীয়াকৈ জৈৱিক চাহখেতি আৰু ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱৰ প্রতি আটাইৰে উৎসাহী দৃষ্টি আকর্ষণ হোৱাটোও সামগ্রিকভাৱে অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ দিশত সেউজ সংকেত।
         উত্তৰ-পূব ভাৰতৰ প্রায় ৪ লাখ হেক্টৰ কৃষিভূমিত চাহখেতি কৰা হয়। উল্লেখযোগ্য যে অন্য ব্যৱসায়িক প্রতিষ্ঠানৰ দৰেই চাহ উদ্যোগৰো মুখ্য উদ্দেশ্য হ’ল ব্যৱসায়িক লাভালাভ। কিন্তু সেই উদ্দেশ্যেৰে কেৱল উৎপাদন বৃদ্ধিৰ ওপৰতে নির্ভৰ নকৰি তাৰ সমান্তৰালভাৱে উৎপাদিত সামগ্রীৰ গুণগত মান হেৰফেৰ নোহোৱাকৈ উভয়ৰে মাজত ভাৰসাম্য বজাই ৰাখি বজাৰত সমচাহিদাৰ ধাৰা অটুট ৰাখিব পৰাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ হাজাৰ হাজাৰ চাহ বাগিচাই আগুৰি থকা বিশাল ভূমিখণ্ডৰ চাহখেতিত বিস্তৰ পৰিমাণৰ ৰাসায়নিক সাৰ আৰু শস্য ৰক্ষাৰ শিতানত ৰাসায়নিক ভেঁকুৰনাশক, কীটনাশক, অপতৃণনাশক দ্রব্য ব্যৱহৃত হৈ আহিছে। এনে ধৰণৰ ৰাসায়নিক উপাদানবোৰ অবিৰতভাৱে প্রয়োগ কৰাৰ ফলত কৃষিভূমি আৰু ইয়াৰ অভ্যন্তৰীণ জলভাগৰ গুণাগুণ অধোগামী হোৱা, জীৱ-বৈচিত্র্যৰ বিনাশ, বায়ু প্রদূষণ আদি নানা প্রকাৰৰ কু-পৰিণতি পৰিলক্ষিত হয়। কৃষিত এই ৰাসায়নিক উপাদানবোৰৰ ভয়াবহ প্রভাৱৰ পৰা পৰিত্রাণ পাবলৈ সু-সংহত পুষ্টি দ্রব্য ব্যৱহাৰৰ উপৰি সু-সংহত কীট-পতংগ প্রতিৰোধৰ কিছুমান পদ্ধতি প্রচলন হ’বলৈ ধৰিছে। বর্তমান সমগ্র বিশ্বতে জৈৱ কৃষি প্রণালী অৱলম্বন কৰাত গুৰুত্ব প্রদান কৰা হৈছে। ইয়াৰ ফলত বায়ু, পানী মাটিৰ সুৰক্ষা প্রদানৰ লগতে উৎপাদিত সামগ্রীসমূহ স্বাস্থ্যসন্মত হোৱাৰ উপৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রতো উপকাৰ হয়।
         জৈৱিক চাহখেতিৰ মুখ্য উদ্দেশ্য হ’ল --- জীৱজগতৰ জীৱন-ধাৰণৰ অনুকুলে বায়ু, পানী, মাটিৰে গঢ়া বৈচিত্র্যপূর্ণ প্রাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ চাহৰ স্বাভাৱিক উৎপাদন অটুট ৰখা। জৈৱিক চাহখেতিৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু চাহৰ উৎপাদনৰ মাজত ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে অসমৰ চাহ উদ্যোগত শেহতীয়াকৈ আত্মসংস্থানৰ পথ বাছি লৈ সেউজ বিপ্লৱৰ ধাৰা বোৱাবলৈ সক্ষম হোৱা ক্ষুদ্র চাহ খেতিয়কে জৈৱিক চাহখেতিৰ প্রতি বিশেষভাৱে আগ্রহী হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ পৰিছে। ইয়াৰ মুখ্য কাৰণবোৰ অতি স্পষ্ট। সাধাৰণভাৱে ৰাসায়নিক দ্রব্য প্রয়োগ কৰি উৎপাদন কৰা চাহতকৈ আন্তর্জাতিক বজাৰত ইয়াৰ চাহিদা অতি বেছি। ক্ষুদ্র চাহ খেতিয়কৰ বাগানৰ পৰিসৰ সাধাৰণতেই কম হোৱাৰ বাবে তাৰ কিছু অংশ জৈৱিক চাহখেতিলৈ সহজেই ৰূপান্তৰ কৰিব পাৰি। ক্ষুদ্র চাহ খেতিয়কৰ সামর্থ্যৰ জোখাৰে গঢ়ি তোলা জৈৱিক চাহখেতিৰ পৰিচালনা কৰাটোও সহজ হ’ব আৰু তাৰ পৰা উৎপাদিত চাহৰ মূল্য সাধাৰণভাৱে কৰা চাহখেতিৰ পাততকৈ বেছি হোৱাত লাভালাভৰ পৰিমাণ বৃদ্ধি হ’ব। তদুপৰি ইতিমধ্যে অভিজ্ঞতাপূর্ণ উদ্যোগী অসমীয়া যুৱকৰ দ্বাৰা উদ্ভাৱন কৰা দৈনিক ঘৰতেই ৬০-৭০ কি:গ্রা: পাত মাৰিব পৰা মেচিনবিধ ক্রয় কৰি ল’ব পাৰিলে কেঁচাপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহা ক্ষুদ্র চাহ খেতিয়কৰ দীর্ঘদিনীয়া সমস্যাটো কিছু লাঘৱ হ’ব আৰু লাভৰ পৰিমাণো বাঢ়িব।
         জৈৱিক চাহখেতিৰ বাবে প্রয়োজনীয় জৈৱ উপাদান যেনে, পচন সাৰ,পাম সাৰ, গোবৰ, কেঁচুসাৰ, জীৱাণুসাৰ, সেউজ শস্যৰ সাৰ আদি সহজলভ্য। তদুপৰি জৈৱিক উপায়েৰে চাহগছৰ বেমাৰ প্রতিৰোধৰ বাবে বেছিলাছ চাবটেলিছৰ দৰে ভেঁকুৰৰে তৈয়াৰী জীৱাণু ঔষধ আৰু বিবিধ প্রমাণিত বনৌষধি ব্যৱহাৰ কৰা হয়। বৰ মেদেলুৱা, অগৰা গছ, নিম গছ আদি প্রমাণিত বনৌষধিৰ গছ অসমত অপর্যাপ্ত পৰিমাণে পোৱা যায়। সেইদৰে জৈৱিক চাহখেতিত কীটনাশক স্বৰূপে ব্যৱহাৰ কৰিবলৈ নানা বিধৰ বনৌষধি,বৰড’ মিশ্রণ,বৰগাণ্ডি মিশ্রণ, চূণ-খাৰ মিশ্রণ, উদ্ভিদ আৰু জন্তুৰ তেল, পেৰাফিন তেল, পটাছিয়াম চাবোন আদিও সহজে সংগ্রহ কৰিব পাৰি। সাধাৰণ চাহখেতিত বেমাৰ, কীট-পতংগ, অপতৃণ নিয়ন্ত্রণৰ বাবে প্রয়োগ কৰা ৰসায়নিক দ্রব্যৰ বিকল্পৰূপে জৈৱিক চাহখেতিৰ উপযোগী সু-সংহত পদ্ধতিৰ অন্তর্ভুক্ত অনুমোদিত কৃষি কর্মসূচীবোৰ দক্ষতাৰে সম্পাদনা কৰাৰ ক্ষেত্রতো অভিজ্ঞ আৰু প্রশিক্ষণপ্রাপ্ত ক্ষুদ্র চাহ খেতিয়কৰ বাবে জটিলতাৰ কোনো কাৰণ নাই।
         উল্লেখযোগ্য যে মার্ঘেৰিটাৰ কেতেটং অঞ্চলৰ আশে-পাশে চিংফৌ সমাজত পূর্বৰে পৰাই জৈৱিক চাহখেতিৰ প্রচলন হৈ আছে। তেওঁলোকৰ মাজৰে দুজনমান বিদেশত প্রশিক্ষণপ্রাপ্ত উদ্যমী যুৱক জৈৱিক চাহ ৰপ্তানিৰ ক্ষেত্রত বাটকটীয়া। ইতিমধ্যে যোৰহাট আৰু লক্ষীমপুৰৰ পৰাও প্রগতিশীল ক্ষুদ্র চাহ খেতিয়কৰ দ্বাৰা কানাডা,জাপান,ইজিপ্ত আদি দেশলৈ ৰপ্তানি হোৱা জৈৱিক চাহ প্রতি কিল’ত ২০০০ টকা পর্যন্ত দামত বিক্রী হৈছে। প্রাৰম্ভিক এনেবোৰ ইতিবাচক দৃষ্টান্তই অসমত জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তাৰ দিশত আগতীয়া শুভবার্তা বহন কৰা বুলি নিশ্চিত ৰূপত ক’ব পাৰি।
 প্রৱন্ধটো ‘দৈনিক জনমভূমি’ ১৯ জুলাই,২০১২ত প্রকাশ পাইছিল- লেখক 



