Friday 9 October 2015

থার্টিন আপ ফর্টিন ডাউন:Thirteen up....



সেউজী ধৰণী

থার্টিন আপ - ফর্টিন ডাউন



ডঃ চাদিকুল হুছেইন

       বন্ধু এজনৰপৰা খবৰ এটা পাই হঠাৎ যোৰহাটলৈ যাবলগীয়া হ’ল । খবৰটো যেতিয়া পাওঁ তেতিয়া তিনিচুকীয়াৰপৰা যোৰহাটলৈ যোৱা আগবেলাৰ বাছ কেউখনেই গ’ল । দুপৰীয়াৰ বাছ কেইখনত যোৱাৰ ইচ্ছা নাই। এই সময়ৰ বেছিভাগ বাছ শিৱসাগৰৰপৰা প্রায়ে আগবাঢ়িব নোখোজে । এনে হ’লে বৰ অসুবিধা হয় । নিশাৰ বাছত গ’লেও বাইপাছতৰপৰা নগৰলৈ সোমাবলৈ বাহন পোৱা নাযায় বা পালেও ভাৰা বেছি দিব লগাত পৰে । কেনেকৈ যোৱা যায় চিন্তা কৰি থাকোঁতেই সহকর্মী এজনে ক’লে---“ কি চিন্তা কৰি আছে ? ৰে’লেৰে নাযায় কিয় ? আৰামত যাব পাৰিব ।”
       কথাষাৰ শুনি তেখেতলৈ আচৰিত হৈ চাওঁতে তেখেতে যিখিনি ক’লে শুনি মনটো ভাল লাগি গ’ল । আজিকালি হেনো তিনিচুকীয়াৰপৰা যোৰহাটলৈ পোনপটীয়াকৈ ৰে’লগাড়ী চলে । হওঁতে বহুত দিনেই হ’ল । মইহে গম পোৱা নাছিলো । মৰিয়নিত নামি আগৰ দৰে বাছে-মটৰেৰে যোৰহাটলৈ যাব নালাগে । ৰে’লগাড়ীৰে এইছোৱা পথ বহুত দিন যোৱা নাই । সেয়ে ঠাইবোৰৰ কথা প্রায় পাহৰি গ’লো । এতিয়া সহকর্মীৰ কথাত ভজো, চফ্রাই আদি ঠাইৰ নামবোৰ মনত পৰি গ’ল । শেষবাৰ ৰে’লগাড়ীৰে এইছোৱা বাট কেতিয়া গৈছিলো ভাবি থাকোঁতে সহকর্মীজনে কৈ উঠিল---“দেৰি নকৰিব । দুই বাজি পোন্ধৰ মিনিটত পুৰণা ষ্টেশ্যন এৰিব । অলপ আগেয়ে যাব বৰ ভিৰ হয় ।
       ঘড়ীটো চাই দেখিলো প্রায় দুঘন্টা সময় হাতত আছে । বেছি চিন্তা নকৰি ছুটীৰ আবেদন এখন অফিছত দি ঘৰলৈ গৈ যোৰহাটলৈ বুলি সাজু হ’লোগৈ । অসময়ত যাত্রা কৰিবলৈ ওলোৱা দেখি শ্রীমতী কিছু আচৰিত হ’ল । মোৰ সাম্ভাব্য ৰে’লযাত্রাৰ বিষয়ে একো নকৈ কাপোৰ দুযোৰমান বেগ এটাত ভৰাই ভাতৰ পাতত বহিলো । খাই উঠোঁ মানে এক বাজি গ’লেই । বেগটো কান্ধত লওঁতে কিবা এডভেঞ্চাৰ কৰিবলৈ ওলোৱাৰ দৰে লাগিল । পাকঘৰত থকা শ্রীমতীক হাঁহি হাঁহি কৈয়ে দিলো---‘ হেৰা, এডভেঞ্চাৰ এটাত ওলাইছোঁ । ঠিকমতে গৈ থাকিলে বাটৰপৰা খবৰ দিম ।” মোৰ কথা বুজিব নোৱাৰি ‘জানো কিখন কৈ থাকে” বুলি তেওঁ হাতত থকা পানীৰ বটলটো আগবঢ়াই দিলে । ময়ো কথা আগ নবঢ়াই বটলটো হাত পাতি লৈ নেদেখাজনক চিন্তা কৰি ঘৰৰপৰা ওলালো । ‘বিক্রম’খনৰপৰা যেতিয়া ষ্টেশ্যনৰ মুখত নামো তেতিয়া টিকেট ঘৰৰ আগত দীঘল শাৰী । এৰা, সহকর্মীয়ে ঠিকেই কৈছিল । খৰধৰকৈ টিকেটৰ বাবে শাৰীত থিয় দিলো। টিকেটৰ বাবে লাহে লাহে আগবাঢ়ি থাকোঁতে সেই তাহানি দিনৰ কথাবোৰ মনত পৰি গ’ল ।


       চাকৰি জীৱন আৰম্ভ কৰিছিলো ডিফুত । তিনিচুকীয়াৰপৰা পুৱা সাত বজাত ‘আচাম মেল’ত উঠি আবেলি তিনি বজাত ডিফু পাওঁগৈ । সেইদৰে ঘৰলৈ আহোঁতেও দিনৰ এঘাৰমান বজাত ৰে’লত উঠি সন্ধিয়া তিনিচুকীয়া পাওঁহি । বৰ ভাল লাগিছিল সেই ৰে’ল যাত্রাবোৰ । দিনৰ ভাতসাঁজ ‘ডাইনিং কাৰ’ত খাই বেলেগ এটা আনন্দ লাগিছিল । বহুত দিন এইখন ৰে’লত অহা-যোৱা কৰি থকাৰ বাবে কেটাৰিঙৰ মানুহকেইজন প্রায় চিনাকি হৈ পৰিছিল । দুজনমানে সদায়ে কিবা এটা ‘স্পেছিয়েল ডিছ’ ভিতৰৰপৰা আনি দিছিল এইদৰে প্রায় চাৰি বছৰ ‘আচাম মেইল’ত এইটো পথেদি অহা-যোৱা কৰাৰ পাছত ১৯৮০ চনৰ এপ্রিলৰ মাজভাগত তিনিচুকীয়াৰপৰা ডিফুলৈ শেষবাৰ ৰে’লেৰে যোৱা হ’ল । কাৰণ তাৰ কেইদিনমানৰ পাছত ট্রেন্সফাৰ অর্ডাৰ পাই পহিলা জুনৰ দিনা টালি-টোপোলাৰে সৈতে ডিফুৰপৰা গুৱাহাটীৰ ওচৰৰ কাঁহিকুছিলৈ গৈছিলো ।
       সৌ সিদিনাৰ যেন লগা কথাবোৰ ভাবি থাকোঁতেই টিকেট দিয়া খিৰিকীৰ মুখ পালোগৈ । যোৰহাটলৈ বুলি টিকেট এটা বিচাৰি এশ টকীয়া নোট এখন সৰু ফুটাটোৱেদি আগবঢ়াই দিলো । সিফালৰপৰা টিকেটসহ টকা আৰু খুচুৰা পইচা দুটামান ওভতাই দিলে । হিচাপ কৰি আচৰিত হৈ সুধিলো—“কিমান ললে ?” উত্তৰ আহিল ---“উনত্রিছ টকা ।” টিকেটটো চাই দেখিলো  ঠিকেই । ...ইমান কম ? বাছেৰে যোৰহাটলৈ গ’লে বহুত ভৰিব লাগে । কাষত থকাজনে মোলৈ আচৰিত হৈ চাই থকা দেখি নিজকে কিবা আচহুৱা যেন লাইল । খৰধৰকৈ প্লেটফর্মলৈ গৈ দবা এটাত উঠি দেখিলো প্রায়বোৰ আসনতে মানুহ বহি আছে । এজনীয়া আসন এখন খালী হৈ থকা দেখি লগে লগে বহি দিলো । ঘড়ীটো চাই দেখিলো ৰে’ল এৰিবলৈ আৰু দহ মিনিটমান আছে । হাতত থকা বেগটো আসনত থৈ দবাটোত চিনাকি মুখ বিচাৰি ওলালো । অকলশৰীয়া ৰে’ল ভ্রমণ মোৰ বাবে বৰ কষ্টকৰ । কথা-বতৰা পাতি, চাহ-তামোল খাই ৰে’লগাড়ীত ভ্রমণ কৰাৰ আমেজেই বেলেগ ! কিন্তু দীঘলীয়া দবাটোত এজনো চিনাকি যাত্রী নেদেখি মনটো বেয়া লাগি গ’ল । পাছত কোনোবা মনেমিলা এজনক সহযাত্রী হিচাপে পোৱাৰ আশাৰে বহি থাকোঁতেই দীঘলীয়া উকি এটা মাৰি ৰে’লখন লাহে লাহে আগবাঢ়িল । প্লেটফর্মত ৰৈ থকা মানুহৰ জাকটো চাই চাই ময়ো একত্রিশ বছৰৰ পাছত পুৰণি চিনাকি পথটো আকৌ এবাৰ চাবলৈ উত্রাৱল হৈ পৰিলো ।
       কিছু সময় যোৱাৰ পাছত ‘নতুন তিনিচুকীয়া’ জংশ্যন পালো । চাওঁতে চাওঁতে আমাৰ দবাটোৰ সকলো আসন পূৰ হোৱাৰ উপৰিও কিছু যাত্রী থিয় হৈ থকা দেখিলো । এনে ভিৰৰ মাজেদি এজাক ল’ৰা-ছোৱালী দবাটোলৈ সোমাই আহিল । প্রত্যেকৰে কান্ধত নাইবা পিঠিত একো একোটা বেগ । কিছু সময়ৰ আগলৈকে প্রায় নিজান হৈ থকা পৰিৱেশটো হঠাৎ মুখৰিত হৈ পৰিল । মোৰ এনে লাগিল যেন দবাটোৱে প্রাণ পাই উঠিল ! সন্মুখৰজনক এনেয়ে ক’লো---
“ আজি বৰ ভিৰ ।”
“এই ভিৰ সব দিন থাকে । দুলীয়াজান, নাহৰকটীয়া ছাইডৰ ল’ৰা- ছোৱালীসব ক্লাছ কৰি এইখানতেই ঘৰ ফিৰে । বেপাৰীসবো এইখানতে মনিং আহি তিনচুকীয়াত বাজাৰ কৰি ৰিটার্ন হয় ।”
কথাখিনি কৈ কৈ ভদ্রলোকে হাতত থকা ‘পত্রিকা’খন সামৰি মোলৈ চাই থাকিল । বুজিলো ভদ্রলোকজন এই পথছোৱাৰ অভিজ্ঞ যাত্রী । সহযাত্রীৰূপে ভালেই লাগিব । কথা পতাৰ ছলেৰে সুধিলো---“ আপুনি এইখনত সদায়ে অহা-যোৱা কৰে নেকি ?”
“মইতো সদায় এইখানতেই অহা-যোৱা কৰি । থার্টিন আপ ফর্টিন ডাউনৰ অলম’ষ্ট ৰেগুলাৰ পেছেজ্ঞাৰ ।”
“থার্টিন আপ ফর্টিন ডাউন ?”
“ এইটো এই ট্রেনখনৰ নাম । এমনি নাম্বাৰ হৈছে ৫৫৯১৩ আৰু ৫৫৯১৪ । কিন্তু সবাই লাষ্ট নাম্বাৰ দি কৈ থাকে থার্টিন আপ ফর্টিন ডাউন । এতিয়া ডাউনত গৈ আছোঁ, মানে ফর্টিন ডাউন । ” অলপ ৰৈ সুধিলে---“ আপুনি ক’লৈ যাব ?”
মোৰ উত্তৰ শুনি ক’লে---“লাষ্ট ষ্টেশ্যন । মই নামৰূপ যাম । নামৰূপ পাছত ভিৰ কম হৈ যাব । ইঞ্চিঅ’ৰেঞ্চৰ কামত দুই-তিন দিন পাছত তিনচুকীয়া আহোঁ । আজি মর্নিং আহিছিলো । ... আপোনাৰ ডিপাটফমেণ্ট ?”
“ মই ইউনিভার্ছিটি, মানে এগ্রিকালচাৰেল ইউনির্ভাছিটিৰ চাকৰিয়াল ।”
“তিনচুকীয়াত কিবা কাম আছিল । ”
“মোৰ ঘৰ তিনিচুকীয়াত আৰু বর্তমান কাম তিনিচুকীয়াতে কৰোঁ ।”
“তিনচুকীয়াত ইউনির্ভাছিটি আছে নেকি ?”
আমাৰ চাকৰিটোৰ এই এটা সমস্যা । ৰাজ্যৰ প্রতিখন জিলাতে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ একো একোটা গৱেষণা কিম্বা সম্প্রসাৰণ কেন্দ্র আছে সেই কথাটো বহুতেই নাজানে । চাকৰিত যোগদান কৰাৰ পাছৰেপৰা বিভিন্ন সময়ত বিভিন্নজনক এই বিষয়ে বুজাবলগীয়া হৈছে । আজি আকৌ এখেতক আমাৰ চাকৰিটোৰ লগতে বিশ্ববিদ্যালয়ৰ বিষয়ে ক’বলগীয়া হ’ল । আমাৰ কথাৰ মাজতে তেখেতে চাহ একাপ যাচি বিশ্ববিদ্যালয়ৰ চাকৰিয়ালসকলৰ দৰমহা-পাতি, চাকৰিৰ সা-সুবিধা, বীমা আঁচনি আদিৰ সম্ভেদ ললে । ইতিমধ্যে কাষৰ আন এজন যাত্রীও আমাৰ আড্ডাৰ এজন হৈ পৰিছিল । তেজুত চাকৰি কৰা গগৈ উপাধিৰ এইজন নাজিৰাৰ বাসিন্দা। তেখেতেও অৰুণাচলৰ বিভিন্ন কথাৰে আমাৰ আড্ডাটো এনেদৰে পকাই তুলিলে যে দুলীয়াজান কেতিয়া পালোহি গমেই নাপালো । ইয়াৰ মাজতে টিকেট পৰীক্ষক এজন আহি আমাৰ টিকেট পৰীক্ষা কৰি গ’ল । কিছু সময়ৰ বাবে ৰে’লখন ৰ’ল । নতুন যাত্রী এজাক উঠিল । ল’ৰা-ছোৱালীৰ জাকটোৰ বহুকেইজন নামি যোৱা দেখিলো । যিকেইজন থাকিল তেওঁলোকে নিজৰ মাজতে মনে মনে কথা পাতি থাকিল । এওঁলোকে তিনিচুকীয়াত কম্পিউটাৰ, ম’বাইল ফোন ৰিপিয়াৰিং আদিৰ কর্ছ কৰি আছে । আজিকালি হেনো এইফালৰ ল’ৰা-ছোৱালীবোৰৰ বেছিভাগেই মেট্রিক নাইবা হায়াৰ ছেকেণ্ডেৰি পাছ কৰি এনে ধৰণৰ কর্ছ কৰে । এই পথছোৱা প্রায় নিয়মীয়া যাত্রী পুৰকায়স্থই এই কথা জানিবলৈ দিলে । নিম্ন মধ্যবিত্ত পৱিয়ালৰ এই ল’ৰা-ছোৱালীবোৰে কলেজত পঢ়ি ডিগ্রী এটা লৈ চাকৰি বিচাৰি হাবাথুৰি খাই থাকিবলৈ ইচ্ছা নকৰে । ইতিমধ্যে দুই-চাৰিজনে পার্টটাইম চাকৰিও কৰি আছে । বিছ-বাইছ বছৰীয়া এই ল’ৰা-ছোৱালীবোৰে এই বয়সত উপার্জন কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানি আচৰিত হৈ গ’লো । আমাৰ দিনত এনে কথা ভাবিবই পৰা নাছিলো ।
“ ছাৰ, ভালে আছে ?”
প্রশ্নটো শুনি প্রশ্নকর্তালৈ চাই তেখেতক আগেয়ে ক’ত দেখিছিলো ভাবি থাকোঁতেই তেখেতে পুনৰ ক’লে—“মোক ছাৰ চিনি নাপাব । এবাৰ জয়পুৰৰ এছ ডি অ’ৰ অফিছত আপোনাক পাইছিলো । টেকনলজি মিছনৰ ট্রেইনিং এটালৈ আহিছিল ।”
প্রায় এবছৰৰ আগেয়ে এদিনীয়া প্রশিক্ষণ এটাত সমল ব্যক্তি হিচাপে ভাগ ল’বলৈ আমি দুজনমান জয়পুৰলৈ গৈছিলো । মহকুমা কৃষি বিষয়াৰ কার্যালয়ত অনুষ্ঠিত হোৱা প্রশিক্ষণটোত সুমথিৰা টেঙাৰ ৰুগীয়া বাগিচাৰ পৰিচর্যাৰ লগতে নতুন বাগিচা পতাৰ বিষয়ে ত্রিছজনমান কৃষকক প্রশিক্ষণ দিয়া হৈছিল । এখেতে নিশ্চয় সেই প্রশিক্ষণটোৰ কথাই কৈছে । বৰ ভালদৰে চিনিব পৰা নাই যদিও তেখেতক সেই বিষয়ে জানিব নিদি ক’লো---
“ এৰা, ক’ৰবাত লগ পোৱা যেন লাগিছে । তাৰমানে সুমথিৰা টেঙাৰ সেই প্রশিক্ষণটোত লগ পাইছিলো । নহয় জানো ?”
“ ছাৰে ঠিকেই ধৰিছে । আমি ছাৰ, আপোনালোকৰপৰা পুলি আনি নতুন বাগিচা পাতিছোঁ । পুলি আনিবলৈ যোৱাৰ দিনা আপোনালোক মার্ঘেৰিটাৰ ফালে গৈছিল কাৰণে লগ নাপালো । এদিন ছাৰ বাগিচাখন চাবলৈ মাতিম । এইবাৰ নেমুটেঙাৰ বাগিচা এখন পাতিম বুলিও ভাবিছোঁ । আপোনালোকৰপৰাই পুলি আনিম । সেইবাৰ যাওঁতে ভাল পুলি দেখি আহিছোঁ” ।
তেখেতে উছাহেৰে কোৱা কথাখিনি শুনি বৰ ভাল লাগিল এনে লোকসকলক লগ পালে মনটো ভৰি যায়; চাকৰি জীৱনটো সার্থক হোৱা যেন লাগে। শিক্ষক হিচাপে ছাত্র-ছাত্রীক পঢ়াইছোঁ, গৱেষণা কৰিছোঁ আৰু পুথিগত শিক্ষাৰ লগত গৱেষণালব্ধ অভিজ্ঞতাৰ সমন্বয় ঘটাই কৃষকক আধুনিক কৃষিৰ বার্তা দিবলৈ চেষ্টা চলাইছোঁ । সুদীর্ঘ চাকৰিকালৰ অভিজ্ঞতাৰপৰা বুজি উঠিছোঁ, এই তিনিবিধৰ ভিতৰত কৃষকক আধুনিক কৃষিৰ সৈতে পৰিচয় কৰাই দিয়া কার্যটো অতি জটিল । কাৰণ বার্তা পৰিবহনত বিজুতি ঘটিলে অনেক শ্রম আৰু অর্থৰ বিনিময়ত উদ্ভাৱন কৰা কৃষি কৌশলবোৰ কৃষকৰ গ্রহণযোগ্য হৈ নুঠাৰ পূর্ণ সম্ভাৱনা থাকে আৰু এনে হ’লে আধুনিক কৃষিৰ প্রতি কৃষকসকলৰ মোহভংগ হ’ব । আনহাতে বার্তা সঠিভাবে পৰিবহন হ’লে কিছু পলমকৈ হ’লেও বার্তাই ইপ্সিত ৰূপ পায় । অৱশ্যে এই কথাও সঁচা যে প্রথম অৱস্থাত দুই-এজন আগৰণুৱা কৃষকহে নতুন কৌশলৰ প্রতি আগ্রহী হয় । কিন্তু পাছলৈ সেই কৌশলবোৰ অধিকাংশ কৃষকৰ গ্রহণযোগ্য হৈ পৰে । সেইদিনা লগ পোৱা কৃষকসকলৰ ভিতৰত এখেতো এজন এনে আগৰণুৱা কৃষক, যি নিজা খৰচত সুমথিৰা পুলি আনি বাগিচা পাতিছে। ভৱিষ্যতে নেমুটেঙাৰ বাৰী এখন পাতিবলৈকো ঠিক কৰিছে । কিছু বছৰৰ পাছত এখেতক দেখি আন দহজন নিশ্চয় এই দিশত আগবাঢ়ি আহিব ।
কাষত থকা গগৈয়ে বোধকৰোঁ আমাৰ কথা শুনি আছিল । তেখেতে অৰুণাচলৰ সুমিষ্ট সুমথিৰা আৰু বাগিচাবোৰৰ কথা কৈ আমাক জানিবলৈ দিলে যে ইতিমধ্যে জৈৱ কৃষিৰ ঢৌৱে অৰুণাচলকো চুইছে । চৰকাৰ আৰু কৃষক এই পদ্ধতিৰ প্রতি আগ্রহী হৈ উঠিছে । তাৰ পাছত আমাৰ আলোচনা জৈৱ কৃষিৰ ফালে ঢাল খালে । মন কৰিলো এই সৰু কোঠালীটোৰ প্রায় কেইজন যাত্রীয়ে আমাৰ আলোচনা শুনি আছে । জীৱন বীমাৰ কামত সততে ঘুৰি ফুৰা পুৰকায়স্থই বহুতো ভিতৰুৱা অঞ্চলৰ কথা ক’লে । তেখেতে জানিবলৈ দিলে কিদৰে সৰু সৰু চাহ বাগিচাবোৰে আমাৰ বাৰীবোৰ গ্রাস কৰি আহিছে । তদুপৰি বাগিচাবোৰত ব্যৱহাৰ কৰা বিভিন্ন ঔষধৰ বাবে পৰিৱেশত কেনে প্রভাৱ পৰাৰ সম্ভাৱনা আছে সেই বিষয়েও ক’লে । ইয়াকে শুনি এচুকত মনে মনে বহি অহা আইতা এগৰাকীয়ে কৈ উঠিল ---: এহঃ আজিকালি পিৰালিলৈকে চাহ গছ । গাঁওবোৰত ঘুৰিবই নোৱৰা হ’লো । কিবা দেৱাই দেৱাই গোন্ধাই থাকে ।” অলপ ৰৈ তেখেতে পুনৰ ক’লে ---“এইবোৰ জানো ভাললৈ হৈছে।”
আইতাগৰাকীৰ কথা শুনি মোৰ এনে লাগিল যেন ইমানপৰে মই আধুনিক কৃষি পদ্ধতি আৰু পৰিৱেশ প্রদূষণ শীর্ষক কোনো আলোচনাচক্রত ভাগ লৈ আছিলো আৰু আলোচনাৰ শেষত অধ্যক্ষাই তেখেতৰ মন্তব্য দাঙি ধৰিছে । হঠাৎ মনত পৰি গ’ল আজিৰপৰা বহু বছৰৰ আগেয়ে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছেল কার্চন নামৰ এগৰাকী মহিলাই শস্যৰ পথাৰত কীটনাশক ঔষধৰ ব্যৱহাৰৰ বাবে হ’ব পৰা সমস্যাৰ বিষয়ে বিশ্ববাসীক সকীয়াই দিছিল । আৰু আজি এয়া এগৰাকী আশী বছৰীয়া বৃদ্ধাই চাৰিটা মাত্র বাক্যৰে উজনি অসমৰ বর্তমানৰ গাঁৱৰ এখন ছবি সুন্দৰভাবে দাঙি ধৰি আমাক সুধিছে---এয়া জানো আমি ভাল কাম কৰিছোঁ।
ৰেল আহি নাহৰকটীয়া পালেহি । ল’ৰা-ছোৱালীৰ সৰু দলটো ইয়াতে নামিল। অতি সোনকালে লগ পোৱাৰ আশাৰে মাত লগাই কৃষকজনো নামিল । দবাটোলৈ নতুন যাত্রী উঠি নহাৰ বাবে আমি হাত-ভৰি মেলি বহিবলৈ সুবিধ পালো । খন্তেক ৰৈ ফর্টিন ডাউন পুনৰ চলিবলৈ ধৰিলে । ৰে’লৰ জোকাৰণিৰ লগে লগে আইতাগৰাকীৰ কথাখিনিয়ে মনত দোলা দি যাবলৈ ধৰিলে ।
“ আচ্ছা ছাৰ, আকৌ লগ পাম । নামৰূপ আহি গৈছোঁ । আৰু পাঁচ মিনিট বাকী।”
হাতত থকা কাগজপত্রখিনি সামৰি পুৰকায়স্থই মাত লগালে । দেখিলো আইতাগৰাকীৰ লগত অহা সৰু ল’ৰাজনে বাংকৰপৰা বেগ দুটামান নমাইছে । তাৰমানে আইতাও ইয়াতে নামিব । তেখেতৰ লগত কথা পতাৰ ইচ্ছা আছিল । কিন্তু সেই সুবিধা কৰিব নোৱাৰি বেয়া লাগিল ।
নামৰূপত কিছু সময় ৰৈ ৰে’ল পুনৰ চলিবলৈ ধৰিলে । নিজম পৰি যোৱা সৰু কোঠাটোত কেৱল গগৈ আৰু মই । খিৰিকীয়েদি বাহিৰলৈ চাই দেখিলো - এখন বহল পথাৰৰ মাজেদি আমাৰ ৰে’ল গৈ আছে । দুয়োকাষে শাওণৰ সঁজাল ধৰা পথাৰ । মাজে মাজে বাঁহনি; নাম জনা-নজনা গছেৰে হাবিতলীয়া অঞ্চল । প্রায় প্রতিটো ঘৰৰ আগে-পিছে আইতাগৰাকীয়ে কোৱাৰ দৰে সৰু সৰু চাহ বাগিচা । কিছুমান ঘৰৰ বাৰীৰ ঢাপত গাঢ় সেউজীয়া ৰঙৰ বহল পাতেৰে টকৌ গছৰ শাৰী । দূৰৈত নগা পাহাৰ । এটা সেউজীয়া পৰিৱেশৰ মাজেদি আমি গৈ আছোঁ । তাকে দেখি ক’বলৈ মন গ’ল ---How green is my valley ! লগে লগে এবাৰ এজনে এনে সেউজীয়া দেখি ‘ Assam is green but there is no green revolution’ বুলি কৰা ভ্রূকুটিফাকিও মনত পৰিল ।




ফর্টিন ডাউন আগবাঢ়ি থাকিল । যাত্রীৰূপী বিভিন্ন বৃত্তিৰ পুৰুষ-মহিলা উঠিছে- নামিছে । ইতিমধ্যে বৰহাট, সাপেখাতী, ভজো, চফ্রাই আদি পাৰ হৈ শিমলুগুৰি জংশ্যন পালোহি । ৰে’ল কিছুসময় ৰ’ব । প্লেটফর্মলৈ নামি গ’লো । আজিকালি ইয়াৰপৰা মৰাণহাট হৈ ডিব্রুগড়লৈ ৰে’ল চলে । অৱশেষত অসমবাসীৰ এটা দীর্ঘদিনীয়া দাবী পূৰ হ’ল । এতিয়া বহুকেইখন ৰে’ল এই পথটোত চলাচল কৰে । তিনিচুকীয়া হৈ ঘুৰি যাবলগীয়া নোহোৱাৰ বাবে সময় কম লগা হ’ল । পাছলৈ বগীবিলৰ দলংখন হৈ উঠিলে লখিমপুৰ আদি ঠাইবোৰলৈ নিশ্চয় যাব পৰা যাব । এনে হ’লে উত্তৰপাৰৰ ঠাইবোৰ বৰ ওচৰৰ হৈ পৰিব । গৰম চাহ একাপ খাই খাই গগৈদেৱৰ লগত এনেবোৰ কথা পাতি দবাটোলৈ আহি দেখোঁ সৰু ল’ৰা-ছোৱালী দুটিৰে মানুহ এহাল আমাৰ কোঠাটোত বহিছেহি । পৰিয়ালটো গগৈৰ চিনাকি । আমগুৰিলৈ যাব । বহুত দিনৰ মূৰত গগৈদেৱৰ লগত দেখাদেখি হৈছে । তেওঁলোক কথাত ব্যস্ত হৈ পৰিল । ল’ৰা-ছোৱালীহালে খিৰিকীৰ কাষত বহিবলৈ হেতা-ওপৰা লগালে । তাকে দেখি মই মাতি আনি মোৰ সমুখৰ এজনীয়া আসনখনত দুয়োটাকে বহুৱাই দিলো । সৰুতে আমিও ৰে’লে-বাছে গ’লে খিৰিকীৰ কাষত বহিবলৈ উৎপাত লগাইছিলো । দুয়োটাই আনন্দমনেৰে মোৰ সমুখত বহি বাহিৰৰ দৃশ্যবোৰ চাই যাবলৈ ধৰিলে ।




শিমলুগুৰি আৰু নাজিৰাৰ মাজত দূৰত্ব বৰ কম । হায়দৰাবাদ-ছেকেন্দৰাবাদৰ দৰে Twin city বুলিব পাৰি । গগৈদেৱে পৰিয়ালটোৰ লগত কথা-বতৰা হ’বলৈ বেছ সময় নাপালে । যিখিনি সময় কথা পাতিলে তাৰপৰা বুজিলো তেওঁলোকৰ পৰিচয় বহুদিনীয়া । গগৈদেৱ অৰুণাচলত থকাৰ বাবে দেখা- সাক্ষাৎ কিছু কমকৈ হয় । আজি এয়া ফর্টিন ডাউনত বহুত দিনৰ পাছত দেখাদেখি হ’ল । নাজিৰাত গগৈদেৱ নামি যোৱাত বেয়া লাগিল । তিনিচুকীয়াৰপৰাই একেলগে আহিছিলো । আকৌ কেতিয়াবা যে লগ পাম তাৰো নিশ্চয়তা নাই । এইবাৰ সহযাত্রী হ’ল শইকীয়াৰ পৰিয়ালটো । তেওঁলোক আমগুৰিলৈ যাব । তেওঁলোকৰ লগত দুটা-এটা কথা পাতি গৈ আছোঁ । ইতিমধ্যে বেলি লহিয়াবলৈ ধৰিছে । চলন্ত ৰে’লৰপৰা অস্তগামী বেলিটো চাই চাই বিভোৰ হৈ পৰিলো । বহু বছৰৰ পাছত সূর্যাস্ত উপভোগ কৰাৰ সুবিধা পালো । মনটো ভৰি গ’ল । লাহে লাহে আন্ধাৰ নামি আহিল ।
সৰু ষ্টেশ্যন এটাত ৰে’লখন ৰ’ল । হুৰমূৰকৈ এজাক যাত্রী উঠি আহিল । চাই দেখিলো চাহ জনজাতিৰ ডেকা-গাভৰু দল এটা । হাঁহি- মাতি জাকটো খালী আসনবোৰত বহিবলৈ হেতা-ওপৰা লগাইছে । প্রত্যেকৰে হাতত একো একোটা মোনা । দুজনমান ডেকাই বাহিৰত থকা লগৰ কেইজনক চিঞৰি চিঞৰি আমাৰ দবাটোলৈ মাতিলে । এইদৰে জাক পাতি অহা দলটো দেখি আচৰিত হৈ পৰিলো । ৰে’ল চলাৰ পাছত দলটোলৈ ভালদৰে চাই বুজিলো এওঁলোক শ্রমিক । ক’ৰবাত কাম কৰি ঘৰলৈ উভতিছে । মোৰ সমুখত বহা ডেকাজনক সুধি জানিব পাৰিলো দলটো নিতৌ নকছাৰীৰপৰা নামতিআলিলৈ কাম কৰিবলৈ আহে । ৰাতিপুৱা এইখন ৰে’লত আহি আবেলি পুনৰ এইখনতে উভতি যায় । অৱশ্যে শণিবাৰে আহিব নোৱাৰে । কাৰণ সেইদিনা এইখন ৰে’ল তিনিচুকীয়াৰপৰা নাহে । ঘৰৰ ওচৰতে কিবা কাম পালে কৰে । তাৰমানে থার্টিন আপ যায়, কিন্তু ফর্টিন ডাউন নাহে । এওঁলোকৰ প্রায় প্রতিজনেই ঘৰৰ কাষৰ পাঠশালখনত পঢ়িছিল । দুজনমানে ইংৰাজী আখৰকেইটাও চিনি পায় । কিন্তু ঘৰৰ অৱস্থাৰ বাবে কাম কৰিবলৈ ওলাই আহিছে । নিজৰ মাজতে কথা-বতৰা পাতি জাকটো হাঁহি- মাতি গৈ আছে । কেনে প্রণৱন্ত এই ডেকা-গাভৰুহঁত! ঘৰৰপৰা ইমান দূৰলৈ কাম কৰিবলৈ ওলাই আহিছে। দিনটো কঠোৰ পৰিশ্রম কৰি এতিয়া ঘৰলৈ উভতিছে । তথাপিও ক্লান্ত হৈ পৰা নাই।
আমগুৰিত শইকীয়াৰ পৰিয়ালটো নামিল । জাকটোৰ হাঁহি-ধেমালিখিনি নিৰৱে উপভোগ কৰি গৈ আছোঁ । হঠাৎ কোনোবা এজনে চিঞৰি উঠিল ---“এই বন্ধ কৰ, বন্ধ কৰ ।” তাৰপাছত ল’ৰাবোৰে ধুমধাম খিৰিকীৰ টিনৰ ছাটাৰবোৰ তললৈ নমাবলৈ ধৰিলে । একো বুজিব নোৱাৰি সিহঁতলৈ চাই থাকিলো । ইয়াৰ মাজতে ছাটাৰত শিলগুটি পৰাৰ শব্দ শুনিলো । আচৰিত হৈ ইফালে সিফালে চাওঁতে আমাৰ দীঘল দবাটোৰ খিৰিকীত অবিৰাম শিলগুটি পৰাৰ শব্দ শুনিবলে পালো । কিছু সময়ৰ ৰে’লখন দলং এখনৰ ওপৰেদি পাৰ হোৱা যেন লাগিল । দলং পাৰ হোৱাৰ পাছত ডেকাহঁতে ছাটাৰবোৰ পুনৰ দাঙি দিবলৈ ধৰিলে । গোটেই ঘটনাটো ইমান খৰধৰকৈ ঘটি গ’ল যে মই একি উৱাদিহ নাপালো । মোক আচৰিত হোৱা দেখি ডেকা এজনে ক’লে প্রায়ে হেনো এই ঠাইডোখৰত বাহিৰৰপৰা কোনোবাই শিলগুটি মাৰে । ছাটাৰ সময়ত জপাই নিদিলে যাত্রী সদায় জখম হয় । ভাবিলো আজি এইজাকটো নথকা হ’লে মোক কিজানি শিলগুটিয়ে ইতিমধ্যে জখম কৰিলেহেঁতেন । এনে পৰিস্থিতিত এদিনীয়া যাত্রীৰ জখম হোৱাৰ পূর্ণ সম্ভাৱনা থাকে। উঃ ল’ৰাহঁতে মোক ভাল ৰক্ষা কৰিলে !
সৰু ষ্টেশ্যন এটাত ৰে’লখন ৰ’ল । বাহিৰত আন্ধাৰ একো নেদেখি । আমাৰ কোঠাটোৰপৰা এজনে উকি মাৰি কাষৰ দবাত থকা লগৰবোৰৰ খবৰ ললে। শিলাবর্ষণে কাকো একো জখম কৰা নাই । ৰে’ল চলাৰ খন্তেক পাছতে জাকটো নামিবলৈ বুলি নিজ নিজ মোনা-টোপোলাবোৰ সামৰিবলৈ ধৰিলে । মোৰ ভয় হ’ল আগত ক’ৰবাত পুনৰ শিলাবর্ষণৰ সন্মুখীন হওঁ নেকি ? এজনে ক’লে ---“ নাই, ভয় নকৰিব। কেতিয়াবা কেতিয়াবা চেলেং পাৰ হৈ দলং উঠাৰ আগেয়ে পাথৰ মাৰে। আমি সব দিন আহি থাকোঁ কাৰণে জাগাটো চিনি পাওঁ । ” নকছাৰীত জাকটো নামি গ’ল।
এতিয়া কোঠাটোত মই অকলশৰীয়া । কাষৰ আন কোঠাত দুজনমান আছে । আন্ধাৰৰ মাজেদি ফর্টিন ডাউন আগবাঢ়ি থাকিল । কিছু সময়ৰ পাছত বাহিৰত লাইটৰ পোহৰ দেখি জুমি চাই উমান পালো ৰে’ল আহি মৰিয়নি পাইছেহি । ইয়াতে ইঞ্জিনটো আগৰপৰা আনি পাছফালে জোৰা লগাব। কাৰণ মৰিয়নিৰপৰা যোৰহাটলৈ যাওঁতে ৰে’লৰ দিশ সলনি হ’ব । পুৰকায়স্থই কোৱা কথাষাৰ মনত পৰিল । আধা ঘন্টামানৰ কাৰবাৰ এটা হ’ব । তেখেতে আৰু দুটামান কথা কৈছিল । সেইমতে গৰম গৰম পুৰি-চবজি আৰু চাহ একাপ খাই ইঞ্জিনটো জোৰা দিয়াৰপাছত প্রায় শেষৰ ফালৰ দবা এটাত বহিলোহি । এতিয়া যোৰহাটত নামি বেছি খোজ কাঢ়িব নালাগিব । ইতিমধ্যে বহুকেইজন পুৰুষ-মহিলা দবাটোত বহিছিলহি । তাৰমানে পুৰকায়স্থই দিয়া বুদ্ধিটো আন বহুতে জানে । ম’বাইলটো জেপৰপৰা উলিয়াই ঘৰলৈ বুলি বুতাম টিপিলো । অলপ সময়ৰ পাছত সিফালৰপৰা শ্রীমতীৰ মাতটো ভাহি আহিল ---
“ পালেগৈ নেকি ?”
“ নাই, পোৱাগৈ নাই । মৰিয়নি পাইছোহি ।”
“ কি  ? মৰিয়নি! যোৰহাটলৈহে গৈছিল ?”
“ ৰে’লেৰে আহিছোঁ বুজিছা । বৰ ভাল লাগিছে ।”
“ ৰে’লেৰে ? অসুবিধা হৈছে নেকি ?”
“ নাই, নাই । অসুবিধা হোৱা নাই । বৰ আৰামত আহিছোঁ । অৱশ্যে অলপ আগেয়ে এডভেঞ্চাৰ এটা হ’ল । ”
“ এডভেঞ্চাৰ ?”
“ অ’, মানে শিলাবর্ষণ এটাৰপৰা হাত সাৰি আহিলো । এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই । থওঁ দিয়া পাছত ক’ম ।” ম’বাইলটো অফ কৰি দিলো ।
এটা সময়ত ৰে’ল চলিল । মন্থৰ গতিত গৈ থাকি কিছু সময়ৰ বাবে চিনামৰাত ৰৈ ফর্টিন ডাউন যেতিয়া যোৰহাট পালেহি তেতিয়া আঠ বাজি পঁচিছ মিনিট । শেষৰ ফালৰ দবাত থকাৰ বাবে অলপ খোজ কাঢ়িয়েই ৰিক্সা এখন পালো। পুৰকায়স্থলৈ আকৌ এবাৰ মনত পৰিল ।
যাবতীয় কাম-কাজখিনি শেষ কৰি দুদিনৰ পাছত যোৰহাটত পুনৰ তিনিচুকীয়ামুখী ৰে’লত উঠিলো । পুৱা তেতিয়া পাঁচ বাজি ত্রিছ মিনিট । এইবাৰ থার্টিন আপত । ভাৰা ছাব্বিছ টকা । ফর্টিন ডাউনতকৈ তিনি টকা কম । আপ আৰু ডাউন ৰে’লৰ ভাৰাৰ এই প্রভেদটো কিয় হ’ল বুজি নাপালো । যথা সময়ত ৰে’ল চলিবলৈ ললে । দবাটোৰ প্রতিটো কোঠাতে যথেষ্ট যাত্রী । বুজিলো থার্টিন আপ আৰু ফর্টিন ডাউনে সর্বসাধাৰণক আকর্ষণ কৰিব পাৰিছে । মৰিয়নিত আধা ঘণ্টামান ৰৈ থার্টিন আপ তিনিচুকীয়ালৈ বুলি আগবাঢ়িল । আজি শণিবাৰ ; নকছাৰীত শ্রমিকৰ জাকটো নুঠিল । খেতিপথাৰ, সৰু সৰু চাহ বাগিচা, ৰাস্তা-ঘাট আদিত কাম কৰি জাকটোৱে ভাল উপার্জন কৰা যেন লাগে । সিদিনা প্রত্যেকৰে হাতে হাতে ম’বাইল ফোন দেখিছিলো । দুজনমানে কাণত ear phone লগাই গান শুনিও আহিছিল । ল’ৰা- ছোৱালীহঁতৰ সাজপাৰ দেখিও অভাৱত থকা যেন নালাগে । আজি দুজনমানে হয়তো ওচৰৰে ক’ৰবাত কাম কৰিব । তথাপি নিশ্চিত কাম এটাৰ বাবে এই ৰে’লখনেই ইহঁতৰ একমাত্র ভাৰসা । থার্টিন আপ- ফর্টিন ডাউন নথকাৰ সময়ত এই শ্রমিকৰ দলটোৱে বাৰু কাম বিচাৰি ক’লৈ গৈছিল ? তেতিয়া বাৰু ইহঁত ইমান ৰঙিয়াল আছিলনে ? হাতে-হাতে ম’বাইল ফোন লৈ ফুৰিব পাৰিছিলনে ? ইত্যদি নানান প্রশ্নই মনত ভুমুকি মাৰি থাকোঁতে ৰে’ল আহি ষ্টেশ্যন এটাত ৰ’লহি। বাহিৰলৈ চাই দেখিলো এজাক ল’ৰাই পাচলিৰ ভাৰ লৈ ৰে’লত উঠিবলৈ খৰধৰ লগাইছে । সৰু ষ্টেশ্যন; ৰে’ল কম সময়ৰ বাবে ৰ’ব । যিয়ে য’তে সুবিধা কৰিব পাৰিছে ত’তে উঠি লগৰবোৰক উঠাত সহায় কৰিছে । তলত থকা দুজনমানে বাহিৰৰপৰা তদাৰক কৰি আছে । চাওঁতে চাওঁতে গোটেই জাকটো ৰে’লত উঠিল । আমাৰ কোঠাটোত দহজনমান । নিজৰ নিজৰ ভাৰবোৰ থানথিত লগাই খালী হৈ থকা আসনবোৰত ল’ৰাবোৰ বহিল । আসন নোপোৱা দুজনমান থিয় হৈ ৰ’ল। মোৰ কাষত এজন বহিল । সৰু ল’ৰা; বয়স বিছ-বাইছ বছৰ । ফোপাই-জোপাই আছে । মই লাহেকৈ সুধিলো---“ উঠিব পাৰিলা ?”
“ অভ্যাস হৈ গৈছে । সদায় আহোঁ নহয় । ”---হাঁহি হাঁহি উত্তৰ দিলে ।
“ ক’লৈ যাবা ?”
“ শিমলুগুৰিলৈ ।”
“ কি কি আনা ?”
“ যেতিয়াই যি পাওঁ । আজি জিকা আৰু তিঁয়হ আনিছোঁ ।” মুখত তেতিয়াও হাঁহিটো লাগি আছে ।
“ খেতি নিজে কৰিছা নে আনৰপৰা কিনি আনিছা ?”
“ নিজৰো আছে, আনৰপৰাও কিনি আনো ।”
মন কৰিলো ল’ৰাজনৰ লগৰীয়া এজনে কাৰোবাৰ লগত ম’বাইলত কথা পাতিছে । কথা-বতৰাৰপৰা বুজিব পাৰিলো তেওঁ আজি ল’ৰাহঁতে কি কি পাচলি আনিছে আৰু সেইবোৰৰ দাম বজাৰত কিমান হ’ব সেইলৈ সিফালে থকাজনৰ লগত আলোচনা কৰিছে । মোৰ কাষৰ ল’ৰাজনে মন দি কথাখিনি শুনি আছে । কাষৰ কোঠাৰপৰাও দুজনমান আহি লগ লাগিলহি । অলপ সময়ৰ পাছত ম’বাইল অফ কৰি সিহঁতৰ মাজত কিবা আলোচনা হ’ল । এনে লাগিল যেন মই এটা আন্তর্জাতিক বাণিজ্য কেন্দ্রৰ ভিতৰচ’ৰাত আছোঁ, য’ত অলপ সময়ৰ পাছতে কোনো সামগ্রীৰ সেই দিনটোৰ বজাৰ মূল্য নিৰূপণ হৈ যাব । ল’ৰাহঁতৰ কথা-বতৰাৰ ধৰণ দেখি বুজিলো এওঁলোক ইতিমধ্যে ব্যৱসায়ত পার্গত হৈ উঠিছে । ৰে’লখনৰ আন দবাত থকা লগৰবোৰৰ লগত ম’বাইল ফোনেৰে যোগাযোগ কৰি ল’ৰাহঁত এটা সময়ত কোনো এটা স্থিৰ সিদ্ধান্তলৈ অহা যেন লাগিল । আনন্দতে এজনে ম’বাইলত বিহুগীত এটা লগাই দিলে । কোঠাটো হঠাৎ বিহুতলী যেন হৈ পৰিল ।
“ কি হ’ল, বৰ ফূর্তি দেখোন ?”
“ আজি অলপ ভাল দাম পাম ।”---জাকটোৰ এজনে হাঁহি হাঁহি ক’লে ।
ইতিমধ্যে মোৰ লগত সহজ হৈ পৰা ল’ৰাকেইজনৰ লগত কথা পাতি জানিব পাৰিলো সিহঁতৰ গোটেই জাকটো মেট্রিক পাছ । দুজনমানে ঘৰৰ ওচৰৰে জুনিয়ৰ কলেজখনত কলা শাখাত পঢ়ি আছে । এদিন হয়তো ডিগ্রি ল’ব । ডিগ্রি নহ’লেও সিহঁতৰ আক্ষেপ নাই । ধান-চাউল, পাচলি আদিৰ বজাৰখন অলপ বুজি উঠিছে যেতিয়া বিশেষ চিন্তা কৰা নাই । কলখেতি কৰি সামান্যভাৱে হ’লেও লংকাৰ বণিজ এখন হাতত পোৱা বুলিও জানিবলৈ দিলে । কৃষি বিষয়া-কর্মচাৰীকেইজনৰ লগত যোগাযোগ ৰাখিছে । খেতিত যে লক্ষ্মীৰ বসতি এই কথাষাৰ সিহঁতে এই বয়সতে ভালদৰে বুজি উঠিছে ।
থার্টিন আপ আহি শিমলুগুৰি পালেহি । ল’ৰাৰ জাকটোৱে খৰধৰকৈ পাচলিৰ ভাৰবোৰ নমাবলৈ ধৰিলে । নতুন এজাক যাত্রী দবাটোলৈ সোমাই আহিল । প্লেটফর্মলৈ চাই দেখিলো বিৰাট ভিৰ । সেই ভিৰৰ মাজেদি বাট উলিয়াই ল’ৰাৰ জাকটো কান্ধত পাচলিৰ ভাৰ লৈ বজাৰলৈ বুলি আগুৱাই গৈ আছে । নতুন সহযাত্রীসকললৈ মন কৰিলো । এজন যদি ছাত্র আনজন ব্যৱসায়ী ; এজন যদি শ্রমিক, আনজন কর্মচাৰী । দিনটোৰ বাবে প্রত্যেকেই ঘৰৰপৰা ওলাই আহিছে । আবেলি ফর্টিন ডাউনত উভতিব । তাৰমানে থার্টিন আপ- ফর্টিন ডাউনে এইদৰে নিতৌ অজস্রজনক কঢ়িয়াই আছে । ইয়াৰ মাজতে আছে মোৰ দৰে কোনোবা গৃহমুখী যাত্রী । ৰে’ল বিভাগে এই সেৱা প্রবর্তন কৰাৰ আগেয়ে বাৰু এইছোৱা পথৰ যাত্রীসকলে কিদৰে অহা-যোৱা কৰিছিল ? লামডিং-তিনিচুকীয়াৰ মাজত ৰে’ল সেৱা এটা বহুত দিনৰপৰাই আছে । কিন্তু চলাচলৰ সময়টো এই সময়ছোৱাৰ যাত্রীৰ বাবে মুঠেই সুবিধাজনক নহয় । এতিয়া থার্টিন আপ- ফর্টিন ডাউনৰ সময়সূচী ছাত্র-ব্যৱসায়ী- শ্রমিক-কর্মচাৰীৰ লগতে আন যাত্রীসকলৰো উপযোগী হৈ পৰাত প্রত্যেকৰে এই সেৱাৰ লগত এৰাব নোৱৰা সমন্ধ গঢ়ি উঠিছে । .....
হঠাৎ আজিৰ এই ল’ৰা কেইজনৰ লগতে যাত্রাৰ আৰম্ভণিতে তিনিচুকীয়াত লগ পোৱা ল’ৰা-ছোৱালীৰ জাকটো আৰু নকছাৰীৰ শ্রমিক দলটোলৈ মনত পৰি গ’ল । এই তিনিওটা চামৰ মাজত কিমান মিল ! প্রায় একে বয়সৰ এই চামটোক কলেজৰ ডিগ্রি নালাগে ; লাগে উপার্জনৰ এটা নিশ্চিত পথ । এই পথ এওঁলোকে নিজে বিচাৰি উলিয়াইছে । মফচলীয়া অঞ্চলৰ চামটো ভকেশ্যনেল কর্ছ কৰি নিজক সংস্থাপিত কৰিবলৈ আগবঢ়িছে । গ্রাম্য অঞ্চলৰ চামটোৱে কৃষিৰ মাধ্যমেৰে নিজৰ ভৰিত থিয় দিবলৈ আগবাঢ়িছে । আনহাতে সৎ পথত থাকি যিকোনো ধৰণৰ কাম কৰি ঘৰখনৰ উপার্জন বঢ়াবলৈ আগবাঢ়িছে আন এচাম ল’ৰা-ছোৱালী । এই তিনিওটা চামকে লগ পালো থার্টিন আপ- ফর্টিন ডাউনত । আৰু লগ পালো গাঁৱৰ নির্মল বতাহ দুষিত হৈ পৰা দেখি শংকিত হোৱা আইতা এগৰাকী, পৰমুখাপেক্ষী হৈ বহি নাথাকি আধুনিক কৃষিৰ কথাবোৰ শিকি-বুজি নিজেই আগবাঢ়িবলৈ চেষ্টা কৰা আগৰণুৱা কৃষক এজন আৰু নানান ঠাই ভ্রমি অভিজ্ঞতাৰে পৰিপুষ্ট হৈ পৰা পুৰকায়স্থ আৰু গগৈৰ দৰে ভদ্রলোক দুজন । খিৰিকীৰ কাষত বহিবলৈ হেতা-ওপৰা কৰা অকণমানি শিশু দুটিৰ মাজত অলপ সময়ৰ বাবে হ’লেও নিজ ল’ৰালিৰ কালছোৱা বিচাৰি পাইছিলো । হেঙুল বৰণীয়া আকাশখন চাই সূর্যাস্ত উপভোগ কৰাৰ সুবিধা আকৌ বাৰু কেতিয়া পাম ? ...
....উকি মাৰি মাৰি থার্টিন আপ আগবাঢ়ি আছে । ময়ো এই যাত্রাৰ বিৰল অভিজ্ঞতাখিনি ৰোমন্থন কৰিবলৈ চকু দুটা মুদি দিলো ।...

[প্রথম প্রকাশ: ‘প্রান্তিক’ ১৬-৩১ মে’ ২০১২]






ম’বাইল: ৯৪৩৫১৩৫৬৩১


3 comments: