বৰো ধানৰ কঠীয়া ওখ কৰাৰ উপায়
অসমত ধানখেতি প্রধানকৈ গ্রীষ্ম( summer ), শীত (winter ) আৰু শৰৎ (autum ) কালত কৰা হয়। শৰৎ কালত কৰা বৰো খেতিৰ সময় আঘোন-পুহৰ পৰা জেঠ-আহাৰ মাহলৈকে। অর্থাৎ আঘোন-পুহত কঠীয়া পাৰি জেঠ-আহাৰ মাহত ধান চপোৱা হয়। এই সময়চোৱাত আকাশ ফৰকাল হৈ থাকে আৰু ধাননি ডৰাই ৬-৭ ঘন্টা সূর্যৰ ৰশ্মি পায়,যাৰ বাবে ধান গছে সূর্যৰ ৰশ্মিৰ পৰা অধিক মাত্রাত শক্তি আহৰণ কৰি খাদ্য প্রস্তুত কৰে আৰু গুটিত জমা ৰাখে। তদুপৰি এই খেতিত জলসিঞ্চন নিয়ন্ত্রিতভাৱে কৰিব পাৰি বাবে অধিক মাত্রাত সাৰ প্রয়োগ কৰাত সুচল হয়। বায়ুমণ্ডলৰ উষ্ণতা কম হৈ থকাৰ বাবে অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধি কম হয়। এনেবোৰ কাৰণৰ বাবে বৰো খেতিত উৎপাদন আহু নাইবা শালি খেতিতকৈ বেছি হয়। আনহাতে এই খেতিৰ বাবে কঠীয়াতলিত বীজ সিঁচাৰ সময়ত অর্থাৎ আঘোন-পুহ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট কম হৈ থাকে যাৰ বাবে কঠীয়া ভালদৰে বাঢ়িব নোৱাৰে; চাপৰ হৈ থাকে। এনে চাপৰ কঠীয়া উঠাবলৈ কষ্ট হোৱাৰ লগতে ৰুবলৈকো অসুবিধা হয়। সেয়ে বর্তমান বৰোৰ কঠীয়াতলিত ছৈ দিয়াৰ ব্যৱস্থা কৰি কঠীয়া ওখ কৰিবলৈ পৰামর্শ দিয়া হয়। বাঁহৰ কামিৰে অতি সহজে সাজি ল’ব পৰা এনে ছৈৰ বিষয়ে তলত চিত্রসহ উল্লেখ কৰা হ’ল:-
· বাঁহৰ কামিৰে ছৈৰ আকাৰৰ এটা জঁকা এনেদৰে সাজিব লাগে যাতে জঁকাৰ মাজ আংশ ৭৫ ছে:মি: ওখ আৰু বহল ২ মি: হয় । দৈর্ঘ্য ৫ মি: মান হ’লে সুবিধা হ্য়। কঠীয়াতলিৰ প্রয়োজন অনুসৰি ছৈৰ সংখ্যা হিচাপ কৰি ল’ব লাগে।
· জঁকাটো ডাঠ পলিথিন এখনেৰে ঢাকি এনেদৰে বান্ধি দিব লাগে যাতে পলিথিনখনৰ দুয়ো কাষ মাটি স্পর্শ কৰিও কিছু অংশ বাঢ়ি থাকে। ছৈৰ মুখ দুখনো পলিথিনৰ ঢাকনীৰে বন্ধ কৰিব লাগে।
· কঠীয়াতলিত বীজ সিঁচাৰ পাছত ছৈখনেৰে দীঘল চিটাবোৰ ঢাকি কাষৰ বাঢ়ি থকা পলিথিনৰ অংশ বোকাৰে লিপি বাহিৰৰ ঠাণ্ডা বতাহ ছৈৰ ভিতৰ সোমাব নোৱৰা কৰিব লাগে। ছৈৰ মুখৰ ঢাকনী দুখন দিনৰ ভাগত খুলি ৰাখিলেও ৰাতি জপাই থব লাগে। এইদৰে কঠীয়া পাৰিলে ছৈৰ ভিতৰৰ তাপমান বাহিৰতকৈ ৪-৬ ডিগ্রী বেছি হয় যাৰ বাবে কঠীয়া সোনকালে বাঢ়ে আৰু মুকলিকৈ পৰা কঠীয়াতকৈ প্রায় দুগুণ ওখ হয়।
· ৰুবলৈ এসপ্তাহমান থকাৰে পৰা ছৈখন নিতৌ কিছু সময়ৰ বাবে তলীখনৰ পৰা আঁতৰাই থব লাগে। প্রথম দিনা দুঘন্টামান আঁতৰাই পাছলৈ সময় বঢ়াই নি কঠীয়া উঠোৱাৰ দুদিনমানৰ আগেয়ে ছৈখন সম্পূর্ণ ৰূপে আঁতৰাব লাগে। এইদৰে ছৈখন আঁতৰোৱাৰ বাবে কঠীয়াই পথাৰ মুকলি পৰিৱেশৰ লগত সহজে খাপ খাব পাৰে।
[চিত্রৰ উৎস-ধান খেতিৰ হাতপুথি,অসম কৃষি বিশ্ববিদ্যালয় ]