Wednesday, 14 November 2012

জৈৱিক কৃষি খণ্ড-৬

                                           
                                             জৈৱিক কৃষি
                                                                   খণ্ড-৬

       ভাৰতবর্ষত জৈৱিক কৃষিৰ প্রসাৰ
              সেউজ বিপ্লৱৰ বাবে দেখা দিয়া সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমাৰ দেশৰ কৃষি পদ্ধতিক পর্যায় ক্রমে জৈৱিক কৃষিলৈ পৰিবর্তন কৰাৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞসকলে যোৱাটো শতিকাৰ আশী দশকৰ পৰাই মতপোষণ কৰি আহিছে। এই সময়চোৱাত প্রধানকৈ বেচৰকাৰী আনুষ্ঠানসমূহে সীমিত পৰিসৰৰ মাজত থাকি জৈৱিক কৃষিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে আন্দোলন চলাই আছিল। এনে এক বেচৰকাৰী অনুষ্ঠান Association for Propagation of Indian Germplasm Resources (APIGR)ৰ সৌজন্যত ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতত পোন প্রথম বাৰৰ বাবে জৈৱিক কৃষিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্র অনুস্থিত হয়। ৱার্ধাত অনুস্থিত হোৱা এই আলোচনা চক্রখনে চলি থকা জৈৱিক কৃষি আন্দোলনক এক নতুন মাত্রা প্রদান কৰে। তাৰ পাছত দেশৰ আন আন অঞ্চলতো এনে আলোচনা তথা অধ্যয়ন চক্রৰ জৰিয়তে জৈৱিক কৃষিৰ সপক্ষে জনমত গঢ়ি তুলিবলৈ বিভিন্ন বেচৰকাৰী অনুষ্ঠান আগবাঢ়ি আহিল। এনে প্রচেষ্টাৰ ফলত মহাৰাষ্ট্র আৰু দক্ষিণৰ ৰাজ্যসমূহত জৈৱিক কৃষিয়ে বিশেষ ভাবে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হয় আৰু বহুতো লোকে জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰে। বেচৰকাৰী অনুষ্ঠানসমূহে এইদৰে উৎপাদিত সামগ্রীসমূহ ৰপ্তানি কৰাত আগভাগ লৈ বিশ্ববাসীক ভাৰতবর্ষৰ এনে সামগ্রীৰ সৈতে পৰিচয় কৰায় দিয়ে। এই দৰে নিৰৱে আগবঢ়া আন্দোলনটোৰ বাবে আন্তর্জাতিক বজাৰত ভাৰতত উৎপাদিত জৈৱিক সামগ্রী প্রধানকৈ চাহ আৰু বাচমতি চাউলৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে।
              বিদেশত জৈৱিক সামগ্রীয়ে নতুনকৈ লাভ কৰা জনপ্রিয়তালৈ লক্ষ্য কৰি ভাৰত চৰকাৰে ২০০১ চনত বাণিজ্য মণ্ত্রালয়ৰ অধীনত National Programme for Organic Production (NPOP) নামেৰে এখন আঁচনি উন্মোচন কৰি এক জাননীৰ দ্বাৰা ভাৰতত উৎপাদিত জৈৱিক সামগ্রীসমূহৰ উৎপাদন তথা বিপণনৰ সকলো দিশ চোৱা চিতা কৰিবলৈ Agricultural and Processed Food Products Export Development Authority (APEDA) আৰু চাহ ব’র্ডকে ধৰি এনে পাঁচটা সংস্থাক কর্তৃত্ব প্রদান কৰেঅনহাতে APEDAই জৈৱিক কৃষিৰ আথিক প্রসাৰৰ সুবিধার্থে চৰিটা অনুষ্ঠানক তেওঁলোকৰ হৈ জৈৱিক প্রমাণ পত্র প্রদান কৰাৰ কর্তৃত্ব দিয়ে। ইয়াৰ লগে লগে  ভাৰতত জৈৱিক কৃষিয়ে চৰকাৰী ভাবে স্বীকৃতি লাভ কৰাৰ লগতে পূর্ণ গতি পায়। চৰকাৰৰ ফালৰ পৰা লোৱা এনে পদক্ষেপৰ বাবে ২০০২ চনত ভাৰতবর্ষই দেশত উৎপাদিত ১৪,০০০ মেট্রিক টন জৈৱিক খাদ্য সামগ্রীৰ ৮৫% ৰপ্তানি কৰিবলৈ সক্ষম হয়।
          দেশত জৈৱিক সামগ্রীৰ উৎপাদন আৰু বিকাশৰ বাবে যুগুতাই উলিওৱা আঁচনিখনৰ এনে সফলতা দেখি ভাৰত চৰকাৰে জৈৱিক কৃষিৰ উন্নতিৰ বাবে আৰু অধিক গুৰুত্ব দিবলৈ লয় যাৰ ফল স্বৰূপে ২০০৩ চনত উত্তৰ প্রদেশৰ গাজিয়াবাদত National Institute of Organic Farming (NIOF) নামৰ প্রতিষ্ঠানটো গঢ় লৈ উঠে। ইতিমধ্যে আন্তর্জাতিক পর্যায়ত বিভিন্ন জৈৱিক সামগ্রীৰ গুণগত মানদণ্ড নিৰুপণ হৈ গৈছিল। সেয়ে এই প্রতিষ্ঠানটোক দেশত উৎপাদিত জৈৱিক কৃষি সামগ্রীৰ উৎপাদনৰ নিয়ম নীতি নির্ধাৰণ কৰাৰ লগতে এইবোৰৰ গুণগত মানদণ্ড নিৰুপণৰ দায়িত্ব দিয়া হয়। বর্তমান APEDA সহ আন পাঁচটা স্বীকৃতিপ্রাপ্ত সংস্থাৰ জৰিয়তে NIOF য়ে জৈৱিক সামগ্রীৰ এই দিশবোৰ পর্যবেক্ষণ কৰে। ইয়াৰ উপৰি জৈৱিক কৃষিৰ বিকাশৰ বাবে ভাৰত চৰকাৰে দশম পঞ্চ বার্ষিক পৰিকল্পনাত ১০ বিলিয়ন টকা  ধার্য্য কৰে আৰু জৈৱিক কৃষিৰ গৱেষণাৰ দাযিত্ব ভাৰতীয় কৈষি গৱেষণা অনুসন্ধান পৰিষদক অর্পণ কৰে।
         এইদৰে ভাৰতবর্ষত কৃষক-চৰকাৰ-ব্যক্তিগত খণ্ডৰ জৰিয়তে জৈৱিক কৃষিৰ উন্নয়ন আৰু বিকাশৰ কাম-কাজ দ্রুত গতিত আগবাঢ়িব ধৰিলে। বর্তমান ভাৰতত ১৫,০০০জনৰো অধিক স্বীকৃতিপ্রাপ্ত কৃষকে জৈৱিক সামগ্রী উৎপাদন কৰি আছে। NPOP ৰ এক প্রতিবাদনত প্রকাশ পাইছে যে ২০০৭-০৮ চনত ভাৰতবর্ষত প্রাকৃতিক ভাবে জৈৱিক ৰূপত থকা অঞ্চলকে ধৰি মুঠ ২.৮ মিলিয়ন হেক্টৰ মাটিত ৩,৯৬,৯৯৭ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হৈছিল আৰু ৮৬ বিধ সামগ্রীৰ মুঠ ৩৭,৫৩৩ মেট্রিক টন ৰপ্তানী কৰি ১০০.৪ মিলিয়ন আমেৰিকান ডলাৰ উপার্জন কৰিব পৰা গৈছিল। এই উপার্জন ২০০৬-০৭ চনতকৈ ৩০%অধিক। এই পৰিসংখ্যাবোৰৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতবর্ষত জৈৱিক কৃষিযে গতি লাভ কৰিছে আৰু অচিৰে জৈৱিক আন্দোলনে এক পূর্ণাংগ ৰূপ পাব। আমি এইদৰে ভবাৰ যথেষ্ট থল আছে, কাৰণ ২০০১ চনত NPOP উন্মোচন হোৱাৰ মাত্র ছয় বছৰৰ ভিতৰত ভাৰতত প্রায় চাৰি লাখ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হ’ল। ইমান কম সময়ৰ ভিতৰত এইয়া সম্ভৱ হৈ উঠাৰ প্রধান কাৰণ হৈছে দেশত সেউজ বিপ্লৱে স্পর্শ নকৰাকৈ থকা এক বৃহৎ পৰিমাণৰ মাটি। আধুনিক কৃষিৰ অতি প্রয়োজনীয় আহিলা জলসিঞ্চনৰ সুবিধা নথকা এনে অঞ্চল এতিয়াও বৰষুণৰ ওপৰত নির্ভৰশীল। এনে হোৱা বাবে এই অঞ্চলবোৰত ৰাসায়িক সাৰ,ঔষধ আদিৰ ব্যৱহাৰ মুঠেই নহয়; হ’লেও অতি সীমিত ৰূপত হয়। এটা সমীক্ষাই দেখুৱাইছে যে উত্তৰ পূর্বাঞ্চলকে ধৰি দেশৰ অধিকাংশ মাটি by default জৈৱিক ৰূপত আছে। সেয়ে এই অঞ্চলবোৰ অতি সহজে জৈৱিক কৃষিলৈ পৰিবর্তন কৰিব পৰা গৈছে। তদুপৰি আর্থিকভাবে পিছ থকা ভাৰতীয় কৃষকসকলৰ মানসিকতা জৈৱিক কৃষিৰ প্রসাৰত সহায়ক হৈ উঠিছে। অনহাতে সেউজ বিপ্লৱৰ পূর্ণ দখলত থকা উন্নত দেশবোৰৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিবলৈ যাওঁতে বহুতো সমস্যাৰ সম্মূখীন হ’বলগীয়া হৈছে। ইতিমধ্যে নষ্ট হৈ পৰা কৃষিতন্ত্রবোৰ পুনৰুদ্ধাৰ কৰিবলৈ Transition Agriculture ৰ নামত উন্নত দেশবোৰৰ যথেষ্ট সময় আৰু অর্থ ব্যয় হৈছে। এনেবোৰ সমস্যাৰ পৰা ভাৰতৰ দৰে আন উন্নয়নশীল দেশবোৰ প্রায় মুক্ত। সেয়ে এইবোৰ দেশৰ জৈৱিক সামগ্রী সহজে বিশ্ব বজাৰত সোমাই পৰিছে।
          ভাৰতৰ জৈৱিক সামগ্রীৰ বজাৰখন প্রধানকৈ বিদেশী বজাৰক কেন্দ্র কৰি গঢ় লৈ উঠিছিল। কিন্তু দিন যোৱাৰ লগে লগে বর্তমান আমাৰ দেশৰ নাগৰিকসকলো এনে সামগ্রীৰ প্রতি আগ্রহী হৈ উঠিছে। বিভিন্ন প্রচাৰ মাধ্যমৰ জৰিয়তে জৈৱিক সামগ্রীৰ গুণাগুণবোৰৰ বিষয়ে জানিব পাৰি বিশেষকৈ নগৰ অঞ্চলৰ লোকসকল এনে খাদ্যৰ প্রতি আকৃষ্ট হৈ পৰিছে। প্রথম অৱস্থাত বহুতে এইয়া নগৰবাসীৰ এক প্রকাৰৰ fad অর্থাৎ চখ বুলি কৈছিল যদিও স্বাস্থ্যৰ প্রতি ক্রমে সচেতন হৈ অহা সকলে এনে সামগ্রী বিচাৰি ফুৰা সততে চকুত পৰা হৈছে। দেওবৰীয়া-বুধবৰীয়া আদি হাটবোৰত আমাৰ নদাই-ভদাইহঁতে অনা “গাৱলীয়া পাচলি” কেইটাৰ সমাদৰ বাঢ়িছে। বজাৰত কেৱল “লকেল” বিচাৰি ফুৰা locavoreৰ সংখ্যা ক্রমে বাঢ়িছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ কিম্বা দৰবপাতি ব্যৱহাৰ নকৰা চিনাকী কৃষকজনক "Know Your Farmer, Know Your Food" মন্ত্র সৰোগত কৰি দুপইছা বেছিকৈ দিবলৈ কুণ্ঠাবোধ নকৰা জনৰো সংখ্যা আমি নজনাকৈয়ে বাঢ়িব লাগিছে। এইদৰে জৈৱিক কৃষি আন্দোলনৰ ঢৌৱে আমাক সকলোকে ক’ব নোৱাৰাকৈয়ে চুইছেহি। অচিৰে হয়তো আমিও কৈ উঠিম "Think globally, act locally" [সমাপ্ত]   


              







     



































              







     






































জৈৱিক কৃষি- খণ্ড-৫


      জৈৱিক কৃষি
     খণ্ড-
      জৈৱিক কৃষি আৰু ভাৰতবর্ষ
          আজি আমি যি ধৰণৰ কৃষি পদ্ধতিক জৈৱিক কৃষি বুলি কৈছো তাৰ বীজ   ভাৰতবর্ষত কোনোবা অতীজতে অংকুৰিত হৈ পূর্ণ বিকশিত ৰূপত আছিল। ইতিহাসৰ পম খদিলে দেখা যায় যে পুৰণি ভাৰতৰ কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ সকলো গুণেই বিদ্যমান। আমাৰ কৃষকে জানিছিল কেনে মাটিত কেনে শস্য দিব লাগিব; কেনে হাল জুৰি কেইবাৰ চহ কৰিব লাগিব; মাটিৰ উর্বৰতা শক্তি বঢ়াবলৈ কি কৰিব লাগিব ইত্যাদি। এতিয়াও বুঢ়ালোকৰ মুখত শুনিবলৈ পোৱা বচন,ফকৰা-যোজনাবোৰৰ মাজতে পশ্চিমৰ দেশত লালিত-পালিত হৈ অহা জৈৱিক কৃষিক বিচাৰি পাওঁ। ‘আঠিয়াত গোবৰ, মনোহৰত জাবৰ; মালভোগত ছাই, পোৰাত খাই’ দিবলৈ প্রবাদ বাক্যই কৈ যোৱা বচনৰ দৰে অনেক বচন ভাৰতৰ সকলো ভাষাতে সিঁচৰতি হৈ আছে। এইবোৰ বচনৰ পৰা নীতি-শিক্ষা লৈ ভাৰতীয় কৃষক তথা সর্বসাধাৰণ ৰাইজে কৃষি তন্ত্রৰ লগতে পাৰিপার্শ্বিক অৱস্থাৰ সৃষ্টি কৰিছিল তাক দেখিয়েই আধুনিক জৈৱিক কৃষিৰ জনক  Sir Albert Howard য়ে প্রায় ষাঠি বছৰৰ আগেয়ে  Soil and Health, A study of Organic Agriculture” ৰ দৰে কিতাপ ৰচনা কৰিবলৈ সমল বিচাৰি পাইছিল। ইয়াৰো বহু বছৰৰ আগেয়ে ১৮৮৯ চনত বৃটিছ চৰকাৰৰ নির্দেশত ভাৰতবর্ষৰ কৃষি ব্যৱস্থা অধ্যয়ন কৰি Dr John Augustus Voelcker য়ে যি প্রতিবাদন দাখিল কৰিছিল তাত ভাৰতৰ কৃষকৰ কৃষি কর্মৰ ভূয়সী প্রশংসা কৰি অনুন্নত অঞ্চলত কৃষিৰ ক্ষেত্রত থকা অসুবিধা আঁতৰ কৰিবলৈ পৰামর্শ দি কৈছিল it is more generally the result of the absence of facilitiesঅর্থাৎ কৃষকসকলৰ কৃষি সম্পর্কীয় জ্ঞানৰ অভাব নাছিল। প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ বাবেহে কোনো কোনো অঞ্চল কৃষিৰ ক্ষেত্রত অগ্রসৰ হ’ব পৰা নাছিল। সেয়ে কৃষিৰ ক্ষেত্রত থকা অসামঞ্জ্যতা দূৰ কৰিবলৈ তেখেতে বৃটিছ চৰকাৰক পৰামর্শ দিছিল।
          সি যিকি নহওঁক,দূৰ অতীতৰ ভাৰতবর্ষৰ কৃষিৰ বিষয়ে ইমান খিনি জনাৰ পাছত জৈৱিক কৃষিৰ ঘাই শিপাডাল যে আমাৰ ইয়াতে আছে সেই বিষয়ে সহজে উজিব পাৰি। সেয়েহে ১৯০৬চনতে ভাৰতবর্ষত ৰাসায়নিক সাৰৰ প্রৱেশ ঘটে যদিও সেউজ বিপ্লৱৰ ঢৌৱে কৃষকক বৰকৈ স্পর্শ কৰিব পৰা নাছিল। কিন্তু ষাঠি দশকৰ আগভাগত দেখা দিয়া খাদ্য সংকটৰ বাবে থলুৱা বীজৰ ঠাইত অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ বিশেষজ্ঞসকলে মতপোষণ কৰে। প্রথম অৱস্থাত ঘেহুঁ আৰু তাৰ পাছত ধানৰ অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পাছৰে পৰা দেশৰ খাদ্য সংকট ক্রমে হ্রাস পাবলৈ ধৰে। জলসিঞ্চনৰ সুবিধাৰে পঞ্জাব আৰু হাৰিয়ানাত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ ঢৌ লাহে লাহে আন প্রদেশবোৰলৈ বিয়পি পৰে। দেশে ১৯৬০ চনত উৎপাদন কৰা ৮২ মিলিয়ন টন খাদ্য শস্যৰ বিপৰীতে ১৯৮০ চনত ১৫.৫ টন বাফাৰ ষ্টকৰ সৈতে ১২৯.৬ মিলিয়ন টন খাদ্য শস্য উৎপাদন কৰে। উৎপাদন বৃদ্ধিৰ এই হাৰ ক্রমে বাঢ়ি থাকিল আৰু যোৱাটো শতিকাৰ অন্তত এশ কোটি জনসংখ্যাৰ ভাৰতবর্ষি ৪০ মিলিয়ন টন বাফাৰ ষ্টকৰ সৈতে ২০১.৮ মিলিয়ন টন খাদ্য শস্য উৎপাদন কৰে। খাদ্যশস্যৰ উৎপাদনৰ এনে এক উৎসাহজনক ছবি দেখাৰ সময়তে পঞ্জাব হাৰিয়ানা আদি কৃষিৰ ক্ষেত্রত আগবঢ়া ৰাজ্যকেইখনত দেখা দিয়া আন এক ছবিয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে---উন্নত দেশসমূহত দেখা দিয়া সেউজ বিপ্লৱৰ দোষবোৰে আমাকো চুবলৈ আৰম্ভ কৰিছে নেকি? কাৰণ এইদৰে ভাবিবলৈ ইতিমধ্যে যথেষ্ট যুক্তি গোট খাইছে। যি পঞ্জাব আৰু হাৰিয়ানাই অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰি দেশৰ আনবোৰ ৰাজ্যক সেউজ বিপ্লৱৰ সু-ফল ভোগ কৰিবলৈ উৎসাহিত কৰিছিল সেই পঞ্জাব আৰু হাৰিয়ানাত উৎপাদনৰ হাৰ যেন স্থবিৰ হৈ পৰিছে। আধিক মাত্রাত কৰা জলসিঞ্চনৰ বাবে ভূগর্ভৰ জলপৃষ্ঠ ক্রমে তললৈ গৈ আছে। অত্যাধিক সাৰ প্রয়োগৰ বাবে মাটিৰ স্বাভাৱিক গুণ নষ্ট হে পৰিছে। যধে মধে কৰা কীটনাশকৰ ব্যৱহাৰে পৰিবেশৰ অনিষ্ট সাধিছে। ইতিমধ্যে মাত্রধিক কীটনাশ প্রয়োগৰ বাবে দেখা দিয়া সমস্যাৰ বাবে বহুকেইখন ৰাজ্যৰ কৃষকে আত্মহত্যাৰ দৰে পথ গ্রহণ কৰিবলৈ বাধ্য হৈছে। এই অৱস্থা আৰু কিছু বছৰলৈ অব্যাহত থাকিলে পৰিবেশ আৰু কৃষি তন্ত্রত যি আঘাট পৰিব তাক সংশোধন কৰাতো দূৰহ হৈ পৰিব বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। এনেবোৰ কাৰণৰ বাবেই বর্তমান জৈৱিক কৃষিৰ প্রসংগিকতা আহি পৰিছে। সেয়ে ইতিমধ্যে লাভ কৰা উৎপাদনৰ হাৰ বর্তাই ৰাখি জৈৱিক কৃষিৰ দ্বাৰা কি দৰে এই সমস্যা সমাধান কৰিব পাৰি সেই বিষয়ে বিজ্ঞানীসকলৰ লগতে কৃষিৰ লগত জড়িত সকলোৱে চিন্তা-চর্চা আৰম্ভ কৰিছে।[ আগলৈ...]

.... পাছৰ খণ্ড বাবে তলৰ লিংকত ক্লিক কৰক




জৈৱিক কৃষি- খণ্ড ৪

জৈৱিক কৃষি
খণ্ড-

জৈৱিক কৃষিৰ সমালোচনা আৰু তাৰ প্রত্যুত্তৰ
জৈৱিক কৃষিৰ এক উজ্জল ভৱিষ্যত থকাৰ স্বত্বেও আন এচামলোকে ইয়াৰ বিপৰীতে মতপোষণ কৰা দেখা যায়। তাৰ ভিতৰত সেউজ বিপ্লৱৰ পিতৃ Norman Borlaug , Prof A. Trewavas   আদি উল্লেখযোগ্য। তেওঁলোকৰ প্রধান অভিযোগ হৈছে বর্তমান বিশ্বত প্রয়োজন হোৱা খাদ্য জৈৱিক পদ্ধতিৰে জোৰা মাৰিব পৰা নাযাব আৰু এই পদ্ধতিৰে উৎপাদন কৰা সামগ্রীৰ মূল্য বেছি হোৱাৰ বাবে সর্বাধাৰণ গ্রাহক অসুবিধাত পৰিব। এনে সমালোচনাৰ উত্তৰ হিচাপে কোৱা হয় যে আধুনিক কৃষিৰ বাবে ইতিমধ্যে অনুর্বৰ হৈ পৰা মাটিৰ পৰা জৈৱক কৃষিৰ প্রকৃত ফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। আমেৰিকাৰ  Cornell University   চলোৱা এটা ২২ বছৰীয়া পৰীক্ষাই দেখোৱাইছে যে জৈৱিক কৃষি পদ্ধতিৰে কৰা গোমধান আৰু ছয়াবীনৰ উৎপাদন আধুনিক পদ্ধতিতকৈ প্রথম অৱস্থাত কিছু কম হৈছিল যদিও পাছলৈ দুয়োবিধৰে উৎপাদন একে হৈ পৰিল। ইয়াৰ উপৰি ২০০৮ চনত প্রকাশ কৰা ৰাষ্ট্র সংঘৰ এটা প্রতিবেদনে দেখুৱাইছে যে আধুনিক কৃষিৰ পৰশ নপৰা আফ্রিকা মহাদেশত কেৱল জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰি আশানুৰূপ উৎপাদন পোৱাৰ উপৰিও কম ব্যয়বহুল এই পদ্ধতিৰ বাবে কৃষকসকল লাভবান হৈছে। এনে হোৱাৰ কাৰণ হিচাপে জৈৱিক কৃষি পদ্ধতিত মাটিৰ স্বাস্থ্য অটুট থকাৰ কথালৈ আঙুলিয়াব পাৰি। কাৰণ ১৯৩৯ চনত আৰম্ভ কৰা Haughley Experiment তে দেখুৱাই থৈছে  যে প্রায় চল্লিছ বছৰৰ পাছতো জৈৱিক কৃষিৰ অধীনত থকা মাটিৰ গুণাগুণ অটুট অছিল আৰু ইয়াৰ প্রধান কাৰণ হিচাপে এনে মাটিত পোৱা যথেষ্ট সংখ্যক কেঁচু বুলি ঠাৱৰ কৰা হৈছিল। অতি নিমাখিত যেন লগা কেঁচুৱে মাটিৰ উর্বৰা  শক্তি বৃদ্ধি কৰাৰ বিষয়ে কৃষকসকলে অতীজৰে পৰা জ্ঞাত। সেয়ে কেঁচুক কৃষকৰ বন্ধু বোলা হয়। আনহাতে জৈৱিক কৃষি অধিক খৰচি পদ্ধতি বোলাৰ প্রতু্ত্তৰত কোৱা হয় আধুনিক কৃষিত ব্যৱহাৰ কৰা সামগ্রীৰ ওপৰত যি ৰাজ সাহায্য আছে তাক প্রত্যাহাৰ কৰিলে দুয়োবিধ সমান ব্যয়বহুল হৈ পৰিব। কাৰণ জৈৱিক সাৰ, ঔষধ আদিয়ে ৰাজ সাহায্য ভোগ কৰিব নাপায়। অৱশ্যে বর্তমান ইউৰোপত জৈৱিক সাৰ, ঔষধ আদিয়ে ৰাজ সাহায্য লাভ কৰাৰ উপৰিও উৎপাদিত সামগ্রীয়েও বিভিন্ন প্রকাৰৰ চৰকাৰী সহায় পাবলৈ সক্ষম হৈছেএনে হোৱাৰ বাবে ইউৰোপৰ দেশবোৰত জৈৱিক কৃষিয়ে অধিক প্রসাৰ লাভৰ সুবিধা পাইছে।  [ আগলৈ...]

পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক


                  

Tuesday, 13 November 2012

জৈৱিক কৃষি খণ্ড- ৩ জৈৱিক কৃষিৰ প্রসাৰ...



  
জৈৱিক কৃষি

খণ্ড-


 জৈৱিক কৃষিৰ প্রসাৰ
       কুৰি শতিকাৰ প্রায় মাজ ভাগত মেক্সিকোত আৰম্ভ হোৱা Green revolution নামৰ অভিযান অতি কম সময়ৰ ভিতৰত বিশ্বৰ প্রায় সকলো ৰাষ্ট্রতে বিয়পি পৰিল। আনহাতে ঠিক এই সময়চোৱাতে উদয় হোৱা চিন্তাধাৰা Organic Agriculture য়ে বিশেষ প্রসাৰ লাভ কৰিব পৰা নাছিল ; এচাম ব্যক্তিৰ মাজতে ই আৱদ্ধ আছিল। কিন্তু ১৯৬২ চনত ৰাচেল কার্চনৰ আলোড়নকাৰী কিতাপ Silent Spring প্রকাশ পোৱাৰ পাছৰে পৰা জৈৱিক কৃষিৰ চিন্তাই প্রধান্য পাবলৈ ধৰে আৰু ১৯৭২ চনত জৈৱিক কৃষিক এক আন্দোলনৰ ৰূপ দিবলৈ IFOMAনামৰ অনুষ্ঠানটো প্রতিষ্ঠা হোৱাত এই কিতাপখনেও ইন্ধন যোগায়। আনহাতে একমাত্র এই কিতাপখনৰ বাবেই ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্রত আধুনিক কৃষিৰ এক প্রধান আহিলা DDT ৰ ব্যৱহাৰ বন্ধ হ’ল। একেটা বছৰতে ঘটা এই দুই ঘটনা জৈৱিক কৃষিৰ প্রসাৰৰ দৃষ্টিকোণৰ ফালৰ পৰা অতি তাৎপর্যপূর্ণ। উল্লেখযোগ্য যে জৈৱিক কৃষিৰ পিতৃ আখ্যা পোৱা Lord NorthbourneLook to the Land  কিতাপখনৰ লগতে যি আন ছয়খন কিতাপে জৈৱিক কৃষিক আজিৰ ৰূপ দিছে তাৰ ভিতৰত Silent Spring  অন্যতম।
         যোৱাটো শতিকাৰ সত্তৰ দশকত IFOMA প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা ইয়াৰ সদস্যৰ সংখ্যা ক্রমে বাঢ়িবলৈ ধৰে আৰু জৈৱিক  কৃষি আন্দোলনে গতি পায়। IFOMA আৰু আন এনে অনুষ্ঠানসমূহৰ অহৰহ প্রচেষ্টাৰ বাবে জনসাধাৰণ খাদ্য সামগ্রীৰ গুণাগুণৰ লগতে পৰিৱেশৰ প্রতি সচেতন হৈ পৰিল। উন্নত দেশৰ সদস্যসকলে নিজ নিজ চৰকাৰৰ ওচৰত জৈৱিক কৃষিৰ পোষকতা কৰি কৃষিনীতি সলনি কৰিবলৈ হেঁচা দিবলৈ ধৰিলে আৰু ইয়াৰ ফল স্বৰূপে আশী দশকৰ মাজ ভাগৰ পৰা উন্নত দেশসমূহৰ বজাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত হোৱা সামগ্রীয়ে ভূমূকি মাৰিবলৈ ল’লে। অতি কম সময়ৰ ভিতৰতে এনে সামগ্রীৰ প্রতি জনসাধাৰণ আকৃষ্ট হৈ পৰিল। লগে লগে জৈৱিক সামগ্রীৰ চাহিদা বৃদ্ধি পাবলৈ ল’লে। ইয়াৰ লগে লগে চৰকাৰ আৰু বিত্তীয় প্রতিষ্ঠানসমূহ জৈৱিক কৃষিৰ প্রতি আগ্রহী হৈ উঠিল আৰু গৱেষণাৰ বাবে অধিক পূঁজিৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিল।  
জনসাধাৰণ, চৰকাৰ আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ মনোভাবৰ এনে পৰিৱর্তনৰ বাবে নব্বৈ দশকৰ আগ ভাগৰ পৰা আমেৰিকা আৰু ইউৰোপৰ ভালে কেইখন দেশত জৈৱিক খাদ্যভিত্তিক ব্যৱসায় বছৰি প্রায় ২০% লৈকে বৃদ্ধি পাবলৈ ধৰিলে। এটা পৰিসংখ্যাৰ পৰা জনা যায় যে ২০০১ চনত বিশ্বত জৈৱিক সামগ্রীৰ ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছিল য’ত উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ভাগ আছিল ক্রমে ৬ আৰু ৮ বিলিয়ন ডলাৰ। জৈৱিক সামগ্রীৰ বৃহৎ বজাৰৰ প্রতি লক্ষ্য ৰাখি আন আন দেশবোৰেও অধিক মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিবলৈ আৰম্ভ কৰে। সদ্য প্রকাশিত IFOMA বছৰেকীয়া প্রতিবেদনৰ পৰা জনা গৈছে যে ২০০৭ চনত বিশ্বত ১৪১ খন দেশৰ ১.২ মিলিয়ন জৈৱিক সামগ্রী উৎপাদনকাৰীয়ে ৩২.২ মিলিয়ন হেক্টৰ মাটিত এনে সামগ্রী উৎপাদন কৰি বিশ্ব বজাৰত এৰি  দিছিল। ইয়াৰ ভিতৰত অষ্ট্রেলিয়াই ১২ মিলিয়ন হেক্টৰ মাটি জৈৱিকলৈ ৰূপান্তৰ কৰি শীর্ষ স্থানত আছেএই সময়চোৱাত ইউৰোপত ৭.২ মিলিয়ন হেক্টৰ আৰু লেটিন আমেৰিকাৰ দেশবোৰত ৬.৪ মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিৰ অন্তর্গত আছিল।
    ইতিমধ্যে জৈৱিক কৃষি চিন্তাই এচিয়াৰ দেশবোৰকো চুইছেহি আৰু উক্ত সময়চোৱাত এচিয়া মহাদেশত . মিলিয়ন হেক্টৰ মাটিত জৈৱিক সামগ্রী উৎপাদন কৰা হয় পৰিসংখ্যাৰ পৰা এইটোও জনা গৈছে যে ২০০১ চনৰ ২০ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০০৭ চনত জৈৱিক সামগ্রীয়ে বিশ্বত মুঠ ৪৬. বিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায় কৰে এনে এক পৰিৱর্তনলৈ লক্ষ্য কৰি IFOMA য়ে অনুমান কৰিছে যে অনাগত সময়ত বিশ্ব বজাৰত জৈৱিক সামগ্রীৰ ব্যৱসায় প্রতি বছৰে অতি কমেও বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে  [ আগলৈ ...]


...পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক